Class 3 Assamese Book Ankuran Solutions

Class 3 Assamese Book Ankuran Question and Answers-Class 3 Assamese Medium Book Solutions অংকুৰণ তৃতীয় শ্ৰেণীৰ পাঠ-

অংকুৰণ তৃতীয় শ্ৰেণীৰ পাঠ তৃতীয় শ্ৰেণীৰ ছাত্র ছাত্রীসকলৰ বাবে অসমীয়া ভাষা অসমীয়া বিষয় Class 3 Assamese Book Ankuran Question and Answers-Class 3 Assamese Medium Book Solutions Assamese subject Assamese language for all students of Class III Three Question Paper Model book
Class 3 Assamese Book Ankuran Question and Answers-Class 3 Assamese Medium Book Solutions অংকুৰণ তৃতীয় শ্ৰেণীৰ পাঠ

অংকুৰণ তৃতীয় শ্ৰেণীৰ পাঠ তৃতীয় শ্ৰেণীৰ ছাত্র ছাত্রীসকলৰ বাবে অসমীয়া ভাষা অসমীয়া বিষয় Class 3 Assamese Book Ankuran Question and Answers-Class 3 Assamese Medium Book Solutions Assamese subject Assamese language for all students of Class III Three Question Paper Model book


অংকুৰণ তৃতীয় শ্ৰেণীৰ পাঠ তৃতীয় শ্ৰেণীৰ ছাত্র ছাত্রীসকলৰ বাবে অসমীয়া ভাষা অসমীয়া বিষয় Class 3 Assamese Book Ankuran Question and Answers-Class 3 Assamese Medium Book Solutions Assamese subject Assamese language for all students of Class III Three Question Paper Model book
Class 3 Assamese Book Ankuran Question and Answers-Class 3 Assamese Medium Book Solutions অংকুৰণ তৃতীয় শ্ৰেণীৰ পাঠ

১। আমাৰ গাঁও 

ক্রিয়াকলাপ 

ক – পাঠভিত্তিক ক্রিয়া 

কওঁ আহা 


(ক) পদূলিমুখত কি ফুল ফুলে? 

উঃ- পদূলিমুখত গধূলি গোপাল ফুল ফুলে। 


(খ) গাঁৱৰ পুখুৰীত কি হাঁহ চৰে? 

উঃ- গাঁৱৰ পুখুৰীত ৰাজ হাঁহ চৰে। 


(গ) পথাৰখন দেখিবলৈ কেনেকুৱা? 

উঃ- পথাৰখন দেখিবলৈ সোণালী। 


(ঘ) গাঁৱৰ ৰাইজে মিলিজুলি কি কৰে? 

উঃ-গাঁৱৰ ৰাইজে মিলিজুলি মৰমৰ হাট কৰে। 


(ঙ) কি কি শুৱনি বস্তুৰে গাঁওখন ভৰি আছে? 

উঃ- গাঁৱৰ ঘৰ, ফুল, বাৰীৰ তামোল পাণ, পথাৰৰ পকা ধান, পুখুৰীৰ ৰাজহাঁহ, ঔগছৰ মৌবাহ, চৰাই, পখিলা, গৰু-গাই, নদীৰ ঘাট, নামঘৰ - এই সমূহ শুৱনি বস্তুৰে গাঁওখন ভৰি আছে। 


(চ) পদ্যটিত একেটি থুপিৰে ফুল বুলি কাক কোৱা হৈছে? 

উঃ- পদ্যটিত একেটি থুপিৰে ফুল বুলি পদুমী, কদমী, মেলিনা, ছখিনাক কোৱা হৈছে। 



(ক) পদ্যটোত থকা মানুহৰ নাম=

ৰহিম, মহিম, দুল,পদুমী, কদমী, মেলিনা, ছখিনা


(খ) পদ্যটোত থকা শুৱনি বস্তুবােৰৰ নাম=

গাঁৱৰ ঘৰ, ফুল, বাৰীৰ তামোল পাণ, পথাৰৰ পকা ধান, পুখুৰীৰ ৰাজহাঁহ, ঔগছৰ মৌবাহ, চৰাই, পখিলা, গৰু-গাই, নদীৰ ঘাট, নামঘৰ 


