অসমীয়া বাক্য ৰচনা, জতুৱা ঠাচ,

2

অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

খণ্ডবাক্য, জতুৱা ঠাচ কিছুমান খণ্ডবাক্য, জতুৱা ঠাচৰ অৰ্থ আৰু জতুৱা ঠাচৰ দ্বাৰা বাক্য ৰচনা
জতুৱা ঠাচ


কিছুমান অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচৰ অৰ্থ আৰু জতুৱা ঠাচৰ দ্বাৰা বাক্য ৰচনা অসমীয়া বাক্য ৰচনা - Assamese proverbs

অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

জতুৱা ঠাচ কাক বোলে? 


প্রত্যেক ভাষাৰে একোটা সুকীয়া ৰীতি বা ঠাঁচ আছে। তাকেই ভাষাৰ জতুৱা ঠাচ বােলে। কিছুমান বিশেষ সংজ্ঞা বা শব্দৰ লগত বেলেগ ক্রিয়া লগ লাগি- নাইবা অইন শব্দ যােগ হৈ যেতিয়া নিজ অর্থ প্রকাশ নকৰি বেলেগ বেলেগ অর্থ প্রকাশ কৰে, তেতিয়া তাক ভাষাৰ জতুৱা ঠাঁচ বােলে। যেনে –চকুৰ কুটা অর্থাৎ শত্রু। "চকু” আৰু “কুটা’ৰ কোনােটোৱে নিজৰ অর্থ প্রকাশ কৰা নাই।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

অজীণ পাতকী (দুষ্ট) : অজীণ পাতকী লােকে য’তে ত’তে অঘটন ঘটাই ফুৰে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

অমৃতত বিহ ঢলা (শুভ কামত বিধি-পথালি দিয়া) : শুভ কামত বিধি-পথালি দি অমৃতত বিহ ঢালিব নালাগে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

অৰণ্য ৰোদন (অনুনয়-বিনয় অথলে যােৱা) : কত অনুৰােধ কৰা হ’ল, তথাপি সাহায্য নাপালাে; সকলাে অৰণ্য ৰোদনত পৰিণত হ'ল। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

অথাই সাগৰ (ডাঙৰ বিপদ) : ডাঙৰ ল'ৰাটোৰ মৃত্যু হােৱাত ঘৰখন অথই সাগৰত পৰিল। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

অপাৰ সমুদ্র (মহা বিপদ) : ভগৱানে মােক এই অপাৰ সমুদ্ৰত পেলালে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

আওকাণ কৰ (অমনােযােগী হ) : পঢ়া-শুনাৰ প্ৰতি কেতিয়াও আওকাণ কৰিব নালাগে।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

আকাশী সৰগ ভাগি পৰ (মনত অতি অাঘাত পা) : অতি অন্তৰংগ বন্ধুজনৰ মৃত্যুৰ বতৰাত তাৰ মূৰত আকাশী সৰগ ভাগি পৰা যেন পালে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

আকাশত চাং পতা (ওফাইদাং মৰা, অসার্থক কথা কোৱা, অস্বাভাৱিক কল্পনা কৰা) : ৰঘুনাথ আকাশত চাং পতা মানুহ। 

আজিকালি আকাশত চাংপতা কথা কৈ আনক ভুলাব নােৱাৰি। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

আঠুঁ ল (সেৱা কৰ) : নিজৰ দোষ স্বীকাৰ কৰি ৰাইজৰ ওচৰত আঁঠু ল'লে ক্ষমা পাব পাৰি।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

আচলৰ ধন,(অতি মৰমৰ) : আইতাকৰ বাবে নাতিনী আঁচলৰ ধন।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

আকালৰ ভাত (অতি অভাৱত পােৱা সহায়, মহা বিপদৰ সহায়) : ইমান অভাৱৰ মাজতে মানুহজনে দিয়া পইচাখিনি সামান্য হলেও অকালৰ ভাতৰ দৰে হৈছে। 

আকালৰ ভাত বিপদৰ মাত কোনােৱে পাহৰিব নােৱাৰে।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

আথে-বেথে (অতি আদৰ কৰি) : ৰিমাই কেঁচুৱাটোক আথে-বেথে তুলি লৈছিল।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

আশাশুধীয়া (অকপটীয়া, উদাৰচিতীয়া) : মহাত্মা গান্ধীৰ আশাশুধীয়া চেষ্টাই ভাৰতৰ স্বাধীনতা আনিলে।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

আলাসৰ লাড়ু (অতি মৰমৰ) : ছােৱালীজনী মাক-বাপেকৰ আলাসৰ লাড়ু।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

আগৰণুৱা (সকলাে কামতে আগবঢ়া) : লােকপ্রিয় বৰদলৈ সকলাে কামতে আগৰণুৱা আছিল।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

উবুৰি খাই ধৰা (অতি যত্নেৰে সহায় কৰা) শিক্ষকজনৰ বিপদত ছাত্ৰসকলে উবুৰি খাই ধৰিলে।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

উভতি নচা (অতপালি কৰা) ৰতন হলে উভতি নচা বিধৰ ল’ৰা নহয় দেই।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

উপজি পুৱা (নিচেই পুৱা) : উপজি পুৱাৰে পৰা কাম কৰিও কিছুমানে জীৱিকা উলিয়াব নােৱাৰে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

উধৰ পৰা মূধলৈ (আদিৰ পৰা অন্তলৈ) : কামটোত উধৰ পৰা মূধলৈ থাকিও সি একো শিকিব নােৱাৰিলে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

উঠি-পৰি লাগ (অতি যত্ন কৰ) : উঠি পৰি লাগিলে অসাধ্য সাধন কৰিব পাৰি। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

উঠি ৰজা (ক্ষমতাসম্পন্ন লােক) : ধনে-ধানে, বিদ্যা-বুদ্ধিয়ে সি এই অঞ্চলৰ উঠি ৰজা। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

উলাহ পা (উদগনি পা) : আনৰ পৰা উলাহ পালে কাম কৰিবলৈ সাহস জন্মে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

উভৈনদী (অপর্যাপ্ত, উপচি) : ভাগ্য ভাল হলে মানুহৰ ধনে-ধানে উভৈনদী হৈ পৰে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

