Geography GK in Assamese ভূগোল

0

Geography GK in Assamese ভূগোল 


Geography GK in Assamese - Geography Questions Answers PDF ভূগোল বিষয়ক‌ প্ৰশ্নাৱলী ছাত্ৰ ছাত্ৰী সকলৰ বাবে 



১। পৃথিৱী কি? 

উঃ পৃথিৱী সৌৰজগতৰ এটা গ্রহ। 


২। পৃথিৱীৰ আকৃতি কেনেকুৱা? 

উঃ পৃথিৱীৰ আকৃতি গােলাকাৰ। উত্তৰ আৰু দক্ষিণৰ মূৰ দুটা কিছু চাপ খােৱা। 


৩। সৌৰজগতৰ ব্যাস কিমান? 

উঃ প্রায় ছশ কোটি মাইল। 


৪। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? 

উঃ বৃহস্পতি। 


৫। সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি? 

উঃ বুধ। 


৬। সূর্য কি? 

উঃ সূর্য এটা নক্ষত্র। ই এটা জ্বলন্ত অগ্নিপিণ্ড। 


৭। পৃথিৱীৰপৰা চন্দ্ৰৰ দূৰত্ব কিমান? 

উঃ প্রায় চাৰিলাখ কিলােমিটাৰ। 


৮। পৃথিৱীৰ ক’ত মাজনিশা সূর্য দেখা যায়? 

উঃ নৰওৱেত। 


৯। পৃথিৱীৰপৰা সূৰ্যৰ দূৰত্ব কিমান? 

উঃ প্রায় ১৫ কোটি কিলােমিটাৰ। 


১০। পৃথিৱীয়ে প্রতি চেকেণ্ডত কিমান কিলােমিটাৰ ঘূৰে? 

উঃ প্রায় ২৯ কিলােমিটাৰ। 


১১। চন্দ্র কি? 

উঃ চন্দ্র পৃথিৱীৰ এটা উপগ্রহ। 


১২। চন্দ্রই পৃথিৱীক এবাৰ প্রদক্ষিণ কৰিবলৈ কিমান সময় লাগে? 

উঃ ২৯ দিন।


১৩। পৃথিৱীয়ে কাৰপৰা তাপ আৰু পােহৰ পায়? 

উঃ সূৰ্যৰপৰা। 


১৪। সৌৰজগতৰ কোনটো গ্রহক পুঁৱতি তৰা বা গধূলিৰ ভােটা তৰা বােলে? 

উঃ শুক্রগ্রহক। 


১৫। পৃথিৱীৰ দুই মেৰুক লগ-লগােৱা কাল্পনিক ৰেখাডালক কি বােলে? 

উঃ পৃথিৱীৰ মেৰুদণ্ড বোলে। 


১৬। পৃথিৱীৰ ওজন কিমান? 

উঃ প্রায় ৬০০ বিলিয়ন টন। 


১৭। কি কি তাৰিখে পৃথিৱীৰ সকলাে ঠাইতে দিন ৰাতি সমান হয়? 

উঃ ২১ মার্চ আৰু ২৩ ছেপ্টেম্বৰ তাৰিখে। 


১৮। পৃথিৱীৰ সকলাে ঠাইতে দিন ৰাতি সমান হােৱা দিনবােৰক কি বােলে? 

উঃ বিষুৱ। 


১৯। মহাবিষুব কাক বােলে? 

উঃ ২১ মাৰ্চৰ দিনটোক। 


২০। জলবিষুৱ কাক বােলে? 

উঃ ২৩ ছেপ্টেম্বৰক। 


২১। কর্কটক্রান্তি কাক বােলে? 

উঃ ২১ জুনক। 


২২। মকৰক্ৰান্তি কাক বােলে? 

উঃ ২১ ডিচেম্বৰক। 


২৩। কোন কাল্পনিক ৰেখাৰ ওপৰত বছৰৰ সকলাে সময়তে দিন ৰাতিৰ মান একে থাকে? 