(গ) পদ্যটোত বিচাৰি উলিয়াই লিখা। 

'ৰ' আখৰটো প্ৰথমতে থকাশব্দ=

ৰাজহাঁহ, ৰচকী, ৰহিম, 


'ৰ' আখৰটো মাজত থকা শব্দ= 

বাৰীখনি, চৰাই, বাটৰুৱা, মৰমৰ

 

ৰ' আখৰটো শেষত থকাশব্দ=

আমাৰ, ভৰা, ঘৰ, মনোহৰ, পথাৰ, ভৰি, পৰে, গাৱঁৰ, পুখুৰী, চৰে, গছৰ, গৰু, নদীৰ, সৰু, নামঘৰ, বকুলৰ, থুপিৰে, মুখৰ। 


*******


অংকুৰণ তৃতীয় শ্ৰেণীৰ পাঠ তৃতীয় শ্ৰেণীৰ ছাত্র ছাত্রীসকলৰ বাবে অসমীয়া ভাষা অসমীয়া বিষয় Class 3 Assamese Book Ankuran Question and Answers-Class 3 Assamese Medium Book Solutions Assamese subject Assamese language for all students of Class III Three Question Paper Model book
Class 3 Assamese Book Ankuran Question and Answers-Class 3 Assamese Medium Book Solutions অংকুৰণ তৃতীয় শ্ৰেণীৰ পাঠ


২। একতাৰ বল 

ক - পাঠভিত্তিক ক্রিয়া

উত্তৰ দিয়া-


(ক) গাওবুঢ়া মহীকান্তৰ নাতি-নাতিনীয়েকহঁতক লৈ কি হৈছিল?
উঃ নাতি- নাতিনীয়েকহঁতৰ মাজত মিলা-প্রীতি নােহােৱা দেখি গাওবুঢ়া মহীকান্তৰ নাতি-নাতিনীয়েকহঁতক মহাচিন্তা হৈছিল।


(খ) সাধুকথা কম বুলি কোৱাত নাতি- নাতিনীয়েক হঁতে কি কৰিলে?
উঃ সাধুকথা কম বুলি কোৱাত নাতি- নাতিনীয়েকহঁতে লগে লগে সিহঁতে ককাকৰ কাষত জুম বান্ধিলে।


(গ) খেতিয়কজনৰ কেইজন পুতেক আছিল?
উঃ খেতিয়কজনৰ চাৰিজন পুতেক আছিল।


(ঘ) পুতেককেইজনৰ মাজত মিলা-প্রীতি আছিলনে?
উঃ পুতেককেইজনৰ মাজত মিলা-প্রীতি নাছিল।


(ঙ) দেউতাকে পুতেকহঁতক ইকৰা কাঠীবােৰ কি কৰিবলৈ দিলে?
উঃ দেউতাকে পুতেকহঁতক একোডালকৈ ইকৰা কাঠী ভাঙিবলৈ দিলে। চাৰিওজনে সেই কাঠী অনায়াসে ভাঙিলে। এইবাৰ দেউতাকে কাঠীবােৰ মুঠা বান্ধি পুতেকহঁতক এজন এজনকৈ ভাঙিবলৈ দিলে। তেওঁলােকে প্রত্যেকে মুঠাটো ভাঙিবলৈ চেষ্টা কৰিলে। কিন্তু বহু চেষ্টাৰ মূৰতাে কোনাে এজনেও কাঠীৰ মুঠাটো ভাঙিব নােৱাৰিলে।


(চ) ইকৰাৰ মুঠাটো সিহঁতে অকলশৰীয়াকৈ ভাঙিব পাৰিলেনে?
উঃ ইকৰাৰ মুঠাটো সিহঁতে অকলশৰীয়াকৈ ভাঙিব নোৱাৰিলে।


(ছ) মিলিজুলি থাকিলে কি হয়?
উঃ মিলিজুলি থাকিলে মানুহ কেতিয়াও বিপদত নপৰে, সকলাে কামতে সাফল্য অর্জন কৰিব পাৰি।


