অসমীয়া কাহিনী-Assamese Moral Story

অসমৰ অসমীয়া কাহিনী অসমীয়া নতুন সাধু কথা আৰু নীতি শিক্ষা Assamese story with moral Assamese story writing New Assamese story Assamese story fairy tales 

অসমৰ অসমীয়া কাহিনী অসমীয়া নতুন সাধু কথা আৰু নীতি শিক্ষা Assamese story with moral Assamese story writing New Assamese story Assamese story fairy tales
অসমীয়া কাহিনী




- কৃষকৰ পুত্ৰ আৰু এক আটি খাগৰি (একতাই পৰম বল) 
- আব্রাহাম লিংকনৰ সাধুতা (সততাই মানুহক মহৎ কৰে) 
- মাটিৰ তলৰ সােণৰ কলহ (পৰিশ্রমেই উন্নতিৰ মূল) 
- শিয়াল আৰু এজনী কাউৰী (তােষামােদকাৰীৰ পৰা সাৱধানে থকা উচিত) 


অসমৰ অসমীয়া কাহিনী আৰু নীতিশিক্ষা Assamese Moral Story

অসমীয়া কাহিনী- কৃষকৰ পুত্ৰ আৰু এক আটি খাগৰি


এজন খেতিয়কৰ পাঁচজন পুতেক আছিল। তেওঁ বৰ পৰিশ্রমী আৰু কৰ্মী আছিল। খেতিৰ বলত তেওঁ ধনী হৈ পৰিছিল। লাহে লাহে তেওঁ বুঢ়া হৈ আহিছিল। তেওঁৰ এটাই চিন্তা- তেওঁৰ পাঁচটা পুতেকৰ মাজত মিলা-প্রীতি নাছিল। সিহঁতে সদায় কাজিয়া কৰি থাকে। বহু চেষ্টা কৰিও বুঢ়াই সিহঁতৰ মাজত মিলা-প্রীতি কৰিব নােৱাৰিলে। 


এদিন বুঢ়াই এটা উপায় উলিয়ালে। পুতেকহঁতক ওচৰলৈ মাতি আনিলে। বুঢ়াই খাগৰি এক আটি আনিলে। এজন এজনকৈ প্ৰত্যেককে, খাগৰি আটি ভাঙিবলৈ ক'লে। খাগৰি আটি ভাঙিবলৈ পুতেকহঁতে বহু চেষ্টা কৰিলে। কোনেও ভাঙিব নােৱাৰিলে । 


তাৰ পাচত খাগৰি আটি খুলি এডাল এডালকৈ দিলে আৰু ভাঙিবলৈ ক'লে । তেতিয়া সকলােৱেই সহজে খাগৰি ভাঙিবলৈ সক্ষম হ’ল । তেতিয়া বুঢ়াই মিচিকিয়াই হাঁহি মাৰি ক'লে, “তােমালােক এই খাগৰি আটিৰ নিচিনা । একেলগে খাগৰি আটি ভাঙিব নােৱাৰি । এডাল এডাল কৰিলতহে ভাঙিব পাৰিলা । সকলাে মিলা-প্ৰীতিৰে থাকিলে তােমালােকক কোনাে শত্ৰুৱে অপকাৰ কৰিব নােৱাৰিব । বেলেগ বেলেগ হৈ থাকিলে শত্ৰুৱে তােমালােকক অনিষ্ট কৰিব পাৰিব।” 


বুঢ়াৰ কথা পুতেকহঁতে বুজি পালে। সেইদিনাৰ পৰাই পুতেকহঁতৰ মাজত মিলা-প্রীতি বাঢ়ি গ'ল। সকলােৱে সুখেৰে দিন কটালে । 


