অসমীয়া কৌতুক

অসমীয়া কৌতুক~Assamese Jokes

নতুন অসমীয়া কৌতুক-হাহিঁৰ ৰসঘৰা-হাহিঁৰ খোৰাক-২০২১- Jokes in Assamese-funny jokes-2021
Assamese jokes অসমীয়া কৌতুক



নতুন অসমীয়া কৌতুক-হাহিঁৰ ৰসঘৰা-হাহিঁৰ খোৰাক-২০২১- Jokes in Assamese-funny jokes-2021 অসমীয়া কৌতুক Assamese Jokes


অসমীয়া কৌতুক Assamese Jokes

এদিন ৰংমনে দেউতাকৰ সৈতে তেওঁৰ বন্ধু এজনৰ ঘৰলৈ গৈছিল। উভতি আহােতে- 


দেউতাক: ৰংমন, তই মােৰ বন্ধুজনৰ ঘৰত বৰকৈ কথা কৈছিলি। 


পুতেক: ভুল কথা কৈছা দেউতা। শুনিব। নিবিচাৰিলেও কৈ থাকিলে সন্মানহে বাঢ়ে। 


দেউতাক: কেনেকৈ? 


পুতেক: ছাৰহঁতে চোন আমি শুনিব নিবিচাৰিলেও কৈ থাকে.... 



*****


অসমীয়া কৌতুক Assamese Jokes

গােলাপ বৰুৱা- বুজিছে প্রতাপ চৌধুৰী, আমাৰ ওচৰৰ শ্যামলাল সেনগুপ্তই বহু ধন-সােণ, সম্পত্তি এৰি থৈ গৈছে। বেচেৰাই অকালতে প্রাণ হেৰুৱাবলগীয়া হ'ল। 


প্রতাপ চৌধুৰী— তেওঁ ধন-সম্পত্তি বহুত বেছিকৈ এৰি থৈ যােৱা বুলি মােৰ মনে নধৰে। কাৰণ পুতেক তিনিজনৰ মাজত আজি পর্যন্ত কোনাে দ্বন্দ্ব-খৰিয়াল হােৱা নাই দেখোন? 



*****


অসমীয়া কৌতুক Assamese Jokes

গ্রাহক—আপােনাৰ দোকানত কিমান কম দামৰ শাৰী আছে বাৰু? 


দোকানী—এয়া চাওক, এইখনেই আটাইতকৈ কম দামী শাৰী। 


গ্রাহক— কিমান দাম? 


দোকানী—মাত্র সত্তৰ টকা। 


গ্রাহক—হ’ব দিয়ক। শাৰীখন এটা দামী পেকেটত পেক কৰি তাৰ ওপৰত তিনিশ টকাৰ ষ্টিকাৰ এখন লগাই দিয়ক। বিয়াত দিব লাগিব। 



*****


অসমীয়া কৌতুক Assamese Jokes

গাভৰু–কালি মই চিৰিয়াখানা চাবলৈ গৈছিলোঁ। বেছ ভাল লাগিল। 


ডেকা- কালি গৈছিলা। ময়াে দেখােন তাতে আছিলোঁ। মােক নেদেখিলা? 


গাভৰু–তুমি কোনটো গৰালত আছিলা, মই মন নকৰিলোঁ। 



*****


অসমীয়া কৌতুক Assamese Jokes

লােকপিয়লৰ সময়ত বিষয়া এজনে এঘৰত সােমাই মহিলাগৰাকীক ঘৰৰ মানুহবােৰৰ নাম, বয়স, সম্বন্ধ আদিৰ কথা সুধিলে। 


মহিলাগৰাকীয়ে ক'লে— মােৰ স্বামীৰ মৃত্যু হােৱা আজি চাৰি বছৰ হ'ল। ল’ৰা তিনিটা, সিহঁতৰ বয়স যথাক্রমে ছয়, চাৰি আৰু দুই। 


বিষয়াজনে উচপ খাই সুধিলে—আপুনি অলপ আগতে কৈছে যে আপােনাৰ স্বামীৰ মৃত্যু হােৱা চাৰি বছৰ হ’ল। তেনেহ'লে আপােনাৰ সৰু ল'ৰাজনৰ বয়স দুবছৰ কেনেকৈ হ’ব? বয়সবােৰ শুদ্ধকৈ কওক।


মহিলা—মই শুদ্ধকৈয়ে কৈছে, একো লুক ঢাক কৰা নাই। মই আপােনাক মােৰ মৃত্যু হােৱা বুলিতো কোৱা নাই, মই এতিয়াও জীয়াই আছে। 



*****


অসমীয়া কৌতুক Assamese Jokes

দেউতাক- ৰিজাল্ট কেনেকুৱা হ'ল? 


