বিপৰীত শব্দ অৰ্থ- বিপৰীতার্থক শব্দৰ বাক্য ৰচনা

বিপৰীত শব্দ অৰ্থ- বিপৰীতার্থক শব্দৰ বাক্য ৰচনা


বিপৰীত শব্দ অৰ্থ- বিপৰীতার্থক শব্দৰ বাক্য ৰচনা বিপৰীত শব্দ লিখা- বিপৰীত শব্দৰ তালিকা-শব্দ অৰ্থ লিখা-opposite words in Assamese language- অসমীয়া ব্যাকৰণ
বাক্য ৰচনা

বিপৰীত শব্দ অৰ্থ লিখা- বিপৰীতার্থক শব্দৰ বাক্য ৰচনা- বিপৰীত শব্দৰ তালিকা-opposite words in Assamese language- অসমীয়া ব্যাকৰণ- HSLC, HS exam Class 8/9/10 students

স্বাধীন-পৰাধীন: স্বাধীন দেশৰ মানুহৰ মন মুক্ত; কিন্তু পৰাধীন দেশৰ মানুহৰ মন মুক্ত নহয়।


পৰিশ্ৰমী-এলেহুৱা : পৰিশ্ৰমীৰ উৰ্গতি, এলেহুৱাৰ অৱনতি হয়।


দেশী-বিদেশী : আজিকালি দেশী বস্তুতকৈ বিদেশী বস্তুৰ ওপৰত মানুহৰ মােহ বেছি।


সৎ-অসৎ : কাৰ্যৰ দ্বাৰাহে সৎ-অসৎ চিনিব পাৰি।


শুক্ল-কৃষ্ণ : দিনৰ ৰং শুক্ল, ৰাতিৰ ৰং কৃষ্ণ।


পণ্ডিত-মূৰ্খ : পণ্ডিতে মূৰ্খক শিকাব লাগে।


অতিবৃষ্টি-অনাবৃষ্টি : অতিবৃষ্টি-অনাবৃষ্টি দুয়ােটাই খেতিয়কৰ বাবে বিপজ্জনক।


উদাৰ-সংকীর্ণ : উদাৰ লােকৰ মন উচ্চ, সংকীর্ণ লােকৰ মন নীচ।


স্থাৱৰ-অস্থাৱৰ : স্থাৱৰ-অস্থাৱৰ কোনাে বস্তুকেই মানুহে মৃত্যুৰ পিছত লগত লৈ যাব নােৱাৰে।


হর্ষ-বিষাদ : জীৱনত মানুহে হর্ষ-বিষাদ দুয়ােটাই পাবলগীয়া হয়।

বিপৰীত শব্দ অৰ্থ লিখা- বিপৰীতার্থক শব্দৰ বাক্য ৰচনা- বিপৰীত শব্দৰ তালিকা-opposite words in Assamese language- অসমীয়া ব্যাকৰণ- HSLC, HS exam Class 8/9/10 

ক্ষমা-প্রতিশােধ : প্রতিশােধে মানুহক পশুলৈ নমায় আৰু ক্ষমাই মানুহক দেৱত্বলৈ উঠায়।


সুকৃতি-দুষ্কৃতি : সুকৃতিয়ে অমৰ আৰু দুষ্কৃতিয়ে ধ্বংস কৰে।


উচ্চ-নীচ : উচ্চ-নীচ ভেদাভেদ ভাবে আমাৰ একতা নষ্ট কৰে।


দূৰ-ওচৰ : দূৰৰ বস্তুতকৈ ওচৰৰ বস্তুত বেছিকৈ আস্থা ৰাখিব লাগে।


সস্তা-মহঙা : নাটনিৰ দিনত বস্তুৰ দাম সস্তা নহৈ মহঙা হ’বই।


বর্তমান-অবর্তমান : বর্তমান মানুহজন থাকোতেই যিটো হ'ল অবর্তমানত সি হ’ব জানাে।


লঘু-গুৰু : লঘু দোষত গুৰু শাস্তি দিব নালাগে।


আইনসংগত-বে-আইনী : আইনসংগত কথাত থাকি বে-আইনী কাম কৰিব নালাগে।


জ্যেষ্ঠকনিষ্ঠ : জ্যেষ্ঠজনক কনিষ্ঠজনে সন্মান কৰা উচিত।


স্বর্গ-নৰক : পুণ্যৰ ফলত স্বৰ্গলৈ আৰু পাপৰ ফলত নৰকলৈ যায় বুলি মানুহে বিশ্বাস কৰে।

বিপৰীত শব্দ অৰ্থ লিখা- বিপৰীতার্থক শব্দৰ বাক্য ৰচনা- বিপৰীত শব্দৰ তালিকা-opposite words in Assamese language- অসমীয়া ব্যাকৰণ- HSLC, HS exam Class 8/9/10 

বৈধ-অবৈধ : বৈধ-অবৈধ চিন্তা নকৰি অলাগতিয়াল কাৰণত আন্দোলন কৰিলেই তাত সফলকাম হ'ব নােৱাৰে।


