বিভিন্ন বিষয়ক অসমৰ অসমীয়া ৰচনা

ৰচনা কাক বোলে, ৰচনা কি হয়? ৰচনা কেই প্রকাৰৰ, কি কি? অসমৰ ৰচনা- অসমীয়া ৰচনা- বিভিন্ন বিষয়ক ৰচনা

ৰচনা কাক বোলে, ৰচনা কি হয়? ৰচনা কেই প্রকাৰৰ, কি কি? অসমৰ ৰচনা- অসমীয়া ৰচনা- বিভিন্ন বিষয়ক ৰচনা
অসমীয়া ৰচনা


অসমীয়া ৰচনা Assamese essay Assamese rosona

কোনো এটা বস্তু, বিষয় বা ঘটনাৰ সম্পর্কে শুনিবলৈ আৰু পঢ়িবলৈ শুৱলা আৰু অৰ্থ যুক্ত হোৱাকৈ বিষয়বস্তুৰ বিষয়ে খৰচি মাৰি আতঁ লগাই লিখাকে ৰচনা বোলে। 

ৰচনা কেইবা প্রকাৰৰ আছে। যেনেকৈ-

প্রাণী বিষয়ক ৰচনা

কৃষিবিষয়ক ৰচনা 

জীৱনীমূলক ৰচনা 

সানমিহলি ৰচনা 

বৰ্ণনা মূলক ৰচনা




প্রাণী বিষয়ক ৰচনা- গৰু ৰচনা

 অসমীয়া ৰচনা Assamese essay Assamese rosona

গৰু 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

গৰু পােহনীয় জন্তু। গৰুৰ এডাল দীঘল নেজ আছে। গৰুৰ কাণ দুখন আৰু দীঘল। ইয়াৰ ঠেং চাৰিখন আৰু ঠেংত খুৰা আছে। ঠেংৰ খুৰা মাজেদি ফটা। সেইবাবে ই বােকাত সহজে খােপনি পুতি যাব পাৰে। মাইকী গৰুক গাই আৰু মতা গৰুক বলদ বােলে। গৰুৰ মুখখন দীঘল। নাকৰ দুটা ফুটা আছে । গৰুৰ দুটাকৈ শিং আছে। কিছুমান গৰুৰ শিং নাথাকে। শিং নথকা বলদ গৰুক লাউমূৰা বােলে। গৰুৰ ওপৰ পাৰি দাঁত নাই। গৰুৰ গাটো কোমল আৰু মিহি নােমেৰে ঢকা। ইয়াৰ ডিঙিটো দীঘল। ডিঙিৰ তলত এখন গলবিছনী থাকে। বগা, কলা, পখৰা, কজলা, ৰঙা, মুগা, ৰঙা আদি নানা বৰণৰ গৰু দেখা যায়। ঘাঁহ, খেৰ, গছ-লতাৰ পাত, দানা আৰু পানী গৰুৰ খাদ্য। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

গাইগৰুৱে বছৰেকত এবাৰ পােৱালী জগায়। কিছুমান গায়ে দুবছৰত পােৱালী জগায়। তেনে গাইক দৰছী বােলে। গৰুৰ মাইকী পােৱালীক চেউৰী আৰু মতা পােৱালীক দমৰা বােলে । 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

বলদ গৰুৱে হাল বায়, গাড়ী টানে আৰু মৰণা মাৰে । গাই গৰুৱে গাখীৰ দিয়ে। গাখীৰ আমাৰ পুষ্টিকৰ খাদ্য। দৈ, মাখন আৰু ঘিঁউ গাখীৰৰ পৰাই তৈয়াৰ কৰা হয় । গৰুৰ গােবৰ ভাল সাৰ। গৰুৰ ছালৰ পৰা জোতা, বেগ, চুটকে আদি নানান বস্তু তৈয়াৰ কৰা হয়। গৰুৰ শিংৰ পৰা ফণি তৈয়াৰ কৰা হয়। গৰু আমাৰ উপকাৰী জন্তু। বহাগ বিহুত আমি গৰুবিহু পালন কৰি গৰুক আদৰ সাদৰ কৰােহঁক। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona



প্রাণী বিষয়ক ৰচনা- হাতী ৰচনা

 অসমীয়া ৰচনা Assamese essay Assamese rosona

হাতী 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

হাতী বনৰীয়া জন্তু। মানুহে হাবিৰ পৰা বুদ্ধিৰে ধৰি আনি পােহে। ডাঠ হাবিত হাতী জাক পাতি থাকে। হাতী ডাঙৰ জীৱ। ইয়াৰ গাটো বৰ ডাঙৰ। হাতীৰ ছাল ডাঠ। ইয়াৰ গাত পাতল ঠৰঙা নােম থাকে। হাতীৰ ঠেং চাৰিখন। ঠেংকেইটা বৰ ডাঙৰ। ঠেঙত পাঁচোটাকৈ ডাঙৰ নখ থাকে। হাতীৰ এডাল দীঘল শূৰ আছে। শুৰডাল আগফালে বৈ পৰা।

 অসমীয়া ৰচনা Assamese essay Assamese rosona

আমি হাতেৰে কাম কৰাে, হাতীয়ে কিন্তু সকলাে কাম শুৰেৰেই কৰে। শূঁৰৰ আগত দুটা ডাঙৰ ফুটা আছে, সিয়েই হাতীৰ নাক। হাতীয়ে নাকৰ ফুটাইদি পানী ভৰাই লয় আৰু পাচত মুখত ঢালি পানী খায় । হাবিৰ গছ-লতাৰ পাত, বনৰীয়া ফল-মূল, কলগছ, আদি হাতীৰ প্ৰধান খাদ্য। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

দীঘল দুটা দাঁত থকা হাতীক ‘দঁতাল’ হাতী আৰু এটা দাঁত থকা হাতীক ‘গণেশ’ বােলে। হাতীয়ে বহুত দিনৰ মূৰত পােৱালি দিয়ে। হাতী বৰ বলী। ই ডাঙৰ ডাঙৰ কাঠ লৈ যাব পাৰে। হাতী চলােৱা মানুহজনক মাউত বােলে। 


 অসমীয়া ৰচনা Assamese essay Assamese rosona


কৃষিবিষয়ক ৰচনা- ধানখেতি ৰচনা

অসমীয়া ৰচনা

ধানখেতি 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

ধানখেতি আমাৰ প্ৰধান খেতি। ধানৰ পৰা চাউল হয়। আমি চাউল সিজাই ভাত খাওঁ। সেইবাবে ভাত আমাৰ প্ৰধান খাদ্য। ধানখেতি নহ'লে আমি ভাত খাবলৈ নাপাওঁ। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

ধানখেতি সাধাৰণতে বাৰিষা ভাল হয়। ধানখেতিৰ বাবে পানী বৰ দৰকাৰ। বলদ গৰু বা মহেৰে হাল বাই মাটি চহাব লাগে। মাটি বােকা কৰি কঠীয়া ৰুব লাগে । জেঠ-আহাৰ মাহতকঠীয়া ধান পাৰিব লাগে।শাওন-ভাদ মাহত কঠীয়া ৰােৱা হয় । পুহ-মাঘ মাহত আহুধানৰ খেতি কৰা হয়। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

আমি কেইবা প্ৰকাৰৰ ধানখেতি কৰাে - শালিধান, বাওধান, আহুধান আৰু বড়ােধান। আজিকালি বহু প্ৰকাৰৰ উন্নত জাতৰ ধান ওলাইছে। সকলাে ধানৰ খেতি কৰিব পাৰিলে ভাল। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

ধানখেতি কৰিবলৈ নাঙল, মৈ, কোৰ আদি লাগে। আজিকালি ট্রেক্টৰ আৰু পাৱাৰটিলাৰ মাটি চহাবলৈ ব্যৱহাৰ কৰা হয়। আহুধান আহাৰ শাওন মাহত দোৱা হয়। শালিধান আঘােন- পুহ মাহত কাটি ঘৰলৈ অনা হয়। বেছি ধান খেতি কৰা মানুহ বৰ চহকী। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona



কৃষিবিষয়ক ৰচনা- কলগছ ৰচনা

অসমীয়া ৰচনা Assamese essay Assamese rosona

কলগছ

 অসমীয়া ৰচনা Assamese essay Assamese rosona

কলগছ আমাৰ বৰ লাগতীয়াল গছ। কলগছ বৰ সহজে হয়। কলগছৰ গাত বহুত পটুৱা থাকে। কলগছৰ পৰা আমি কল খাবলৈ পাঁও। ভালকৈ সাৰ-জাৱৰ দিলে ভাল কল পােৱা যায়। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

