ভাব সম্প্ৰসাৰণ-ভাব বহলাই লিখা

ভাব সম্প্ৰসাৰণ-ভাব বহলাই লিখা

অসমীয়া ফকৰা যোজনা-ভাব বহলাই লিখা-মূলভাব লিখন-ভাব সম্প্ৰসাৰণ   এশ গৰু মাৰিলে বাঘৰাে মৰণ।   সােণৰ জেউতি অমান্য কৰিলে নকমে।
ভাব সম্প্ৰসাৰণ


অসমীয়া ফকৰা যোজনা-অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা মূলভাব লিখন-ভাব সম্প্ৰসাৰণ অসমীয়া ডাকৰ বচন- Famous proverbs in Assamese language-Important Assamese proverbs-Total 29 proverbs 

অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

এশ গৰু মাৰিলে বাঘৰাে মৰণ।  
সােণৰ জেউতি অমান্য কৰিলে নকমে। 
দুখ কৰিলেহে মুখ ভৰে। 
কথাতেই কটা যায়, কথাতেই বঁটা পায়। 
আঁঠুৱা চাই ঠেং মেলা। 
আপােন ভালেই জগত ভাল। 
ৰাইজৰ নাও বামেৰেও চলে। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

১। এশ গৰু মাৰিলে বাঘৰাে মৰণ।  


উত্তৰ : মাংসভােজী বাঘে গৰু মাৰিবই। দুই-এটা গৰু মাৰিলে সেই বাঘৰ প্রতি মানুহ বিশেষ ভীতিগ্রস্ত নহয়। কিন্তু অনেক গৰু মাৰিলে অঞ্চলটোত এক সন্ত্রাসৰ সৃষ্টি হয় আৰু বাঘটো মাৰিবলৈ চৰকাৰ, ৰাইজ সকলাে একমুঠ হয় আৰু অৱশেষত ৰাইজৰ হাতত তাৰ মৰণ মিলে। ঠিক তেনেদৰে প্ৰতাৰকসকলে এজনক ঠগি সাৰি যাব পাৰে; কিন্তু অনেকক যেতিয়া ঠগিবলৈ ধৰে তেতিয়া সেই ঠগক ধৰিবলৈ সকলােৱে উঠি-পৰি লাগে। অৱশেষত ৰাইজৰ হাতত সি ধৰা পৰে আৰু সি মাৰপিট, লঘু লাঞ্চনা খােৱাৰ উপৰিও জেল-হাজোতত থাকিবলগীয়া হয়। আনকি ৰাইজ বা পুলিচৰ মাৰপিটত তেনে ঠগৰ মৃত্যু হােৱাও উদাহৰণ আছে। এনে ক্ষেত্ৰত উক্ত প্রবচনু ফাকি কোৱা হয় যে এশ গৰু মাৰিলে বাঘৰাে মৰণ।  


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

২। সােণৰ জেউতি অমান্য কৰিলে নকমে। 


উত্তৰ : সােণ উজ্জ্বল ধাতু। সকলাে সময়তে ইয়াৰ জেউতি একেদৰেই থাকে। ইয়াৰ মনােমােহা আৰু আর্কষণীয় জেউতিৰ কাৰণেই ইয়াৰ মূল্য বেছি। কোনােবাই কেতিয়াবা সােণৰ জেউতি নাই বুলি কৈ অমান্য কৰিলেও ইয়াৰ জেউতি কেতিয়াও নােহােৱা হৈ নাযায়। এই কথাৰপৰা ইয়াকে বুজাব বিচাৰিছে যে গুণী আৰু সন্মানিত লােকক কোনােবাই অৱজ্ঞা কৰিলেও সেই লােকজনৰ জ্ঞান, গুণ তথা সন্মান কেতিয়াও কমি নাযায়। গুণী জ্ঞানী তথা সন্মানিত ব্যক্তি চিৰকাল সােণৰ জেউতিৰ দৰে উজ্জ্বল হৈয়ে থাকি যায়। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

৩। দুখ কৰিলেহে মুখ ভৰে। 


উত্তৰ : উক্ত প্রবচন ফাকিৰ জৰিয়তে পৰিশ্ৰম মর্যাদাৰ কথা কোৱা হৈছে। দুখ বা পৰিশ্ৰম নকৰি হাত সাৱটি বহি থাকিলে কোনাে কামতাে সিদ্ধি লাভ নহয়েই, খাবলৈ নাপায় অনাহাৰেও থাকিবলগীয়া হয়। দুখ কৰি খেতি কৰিলে, কাম-বন কৰিলে কোনাে মানুহে কেতিয়াও দুখত নপৰে, অভাৱত নপৰে, আনৰ ওচৰত হাত পাতিবলগীয়া নহয়। সেইকাৰণে কোৱা হয় লাগি থাকিলে মাগি নাখায়, দুখ কৰিলেহে মুখ ভৰে। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

৪। কথাতেই কটা যায়, কথাতেই বঁটা পায়। 


উত্তৰ : হুটা আৰু টান কথাই সকলােৰে মনত আঘাত কৰে। সেয়ে তেনে কথা কোৱা লােকক, কোনেও ভাল নাপায়। তেওঁ সকলােৰে অপ্রিয় হয়; আনকি তেনে কথাৰ বাবে তেওঁ আনৰ ওচৰত অপমানিত আৰু গৰিহণাৰ পাত্র হয়। আনহাতে, মিঠা মাত মাতি সহজ-সৰলভাৱে কথা কোৱা বিনয়ী নম্র লােকে সকলােৰেপৰা আদৰ- সন্মান পােৱাৰ উপৰিও তেনে লােক সকলােৰে প্রিয়পাত্র হয়। এই কথা বুজাবলৈকে উক্ত প্রবচনফাকি কোৱা হৈছে যে কথাতেই কটা যায়, কথাতেই বঁটা পায়। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

৫। আঁঠুৱা চাই ঠেং মেলা। 


উত্তৰ : আঁঠুৱাখন যিমান দীঘল সেই অনুপাতেহে ঠেং মেলিলে ঠেং আঁঠুৱাৰ ভিতৰত থাকিব আৰু মহেও কামুৰিব নােৱাৰিব। চুটি আঁঠুৱাত যদি দীঘলকৈ ঠেং মেলা যায়, তেনেহ’লে আঁঠুৱাৰ বাহিৰলৈ ঠেং ওলাই পৰিব আৰু মহে খাই অশান্তিৰ সৃষ্টি কৰিব। ইয়াৰ অন্তনিহিত ভাৱ এয়ে যে যাৰ যি সামর্থ্য সেই মতেহে কাম কৰা উচিত। নিজৰ সামৰ্থতকৈ বেছি চিন্তা কৰিলে বা কাম কৰিব গলে সেই কামত সিদ্ধি লাভ কৰাৰ আশা নাথাকে আৰু অশান্তিৰাে সৃষ্টি হােৱাৰ সম্ভাৱনা থাকে। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

৬। আপােন ভালেই জগত ভাল। 


উত্তৰ : নিজে যদি সৎ হৈ সকলােৰে লগত ভাল ভাবে চলা যায় তেতিয়া আনেও তেওঁৰ লগত সৎ হৈ ভাল ভাবেৰে চলিবলৈ বাধ্য হয়। যি কাৰাে অপকাৰ নকৰে যি আনৰ ওচৰত মিষ্টভাষী আৰু নম্র হৈ চলে, যি সদায় আনৰ উপকাৰ সাধন কৰে, তেনে লােকক কোনেও অপকাৰ কৰিব নােৱাৰে। আনেও তেওঁক সদায় তাৰে ব্যৱহাৰ কৰিব আৰু তেওঁৰ আপদ-বিপদত আনেও তেওঁৰ উপকাৰ আৰু সহায়ৰ কাৰণে আগবাঢ়ি আহে। গতিকে নিজ ভাল হ'লে গােটেই জগতখনেই ভাল হৈ পৰে আৰু নিজে বেয়া হ'লে জগতখনাে তেওঁৰ কাৰণে বেয়া হৈ পৰে। উক্ত প্রবচন ফাকিয়ে ইয়াকেই বুজাব খুজিছে। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