ওভত গােৰে নচা (বৰকৈ দুষ্টালি কৰা, সচৰাচৰ হােৱা বা কোৱাতকৈ বিপৰীতটো কৰিবলৈ ওলােৱা) : বৰকৈ বুজাই কোৱা সত্ত্বেও কথাখিনি বুজিবলৈ চেষ্টা নকৰি সি ওভতগােৰেহে নাচিবলৈ ধৰিলে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কাণত পৰা (অনিচ্ছাতে শুনা) : মই গৈ থাকোতে কথাটো কাণত পৰিল। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কাণত পেলা (ছল কৰি শুনা) : তেওঁ কথাটো মাকৰ কাণত পেলাইছিল। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কাণে কাণে ক (ফুচফুচাই কোৱা) : তাইক কথাটো মই কাণে কাণে কৈছিলোঁ।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কান সমনীয়া (সমান ওখ, কানযুৰীয়া) : সুৰেশ হৰিধনৰ কান সমনীয়া পুতেক।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কাণ বগৰা (লােকৰ মুখত শুনা) : কাণ বগৰা কথাত কোনাে বিশ্বাস নাই।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কঁকাল ভাগ (দুর্বল হােৱা) : বানেশ্বৰৰ এইবাৰ কঁকাল ভাগিল।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কঁকাল বান্ধ (যুঁজৰ বাবে সাজু হােৱা) : ভাৰতীয় সেনাই চীনৰ আক্ৰমণত কঁকাল বান্ধিছিল।

পৰীক্ষালৈ বেছি দিন নাই, কঁকাল বান্ধিবৰ হ’ল। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কঁকালত টঙালি বান্ধ (সাজু হ) : পৰীক্ষালৈ বেছি দিন নাই, কঁকালত টঙালি বান্ধিবৰ হ'ল। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কঁকাল ভাং (ভীষণ ক্ষতি কৰা) : এইবাৰ বানপানীয়ে সমুদায় খেতি-বাতি মাৰি কৃষকসকলৰ বাৰুকৈয়ে কঁকাল ভাঙিলে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কটা ঘাঁত চেঙা তেল দি (দুখতে দুখ দি) : গিৰীয়েক মৰা শােকত তিৰােতাজনী এনেয়ে ভাগি পৰিছে, তাতে মহাজনে তাইক গিৰীয়েকে অনা টকাৰ ধাৰ সাধি কটা ঘাত যেন চেঙা তেলহে দিলে।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কণাৰ লাখুঁটি (অসহায়ৰ সহায়, নিৰাশয়ৰ আশ্ৰয়) : কণাৰ লাখুঁটিস্বৰূপ একমাত্র উপৗনকাৰী পুত্রৰ মৃত্যুত বুঢ়াজনৰ কষ্টৰ সীমা নােহােৱা হ'ল।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কপাল ফুটা (দুর্ভাগ্য উপস্থিত হ) : কপাল ফুটা লােকৰ আৰু ক’ত ভাল হ’ব। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কপালৰ ঘাম মাটিত পেলা (কঠোৰ পৰিশ্ৰম কৰা) : কপালৰ ঘাম মাটিত পেলাই কৰা খেতি বানপানীয়ে মাৰি নিয়াত খেতিয়কৰ উপায় নােহােৱা হ'ল। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কপাল ফুল (সৌভাগ্য উদয় হ) : চাৰিওজন পুতেক চাকৰিত সােমােৱাত মাক- বাপেকৰ কপাল ফুলিল। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কাঠ-চিতীয়া (নিষ্ঠুৰ, কঠোৰ হৃদয়) : কাঠ-চিতীয়া মানুহে আনৰ দুখৰ কথা কেতিয়াও অনুভৱ কৰিব নােৱাৰে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কাণ বাগৰা (লােকৰ মুখে শুনা) : কাণ বাগৰা কথাত বিশ্বাস কৰিব নালাগে।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কাণ কটা (দুষ্ট) : কাণ কটা স্বভাৱৰ লােকে ভাল কথা চিন্তাই কৰিব নােৱাৰে । 



অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 


কাণ কৰ (মনােযােগেৰে শুন) : শিক্ষকৰ কথাবােৰ কাণ কৰিলেহে শিকিব পাৰি। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কাণ গধুৰ (কমকৈ শুনা) : কাণ গধুৰ মানুহক ফুচফুচাই ক'লে নুশুনে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কাণ দি (মনােযােগ দি) : ভাল কথা কাণ দি শুনিব লাগে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কাণ সৰালি মাৰ (মনে মনে কাণ পাতি শুনি থাক) : কথাষাৰ সি কাণ সৰালি মাৰি শুনি আছিল । 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কাণ সাৰ কৰ (মনােযােগ দি) : ভাল কথাত কাণ সাৰ কৰিলেহে শিকিব পাৰি। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কাণ সাৰ এৰ (আশা এৰ) : চাকৰি পাই চহৰত থাকিবলৈ লৈ তেওঁ ঘৰৰ ফালে। একেবাৰে কাণ সাৰ এৰিলে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কাণে কাণ মাৰি (কোনােমতে, কথমপি) : পৰীক্ষাত কাণে কাণ মাৰি উত্তীর্ণ হলে ভাল কলেজত নামভৰ্তি কৰিব পৰা নাযায়। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কুন্দত কটা (ধুনীয়া, নিপােটল) : ছােৱালীজনী ইমান ধুনীয়া যেন কুন্দত কটাহে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কপাল ধাে (আশা এৰা) : সেইবােৰ সম্পত্তিৰ বাবে তই কপাল ধাে।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কপাল ফুটা (দুর্ভাগ্য উপস্থিত হােৱা) : ৰবীন্দ্রৰ আকৌ কপাল ফুটিল।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

কপাল ফুলা (সৌভাগ্য উপস্থিত হােৱা) : ইন্দ্ৰৰ কপাল ফুলিল।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

খাই পাত ফলা (অশলাগী মানুহ, উপকাৰীৰ উপকাৰ পাহৰা) : খাই পাত ফলা লােকক উপকাৰ কৰি একো লাভ নাই। 

দেবেন্দ্ৰ খাই পাত ফলা বিধৰ মানুহ। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

খৰি দি (মৃতকৰ সকাৰ কৰ) : মৃত লােকক খৰি দিহে পৰিয়াল শুদ্ধ হয়। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

গা কৰা উন্নতি কৰা,উদগতি কৰা) : বেচেৰা লৰাটোৱে কোনােমতে গা কৰি উঠিছে।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

গা গধুৰ (এলেহুৱা) : গা গধুৰ লােকৰ কেতিয়াও উন্নতি নাই।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

