SEBA HSLC Assamese Question Paper 2026

0

SEBA HSLC Assamese Question Paper 2026 


SEBA HSLC Assamese Question Paper 2026 || Class 10 Matric Assamese Subject Question Paper 2026 মেট্ৰিক পৰীক্ষাৰ অসমীয়া প্ৰশ্নকাকত ২০২৬



Full Marks: 100 Pass Marks: 30 Time: 3 hours

The figures in the margin indicate full marks for the questions. পৰীক্ষার্থীয়ে একেখন বহীত GROUP-A (ক-বিভাগ) আৰু GROUP-B (খ-বিভাগ)-ৰ উত্তৰ কৰিব লাগিব। নাইবা, GROUP-A (ক-বিভাগ) আৰু GROUP-C (গ-বিভাগ)-ৰ উত্তৰ একেখন বহীত কৰিব লাগিব।


GROUP-A

(ক-বিভাগ)

(মূল্যাংক: ৭৫)


১। অতি চমু উত্তৰ লিখা: ১×২=২

(ক) দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্রেণী-শিক্ষক গৰাকীৰ নাম কি?

(খ) 'ফ্রম ভল্লা টু গংগা' কাৰ ৰচনা?


২। চমু উত্তৰ লিখা: (যি কোনো দুটা) ২×২=৪

(ক) অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?

(খ) 'সৰ্বপল্লী ৰাধাকৃষ্ণণ' ৰ বিষয়ে চমুটোকা লিখা।

(গ) “ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অর্হতা কেনেধৰণৰ হ'ব লাগিব?” – এইদবে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা।


৩। উত্তৰ লিখা: ৪

(ক) “এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়।”

- কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা।

নাইবা,

(খ) “সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।”

- কথাষাৰৰ তাৎপর্য তোমাৰ পাঠ্যপুথিৰ সহায়ত বুজাই লিখা।


৪। অতি চমু উত্তৰ লিখা:১×২=২

(ক) কুঁৱলীয়ে প্রথম কালৈ ই-মেইল কৰিছিল?

(খ) অকণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল?


৫। চমু উত্তৰ লিখা: ৪

'আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে।'

কাৰ, কি কাৰণত মুখবোৰ শুকাই টেমি যেন হৈছে?


৬। উত্তৰ লিখা:

(ক) ইন্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে – পাঠটোৰ আধাৰত বুজাই লিখা।

নাইবা,

(খ) এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদবে অনুশীলন কৰিছিল?


৭। অতি চমু উত্তৰ লিখা:

(ক) পাহিৰ ককায়েকৰ নাম কি?

(খ) লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে?


৮। চমু উত্তৰ লিখা:

টেহবাণৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা।


৯। (ক) "কামত ল'ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।"

এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা।

নাইবা,

(খ) কোনজন ইৰাণ শাসকে কেনেদৰে ভাৰতবৰ্ষত বিভীষিকাৰ সৃষ্টি কৰিছিল?


১০। অতি চমু উত্তৰ লিখা:১×২=২

(ক) 'মোহ-পাশ' মানে কি?

(খ) জিকিৰৰ ৰচক কোন?


১১। চমু উত্তৰ লিখা: ২×২=৪

(ক) বৰগীতৰ চাৰিটা লক্ষণ লিখা।

(খ) 'খোদা বহুল লুকাই আছে মোমিনৰ আঁৰত।'

- ইয়াত 'বহুল' আৰু 'মোমিন' শব্দ দুটাৰ অৰ্থ লিখা।


১২। "মক্কাৰ দুৱাৰত চাহাব তিব্বেণীৰ ঘাট।

বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।"

- অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা।


১৩। অতি চমু উত্তৰ লিখা:

(ক) জল, স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে?

(খ) অসমীয়া সকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল?

কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল?


