কাৰক কাক বোলে? কাৰক কেই প্রকাৰৰ কি কি?

কাৰক কাক বোলে? কাৰক কেই প্রকাৰৰ কি কি? অসমীয়া ব্যাকৰণত কাৰক আৰু বিভক্তি- Assamese Grammar


কাৰক কাক বোলে? কাৰক কেই প্রকাৰৰ কি কি? অসমীয়া ব্যাকৰণত কাৰক আৰু বিভক্তি- Assamese Grammar
কাৰক



কাৰক কাক বোলে? কাৰক কেই প্রকাৰৰ? কাৰক কি কি? 


ক্রিয়াৰ লগত যিবােৰ পদৰ সম্বন্ধ থাকে(বিশেষ্য আৰু সর্বনাম) পদক, সেই পদবােৰক কাৰক বােলে। 

কাৰক কাক বোলে? কাৰক কেই প্রকাৰৰ কি কি? অসমীয়া ব্যাকৰণত কাৰক আৰু বিভক্তি

কাৰক ছয় প্রকাৰৰ  

(ক) কর্তা কাৰক, 

(খ) কর্ম কাৰক, 

(গ) কৰণ কাৰক, 

(ঘ) সম্প্রদান কাৰক, 

(ঙ) অপাদান কাৰক আৰু 

(চ) অধিকৰণ কাৰক। 


কাৰক কাক বোলে? কাৰক কেই প্রকাৰৰ কি কি? অসমীয়া ব্যাকৰণত কাৰক আৰু বিভক্তি

(ক) কর্তা কাৰক: 

যি ক্রিয়া সম্পন্ন কৰে, সিয়েই কর্তা কাৰক। কর্তা কাৰকত কর্তাত প্রথমা বিভক্তি -ই, এ হয়। 

যেনে—মাধৱদেৱে নামঘােষা পুথিখন ‘ৰচিছিল'। ইয়াত 'ৰচিছিল’ ক্রিয়াটোৰ কর্তা ‘মাধৱদেৱ’, গতিকে মাধৱদেৱ কর্তা কাৰক আৰু সেয়ে ইয়াত প্রথমা বিভক্তি যুক্ত হৈছে। "ছাত্ৰসকলে পঢ়িছে।” -এই বাক্যটোত 'পঢ়িছে’ ক্রিয়া সম্পাদন কৰিছে- ‘ছাত্ৰসকলে', যি ক্রিয়া সম্পাদন কৰিছে গতিকে, ‘ছাত্ৰসকলে’- কর্তা কাৰক। সেইদৰে, মেঘে গাজিছে ; ল’ৰাই খেলিছে। ইয়াত মেঘে, ল'ৰাই কর্তা কাৰক। কর্তা কাৰকত প্রথমা বিভক্তিৰ চিন- ই, এ যােগ হৈছে।


কোনাে কোনাে অকর্মক ক্রিয়াৰ কৰ্তাত বিভক্তি উহ্য থাকে। যেনে—‘ভকতজন চলিল।' হৰি গ'লগৈ। কিন্তু হঁহা, কন্দা, নচা আদি কিছুমান অকর্মক ক্রিয়াৰ কর্তাত বিভক্তি উহা নহয়। যেনে- ‘হৰিয়ে হাঁহে।' ‘ল’ৰাটোৱে কান্দিছে।' ‘বীণাই নাচিছে। ইত্যাদি। 


কাৰক কাক বোলে? কাৰক কেই প্রকাৰৰ কি কি? অসমীয়া ব্যাকৰণত কাৰক আৰু বিভক্তি

(খ) কর্ম কাৰক: 

