অসমীয়া কাহিনী আৰু নীতি শিক্ষা- Assamese moral story

অসমীয়া কাহিনী আৰু নীতি শিক্ষা- Assamese moral story 

অসমীয়া কাহিনী-অসমীয়া সাধু আৰু নীতি শিক্ষা-শ্ৰৱণকুমাৰ আৰু অন্ধ পিতৃ-মাতৃ- Assamese moral story
অসমীয়া কাহিনী


অসমীয়া কাহিনী-অসমীয়া সাধু আৰু নীতি শিক্ষা-শ্ৰৱণকুমাৰ আৰু অন্ধ পিতৃ-মাতৃ-লুভীয়া শিয়াল-অসমীয়া সাধুকথা-অসমীয়া  পুৰণি সাধু-অসমীয়া সাধু আৰু নীতি শিক্ষা-Assamese story with moral-Assamese story writing-New Assamese story-Assamese story fairy tales-Old stories- Assamese moral story-assamese famous old story for kids-interesting story for all-short moral story





অসমীয়া কাহিনী আৰু নীতি শিক্ষা

••শ্ৰৱণকুমাৰ আৰু অন্ধ পিতৃ-মাতৃ••



অযােধ্যাৰ ৰজা দশৰথ ধনু-কাঁড় মৰাত বৰ পাৰ্গত আছিল। তাতে তেওঁ এটা বিশেষ ক্ষমতাও লাভ কৰিছিল। তেওঁ কোনাে এটা শব্দ শুনিয়ে কাঁড় নিক্ষেপ কৰি সেই শব্দৰ উৎসক কাঁড়েৰে আঘাত কৰিব পাৰিছিল। 


সেয়ে তেওঁ জীৱ-জন্তু বা শত্ৰুক নেদেখাকৈয়ে আঘাত বা বধ কৰিব পাৰিছিল। সেইকালত জীৱ-জন্তু বধ কৰাটো অপৰাধ বুলি ধৰা নহৈছিল।


অন্যৰজা সকলৰ দৰে ৰজা দশৰথেও জীৱ-জন্তু চিকাৰ কৰিছিল। এদিন তেওঁ চিকাৰ কৰিবলৈ হাবিত সােমাল। কিছুদূৰ যােৱাৰ পিছত তেওঁ পহুৱে পানী খাই থকাৰ শব্দ শুনিবলৈ পালে। ঠাইখন ডাঠ হাবি-জংঘলেৰে ভৰা। 


তেওঁ শব্দটো শুনিছিল যদিও পহু দেখা পােৱা নাছিল। সেয়ে ৰজা দশৰথে বিশেষ ক্ষমতা প্রয়ােগ কৰি কাঁড় নিক্ষেপ কৰিলে।


কিন্তু মুহূর্ততে তেওঁ এটা কৰুণ চিঞৰ শুনিবলৈ পালে। তেওঁ দৌৰি গৈ দেখিলে যে এখন নদীৰ পানীৰ যুৱলিত এটি ল’ৰা পৰি ছটফটাই আছে। দশৰথে ধনু-কাঁড় পেলাই ল’ৰাটোক আকোৱালি ধৰিলেগৈ। 


ল’ৰাটিয়ে যন্ত্রণাৰ মাজতে সেহাই সেহাই কলে যে তেওঁৰ নাম শ্ৰৱণকুমাৰ। তেওঁৰ পিতৃ-মাতৃ দুয়াে অন্ধ। অন্ধ পিতৃ-মাতৃৰ বাবে তেওঁ কলহত পানী নিবলৈ আহিছিল। তেওঁ অন্ধ পিতৃ-মাতৃৰ একমাত্র সন্তান।


তেওঁলােক কিছুদূৰত এজোপা গছৰ তলত বহি আছে। পিতৃ-মাতৃ দুয়ােকে এজোৰ পাচিত ভৰাই কান্ধত লৈ তেওঁ ঘূৰা-ফিৰা কৰে। তেওঁলােকক আহাৰ পানী দিয়ে। 


মুঠতে শ্ৰৱণকুমাৰৰ অবিহনে তেওঁৰ পিতৃ-মাতৃ এক মুহূর্তও বর্তি থাকিব নােৱাৰিব। এইখিনি কথা কৈয়ে শ্ৰৱণ কুমাৰে প্ৰাণ এৰিলে। কিংকর্তব্যবিমূঢ় দশৰথে অৱশেষত শ্ৰৱণকুমাৰৰ মৃতদেহটো কান্ধত তুলি লৈ তেওঁৰ অন্ধ পিতৃ- মাতৃৰ ওচৰ পালেগৈ।


