ভাৰত বুৰঞ্জী-ভাৰত কুইজ

ভাৰতৰ বুৰঞ্জীৰ কথা- ভাৰতৰ ইতিহাস-ভাৰত বুৰঞ্জী ভাৰতৰ কুইজ Indian History GK  in Assamese Indian Quiz khuj2

ভাৰতৰ কুইজ- indian GK-general knowledge question and answer for competitive exam-quiz in Assamese language khuj2 বিভিন্ন বিষয়ক প্রশ্ন উত্তৰৰ সম্ভাৰ অসমীয়া সাধাৰণ জ্ঞান তথা অসমীয়া ভাষাত কুইজ ছাত্র ছাত্রী সকলৰ বাবে- কুইজ
ভাৰতৰ বুৰঞ্জী কুইজ


ভাৰতৰ বুৰঞ্জীৰ (ভাৰত কুইজ)লগত জড়িত বহু প্রশ্ন উত্তৰ তলত দিয়া হৈছে। যিবোৰ প্রশ্ন উত্তৰে ছাত্র ছাত্ৰী সকলক যথেষ্ট সহায় কৰিব বুলি আশা কৰিলো-


ভাৰত বুৰঞ্জী ভাৰতৰ কুইজ Indian History GK in Assamese

প্র : বুৰঞ্জী’ শব্দটোৰ অর্থ কি? 

উ : বুৰঞ্জী’ শব্দটো আহােম ভাষাৰ শব্দ। আহােম ভাষাত 'বু' মানে মূৰ্খ, 'ৰণ' মানে শিক্ষা আৰু 'জী’ মানে ভঁৰাল। গতিকে ‘বুৰঞ্জী’ মানে মূৰ্খৰ শিক্ষাৰ ভঁৰাল। (পণ্ডিত হেমচন্দ্র গােস্বামী) 



প্র : 'বুদ্ধ’ শব্দৰ অৰ্থ কি ?

উ : 'বুদ্ধ’ মানে পৰম জ্ঞানী। 



প্র : বুদ্ধদেৱ কোন আছিল? 

উ : ৰজা শুদ্ধোদনৰ পুতেক সিদ্ধার্থ বা গৌতমৰ নাম পিছত 'বুদ্ধদেৱ’ হয়। বুদ্ধদেৱেই বৌদ্ধ ধর্মৰ প্রৱতৰ্ক আৰু প্ৰচাৰক। 



প্র : বুদ্ধদেৱৰ জন্মস্থান কত? 

উ : কপিলাবস্তুৰ ওচৰত ‘লুম্বিনী' বােলা গাৱঁত। 



প্র : ভাৰতৰ শ্ৰেষ্ঠ সম্রাট কোন? 

উ : মহামতি সম্রাট অশােক। তেওঁৰ নাম পৃথিৱীৰ বুৰঞ্জীত জিলিকি আছে। ভাৰতীয় জাতীয় পতাকাত তেওঁৰ ধৰ্ম-মতৰ প্রতীক ‘অশােক চক্র’ অঙ্কিত আছে।



প্র : ভাৰতৰ কোনে প্রথম চিকিৎসালয় পাতে? 

উ : সম্রাট অশােকে। 



প্র : বত্রিশ সিংহাসন কোন ৰজাৰ আছিল? 

উ : মহাৰাজ বিক্রমাদিত্যৰ । 



প্র : মহাৰাজ বিক্রমাদিত্যৰ 'নৱৰত্ন’ সভাৰ পণ্ডিতসকলৰ নাম কি কি আছিল ? 

উ : ১। কালিদাস, ২। বৰুচি, ৩। বৰাহমিহিৰ, ৪। শঙ্কু, ৫। বেতালভট্ট, ৬। ক্ষপণক, ৭। ঘটকৰ্পৰ, ৮। অমৰসিংহ আৰু ৯। ধন্বন্তৰি। 



প্র : কোন মােগল সম্রাটে লিখা-পঢ়া নাজানিছিল ? 

উ : সম্রাট আকবৰে। 



প্র : সম্রাট আকবৰৰ নৱৰত্ন সভাৰ পণ্ডিতসকলৰ নাম কি কি আছিল ? 