কর্তাই যি কৰে বা যাৰ ওপৰত ক্রিয়া সম্পন্ন হয়, সেয়ে কর্ম কাৰক। 

যেনে- ছাত্ৰসকলে কিতাপ পঢ়িছে। এই বাক্যটোত পঢ়া কাৰ্যটো কিতাপৰ ওপৰত হৈছে। যাৰ ওপৰত কর্তাই ক্রিয়া সম্পাদন কৰে, এতেকে, ‘কিতাপ'- কর্ম কাৰক। কর্ম কাৰকত ২য়া বিভক্তিৰ চিন অক- (ক) যোগ হয়। কিন্তু বিভক্তিৰ চিন প্রায়ে লুপ্ত হৈ থাকে। যেনে- মানুহে ভাত খায় ; আমি কিতাপ পঢ়ো। কিছুমান বাক্যত লােপ নহয়। যেনে- ৰামে হৰিক মাৰিলে ; মই ৰামক মাতিছোঁ।

কাৰক কাক বোলে? কাৰক কেই প্রকাৰৰ কি কি? অসমীয়া ব্যাকৰণত কাৰক আৰু বিভক্তি

মনত ৰাখিব লগীয়া কথা- 

দ্বিকর্মক ক্রিয়াৰ বাক্য হলে, মুখ্য কর্মত বিভক্তিৰ চিন লােপ হয়, গৌণ কর্মত নহয়। যেনে-

মই তেওঁক (গৌণ কর্ম) এখন কিতাপ (মুখ্য কর্ম) দিলো। 


কাৰক কাক বোলে? কাৰক কেই প্রকাৰৰ কি কি? অসমীয়া ব্যাকৰণত কাৰক আৰু বিভক্তি

(গ) কৰণ কাৰক:

কর্তাই যাৰদ্বাৰা ক্রিয়া সম্পন্ন কৰে, তাকে কৰণ কাৰক বোলে। কৰণ কাৰকত তৃতীয়া বিভক্তি 'ৰে' ব্যৱহাৰ হয়।

যেনে- তেওঁ কুঠাৰেৰে, খৰি ফালিছে। 

আমি নাৱেৰে নদী পাৰ হ'লোঁ’- বাক্য দুটাত ‘ফালিছে’- ক্রিয়া ‘কুঠাৰেৰে' আৰু 'পাৰ হলো'- ক্রিয়া নাৱেৰে’- সম্পাদন কৰা হৈছে। যাৰদ্বাৰা কৰ্তাই ক্রিয়া সম্পাদন কৰে,সেয়াই কৰণ কাৰক। এতেকে, 'কুঠাৰেৰে’ ‘নাৱেৰে’- কৰণ কাৰক। কৰণ কাৰকত ৩য়া বিভক্তি হয়। 


কাৰক কাক বোলে? কাৰক কেই প্রকাৰৰ কি কি? অসমীয়া ব্যাকৰণত কাৰক আৰু বিভক্তি

(ঘ) সম্প্রদান কাৰক:

কোনাে এটা বস্তু একেবাৰে দান কৰি দিলে, যাক দিয়া হয় তাক সম্প্রদান কাৰক বোলে। 

যেনে- 'তেওঁ গুৰুক দক্ষিণা দিছে’, 

‘তেওঁ গুৰুলৈ টোপােলা আগবঢ়াইছে'। এই বাক্য দুটাত ‘দিছে’ আৰু ‘আগবঢ়াইছে’ - ক্রিয়াই ক্রমে ‘গুৰুক' আৰু 'গুৰুলৈ’- দান দিয়া কার্য কৰা বুজাইছে। যাক দান কৰা যায়, তাক সম্প্রদান কাৰক বােলে। গতিকে ‘গুৰুক’ ‘গুৰুলৈ'- সম্প্রদান কাৰক। সম্প্রদান কাৰকত ৪র্থী বিভক্তি হয়।

কাৰক কাক বোলে? কাৰক কেই প্রকাৰৰ কি কি? অসমীয়া ব্যাকৰণত কাৰক আৰু বিভক্তি

মনত ৰাখিব লগীয়া কথা-

‘সম্প্রদান’ শব্দৰ অৰ্থ- সম্বন্ধ ছেদ কৰি দান কৰা। গতিকে সম্বন্ধ ছেদ কৰি দান কৰা ক্ষেত্ৰতহে সম্প্রদান কাৰক হ'ব। দিবলগীয়া বস্তু দিলে, ধাৰলৈ দিলে বা ঘূৰাই লােৱাকৈ দিলে, দান কৰা নহ'ব বাবে, সেই ক্ষেত্ৰত সম্প্রদান কাৰক নহয়। যেনে- ৰজাক খাজনা দিছে, ধােবাক ধুবলৈ কাপােৰ দিছো, কর্মচাৰীক বেতন দিছে। এনে ক্ষেত্ৰত কর্ম কাৰকহে হ'ব।