৭। ৰাইজৰ নাও বামেৰেও চলে। 


উত্তৰ : যি কাম এজনে কৰিব নােৱাৰে তাক ৰাইজে লগ লাগি কৰা হ'লে সহজেই কৰিব পাৰে। অর্থাৎ এজনৰ কাৰণে অসম্ভৱ কামাে ৰাইজৰ কাৰণে সম্ভৱ হৈ পৰে। বামেৰে নাও চলাই দিয়াটো অর্থাৎ নাও এখন ঠেলি নিয়াটো এজনৰ কাৰণে বৰ টান বা দুঃসাধ্য কাম। কিন্তু ৰাইজে লগ লাগিলে তেনেখন নাও বামেৰেও চলাই অর্থাৎ ঠেলি নিয়াটো কোনাে দুঃসাধ্য কাম নহয়। একতাৰ বল যে অসমী প্রবচন ফাকিৰ দ্বাৰা বুজাব খুজিছে। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

#অভাৱেই আৱিষ্কাৰৰ মূল। 
#যি মূলা বাঢ়ে তাৰ দুপাততে চিন। 
#ৰাইজে নখ জোকাৰিলে নৈ বয়। 
#কণা হাঁহক পতান দি ভৰা। 
#উভলা গছ দেখিলে আটায়ে একো ঢাকা মাৰে; #অথবা, হলা গছত বাগী কুঠাৰ মৰা। 
#মন কৰিলে চন কৰিব পাৰি। 
#ভুকুতে কলটো নপকে। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

৮। অভাৱেই আৱিষ্কাৰৰ মূল। 


উত্তৰ : কোনাে দিন কোনাে অভাৱত নপৰা লােকে কোনাে নতুন চিন্তা কৰাৰ কথা অনুভৱ নকৰে। অর্থাৎ অভাৱত পৰিলে সেই অভাৱ কেনেদৰে আঁতৰ কৰিব পৰা যায়, কি উপায়ে সেই অভাৱ পূৰণ কৰা যায় এনেবােৰ গভীৰ চিন্তা আৰু পূৰণৰ বাবে এটা নতুন উপায়, নতুন বুদ্ধি মনলৈ আহে আৰু সেই উপায় আৰু বুদ্ধিৰে কাম কৰাৰ বাবে এক নতুন উদ্যম বা প্ৰেৰণা লাভ কৰা যায়। চিন্তাশীল লােক সাধাৰণতে অতি বুদ্ধিমান আৰু ভাল-বেয়া বিবেচনা কৰিব পৰা হয়। অভাৱেই মানুহক এনে হােৱাৰ সুযােগ দিয়ে।


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

৯। যি মূলা বাঢ়ে তাৰ দুপাততে চিন। 


উত্তৰ : মূলা গজি যেতিয়া দুপতীয়া হ’ব তেতিয়াই মূলা কেনেকুৱা হ'ব বুজিব পাৰি। অর্থাৎ মূলাডাল ভাল হলে দুপাতত সি লহপহীয়া আৰু সতেজ হ’ব। এই কথাৰে ইয়াকে বুজাব বিচাৰিছে যে সৰু কালতেই ল'ৰা-ছােৱালী কেনে গঢ়ৰ হ'ব তাক বুজিব পৰা যায়। মানুহৰ ভৱিষ্যতৰ লয়-লক্ষণ, গুণ, স্বভাৱ আদি সৰু কালতেই ফুটি ওলায়। যিসকল ভৱিষতে বেয়া মানুহ হ'ব তাৰ বেয়া গুণ, যিসকল ভাল মানুহ হ’ব, তাৰ ভাল গুণ সৰু কালতেই ধৰা পৰে। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

১০। ৰাইজে নখ জোকাৰিলে নৈ বয়। 


উত্তৰ : বিভিন্ন সৰু সৰু জান-জুৰি নিজৰা লগ লাগি একোখন বৃহৎ নৈৰ সৃষ্টি হয়। হাজাৰ হাজাৰ মানুহৰ নখত লাগি থকা পানী পৰি একেলগ হলেও সেই পানী নৈ হৈ বৈ যােৱত সম্ভৱপৰ হ'ব পাৰে। ইয়াৰদ্বাৰা ইয়াকে বুজাবলৈ গৈছে যে এপইচা-দুপইচাকৈ ৰাইজে দান-বৰঙণি দিলে লাখ টকাৰ কামাে সহজে কৰিব পৰা যায়। এজনে নােৱাৰিলেও ৰাইজৰ সহযােগত সকলাে কাম কৰিব পাৰি। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

১১। কণা হাঁহক পতান দি ভৰা। 


উত্তৰ : কণা হাঁহে পতন বা ধান একো নেদেখে। গতিকে তাৰ আগত ধানৰ সলনি পতান দি ঠগ কৰিলেও সি বুজিব নাপায়, ধান বুলি খাবলৈ ধৰে। ইয়াৰদ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে অনেক চকুৰ মানুহে সহজ-সৰল অজ্ঞ মানুহক ভাল , কথা বুলি বেয়া কথা কৈ, ভাল বস্তু বুলি বেয়া বস্তু দি, সৎ পথ বুলি অসৎ পথ দেখুৱাই ঠগে আৰু প্ৰৱঞ্চনা কৰে। আজিৰ সমাজত অনেক ক্ষেত্রতে এই নীতিৰেই প্রাবল্যতা দেখা যায়। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

১২। উভলা গছ দেখিলে আটায়ে একো ঢাকা মাৰে। অথবা, হলা গছত বাগী কুঠাৰ মৰা। 


উত্তৰ : উভলা গছ দুর্বল হৈ পৰে আৰু সেই কাৰণেই যেয়ে-সেয়ে ঢাকা মাৰিবলৈ সুবিধা পায়। যাৰে-তাৰে ঢাকা খাই তেনে গছ আৰু দুর্বল হৈ পৰে। আনহাতে উভালি হালি থকা গছ দেখিলে যেয়ে-সেয়ে বাগী কুঠাৰ মাৰিও অনিষ্ট কৰিব পাৰে। এই কথাৰে ইয়াকে বুজাব বিচাৰিছে যে কোনাে মানুহ যেতিয়া বিপদত পৰে, দুর্ভাগ্যবশতঃ সকলাে ফালৰ পৰাই দুর্বল হয়। তেতিয়া সমাজৰ কেতবােৰ সুবিধাবাদী অসৎ লােকে তেনে লােকক আৰু বিপদত পেলাবলৈ, অনিষ্ট সাধি অধিক দুর্বল কৰি তুলিবলৈ অহৰহ চেষ্টা কৰে। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

১৩। মন কৰিলে চন কৰিব পাৰি। 


উত্তৰ : মন হৈছে সকলাে কামৰে উৎসাহ, প্রেৰণা আৰু সাহসৰ থলী। মন কৰিলেই সেই কাৰণে ডাঙৰ কামাে সমাধা কৰিব পাৰি । মন নকৰিলে সৰু কাম এটাও হৈ নুঠে। মন কৰিলেই কামত মনােযােগ আহে আৰু মনােযােগ আহিলে কাম হৈ নুঠাৰ কোনাে কাৰণ আহি নপৰে। অসম্ভৱ কামাে মনৰ জোৰত সম্ভৱপৰ কৰি তুলিব পাৰি। গতিকে কামৰ মূল মনক সদায় ঠিক মতে পৰিচালিত কৰিলে কার্য সমাধা কৰা । 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