থালখনত থকা শব্দবোৰ পঢ়া। শব্দবােৰৰ অৰ্থ পাচিটোৰ পৰা বিচাৰি নিজৰ বহীত লিখা।

জহকালি = গৰমকালি
কাণসাৰ = কোনাে কথালৈ মনােযােগ দিয়া
পাঙিলে = ভাবিলে
মিলা-প্রীতি = একতা
অর্জন = চেষ্টা কৰি পােৱা 


তলৰ শব্দ কেইটা ক্ৰমত সজাই বাক্যটো পুনৰ লিখা। 

উদাহৰণ:
আছিল এখন খেতিয়ক গাঁৱত এজন
এখন গাঁৱত এজন খেতিয়ক আছিল।


(ক) চাৰিজন আছিল খেতিয়কজনৰ পুতেক
উঃ খেতিয়কজনৰ চাৰিজন পুতেক আছিল।


(খ) পুতেক নাছিল মাজত কেইজনৰ মিলা-প্রীতি
উঃ পুতেক কেইজনৰ মাজত মিলা-প্রীতি নাছিল।


(গ) ক্রমে আহিল হৈ বুঢ়া খেতিয়কজন।
উঃ খেতিয়কজন ক্রমে বুঢ়া হৈ আহিল।


খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

নাওখনত থকা শব্দবােৰ পঢ়া। খালী ঠাইত উপযুক্ত শব্দ লিখি বাক্যবােৰ সম্পূর্ণ কৰা।

স্বভাৱ, পােহপাল, সাফল্য, মূল্যৱান, বুদ্ধি

(ক) তেওঁৰ ...........ভাল।
উঃ তেওঁৰ স্বভাৱ ভাল।


(খ) অবাবত..........সময় নষ্ট নকৰিবা।
উঃ অবাবত মূল্যৱান সময় নষ্ট নকৰিবা।

(গ) মিলিজুলি কাম কৰিলে সহজে...........অর্জন কৰিব পাৰি।
উঃ মিলিজুলি কাম কৰিলে সহজে সাফল্য অর্জন কৰিব পাৰি।


(ঘ) খেতিয়কজনে খেতি-বাতি কৰি পৰিয়ালটো......... দিছিল।
উঃ খেতিয়কজনে খেতি-বাতি কৰি পৰিয়ালটো পােহপাল দিছিল।


(ঙ) বলেৰে নােৱাৰিলে.......প্রয়ােগ কৰিবা।
উঃ বলেৰে নােৱাৰিলে বুদ্ধি প্রয়ােগ কৰিবা।

মাছৰ ভিতৰৰ পৰা যুক্তাক্ষৰ আনি বাক্যকেইটা সম্পূর্ণ কৰা।

জ্য, ল্য, স্য

পিতৃ-মাতৃ আমাৰ পূজ্য।

সময় অমূল্য ধন।

শিক্ষাগুৰুসকল নমস্য।


যুক্তাক্ষৰ গঠন কৰোঁ আহা

ল + য় = ল্য।

দ + য় = দ্য

ক + য় = ক্য

জ + য় = জ্য

স + য় = স্য


গ- জ্ঞান সম্প্রসাৰণ

্য- কাৰ থকা শব্দ লিখো আহা-

মূ = মূল্য,

ৰা = ৰাম্য

শ = শস্য


******


৩। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা 


৪।আগলি বাঁহত বগলীৰ বাহ 


৫। মাকণৰ চিঠি 


৬। ময়ূৰ পক্ষীৰ জন্ম কাহিনী 

ময়ূৰ পক্ষীৰ জন্ম কাহিনী 

স্বৰ্গৰ দেৱতাসকলৰ ৰজা ইন্দ্র। দেৱৰাজ ইন্দ্ৰৰ ৰাজসভাত কেইবাগৰাকী নর্তকী আছিল। তাৰে ভিতৰত এগৰাকী হ’ল- বালিমাহী চৰাই। মৰতৰ বতৰা ল’বলৈ ইন্দ্রই বালিমাহীক প্রতিবছৰে একোবাৰ পৃথিৱীলৈ পঠিয়ায়। বালিমাহী পৃথিৱীলৈ আহে আৰু উভতি গৈ মর্ত্যৰ সৌন্দৰ্যৰ বিষয়ে দেৱৰাজৰ সভাত বিৱৰি কয়। 