কলগছ বহুত প্ৰকাৰৰ আছে । ভীমকল বা আঠীয়া, জাহাজী, চেনিচম্পা, সােন্দা, ভােট মন্ধোৱা, মালভােগ, অমৃতসাগৰ, পুৰাকল আদি। পুৰাকল কেচাঁকৈ পাচলিৰ দৰে খায়। অন্য কলবােৰ পকাই খায়। ভীম কলৰ বাদে বাকীবােৰ ‘জাতিকল'। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

কলগছ আমাৰ বৰ দৰকাৰী গছ। কলগছৰ পাত আৰু পটুৱা সকামত প্রয়ােজন হয়। কলগছৰ সৰু পুলি পচলা-পাচলি কৰি খােৱা হয়। কলডিলাে এবিধ ভাল পাচলি। ভীমকলৰ বাকলি আৰু পটুৱা ৰ’দত শুকুৱাই জুইত পুৰি কলখাৰ কৰি খােৱা হয়। কলখাৰ এবিধ ভাল ‘চাবােন’। কাপােৰ ধুলে ভাল পৰিষ্কাৰ হয়। কেঁচুৱাৰ কাৰণে ভীমকল বৰ দৰকাৰী। মালভােগ কল স্বাস্থ্যৰ কাৰণে বৰ ভাল। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

কলখেতি বৰ লাভজনক। আজিকালি বহুতে কলখেতি কৰে। 




কৃষিবিষয়ক ৰচনা- মৰাপাট খেতি ৰচনা

অসমীয়া ৰচনা Assamese essay Assamese rosona

মৰাপাট খেতি

 অসমীয়া ৰচনা Assamese essay Assamese rosona

আমাৰ দেশৰ প্ৰায়বোেৰ ৰাজ্যতে কম-বেছি পৰিমাণে মৰাপাট খেতি কৰা হয়। ই ভাৰতৰ এবিধ প্রধান খেতি। মৰাপাটৰ পৰা বহুতাে লাগতিয়াল বস্তু তৈয়াৰ কৰা হয়। মৰাপাট শিল্পত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰতে প্রথম। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

মৰাপাট খেতিৰ বাবে বালিয়া আৰু পলসুৱা মাটিৰ দৰকাৰ। নদীৰ পানী সােমােৱা মাটি বা ব-দ্বীপ অঞ্চলত এই খেতি বেছি হােৱা দেখা যায়। দ মাটি মৰাপাটৰ বাবে বেছি উপযােগী। মৰাপাটৰ গুটি অর্থাৎ বীজ সিঁচাৰ আগতে মাটিডৰা কেইবাবাৰাে হাল বাই ল’ব লাগে। মাটিবােৰ ভালকৈ মিহি কৰি শাৰী শাৰীকৈ গুটি সিঁচিব লাগে। মাটিৰ গুণাগুণ পৰীক্ষা কৰি প্ৰয়ােজনীয় সাৰ দিয়া উচিত। গােবৰ, পচন সাৰ আদিৰ উপৰিও ইউৰিয়া, এমােনিয়া চালফেটৰ দৰে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব পাৰি । 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

মৰাপাটৰ পৰা আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বহু বস্তু তৈয়াৰ কৰিব পাৰি। চট কাপােৰ, কার্পেট, বস্তা, মােনা, ৰচী, সূতা আদি মৰাপাটৰ পৰা প্ৰস্তুত কৰা হয়। আমাৰ দেশত প্ৰয়ােজনতকৈ এতিয়াও মৰাপাটৰ উৎপাদন কম হৈ আছে। সেয়ে মৰাপাট খেতিৰ বাবে আমি অধিক মন দিয়া উচিত। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona



জীৱনীমূলক ৰচনা- কৃষ্ণকান্ত সন্দিকৈ ৰচনা 

অসমীয়া ৰচনা Assamese essay Assamese rosona

কৃষ্ণকান্ত সন্দিকৈ 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

কৃষ্ণকান্ত সন্দিকৈ এজন বিশ্ববিখ্যাত পণ্ডিত আছিল। পাণ্ডিত্যৰ বাবে তেওঁক পণ্ডিত- প্ৰৱৰ আখ্যা দিয়া হৈছিল। তেওঁ এজন প্রসিদ্ধ সংস্কৃত পণ্ডিত আৰু ভাষাতত্ববিদ। তেওঁ ১৮৯৮ চনৰ ২০ জুলাই তাৰিখে যােৰহাট নগৰত জন্ম হয় । দেউতাকৰ নাম দানবীৰ ৰাধাকান্ত সন্দিকৈ আৰু মাকৰ নাম নাৰায়ণী সন্দিকৈ। ১৯১৩ চনত যােৰহাট চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্রবেশিকা পৰীক্ষাত উত্তীর্ণ হয়। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

১৯১৫ চনত সন্দিকৈয়ে গুৱাহাটীৰ কটন কলেজৰ পৰা আই-এ পাছ কৰে। ১৯১৭ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি-এ পৰীক্ষা সুখ্যাতিৰে পাছ কৰে। সেইবাবে তেওঁক বিশ্ববিদ্যালয়ে সােণৰ পুৰস্কাৰ দিয়ে। সন্দিকৈ ১৯১৯ চনত এম-এ পৰীক্ষাত প্রথম হয়। বিলাতলৈ উচ্চ শিক্ষাৰ বাবে যায়। তেতিয়া বিলাতত অসমীয়া ল'ৰা চাৰিজনেহে পঢ়িছিল। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

কৃষ্ণকান্ত সন্দিকৈয়ে পৃথিবীৰ বহুত ভাষা পঢ়ি শিকিছিল। বিলাতৰ পৰা আহি হেমলতা আইদেউৰ লগত বিয়া হৈছিল। সন্দিকৈদেৱ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচার্য আছিল। মৃত্যুৰ সময়লৈকে তেওঁ কিতাপ পঢ়িয়েই সময় কটালে। তেওঁ বহু কিতাপ গুৱাহাটী বিশ্ববিদ্যালয়ক দান দি যায়।

 অসমীয়া ৰচনা Assamese essay Assamese rosona



জীৱনীমূলক ৰচনা- লাচিত বৰফুকন ৰচনা 
অসমীয়া ৰচনা Assamese essay Assamese rosona

লাচিত বৰফুকন

 অসমীয়া ৰচনা Assamese essay Assamese rosona

লাচিত বৰফুকন আহােম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ প্রধান সেনাপতি আছিল। তেওঁ বৰ সাহসী আৰু পৰাক্ৰমী আছিল। লাচিত বৰফুকনে নামনি অসম শাসন কৰিছিল। তেওঁ বৰ পৰাক্ৰমেৰে মােগলৰ লগত যুদ্ধ কৰিছিল। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

এবাৰ মােগলৰ লগত এখন ভয়ংকৰ ৰণ লাগিছিল। শৰাইঘাটত এই ৰণ হয়। ৰণৰ আগে আগে কামত অৱহেলা কৰাৰ বাবে নিজৰ মােমায়েকৰ মূৰটো কাটি পেলায় আৰু তেওঁ কৈছিল, “দেশতকৈ মোমাই ডাঙৰ নহয়।” সেই ৰণত লাচিতৰ সৈন্যই মােগলক হৰুৱায় । মোগলৰ বহু সৈন্য যুদ্ধত মৰিল। বহুত সৈন্যক বন্দীও কৰে ।

 অসমীয়া ৰচনা Assamese essay Assamese rosona

শৰাইঘাটৰ ৰণে লাচিতক মহান কৰে । লাচিতে অসমক ৰক্ষা কৰিছিল। ৰণত জিকি লাচিতে অসমৰ গৌৰৱ বঢ়ায়। দেশক ভালপােৱা বাবে তেওঁক দেশপ্রেমীক বােলে। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