১৪। ভুকুতে কলটো নপকে। 


উত্তৰ : কেঁচা কল তুৰন্তে পকক বুলি কলটোত ভুকু এটা মাৰিলেই সি নপকে। সি ক্রমে ক্রমেহে পকি আহিব। এই কথাৰে ইয়াকে বুজাব বিচাৰিছে যে যিকোনাে কাম একে তিলেই হৈ উঠক বুলি ভাবিলে হৈ নুঠে। তাক একেৰাহে কৰি থাকিলেহে সি ক্রমে ক্রমে হৈ উঠিব। একেদিনাই পণ্ডিত হওঁ বুলি কোনাে হ’ব নােৱাৰে। অধ্যয়নত একেৰাহে লাগি থাকিলে ক্রমে ক্রমে বিভিন্ন জ্ঞান আহৰণ কৰি শেষত ডাঙৰ পণ্ডিত হৈ উঠিব পাৰি। আনবিলাক কার্যত এই কথাই ফলে। যিকোনাে কাম সম্পূর্ণ হ’বলৈ সময় লাগে। সেই কথা জানি ধৈর্যৰে আগবাঢ়িলে কৃতকার্য হয়। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

#একতাই পৰম বল। 
#কটাৰীতকৈ কলম চোকা।
#বুঢ়াৰ কথা নুশুনা ডেকা, টানত পৰি কিয় কেঁকা?
#য’তে বাঘৰ ভয় ত’তে ৰাতি হয়। 
#হৰিণাৰ মাংসই বৈৰী। 
#টেঙা আম এবাৰহে বেচিব পাৰি। 
#শুই থকা শিয়ালে হাঁহ ধৰিব নােৱাৰে। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

১৫। একতাই পৰম বল। 


উত্তৰ : যিকোনাে কামেই অকলে কৰিবলৈ গ'লে অতি কষ্টসাধ্য হােৱাৰ উপৰি বল আৰু সময়ৰ প্ৰয়ােগ কৰিবলগীয়া হয় যথেষ্ট। আনকি এনে কিছুমান কাম আছে যাক সকলােৰে ঐক্য প্রচেষ্টা নহ'লে অকলে কৰিব নােৱাৰি। এডাল গধুৰ কাঠ অকলে দাঙিব পৰা অসাধ্যকৰ কিন্তু কেইবাজনে লগ লাগি ঐক্যৱদ্ধভাৱে তাক দাঙি দিয়াটো একেবাৰে সহজ কথা। ভাৰতৰ স্বাধীনতা অকল এজন ভাৰতীয়ই খুঁজি লাভ কৰা নাছিল। সমগ্র ভাৰতবাসী এক হৈ যুঁজাৰ কাৰণে প্রবল প্রতাপী বন্দুকধাৰী ইংৰাজ শাসকো অস্ত্রবিহীন ভাৰতীয়ৰ বলৰ আগত তিষ্ঠিব নােৱাৰিলে। ভাই ককাই আটায়ে একগােট হৈ থাকিলে তেওঁলােকক কোনাে দুষ্ট লােকেই জোকাব নােৱাৰে; একগােট হৈ থাকিলে তেওঁলােকক কোনাে দুষ্ট লােকেই জোকাব নােৱাৰে; কিন্তু প্রত্যেকে অকলে থাকিলে আনে নানা প্রকাৰে হেঁচা দি থাকিবলৈ সুচল পায়। গতিকে একতাৰ নিচিনা পৰম বল একো নাই। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

১৬। কটাৰীতকৈ কলম চোকা। 


উত্তৰ : কটাৰীৰ ধাৰ আছে। ইয়াৰে কাৰােবাক আঘাত কৰিলে হয়তাে তেওঁক কাটিব, তেওঁ বেয়াকৈ দুখ অনুভৱ কৰিব। সাময়িকভাৱে আঘাত অনুভৱ কৰিলেও ঔষধ আদি ব্যৱহাৰ কৰি তেওঁ সেই আঘাতৰ পৰা উপশম পাব, আৰােগ্য লাভ কৰিব। 

কিন্তু কলমে যাক এবাৰ আঘাত কৰিছে সেই আঘাত তেওঁ জীৱনৰ কাৰণে পাহৰিব নােৱাৰে; অর্থাৎ যাৰ বিপক্ষে এবাৰ কোনােবাই চোকা ভাষাৰে লিখিছে তেওঁ কটাৰীৰ আঘাততকৈ অধিক আঘাত অনুভৱ কৰে। আনকি কটাৰীৰ আঘাতৰ পৰা এজন মানুহ বাছি থাকিব পাৰিলেও লিখনিৰ দ্বাৰা এজন মানুহৰ দুর্নাম, অপযশ, কুকর্ম আদি প্ৰচাৰ কৰি জনসমাজৰ মাজত তেওঁৰ নাম, যশ, ব্যক্তিত্ব, অস্তিত্ব একেবাৰে নিঃশেষ কৰিব পাৰি। সেই কাৰণে কটাৰীতকৈ কলম চোকা বুলি কোৱা হয়। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

১৭। বুঢ়াৰ কথা নুশুনা ডেকা, টানত পৰি কিয় কেঁকা? 


উত্তৰ : বুঢ়া মানুহ বয়স, কর্ম আদি সকলাে ক্ষেত্ৰতে ডেকাসকলতকৈ অভিজ্ঞ । যিকোনাে কামেই, যিকোনাে কথাই তেওঁলােকে যথেষ্ট ধীৰ-স্থিৰভাৱে চিন্তা কৰি কৰে আৰু কয়। সেই কাৰণেই তেওঁলােকৰ কথা আৰু কামত ভুল কম হয়। কিন্তু ডেকাসকল বুঢ়ালােকৰ দৰে অভিজ্ঞ নহয়। ডেকা মন আৰু ডেকা শক্তিৰে যিকোনাে কাম কৰিব পাৰিম বুলি আগবাঢ়ি যায়। নাযাবলগীয়া বা নকৰিবলগীয়া কথা বা কামত বুঢ়ালােকসকলে বাধা দিলেও অনেক ডেকাই শুনিব বা মানিব নােখােজে। ইয়াৰ ফলত তেনেকুৱা কথা আৰু কামত তেওঁলােক কেতিয়াবা বিপদৰ সন্মুখীনাে হয়। তেতিয়া বুঢ়াসকলৰ কথা নুশুনি তেনে কাম কৰাৰ বাবে সেই ডেকাচামে অনুতাপ কৰে। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

১৮। য’তে বাঘৰ ভয় ত’তে ৰাতি হয়। 


উত্তৰ : কোনো এখন ঠাইত দিনতেই বাঘ ওলাই বুলি মানুহে ভয় কৰে; ৰাতি হলেতাে কোনাে কথাই নাই। কেতিয়াবা এনেকুৱা হয় দিনটো ভয় নথকা ঠাই অতিক্ৰম কৰি গৈ বাঘৰ ভয় থকা ঠাইখিনিতহে ৰাতি হয়গৈ। ঠিক তেনেকৈ কোনাে মানুহে য’তে বিপদৰ সম্ভাৱনা আছে তাক এৰাই চলিবলৈ যত্ন কৰি থাকোতেই কেতিয়াবা সেই ঠাইতেই বা কামতেই সেই বিপদেই হঠাতে আহি লগ ধৰে। বাটেৰে ওলাই যাওঁতে হয়তাে ভাবিব অমুকক যাতে বাটতে লগ নাপাওঁ, কিন্তু দেখিব ওলায়েই তাকহে লগ পােৱা যাব; অমুক বিপদে যাতে নাপায়, কিন্তু সেই বিপদেই আহি লগ দিয়ে। সেই কাৰণেই কোৱা হয় য’তে বাঘৰ ভয় ত’তে ৰাতিও হয়। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