পুতেক- ফেইল কৰিলোঁ দেউতা 


দেউতাক- পাছ কৰিলে বাইক দিম বুলি কৈছিলোঁ নহয়! তথাপিও ফেইল কৰিলি? পঢ়াশুনা বাদ দি কি কৰি আছিলি?


পুতেক- বাইক চলােৱা শিকি আছিলোঁ আক'। 



*****


অসমীয়া কৌতুক Assamese Jokes

গ্রাহক—মই কালি নিয়া শ্বালখন ঊলৰ নহয়। বাহিৰত উলৰ বুলি লিখা আছে যদিও ভিতৰত সূতাৰ বুলিহে লিখিছে। 


দোকানী—বাহিৰত লিখাটো মানুহৰ কাৰণে আৰু ভিতৰত লিখাটো পােকৰ কাৰণে। পােকক ঠগাবলৈহে ভিতৰত সূতাৰ বুলি লিখিছে। কাৰণ সূতাৰ বুলি লিখা দেখিলে পােকে সেইবােৰ নষ্ট নকৰে। ইমান দামী কাপােৰ এখন এবছৰতে নষ্ট হলে আপােনাৰ বেয়া নালাগিবনে? 



*****


অসমীয়া কৌতুক Assamese Jokes

দুগৰাকী বান্ধৱীয়ে কথা পাতিছে। প্রথমগৰাকীয়ে ক'লে— মােৰ স্বামীয়ে মােৰ লগত কাজিয়া কৰি দম দিলেই মই মােৰ ভাইটোক দুদিনমানৰ কাৰণে মাতি আনিম বুলি কওঁ আৰু লগে লগে তেওঁৰ মুখখন বন্ধ হয় আৰু অলপ পাছতেই মােক মৰমেৰে মাতবােল কৰে। 


দ্বিতীয়গৰাকী— তােমাৰ ভায়ে কি কৰেনাে? গুণ্ডা প্রকৃতিৰ নেকি? 


প্রথমগৰাকী— কি ভাবাহে তুমি, মােৰ ভাই গুণ্ডা প্ৰকৃতিৰ হ'বনে? সি এজন কবি। কবিতা পাঠ কৰি বৰ ভাল পায়। 



*****


অসমীয়া কৌতুক Assamese Jokes

মালিক— গধূলি হ’ল, এতিয়ালৈকে কাম শেষ হােৱা নাই? 


মহৰী– কি ক'ম ছাৰ, মােৰ লগত কাম কৰা সাতজনেই অকামিলা ধৰণৰ, কামবােৰ, ভালদৰে বুলি নলয় আৰু খৰকৈ হাত নচলে। 


মালিক— দেখিছো তুমি মােতকৈ ভাগ্যৱান, কাৰণ মােৰ লগত কাম কৰা আঠোজনেই অকামিলা, ধােদ। 



*****


অসমীয়া কৌতুক Assamese Jokes

এজন কমিচনাৰে ৰাজ্যৰ সকলাে চক্ৰ ৰাজহ বিষয়ালৈ জৰুৰী খবৰ পঠালে যে তেওঁলােকৰ চক্ৰটোত থকা মুঠ গৰুৰ সংখ্যা কিমান জৰীপ কৰি দুদিনৰ ভিতৰত জনাওক। চক্ৰ বিষয়াই মণ্ডল, কাননগাে আদিক মাতি কামটো চমজাই দিলে।


পিছদিনা দুপৰীয়া তেওঁলােকে হিচাবটো দাখিল কৰিলে । চক্ৰ বিষয়াজনে অবাক হৈ কাননগােজনক সুধিলে- আপােনালােকে ইমান সােনকালে কেনেকৈ জৰীপ কৰিলে? 


