ইতিহাসৰ প্রশ্ন উত্তৰ Questions Answers on History
ইতিহাসৰ প্রশ্ন উত্তৰ Questions Answers on History || Quiz on History in Assamese for Assam Compititive Exam || Assam Police || Assam constable|| Assam Public Service Commission || Assam Adre
ইতিহাসৰ প্রশ্ন উত্তৰ
১। জৈন ধৰ্মৰ প্ৰৱর্তক মহাবীৰৰ মাক আৰু দেউতাকৰ নাম কি আছিল?
উঃ মাকৰ নাম-ত্রিশলা আৰু দেউতাকৰ নাম-সিদ্ধার্থ।
২। ভাৰতত মৌর্য বংশৰ সংস্থাপক কোন?
উঃ চন্দ্রগুপ্ত মৌর্য।
৩। মেগেস্থিনীছে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?
উঃ ইণ্ডিকা।
৪। সম্রাট অশােকৰ ৰাজ্যাভিষেক কেতিয়া হৈছিল?
উঃ খ্রীঃ পূঃ২৬৯ ত।
৫। অশােকে ধর্ম প্রচাৰৰ বাবে বিদেশলৈ প্রতিনিধি পঠোৱা দুখন দেশৰ নাম কোৱা?
উঃ সিংহল (শ্রীলংকা) আৰু চীন দেশ।
৬। মৌর্য বংশৰ শ্ৰেষ্ঠ সম্রাট কোন?
উঃ বৃহদ্রম।
৫। যজ্ঞসেন ক’ৰ ৰজা আছিল?
উঃ বিদৰ্ভৰ।
৬। কণিষ্ক কোন বংশৰ ৰজা আছিল?
উঃ কুষাণ বংশৰ।
৭। কণিষ্কৰ ৰাজধানীৰ নাম কি?
উঃ পুৰুষপুৰ (বর্তমান পেছােৱাৰ)।
৮। কালিদাস আৰু বৰাহমিহিৰ কোন ৰজাৰ দৰবাৰৰ অন্যতম নৱৰত্ন আছিল?
উঃ দ্বিতীয় চন্দ্রগুপ্ত।
৯। দ্বিতীয় চন্দ্রগুপ্তৰ শাসন কালত ভাৰতলৈ অহা চীনা পৰিব্রাজকজনৰ নাম কি?
উঃ ফাহিয়ান।
১০। বিশাখ দত্ত কোন?
উঃ গুপ্তযুগৰ এগৰাকী বিখ্যাত ভাৰতীয়।
১১। আর্যভট্ট কোন?
উঃ গুপ্তযুগৰ এজন মহান গণিত
১২। 'অভিজ্ঞান শকুন্তলম' কাৰ মহান সৃষ্টি?
উঃ কালিদাসৰ।
১৩। সম্রাট হর্ষবর্ধনে ৰচনা কৰা নাটক দুখন কি কি?
উঃ 'নাগানন্দ’ আৰু 'ৰত্নাৱলী'।
১৪। হর্ষচৰিত আৰু কাদম্বৰীৰ ৰচক কোন?
উঃ বাণভট্ট
১৫। চেৰচাহ (চেৰ খা) ৰ জন্ম ক'ত হৈছিল?
উঃ নাৰনৌলত।
১৬। চেৰচাহৰ দেউতাকৰ নাম কি?
উঃ মহম্মদ হাচান।
১৭। ভাৰতৰ দ্বিতীয় মােগল সম্রাট কোন আছিল?
উঃ হুমায়ুন।
১৮। ভাৰতৰ তৃতীয় মােগল সম্রাট কোন আছিল?
উঃ মহামতি আকবৰ।
১৯। আকবৰৰ মাকৰ নাম কি?
উঃ বেগম হামিদা বাণু।
২০। আকবৰৰ অভিভাৱকৰ নাম কি?
উঃ বেইৰাম খান।
২১। চুলতান আদিলচাহৰ প্রধানমন্ত্ৰীৰ নাম কি?
উঃ হিমু (হেমচন্দ্র)।
২২। আকবৰে হিমুক পৰাজিত কৰা ঠাইখনৰ নাম কি?
উঃ পানীপথ।
২৩। আকবৰে ৰাণাপ্রতাপ সিংহক যুদ্ধত পৰাজিত কৰা ঠাইখনৰ নাম কি?
উঃ হলদিঘােট।
২৪। মহামতি আকৰৰ সমাধিস্থান ক'ত আছে?
উঃ চিকন্দৰা (আগ্রা)ত।
২৫। আবুল ফজল আৰু বীৰবল কাৰ ৰাজ সভাৰ অন্যতম শ্রেষ্ঠ সভাসদ?
উঃ সম্রাট আকবৰৰ।
২৬। টোডৰমল কোন?
উঃ চেৰচাহ আৰু আকবৰৰ শাসনকালৰ বিখ্যাত ভূমিব্যৱস্থাপক।
২৭। তানসেন কোন আছিল?
উঃ আকবৰৰ ৰাজসভাৰ প্রসিদ্ধ সঙ্গীতজ্ঞ ও কবি।
২৮। মানসিংহ কোন আছিল?
উঃ ৰজা মানসিংহ সম্রাট আকবৰৰ এজন সেনাপতি আছিল।
২৯। 'আকবৰনামা’ আৰু ‘আইন-ই-আকবৰী’ কোনে ৰচনা কৰিছিল?
উঃ আবুল ফজল।
৩০। আকবৰৰ পিছত কোন সিংহাসনত উঠে?
উঃ জাহাঙ্গীৰ।
৩১। জাহাঙ্গীৰৰ মাকৰ নাম কি?