১৯। হৰিণাৰ মাংসই বৈৰী। 


উত্তৰ : হৰিণাৰ মাংস খাবৰ কাৰণে মানুহ আৰু বাঘ আদিয়ে বধ কৰে। তাৰ মাংসই তাৰ মৃত্যুৰ কাৰণ। সেয়ে তাৰ গাৰ মাংসই তাৰ প্ৰধান শত্রু। এই কথাৰ দ্বাৰা ইয়াকে ক’ব খােজা হৈছে যে নিজৰ উপার্জিত ধন-সম্পদ, অপকর্মই মানুহৰ মৃত্যুৰ কাৰণ হয়, নিজৰ ৰূপ-যৌৱনেই নাৰীৰ অনেক সময়ত দাৰুণ বিপদ, আনকি মৃত্যুৰাে কাৰণ হৈ পৰে। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

২০। টেঙা আম এবাৰহে বেচিব পাৰি। 


উত্তৰ : বজাৰত বেছিবলৈ নিয়া আম টেঙা নে মিঠা এই কথা নাজানি কিনি নিয়াৰ পিছত যেতিয়া গ্রাহকে তাক টেঙা বুলি জানিব তেতিয়া সেই আম আৰু বেচোঁতাই দ্বিতীয়বাৰ বেচিব নােৱাৰে। ঠিক সেইদৰে অসৎ মানুহে সতৰ ভাও লৈ আনক এবাৰ ঠগােৱাৰ পিছত আৰু দ্বিতীয়বাৰ ঠগাব নােৱাৰে। তাৰ প্রকৃত স্বৰূপ পিছত ধৰা পৰে। মানুহক ফাকি এবাৰহে দিব পাৰি; দ্বিতীয়বাৰ আৰু ফাকি দিবৰ সুযােগ নাপায়। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

২১। শুই থকা শিয়ালে হাঁহ ধৰিব নােৱাৰে। 


উত্তৰ : শিয়ালে হাঁহ ধৰিব লাগিলে গিৰিহঁতে নেদেখাকৈ অতি যত্ন সহকাৰে কষ্ট কৰি, ইফালে সিফালে পেট পেলাই চুপি কৌশলেৰে ধৰিব লাগিব। এনেদৰে যত্ন নকৰাকৈ, কষ্ট নকৰাকৈ শুই থাকিলে সি কেতিয়াও হাঁহ ধৰিব নােৱাৰে। ঠিক সেইদৰে মনে বিচৰা কিবা বস্তু পাবলৈ বা জীৱনত উন্নতি কৰিবলৈ এলেহুৱা হৈ বহি নাথাকি তাৰ বাবে বিশেষ যত্ন আৰু কষ্ট কৰিব লাগে। তাকে নকৰি বহি থাকিলে কোনাে বস্তুৰেই লাভ নহয় অথবা ভাগ্যোদয় নহয়। কথাতে কয়— বহি থাকিলে ভাগ্যও বহি থাকে,— লৰচৰ কৰিলে ভাগ্যয়াে লৰচৰ কৰে। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

#শ্ৰম সকলাে সিদ্ধিৰ অমােঘ অস্ত্র।
#বিদ্যা পৰম ধন। 
#দেশতকৈ মােমাই ডাঙৰ নহয়। 
#হস্তীৰাে পিছলে পাৱ সজ্জনৰাে বুৰে নাও।
#অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ। 
#তুলসীৰ লগত কলপটুৱাৰ মুক্তি। 
#জাগি শুবা, বাছি খাবা; অথবা, চাই খাবা, জাগি শুবা। 
#মিছা কথাৰ ঠেং চুটি। #আছে গৰু বায় হাল হােৱাতকে নােহােৱাই ভাল। 
#এদাক দেখি উঠিল গা, কেতুৰিয়ে বােলে মােকো খা। 
#যিবিলাক ৰীতি-নীতি নৰৰ গঠিত, 
সকলােতে ভাবি চোৱা স্বার্থ বিৰাজিত।


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

২২। শ্ৰম সকলাে সিদ্ধিৰ অমােঘ অস্ত্র। 


উত্তৰ : যিকোনাে কামত সিদ্ধি লাভ কৰিবলৈ হ'লে বা উত্তীর্ণ হ’বলৈ হ'লে শ্ৰম কৰিবই লাগিব। শ্রম নকৰি হাত সাবটি বহি থাকি কোনেও কোনাে কালে সিদ্ধি লাভ কৰিব নােৱাৰে। বতৰৰ পৰত খেতিয়কে খেতি কৰিবৰ বাবে শ্রম নকৰিলে। সময়ত ফচল চপাব নােৱাৰে, ছাত্র-ছাত্রীয়ে শ্ৰম কৰি পঢ়া-শুনা নকৰিলে পঢ়া-শুনাত আগুৱাব নােৱাৰে। জীৱনৰ উদ্দেশ্য পূর্ণ কৰিবলৈ কঠোৰ শ্ৰমৰ প্রয়ােজন। শ্রম নকৰিলে সফল লাভ কেতিয়াও নহয়। এই কথা বুজাবলৈকেই ওপৰােক্ত কথাষাৰি অৱতাৰণা কৰা হৈছে। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

২৩। বিদ্যা পৰম ধন। 


উত্তৰ : মানুহে জীৱনত অনেক ধন-সম্পত্তি অর্জন কৰিলেও সি একেবাৰে অস্থায়ী। একেটা জীৱনতে অতি ধনী হােৱা ব্যক্তি এজন দুর্ভাগ্যবশতঃ বাটৰ ভিকন্তু হােৱা পৃথিৱীত অনেক উদাহৰণ আছে। আর্জিত ধন ভাই-ভতিজাই ভাগ কৰি নিব পাৰে, চোৰে একেদিনাই লুটি নিব পাৰে, জুয়ে ছাৰখাৰ কৰিব পাৰে। তদুপৰি ধনী মানুহে কেৱল সহায় বিচৰা লােকৰ মাজত আৰু নিজৰ ঠাইতহে সন্মান পায়। তদুপৰি ধন আনক দিলে টুটিহে যায়। কিন্তু বিদ্যা ধন এই ধনতকৈ বহুত ওপৰত। বিদ্যা ধন এবাৰ অৰ্জন কৰি ল'লে তাক চোৰে নিব নােৱাৰে, ভাই-ভতিজাই ভাগ কৰি নিব নােৱাৰে, জুয়ে পুৰিব নােৱাৰে। আনক যিমানেই এই বিদ্যা ধন দিয়া যায় সিমানে বাঢ়েহে। বিদ্যাৱস্ত লােকক সমগ্র বিশ্বই সন্মান কৰে। সেই কাৰণে বিদ্যা পৰম ধন। 

ভাব বহলাই লিখা, ফকৰা যোজনা-ভাব
ভাব বহলোৱা

অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

২৪। দেশতকৈ মােমাই ডাঙৰ নহয়। 


উত্তৰ : 'দেশতকৈ মােমাই ডাঙৰ নহয়' কথাষাৰি প্রখ্যাত অসমীয়া বীৰ লাচিত বৰফুকনৰ। মােগলক ভেটা দিবলৈ গুৱাহাটীৰ ওচৰত এই গড় বন্ধা কামৰ দায়িত্ব লাচিতে মােমায়েকৰ ওচৰত ন্যস্ত কৰিছিল; কিন্তু কামত অৱহেলা কৰাৰ দোষত লাচিতে উক্ত কথাষাৰি কৈ খঙতে মােমায়েকক একে ঘাপে কাটি পেলালে। আন বনুৱাসকলেও ভয় পাই ৰাতিৰ বিতৰতে গড় বন্ধা কাম শেষ কৰিলে। ইয়াৰ ফলত মােগল আক্ৰমণৰপৰা অসমক বজাব পৰা গ'ল। 