১৪। "বৰ শান্তিত আছোঁ

এই পঁজাটিত।" কোনে, কিয় এইদৰে কৈছিল বুজাই লিখা।


১৫। উত্তৰ লিখা:

(ক) "মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও দিছে যাচি প্রেম-পৰিমল।"

- কবিতাফাকিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা।

নাইবা,

(খ) 'মই অসমীয়া' কবিতাটোৰ সাৰাংশ লিখা।


১৬। (ক)তলৰ যি কোনো এটা শব্দৰ সন্ধি ভাঙা:

হিমালয়, দেৱৰ্ষি, সজ্জন


(খ) তলত দিয়া যি কোনো এটা শব্দৰ 'ণ' বা 'য' হোৱাৰ কাৰণ লিখা:

তৃণ, বিষণ্ণ, বিষম


(গ) তলৰ যি কোনো এটাৰ ব্যাসবাক্যসহ সমাসৰ নাম লিখা:

ধেনু-শৰ, পঞ্চবটী, পীতাম্বৰ


(ঘ) তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা :

যদি পৰিশ্ৰম কৰা, তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা।


ঙ) যথাস্থানত যতি চিহ্ন বহুওৱা :

মানুহজনে কৈছিল মই এই পুখুৰীটো সাঁতুৰি পাৰ হ'ব পাৰোঁ


(৪) তলৰ যি কোনো এটা শব্দৰ বিপৰীতার্থক শব্দ লিখা : 

আকর্ষণ, হাঁহি, বাহিৰ


(ছ) এটা শব্দত প্রকাশ কৰা (যি কোনো এটা):

যি ৰাতি চৰে, চোবাই খোৱা বস্তু, সখিয়েকৰ মাক


(জ) তলৰ যি কোনো এটা শব্দৰ সমার্থক শব্দ লিখা

হাট, গছ, পুৰণি


(ঝ) তলত দিয়া যি কোনো এটা শব্দৰ প্রত্যয় ভাঙি দেখুওৱা :

মগনীয়া, লিখোঁতা, ঘৰুৱা


(ঞ) তলৰ যি কোনো এটাৰ অৰ্থ প্রকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা:

থুনুক-থানাক, চুকৰ ভেকুলী, ধোদৰ পচলা


১৭। তলৰ যি কোনো এটা প্রশ্নৰ উত্তৰ লিখা:

ক) ভাব সম্প্ৰসাৰণ কৰা:

চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি।


খ) তোমাৰ বিদ্যালয়ৰ ছাত্র-ছাত্রীৰ পুথিভঁবালৰ অভাৱৰ বাবে কেনে ধৰনৰ অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয় প্রধানলৈ ছাত্র-ছাত্রী একতা-সভাৰ এগৰাকী সম্পাদক/সম্পাদিকা হিচাপে এখন আবেদন পত্র লিখা।

(আবেদন পত্ৰত তোমাৰ নাম, ঠিকনা উল্লেখ নকৰিবা।)


(গ) তুমি দেখি থকা সমাজৰ যিকোনো এটা কুসংস্কাৰৰ বিষয়ে স্থানীয় বাতৰি কাকতব সম্পাদকলৈ প্ৰকাশৰ বাবে এখন প্রতিবেদন যুগুত কৰা।


১৮। তলৰ যি কোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা:

(ক) তোমাৰ প্রিয় সাহিত্যিক

(আৰম্ভণি - সাহিত্যিক গৰাকীৰ অৱদান- ভাল পোৱাৰ কাৰণ - সামৰণি)


(খ) বৃত্তিমূলক শিক্ষা

(আৰম্ভণি - বৃত্তিমূলক শিক্ষা কি বৃত্তিমূলক শিক্ষাৰ প্রয়োজনীয়তা - সামৰণি)


(গ) গ্রন্থমেলা

(আৰম্ভণি - অসমৰ গ্ৰন্থমেলা- গ্রন্থমেলাৰ প্ৰয়োজনীয়তা - সামৰণি)


১৯।'বৈচিত্র্যময় অসম' নামৰ দ্রুতপাঠত সন্নিৱিষ্ট অসমৰ যি কোনো দুটা জনগোষ্ঠীৰ উৎসৱ-পাৰ্বণ সম্পর্কে চমুকৈ লিখা।


২০। তোমাৰ দ্রুতপাঠত সন্নিবিষ্ট অসমৰ যি কোনো, এটা জনগোষ্ঠীৰ বিশেষভাবে বৰঙণি যোগোৱা এজন ব্যক্তিৰ বিষয়ে চমুটোকা লিখা।


২১। তলত দিয়া গদ্যাংশৰ মূলভাৱ লিখা:

সমাজৰ উন্নতি বিশেষকৈ নিৰ্ভৰ কৰে সাহিত্যিৰ ওপৰত। এটা জাতিৰ সাহিত্য যিমান চহকী, সেই জাতিৰ উন্নতি সিমান বহল। এখন সমাজৰ সুখ-দুখৰ ছবি ফুটি উঠে সাহিত্যত। সাহিত্যই বহুতো জাতিৰ বুৰঞ্জীত একোটা নতুন যুগ আনি দিয়ে। ফৰাচী দেশত যেতিয়া মানুহৰ ওপৰত অত্যাচাৰে সীমা চেৰাই গৈছিল, ফৰাচী সমাজত যেতিয়া অত্যাচাৰ-ব্যভিচাৰ বিয়পি পৰিছিল, তেতিয়া ফৰাচী-সাহিত্যৰ লেখকসকলে তেওঁলোকৰ সাহিত্যত সেইবোৰ ফুটাই নোতোলা হ'লে ফৰাচী বিপ্লবে বুৰঞ্জীত ঠাই নাপালেহেঁতেন।



GROUP-B

(খ-বিভাগ)

(মূল্যাংক: ২৫)


২২। অতি চমু উত্তৰ লিখা:

(ক) অসমীয়া গদ্য সাহিত্যৰ জনক কোন ?

(4) হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া ছনেটটোৰ নাম কি?


৩। চমু উত্তৰ লিখা: (যি কোনো এটা)

(ক) তক্ষশীলা বিশ্ববিদ্যালয়ত কি কি বিষয়ৰ শিক্ষা দিয়া হৈছিল?

(খ) কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।


২৪। উত্তৰ লিখা:

(ক) "জানা বাজা, যুদ্ধৰ সমুখত অর্জুনে এহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা, ৰথৰ উপৰত বসিলা।" - এইদৰে কোনে, কাক কৈছে? অর্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল।-তোমাৰ কথাৰে লিখা।

নাইবা,

(খ) আর্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আর্য শিক্ষাৰ কলা-বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল?


২৫। অতি চমু উত্তৰ লিখা :

কপিল মুনিৰ মাতৃ কোন আছিল?


২৬। "ধৰ ঝাড়ু ধৰ ভাই” কবিতাত কবিয়ে জাতিৰ জীৱন কেনেকৈ মনোহৰ কৰিবলৈ আহবান জনাইছে চমুকৈ লিখা।


২৭। উত্তৰ লিখা:

(ক) “তথাপি তোহাক দেখন্তে ডবত উৰি যায় মোৰ জীউ।"

এইষাৰ কাৰ উক্তি? কাক দেখি, কিয় তেওঁব ভয়তে জীউ উৰি যায় বুজাই লিখা।

নাইবা,

(খ) “পূজা দিলি পৰ চৰণত

জীৱন ঢালি ধাৰে ঋণে"

- কোনে, কাৰ চৰণত পূজা দিয়াৰ কথা কবিয়ে কৈছে, চমুকৈ লিখা।


২৮। (ক) তলত দিয়া যি কোনো এটা শব্দৰ বিপৰীত শব্দ লিখা: উন্নতি, ক'লা


(খ) তলত দিয়া যি কোনো এটা শব্দৰ বিপৰীত লিংগ লিখা: দৰা, ককা


(গ) তলত দিয়া যি কোনো এটা শব্দবৰ সমার্থক শব্দ লিখা:

বিপদ, নবীন


(ঘ)'অভি' উপসর্গ ব্যবহাৰ কৰি এটা বাক্য লিখা :


(ঙ) খালী ঠাইত উপযুক্ত অনুসর্গ বহুওৱা :

কামটো যত্নেৰে কৰিবা


(চ)তলৰ বাক্যটি শুদ্ধকৈ লিখা:

কালিলৈ এটা বজাত আহিবা।


(ছ) তলত দিয়া যি কোনো এটা শব্দৰ আধুনিক ৰূপ লিখা:

বিগুটিয়া, সুমৰন্তে 


২৯। তলত দিয়া যি কোনো দুটা ছন্দৰ সূত্র লিখি উদাহৰণ দিয়া:

ঝুমুৰি, চৰণ, ছবি



GROUP-C

(গ-বিভাগ)

(মূল্যাংক: ২৫)

1. Translate any one of the following into your mother language:

তলৰ যি কোনো এটা তোমাৰ মাতৃভাষালৈ অনুবাদ কৰা:


a) वृक्षात् आस्रं पतति । बालकः विद्यालयात् आगच्छति । मुनिवरः नद्याः आगच्छति । वानरः शाखायाः पतति ।

(b) विंशतयः बालिकाः क्रीडन्ति । चत्वारिंशत् धेनवः सन्ति । विद्यालये छात्राः पठन्ति । ग्रन्थागारे सहस्रं पुस्तकानि सन्ति ।

(c) अस्माकं विद्यालये अखिल भारतीय विद्यार्थी सम्मेलनं भविष्यति । तत्र मनोरञ्जन -कार्यक्रमान् - कर्तुम् अवसरः अस्ति ।


2. Answer any one of the following:

তলৰ যি কোনো এটাৰ উত্তৰ লিখা:

(a) How many Ratnas are there in the World? What are they? পৃথিৱীত কেইবিধ ৰত্ন আছে? সেইবোৰ কি কি?