এদিনাখন বালিমাহীয়ে পৃথিৱীত দেখি অহা সৰিয়হ ফুলৰ সৌন্দৰ্যৰ কথা বর্ণাই আছিল। সেইসময়ত দেৱৰাজৰ জীয়াৰী দেৱকন্যাও ৰাজ-সভাত উপস্থিত আছিল। বালিমাহীৰ মুখে মর্ত্যৰ ৰং-ৰূপৰ বৰ্ণনা শুনি সেই ৰূপ চাবলৈ দেৱকন্যাৰ হেঁপাহ জাগিল। 
দেৱকন্যাই পিতাকৰ পৰা মৰ্ত্যলৈ যাবলৈ অনুমতি বিচাৰিলে। জীয়েকৰ কথা শুনি দেৱৰাজ বৰ চিন্তাত পৰিল; কিন্তু দেৱকন্যাই নেৰা-নেপেৰাকৈ লাগি থকাত অৱশেষত অনুমতি দিলে। দেৱৰাজে বালিমাহীক মাতি দেৱকন্যাক লগত লৈ মর্ত্যলৈ যাবলৈ আদেশ দিলে। 
তেতিয়া হেমন্ত কাল। পৃথিৱীতা কুঁৱলীৰ পাতল আৱৰণ। আটক-ধুনীয়া বস্ত্র পিন্ধি সাজি-কাচি দেৱকন্যা মৰ্তলৈ যাবলৈ ওলাল। তেওঁ পৃথিৱীৰ সৌন্দর্য কাপােৰত বুটা বাছি অনাৰ কথা ভাবিলে। সেয়েহে লগত এখন তাঁতশালাে ল'লে। বালিমাহীয়ে অতি যত্নৰে তাঁত-শালখন আৰু দেৱকন্যাক পৃথিৱীলৈ আনিলে। 
পৃথিৱীৰ ৰূপত দেৱকন্যা মুগ্ধ হ’ল। সৰিয়হ এডৰাই তেওঁক বিমুগ্ধ কৰিলে। দেৱকন্যাই বালিমাহীৰ লগত সৰিয়হডৰাৰ মাজে মাজে আৰু নৈৰ পাৰে পাৰে নাচি নাচি জঁপিয়াই ফুৰিবলৈ ধৰিলে। কিছুদিন এনেদৰে পাৰ হৈ গ'ল। বালিমাহীয়ে দেৱকন্যাক সৰগলৈ পুনৰ উভতি যােৱাৰ কথা মনত পেলাই দিলে। কিন্তু দেৱকন্যাই মর্ত্যৰ ফুলৰ চানেকি তাঁতত বাছিবলৈ আৰু কিছুদিন থাকিবলৈ মন কৰিলে। বালিমাহী অকলেই সৰগলৈ গুচি গ'ল। মর্ত্যত ঘূৰি ফুৰোঁতে দেৱকন্যাই নানা ফলৰ লগতে এদিন  ধতুৰা গছৰ গুটিও খালে। ফলত তেওঁ সৰগৰ কথা পাহৰিবলৈ ধৰিলে। 