আমি লাচিতৰ দৰে বীৰ আৰু দেশপ্রেমীকৰ আদৰ্শ লােৱা উচিত । 

 অসমীয়া ৰচনা Assamese essay Assamese rosona



জীৱনীমূলক ৰচনা- বীৰাংগনা কনকলতা ৰচনা

অসমীয়া ৰচনা Assamese essay Assamese rosona
বীৰাংগনা কনকলতা

 অসমীয়া ৰচনা Assamese essay Assamese rosona

কনকলতা বৰুৱাৰ ঘৰ শােনিতপুৰ জিলাৰ গহপুৰৰ ওচৰৰ বৰঙাবাৰীত। তেতিয়া আমাৰ দেশ বৃটিছে শাসন কৰিছিল । বৃটিছৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ নেতৃত্বত আন্দোলন চলিছিল। বৃটিছৰ থানাত আমাৰ জাতীয় পতাকা উৰাব লাগে। অসমৰ তেতিয়াৰ তেজপুৰ জিলাতে এনে অভিযান চলিল। গহপুৰ থানাত জাতীয় পতাকা উৰাবলৈ সকলাে মানুহ আগবাঢ়ি গ'ল। বৃটিছৰ পুলিচে বাধা দিলে। বাধা নামানি সকলাে লোক থানালৈ আগবাঢ়িল। কনকলতা হাতত জাতীয় পতাকা লৈ শাৰীটোৰ আগত আছিল। পুলিচে কনকলতালৈ বুলি গুলী মাৰিলে। কনকলতা মাটিত বাগৰি পৰিল। লগে লগে কনকলতা বৰুৱাৰ মৃত্যু হ’ল। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

দেশৰ কাৰণে কনকলতা মৰিল বাবে তেওঁ 'শ্বহীদ’ হ’ল। গহপুৰ থানাৰ সন্মুখত তেওঁৰ প্ৰতিমূৰ্ত্তি সকলােৱে দেখাকৈ আজিও আছে। তেওঁ মৰিও অমৰ। 


 অসমীয়া ৰচনা Assamese essay Assamese rosona


সানমিহলি ৰচনা- আমাৰ গাঁও ৰচনা

অসমীয়া ৰচনা Assamese essay Assamese rosona

আমাৰ গাঁও 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

আমাৰ গাঁওখনৰ নাম ......। আমাৰ গাঁওখন অসমৰ 

........জিলাৰ......মহকুমাৰ.......মৌজাত আছে । আমাৰ গাঁৱৰ উত্তৰে......দক্ষিণে......পশ্চিমে..... পূবে.....। আমাৰ গাঁৱত কেইবাটাও চুক বা চুবুৰি আছে । আমাৰ গাঁৱত প্রায় ৬০ ঘৰ মান মানুহ আছে। মুঠতে সকলাে মিলি .....জন মানুহ আমাৰ গাঁৱত আছে। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

আমাৰ গাঁৱত এখন প্রাথমিক বিদ্যালয়, এখন মধ্য ইংৰাজী বিদ্যালয় আছে। এটা নামঘৰ আছে, এটা ডাকঘৰ আছে, এটা পুথিভঁৰাল আৰু লগতে এখন খেলপথাৰ আছে। আমি সকলােৱে খেলপথাৰত খেলোঁ। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

আমাৰ গাঁৱৰ মানুহৰ প্ৰধান জীৱিকা কৃষি। গাঁৱৰ মানুহবােৰ সদায় কামত ব্যস্ত থাকে। বেপাৰ-বাণিজ্য কৰি ধন ঘটে। বছৰৰ প্ৰায় সকলাে উৎসৱ আমি সকলোৱে মিলিজুলি পালন কৰা হয়। আমাৰ গাঁৱৰ সকলাে মানুহ মিলা-প্ৰীতিৰে বাস কৰি আহিছে। 


 অসমীয়া ৰচনা Assamese essay Assamese rosona


সানমিহলি ৰচনা- আমাৰ বিদ্যালয় ৰচনা
অসমীয়া ৰচনা Assamese essay Assamese rosona

আমাৰ বিদ্যালয় 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

আমাৰ বিদ্যালয়খনৰ নাম.......... প্রাথমিক বিদ্যালয়। বিদ্যালয়খন গাঁৱৰ ঘাই পথটোৰ কাষত আছে। বিদ্যালয়ৰ উত্তৰে ........দক্ষিণে ........পশ্চিমে ........। পূৱে গাঁৱৰ ঘাই পথ। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

বিদ্যালয়ৰ ঘৰটো .....ফুট দীঘল । ইয়াক ইটা আৰু টিং পাতেৰে সজোৱা । শ্ৰেণীকোঠা...... টা। প্ৰতিটো কোঠাত .... খনকৈ খিড়িকী আছে। শ্ৰেণীকোঠাত ডেক্স-বেঞ্চ আছে। এযােৰকৈ টেবুল-চকী আছে। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