কাৰক কাক বোলে? কাৰক কেই প্রকাৰৰ কি কি? অসমীয়া ব্যাকৰণত কাৰক আৰু বিভক্তি

(ঙ) অপাদান কাৰক:

অপাদান কাৰক যাৰপৰা কিবা হােৱা, পােৱা বা অনা আদি বুজায়, তাকে অপাদান কাৰক বােলে। অপাদান কাৰকত ষষ্ঠী বিভক্তিৰ পাছত ‘পৰা’ অনুসর্গ যােগ হয়। 

যেনে- গুটিৰপৰা গছ গজে। 

সােমবাৰৰপৰা আমাৰ পৰীক্ষা আৰম্ভ হব। 

গছৰপৰা আম সৰিছে। 

বিপদৰপৰা ৰক্ষা পৰিলোঁ। 

দেশত হাবি নােহােৱাত বাঘৰপৰা ভয় নাইকিয়া হল। 


ওপৰৰ বাক্যবােৰৰ তলত আঁচ টনা পদবােৰ উৎপন্ন হােৱা, আৰম্ভ হােৱা, ভিন্ন বা পৃথক হােৱা, ৰক্ষা পােৱা, ভয় পােৱা আদি অর্থ বুজাইছে। 


যাৰপৰা উৎপন্ন হােৱা, আৰম্ভ হােৱা, ভিন্ন বা পৃথক হােৱা, ৰক্ষা পােৱা, ভয় পােৱা আদি বুজায়, সেয়াই অপাদান কাৰক। গতিকে, গুটিৰপৰা, সােমবাৰৰপৰা, গছৰপৰা, বিপদৰপৰা, বাঘৰপৰা - এইবােৰ অপাদান কাৰক। অপাদান কাৰকত ৫মী বিভক্তি হয়। 


কাৰক কাক বোলে? কাৰক কেই প্রকাৰৰ কি কি? অসমীয়া ব্যাকৰণত কাৰক আৰু বিভক্তি

(চ) অধিকৰণ কাৰকঃ 

অধিকৰণ কাৰক যত বা যি সময়ত ক্রিয়া সম্পাদিত হয়, অর্থাৎ যি ক্রিয়াৰ আধাৰ, তাকে অধিকৰণ কাৰক বােলা হয়। অধিকৰণ কাৰকত সপ্তমী বিভক্তি হয়। 


যেনে- গাখীৰত ঘি আছে, গুৱাহাটীত চিৰিয়াখানা আছে, দিনত শােৱা ভাল নহয়। বাক্যকেইটাৰ তলত আঁচটনা পদবোৰে ‘আছে’, ‘ভাল নহয়' আদি ক্রিয়া ক’ত সম্পাদিত হৈছে, তাকে বুজাইছে। যত ক্রিয়া সম্পাদিত হয়, সেয়াই অধিকৰণ কাৰক। অধিকৰণ কাৰকত ৭মী বিভক্তি হয়। 

কাৰক কাক বোলে? কাৰক কেই প্রকাৰৰ কি কি? অসমীয়া ব্যাকৰণত কাৰক আৰু বিভক্তি

এই কাৰক দুই প্রকাৰ—

(ক) কালাধিকৰণ আৰু 

(খ) আধাৰাধিকৰণ। 


(ক) কালাধিকৰণ : 

তেওঁ ভাদত জন্মিছিল। ৰাতিপুৱা (ত) বেলি ওলায়। শৰৎকালত জল-স্থল সকলাে নির্মল হয়। বাক্যকেইটাত পদবিলাক ‘জন্মিছিল’, ‘ওলায়’ আৰু ‘হয়’- ক্রিয়া সম্পাদিত হােৱা কাল বা সময় বুজাইছে। গতিকে, এইবােৰ কালাধিকৰণ। 