উ : ১। টোডমল, ২। আবুল ফজল, ৩। ফৈজী, ৪। বীৰবল, ৫। মানসিংহ, ১। তানসেন, ৭। হাকিম হুচেন, ৮। মােল্লা দুপায়েজা আৰু ৯। মির্জা আব্দুৰ ৰহিম। 

ভাৰত বুৰঞ্জী ভাৰতৰ কুইজ Indian History GK  in Assamese


প্র : চাণক্য কোন? 

উ : মৌৰ্য্য বংশৰ সম্রাট চন্দ্রগুপ্তৰ পৰামৰ্শদাতা আৰু বিখ্যাত নীতিশাস্ত্রবিদ পণ্ডিত আছিল। তেওঁৰ আন এটা নাম ‘কৌটিল্য'। 



প্র : বাণভট্ট কোন?

উ : বাণভট্ট সম্রাট হর্ষবর্ধনৰ ৰাজ্যসভাৰ বিদ্ধ পণ্ডিত আছিল। এওঁ কাদম্বৰী’ আৰু হর্ষচৰিত নামেৰে দুখন বিখ্যাত সংস্কৃত গদ্য কাব্য ৰচনা কৰি সুখ্যাতি আর্জিছিল। 



প্র : হিউৱেন চাং কৰ মানুহ আছিল ? 

উ : চীনদেশৰ পৰ্য্যটক বা পৰিব্রাজক - দেশভ্রমণ কৰোঁতা। কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত এওঁ অসমলৈ আহিছিল। হিউৱেন চাং আমাৰ ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ শীলভদ্ৰৰ শিষ্য আছিল। 



প্র : তাজমহল কি? 

উ : আগ্রা নগৰৰ যমুনা নৈৰ পাৰত মমতাজ বেগমৰ কবৰৰ ওপৰত তেওঁৰ স্বামী মােগল সম্রাট চাহজাহানে সজোৱা বগা মাৰ্বল পাথৰৰ অতি বিতােপন স্মৃতি- সৌধ। 



প্র : তাজমহল সজাওঁতে কিমান সময় লাগিছিল। 

উ : তাজমহল সজাওঁতে ২০ হাজাৰ মানুহৰ ২২ বছৰ সময় লাগিছিল। 



প্র : ময়ূৰ সিংহাসন কাৰ আছিল আৰু কোনে সজোৱাইছিল ? 

উ : মােগল সম্রাট চাহজাহানৰ। চাহজাহানৰ নির্দেশ অনুসৰি বাবদল খাঁ নামৰ শিল্পী এজনে নানা ধৰণৰ মণি-মুক্তা খচিত অতি বিতোপণ এই সিংহাসনখন সজোৱাইছিল। 



প্র : ভিক্টোৰিয়া মেমােৰিয়াল হল কি? 

উ : আগ্রাৰ তাজমহলৰ আৰ্হিৰে ব্রিটিছসকলে কলিকতা মহানগৰীত সজোৱা মহাৰাণী ভিক্টোৰিয়াৰ বিতােপন স্মৃতিসৌধ। 



প্র : কুতুব মিনাৰ কি? 

উ : দিল্লী নগৰীত ‘কুতুবছাহ' নামৰ সাধু এজনৰ স্মৃতি ৰক্ষার্থে ১২৩২ চনত সম্রাট ইলতুৎমিচে কুতুব-মিনাৰ সজোৱাইছিল। 



প্র : কোন বিদেশীয়ে সর্বপ্রথম ভাৰত আক্রমণ 

কৰিছিল ? 

উ : মহাবীৰ আলেজেণ্ডাৰে। 



প্র : ভাৰতৰ কোন হিন্দু ৰজাই ইউৰােপৰ গ্ৰীক ৰাজকুমাৰীক বিয়া কৰাইছিল? 

উ : মগধৰ ৰজা চন্দ্রগুপ্তই, গ্ৰীকৰাজ চেলুকচৰ কন্যা হেলেনক বিয়া কৰাইছিল। 


ভাৰত বুৰঞ্জী ভাৰতৰ কুইজ Indian History GK in Assamese

প্র : ‘হিন্দ’ নামটো ক'ৰপৰা হ'ল ? 