আমাৰ বিদ্যালয়ত ........ জন শিক্ষক আছে । তাৰে ..... গৰাকী শিক্ষক আৰু .....গৰাকী শিক্ষয়িত্রী। শ্ৰেণীকোঠাত আৱশ্যকীয় শিক্ষা লাভৰ সৰ্জুলি আছে।তাৰােপৰি এটা পুথিভঁৰাল, এখন খেলপথাৰ আৰু আগফালে এখন ফুলনি বাগিছা আছে। শিক্ষকে আমাক বহুত খেল-ধেমালি কৰিবলৈ শিকায় । 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

আমি শিক্ষাগুৰুসকলক সন্মান কৰাে। শিক্ষাগুৰুসকলে আমাক মৰম কৰে । প্রতিবছৰত আমি বিদ্যালয়ত সৰস্বতী পূজা, ১৫ আগষ্ট, ২৬ জানুৱাৰী, শিক্ষক দিৱস আদি পালন কৰাে । বিদ্যালয়খন চাফ- চিকুনকৈ ৰাখােহঁত। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona


সানমিহলি ৰচনা- দূৰদৰ্শন (টেলিভিচন) ৰচনা

অসমীয়া ৰচনা Assamese essay Assamese rosona
দূৰদৰ্শন (টেলিভিচন) 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

দূৰদৰ্শন এটা যন্ত্র। ই বিজ্ঞানৰ এক বিস্ময়কৰ অৱদান। দূৰদৰ্শনৰ সহায়ত আমি ঘৰতে বহি পৃথিবীৰ বহু খবৰ-বাতৰি জানিব পাৰোঁ। দূৰদৰ্শনত আমি পৃথিৱীৰ চুকে-কোণে ঘটি থকা ঘটনাবােৰ চকুৰে চাব পাৰাে আৰু কাণেৰে শুনিব পাৰো। ইয়াৰ সহায়ত খেলা-ধূলা, চিনেমা, নাটক, নাচ-গানকে আদি কৰি সকলাে উপভােগ কৰিব পাৰাে। ইয়াক আৱিস্কাৰ কৰে ১৯২৬ চনত জন বেয়ার্ড নামৰ এজন ইংৰাজ বিজ্ঞানীয়ে। আমাৰ দেশত ১৯৫৯ চনত প্ৰথম নতুন দিল্লীত দূৰদৰ্শন কেন্দ্র স্থাপন কৰা হয়। অসমৰ গুৱাহাটী আৰু ডিব্ৰুগড়ত থকা আঞ্চলিক কেন্দ্ৰৰ পৰা অসমীয়া অনুষ্ঠানে প্রচাৰ কৰা হয়। দূৰদৰ্শন আমাৰ প্রয়ােজনীয় বস্তু। কিন্তু অনবৰতে দূৰদৰ্শন চাই সময় নষ্ট কৰা উচিত নহয়। 


 অসমীয়া ৰচনা Assamese essay Assamese rosona


সানমিহলি ৰচনা- খেল-ধেমালীৰ প্ৰয়ােজনীয়তা ৰচনা

অসমীয়া ৰচনা Assamese essay Assamese rosona

খেল-ধেমালীৰ প্ৰয়ােজনীয়তা 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

মানুহে বহু যুগৰ আগৰে পৰা বিভিন্ন খেলা-ধূলা কৰি আহিছে। খেল-ধেমালী মানুহৰ শৰীৰ আৰু মন দুয়ােটাৰে বিকাশ সাধন কৰে। অর্থাৎ ই আমাৰ স্বাস্থ্য সবল-সুন্দৰ কৰি ৰখাৰ উপৰিও মনত আনন্দ দিয়ে। কিছুমান ধৰাবন্ধা কাম সদায় কৰি থাকিলে আমনি লাগে। কেতিয়াবা আকৌ আজৰি সময়ো পােৱা যায়। এনেদৰে মনৰ আমনি ভাব আঁতৰাবলৈ আৰু আজৰি সময় পাৰ কৰিবলৈও খেল-ধেমালীৰ প্ৰয়ােজন হয়। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