দশৰথৰ মুখে একমাত্র পুত্র শ্ৰৱণকুমাৰৰ মৃত্যুৰ কথা শুনি পিতৃ- মাতৃ দুয়াে শােকত ভাগি পৰিল। দুয়াে পুতেকৰ মৃতদেহটো সাৱতি ধৰি হুককাই কান্দিবলৈ ধৰিলে। 


পিছত তেওঁলােকে পুত্র হত্যাৰ বাবে দশৰথক অভিশাপ দিলে। তেওঁলােকে ক’লে যে শ্ৰৱণকুমাৰৰ অবিহনে তেওঁলােক দুয়ােয়ে মৃত্যুবৰণ কৰিব লাগিব।


একেদৰেই ৰজা দশৰথেও এদিন পুত্ৰৰ শােকত প্রাণ বিসর্জন দিব লাগিব। এই অভিশাপৰ বাবে পিছলৈ দশৰথে বৰপুত্র ৰাম বনবাসলৈ যাব লগা হােৱাত বৰ শােক পাইছিল। এই শােকতে তেওঁ মৃত্যুবৰণ কৰিছিল। ৰামায়ণত এই কৰুণ কাহিনী পােৱা যায়।



সাৰাংশ : ক্ষমতাৰ ব্যৱহাৰ সঠিক হােৱা উচিত। তাকে নহলে ক্ষমতাবান মানুহাে বিপদত পৰে।



অসমীয়া কাহিনী আৰু নীতি শিক্ষা-Assamese  moral story-লুভীয়া শিয়ালৰ কথা


••লুভীয়া শিয়াল••


এখন হাবিত এটা শিয়াল আছিল। বহু দিন সি কোনাে আহাৰ খাবলৈ পােৱা নাছিল। এদিন সি কি খাব কি নাখাব ভাবি ফুৰিবলৈ গল। হঠাতে তাৰ আগত এটা নেউল ওলালহি। নিমিষতে সি নেউলটো ধৰি পেলালে। 


বহু দিনৰ মূৰত আজি তাৰ খাদ্য পাইছে। ভালকৈ বহিখাওঁ বুলি ইফালে-সিফালে চাওঁতেই দেখিলে হাবিৰ মাজত এটা চিকাৰী মৰি আছে। ওচৰতে চিকাৰীৰ ধেনুখনাে পৰি আছে। তাৰ পৰা কিছু দূৰতে এটা মৰা হৰিণা পৰি আছে। চিকাৰীয়ে গছৰ ওপৰৰ পৰা হৰিণালৈ বুলি শৰ মাৰিছিল। হৰিণা মৰিল। গছৰ পৰা নামিবলৈ ধৰােতেই চিকাৰী পিচলি পৰি মৰি থাকিল।


শিয়ালে মৰা মানুহ আৰু হৰিণা পাই আনন্দত উৎফুল্লিত হৈ পৰিল। লগতে পালে গৰুৰ ছালৰ ৰছীৰে বন্ধা ধেনুখন। ধেনুৰ গুণডালাে তাৰ খাদ্যৰ ভিতৰত পৰিল। খাদ্যবস্তুবোৰ সি গােটাই পেলালে। 


এটা মানুহ, এটা হৰিণা, এটা নেউল আৰু ধেনুৰ এডাল গুণ। শিয়ালে ভাবিলে, “এইবােৰ খাদ্যবস্তুৰে মােৰ বহুত দিন যাব। মানুহটোৰে এমাহ যাব। দুমাহ যাব প্রকাণ্ড হৰিণাটোৰে। এদিন যাব নেউলটোৰে। এতিয়া এই ধেনুখনৰ গুণডালকে খাওঁ।” 


নির্বোধ শিয়ালে ধেনুৰ গুণডালত কামােৰ দিলে। লগে লগেই ধেনুখনৰ মাৰিডাল জোৰেৰে আহি তাৰ ডিঙিত প্রচণ্ড আঘাত কৰিলে। লগে লগে সি এটা চিঞৰ মাৰি দূৰত উফৰি পৰিলগৈ। শিয়ালটো মৰি থাকিল।