গা এৰা দিয়া (মূৰ পােলােকা মৰা) : সকলাে কথাতে গা এৰা দিয়া উচিত নহয়।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

গা ৰ (কোনােমতে ৰক্ষা পৰা) : এইবাৰৰ শালি-খেতিত গা ৰৈছেহে মাথােন।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

গাত ল (মান্তি হােৱা) : যদুৰ হকে যাবলৈ কমলাই গাত লৈছিল।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

গা ধৰা (শকত হােৱা) : কেঁচুৱাটোৰ এতিয়া গা ধৰিছে।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

গা জুৰা সন্তোষ পােৱা) : তেওঁৰ কথাত গা জুৰায়। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

গা লগাই কৰা (মন দি কৰা) : যি কাম কৰা, গা লগাই কৰা ভাল।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

গাজত লগা (হিয়াত লগা, মর্মান্তিক, হৃদয় বিদাৰক) : গাজত লগা কথাই অন্তৰত বৰ দুখ দিয়ে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

গাই বাই চা (কৈ মেলি চা, কাকূতি-মিনতি কৰ) : হাত থকা মানুহৰ ওচৰত গাই বাই চালেও টকা-পইচা নিদিলে চাকৰি পােৱাৰ আশা নাই। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

গা এৰা দে (দায়িত্ব নলৈ ৱা কাম নকৰি আঁতৰি থাক) : মিছা বন্ধুৱে বিপদৰ সময়ত সহায় নকৰি গা এৰা দি ফুৰে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

গা গধুৰ (লেধা, কামধীৰ) : গা গধুৰ লােকে কামবােৰ সােনকালে কৰিব নােৱাৰে।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

গা নৰয় (হানি বা কষ্টৰ পৰা ৰক্ষা পা) : আজিৰ দিনত পৰিশ্ৰম নকৰিলে কাৰাে গা নৰয়। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

গা টঙা, গা দাং (আৰােগ্য লাভ কৰ) : বহু দিন বেমাৰত ভুগি এতিয়া তেওঁ কোনাে কমে গা দাঙিছে বা গা টঙাইছে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

গা ঘেলা (এনেয়ে ধুন মাৰি ঘূৰি ফুৰা) : গা ঘেলাই ফুৰিলে আজিৰ দিনত মুখ নভৰে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

গাত বিহ লগা (অন্তৰত আঘাত লগা): গাত বিহ লগা কথা কৈ কাকো আঘাত দিব নালাগে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

গােৰ মাৰি গংগাত পেলা (অপকাৰ কৰিবলৈ খােজোতে উপকাৰ হােৱা) : মদাহীজনকনগুৰ শাস্তি দিয়াত অপমান বােধ কৰি বেচেৰাই মদকে এৰি পেলালে। ৰাইজে তাক গােৰ মাৰি গংগাতহে পেলালে। 





ঘৰ পতা (বিয়া কৰা) : বদনে যােৱা মাহত ঘৰখন পাতিছে।





ঘৰ পাত (বিয়াবাৰু হ) : বয়স হ’ল, ছােৱালী চাই সােনকালে ঘৰখন পাত। 





ঘৰ ভঙা (ঘৰ নষ্ট কৰা কাৰ্য) : ঘৰ ভঙা মানুহ পৃথিৱীত বহুতাে আছে।





ঘৰ জোঁৱাই (চপনীয়া) : একো নাথাকিলেও ঘৰ জোঁৱাই হ’বলৈ সকলােৱে ইচ্ছা নকৰে।





ঘৰ খােৱা (তিৰােতাই স্বামীৰ ঘৰত থাকিবলৈ মন খােৱা) : প্রতিমাই এতিয়াই ঘৰ খাইছে; আজিকালি তাই শান্ত। 





চকু গজা (বুজন হােৱা) : অতুলৰ চকু গজিছে ; সি ঘৰ চলাব নােৱাৰিব কিয়?





চকুত লগা (ধুনীয়া) : বাগিচাখন বেছ চকুত লগা হৈছে।





চকু দিয়া (নজৰ ৰখা) : ল’ৰা-ছােৱালীৰ ওপৰত মাক-বাপেকে চকু দিব লাগে।





চকু চৰহা (লােকৰ ভাল দেখিব নােৱাৰা) : ধর্মকান্ত এজন চকু চৰহা লােক।


        



চকুত লগা (ধুনীয়া) : ফুলবােৰ ফুলি উঠাত ফুলনিখন চকুত লগা হৈ পৰিছে। 





চকু মেলি চা (সহানুভূতি দেখুওৱা): দুখীয়াৰ প্ৰতি চকু মেলি চাওঁতা লােক খুব কমেই পােৱা যায়। 





চকুত ধূলি মাৰ (ফাকি দে, ঠগ কৰ) : শিৱাজীয়ে প্ৰহৰীৰ চকুত ধূলি মাৰি ঔৰংজেৱৰ বন্দীশালৰ পৰা পলাই আহিছিল। 





চকু মুদ (মৃত্যু হ) : ঘৰৰ মুখ্য বক্তিজনে চকু মুদিলে ঘৰৰ কিছু ধৰণী লৰে। 





চকুৰ কুটা, দাঁতৰ শাল (শত্রু দেখিব নােৱৰা) : তেজীমলা মাহীমাকৰ চকুৰ কূটা দাঁতৰ শাল আছিল। 





চকুৰে সৰিয়হ ফুল দেখা (কেনাে উৱাদিহ নােপােৱা) : আর্থিক অনাটনে মােক এনেভাৱে জুৰুলা কৰিছে যে ঘৰ-সংসাৰ চলােৱাত মই চকুৰে সৰিয়হ ফুল দেখিছোঁ। 





চকু গজ (বুজন হ, জনা হ): বিদ্যা লাভ কৰিলে মূর্খ লােকৰাে চকু গজে। 





চকু চৰহা (আনৰ ভাল দেখিব নােৱৰা) : চকু চৰহা লােকে আনৰ ভাল হােৱা সহ্য কৰিব নােৱাৰে। 





চকু ফুৰাই চা (ওপৰে ওপৰে চা) : পৰীক্ষাত উত্তৰ লিখি প্রশ্নোত্তৰবােৰ পুনৰ চকু ফুৰাই চাব লাগে। 





চাউল উঠা (মৃত্যু হােৱা, সম্পর্ক শেষ হােৱা) : এই সংসাৰত তাৰ চাউল উঠিল। 





চিলিম ছিগা (আশা নাইকিয়া হ) : লােকক ঠগালে বিপদত সহায় পােৱাৰ ক্ষেত্ৰত চিলিম ছিগে। 





চুকৰ ভেকুলী (ঘৰতে সােমাই থাকি বাহিৰৰ কথা নজনা লােক) : চুকৰ ভেকুলী হৈ ঘৰতে সােমাই থাকিলে জগতৰ ফুকে পােৱা নাযায়।





চকু দিয়া (নজৰ ৰখা) : ল'ৰা-ছােৱালীয়ে যাতে অসৎ সংগ নলয় তাৰ প্ৰতি মাক-পিতাকে চকু দিয়া উচিত। 





চকু মুদা (মৃত্যু হােৱা) : বাপেক চকু মুদাৰ লগে লগে ল'ৰা-ছােৱালীহালৰ কষ্ট হ’ল।





চকু পকোৱা (খং কৰা) : এতিয়া চকু পকালে কি হ’ব? 