আজিকালি বহুধৰণৰ খেলা-ধূলা দেখিবলৈ পােৱা যায়। তাৰে কিছুমান হৈছে – ফুটবল, বেডমিণ্টন, টেবুল টেনিচ, লন টেনিচ, ক্রিকেট, ভলীবল, কেম, দবা, লুডু, হকি, গল্ফ আদি। এই খেলবােৰক দুটা ভাগত ভগােৱা হৈছে – আন্ত: আৰু বহি:। ইংৰাজীত ক্রমে ইন্ড’ৰ আৰু আৰু আউটড’ৰ গেছ বােলা হয়। যিবােৰ খেল ডাঙৰ মুকলি ঘৰ অথবা ঘৰৰ ভিতৰত খেলা হয় তাকে আন্ত: খেল বােলে । দ্বিতীয়তে যিবােৰ খেল ঘৰৰ বাহিৰত অর্থাৎ মুকলি ঠাইত খেলা হয় তাকে বহি: খেল বােলা হয় । কেম, টেবুল টেনিচ, দবা আদি আন্ত: খেল আৰু ফুটবল, ক্রিকেট, বাস্কেটবল আদি বহি: খেল। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

খেল-ধেমালিয়ে মানুহৰ বহুতাে উপকাৰ কৰে। দৈনন্দিন জীৱনত আমি অনেক কাম কৰিব লাগে। কাম কৰিবৰ বাবে মানুহক এটা ভাল স্বাস্থ্যৰ প্রয়ােজন। স্বাস্থ্য সুস্থ-সবল কৰি ৰাখিবৰ বাবে বহি: খেল ধেমালিয়ে বিশেষভাৱে সহায় কৰে। তদুপৰি মনৰ আমনি দূৰ কৰিবলৈ আমি বহি: আৰু আন্ত:-দুয়ােবিধ খেলকে খেলিব পাৰাে। ই আমাৰ মন সতেজ কৰি ৰাখে। সেইদৰে প্রত্যেকবিধ খেলৰ পৰাই যথেষ্ট আনন্দ পােৱা যায়। 

 অসমীয়া ৰচনা Assamese essay Assamese rosona

খেল-ধেমালিয়ে প্রত্যেকৰ মনত নিয়ম-শৃংখলাৰ প্রতি আগ্রহ জন্মায়। কাৰণ প্রত্যেক খেলতে কিছুমান নির্দিষ্ট নিয়ম-নীতি থাকে। খেলুৱৈসকলে দলবদ্ধভাৱে খেল-ধেমালি কৰে। ফলত তেওঁলােকৰ মনত একতা আৰু বন্ধুত্বৰ ভাৱ গঢ় লৈ উঠে। ইয়াৰ উপৰিও খেল- ধেমালিবােৰে খেলোঁতাসকলক নিয়মানুবর্তিতা, কষ্ট-সহিষ্ণুতা, সততা, সময়-জ্ঞান আদি শিকায়। বাল্যকালৰ পৰা এইবােৰ কথা শিকিব পাৰিলে প্রত্যেক খেল-খেলোতাৰে ভাল অভ্যাস আৰু সৎ চৰিত্ৰ গঢ় ল’ব। 


খেলা-ধূলাৰ অবিহনে আজিকালি দিনৰ শিক্ষা সম্পূর্ণ বুলি ক'ব নােৱাৰি। আধুনিক যুগত খেলা-ধূলা শিক্ষাৰ অংগস্বৰূপ হৈ পৰিছে। চৰকাৰেও আজিকালি ইয়াৰ উন্নতিৰ বাবে বহু টকা-পইছা খৰচ কৰে। সেয়ে আমি পঢ়া-শুনাৰ দৰেই খেলা-ধূলাৰ প্রতিও সমানে মনােযােগ দিয়া প্রয়ােজন।

 অসমীয়া ৰচনা Assamese essay Assamese rosona

🖊সংগ্রহীত

অসমীয়া ৰচনা-অসমৰ ৰচনা-বিভিন্ন বিষয়ক ৰচনা-Axomor Axomiya Rosona-Short Essay in Assamese language

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
  1. বহুতো নজনা কথা জানিবলৈ পালো।আৰু পাবলৈ আশা ৰাখিলো

    ReplyDelete