উঃ ২১ মাৰ্চৰপৰা ২৩ ছেপ্টেম্বৰলৈ। 


২৪। ভূ-পৃষ্ঠৰ ওপৰৰ কোনাে এঠাইৰ দ্রাঘিমা আৰু অক্ষাংশ জনা থাকিলে কি সুবিধা হয়? 

উঃ ভূ-পৃষ্ঠৰ ওপৰৰ সেই ঠাইখনৰ অৱস্থান জনাৰ সুবিধা হয়। 


২৫। মূল মধ্যৰেখাৰ দ্রাঘিমা কিমান? 

উঃ শূন্য ডিগ্রী। 


২৬। সর্বোচ্চ অক্ষাংশ কিমান ডিগ্রী? 

উঃ ৯০°। 


২৭। কোনাে ঠাইৰ সময় গ্রীণউইচৰ সময়তকৈ বেছি (আগবঢ়া)। ঠাইখন গ্রীণউইচতকৈ পূবত নে পশ্চিমত অৱস্থিত? 

উঃ গ্রীণউইচতকৈ পূবত অৱস্থিত। 


২৮। ভাৰতৰ মান সময় (Standard time) কেনেকৈ স্থিৰ কৰা হয়? 

উঃ ভাৰতবৰ্ষৰ প্রায় মাজভাগত অৱস্থিত এলাহাবাদ চহৰৰ ওচৰৰ ৮২°৩০' পূর্ব দ্রাঘিমাৰ, স্থানীয় সময়ক ভাৰতৰ মান সময় হিচাপে স্থিৰ কৰা হয়। 


২৯। আন্তর্জাতিক তাৰিখৰেখা কাক বােলে? 

উঃ ১৮৩° পূব আৰু পশ্চিম দ্রাঘিমাৰেখাক বিশ্বৰ সকলাে দেশেই একমত হৈ আন্তর্জাতিক তাৰিখৰেখা হিচাপে গ্ৰহণ কৰিছে। 


৩০। শিল কাক বােলে? 

উঃ ভূ-ত্বকৰ উপৰিভাগৰ টান অংশটোক শিল বােলে। 


৩১। উৎপত্তি আৰু বৈশিষ্ট্য অনুসৰি শিলক কেই ভাগত ভাগ কৰিব পাৰি? 

উঃ তিনি ভাগত। আগ্নেয়, গেদীয় আৰু ৰূপান্তৰিত। 


৩২। অভ্র কোনজাতীয় শিলৰপৰা সৃষ্টি হয়? 

উঃ গেদীয় শিলৰপৰা। 


৩৩। কয়লা কোন জাতীয় শিলৰপৰা সৃষ্টি হয়? 

উঃ গেদীয় শিলৰপৰা। 


৩৪। পর্বত কেই প্ৰকাৰৰ? 

উঃ চাৰি প্ৰকাৰৰ। স্তুপ পর্বত, ক্ষয়জাত পর্বত, ভঙ্গিল পর্বত, আগ্নেয় পর্বত। 


৩৫। হিমালয় কোন জাতীয় বা শ্ৰেণীৰ পর্বত? 

উঃ- ভঙ্গিল শ্ৰেণীৰ পর্বত। 


৩৬। ইটালীৰ ‘ভিচুভিয়াচ’ আৰু জাপানৰ 'ফুজিয়ামা’ কোন শ্রেণী পর্বত? 

উঃ আগ্নেয় শ্রেণীৰ পৰ্বত 


৩৭। ইউৰােপৰ ‘চিয়ে নেভেদা’ আৰু ভাৰতবৰ্ষৰ আৰাৱলী পর্বতমালা কোনশ্রেণীৰ পর্বত? 

উঃ ক্ষয়জাত শ্ৰেণীৰ। 


৩৮। পৃথিৱীৰ মূধচ কাক বােলে? 

উঃ পামিৰ মালভূমিক। 


৩৯। ভূমিকম্পৰ আগজাননী দিয়া যন্ত্ৰটোৰ নাম কি? উঃ- চিমােগ্রাফ। 


৪০। সমগ্ৰ বিশ্বৰ ভিতৰত কোন দেশত আটাইতকৈ বেছি ভূমিকম্প হয়? 