সাৰাংশ/নীতি শিক্ষা- একতাই পৰম বল।



*****

অসমৰ অসমীয়া কাহিনী আৰু নীতিশিক্ষা Assamese Moral Story


অসমীয়া কাহিনী- আব্রাহাম লিংকনৰ সাধুতা 


আব্রাহাম লিংকন আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি আছিল। তেওঁৱে আমেৰিকাৰ পৰা দাসত্ব প্ৰথাৰ বিলােপ ঘটায়। এই কাৰণে তেওঁ বিশ্ববাসীৰ বাবে আজিও স্মৰণীয় ব্যক্তি। লিংকন পিছলৈ ৰাষ্ট্রপতি হলেও জীৱনৰ আৰম্ভণিতে এখন দোকানৰ কৰ্মচাৰী আছিল। তেওঁ দিনটো দোকানখনত বয়-বস্তু বিক্ৰী কৰি ব্যস্ত থাকে। ৰাতি হলে বিক্ৰীৰ পৰা পােৱা টকা-পইচাৰ হিচাপ কৰিবলৈ লয়। 


এদিন ৰাতি দোকান সামৰিবৰ সময়ত হিচাপ কৰোঁতে লিংকনে তিনি পেন্স বেছি পালে । তেওঁ বাৰম্বাৰ হিচাপ কৰি নিশ্চিত হ’ল –সচাই তিনি পেন্স বেছি ওলাইছে। তথাপি তেওঁ বেছি পইছা ওলােৱাৰ কাৰণ ধৰিব পৰা নাই। বহু চেষ্টাৰ মূৰকত তেওঁৰ মনত পৰিল। এগৰাকী বুঢ়ীয়ে বস্তু কিনােতে অলপ পইছা বেছি দিলে। 


লিংকনেও গ্রাহকৰ ভীৰ থকাৰ বাবে বুঢ়ী গৰাকীৰ পৰা অধিক পইছা ৰাখিলে; কিন্তু ঘূৰাই দিয়া নহ’ল। তেওঁ নিজৰ ভুল বুজি পালে আৰু বুঢ়ী গৰাকীক পইছা ঘূৰাই দিবলৈ উত্তাৱল হ’ল। লিংকনে খৰখেদাকৈ দোকান বন্ধ কৰি বুঢ়ী গৰাকীৰ ঘৰৰ ফালে খােজ ল’লে। তেতিয়া যথেষ্ট ৰাতি হৈছিল আৰু শীতৰ প্রকোপ বাঢ়ি গৈছিল। তথাপি তেওঁ দুমাইল খােজ কাঢ়ি বুঢ়ী গৰাকীৰ প্রাপ্য পইছা ঘূৰাই দিলেগৈ। এটি সাধাৰণ বস্তু বিক্রেতা ল’ৰাৰ সাধুতা দেখি বুঢ়ী মুগ্ধ হ’ল। তেওঁ লিংকনৰ মঙ্গল কামনা কৰি আশীর্বাদ দিলে । 


সাৰাংশ/নীতি শিক্ষা- সততাই মানুহক মহৎ কৰে ।



*****

অসমৰ অসমীয়া কাহিনী আৰু নীতিশিক্ষা Assamese Moral Story


অসমীয়া কাহিনী- মাটিৰ তলৰ সােণৰ কলহ 


পুৰণি কালত এখন গাঁৱত এজন খেতিয়ক আছিল। তেওঁৰ চাৰিজন পুতেক আছিল। পুতেক কেইজন বৰ এলেহুৱা আছিল। দেউতাকে খেতি আৰু ঘৰৰ কাম-বন কৰে আৰু পুতেকহঁতে ঘৰত কাম বন নকৰাকৈ বহি খায় । দেউতাক বুঢ়া হৈ আহিল। তেওঁৰ চিন্তা হল, মােৰ মৃত্যুৰ পাচত ল’ৰাহঁতৰ অৱস্থা কি হ’ব? কেনেকৈ খাব?” 