কাননগােজনে উত্তৰ দিলে— আমি পাঁচোজনে পথাৰলৈ গৈ এবিঘা মাটিত কিমান গৰু চৰি আছে তাৰ হিচাব ল'লোঁ। তাৰ পাছত আমাৰ চক্ৰৰ মুঠ মাটিৰে পূৰণ কৰি জৰীপ সম্পূর্ণ কৰিলোঁ। 

বিষয়াজনে তেওঁলােক পাঁচোজনকে ধন্যবাদ দি ক'লে— আপােনালােকে বৰ বুদ্ধি খটুৱাই কামটো সমাধা কৰিলে। পিছে আপােনালােকে উলিওৱা সংখ্যাৰ লগত আৰু সাতটা গৰু যােগ দিব, এই সাতটা গৰু হ’ল আপােনালােক মণ্ডল চাৰিজন, কাননগাে অর্থাৎ আপুনি এজন, মই এজন আৰু যিজনে দুদিনতে জৰীপ কৰি সংখ্যাটো বিচাৰিছে সেই কমিচনাৰজন। তেতিয়াহে জৰীপ সম্পূর্ণ হ’ব। 



*****


অসমীয়া কৌতুক Assamese Jokes

এজন মানুহে তেওঁৰ পুতেকক লৈ অধ্যাপক এজনৰ ওচৰলৈ গৈ ক'লে— ছাৰ, মােৰ এই ল'ৰাজনে বহুত কিবা-কিবি চিন্তা কৰি থাকে। কিন্তু কার্যক্ষেত্ৰত একো নকৰে, কুটা এগছাে হাতেৰে নুচুৱে। মই তাৰ ভৱিষ্যতক লৈ যথেষ্ট উদ্বিগ্ন হৈ পৰিছোঁ। আপুনি কিবা এটা উপায় দিব নােৱাৰেনে? 


অধ্যাপক : তাক সােনকালে দিছপুৰত থকা পৰিকল্পনা বাের্ডলৈ দৰ্খাস্ত কৰিবলৈ কওক। সি তাত উন্নতি কৰিব পাৰিব, কাৰণ পৰিকল্পনা বােৰ্ডৰ কাম-কাজৰ লগত তাৰ চিন্তাধাৰাৰ বহুখিনি মিল আছে। 



*****


অসমীয়া কৌতুক Assamese Jokes

এগৰাকী ধুনীয়া গাভৰু বাছ ষ্টপেজত বহুপৰ বাছৰ অপেক্ষাত ৰৈ থকা দেখি যুৱক এজনে কাট মাৰি ক'লে— কি আচৰিত। পূর্ণিমাৰ জোন ৰাতিহে ওলায়, আজি দেখােন দিনতে ওলাল। 


গাভৰুগৰাকীয়ে টপৰাই উত্তৰ দিলে- ফেচাই ৰাতিহে খাদ্যৰ সন্ধানত ঘূৰি ফুৰে, আজি দেখােন দিনতে ঘূৰি ফুৰিছে। কিবা অপায়-অমংগল ঘটিব নেকি? 



*****


অসমীয়া কৌতুক Assamese Jokes

চৌধুৰী আৰু বৈশ্য দুয়াে একেখন হাই স্কুলৰে শিক্ষক। কথা প্রসংগত এদিন বৈশ্যই চৌধুৰীক ক'লে— বুজিছে চৌধুৰী, আজিকালি আমাৰ পুৰণি ছাত্রবােৰে ৰাস্তাত লগ পালে নমস্কাৰ দিবলৈ টান পােৱা হ'ল। সিহঁত বাৰু ইমান অকৃতজ্ঞ হ'ব লাগেনে ? 


চৌধুৰীয়ে খন্তেক ভাবি উত্তৰ দিলে—কথাটো আপুনি ভবা ধৰণে নহয়। আজিকালি ডেকা ল'ৰাবােৰ বৰ বিচিত্র ধৰণৰ। মই এই বিষয়ে এটা অধ্যয়ন চলাইছিলোঁ। তাত পালোঁ—


মই অকলে ৰাস্তাত ফুৰিলে শতকৰা পচিশ ভাগেহে মোক নমস্কাৰ দিয়ে। পৰিবাৰক লগত লৈ ফুৰিলে শতকৰা পঞ্চাচ ভাগে আৰু পৰিবাৰৰ সৈতে ছোৱালী দুজনী লগত লৈ ফুৰিলে শতকৰা নব্বৈ ভাগে নমস্কাৰ দিয়ে। 



***** 


অসমীয়া কৌতুক Assamese Jokes

১ম ব্যক্তি- আঠমাহেই হ'বৰ হ'ল..... 


২য় ব্যক্তি- খুৰা এতিয়া অলপ সাৱধানে থাকিব। প্রতি সপ্তাহে ডাক্তৰৰ তাত check up কৰাব। 


১ম ব্যক্তি - হাৰামজাদা মই ঘৰ ভাৰাৰ কথা কৈছোঁ!