কথাষাৰিয়ে এই কথাকে বুজাইছে যে সকলাে কামতকৈ শ্রেষ্ঠ কাম হ'ল নিজ জন্মভূমি ৰক্ষা কৰা, ৰক্ষণাবেক্ষণ দিয়া। নিজৰ আত্মীয়-স্বজন তথা নিজ প্রাণ পর্যন্ত দি হলেও নিজ দেশক ৰক্ষা কৰাটো শ্রেষ্ঠতম কর্তব্য। এই কর্তব্যৰ খাতিৰতেই বীৰ লাচিতে নিজৰ অতি শ্রদ্ধেয় আৰু মৰমৰ মােমায়েককো কাটিবলৈ অকণাে কুণ্ঠাবােধ কৰা নাছিল। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

২৫। হস্তীৰাে পিছলে পাৱ সজ্জনৰাে বুৰে নাও। 


উত্তৰ : হাতীয়ে খােজ কাঢ়োতে সকলাে সময়তে সাৱধানেৰে খােজ কাঢ়ে। গতিকে পিছল খােৱাৰ ভয় অকণাে নাথাকে। কিন্তু তাৰ মাজতাে কেতিয়াবা হঠাতে পিছল খায়। ঠিক তেনেদৰে পাকৈত নাৱৰীয়াই যিকোনাে সময়তে সাৱধানেৰে নাও বায়। তথাপি সাৱধানেৰে চলাওতেও দুর্ভাগ্যবশতঃ পানীৰ সোঁতত পৰি কেতিয়াবা নাও বুৰে। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে সৎ লোক সদায় সৎ পথতে চলে। তেনে সৎ লােকো কেতিয়াবা দুর্ভাগ্যবশতঃ মতিচ্ছন্ন হৈ অসৎ কামত প্রবৃত্ত হােৱা দেখা যায়। 

বা, এইধৰণেও লিখিব পাৰে-

সমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

উদ্ধৃত প্ৰৱচনটি অসমীয়া ভাষাত ব্যৱহৃত এটি গভীৰ অর্থব্যঞ্জক প্রৱচন। দৰাচলতে হাতী বৰ ডাঙৰ জন্তু আৰু ইয়াৰ খােজবােৰা গহীন। সেয়ে গহীন লােকৰ ক্ষেত্ৰত কোৱা হয়—“গহীন গম্ভীৰ গজ গমন” অর্থাৎ গজ মানে হাতীৰ নিচিনা খােজকাতল। হাতীৰ ডাঙৰ ভৰিয়েদি গহীন খােজবােৰ সাধাৰণতে নিপিছলে বুলি ভবা হয় যুদিও ‘বুজর্নৰো' নাও বুৰাৰ দৰে কেতিয়াবা হাতীৰো পাওঁ পিছলি পৰে। একেদৰে সমাজত জ্ঞানী লােকসকলে বিভিন্ন ধৰণৰ কাম-কাজ সম্পাদন কৰােতে যথেষ্ট ভাবি চিন্তিহে কৰে। সাধাৰণতে তেওঁলােকৰ কাম-কাজত ভুল নােহােৱাৰ বাবে তেওঁলােক যথেষ্ট সতর্ক হৈ থাকে যদিও এনে লােকৰাে কেতিয়াবা ভুল হৈ যােৱা দেখা যায়। সেইবাবেই মানুহে নিজে কৰি যােৱা কামত আত্মবিশ্বাস ৰাখিলেও সেই কামেই বা তেওঁলােকৰ মতেই শুদ্ধ বা অভ্রান্ত হ'ব বুলি গর্ব বা অহংকাৰ কৰিব নালাগে। প্রৱচনটিৰ জৰিয়তে গুণী-জ্ঞানীলােকসকলক তেওঁলােকৰ কামৰ প্রতি সদা সচেতন হ’বলৈ কোৱা হৈছে। এইদৰে হাতী আৰু হাতীৰ ভৰি পিছলা কথাৰে গুণী-জ্ঞানী লােকসকলােৰাে যে ভুল হ’ব পাৰে সেইকথা দাঙি ধৰি তেওঁলােকক অহংকাৰী নহ’বলৈ সকিয়াই দিয়া হৈছে।


সমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

২৬। অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ। 


উত্তৰ : কাণৰ ফুটাটো অতি সৰু, আনহাতে ই পােনপটীয়াও নহয়। গতিকে ইয়াৰ মাজেৰে শৰ মাৰি পঠোৱা সহজ নহয়। কিন্তু অভ্যাসৰ বলত নিপুণ হৈ উঠা ধনু চালকে কাণৰ তেনে ফুটাৰ মাজেৰেও সহজে শৰ নিক্ষেপ কৰিব পাৰে। ইয়াৰদ্বাৰা এই কথাকে বুজাব বিচাৰিছে যে অভ্যাসৰ বলত নজনা কামতাে পাকৈত হ’ব পাৰি, অসম্ভৱ কামাে সম্ভৱ কৰি তুলিব পাৰি। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

২৭। তুলসীৰ লগত কলপটুৱাৰ মুক্তি। 


উত্তৰ : ভগৱানৰ পূজা-অর্চনাত তুলসীৰ প্রয়ােজন হয়। তুলসীৰ পাত পূজাৰ সময়ত ব্যৱহাৰ কৰিবৰ কাৰণে কলপটুৱাত থােৱা হয় অথচ কলপটুৱা পুজাত ব্যৱহাৰ কৰা নহয়। তথাপি তুলসীৰ পাতৰ লগতে পূজাৰ সেই পৱিত্ৰ স্থানত কলপটুৱায়াে স্থান পায়। ইয়াৰদ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে ডাঙৰ লােকৰ উপকাৰ কৰিবলৈ যাওঁতে সেই ডাঙৰ লােকৰ লগতে ক’ব নােৱাৰাকৈ অনেক সৰু লােকৰ উপকাৰ হয়; সেইদৰে ডাঙৰ লােকৰ লগতে সৰুৱেও সা-সুবিধা আৰু সন্মান পায়। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

২৮। জাগি শুবা, বাছি খাবা। অথবা, চাই খাবা, জাগি শুবা। 


উত্তৰ : শুই থাকোতে কোনাে বিপদ-আপদ হ'ব পাৰে। গতিকে শােওতে জাগি শুব লাগে। যিকোনাে খাদ্যই নিজস্ব স্বাস্থ্যৰ কাৰণে নুশুজিব পাৰে; গতিকে খােৱা খাদ্য চাই- চিতি বাছি খােৱা উচিত। ইয়াৰ উপৰি এই কথাৰে এইটোও বুজাব বিচাৰিছে কোনাে কাম কৰােতে সততে সতর্ক হৈ কৰাৰ উপৰি এই কথাৰে এইটোও বুজাব বিচাৰিছে কোনাে কাম কৰােতে সততে সতর্ক হৈ কৰাৰ উপৰি আগ-পিছ সকলাে চিন্তা কৰিহে তাক কৰা উচিত। কোনাে কথা ক'বলৈ বিচাৰােতেও এই নীতি মানিব লাগে। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

২৯। মিছা কথাৰ ঠেং চুটি। 


উত্তৰ : ঠেং চুটি মানুহে কিবা কাৰণত দৌৰি সাৰিব বিচাৰিলেও আনে তেওঁক সহজে ধৰিব পাৰে। আনৰ হাতত তেওঁ ধৰা পৰিবই। ঠিক সেইদৰে যিয়ে আনক ঠগিবলৈ নিজক অযথা বঢ়াই কৰিবলৈ সততে মিছা কথা কয়, তেনে লােকৰ সেই মিছা কথা সহজে ধৰা পৰে। মিচা কৈ তেওঁ বেছি দিন মানুহ বােলাই থাকিব নােৱাৰে। কম দিনতে ত্রে প্রকৃত স্বৰূপ প্রকাশ পায়। 

অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

অসমীয়া ফকৰা যোজনা-ভাব বহলাই লিখা-মূলভাব লিখন-ভাব সম্প্ৰসাৰণ

৩০। আছে গৰু নাবায় হাল হােৱাতকে নােহােৱাই ভাল। 


উত্তৰ: ফকৰাটিৰ জৰিয়তে অতি সুন্দৰ গূঢ়ার্থ প্রকাশ পাইছে। এই সমাজত যিবােৰ লােকে নিজকে কোনাে কামতে উপযুক্ত বুলি নাভাবে বা সামর্থ থাকিও তাৰ প্রয়ােগ নকৰে তেনে কিছুমান লােকৰ কথাই ফকৰাটিৰ জৰিয়তে প্ৰকাশ কৰিছে। কাৰণ যিকোনাে লােকে শক্তি, সামর্থ, জ্ঞান, বিদ্যা, বুদ্ধি, ধন আদি থাকিও যদি তাক কামত প্রয়ােগ কৰা নহয়, তেনেহ'লে সেইবােৰৰ অস্তিত্ব মূল্যহীন। মাটিত ধন পুতি ধন জমা কৰি যদি একো কামতে তাক ব্যৱহাৰ কৰা নহয়, তেনেহ'লে সেইবােৰৰাে একো মূল্য নাথাকিব। একেদৰে আমাৰ দেশৰ জনকল্যাণ আঁচনিৰ বহু যান্ত্রিক প্রকল্প কোনাে ধৰণৰ কামত নলগাই এনেদৰেই পেলাই থােৱা হৈছে। তেনেদৰে যন্ত্ৰবােৰ বহুৱা কাৰ্য্যও ওপৰৰ দৃষ্টান্তৰ লগতে খাতে। সামর্থ থাকিও যদি তাক ব্যৱহাৰ কৰা নহয় তেনেহ'লে তাৰ কোনাে মূল্য নাথাকে। ইয়াৰ উপৰিও শ্রম, জ্ঞান আদি কেতিয়াও সঞ্চয় নহয়। গতিকে এইবােৰৰ যথাসময়ত প্ৰয়ােগ কৰাটোহে আচল কথা।

অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

অসমীয়া ফকৰা যোজনা-ভাব বহলাই লিখা-মূলভাব লিখন-ভাব সম্প্ৰসাৰণ

৩১। এদাক দেখি উঠিল গা, কেতুৰিয়ে বােলে মােকো খা। 


উত্তৰ: এদাক দেখি উঠিল গা, কেতুৰীয়ে বােলে মােকো খা 
- বাক্য শাৰী এটি প্রচলিত প্রবচন। আক্ষৰিক অর্থত এদা হ’ল এবিধ উৎকৃষ্ট মছলা। ঔষধি গুণৰ ফালৰ পৰাও এদা মানুহৰ অতীব প্রয়ােজনীয়। আনহাতে কেতুৰিও আদাৰ দৰেই। বাহ্যিক অৱয়ৱৰ ফালৰ পৰা দুয়ােবিধ বস্তুৰ পার্থক্য বিচাৰি পােৱা প্ৰায় টান। কিন্তু কেতুৰি কোনাে কামত নাহে। তথাপি আদাৰ ইমান আদৰ দেখি কেতুৰীয়ে নিজেই যেন কয় মােকো খা বুলি। অর্থাৎ কাৰােবাৰ মান, প্রতিষ্ঠা দেখি নিজেও তেনে মান বিচাৰি ফুৰা। সমাজত যােগ্যতা অনুসৰি সকলাে মানুহৰে শ্ৰদ্ধা মৰম বা প্রতিষ্ঠা বেলেগ বেলেগ ধৰণৰ। তেনে প্রতিষ্ঠা দেখি অযােগ্য এচামেও নিজেই তেনে মান বা প্রতিষ্ঠা পাবলৈ আগবাঢ়ি যায়। অথচ সেইখিনি পাব পৰাকৈ তেওঁৰ কোনাে গুণাে নাই বা তাৰ বাবে কোনাে সাধনাও নাই। তেওঁলােক আচলতে কেতুৰিৰ দৰে। কিন্তু নিজকে এদাৰ শাৰীত ৰাখিব খােজে। 

অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

অসমীয়া ফকৰা যোজনা-ভাব বহলাই লিখা-মূলভাব লিখন-ভাব সম্প্ৰসাৰণ

৩২। যিবিলাক ৰীতি-নীতি নৰৰ গঠিত, 
সকলােতে ভাবি চোৱা স্বার্থ বিৰাজিত।


উত্তৰ: মানৱ সভ্যতাৰ আদিৰে পৰা সমাজত মানুহে কিছুমান নীতি নিয়ম নিজৰ স্বাৰ্থৰ বাবে গঢ়ি তুলিছিল। সাধাৰণতে এই নীতি নিয়মসমূহ মানুহৰ মংগলৰ বাবেই কামত আহে বুলি ভবা হয়। কিন্তু কেতিয়াবা এই নিয়মসমূহৰ বাবে মানুহৰ মংগল নহৈ অমংগল হৈ পৰাহে দেখা যায়। তেতিয়া এই নীতি নিয়মসমূহৰ পৰিবৰ্তন অনা হয়। সেয়েহে একেষাৰিতে কবি পাৰি মানুহৰ দ্বাৰা সৃষ্ট সকলাে নীতি নিয়মৰ অন্তৰালত থাকে কিছুমান স্বার্থ। সূক্ষ্মভাৱে বিশ্লেষণ কৰিলে দেখা যাব যে মানুহে যিবিলাক নীতি নিয়মৰ সৃষ্টি কৰি আহিছে সেই সকলােবােৰ নিয়মৰ নেপথ্যত মানৱ জাতিৰ কল্যাণৰ কথা ভবা হৈছে। এই স্বার্থৰ বাবে যদি প্রকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰতাে ব্যাঘাত জন্মিছে তাৰ প্রতি মানৱৰ দৃষ্টি বৰ সজীৱ নহয়। কাৰণ আমি প্রকৃতিৰ গছ-লতা, নদী-পর্বত-পাহাৰ আদিক সম্পূর্ণ নিজৰ সুবিধামতে ব্যৱহাৰ কৰাৰ বাবে আজি বহুপৰিমাণে প্রকৃতিৰ ভাৰসাম্য ৰক্ষাত আঘাত পাইছে। আমি আমাৰ দেহৰ পুষ্টি সাধনৰ কাৰণে বিভিন্ন জীৱ হত্যা কৰিছাে, গৰু-ছাগলীৰ গাখীৰ কাঢ়ি খাইছাে তথা অবাধ স্বাধীনতাৰ বাবে সংগ্রাম কৰিছাে। কিন্তু মানুহক ৰক্ষা কৰা পশুক মাতৃদুগ্ধৰ পৰা বঞ্চিত কৰাতাে আমাৰ নিয়ম হৈ পৰিছে। মানুহৰ অবাধ প্রচলনৰ বাবে আমি প্ৰকৃতিৰ প্ৰতিটো জীৱ জন্তুকে কটকটীয়া বেষ্টনীৰ মাজত আৱদ্ধ কৰিবলৈ চেষ্টা কৰিছাে৷ সেয়ে ক'ব পাৰি যে মানুহে সমাজ পাতি বাস কৰিবলৈ লােৱাৰ সময়ৰ পৰাই আজিলৈকে সমাজত যিবােৰ নীতি নিয়মৰ সৃষ্টি হৈছে সেই সকলােবােৰ নিয়মৰ মাজত লুকাই থাকে মানুহৰ স্বার্থ। 