চকুৰ পচাৰতে (তৎক্ষণাৎ) : চকুৰ পচাৰতে চৰাইটোৰ মৃত্যু হ’ল। 





চকুৰ কুটা (শত্রু) : নবীন মাহীমাকৰ চকুৰ কুটা হৈ পৰিছে। 





চকুৰ কুটা দাঁতৰ শাল (পৰম শত্রু) : প্রফুল্ল মাহীমাকৰ চকুৰ কুটা দাঁতৰ শাল হৈ পৰিছে।





চকুত ধূলি দিয়া (ফাকি দিয়া) : মৌজাদাৰৰ চকুত ধূলি দিয়া সহজ নহয়।  





চকুত পৰা (দৃষ্টিগােচৰ হােৱা) : উমেশৰ চৰিত্ৰ মােৰ চকুত পৰিছে।





চকু মেলি চোৱা (অনুগ্ৰহ কৰা) : আপুনি এইবাৰ মােক অলপ চকু মেলি চাব।





চিলিম ছিগা (আশা নােহােৱা) : প্রশান্তৰ ব্যৱসায়ৰ চিলিম ছিগিছে। 





জধামূৰ্খ (মহামূৰ্খ) : হৰিচৰণৰ নিচিনা জধামূৰ্খ কোন আছে? 




জয়ঢােল কোবা (নিজৰ যহ নিজে কৈ ফুৰা) : গুণী লােকে নিজৰ জয়ঢােল কোবাই নুফুৰিলেও আনৰ ওচৰত আদৰ পায়। 





জয়দেউ কাকূতি (অতি অনুনয়-বিনয়, অতি মিনতি) : মানুহজনে কত জয়দেউ কাকূতি কৰিলে, তথাপি তেওঁৰ অন্তৰ নগলিল। 

ললিতে জয়দেৱ কাকুতি কৰিও হলধৰক সন্মত কৰাব নােৱাৰিলে।





জাকত জিলিকা : ধর্মগুৰুসকলৰ ভিতৰত শংকৰদেৱেই আটাইতকৈ জাকত জিলিকা। 





জলজল-পটপট (স্পষ্ট ) : প্রমােদৰ সকলাে কার্যই জলজল- পটপট হৈ পৰিছে।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

টুপাই বুৰ মৰা (একেবাৰে মিছা কোৱা) : সাক্ষী কওঁতে ৰমেশে টুপাই বুৰ মাৰিলে।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

টুপাই বুৰ মাৰ (আসৈ মাত) : অকৃতজ্ঞ লােকক সহায় কৰিলেও সহায় পােবা নাই বুলি টুপাই বুৰ মাৰে। 





অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

ডলাৰ বগৰী (ঘনাই ঠাই সলােৱা মানুহ/অস্থিৰ, একে ঠাইতে থিতাপি নলগা) : মানুহ ডলাৰ বগৰী হৈ ফুৰিলে উন্নতি কৰা টান।

ডলাৰ বগৰী হৈ ঘূৰি ফুৰিলে জীৱনত উন্নতি কৰিব নােৱাৰি। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

ডিঙিৰ হাড়মাল (এৰিব নােৱাৰা) : খােৰা ল'ৰাজন বাপেকৰ ডিঙিৰ হাড়মাল হৈছে।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

ঢৌতে খৰ মৰা (বেমেজালিৰ মাজেৰে কাম কৰা) : গােলােকে ঢৌতে খৰ মাৰি সিদিনা কলিকতাৰপৰা আহিলগৈ।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

ঢৌতে খৰ দি (ব্যস্ততাৰ মাজতেই সময় উলিয়াই): ঘৰৰ কামত লাগি থাকিও টোতে খৰ দি বেচেৰীয়ে পৰীক্ষাটো দিলে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

তৰা-নৰা ছিঙা (বৰকৈ বেগাই ;থৰ-কাছুটি এৰি দৌৰা, তীব্র দৌৰ মৰা) : সাপটো দেখি পাৰুলে তৰা-নৰা ছিঙি দৌৰিছিল। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

তলা-নলা (আঁতি-গুৰি): তলা-নলা নজনাকৈ কোনাে কথাৰে মন্তব্য দিব নালাগে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

থেৰােগেঁৰাে কৰা (কোনাে কাম কৰোঁ নকৰোঁ কৰা অৱস্থা) : এলেহুৱা লােকে কাম কৰিবলগীয়া হ'লেই থেৰােগেৰাে কৰে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

দোপতদোপে (ক্রমে ক্রমে) : ব্যৱসায়ত গৌৰীয়ে দোপতদোপে উন্নতি কৰিছে।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

দুই নাৱত দুই ভৰি হােৱা (কি কৰোঁ কি নকৰোঁ অৱস্থা হােৱা) : একে সময়তে গােটেইবােৰ কাম কৰিবলগীয়া হােৱাত মােৰ দুই নাৱত দুই ভৰি হােৱাৰ দৰে হৈছে।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

দলনিত পােনা মেলা (বিপদত পেলােৱা) : দেউতাই আমাক দলনিত পােনা মেলি গুচি গ'ল।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

দূৰতে বিদূৰ (নিলগতে আঁতৰ হােৱা) : মানিকৰ অৱস্থা দেখি হলধৰ দূৰতে বিদূৰ হ’ল।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

দহাে আঙুলি সমান নহয় (সকলােৰে ক্ষমতা সমান নহয়) : দহাে আঙুলি সমান নহয়, গতিকে সকলােকে একেদৰে ভাবিব নালাগে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