উঃ মৰিয়ম উজ-জমানী (যােধা বাই)।
৩২। হর্ষবর্ধনৰ শাসনকালত নালন্দা বিশ্ববিদ্যালয়ৰ কুলপতি কোন আছিল?
উঃ শীলভদ্র।
৩৩। হিউয়েন চাং কোন?
উঃ হর্ষবর্ধনৰ শাসনকালত নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ অহা চীনা পৰিব্রাজক।
৩৪। আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল?
উঃ খ্রীঃ পূঃ ৩২৬/৩২৭
৩৫। দাস বংশৰ প্রতিষ্ঠাতা কোন?
উঃ কুতুবুদ্দিন আইবেক।
৩৬। চেঙ্গিচখানে কেতিয়া ভাৰত আক্রমণ কৰিছিল?
উঃ ইং ১২২১ চনত।
৩৭। খিলিজী বংশৰ প্রতিষ্ঠাতা কোন?
উঃ জালালুদ্দিন খিলিজী।
৩৮। মালিক কাফুৰ কোন?
উঃ আলাউদ্দিন খিলিজীৰ দাক্ষিণাত্য বিজয় অভিযানৰ প্রধান সেনাপতি আছিল।
৩৯। তােঘলক বংশৰ প্রতিষ্ঠাতা কোন?
উঃ গিয়াছুদ্দিন তােঘলক।
৪০। ভাৰত বুৰঞ্জীত কাক জ্ঞানীমূখ ৰজা বােলা হয়?
উঃ মহম্মদ বিন তােঘলকক।
৪১। মহম্মদ বিন তােঘলকৰ সমকালীন দুজন ঐতিহাসিকৰ নাম কোৱা?
উঃ বর্ণী আৰু ইবন বতুতা।
৪২। টাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল?
উঃ ইং ১৩৯৮ চনত।
৪৩। বাহমনী ৰাজ্য কোনে প্রতিষ্ঠা কৰিছিল?
উঃ ইছমাইল বাহমনে।
৪৪। ভাৰতত মােগল সাম্রাজ্য কোনে প্রতিষ্ঠা কৰে?
উঃ বাবৰে।
৪৫। বাবৰৰ সম্পূর্ণ নাম কি?
উঃ জাহিউদ্দিন মহম্মদ বাবৰ।
৪৬। বাবৰৰ মাকৰ নাম কি?
উঃ কুলচুম নিগাৰ খানম।
৪৭। বাবৰৰ আত্মজীৱনীখনৰ নাম কি?
উঃ তুজুক-ই-বাবৰী।
৪৮। পানীপথৰ প্রথম যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?
উঃ ইং ১৫২৬ চনত। বাবৰ আৰু ইব্রাহীম লােডীৰ মাজত।
৪৯। ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ভাৰতলৈ আহে?
উঃ ইং ১৬৬৪ চনত।
৫০। ৰবার্ট ক্লাইবে মহম্মদ আলীক ৰক্ষা কৰিবলৈ কি কৰিছিল?
উঃ কর্ণাটকৰ ৰাজধানী আৰকট আক্রমণ কৰিছিল।
৫১। বঙ্গদেশৰ শেষ স্বাধীন নৱাব কোন আছিল?
উঃ চিৰজউদ্দৌলা।
৫২। হায়দৰ আলী ক’ৰ শাসক আছিল?
উঃ মহীশূৰৰ
৫৩। মহীশূৰৰ বাঘ কোন?
উঃ হায়দৰ আলীৰ পুতেক টিপু চুলতান।
৫৪। বাৰানসীৰ ৰজা চেতসিংহ আৰু অযােধ্যাৰ বেগমসকলৰ ওপৰত কোনে অত্যাচাৰ চলাইছিল?
উঃ ৱাৰেন হেষ্ট্ৰিংচ।
৫৫। ৰেগুলেটিং এক্ট কেতিয়া ঘােষণা কৰে আৰু কলিকতা চুপ্রীম কোর্ট কেতিয়া স্থাপন হয়?
উঃ ৰেগুলেটিং এক্ট ইং ১৭৭৩ চনত ঘােষণা কৰে আৰু কলিকতাত চুপ্রীম কোর্ট স্থাপন হয় ইং ১৭৭৪ চনত।
৫৬। ভাৰতীয় হিন্দুসকলৰ সতীদাহ প্রথা কোন ইংৰাজ গৱৰ্ণৰে আৰু কেতিয়া বন্ধ কৰে?
উঃ লর্ড উইলিয়াম বেন্টিঙ্কে, ইং ১৮২৯ চনত।
৫৭। ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল?
উঃ ইং ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা ইংৰাজ আৰু মান (বৰ্মা)ৰ মাজত।
৫৮। ভাৰতবৰ্ষত ৰেল-সেৱা আৰু ডাক-সেৱা কাৰ শাসনকালত প্ৰৱর্তিত হয়?
উঃ লর্ড ডেলহাউচিৰ দিনত।
৫৯। ইং ১৮৫৭ চনৰ ক্ৰান্তি ক'ৰপৰা আৰম্ভ হৈছিল?
উঃ বেৰেকপুৰৰ সৈনিক শিৱিৰৰপৰা।
৬০। বর্তমান ভাৰতীয় শিক্ষা পদ্ধতি কাৰ অৱদান?
উঃ লর্ড ডেলহাউচি।
৬১। ভাৰতত আর্যসমাজ কেতিয়া প্রতিষ্ঠা হৈছিল?
উঃ ইং ১৮৭৫ চনত।
৬২। আলীগড় মুছলিম অৰিয়েন্টল কলেজ কেতিয়া স্থাপন কৰা হৈছিল?