উ : গ্রীকসকলে সিন্ধু নদীৰ পাৰত উপনিৱেশ পাতিছিল। সিন্ধু নদীৰ অপভ্রংশৰপৰা গ্ৰীকসকলে সিন্ধুক ‘হিন্দু' বুলিছিল। 



প্র : কোনে আৰু কিয় মহাত্মা গান্ধীক ‘নগ্ন ফকীৰ’ আখ্যা দিছিল? 

উ : মহাত্মা গান্ধীয়ে আঁঠুলৈকেহে খদ্দৰৰ চুৰিয়া পিন্ধিছিল আৰু অনাবৃত শৰীৰেৰে থকা কাৰণে ইংলণ্ডৰ প্রয়াত প্রধানমন্ত্রী চার্চিলে তেখেতক 'নগ্ন ফকীৰ' আখ্যা দিছিল।



প্র : কোন ৰাজপুত ৰজাই মােগল সম্রাটৰ বশ্যতা স্বীকাৰ নকৰিলে ? 

উ : মেৱাৰৰ ৰাণা প্রতাপসিংহই। 



প্র : কোন তিৰােতাই দিল্লীৰ সিংহাসনত বহিছিল ? 

উ : চুলতানা ৰেজিয়াই। 



প্র : কোন কোন ভাৰতীয় নাৰীয়ে নিজ হাতে ৰাজ্যৰ শাসন কাৰ্য্য চলাইছিল ? 

উ : চুলতানা ৰেজিয়া, চাদ চুলতানা, ৰাণী অহল্যাবাঈ আৰু ৰাণী দুর্গাৱতীয়ে। 



প্র : তানসেন কোন আছিল ? 

উ : সম্রাট আকবৰৰ নৱৰত্নসভাৰ অন্যতম সভাসদ। তানসেন সেই সময়ৰ ভাৰতৰ সৰ্বশ্রেষ্ঠ সঙ্গীতজ্ঞ আৰু সুৰকাৰ আছিল। 



প্র : কোন ভাৰতীয় নাৰীয়ে প্ৰাচ্যৰ 'বুলবুল’ (গায়ক পক্ষীবিশেষ) আখ্যা পাইছিল ? 

উ : সৰােজিনী নাইডুৱে।



প্র : সংস্কৃত ব্যাকৰণ ‘মহাভাষ্য' কোনে লিখিছিল? 

উ : পতঞ্জলী। 



প্র : কোনজন ৰজাক ‘বিক্রমাদিত্য' নামেৰে জনা যায় ?

উ : দ্বিতীয় চন্দ্রগুপ্ত। 



প্র : হিউৱেনচাং কোন ৰজাৰ দিনত কামৰূপলৈ আহিছিল?

উ : কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত। 

ভাৰত বুৰঞ্জী ভাৰতৰ কুইজ Indian History GK  in ভাৰত বুৰঞ্জী ভাৰতৰ কুইজ Indian History GK  in Assamese

প্র : ছেৰছাহৰ ল'ৰাকালৰ নাম কি? 

উ : ফৰিদ। 



প্র : কোনজন কোচ ৰজাই হাজোৰ মাধৱ মন্দিৰৰ মণিকূটটো নতুনকৈ সাজিছিল ? 

উ : ৰঘুদেৱে। 



প্র : কোনজন আহােম ৰজাৰ দিনৰ পৰা অসমীয়া ভাষাত বুৰঞ্জী লিখা প্রথা আৰম্ভ হৈছিল ? 

উ : প্রতাপ সিংহ। 



প্র : 'বৰৰজা’ বুলি পৰিচয় দিয়া আহােম ৰাজকুঁৱৰী গৰাকীৰ নাম কি আছিল? 

উ : ফুলেশ্বৰী কুঁৱৰী। 



প্র : আহােম ৰাজ্যৰ প্রতিষ্ঠাতা কোন? 

উ : চুকাফা। 

ভাৰত বুৰঞ্জী ভাৰতৰ কুইজ Indian History GK  in Assamese

প্ৰ : ভাৰতৰ ইতিহাসত পৌৰসভা গঠন কৰা প্ৰথমগৰাকী সম্রাটৰ নাম কি? 

উ : চন্দ্রগুপ্ত। 



প্ৰ: গ্রীকসকলৰ পিছত কোনে ভাৰত আক্ৰমণ কৰিছিল? 