সাৰাংশ-নীতিশিক্ষা : অধিক মাছত বগলী কণা।



অসমীয়া কাহিনী আৰু নীতি শিক্ষা-Assamese moral story-বুধিয়ক কুকুৰা


••বুধিয়ক কুকুৰা••



বহুত পুৰণি দিনৰ কথা। এখন গাঁৱত এঘৰ মানুহৰ এহাল কুকুৰা আছিল। কুকুৰাহাল বেচ নােদোকা আছিল। সেই গাঁৱৰ হাবিতে এটা শিয়ালেও বাস কৰিছিল। সি বহুতদিন ধৰি কুকুৰাহাল খাবৰ বাবে সুযােগ বিচাৰি আছিল।


এদিন কাহিলী পুৱাতে কুকুৰাহাল উঠি গড়ালৰ বাহিৰ ওলাল। ইটো সিটো খাবলৈ বিচাৰি দুয়ােটা গড়ালৰ দুফালে আগবাঢ়িল। মতা কুকুৰাটো হঠাতে শিয়ালটোৰ সমুখতে ওলালগৈ। সি ভয়ত পলাবলৈ লওঁতেই শিয়ালটোৱে ক'লে “ৰ’বাছােন কুকুৰা বােপা, ইমান ভয় কৰিছা কিয়? মই তােমাৰ সুললিত কণ্ঠৰ গান এটা শুনিবৰ বাবেহে ইয়াত ৰৈ আছােহি।” শিয়ালৰ কথা শুনি কুকুৰাটোৰ মনটো ভাল লাগি গ’ল। সি প্রশংসা পাই গান গাবলৈ আৰম্ভ কৰিলে।


গান শুনি শিয়ালটোৱে সন্তোষ প্রকাশ কৰিলে আৰু পুনৰ ক'লে, তােমাৰ মাতটো দেউতাৰৰ সৈতে প্রায় একেই। কিন্তু তােমাৰ দেউতাৰাই গান গাওঁতে চকু মুদি গাইছিল বাবে অধিক সুৱলা হৈছিল। কাৰণ চকু মুদি গালেহে গানত বেছি মনােযােগ দিব পাৰি। তদুপৰি মাতটোও শুনিবলৈ বেছি ভাল হয়।” এই বুলি কোৱাৰ লগে লগে কুকুৰাটোৱে চকু মুদি গান গাবলৈ ধৰিলে।


এই সুযােগতে ধূর্ত শিয়ালটোৱে কুকুৰাটোক থাপ মাৰি ধৰি পেলালে। কুকুৰাটোৱে ভয় আৰু যন্ত্রণাত চিঞৰিবলৈ ধৰিলে। তাৰ চিঞৰ শুনি কুকুৰাজনীয়ে সকলােকে সহায়ৰ বাবে ওলাই আহিবলৈ কাতৰ আহ্বান জনালে। লগে লগে কুকুৰা হালৰ গৰাকী আৰু অন্যান্য মানুহে শিয়ালটোক পিছে পিছে খেদি গ’ল।


তেনেকুৱাতে কুকুৰাটোৰ মনত এটা বুদ্ধি খেলালে। সি যেনেতেনে সেহাই সেহাই শিয়ালটোক ক'লে, “তুমি মােক ইতিমধ্যে ধৰিলাই আৰু খন্তেক পিছতে তুমি মােক খাই পেলাবগৈ। গতিকে তুমি তােমাৰ পিছে পিছে অহা মানুহবােৰক কৈ দিয়া যে সিহঁতে মােক বচাবলৈ চেষ্টা কৰি একো লাভ নাই।”


সি কোৱামতেই শিয়ালটোৱে কথাষাৰ ক’বলৈ মুখ মেলােতেই কুকুৰাটো উৰি গৈ নিৰাপদ ঠাইত ৰলগৈ । তেতিয়া সি শিয়ালটোক ক’লে যে "আগ পিছ নভবাকৈ মুখ মেলাৰ ফল আমি দুয়ােয়ে ভােগ কৰিলাে। নহয়নে?” তেতিয়াহে শিয়ালটোৱে তাৰ মূৰ্খামিৰ কথা ধৰিব পাৰিলে।



সাৰাংশ-নীতিশিক্ষা: দুষ্টৰ কথাত ভােল গলে প্রাণলৈও ভয়।




অসমীয়া কাহিনী-অসমীয়া সাধু-অসমীয়া সাধুকথা-অসমীয়া নতুন সাধু-অসমীয়া সাধু আৰু নীতি শিক্ষা-Assamese story with moral-Assamese story writing-New Assamese story-Assamese story fairy tales-Old stories- Assamese moral story-assamese famous old story for kids-interesting story for all-short moral story

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.