অসমীয়া ভাব বহলাই লিখা-অসমীয়া ভাব সম্প্ৰসাৰণ কৰা

অসমীয়া ফকৰা যোজনা-ভাব বহলাই লিখা-মূলভাব লিখন-ভাব সম্প্ৰসাৰণ

উপদেশমূলক ডাকৰ বচন

উপদেশমূলক ডাকৰ বচন

(১) অতি ভক্তি চোৰৰ লক্ষণ—স্বাভাৱিক ভক্তিতকৈ যি মানুহে বেছি ভক্তি দেখুৱায়, সেই ভক্তি দুষ্ট বুদ্ধিৰ উদ্দেশ্য সাধনৰ বাবেহে। দেখাত অতি সাধু হৈ দেখুওৱা মানুহজন প্ৰকৃততে অতি দুষ্ট। 
উপদেশমূলক ডাকৰ বচন

(২) অধিক মাছত বগলী কণা—বহু মাছ দেখিলে বগলীৰ খাবলৈ উথ-থপ লগাৰ দৰে, মানুহেও আশা কৰা বস্তু যথেষ্ট পৰিমাণে পালে কি কৰিব, কি নকৰিব আনন্দত উত্ৰাৱল হৈ কোনাে কাম সুকলমে কৰিব নােৱাৰে। 
উপদেশমূলক ডাকৰ বচন

(৩) অচিন কাঠৰ থােৰা নলগাবা—অচিনাকি মানুহৰ লগত সম্পর্ক ৰাখিব নালাগে। অচিনাকি মানুহৰ আঁতি-গুৰি নজনাকৈ মিতিৰ পাতিব নালাগে। 
উপদেশমূলক ডাকৰ বচন

(৪) আঁঠুৱা চাই ঠেং মেলা—নিজৰ ক্ষমতা অনুযায়ী কাম কৰিব লাগে। নিজৰ সামর্থ্যতকৈ বেছি কাম কৰিবলৈ গ'লে মানুহৰ বিপদ আহে।
উপদেশমূলক ডাকৰ বচন

(৫) নিজৰ নাক কাটি সতিনীৰ যাত্রা ভঙ্গ কৰা—ঈর্ষাপৰায়ণ লােকে নিজৰ প্রতি কৰিও লােকৰ অপকাৰ কৰি আনন্দ পায় ; তেনে চৰিত্ৰৰ মানুহৰ ক্ষেত্ৰত এই যােজনা প্রয়ােগ হয়। 
উপদেশমূলক ডাকৰ বচন

(৬) ইন্দ্রৰ সভাত ফেঁচাৰ কুৰুলী- অতি গুৰুত্বপূর্ণ আলোচনাত বা সভাত সামান্য বা অপদার্থ মানুহে বক্তৃতা দিয়া বুজাইছে।
উপদেশমূলক ডাকৰ বচন

(৭) উপকাৰীক অজগৰে খােৱা—দুষ্ট প্রকৃতিৰ লােকে কোনাে মানুহৰপৰা । উপকাৰ পালেও তাৰ অন্যায় সাধন নকৰাকৈ নাথাকে।
উপদেশমূলক ডাকৰ বচন

(৮) উদক ভেটা ৰখীয়া পতা—যাৰ যি বস্তুৰ প্রতি বেছি লােভ, তাক সেই বস্তুৰ ৰখীয়া পতা বুজাইছে। 
উপদেশমূলক ডাকৰ বচন

(৯) এনেই বুঢ়ী নাচনী তাতে নাতিনীয়েকৰ বিয়া—অতি আনন্দত অধীৰ হৈ পৰা বুজাইছে। 
উপদেশমূলক ডাকৰ বচন

(১০) কিনা হাঁহৰ ঠোটলৈকে মঙহ—কিনা বস্তুৰ কোনাে অংশকেই অপব্যয় নকৰা বুজাইছে। 
উপদেশমূলক ডাকৰ বচন

(১১) কুমলীয়া আদা পাই ভৰিৰে মােহাৰি খােৱা—সৰল-সহজ বা দুর্বল মানুহক অন্যায় কৰিবলৈ ওলােৱা। 
উপদেশমূলক ডাকৰ বচন

(১২) খঙত পেট কাটি ছ'মাইলৈ শুকনী খােৱা—খঙৰ কোবত বেয়া কাম কৰি শেষত অনুশােচনা কৰা, নাইবা মনােকষ্ট পােৱাকে বুজাইছে। 

উপদেশমূলক ডাকৰ বচন
(১৩) চোৰ পলালে বুদ্ধি ওলােৱা- কোনাে অপকাৰ হৈ যােৱাৰ পাছত তাৰ প্রতিকাৰ কৰিবলৈ যত্নবান হােৱা। 
উপদেশমূলক ডাকৰ বচন

(১৪) টেঙা আম এবাৰহে বেচিব পাৰি—ফাকি দি মানুহে এবাৰহে কাম কৰিব পাৰে।
উপদেশমূলক ডাকৰ বচন

(১৫) বেজীৰ জলা মনা কুঠাৰৰ জলা নমনা—ডাঙৰ কথালৈ আওকাণ কৰা, অথচ সৰু কথাতেই লাগি থকা—এনে অর্থত ব্যৱহাৰ হয়। 
উপদেশমূলক ডাকৰ বচন

(১৬) ফিৰিঙতিৰপৰা খাণ্ড দাহ হােৱা—সামান্য কথাৰপৰা বেছি অপকাৰ হােৱা। 
উপদেশমূলক ডাকৰ বচন

(১৭) পৰৰ মূৰত কঁঠাল 
ভঙা- লােকৰ বস্তু ব্যৱহাৰ কৰি থকা। 
উপদেশমূলক ডাকৰ বচন

(১৮) ব্রহ্ম-ভােজনত কুকুৰ মেলি দিয়া—পৱিত্র কার্যত অপৱিত্ৰ বস্তু ব্যৱহাৰ কৰা, শান্তিৰ মাজত অশান্তি সৃষ্টি কৰা অৰ্থত ব্যৱহাৰ হয়। 
উপদেশমূলক ডাকৰ বচন

(১৯) হাতী মাৰি ভুৰুকাত ভৰােৱা—ডাঙৰ ঘটনা বা কথা সামৰি সৰু কৰা অর্থ বুজায়। 
উপদেশমূলক ডাকৰ বচন

(২০) মিছা কথাৰ ঠেং চুটি—মিছা কথা কৈ মানুহে সাৰিব নােৱাৰে, এদিন ধৰা পৰিবই, তেনে অর্থত ব্যৱহাৰ হয়। 
উপদেশমূলক ডাকৰ বচন

(২১) কণা হাহক পতান দিয়া—অজ্ঞা নীজনক আভুৱা ভৰা কথাৰে ভুলাই ৰখা।
উপদেশমূলক ডাকৰ বচন

(২২) যি লাই বাঢ়িব তাৰ দুপাততে চিন—যি ব্যক্তি ভাল হ’ব, তাৰ সৰু কালৰপৰাই ভাল লক্ষণ দেখা বুজায়। 
উপদেশমূলক ডাকৰ বচন

(২৩) আয় চাই ব্যয় কৰিবা—নিজৰ উপার্জন কিমান তালৈ লক্ষ্য ৰাখি খৰচ কৰা। নিজৰ শক্তিলৈ লক্ষ্য ৰাখি কাম কৰা। 
উপদেশমূলক ডাকৰ বচন

(২৪) এবাৰ সাপে খুঁটিলে কেঁচুলৈকো ভয়—এবাৰ অঘটন ঘটিলে পিছত সাধাৰণ ঘটনাই বিপদ ঘটাব বুলি সন্দেহ কৰা । 
উপদেশমূলক ডাকৰ বচন

(২৫) কটাৰ ঘৰৰ কুটি, লােকলৈ বুলি হুল পােতোঁতে আপুনি মৰে ফুটি—অকাৰণতে আনক শত্ৰুৱান কৰি শত্ৰুৰ অপকাৰ কৰিবলৈ চাওঁতে কেতিয়াবা নিজৰাে অপকাৰ হ’ব পাৰে ; গতিকে কেতিয়াও লােকৰ অহিত চিন্তা নকৰিবা। 
উপদেশমূলক ডাকৰ বচন