উঃ ইং ১৮৭৫ চনত।
৬৩। ভাৰতত প্রার্থনা সমাজ কেতিয়া স্থাপন কৰা হৈছিল?
উঃ ইং ১৮৬৭ চনত।
৬৪। জাহাঙ্গীৰৰ ল'ৰাকালৰ নাম কি?
উঃ চেলিম।
৬৫। যৌৱনকালত চেলিমে প্ৰেমত পৰা ছােৱালীজনীৰ নাম কি?
উঃ আনাৰকলি।
৬৬। জাহাঙ্গীৰৰ সম্রাজ্ঞীৰ নাম কি?
উঃ নুৰজাহান।
৬৭। জাহাঙ্গীৰৰ শাসনকালত ভাৰতলৈ অহা ইংৰাজ ৰাজদূত দুজনৰ নাম কি কি?
উঃ উইলিয়াম হাকিঞ্চ (১৬০৮) আৰু চাৰ টমাচ ৰাে (১৬১৫ চন)।
৬৮। জাহাঙ্গীৰৰ পিছত কোন মােগল সিংহাসনত আৰােহণ কৰে?
উঃ চাহজাহানে।
৬৯। চাহজাহানৰ ল’ৰাকালৰ নাম কি?
উঃ খুৰৰুম
৭০। চাহজাহানৰ সম্রাজ্ঞীৰ নাম কি?
উঃ বেগম আর্জুমন্দ বাণু (মমতাজ মহল)।
৭১। জাহানাৰা আৰু ৰৌচনা কোন মােগল সম্রাটৰ জীয়েক?
উঃ সম্রাট চাহজাহান।
৭২। সম্রাট চাহজাহানৰ পুতেককেইজনৰ নাম কি?
উঃ দাৰা চিকোহ, চুজা, আউৰংজেৱ আৰু মুৰাদ
৭৩। চাহজাহানৰ পিছতে কোনে মােগল সিংহাসনত আৰােহণ কৰে?
উঃ আউৰংজেৱে।
৭৪। আউৰংজেৱে অসম বিজয়ৰ কাৰণে পঠোৱা চুবেদাৰ দুজনৰ নাম কি কি?
উঃ মীৰজুমলা আৰু চায়েস্তা খাঁ।
৭৫। শিৱাজীৰ জন্ম কেতিয়া হৈছিল?
উঃ ইং ১৬২৭ চনৰ ২০ এপ্রিল তাৰিখে।
৭৬। তুলসী দাস আৰু সুৰদাস কোন যুগৰ হিন্দী ভক্ত কবি?
উঃ মােগল যুগৰ।
৭৭। মােগল যুগত পাৰ্চী ভাষালৈ অনুবাদ কৰা হিন্দুসকলৰ ধর্মগ্রন্থ দুখনৰ নাম কি কি?
উঃ ৰামায়ণ আৰু অথর্ববেদ।
৭৮। ভাৰতলৈ অহা পর্তুগীজসকলৰ প্রথম গৱৰ্ণৰ কোন আছিল?
উঃ আর্মী (ইং১৯০৫ইং ১৯০৯ লৈকে)।
৭৯। ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ভাৰতলৈ আহে?
উঃ ইং ১৬০০ চনত।
৮০। ভাৰতত থিওফিকেল ছােচাইটিৰ প্রতিষ্ঠাতা কোন?
উঃ মেডাম বেলৱচকী আৰু কর্ণেল আলকট।
৮১। বুন্দেলখণ্ড বিপ্লৱৰ নেতৃত্ব কোনে দিছিল?
উঃ ঝান্সী ৰাণী লক্ষ্মীবাই।
৮২। ইং ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতত থকা মােগল সম্রাটগৰাকীৰ নাম কি?
উঃ বাহাদুৰ চাহ জাফৰ।
৮৩। ভাৰতৰ ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্রথম অধিৱেশন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল?
উঃ ইং ১৮৮৫ চনত, বােম্বাইত, উমেশচন্দ্র বেনার্জীৰ সভাপতিত্বত।
৮৪। গান্ধীজীয়ে অসহযােগ আন্দোলন কেতিয়া আৰম্ভ কৰিছিল?
উঃ ১৯২০ চনত।
৮৫। “স্বাধীনতা আমাৰ জন্মসিদ্ধ অধিকাৰ” এই কথাষাৰ কোনে কৈছিল?
উঃ বাল গঙ্গাধৰ তিলক।
৮৬। ভাৰতত মুছলিম লীগ প্রতিষ্ঠাতা কোন?
উঃ নৱাব চলিম উল্লাখান (ঢাকা)।
৮৭। ঐতিহাসিক ভাৰত-ত্যাগ আন্দোলন’ কেতিয়া আৰম্ভ হৈছিল?
উঃ ইং ১৯৪২ চনত।
৮৮। গদৰ পার্টি’ কেতিয়া স্থাপন হৈছিল? গদৰ পাৰ্টিৰ দুজন প্রধান নেতাৰ নাম।
উঃ ইং ১৯৩১ চনত। মহম্মদ বৰকতুল্লা আৰু ভাই পৰমানন্দ।
৮৯। মােক তেজ দিয়া, মই তােমাক স্বাধীনতা দিম। এইটো কাৰ উক্তি?
উঃ নেতাজী সুভাষ চন্দ্র বসু।
৯০। নেতাজীৰ ‘আজাদ হিন্দ ফৌজ’ৰ তিনিগৰাকী বিশিষ্ট পদাধিকাৰীৰ নাম?
উঃ কেপ্তেইন চাহনাৱাজ খান, কেপ্তেইন পি কে চাইগল আৰু লেফটেনেন্ট গুৰবক্স সিংহ ধিলন।
৯১। ভাৰতৰ সংবিধান প্রস্তুতি কমিটীৰ প্রথম বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল?