এনেকৈ আৰু কিছুদিন পাৰ হ’ল। লাহে লাহে পৃথিৱীৰ ৰূপ সৌন্দর্যই দেৱকন্যাক আমুৱালে। এদিন পৃথিৱীলৈ অহা বালিমাহীক দেৱকন্যাই পুনৰ লগ পালে। দুয়াে সৰগলৈ যাত্ৰা কৰিলে। কিন্তু দেৱকন্যাই মেঘ পাৰ হৈ সিপাৰলৈ যাব নােৱাৰি পুনৰ পৃথিৱীত পৰিলহি। বালিমাহীয়ে ইন্দ্রক এই দুখৰ বতৰা দিলেগৈ। 
দেৱৰাজে সকলােবােৰ ঘটনা সৰগৰ পৰাই দেখি আছিল। তেওঁ ক্ষুব্ধ হ’ল। সৰগৰ পৰাই তেওঁ জীয়েকক ক'লে “তুমি অখাদ্য বস্তু খাই ভুল কৰিলা। এতিয়া তুমি পৃথিবীতে ময়ুৰ পখী হৈ থাকা। তােমাৰ ফুলাম কাপােৰ সাজেই ময়ুৰ পখীৰ ফুলাম পাখি হৈ জিলিকি থাকক।” এয়াই ময়ূৰ পক্ষীৰ জন্ম কাহিনী। 

(ৰংবং তেৰাঙৰ কাৰ্বি সাধুকথাৰ পুথি “অভিশপ্ত ময়ুৰীৰ আধাৰত সাধুটো যুগুতােৱা হৈছে।) 

ক্রিয়াকলাপ 
ক পাঠভিত্তিক ক্রিয়া উত্তৰ দিয়া। 

(ক) স্বৰ্গৰ ৰজাজনৰ নাম কি? 
উত্তৰঃ স্বৰ্গৰ ৰজাজনৰ নাম দেৱৰাজ ইন্দ্ৰ। 

(খ) তেওঁৰ ৰাজ-সভাৰ নর্তকী চৰাইজনীৰ নাম কি? 
উত্তৰঃ তেওঁৰ ৰাজ-সভাৰ নর্তকী চৰাইজনীৰ নাম বালিমাহী। 

(গ) দেৱকন্যাই মর্ত্যলৈ যাওঁতে লগত কি লৈ গৈছিল? 
উত্তৰঃ দেৱকন্যাই মর্ত্যলৈ যাওঁতে লগত অতি যত্নৰে তাঁত-শালখন লৈ গৈছিল। 

(ঘ) দেৱকন্যাই তাঁত-শালখন কিয় নিছিল?
উত্তৰঃ পৃথিৱীৰ সৌন্দর্য কাপােৰত বুটা বাছি অনাৰ কথা ভাবি দেৱকন্যাই তাঁত-শালখন নিছিল। 
 


উত্তৰ লিখা। 
ক) দেৱকন্যাই পৃথিৱীত কি দেখি বিমুগ্ধ হৈছিল? 
উত্তৰঃ দেৱকন্যাই পৃথিৱীত সৰিয়হ এডৰা দেখি বিমুগ্ধ হৈছিল। 


খ) তেওঁ প্রথম কিছুদিন তাত কেনেদৰে কটাইছিল? 
উত্তৰঃ দেৱকন্যাই বালিমাহীৰ লগত প্রথম কিছুদিন সৰিয়হডৰাৰ মাজে মাজে আৰু নৈৰ পাৰে পাৰে নাচি নাচি জঁপিয়াই ফুৰি কটাইছিল। 


গ) দেৱকন্যাই পুনৰ স্বৰ্গলৈ ঘূৰি যাবলৈ কিয় মন মেলিছিল? 
উত্তৰঃ পৃথিৱীৰ ৰূপ সৌন্দর্যই দেৱকন্যাক আমুৱাইছিল। সেয়েহে, দেৱকন্যাই পুনৰ স্বৰ্গলৈ ঘূৰি যাবলৈ মন মেলিছিল। 


ঘ) তেওঁ স্বৰ্গলৈ যাব খােজোঁতে কি হৈছিল? 
উত্তৰঃ দেৱকন্যাই স্বৰ্গলৈ যাব খােজোঁতে মেঘ পাৰ হৈ সিপাৰলৈ যাব নােৱাৰি পুনৰ পৃথিৱীত পৰিছিলহি। 