সপােন-দিঠক : সপােনত দেখা কথাবােৰ দিঠকত কেতিয়াবা ফলিয়ায়।


ধনী-দুখীয়া : ধনীসকলে দুখীয়াক ঘিণ কৰিব নাপায়।


জয়-পৰাজয় : জীৱনত জয়-পৰাজয় আছেই।


জীৱিত-মৃত : মানুহজন জীৱিত নে মৃত পৰীক্ষা কৰি চোৱা।


মূৰ্খ-জ্ঞানী : জ্ঞানীয়ে মূৰ্খক শিকাব লাগে।


নিলগত-ওচৰত : জ্ঞানীৰ ওচৰত থাকি দুষ্টৰ পৰা নিলগত থাকিবা।


প্রত্যক্ষ-পৰােক্ষ : সি প্রত্যক্ষভাৱে কথাটো ক’বলৈ বেয়া পাই আনৰ হতুৱাই পৰােক্ষভাৱে মােক জনালে।


সু-পুৰুষ-কু-পুৰুষ : সু-পুৰুষ আদৰণীয়, কু-পুৰুষ ঘৃণনীয়।


স্থায়ী-অস্থায়ী : অস্থায়ী সংসাৰত কোনেও স্থায়ীভাৱে থাকিব নােৱাৰে।

বিপৰীত শব্দ অৰ্থ লিখা- বিপৰীতার্থক শব্দৰ বাক্য ৰচনা- বিপৰীত শব্দৰ তালিকা-opposite words in Assamese language- অসমীয়া ব্যাকৰণ- HSLC, HS exam Class 8/9/10 

অসতী-সতী : অসতী তিৰােতাই বৃদ্ধ বয়সত ধর্ম আচৰণ কৰি সতী হ’বলৈ বিচাৰিলেও, মানুহে ভাল চকুৰে নাচায়।


অবৈধ-বৈধ : চৰকাৰে অসমৰ দাবীসমূহ অবৈধ বুলি ভাবিছিল যদিও শেষত বৈধ বুলি স্বীকাৰ কৰিলে।


অর্বাচীন-প্রাচীন : প্রাচীন কালতে পদপুথিত লিখা সত্য কথাসমূহ অর্বাচীনৰ কথা যেন হৈ আছে।


দীঘল-চুটি : চুলি দীঘল হ'লে চুটিকৈ কাটিব লাগে।


জটিল-সহজ : জটিল কামাে অভ্যাসৰ বলত সহজ হৈ পৰে।


গৰমিল-মিল : অনেক চেষ্টা কৰিও গৰমিল কথাটো মিলাব নােৱাৰিলে।


জুটি-বিজুটি : জুটি লগাকৈ সকলাে ঠিকঠাক কৰি ল'লোঁ যদিও হঠাতে বিজুটি ঘটিল।


অভ্যাস-অনভ্যাস : অভ্যাসে কর্মকুশলতা, অনভ্যাসে হতবিদ্যা।


উত্থান-পতন : জীৱনত উত্থান-পতন আছেই।


আদি-অন্ত : যাৰ আদি আছে তাৰ অন্তও আছে।

বিপৰীত শব্দ অৰ্থ লিখা- বিপৰীতার্থক শব্দৰ বাক্য ৰচনা- বিপৰীত শব্দৰ তালিকা-opposite words in Assamese language- অসমীয়া ব্যাকৰণ- HSLC, HS exam Class 8/9/10 

গুণ-দোষ : গুণ-দোষৰ সমষ্টিয়েই মানুহ।


মান-অপমান : নিজৰ ওপৰতেই মান-অপমান নির্ভৰ কৰে।


দাতা-গ্রহীতা : গ্রহীতা নহ'লে দাতাৰ কাম কি?


কৃতকার্যতা-অকৃতকার্যতা : কোনাে কামত অকৃতকার্য হলেও চেষ্টা কৰিলে কৃতকার্য হ’ব পাৰি।।


পূর্ব-পশ্চিম : সূর্য পূবত উদয় হয় আৰু পশ্চিমত অস্ত যায়।


ধুনীয়া-কুৎসিত : সজালে-পৰালে কুৎসিত লােকো ধুনীয়া হয়।


পুৰুষ-মহিলা : পুৰুষৰ সমানে মহিলাৰো কাম কৰাৰ ক্ষমতা আছে।


উত্তম-নৰম : উত্তম বুলি বস্তুটো কিনা হৈছিল যদিও একেবাৰে নৰম।


উন্নতি-অৱনতি : ব্যৱসায়ত প্রথমে উন্নতি কৰিছিল যদিও মদ খাবলৈ ধৰাত তাৰ অৱনতি ঘটিল।


নিকৃষ্ট-উৎকৃষ্ট : উৎকৃষ্ট বস্তুত বেছি দাম আৰু নিকৃষ্ট বস্তুত কম দাম হ’বই।


নবীন-প্রবীণ : প্রবীণক লক্ষ্য কৰি নবীনসকল আগুৱাই যাব লাগে।

বিপৰীত শব্দ অৰ্থ লিখা- বিপৰীতার্থক শব্দৰ বাক্য ৰচনা- বিপৰীত শব্দৰ তালিকা-opposite words in Assamese language- অসমীয়া ব্যাকৰণ- HSLC, HS exam Class 8/9/10 

বিপৰীত শব্দ অৰ্থ- বিপৰীতার্থক শব্দৰ বাক্য ৰচনা বিপৰীত শব্দ লিখা- বিপৰীত শব্দৰ তালিকা-শব্দ অৰ্থ লিখা-opposite words in Assamese language- অসমীয়া ব্যাকৰণ


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.