উঃ ইং ১৯৪৬ চনৰ ডিচেম্বৰ মাহৰ ১২ তাৰিখে।
৯২। হায়দৰাবাদ কেতিয়া ভাৰতীয় গণ ৰাজ্যত চামিল হয়?
উঃ ১৯৪৮ চনৰ ১৮ ডিচেম্বৰত।
৯৩। জম্মু-কাশ্মীৰক কেতিয়া ভাৰতীয় গণৰাজ্যত চামিল কৰা হয়?
উঃ ইং ১৯৫৪ চনত
৯৪। ভাৰতত পঞ্চবার্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ কৰা হয়?
উঃ ১৯৫১ চনত।
৯৫। ভাৰতত আণৱিক শক্তি আয়ােগ কেতিয়া গঠন কৰা হয়?
উঃ ইং ১৯৪৮ চনত।
৯৬। ভাৰতৰ প্রথম আণৱিক বিস্ফোৰণ কেতিয়া আৰু ক'ত ঘটোৱা হয়?
উঃ ইং ১৯৭৪ চনত, ৰাজস্থানৰ পােখৰাণত।
৯৭। ভাৰতৰ বৈদেশিক নীতিৰ মূল সিদ্ধান্ত কি?
উঃ শান্তিপূর্ণ সহ-অৱস্থান।
৯৮। পঞ্চশীল নীতিৰ প্রৱর্তক কোন?
উঃ জৱাহৰলাল নেহৰু।
৯৯। জুনাগড় কেতিয়া ভাৰত গণৰাজ্যৰ সৈতে চামিল কৰােৱা হয়?
উঃ ইং১৯৪৯ চনত।
১০০। ভাৰতত আধুনিক হাস্পতাল কেতিয়া আৰু ক’ত স্থাপিত হৈছে?
উঃ ইং ১৮৬৪ চনত, মাদ্ৰাজৰ ফোর্ট চেন্ট জর্জত
১০১। ভাৰতত সর্বপ্রথমে টকাৰ প্রচলন কোনে কৰে?
উঃ চেৰচাহে। ইং ১৫৪২ চনত তেওঁ তােলা ওজনৰ ৰূপীয়াৰ প্রচলন কৰিছিল ।
১০২। ব্রিটিছৰ শাসন কালত দিল্লী কেতিয়া ভাৰতৰ ৰাজধানী হয়?
উঃ ইং ১৯১১ চনত।
১০৩। মুছলমানসকলে কেতিয়া সর্বপ্রথমে ভাৰত আক্ৰমণ কৰিছিল?
উঃ ইং ৭১২ চনত। মহম্মদ বিন কাচিমৰ নেতৃত্বত প্রথমে আৰৱসকলে সিন্ধু প্রদেশ আক্রমণ কৰিছিল।
১০৪। বিশ্বৰ অন্যতম মানৱ নির্মিত আচৰিত বস্তু ভাৰতৰ তাজমহলটো কোনে আৰু কিয় সজাইছিল? উঃ মােগল সম্রাট চাহজাহানে তেওঁৰ সম্রাজ্ঞী মমতাজ মহলৰ স্মৃতিত।
১০৫। ভাৰতৰ কোন কোন ৰাণীয়ে নিজে ৰাজ্য
শাসন কৰিছিল?
উঃ ৰাণী দুর্গাৱতী, ঘঁদ বিবি, নুৰজাহান, চুলতানা ৰেজিয়া, অহল্যা বাই আৰু লক্ষ্মী বাইয়ে।
১০৬। ৰজা বিক্রমাদিত্যৰ ৰাজসভাৰ নৱৰত্ন কেইজনৰ নাম কি কি?
উঃ কালিদাস, বৰুচি, বৰাহমিহিৰ, শঙ্কু, বেতালভট্ট, ঘটকপুৰ, খপনক, অমৰসিংহ আৰু ধনন্তৰী।
১০৭। মহামতি আকবৰৰ ৰাজসভাৰ নৱৰত্নকেইজনৰ নাম কি কি?
উঃ টোডমল, আবুল ফজল, ফৈজা, বীৰবল, মানসিংহ, তানচেন, হাকিম, হুচেন, মােল্লা দুপায়েজা, মির্জা আব্দুল ৰহিম খান খানা।
১০৮। ভাৰতত কোনে তামৰ মুদ্রা প্রচলন কৰিছিল?
উঃ মহম্মদ বিন তােঘলক।
১০৯। প্রাচীন ভাৰতৰ কোন কোন ৰাজ্যত গণতন্ত্র প্রচলন আছিল?
উঃ কুশীনগৰ, কপিলাবস্তু, বৈশালী আৰু লিচ্ছবিত।
১১০। চিৰি (খটখটী)ৰপৰা বাগৰি পৰি ভাৰতৰ কোন সম্রাটে পৰলােক গমন কৰে?
উঃ হুমায়ুন।
১১১। ইতিহাস প্রসিদ্ধ কোণার্কৰ সূর্য মন্দিৰটো কোনে সজাইছিল?
উঃ উৰিষ্যাৰ সম্রাট নৃসিংহদেৱে সজাইছিল।
১১২। ভাৰতত সর্বপ্রথমে কোনে ডাক ব্যৱস্থাৰ প্রচলন কৰে?
উঃ চেৰচাহে। তেওঁ ঘোঁৰাৰে ডাক অনা-নিয়াৰ ব্যৱস্থা কৰিছিল।
১১৩। পাৰ্চীসকল কিহৰ উপাসক?