(খ) আধাৰাধিকৰণ:

পানীত মাছ থাকে। 

তেওঁৰ ধৰ্মত মতি আছে। 

-এই বাক্যকেইটাৰ পদবিলাকে একো একোটা আধাৰ বুজাইছে গতিকে, ইহঁত আধাৰাধিকৰণ।


কাৰক কাক বোলে? কাৰক কেই প্রকাৰৰ কি কি? অসমীয়া ব্যাকৰণত কাৰক আৰু বিভক্তি

আধাৰাধিকৰণ আকৌ তিনিবিধ—একদেশ, বিষয় আৰু ব্যাপ্তি। 

একদেশকোনাে অংশবিশেষত ক্রিয়া সম্পন্ন হলে, একদেশ আধাৰাধিকৰ| হয়। যেনে—অসমত চাহ-খেতি হয় (অসমৰ অংশবিশেষত হয়)। 


বিষয়— কোনাে এটি বিষয়-বিশেষত ক্রিয়া সম্পাদিত হলে বিষয় আধাৰাধিকৰ| হয়। যেনে—ল’ৰাটো পঢ়াত ভাল (পঢ়া-বিষয়ত)। 


ব্যাপ্তি- ব্যাপ্তি অর্থাৎ গােটেইটোকে জুৰি যদি ক্রিয়াৰ অৱস্থিতি বুজ তেনেহ'লে ব্যাপ্তি আধাৰাধিকৰণ হয়। যেনে—“তিলত তেল আছে'। (তিলত গােটেইটোতে তেল বিয়পি আছে)।


কাৰক কাক বোলে? কাৰক কেই প্রকাৰৰ কি কি? অসমীয়া ব্যাকৰণত কাৰক আৰু বিভক্তি

বিভক্তি সাতটা যদিও কাৰক ছটাহে। কাৰণটো হৈছে-

সম্বন্ধ পদ 

দুটা বস্তুৰ মাজত পৰস্পৰ সম্পর্ক বা অধিকাৰ থকা বুজালে, তাকে সম্বন্ধ পদ বােলে। সম্বন্ধ পদৰ ক্ৰিয়াৰ লগত বিশেষ সম্পর্ক নাথাকে; সেয়ে ই কাৰক হ’ব নােৱাৰে, বাক্যত থকা বিশেষ্য বা সর্বনামৰ লগত সম্বন্ধ থকা বাবে ইয়াক সম্বন্ধ পদ বােলে। ইয়াত ষষ্ঠী বিভক্তি যােগ হয়। 


যেনে—“আমাৰ এহাল বলধ আছে। ইয়াৰ মূল বাক্যটো হ'ল—এহাল বলধ আছে। “আমাৰ’ পদটোৰ লগত ক্রিয়াৰ পােনপটীয়া সম্পর্ক একো নাই, ক্রিয়াৰ সম্বন্ধ বলধহালৰ লগতহে। 

কাৰক কাক বোলে? কাৰক কেই প্রকাৰৰ কি কি? অসমীয়া ব্যাকৰণত কাৰক আৰু বিভক্তি

মন কৰিব লগীয়া কথা

কর্তৃবাচ্যৰ বাক্যতহে কর্তাত প্রথমা আৰু কৰ্মত দ্বিতীয়া বিভক্তি হয়। ভাববাচ্যৰ বাক্যত আকৌ কর্তাত ষষ্ঠী বিভক্তিহে হয়। 


মােলৈ চোৱা, স্কুললৈ গ'ল, দুটা বাজিবলৈ এতিয়াও বাকী—এইবােৰত চতুর্থ বিভক্তি যােগ হলেও দৰাচলতে সম্প্রদান কাৰক নহয়। এইবােৰক নিমিত্তার্থক কাৰক বােলে।

কাৰক কাক বোলে? কাৰক কেই প্রকাৰৰ কি কি? অসমীয়া ব্যাকৰণত কাৰক আৰু বিভক্তি



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.