দাঁতে ওঠে নালাগ (কাজিয়া নালাগ) : কোনােকালে দাঁতে-ওঁঠে নলগা ভাই- ককাই দুজনৰ মাজত মানুহজন সােমাই কাজিয়াৰ সৃষ্টি কৰিলে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

দলনিত পােনা মেলা (আলাই-আথানি কৰ) : মাক-পিতাকৰ মৃত্যুৱে কণ কণ ল’ৰা-ছােৱালী কেইটিক দলনিত পােনা মেলিলে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

দুখৰ ৰাতি নুপুৱায় (কষ্টৰ অন্ত নােহােৱা) : বিপদৰ সময়ত মানুহৰ দুখৰ ৰাতি নুপুৱায় । 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

দেও চাই বলি (উপযুক্ত শাস্তি) : দেও চাই বলি দিয়াৰ দৰে চোৰটোক বান্ধি উচিত শাস্তি দিলে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

ধােদৰ পচলা (সােৰোপা, এলেহুৱা) : ফটিক শকত হলেও একেবাৰে ধােদৰ পচলা।   




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

ধনঞ্জয় বায়ু (শৰীৰত থকা বায়ু বিশেষ) : আত্মাই এৰিলেও ধনঞ্জয় বায়ুৱে নেৰাৰ দৰে আনবােৰে এৰিলেও সংসাৰী মানুহক মায়াই কেতিয়াও নেৰে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

ধােদৰ পচলা (এলেহুৱা, অকামিলা) : ধােদৰ পচলা হৈ ঘূৰি ফুৰিলে আজিৰ দিনত মুখ নভৰে।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

নপতা ফুকন (নিজকে নিজে ডাঙৰ মানুহ বুলি ভবা) : 

হেমৰথ যেন নপতা ফুকন হৈ ওলাইছে।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

ন-দি-ক (ডাঠি ক, জোৰ দি ক, বিশ্বাস অহাকৈ ক) : অসত্য কথাক সত্য বুলি। কোনেও ন দি ক'ব নােৱাৰে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

নপতা ফুকন (বিনা ক্ষমতাৰে বৰ শক্তিশালী বুলি ভবা লােক) : নপতা ফুকনৰ দৰে লােকক অৱজ্ঞা কৰাই ভাল; নহ'লে সিহঁত বাঢ়িহে যায়। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

নাম কৰ (প্রসংশিত হ): পৰীক্ষাত নাম কৰি পাছ কৰিলে সকলােৰে পৰা আদৰ পায়। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

নাকনি-কাননি (জুলুম কৰা) : উকীলে প্রশ্ন কৰি সাক্ষীজনক নাকনি-কাকনি কৰিলে।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

নাকত তেল দি শােৱা (কোনাে চিন্তা-ভাবনা নােহােৱাকৈ থকা) : তােৰ সকলাে কাম আনে কৰিব যেতিয়া তই নাকত তেল দি শুই থাক। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

নিমাওমাও (সাৰ-সুৰ নােহােৱা) : বাপেকৰ ঘটনাটোৰ পিছত পৰেশহঁতৰ ঘৰখন একেবাৰে নিমাওমাও হৈ পৰিছে।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

পেট পেলাই থকা (খাবলৈ আশা কৰি ৰৈ থকা) : হৰিনাথে ভােজ দেখি পেট পেলাই থাকিল।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

পানীৰ তলৰ কাঁইট (গােপন শত্রু) : পানীৰ তলৰ কাঁইটৰ দৰে দেশখনৰ অনিষ্টকাৰী লোেক কিমান আছে ধৰিব নােৱাৰি। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

পানীত হাঁহ নচৰা (অতি কষ্টত, অতি অভাৱ) : পানীয়ে খেতিবােৰ মাৰি নিয়াত ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

পাবত গজা (অস্বাভাৱিক) : পাবত গজা দেশ নেতাইদেশৰ কল্যাণ সাধিব নােৱাৰে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

পানীত পৰ (নষ্ট হ) : বৰ আশা কৰিছিল যদিও পৰীক্ষা বেয়া হােৱাত তেওঁৰ সকলাে আশা পানীত পৰিল। 





অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

পানীৰ মিঠৈ (মিছা গপ, সজা কথা) : পানীৰ মিঠৈৰ লেখীয়া কথাত কোনাে গুৰুত্ব দিব নালাগে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

পেটে পেটে (মনেৰে, অন্তৰেৰে): মুখেৰে প্ৰকাশ নকৰিলেও ভাল কথা সকলােৱে পেটে পেটে সমর্থন কৰে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

পেট ভাটৌ, পেটকুলি (পেটত বহুত কথা ৰখা লােক) : পেট ভাটৌ লােকৰ মনৰ কথা সহজে জনা নাযায়। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

পেটে ভাতে খা (কোনােৰকমে খাই লৈ চলি থাক) : বস্তুৰ যিহে জুই-ছাই দাম, দুখীয়া শ্ৰেণীৰ মানুহে পেটে-ভাতে খাই চলাই টান হৈ পৰিছে। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

পেট মচা (শেষ সন্তান): মাক-পিতাকৰ পেট মচা সন্তান কাৰণেই সি তেওঁলােকৰ অতি মৰমৰ। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

পেটত হাত-ভৰি লুকা (বৰ ভয় পা) : হঠাতে সন্মুখত বাঘটো দেখি মানুহজনৰ পেটতে হাত-ভৰি লুকাল। 




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

পেটে-ভাতে খােৱা (কোনােমতে খাবলৈ পােৱা) : সি অতি পৰিশ্ৰম কৰিহে পেটে-ভাতে খাব পাৰিছে।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

পানীত হাঁহ নচৰা (বৰ বিপদ হােৱা) : কৰ-কাটলৰ বাবে ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য ৰচনা 

পেট-মচা ল’ৰা (নুমলীয়া ল'ৰা) : যদুনাথ বংশীধৰৰ পেট-মচা ল’ৰা। 





বাট এৰি অবাটে যােৱা (অকার্য কৰা) : বাট এৰি অবাটে গ’লে মানুহৰ বিপদ আহে।





বাটত বগৰী-জেং (বাট ভেটা দিয়া) : শত্ৰুৰ বাবে বাটত বগৰী-জেং পুতিব লাগে।





বাঘে খােৱা (হতশ্রী হােৱা, অল্পায়ুস) : বাঘে খােৱা দগাবাজটো মৰিলেই ভাল হয়। 





বুকু ডাঠ (সাহসী) : বুকু ডাঠ মানুহে চেষ্টাৰ বলত অসাধ্য সাধন কৰিব পাৰে। 





বুকুৰ কুটুম (অতি আপােন) : বুকুৰ কুটুমজনৰ অন্যায় হােৱাটো কোনেও সহ্য কৰিব নােৱাৰে। 