উঃ অগ্নিৰ।
১১৪। পাৰ্চীসকলে ঈশ্বৰক কি বোলে?
উঃ অহুৰ মাজদা।
১১৫। শিখসকলৰ শেষ গুৰু কোন?
উঃ গুৰু গোবিন্দ সিংহ।
১১৬। চিপাহী বিদ্ৰোহৰ নেতৃত্ব দিয়া ভাৰতীয় মহিলা গৰাকী কোন আছিল?
উঃ ঝাণ্সীৰ ৰাণী লক্ষ্মীবাঈ।
১১৭। ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?
উঃ ইং ১৯২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত, ইংৰাজ আৰু মানৰ মাজত।
১১৮। নীল নদীৰ পাৰত গঢ় লোৱা প্ৰাচীন সভ্যতাটোৰ নাম কি?
উঃ মিচৰীয়া সভ্যতা।
১১৯। জৈন ধৰ্মৰ প্রৱৰ্তক কোন?
উঃ মহাবীৰ।
১২০। জাতকমালাত কাৰ জন্ম কাহিনী আছে?
উঃ গৌতম বুদ্ধৰ
১২১। এলাহাবাদ প্ৰশস্তিৰ ৰচক কোন?
উঃ হৰিসেন।
১২২। ব্ৰাহ্মসমাজৰ প্ৰতিষ্ঠাতা কোন?
উঃ ৰাজা ৰামমোহন ৰায়।
১২৩। আৰ্যসমাজৰ প্ৰতিষ্ঠাতা কোন?
উঃ স্বামী দয়ানন্দ সৰস্বতী।
১২৪। ইচলাম ধৰ্মৰ প্ৰৱৰ্তক কোন?
উঃ হজৰত মহম্মদ।
১২৫। খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰৱৰ্তক কোন?
উঃ যীশু খ্রীষ্ট
১২৬। শিখ ধৰ্মৰ প্ৰৱৰ্তক কোন?
উঃ গুৰুনানক।
১২৭। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন?
উঃ এলান অক্টোভিয়ান হিউম।
১২৮। ভাৰতলৈ কোনে প্রথমে ইচলাম ধর্ম আনিছিল?
উঃ মহম্মদ-বিন কাচিমে।
১২৯। বেবিলনীয় সভ্যতাৰ উজ্জ্বল উদাহৰণ কি?
উঃ ৰজা নেবুচাদ নেজাৰে সজোৱা শূন্যোদ্যান।
১৩০। চিপাহী বিদ্রোহ সংঘটিত হােৱাৰ প্ৰধান কাৰণ কি?
উঃ বলপূর্বক ধর্মান্তৰকৰণ।
১৩১। ভাৰতৰ জাতীয় আন্দোলন দমন কৰিবলৈ ইংৰাজে প্ৰৱৰ্তন কৰা কুখ্যাত আইনটোৰ নাম কি?
উঃ ৰাওলাট এক্ট।
১৩২। টাইমূৰৰ ভাৰত আক্ৰমণৰ ফলত কোন ৰাজবংশ ধ্বংস হৈছিল ?
উঃ তােঘলক বংশ।
১৩৩। কোন মুছলমান চুলতানে ভাৰতত মূল্য নির্ধাৰণৰ ব্যৱস্থা বলৱৎ কৰিছিল?
উঃ আলাউদ্দিন খিলিজীয়ে।
১৩৪। সমত বৈষ্ণৱধর্ম কোনে প্রৱর্তন কৰে?
উঃ শ্ৰীশ্ৰীশংকৰদেৱ।
১৩৫। শ্ৰীশ্ৰীশংকৰদেৱৰ প্রিয় শিষ্যগৰাকীৰ নাম কি?
উঃ মাধৱদেৱ।
১৩৬। শ্ৰীশ্ৰীশংকৰদেৱৰ শিষ্যত্ব লাভ কৰা বিভিন্ন সম্প্রদায়ৰ প্রিয় ভকতসকলৰ নাম কি কি?
উঃ নগা সম্প্রদায়ৰ নৰােত্তম, মুছলমান সম্প্রদায়ৰ চান্দ খাঁ, গাৰাে সম্প্রদায়ৰ গােবিন্দ, জয়ন্তীয়া সম্প্রদায়ৰ মাধৱ আতে আদি।
১৩৭। বঙ্গদেশূৰ কোনে ভাৰতীয়সকলক ইংৰাজী ভাষাত শিক্ষাদানৰ কাৰণে উঠি পৰি লাগিছিল?
উঃ ৰাজা ৰামমােহন ৰায়।
১৩৮। কোনার্কৰ সূর্য মন্দিৰটো কেইটা চকাৰে নির্মিত?
উঃ ১২ টা চকাৰে।
১৩৯। কোন স্তম্ভৰ প্রতিকৃতিটোক ভাৰতৰ জাতীয় প্রতীক হিচাপে গ্ৰহণ কৰা হৈছে?
উঃ সম্রাট অশােকে নির্মাণ কৰা সাৰনাথ স্তম্ভব।
১৪০। সচীৰ স্থূপ কোন যুগত নির্মাণ কৰা হৈছিল?
উঃ গুপ্ত যুগ।
১৪১। ফতেহপুৰ চিক্রী কোনে সজাইছিল?
উঃ সম্রাট আকবৰে।
১৪২। মুছলমানসকলৰ প্রধান ভাগ কেইটা আৰু কি কি?
উঃ দুটা, চিয়া আৰু চুন্নী।
১৪৩। জৈন ধৰ্মৰ প্রধান ভাগ কেইটা আৰু কি কি?
উঃ দুটা, মহাযান আৰু হীনযান
১৪৪। বুদ্ধদেৱৰ জন্মস্থান কত?