ঙ) দেৱকন্যাই স্বৰ্গলৈ ঘূৰি যাব নােৱাৰাত দেৱৰাজে জীয়েকক কি কৈছিল? 
উত্তৰঃ দেৱকন্যাই স্বৰ্গলৈ ঘূৰি যাব নােৱাৰাত দেৱৰাজে জীয়েকক কৈছিল যে “তুমি অখাদ্য বস্তু খাই ভুল কৰিলা। এতিয়া তুমি পৃথিবীতে ময়ুৰ পখী হৈ থাকা। তােমাৰ ফুলাম কাপােৰ সাজেই ময়ুৰ পখীৰ ফুলাম পাখি হৈ জিলিকি থাকক।”



পদুম ফুলৰ চকাত থকা শব্দবােৰ পঢ়া। ভােমােৰাৰ পাখিৰ পৰা অর্থ আনি শব্দৰ লগত মিলাই পদুম ফুলৰ পাহিত লিখা। 


নর্তকী= নাচনী 
হেপাহ= আগ্রহ
নেৰা-নেপেৰাকৈ= একেৰাহে
সৌন্দর্য= ৰূপ
আমুৱালে= আমনি লাগিল 




কিছুমান শব্দৰ দুটাকৈ ৰূপ থাকে। তলৰ শব্দকেইটাৰ দুয়ােটা ৰূপেই পাঠটো ব্যবহাৰ হৈছে। যেনে- 


স্বর্গ = সৰগ 
মৰ্ত্য = মৰত 
পক্ষী = পখী


তলৰ শব্দবােৰৰাে আন এটা ৰূপ পাঠটোত আছে। বিচাৰি উলিয়াই খালী ঠাইত লিখো আহা। 

বার্তা = বতৰা
জনম = জন্ম
যতন = যত্ন 
পিতৃ = পিতা 
বৎসৰ =
নাচনী = নৰ্তকী



যুক্তাক্ষৰ গঠন কৰা। 

গ + ধ = গ্ধ 
ন + ধ = ন্ধ
ত + ন = ত্ন
ম + ন = ম্ন
ব + ধ = ব্ধ
ন + ধ = ন্ধ



যুক্তাক্ষৰ ভাঙি লিখা। 

মুগ্ধ গ্ধ গ + ধ
ক্ষুব্ধ ব্ধ ব + ধ 
বুদ্ধ দ্ধ দ + ধ
ইন্দ্র ন্দ্ৰ ন + ধ + ৰ
বস্ত্র স্ত্ৰ স + ত + ৰ
মর্ত্য ৰ্ত্য ৰ + ত + য়



শব্দ গঠন কৰো আহা 
(ক) 
বি + মুগ্ধ = বিমুগ্ধ। 
বি + শুদ্ধ = বিশুদ্ধ
বি + দগ্ধ = বিদগ্ধ
বি + খ্যাত = বিখ্যাত 
বি + মােহিত = বিমোহিত
বি + দূৰ = বিদূৰ

ওপৰৰ শব্দকেইটাৰ আগত বি যােগ হৈ সেইবােৰৰ অৰ্থ আৰু অধিক গাঢ় কৰিছে। কিন্তু তলৰ শব্দকেইটাৰ আগত বি যােগ দিলে বিপৰীত অর্থ প্রকাশ কৰিব। 

(খ) 
মুখ = বিমুখ 
পক্ষ = বিপক্ষ
তুষ্ট = বিতুষ্ট
মল = বিমল
ফল = বিফল
বুদ্ধি = বিবুদ্ধি



জানি থওঁ আহা 
ধর্ম = ধৰম 
ভক্তি = ভকতি 
কৰ্ম = কৰম
ভগ্নী = ভগিনী, ভনী 
মিত্র = মিত্ৰ
শস্য = শইচ


৭। সবৰমতী আশ্ৰমত গান্ধীজী


৮। গাই গাই যাওঁ 


৯। সাহসী ছােৱালীজনী 


১০। আব্দুলহঁতৰ নতুন ট্রেক্টৰ 


১১। পক্ষীকুলৰ অভিযন্তা 


১২। শিৱসাগৰ চাওঁ আহা 


১৩। কামৰ সৰু-বৰ নাই 


১৪। মৰমৰ আই 


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.