উঃ শক সকলে।



প্ৰ: ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ত বৃটিছ প্রধানমন্ত্রী কোন আছিল? 

উঃ এটলি। 



প্ৰ: ভাৰত আৰু চীনৰ মাজত কুটনৈতিক সম্পর্ক কেতিয়া স্থাপন কৰা হয়? 

উঃ ১৯৫০ চনৰ ১ এপ্রিলত। 



প্ৰ: মুছলিম লীগে পাকিস্তানৰ দাবী কেতিয়া ক'ত গ্ৰহণ কৰিছিল? 

উঃ ১৯৪০ চনত লাহােৰ অধিবেশনত। 



প্ৰ: ইন্দিৰা গান্ধী হত্যা গােচৰত প্রাণদণ্ডিত হােৱা ব্যক্তি দুজন কোন কোন? 

উঃ কেহৰ সিং আৰু সতৱন্ত সিং। 



প্ৰ: স্বাধীন ভাৰতৰ প্ৰথম গৰাকী সেনাধ্যক্ষৰ নাম কি? 

উঃ কে, এম, কাৰিয়াল্লা। 



প্ৰ: ভাৰতৰ আটাইতকৈ পুৰণি ৰাজবংশটোৰ নাম কি? 

উঃ শতবাহন। 



প্ৰ: চানক্যৰ মন্ত্ৰণাত চন্দ্রগুপ্ত মৌর্যই মৃত্যুদণ্ড দিয়া নন্দবংশৰ শেষ ৰজাজনৰ নাম কি? 

উঃ ধননন । 



প্ৰ: সম্রাট পুষ্যমিত্ৰৰ দ্বাৰা প্রতিষ্ঠিত ৰাজবংশটোৰ নাম কি? 

উঃ শুংগ। 



প্ৰ: কোনজন গ্রীক ৰজাই প্রথম বৌদ্ধ ধর্ম গ্রহণ কৰিছিল? 

উঃ মিলিন্দাৰ। 



প্ৰ: ঔৰংজেরে নির্যাতন কৰি হত্যা কৰা শিখ ধর্মগুৰুজনৰ নাম কি? 

উঃ গুৰু টেগবাহাদুৰ। 



প্ৰ: দিল্লীৰ কোনজন মুছলমান ৰজাই প্রথম দাক্ষিণাত্য জয় কৰিছিল? 

উঃ আলাউদ্দিন খিলজি। 



প্ৰ: মণিপুৰ ৰাজ্যক ভাৰতৰ লগত কেতিয়া চামিল কৰা হয়? 

উঃ ১৯৪৯ চনৰ ১৫ অক্টোবৰ। 



প্ৰ: ভাৰতবৰ্ষ কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্যভূক্ত হয়? 

উঃ ১৯৪৫ চনত। 



প্ৰ: একেৰাহে সর্বাধিক কাল মুখ্যমন্ত্ৰীৰ গাদীত থকা ভাৰতীয় ৰাজনীতিবিদজন কোন? 

উঃ জ্যোতিবসু। 



প্ৰ: সকলাে পক্ষৰ সন্মতিক্রমে বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হােৱা ভাৰতৰ একমাত্র ৰাষ্ট্রপতিজন কোন? উঃ নীলম সঞ্জীৱ ৰেড্ডী।



প্ৰ: নেতাজী সুভাষ চন্দ্র বসুৱে ‘আজাদ হিন্দ ফৌজ’ ক’ত সংগঠিত কৰিছিল? 

উঃ চিংগাপুৰত। 



প্ৰ: মহাত্মা গান্ধীয়ে দক্ষিণ আফ্রিকাৰ পৰা ভাৰতলৈ কেতিয়া প্রত্যাৱর্তন কৰিছিল? 

উঃ ১৯১৫ চনত। 



প্ৰ: ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া স্থানান্তৰ কৰা হয়? 

উঃ ১৯১০ চনত। 



প্ৰ: ভাৰতৰ স্বাধীনতা সংগ্রামৰ শুভাৰম্ভ ক’ত হৈছিল ? 

উঃ মিটত।



প্র : ইবন বটুতাৰ জন্ম ক'ত হৈছিল? 

উ : মৰক্কোত। 



Indian GK in Assamese


সংগ্রহ- জ্ঞান বিজ্ঞানৰ বিচিত্র কথা

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.