প্ৰেছাৰ কুকাৰে কেনেকৈ কাম কৰে? আপুনি জানেনে?
প্ৰেছাৰ কুকাৰে কেনেকৈ কাম কৰে? আপুনি জানেনে?
বিজ্ঞানৰ কথা Science knowledge How does a pressure cooker work
প্ৰেছাৰ কুকাৰে কেনেকৈ কাম কৰে জানো আহক
প্ৰেছাৰ কুকাৰ হ'ল ৰন্ধা-বঢ়া কৰাৰ এনে এটা প্রণালী, য'ত এক বন্ধ পাত্রত খাদ্যবস্তু ৰন্ধা হয়- এনে পাত্রব ভিতৰত এক উচ্চ চাপৰ সৃষ্টি হয়। সেই উচ্চ চাপতকৈ কম চাপত তেনে বন্ধ পাত্ৰৰ পৰা বতাহ বা জলীয় বাষ্প বাহিৰলৈ ওলাই আহিব নোৱাৰে। বন্ধ পাত্ৰটোৰ ভিতৰত যিমানেই চাপ বাঢ়ি যাব, পানীও বেছি তাপ বা অধিক উষ্ণতাত উতলিবলৈ ধৰিব। ইয়াৰ ফলত সেই বন্ধ পাত্র বা কুকাৰটোৰ ভিতৰত তাপ বা উষ্ণতা ১৩৮ ডিগ্রি ছেলছিয়াছলৈকে বাঢ়ি যাব পাৰে। এইদৰে এনে বন্ধ পাত্র বা প্ৰেছাৰ কুকাৰৰ ভিতৰত উচ্চ চাপত জলীয় ভাপ আৰু উচ্চ উত্তাপ বা উষ্ণতা সৃষ্টি হোৱাৰ ফলত খাদ্যবস্তু সোনকালে সিজে।
১৬৭৯ চনত ফ্রান্স দেশৰ জেনিচ পাপিন নামৰ এজন পদার্থবিদে প্ৰেছাৰ কুকাৰ বা উচ্চ চাপত খাদ্য ৰন্ধাৰ সঁজুলি আবিষ্কাৰ কৰে। প্ৰথম অৱস্থাত লোহাৰে সজা প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰা হৈছিল। পাছলৈ এলুমিনিয়ামৰ সৈতে মিহলি ধাতু বা ষ্টেইনলেছ ধাতুৰে প্ৰেছাৰ কুকাৰ সজা হয়। কিছুমান স্টেইনলেছ ষ্টিলৰ প্ৰেছাৰ কুকাৰত কেতিয়াবা তাম ধাতুৰে সজা তলিও লগাই দিয়া হয় যাতে তাপ বা উষ্ণতা প্ৰেছাৰ কুকাৰৰ ভিতৰত সমভাৱে বিয়পি পৰে। প্ৰেছাৰ কুকাৰৰ পৰা বাষ্প বা জলীয় ভাপৰ চাপ নির্দিষ্ট পৰিমাণতকৈ বেছি হ'লে, সেই ভাপ বাহিৰ হ'বলৈ প্ৰেছাৰ কুকাৰটোৰ ঢাকনিখনত এটা সৰু ফুটা ৰখা হয়। সেই ফুটাটোৰ ওপৰত এটা ভেন্ট বা দাং খাই উঠিব পৰা ঠিলা লগোৱা থাকে।
প্ৰেছাৰ কুকাৰৰ ভিতৰত বাষ্প বেছি জমা হ'লে এই ভেন্ট বা ঠিলাটো দাং খাই মাজে-মাজে ওপৰলৈ উঠি গৈ সেই সৰু ফুটাটোৰে বাষ্পখিনি বাহিৰলৈ ওলাই যাবলৈ দিয়ে। পিছে কেতিয়াবা যদি প্ৰেছাৰ কুকাৰটোৰ ভিতৰৰ পানী শুকাই যায় বা কুকাৰটো কিবা কাৰণত বেছি তপত হ'লে কুকাৰটো ফাটি-ছিটি গৈ টুকুৰা-টুকুৰ হৈ কেউপিনে প্রচণ্ড চাপত ছিটিকি