উঃ জাপানত। 


৪১। নদীৰ গতি কেইপ্রকাৰ আৰু কি কি? 

উঃ তিনি প্রকাৰ। উর্ধ গতি, মধ্য গতি আৰু নিম্ন গতি। 


৪২। উত্তৰ-আমেৰিকাৰ চেন্ট লৰেঞ্জ নদীৰ বিখ্যাত জলপ্রপাতটোৰ নাম কি? 

উঃ নায়েগ্রা জলপ্রপাত। 


৪৩। দক্ষিণ-আফ্রিকাৰ জাম্বােচী নদীৰ জলপ্রপাতটোৰ নাম কি? 

উঃ ভিক্টোৰিয়া জলপ্রপাত। 


৪৪। ভূটানৰ সর্বোচ্চ পর্বত শৃঙ্গটোৰ নাম কি? 

উঃ চোমাে লহৰি। 


৪৫। ঢাকা মহানগৰী কোন নদীৰ পাৰত অৱস্থিত? 

উঃ বুঢ়ী গঙ্গাৰ পাৰত। 


৪৬। ব্রহ্মদেশৰ ৰাজধানী ৰেঙ্গুন কোন নদীৰ পাৰত অৱস্থিত? 

উঃ ইৰাৱতী নদীৰ পাৰত। 


৪৭। ব্রহ্মদেশত থকা মৃত আগ্নেয়গিৰিটোৰ নাম কি? 

উঃ মাউন্টপােপাে


৪৮। 'মহাগুলিঙ্গ’ কোন দেশৰ প্রধান নদী? 

উঃ শ্রীলঙ্কা। 


৪৯। কি খনিজাত বস্তু উৎপাদনৰ বাবে শ্রীলঙ্কাই পৃথিৱীৰ ভিতৰত প্রথম স্থান অধিকাৰ কৰিছে? 

উঃ গ্রেফাইট। 


৫০। পাকিস্থানৰ প্রধান নদী কি? 

উঃ সিন্ধু। 


৫১। পৃথিৱীৰ ভিতৰত বেছি বৰষুণ হােৱা ঠাইখনৰ নাম কি? 

উঃ মৌচিনৰাম (মেঘালয়)। 


৫২। পৃথিৱীৰ ভিতৰত আটাইতকৈ গৰম ঠাইখনৰ নাম কি? 

উঃ জেকোবাবাদ (পাকিস্থান)। 


৫৩। আফগানিস্থানত থকা হিন্দুকুশ পর্বতমালাৰ শৃঙ্গটোৰ নাম কি? 

উঃ নােশাক। 


৫৪। ভাক্রা নাঙ্গল বান্ধ কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? 

উঃ- শতদ্রু নদীৰ ওপৰত। 


৫৫। কপাহ উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কি? 

উঃ দ্বিতীয়। 


৫৬। ভাৰতৰ ভিতৰত কোন ৰাজ্যত আটাই তকৈ বেছি চেনি উৎপন্ন হয়? 

উঃ উত্তৰ প্ৰদেশত। 


৫৭। ভাৰতৰ ভিতৰত শিক্ষাৰ ক্ষেত্ৰত কোন ৰাজ্য আটাইতকৈ আগবঢ়া? 

উঃ কেৰেলা। 


৫৮। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? 

উঃএটা খড়গ থকা গঁড়ৰ বাবে।  


৫৯। ভাৰতৰ সিংহ ক'ত পােৱা যায়? 

উঃ গুজৰাটৰ গিৰ অৰণ্যত। 


৬০। পৃথিৱীৰ ভিতৰত বেছি সিংহ ক'ত আছে? 

উঃ আফ্রিকাত। 


৬১। এচিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাসায়নিক সাৰৰ কাৰখানা ক'ত আছে? 

উঃ বিহাৰৰ সিন্ধ্রীত। 


৬২। তিবৃতৰ মানস সৰােবৰৰপৰা প্রায় ১০০ কিঃ মিঃ উত্তৰত অৱস্থিত হিমবাহৰপৰা উৎপন্ন হৈ আৰৱ সাগৰত পৰা নদীখনৰ নাম কি? 