বসতে নাম থােৱা (কৰিব নােৱাৰা কাম এৰি দিয়া) : তেওঁৰ লগত তুমি কাজিয়া নকৰি ৰসতে নাম থােৱাই ভাল।





বুকু জুৰুৱা (শান্তি দিয়া) : সন্তানে মাকৰ বুকু জুৰায়।





বুকুতে কামােৰ মৰা (বৰ আঘাত দিয়া) : তুমি মােক এনেদৰে বুকুতে কামােৰ মাৰিব নালাগিছিল।





বুকুৱে ধান বনা (বুকুৱে ধপ ধপ কৰা) : তেওঁৰ বেমাৰৰ কথা শুনি মােৰ বুকুৱে ধান বানিব ধৰিছে।





বুকুত কুঠাৰ মৰা (বৰ আঘাত দিয়া) : তুমি মােৰ বুকুত কুঠাৰ মাৰিব নালাগিছিল।





‘ক’ বুলিব নােৱাৰা (মহামূৰ্খ) : 'ক' বুলিব নােৱাৰা মানুহে দেশৰ কথা কি বুজিব।





ভাত মৰা (জীৱিকাৰ উপায় নােহােৱা হােৱা) : বানপানীৰ বাবে দুখীয়া ৰাইজৰ ভাত মৰা অৱস্থা হ'ল।





ভাত উঠা (আয়ুস শেষ হােৱা) : যদুনাথৰ এইবাৰ ভাত উঠিল।





ভাত ঘৰ (অতি আপােন) : তেওঁলােকৰ ঘৰখন মােৰ ভাত ঘৰ; যিকোনাে সময়তে অহা-যােৱা কৰিব পাৰোঁ।





ভাত মাৰ (জীৱিকাৰ উপায় নষ্ট কৰ) : একমাত্র জীৱিকাৰ সম্বল চাকৰিটো হঠাতে খেদাই তাৰ ভাত মাৰিলে। 





ভােটা তৰা (অতি নামঞ্জুলা লােক) : অসমীয়া সাহিত্যৰ আকাশত লক্ষ্মীনাথ বেজবৰুৱা চিৰকাল ভােটা তৰা হৈ জিলিকি থাকিব। 





ভৰি চেলেকা (নীচভাৱে তােষামােদ মনত কৰা) : ভৱনাথ একেবাৰে ভৰি চেলেকা বিধৰ মানুহ।





মনত কৰা (সোঁৱৰণ কৰা) : মােৰ কথা তুমি পিছত মনত কৰিব লাগিব।





মন মৰা (নিৰুৎসাহ হােৱা) : মানুহে কোনাে কথাতে মন মাবি নিৰুৎসাহ হৈ থাকিব নালাগে।





মনে-চিতে (অন্তৰেৰে সৈতে) : গুৰুজনক মনে-চিতে ভক্তি কৰিবা।





মাটি হােৱা (নষ্ট হােৱা) : বতৰৰ বাবেই সকলাে পৰিশ্রম মাটি হ’ল।





মুখলগা : মুখলগা কাৰণেই সুন্দৰ কথােক নষ্ট হ’ল। 





মুখ-হাত ধােৱা (আশা এৰা) : বাৰে বাৰে পৰীক্ষা দিও পাছ কৰিব নােৱাৰি। শেষত ল'ৰাজনে পৰীক্ষালৈ বুলি মুখ-হাত ধুই ব্যৱসায়ত লাগিল। 





মূৰত টাঙোন মৰা (বৰ আঘাত দিয়া) : বৰ কষ্টেৰে পঢ়াই-শুনাই বিয়া-বাৰু কৰাই দিয়াৰ পাছত বৰ পুতেকে বেলেগ হৈ গৈ পিতাকক মূৰত টাঙোন মাৰিলে। 





মনে ধৰ (বিশ্বাস কৰ): কামটো যে সি কৰিছে এই কথাটো মােৰ মনে ধৰিছে। 





মন পা, পেট পা (মনৰ কথা বুজা) : অতি কম কথা কোৱা মানুহৰ সহজতে (মন পাব) পেট পাব নােৱাৰি। 





মন মাৰ (নিৰুৎসাহ হ) : পৰীক্ষাৰ বেয়া খবৰে ছাত্ৰ-ছাত্ৰীৰ মন মাৰি পেলায়। 





মৰণত শৰণ দি (জীৱনক তুচ্ছ কৰি) : মৰণত শৰণ দি হলেও দেশৰ হকে কাম কৰিব লাগে। 





মাটিৰ মানুহ (সহজ-সৰল, নম্র মানুহ) : তেওঁ মাটিৰ মানুহ, যাৰে তাৰে লগত মিলিব পাৰে। 





মাটি কৰ (নষ্ট কৰ) : প্রলয়ংকৰী বানে খেতিয়কৰ সকলাে পৰিশ্ৰম মাটি কৰিলে। 





মুখৰ ছাই গুচা (মৃতকৰ শ্ৰাদ্ধাদি কৰ) : দেউতাকৰ মৃত্যুত আনৰ সহায়ত কোনাে কমে মুখৰ ছাই গুচালে। 





মুখলৈ চা (আশা কৰা) : কাম নকৰি অনবৰতে আনৰ মুখলৈ চাই থাকিলে পেট নভৰে। 





মূৰ পাত (বহন কৰ) : দেউতাকৰ মৃত্যুৰ পিছত ঘৰখনৰ সকলাে দায়িত্ব পুতেকে মূৰ পাতি ল'লে। 





মূৰ খা (মৃত্যুৰ দ্বাৰা হেৰুৱা) : অকালতে মাক-বাপেকৰ মূৰ খাব লাগিলে তাতকৈ দুখৰ কথা আৰু একো নাই। 





মূৰ ঘমা (বৰকৈ চিন্তা কৰা) : হৈ যােৱা কামৰ কাৰণে মূৰ ঘমাই নাথাকি ভৱিষ্যতৰ কথাহে চিন্তা কৰিব লাগে। 