উঃ কপিলাবস্তুৰ ওচত ‘লুম্বিনী’ বােলা গাৱঁত।
১৪৫। ভাৰতৰ শ্ৰেষ্ঠ সম্রাট কোন?
উঃ মহামতি সম্রাট অশােক। তেওঁৰ নাম পৃথিৱীৰ বুৰঞ্জীত জিলিকি আছে। ভাৰতীয় জাতীয় পতাকাত তেওঁৰ ধৰ্ম-মতৰ প্রতীক ‘অশােক চক্র’ অঙ্কিত আছে।
১৪৬। ভাৰতৰ কোনে প্রথম চিকিৎসালয় পাতে?
উঃ সম্রাট অশােকে।
১৪৭। বত্রিশ সিংহাসন কোন ৰজাৰ আছিল?
উঃ মহাৰাজ বিক্রমাদিত্যৰ।
১৪৮। মহাৰাজ বিক্রমাদিত্যৰ 'নৱৰত্ন’ সভাৰ পণ্ডিতসকলৰ নাম কি কি আছিল?
উঃ ১। কালিদাস, ২। বৰুচি, ৩। বৰাহমিহিৰ, ৪। শঙ্কু, ৫। বেতালভট্ট, ৬। ক্ষপণক, ৭। ঘটকৰ্পৰ, ৮। অমৰসিংহ আৰু ৯। ধন্বন্তৰি।
১৪৯। কোন মােগল সম্রাটে লিখা-পঢ়া নাজানিছিল?
উঃ সম্রাট আকবৰে।
১৫০। সম্রাট আকবৰৰ নৱৰত্ন সভাৰ পণ্ডিতসকলৰ নাম কি কি আছিল?
উঃ ১। টোডমল, ২। আবুল ফজল, ৩। ফৈজী, ৪। বীৰবল, ৫। মানসিংহ, ৬। তানসেন, ৭। হাকিম চেন, ৮। মােল্লা দুপায়েজা আৰু ৯। মির্জা আব্দুৰ ৰহিম
১৫১। চাণক্য কোন?
উঃ মৌর্য বংশৰ সম্রাট চন্দ্রগুপ্তৰ পৰামর্শদাতা আৰু বিখ্যাত নীতিশাস্ত্রবিদ পণ্ডিত আছিল। তেওঁৰ আন এটা নাম কৌটিল্য।
১৫২। বাণভট্ট কোন?
উঃ বাণভট্ট সম্রাট হর্ষবর্ধনৰ ৰাজ্যসভাৰ বিদদ্ধ পণ্ডিত আছিল। এওঁ কাদম্বৰী’ আৰু হর্ষচৰিত নামেৰে দুখন বিখ্যাত সংস্কৃত গদ্য কাব্য ৰচনা কৰি সুখ্যাতি আর্জিছিল।
১৫৩। হিউৱেন চাং কৰ মানুহ আছিল?
উঃ চীনদেশৰ পৰ্য্যটক বা পৰিব্ৰাজক দেশভ্রমণ কৰোঁতা। কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত এওঁ অসমলৈ আহিছিল। হিউৱেন চাং আমাৰ ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ শীলভদ্ৰৰ শিষ্য আছিল।
১৫৪। তাজমহল কি?
উঃ আগ্রা নগৰৰ যমুনা নৈৰ পাৰত মমতাজ বেগমৰ কবৰৰ ওপৰত তেওঁৰ স্বামী মােগল সম্রাট চাহজাহানে সজোৱা বগা মাৰ্বল পাথৰৰ অতি বিতােপন স্মৃতি- সৌধ। তাজমহল সজাওঁতে ২০ হাজাৰ মানুহৰ ২২ বছৰ সময় লাগিছিল।
১৫৫। ময়ূৰ সিংহাসন কাৰ আছিল আৰু কোনে সজোৱাইছিল?
উঃ মােগল সম্রাট চাহজাহানৰ। চাহজাহানৰ নির্দেশ অনুসৰি বাদল খ নামৰ শিল্পী এজনে নানা ধৰণৰ মণি-মুক্তা খচিত অতি বিতােপন এই সিংহাসনখন সজোৱাইছিল।
১৫৬। ভিক্টোৰিয়া মেমােৰিয়াল হল কি?
উঃ আগ্ৰাৰ তাজমহলৰ আৰ্হিৰে ব্রিটিছসকলে কলিকতা মহানগৰীত সজোৱা মহাৰাণী ভিক্টোৰিয়াৰ বিতােপন স্মৃতিসৌধ।
১৫৭। কুতুব মিনাৰ কি?
উঃ দিল্লী নগৰীত কুতুবছাহ নামৰ সাধু এজনৰ স্মৃতি ৰক্ষার্থে ১২৩২ চনত সম্রাট ইলতুৎমিচে কুতুব-মিনাৰ সজোৱাইছিল।
১৫৮। কোন বিদেশীয়ে সর্বপ্রথম ভাৰত আক্রমণ কৰিছিল?
উঃ মহাবীৰ আলেজেণ্ডাৰে।
১৫৯। ভাৰতৰ কোন হিন্দু ৰজাই ইউৰােপৰ গ্ৰীক ৰাজকুমাৰীক বিয়া কৰাইছিল?
উঃ মগধৰ ৰজা চন্দ্রগুপ্তই, গ্ৰীক্ৰাজ চেলুচৰ কন্যা হেলেনক বিয়া কৰাইছিল।
১৬০। ‘হিন্দু' নামটো ক'ৰপৰা হ'ল?