*****


অসমীয়া কৌতুক Assamese Jokes

এখন মেডিকেল কলেজত আলােচনা চক্র অনুষ্ঠিত হৈছে। বিষয়— ‘সন্তান সম্ভবা মাতৃৰ ওপৰত সাহিত্য আৰু পৰিৱেশৰ প্ৰভাৱ।'


পােনতে সাহিত্যৰ প্ৰভাৱ সম্পর্কে আলােচনা আৰম্ভ হ'ল।এজন বঙালী চিকিৎসকে ক'লে— সাহিত্যৰ প্রভাৱ মই মােৰ নিজৰ জীৱনত পাইহেঁ। মােৰ পৰিবাৰৰ গৰ্ভাৱস্থাত মই তেওঁক 'দুই বােনেৰ কাহিনী’ নামৰ উপন্যাস এখন পঢ়িবলৈ দিছিলোঁ। ফলত তেওঁৰ ছােৱালী দুজনী জন্ম হ'ল। 


আন এজন তামিল চিকিৎসকেক’লে—মই ওপৰােক্ত বক্তাৰ বক্তব্যৰ এশ শতাংশই সমর্থন কৰোঁ। ময়াে মােৰ পত্নীক গৰ্ভৱস্থাত আলেকজেণ্ডাৰ ডুমাৰ বিশ্ববিখ্যাত উপন্যাস ‘দিথ্রী মাস্কেটিয়ার্ডখন পঢ়িবলৈ দিছিলোঁ৷ পৰিণাম স্বৰূপে তেওঁ একেলগে তিনিটা পুত্র সন্তান প্রসৱ কৰিলে। 


বক্তাসকলৰ কথাবােৰ মনােযােগেৰে শুনি থকা পাঞ্জাৱী চিকিৎসক এজনে নিজ আসনৰ পৰা উঠি ঘৰলৈ যাবলৈ খৰখেদা লগালে। ওচৰতে বহি থকা চিকিৎসকজনে সুধিলে কি হ’ল ? আপুনি হঠাতে যাবলৈ ওলাল যে? কিবা অসুবিধা পাইছে নেকি? 


চিকিৎসকজনে ক'লে—একো অসুবিধা পােৱা নাই। আজি মই আমাৰ জনীক ‘আলিবাবা আৰু চল্লিছ চোৰ' নামৰ কিতাপখন পঢ়িবলৈ দি আহিছিলোঁ, এতিয়াই নগ'লে তেওঁ কিতাপখন পঢ়িবলৈ আৰম্ভ কৰিলে মই নিজে বিপদ চপাই লােৱাৰ দৰে হ’ব। 



*****


অসমীয়া কৌতুক Assamese Jokes

এদিন গধূলি ভদ্রলােক এজনে তেওঁৰ নবছৰীয়া পুতেকক লৈ এখন কার্পেটৰ দোকানত সােমাই ক'লে— মােক এখন কার্পেট লাগে। 

লগে লগে দোকানীজনে কেইবাখনাে কার্পেট দেখুৱালে। কার্পেটবােৰৰ ভিতৰত এখন পছন্দ কৰি ভদ্রলােকজনে ক'লে— এইখনকে নিম। এতিয়া পইচা-পাতি নিদিওঁ। ঘৰৰ মানুহজনীয়ে পছন্দ কৰিলে আৰু কোঠাটোত ‘মেচ’ কৰিলে কাইলৈ পইচা দি যাম, নহ'লে ঘূৰাই দিম। আজি ৰাতি নাহোঁ আৰু...... 


দোকানীজনে ভদ্রলােকজনৰ ব্যৱহাৰ, কথাবতৰা, পিন্ধন-উৰণ দেখি বিশ্বাসত লৈ ক'লে— নিয়ক বাৰু। যদি কেনেবাকৈ ঘূৰাবলগীয়া হয়, কাইলৈ আগবেলাৰ ভিতৰত ঘূৰাই দিব। 


ভদ্রলােকজনে আৰু কিবা কবলৈ মুখ মেলোতেই পুতেকে দেউতাকক সুধিলে- দেউতা, বাইদেউক আঙঠি পিন্ধাবলৈ মানুহবোৰ আজি আহিব নে কাইলৈ আহিব? 


ভদ্রলােকজনে খৰখেদাকৈ কাপের্টখন লৈ দোকানৰ বাহিৰত থিয় হৈ পুতেকক কাণ চেপা এটা দি ক'লে— ঘৰৰ কথাবােৰ বাহিৰত নক’বি।


*****


অসমীয়া কৌতুক Assamese Jokes
কিছু সংগ্রহ~৫৫৫ টা কৌতুক~

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.