উঃ সিন্ধু। 


৬৩। কাশ্মীৰ উপত্যকাৰ দুয়ােকাষে অৱস্থান কৰা পর্বতশ্রেণী দুটাৰ নাম কি? 

উঃ পিপাঞ্জল আৰু হিমাদ্রি পর্বত শ্রেণী। 


৬৪। পৃথিৱীৰ বয়স কিমান? 

উঃ পৃথিৱীৰ বয়স সম্পর্কে বিজ্ঞানীসকুল একমত নহয়। বিজ্ঞানী হেল্ড ইউয়ৰ মতে (আনুমানিক) ৩০০ কোটি বছৰ আৰু ইউ কে গেলিৰ মতে ৫০০ কোটি বছৰ। 


৬৫। পৃথিৱীৰ বেঢ় কিমান? 

উঃ প্রায় ৪০ হাজাৰ কিলােমিটাৰ।


৬৬। সূর্যৰ উত্তাপ কিমান? 

উঃ প্রায় ৭০০০ ডিগ্রী চেন্টিগ্রেড। 


৬৭। দিনত আকাশত তৰাবােৰ দেখা নাযায় কিয়? 

উঃ সূর্যৰ পােহৰৰ বাবে। 


৬৮। পৃথিৱীৰ কিমান অংশ মাটি আৰু কিমান অংশ পানী? 

উঃ পৃথিৱীৰ আয়তনৰ তিনি অংশ পানী আৰু এক অংশ মাটি। 


৬৯। সৌৰজগতৰ আটাইতকৈ ধুনীয়া গ্ৰহটোৰ নাম কি? 

উঃ শনি। 


৭০। সৌৰজগতৰ আটাইতকৈ উজ্বল গ্ৰহটোৰ নাম কি? 

উঃ শুক্র। 


৭১। সূৰ্যৰপৰা পৃথিৱীলৈ পােহৰ আহোঁতে কিমান সময় লাগে? 

উঃ প্রায় ৮ মিনিট ১৮ চেকেণ্ড 


৭২। সূর্য পৃথিৱীতকৈ কিমান গুণে ডাঙৰ? 

উঃ প্রায় তিনিলাখ গুণে ডাঙৰ। 


৭৩। পৃথিৱী চন্দ্ৰতকৈ কিমান গুণে ডাঙৰ? 

উঃ প্রায় ৪৯ গুণে ডাঙৰ। 


৭৪। চন্দ্রগ্রহণৰ সময়ত চন্দ্ৰৰ ওপৰত পৰা ছাঁটো কেনেকুৱা? 

উঃ গােলাকাৰ। 


৭৫। পৃথিৱীৰ ব্যাসার্ধ কিমান? 

উঃ প্রায় ৬৫০০ কিলােমিটাৰ। 


৭৬। পৃথিৱীৰ আৱর্তন গতিৰ প্রমাণ কি? 

উঃ দিন-ৰাতি। 


৭৭। পৃথিৱীৰ বার্ষিক গতিৰ প্রমাণ কি? 

উঃ ঋতু পৰিৱর্তন। 


৭৮। কক্ষপথ কাক বােলে? 

উঃ গ্রহ-উপগ্রহ সমূহ যি পথেৰে সূৰ্যক প্রদক্ষিণ কৰে তাক কক্ষপথ

 বােলে। 


৭৯। পৃথিৱীৰ কক্ষপথৰ দৈর্ঘ্য কিমান? 

উঃ ৯৬০ নিযুত কিলােমিটাৰ। 


৮০। জুলাই মাহৰ প্রথম সপ্তাহৰ পৃথিৱীৰ অৱস্থানক কি বােলে? 

উঃ অপসুৰ। 


৮১। ডিচেম্বৰ মাহৰ শেষৰপৰা জানুৱাৰী মাহৰ প্রথম ভাগলৈ পৃথিৱীৰ অৱস্থানক কি বােলে? 

উঃ অনুসুৰ।



Post a Comment

0Comments
Post a Comment (0)