উঃ গ্ৰীকসকলে সিন্ধু নদীৰ পাৰত উপনিৱেশ পাতিছিল। সিন্ধু নদীৰ অপভ্রংশৰপৰা গ্ৰীকসকলে সিন্ধুক ‘হিন্দু' বুলিছিল।
১৬১। কোনে আৰু কিয় মহাত্মা গান্ধীক 'নগ্ন ফকীৰ’ আখ্যা দিছিল?
উঃ মহাত্মা গান্ধীয়ে আঁঠুলৈকেহে খদ্দৰৰ চুৰিয়া পিন্ধিছিল আৰু অনাবৃত শৰীৰেৰে থকা কাৰণে ইংলেণ্ডৰ প্রয়াত প্রধানমন্ত্রী চার্চিলে তেখেতক নগ্ন ফকীৰ আখ্যা দিছিল।
১৬২। কুতুব-মিনাৰ কোন ৰাজপুত ৰজাই মােগল সম্রাটৰ বশ্যতা স্বীকাৰ নকৰিলে?
উঃ মেৱাৰৰ ৰাণা, প্রতাপসিংহই।
১৬৩। কোন তিৰােতাই দিল্লীৰ সিংহাসনত বহিছিল?
উঃ চুলতানা ৰেজিয়াই।
১৬৪। কোন কোন ভাৰতীয় নাৰীয়ে নিজ হাতে ৰাজ্যৰ শাসনকাৰ্য্য চলাইছিল?
উঃ চুলতানা ৰেজিয়া, চাদ চুলতানা, ৰাণী অহল্যাবাঈ আৰু ৰাণী দুর্গাৱতীয়ে।
১৬৫। তানসেন কোন আছিল?
উঃ সম্রাট আকবৰৰ নৱৰত্নসভাৰ অন্যতম সভাসদ। তানসেন সেই সময়ৰ ভাৰতৰ সৰ্বশ্রেষ্ঠ সঙ্গীতজ্ঞ আৰু সুৰকাৰ আছিল।
১৬৬। কোন ভাৰতীয় নাৰীয়ে প্ৰাচ্যৰ বুলবুল (গায়ক পক্ষীবিশেষ) আখ্যা পাইছিল?
উঃ সৰােজিনী নাইডুৱে।
১৬৭। 'বুৰঞ্জী’ শব্দটোৰ অর্থ কি?
উঃ বুৰঞ্জী আহােম ভাষাৰ শব্দ। আহােম ভাষাত 'বু’ মানে মূৰ্খ, ‘ৰণ’ মানে শিক্ষা আৰু 'জী’ মানে ‘ভঁৰাল’। গতিকে 'বুৰঞ্জী’ মানে মূৰ্খ শিক্ষাৰ ভঁৰাল। (পণ্ডিত হেমচন্দ্র গােস্বামী)
১৬৮। 'বুদ্ধ’ শব্দৰ অৰ্থ কি আৰু 'বুদ্ধদেৱ’ কোন আছিল?
উঃ 'বুদ্ধ’ মানে পৰম জ্ঞানী। ৰজা শুদ্ধোদনৰ পুতেক সিদ্ধার্থ বা গৌতমৰ নাম পিছত 'বুদ্ধদেৱ’ হয়। বুদ্ধদেৱেই বৌদ্ধ-ধৰ্মৰ প্ৰৱৰ্ক আৰু প্ৰচাৰক।
১৬৯। চেৰচাহৰ আচল নাম কি?
উঃ ফৰিদ খা।
১৭০। কৌটিল্য কাৰ মন্ত্রী আছিল?
উঃ সম্রাট চন্দ্রগুপ্তৰ।
১৭১। হলদিঘাটৰ যুদ্ধত আকবৰে কাক পৰাস্ত কৰিছিল?
উঃ ৰাণা প্রতাপ সিংহক।
১৭২। ইং ১৮৫৭ চনত ভাৰতত কেইখন আৰু কি কি বিশ্ববিদ্যালয় আছিল?
উঃ তিনিখন। কলিকতা, বােম্বাই আৰু মাদ্রাজ।
১৭৩। কনষ্টান্টিনােপলৰ পতন কেতিয়া হৈছিল?
উঃ ইং ১৪৫৩ চনত।
১৭৪। ইংলেণ্ডৰ গৌৰৱময় বিপ্লৱ কেতিয়া সংঘটিত হৈছিল?
উঃ ইং ১৬৮৮ চনত।
১৭৫। মানৱ সভ্যতাৰ বুৰঞ্জীত জলসিঞ্চন প্রণালী কোন সভ্যতাৰ অৱদান?
উঃ বেবিলনীয় সভ্যতাৰ।
১৭৬। অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
উঃ ইং ১৯৮৫ চনৰ ১৫ আগষ্ট তাৰিখে।
১৭৭। পঞ্জাৱৰ জালিয়ানরালাবাগ হত্যাকাণ্ডৰ নায়ক কোন?
উঃ জেনেৰেল ডায়াৰ।
১৭৮। বিশ্বত পােনপ্ৰথমে কেতিয়া আৰু কোন দেশত পােষ্টকাৰ্ডৰ প্রচলন হয়?
উঃ ১৮০৮ চনত, অষ্ট্রেলিয়াত।
১৭৯। মহাবীৰ আলেকজেণ্ডাৰ কোন দেশৰ ৰজা আছিল?
উঃ মেচিদনীয়া (গ্ৰীচ)ৰ।
১৮০। ভাৰত বুৰঞ্জীৰ কোন সময়ছােৱাক সােণালী যুগ আখ্যা দিয়া হয়?
উঃ ইং ৩২০ চনৰপৰা ৬৫০ চনলৈ।
১৮১। মােগল সম্রাট আকবৰে প্ৰচাৰ কৰা ধৰ্মৰ নাম কি?