(২৬) মােমাইৰ বাৰীৰ মৰিচা, তাৰে কৰিলোঁ খৰিচা, এদোন ধান দি দুদোন। ললাে কথাটো মন কৰিছা—নিজৰ অজ্ঞাতে আনক সহজে কাম বা বস্তু এৰি দিলে, আনে সেই বস্তুটো বা কামটোৰপৰা এগুণত দুগুণ লাভ আদায় কৰা। 
উপদেশমূলক ডাকৰ বচন

(২৭) অল্প বিদ্যা ভয়ঙ্কৰী—অলপীয়া বিদ্যাৰে বহু বিদ্যা লাভ হ’ল বুলি অহঙ্কাৰ কৰি ফুৰা। 

উপদেশমূলক ডাকৰ বচন
(২৮) দেশতকৈ মােমাই ডাঙৰ নহয়—নিজ স্বার্থ ৰক্ষাতকৈ আনৰ স্বার্থক মহৎ বুলি ভবা। মাতৃ আৰু দেশ অতি আপােন। মােমাইৰ স্বাৰ্থ ৰক্ষাতকৈ দেশ-মাতৃৰ স্বার্থ বহু ওপৰত। 
উপদেশমূলক ডাকৰ বচন

(২৯) চৰাইটিহে সৰু—হুলুং গছত বাঁহ ; দেখাতহে মুনীয়া- বাপেকৰ যুৰীয়া। এই দুটাৰ অৰ্থ প্রায় একেই মানুহৰ অৱয়ৱ চাই মানুহজন কিমান জ্ঞানী বা বুধিয়ক সহজে ধৰিব নােৱাৰি। কর্মতহে চিনি পায়। 
উপদেশমূলক ডাকৰ বচন

(৩০) হাতে সজা খৰাহী—নিজে সহজে কৰি ল’ব পৰা কর্ম। ইচ্ছা কৰি নিজে সাজি পুনৰ ভাঙিও পেলাব পাৰি। 
উপদেশমূলক ডাকৰ বচন

(৩১) এদেও দুদেও লােটা নিয়াৰ ছেও—আজি অলপ, কালি অলপকৈ আসৈ পাই থাকি আনৰ বিৰাট অনিষ্ট বা ক্ষতি কৰিব পৰা দুষ্ট লােকৰ অভিপ্রায়। 
উপদেশমূলক ডাকৰ বচন

(৩২) গৰু কিনিবা চিকণ জালি, দুই-চাৰি-ছয়তীয়া ভালি। 
উপদেশমূলক ডাকৰ বচন

(৩৩) মাটি কিনিবা মাজ খাল, ছােৱালী আনিবা মাক ভাল । 
উপদেশমূলক ডাকৰ বচন

(৩৪) যাৰ নাই ধান তাৰ নাই মান। 

উপদেশমূলক ডাকৰ বচন
(৩৫) কাৱৈ মাছৰ কচি কাটিয়া লৱণু সহিতে তৈলে ভাজিয়া ইছাট-বিছাট কৰিব পিঠি, তেৱেসে পাইবা খাওঁতে জুতি। 
উপদেশমূলক ডাকৰ বচন

(৩৬) এগুণ চাউল তিনিগুণ পানী জুই দিবা টানি টানি।। (ৰন্ধন প্ৰকৰণ) 
উপদেশমূলক ডাকৰ বচন

(৩৭) সাতত পাতল পাঁচত ঘন ; ছয়ত (ছ’হাতত) তামােল হয় নদন-বদন। 

উপদেশমূলক ডাকৰ বচন
(৩৮) লাগিলে নালাগিলে ; নালাগে লাগে। (তামােল গছ ঘন হলে পাতে পাতে লাগে, তেতিয়া গছত তামােল ভালদৰে নালাগে; কিন্তু পাতে পাতে যাতে নালাগে সেইদৰে তামােল গছ ৰুলে তামােল ভালদৰে লাগে)। 
উপদেশমূলক ডাকৰ বচন

(৩৯) এহাত-এমুঠন দিবা পােত; তেৱেসে চাবা কলৰ গােট। 
উপদেশমূলক ডাকৰ বচন

(৪০) একে আহিনে ধান—তিনি শাওণে পাণ। 
উপদেশমূলক ডাকৰ বচন

(৪১) আঁঠুৱা তলৰ মহ
উপদেশমূলক ডাকৰ বচন

(৪২) উৰ লগত বগৰী পােৰা 
উপদেশমূলক ডাকৰ বচন

(৪৩) কেৰেলাতকৈ গুটি দীঘল হােৱা 
উপদেশমূলক ডাকৰ বচন

(৪৪) চৰুক সুধি চাউল বহােৱা 
উপদেশমূলক ডাকৰ বচন

(৪৫) নাঙল কাটোতে মাহৰ বতৰ যােৱা 
উপদেশমূলক ডাকৰ বচন

(৪৬) উৰহী গছৰ ওৰ লােৱা 
উপদেশমূলক ডাকৰ বচন

(৪৭) হলাগছত আটায়ে বাগি কুঠাৰ মৰা 
উপদেশমূলক ডাকৰ বচন

(৪৮) বান্দৰৰ ডিঙিত মুকুতাৰ মালা পিন্ধোৱা 
উপদেশমূলক ডাকৰ বচন

(৪৯) মেকুৰীৰ ডিঙিত টিলিঙা অৰা 
উপদেশমূলক ডাকৰ বচন

(৫০) আদাবেপাৰীৰ জাহাজৰ খবৰ ; হাতী মাৰি ভুৰুকাত ভৰােৱা 
উপদেশমূলক ডাকৰ বচন

(৫১) বাটৰ বগৰী-জেং আঁতৰ কৰা।
উপদেশমূলক ডাকৰ বচন

(৫২) চুঙা চাই সােপা।
উপদেশমূলক ডাকৰ বচন

(৫৩) তিনিশ ষাঠিজোপা ৰুবা কল, মাহেকে-পষেকে চিকোণাবা তল, পাত-পচলা লাভত খাবা, লঙ্কাৰ বাণিজ্য ঘাতে পাবা। 

উপদেশমূলক ডাকৰ বচন









Post a Comment

10 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
  1. এশ খন কিতাপ পঢ়ি শিকিব নোৱাৰা কথা বা লাভ কৰিব নোৱাৰাজ্ঞান মাথোঁ কেইটামান ফকৰা যোজনা পঢ়িলেই লাভ কৰিব পাৰি ।অসমীয়া সাহিত্যৰ ফকৰা যোজনা সমূহ হ'ল অমূল্য সম্পদ ।

    ReplyDelete
    Replies
    1. Beya hoi bisari naipua rupotkoi gun he besu aitu nai iyat

      Delete
  2. LAGI THAKILE MAGI NAKHYE , PROVERB KHON LAGISIL

    ReplyDelete
  3. এনেই বুঢ়ী নাচনি তাতে নাতিনীয়েকৰ বিয়া

    ReplyDelete
  4. যতে বাঘৰ ভয় ত'তে ৰাতি হয়, নাই।

    ReplyDelete
  5. গুণীয়েহে গুণীৰ মোল বুজে

    ReplyDelete
  6. নাথাকিলে গুণ যদি হয় ৰুপবান নকৰে কেৱে তোমাক দেখিলে সন্মান ভাৱ বহলাই লিখা

    ReplyDelete
  7. পক্ষী মৰে ৰৈ, মানুহ মৰে কৈ
    এইখন লাগিছিল

    ReplyDelete
    Replies
    1. শ্ৰম সিদ্ধিৰ অমুঘ অস্ত্ৰ দিবচোন

      Delete