(b) “मार्जाराद्विभेषि । त्वमेव मार्जारो भव ।" -

Who is the speaker here and to whom was it said? Why did the speaker say so?

কথাষাৰিৰ বক্তা কোন আৰু কাক কৈছিল? বক্তাজনে কিয় এনেদৰে কিছিল লিখা।


3. Fill in the blanks in following verse with appropriate words: 1x3=3

তলত দিয়া শ্লোকটোৰ খালী ঠাইবোৰ উপযুক্ত শব্দৰে পূৰণ কৰা:

वृश्चिकस्य विषं पुच्छं______विषं शिरः ।

______विषं दन्तं सर्वांगं_____च ।।

OR/নাইবা

रविसन्निधिमात्रेण_____प्रकाशयेत् ।

_____शिष्यज्ञानं_______


4. Answer any three of the following questions in Sanskrit:1x3-3

তলৰ প্ৰশ্নবোৰৰ যি কোনো তিনিটাৰ উত্তৰ সংস্কৃতত লিখা:

(a) सत्येन किं जयति ?

(b) मार्जारः कं दृष्ट्वा पलायितवान् ?

(c) मुनिः कुक्कुरं किं कृतवान् ?

(d) विद्यालये किं सम्मेलनं भविष्यति ?

OR/নাইবা,

Write the Sanskrit synonyms of any three of the following words:

তলৰ শব্দবোৰৰ যি কোনো তিনিটাৰ সংস্কৃত প্রতিশব্দ লিখা:

मातुलः, छात्रः, महत्त्वम्, अनन्तरम्


5. Match the following words of Group-A with the words of Group-B:

তলত দিয়া অংশ 'ক' অংশৰ শব্দবোৰ 'খ' অংশৰ সৈতে মিলোৱা:1×3=3


Group-A/অংশ-'ক'       Group-B/অংশ-'খ'

त्रिंशत्तमम                        शाखाः

चतस्रः                            फलानि

त्रीणि                              स्थानम्


6. a) Derive any two of the following words:

তলৰ যি কোনো দুটা পদৰ ব্যুৎপত্তি লিখা

(i) 'आगच्छति' in Q. No. 1.(a) 1 নং (a) প্রশ্নত 'आगच्छति'

(ii) 'क्रीडन्ति' in Q. No. 1.(b) 1 নং (b) প্রশ্নত 'क्रीडन्ति'

(iii) 'भविष्यति' in Q. No. 1.(c) 1 নং (c) প্রশ্নত 'भविष्यति'

(iv) 'पतति' in Q. No. 1.(a) 1 নং (a) প্রশ্নত 'पतति'


b) Decline any two of the following:

তলৰ যি কোনো দুটাৰ শব্দৰূপ লিখা:

(i) 'युष्मद्' in 3rd case ending

'युष्मद्' তৃতীয়া বিভক্তিৰ দ্বিবচনত

(ii) 'राजन्' in 7th case ending Plural

'राजन्' সপ্তমী বিভক্তিৰ বহুবচনত

(iii) 'गो' in 4(th) case ending Singular

'गो' চতুর্থী বিভক্তিৰ একবচনত

(iv) 'सखि' in 2(nd) case ending Dual

'सखि' দ্বিতীয়া বিভক্তিৰ দ্বিবচনত


(c) Conjugate any two of the following

তলৰ যি কোনো দুটাৰ ধাতুৰূপ লিখা:

(i) अद् + विधिलिङ् स्यात्

(ii) 

(iii) 

(iv) √हन् + लृट् स्यति


(d) Change any three from noun to adjective from the following:

তলৰ যি কোনো তিনিটা বিশেষ্যৰ পৰা বিশেষণ পদ গঠন কৰা:

सूर्यः, नीतिः, शिवः, ऋषिः



*****

Tags

Post a Comment

0Comments
Post a Comment (0)