উঃ দিন-ই ইলাহী।
১৮২। শ্বহীদ ভগৎ সিংহই ইং ১৯২৮ চনত স্থাপন কৰা বিপ্লবী সংগঠনটোৰ নাম কি?
উঃ হিন্দুস্থান ছচিয়েলিষ্ট পার্টি।
১৮৩। ফৰাচী বিপ্লৱ কেতিয়া হৈছিল?
উঃ ইং ১৭৮৯ চনত।
১৮৪। প্রাচীন ভাৰত মহাকাব্য দুখনৰ নাম কি কি?
উঃ ৰামায়ণ আৰু মহাভাৰত।
১৮৫। কৃষি কাৰ্য আৰু চিকাৰৰ ভিতৰত মানুহৰ অধিক পুৰণি ব্যবসায় কোনটো?
উঃ চিকাৰ।
১৮৬। ইং ১৯২১ চনৰ অসহযােগ আন্দোলন গান্ধীজীয়ে হঠাৎ কিয় স্থগিত কৰিছিল?
উঃ আন্দোলনে অহিংসাৰ সলনি হিংসাৰ পথত অগ্ৰসৰ হােৱা হেতুকে।
১৮৭। মানুহৰ সর্বপ্রধান মৌলিক প্রয়ােজন কি?
উঃ খাদ্য।
১৮৮। অজন্তা আৰু ইলােৰা গুহাৰ চিত্ৰকলা কোন যুগৰ?
উঃ গুপ্ত যুগৰ।
১৮৯। মধ্যযুগৰপৰা ত্ৰিপুৰাৰ জনজাতীয় ৰজাসকলক কি উপাধি প্রধান কৰা হৈছিল?
উঃ মাণিক্য অথবা মহামাণিক্য।
১৯০। ভাৰতত প্রথম সংসদীয় নির্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?
উঃ ১৯৫২ চনত।
১৯১। বল্লভভাই পেটেলক কোনটো বিখ্যাত সত্যাগ্রহক নেতৃত্ব প্রদান কৰাৰ বাবে ‘চদাৰ’ আখ্যা দিয়া হৈছিল ?
উঃ বাৰদলি।
১৯২। মতিলাল নেহৰুৱে নেহৰু উপাধি গ্রহণ কৰাৰ আগতে তেওঁলােকৰ উপৰিপুৰুষৰ উপাধি কি আছিল?
উঃ কল।
১৯৩। ভাৰতৰ উত্তৰ-পশ্চিমত সাম্রাজ্য স্থাপন কৰা কোনখন সাম্রাজ্যৰ ৰজাসকলে ‘দেৱপুত্র’ উপাধি গ্রহণ কৰিছিল?
উঃ কুশানসকলে।
১৯৪। কর্ণাটকৰ হাম্পিত মধ্যযুগৰ কোনখন সাম্রাজ্যৰ ভগ্নাৱশেষ পােৱা যায়?
উঃ বিজয় নগৰ।
১৯৫। ১৯০৭ চনত ব্রিটিছ চৰকাৰে লালা লাজপত ৰায়ক কোনখন এছীয় চহৰলৈ নির্বাসন দিছিল?
উঃ মান্দালয়।
১৯৬। দক্ষিণ আফ্রিকাৰ পৰা আহি মহাত্মাগান্ধীয়ে ১৯১৫ চনৰ ২৫ মে’ত চমতি নৈৰ পাৰত যিখন আশ্রম পাতিছিল সেইখনৰ নাম কি দিছিল?
উঃ সত্যাগ্রহ।
১৯৭। ১৯০৯ চনত কোনজন ভাৰতীয় বিপ্লৱীয়ে স্কটলেণ্ড য়ার্ডৰ বিষয়া কার্জন ৱাইলিক লণ্ডনৰ ইম্পেৰিয়েল ইনষ্টিটিউটত হত্যা কৰিছিল?
উঃ মদনলাল ধিংৰা।
১৯৮। মুছলীম লীগৰ কোনজন নেতাই ভাৰত
ত ১৯৪৬ চনত গঠন হােৱা অন্তর্বর্তী চৰকাৰৰ বিত্তমন্ত্রী হিচাপে কার্যনির্বাহ কৰিছিল?
উঃ লিয়াকট আলি খান।
১৯৯। ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৯১১ চনৰ কলিকতা অধিবেশনত সভাপতিত্ব কৰিবলৈ কোনজন ব্রিটিছ নেতাক আমন্ত্রণ কৰা হৈছিল?
উঃ ৰামছে মেকডােনাল্ড।
২০০। ভাৰতৰ ৰাষ্ট্রপতিয়ে শপত গ্ৰহণ কৰা ভৱনটোৰ নাম কি? ''
উঃ দৰবাৰ হল।
২০১। ভাৰতৰ কোনখন ৰাজ্যত ‘স্মল ইজৰাইল’ বুলি কোৱা হয়?
উঃ মিজোৰাম।
২০২। ভাৰতলৈ অহা প্রথমজন ইংৰাজৰ নাম কি আছিল?
উঃ টমাছ ষ্টিফেনচন।
২০৩। মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডচেৰ পূৰ্বৰ নাম কি আছিল?
উঃ নাৰায়ণ ৰাও গডচে।
২০৪। কোনখন অধিনিয়মত ব্রিটিছ পার্সিয়ামেন্টে প্রথমবাৰৰ বাবে ‘ভাইচৰয়’ শব্দটো ব্যৱহাৰ কৰিছিল?
উঃ ভাৰত চৰকাৰ অধিনিয়ম ১৮৫৮।