গৈ দুৰ্ঘটনাৰ সৃষ্টি কৰিব পাৰে। সেয়ে প্ৰেছাৰ কুকাৰটোক নিৰাপদে ৰাখিবলৈ ঢাকনিখনত আন এটা সৰু ফুটাও থাকে। ছেফটি ভালভ বা সুৰক্ষা কপাট নামৰ ঠিলাটো এক বিশেষ ধৰণৰ ৰবৰজাতীয় পদাৰ্থৰে তৈয়াৰ কৰা হয়। প্ৰেছাৰ কুকাৰটোৰ ভিতৰত পানী নোহোৱা হ'লে ভিতৰৰ উত্তাপ বহুগুণে বাঢ়ি যায়। তেনে এক নির্দিষ্ট তাপত ছেফটি ভালভ বা সুৰক্ষা কপাটৰ পদাৰ্থখিনি গলি যায়, ফলত ফুটাটো মুকলি হৈ পৰে। এতিয়া এই মুকলি হৈ যোৱা ফুটাটোৰে কুকাৰৰ ভিতৰত উত্তপ্ত হৈ পৰা ভাপবোৰ ওলাই যোৱাৰ ফলত কুকাৰটোৱে ফাটি-ছিটি গৈ কোনো দুৰ্ঘটনাৰ সৃষ্টি কৰিব নোৱাৰে।
প্ৰেছাৰ কুকাৰটোৰ ঢাকনিখন যাতে কুকাৰটোৰ গাত নিকপকপীয়াকৈ খাপ খাই পৰে, তাৰ কাৰণে ঢাকনিখনত বিশেষ ধৰণৰ ৰবৰেৰে তৈয়াৰী এটা ডাঙৰ আঙঠি লগোৱা থাকে। এই ডাঙৰ আঙঠিটোক 'গাস্কেট' বোলা হয়। পৰ্বত আৰোহণকাৰীসকলৰ বাবে প্ৰেছাৰ কুকাৰ বৰ প্রয়োজনীয় বস্তু। কাৰণ পৰ্বত-পাহাৰৰ যিমানেই ওপৰলৈ উঠি যোৱা হয়, বায়ু বা বতাহৰ চাপ ক্রমান্বয়ে কমি যায়। তাৰ ফলত ৯০° ছেলছিয়াছতে পানী উতলিবলৈ ধৰে। গতিকে পৰ্বতৰ ওপৰত খাদ্য সিজিবলৈ ভৈয়ামৰ তুলনাত বহুত বেছি সময়ৰ প্ৰয়োজন হয়। গতিকে পর্বত আৰোহণকাৰীসকলে প্ৰেছাৰ কুকাৰত নাৰান্ধিলে খাদ্যবোৰ সিজিবলৈ বহুত সময় লাগে, প্রায়ে খাদ্যবোৰ আধা সিজা হয়।
প্ৰেছাৰ কুকাৰত খাদ্য ৰন্ধা-বঢ়া কৰিলে মানুহৰ ভালেমান সুবিধা হয়-
১। আন ধৰণে ৰন্ধাতকৈ প্ৰেছাৰ কুকাৰত ৰন্ধা খাদ্যবোৰ বেছি সোনকালে সিজে।
২। যিহেতু বন্ধ হৈ থকা প্ৰেছাৰ কুকাৰত থকা খাদ্য বস্তুবোৰক ভাপে আৱৰি থাকে, সিহঁতৰ গাত থকা ভিটামিন বা খাদ্যপ্রাণ অথবা সেউজীয়া ৰঙৰ কোনো পৰিবৰ্তন নহয়।
৩। প্ৰেছাৰ কুকাৰৰ ভিতৰত সৃষ্টি হোৱা অধিক উত্তাপত কোনো জীৱাণুৱেই জীয়াই থাকিব নোৱাৰে। সেয়েহে প্ৰেছাৰ কুকাৰত ৰন্ধা বস্তুবোৰ জীৱাণুমুক্ত আৰু নিৰোগী হয়।
৪। প্ৰেছাৰ কুকাৰবোৰ খাদ্য ৰন্ধা-বঢ়া কৰাৰ উপৰি চিকিৎসালয়ত অস্ত্রোপচাৰ আদিত ব্যৱহাৰ কৰা সা-সঁজুলিবোৰ জীৱাণুমুক্ত বা ষ্টেৰিলাইজড (Sterilized) কৰিবলৈকো ব্যৱহাৰ কৰা হয়।
******