মূৰ দোঁৱা (সেৱা কৰ, মান্য কৰ) : গুৰুজনৰ ওচৰত সদায় মূৰ দোৱাব লাগে। 





মূৰত টাঙোন মাৰ (বৰ অন্যায় কৰা, বৰ বিপদত পেলা) : খেতিৰ বতৰতে চোৰে গৰু হালচুৰি কৰিনি মােক মূৰত টাঙোন মাৰিলে।





মাটি কৰা (নষ্ট কৰা) : মােৰ সকলাে কথাকেই মাটি কৰি দিলে।





মুখ নােহােৱা (কথা ভালকৈ ক'ব নােৱাৰা) : বিশ্বনাথ একেবাৰে মুখ নােহােৱা ল'ৰা।





মুখ লগা (কু-দৃষ্টিত পৰা) : আমগছ জোপাত কাৰােবাৰ মুখ লাগিল।





মুখ ফালি কোৱা (স্পষ্টকৈ কোৱা) : সকলাে কথা মুখ ফালি ক'ব লাগে।





মুখলৈ চোৱা (মৰম কৰা, কৃপা কৰা) : দুখীয়া মানুহজনৰ মুখলৈ এবাৰ চোৱা।





মুখত সােপা দিয়া (নিমাত কৰা) : গাঁওবুঢ়াই সকলােকে মুখত সােপা দি থৈছে।





মূৰ খা (মৰমৰ মানুহৰ মৰণ দেখা) : সত্যনাথে বাপেকৰ মূৰ খালে। 





মূৰে ভৰি কঢ়া (বিপৰীত কাৰ্য্য কৰা) : এনে মূৰে ভৰি কঢ়া লােক আমি কতাে দেখা নাছিলোঁ।





মূৰত টাঙোন মৰা (ডাঙৰ অন্যায় কৰা) : তােমালােকে মােক এনেদৰে মূৰত টাঙোন মাৰিব নালাগিছিল। 





মূৰা-মূৰি (ওচৰা-উচৰি) : পৰীক্ষাৰ মূৰা মূৰি সময়তহে সি পঢ়াত মন দিলে।





মৰণত শৰণ দিয়া (প্রাণপণ কৰা) : স্বাধীনতা যুঁজত দেশৰ ডেকাসকলে মৰণত শৰণ দিছিল।





মৰসাহ কৰা (অতিৰিক্ত সাহস কৰা) : মৰসহ কৰিয়েই নদীটো পাৰ হ'লোঁ।





ম'হতকৈ শিং চৰা (অনুপযুক্ত বস্তুৰ গৰাকী হােৱা) : হৰিনাথৰ দৰে কম আয় কৰা মানুহ এজনে মটৰ-গাড়ী ৰখাটো ম’হতকৈ শিং চৰা যেন লাগে।





যমৰ যাতনা (উগ্র শাস্তি,অতি শাস্তি) : চাউডাঙৰ হাতত জয়মতীয়ে যমৰ যাতনা ভুগিছিল।

চাউদাংহঁতে জয়মতীক যমৰ যাতনা দি মাৰিলে। 





যক্ষৰ ধন (অতি কৃপণৰ ধন) : যক্ষৰ ধন কোনাে কামত নালাগে। 





যাচি কিল খােৱা (জানি-শুনি বিপদ চপােৱা): বিপদ হ'ব বুলি জানিও সি কিয় যাচি কিল খাবলৈ গৈছিল। 





যমৰ দুৱাৰ দেখা (টান বেমাৰৰপৰা ৰক্ষা পােৱা) : যােৱাবাৰৰ অসুখত কাশীনাথে যমৰ দুৱাৰ দেখিছিল।






লেই লেই ছেই ছেই (ঘিণ কৰা) : চৰিত্রহীন মানুহক সকলােৱে লেই লেই ছেই হেই কৰে।





লােকান্তৰ ঘটা (মৃত্যু হােৱা) : বহুদিন বেমাৰত ভুগি থাকি অৱশেষত মানুহজনৰ লােকান্তৰ ঘটিল। 





শহাকণীয়া (সদায় সতর্ক হৈ থকা) : ৰমানাথ এজন শহাকণীয়া মানুহ।





শিৰফুটা (সুপ্রসিদ্ধ) : তাৰিণী মজুমদাৰ গাঁৱৰ শিৰফুটা মানুহ।





শিলৰ ৰেখা (লৰচৰ নােহােৱা কথা) : গাঁওবুঢ়াৰ কথা শিলৰ ৰেখা যেন হৈ থাকে।





সাতামপুৰুষীয়া (চিৰকলীয়া) : সেইবােৰ তেওঁলােকৰ সাতামপুৰুষীয়া সম্পত্তি। 





সময়ৰ শৰ (সুযােগ উপস্থিত হওঁতেই) : সময়ৰ শৰ মাৰিব জানিলেহে সফলতা লাভ কৰিব পাৰি। 





সাত ঘাটৰ সৈয়াকণী (অতি চতুৰ, অতি দুষ্ট): সি এনে সাতঘাটৰ সৈয়াকণী। যে তাৰ হাতত পৰিলে নগুৰ-নাগতি হ’বই। 





সান্দহ খােৱা বালি তল যা (আশা নাইকিয়া হ) : এবাৰ লােকক ঠগিলে পিছলৈ সকলাে সান্দহ খােৱা বালি তল যায়। 





হয়ভৰ দিয়া (সন্মতি দিয়া) : সকলাে কথাতে হয়ভৰ দিয়া উচিত নহয়।





হুনুবার্তা (উৰা বাতৰি) : তেওঁ দীনবন্ধুৰ এটা হুনুবার্তা পাইছে। 





হুৰমূৰ যাত্রা (ততাতৈয়া, খৰধৰ) : তেওঁ কলিকতালৈ হুৰমূৰকৈ যাত্রা কৰিলে।





হাত আহ (অভ্যাস হ): নজনা কামটো সদায় কৰিবলৈ চেষ্টা কৰিলে ভালদৰে হাত আহে। 





হাত টান (কৃপণ) : হাত টান মানুহে সজ কামতাে ধন খৰচ কৰিব নােৱাৰে। 





হাত লৰ (চোৰ স্বভাৱ) : হাত লৰ স্বভাৱৰ মানুহে সুবিধা পালেই আনৰ বস্তু নিবলৈ বিচাৰে। 





হাত দীঘল (ক্ষমতাশালী, প্ৰভাৱশালী): হাত দীঘল লােকক যিকোনাে মানুহেই সমীহ কৰি চলে। 





হাত পাত (সহায় খােজ) : সৎ লােকে বিপদত আনৰ ওচৰত হাত পাতিলে সহায় পায়। 





হাড়ত বন গজা (বহুত দিন আগতে মৃত্যু হােৱা) : বাপেকৰ হাড়ত বন গজিল, তথাপি পুতেকে বাপেকৰ শ্ৰাদ্ধৰ ব্যৱস্থা নকৰিলে। 





হাতত সাৰে ভৰিত সাৰে (কোনাে সাৰ সুৰ নােহােৱাকৈ) : সি শুই থাকোতেই। চোৰটোৱে তাৰ কাষেৰেই হাতত সাৰে ভৰিত সাৰে গৈ বস্তুকেইপদ লৈ গ'ল। 





হিয়া ফালি দেখুওৱা (মনৰ সকলাে কথা কোৱা) : তােমাৰ প্ৰতি মােৰ কিমান মৰম তাকনাে মই কেনেকৈ হিয়া ফালি দেখুৱাওঁ ! 