এদিন বুঢ়াৰ ডাঙৰ অসুখ হ’ল। তেওঁ ভাবিলে-তেওঁ আৰু জীয়াই নাথাকে। পুতেকহঁতক ওচৰলৈ মাতি আনি সেহাই সেহাই ক'লে, “বােপাইহঁত, মই আৰু জীয়াই নাথাকো। পাচফালৰ ফলমূলৰ বাৰীখনত একলহ সােণ পুতি থােৱা আছে। খান্দি উলিয়াই বেছি-কিনি খাবি ।” ইয়াকে কৈ বুঢ়া মৰি থাকিল। 


কিছুদিনৰ পাচত পুতেককেইটাই মাটিৰ তলত থকা সােণৰ কলহ খান্দি অনাৰ কথা ভাবিলে। কোন ঠাইত সােণৰ কলহ পুতি থােৱা আছিল বুঢ়াই সেই কথা কোৱা নাছিল। সেয়ে চাৰিভায়ে এফালৰ পৰা বাৰীখন খান্দি যাবলৈ ধৰিলে। কিন্তু সিহঁতে সােণৰ কলহ ক’তাে নাপালে। 


বাৰীখন কোৰ মাৰি চহাই পেলােৱা বাবে ফলমূলৰ গছবােৰত ডাল ভৰি গুটি লাগিল । ফলমূল বেচি বহুত ধন পালে। তেতিয়াহে আচল কথাটো সিহঁতে বুজি পালে। তেওঁলােকে তেতিয়াৰ পৰাই এলেহুৱা স্বভাৱ ত্যাগ কৰি কাম-বন কৰাত লাগি গল। 


সাৰাংশ/ নীতি শিক্ষা- পৰিশ্রমেই উন্নতিৰ মূল।



*****

অসমৰ অসমীয়া কাহিনী আৰু নীতিশিক্ষা Assamese Moral Story

অসমীয়া কাহিনী- শিয়াল আৰু এজনী কাউৰী


এজনী কাউৰী এজোপা গছত বাহ সাজি থাকিবলৈ লৈছিল। এদিন কাউৰীজনীয়ে এটুকুৰা পিঠা ঠোটত লৈ গছজোপাত পৰিলহি। গছজোপাৰ তলতে এটা শিয়াল বহি আছিল। পিঠাটুকুৰা দেখি তাৰ লােভ লাগিল। শিয়ালে ভাবিলে, -“এই পিঠা টুকুৰা মইহে খাম, কাউৰীয়ে চাইহে থাকিব লাগিব।” সি কাউৰীজনীক ক'লে, “হেৰা কাউৰীজনী, তুমি ইমান ধুনীয়া। তােমাৰ চকু দুটা বৰ মৰম লগা। উৰি যাওতে তোমাক ইমান সুন্দৰ লাগে। মই ভাবো, তােমাৰ মাতটো ছাগে শুনিবলৈ বৰ সুৱলা হ’ব। এটা গীত গায় শুনােৱাছােন!” 


শিয়ালৰ মুখত মৰমীয়াল কথাবােৰ শুনি কাউৰীয়ে সন্তোষ পালে। দেউকা জোকাৰি সহাৰি দিলে। তাই শিয়ালক গীত শুনাবলৈ মন কৰিলে। কিন্তু মুখ মেলােতেই, তাইৰ মুখৰ ডাঙৰ পিঠাটুকুৰা তলত ৰৈ থকা শিয়ালৰ মুখৰ আগত পৰি গ’ল। পিঠাটুকুৰা আগত পায় শিয়াল সন্তুষ্ট হ’ল। কাউৰীক ক'লে, “মৰমৰ কাউৰীজনী, কেতিয়াবা কোনােবাই তােমাক প্রশংসা কৰিলে তুমি কেতিয়াও মুখ নেমেলিবা। ধন্যবাদ।” শিয়ালে পৰম তৃপ্তিৰে পিঠাটুকুৰা খাই আঁতৰি গল। 


সাৰাংশ/নীতি শিক্ষা- তােষামােদকাৰীৰ পৰা সাৱধানে থকা উচিত। 



*****


অসমৰ অসমীয়া কাহিনী অসমীয়া নতুন সাধু কথা আৰু নীতি শিক্ষা Assamese story with moral Assamese story writing New Assamese story Assamese story fairy tales 


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.