হাতত সাৰে ভৰিত সাৰে (মনে মনে) : চোৰটোৱে হাতত সাৰে ভৰিত সাৰে ঘৰত সােমাইছিল।





হুৱা-দুৱা লগা (কন্দা-কটা লগা) : কেঁচুৱাটোৰ মৃত্যুত ঘৰখনত হুৱা-দুৱা লাগিছে।




অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য 


আঁ কৰ- মুখ মেলা। 

আঠুঁ ল—সন্মান দেখুৱাই আঁঠু কাঢ়ি বহা



অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য 

কাণে কাণে ক—ফুচফুচাই কোৱা। 

কান সমনীয়া—সমান ওখ ; কানযুৰীয়া। 

কাণ কটা- দুষ্ট। 

কাণ কৰ- মন দিয়া। 

কাণ ছােৱাই থ- শুনাই থােৱা। 

কপাল ফুল- সৌভাগ্য হােৱা। 

কপাল ফুট—দুর্ভাগ্য হােৱা।

কাণত পৰা—অনিশ্চিতভাৱে শুনা।

কঁকাল ভাগ—দুর্বল হােৱা। 



অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য 

গা-ঢাকা—লুকাই ৰখা। 

গা ধৰ-স্বাস্থ্যৱান হ। 

গাত লাগি- মন দি। 

গা বন্ধ- গৰ্ভৱতী।

গিলিপ মাৰ- ঢাকি ধৰ। 

গা গধুৰ—এলেহুৱা। 



অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য 

ঘৰ জোঁৱাই-চপনীয়া। 

ঘৰ গােনা—সদায় ঘৰত থকা, চুক ভেঁকুলী। 



অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য 

চকু দি- মন দি। 

চকু ৰাখ- সাৱধান। 

চাউল টুট্- জীৱিকাৰ উপায় নােহােৱা হ

চকু মুদ—চকু জপা। 

চকুত লগা—শুৱনি। 

চকুত পৰ—দৃষ্টিগােচৰ হ। 

চাউল মাৰ জীৱিকাৰ উপায় নষ্ট কৰ।

চকুৰ কুটা দাঁতৰ শাল—পৰম শত্রু। 



অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য 

জাত-এৰ- নিজৰ কুল পৰিত্যাগ কৰা। 



অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য 

পানী কৰ- নষ্ট কৰা। 

পানীৰ মিঠৈ–মিছা বা অমূলক কথা বা বস্তু

পেট ল- বুদ্ধিৰে মনৰ ভাব লােৱা। 

পেট মাৰ—ভাত মৰা। 

পেট কুলি—বাহিৰে অজলা, ভিতৰি টেঙৰ। পেটে-ভাতে খােৱা- কোনােমতে খাই থকা। 

পেটতে হাত-ভৰি লুকোৱা- বৰকৈ ভয় পােৱা। 

পানীৰ তলৰ কাইট—নেদেখা-নজনা বিপদ।



অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য 

বুকু ডাঠ-সাহিয়াল। 

বুকু পাতল—ভীৰু ; ভয়াতুৰ। 

বুৰ দি—ডুব মাৰ। 

বাটকুৰি বােৱা—ঘনাই অহা-যােৱা কৰা। 

বাট মৰ—সুযােগ হেৰুওৱা। 



অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য 

ভাত উঠ—আয়ুস শেষ হােৱা। 

ভাতৰ ভতুৱা-খােৱাত কাজী, কিন্তু কাম নজনা। 



অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য 

মন বান্ধ - মন দমা, মন সংযত কৰা। 

মুখ মাৰ- নিমাত হ। 

মুখ পাতি ধৰ- প্রতিবাদ কৰা। 

মুখ লগা- কুদৃষ্টিত পৰা। 

মন মাৰ- নিৰাশ।

মন দে—মনােযােগ দি 

মন কৰ—ইচ্ছা কৰ। 

মন খা—পচন্দ কৰা। 

মন যা—পাবলৈ ইচ্ছা কৰা। 

মুখপাত—ভূমিকা। 

মাটি কৰা—নষ্ট কৰা। 

মাটি খা—মাটি দখল কৰা, অনুতাপ কৰা, কষ্ট পােৱা। 

মন পুতি—মনােযােগ দি। 

মনে-চিতে—অন্তৰেৰে সৈতে।



অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য 

লগ হ—সঙ্গী হ। 



অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ, অসমীয়া বাক্য 

হাত টান- কৃপণ। 

হাত দীঘল- ক্ষমতাশালী। 

হাত লৰ- চোৰ

হাত ধাে-সম্পর্ক এৰা। 

হাত খৰচ- অলপীয়া খৰচৰ বাবে ৰখা ধন।

হাড়ত বন গজা—বহুত দিন আগতে মৰা। 

হাড়-ছাল ওলােৱা—অতি খীণ। 

হাড়ক মাটি কৰ—অতিৰিক্ত পৰিশ্ৰম কৰা।






সহায়ক

- আদৰ্শ ব্যাকৰণ 

- সহায়িকা


  



Post a Comment

2Comments
  1. পেটকুলি জতুৱা ঠাঁচৰ দ্বাৰা বাক্য ৰচনা কৰা

    ReplyDelete
  2. শালৰ মাজত শিঙি তথা নাদৰ ভেকুলী -উক্ত বাক্য দুটাৰ অৰ্থ লিখি বাক্য ৰচনা কৰাত অসুবিধা হৈছে । পাৰে যদি কৰি দিব ।

    ReplyDelete
Post a Comment