শঙ্কৰদেৱৰ পৰিচয় আৰু কৰ্ম-জীৱন

শঙ্কৰদেৱৰ পৰিচয় আৰু কৰ্ম-জীৱন- মহৎ লোকৰ জীৱন

শঙ্কৰদেৱৰ পৰিচয় আৰু কৰ্ম-জীৱন
মহৎ লোকৰ জীৱন


শংকৰদেৱৰ (Sankardev) সাহিত্য, শংকৰদেৱৰ সাহিত্যৰ অৱদান, শংকৰদেৱৰ বাণী, শংকৰদেৱৰ কবিতা, শংকৰদেৱৰ বৰগীত, শংকৰদেৱৰ অংকীয়া নাট, শংকৰদেৱৰ ভাওনা, শংকৰদেৱৰ শৈশৱ-কৈশোৰ, শংকৰদেৱৰ বৈবাহিক জীৱন, শংকৰদেৱৰ জীৱন-কৰ্মৰাজী, শংকৰদেৱৰ যুগ, শংকৰদেৱৰ শিক্ষা, দৰ্শন সকলো তথ্য কুইজ আকাৰত দিয়া হৈছে



প্রশ্ন: শঙ্কৰদেৱৰ আদি পুৰুষজনাৰ নাম কি? 

উত্তৰ : প্রেম পূর্ণানন্দগিৰী। 



প্রশ্ন: শঙ্কৰদেৱৰ আজোককাক চণ্ডীবৰ কামৰূপলৈ কোন ৰজাৰ দিনত আহিছিল ? 

উত্তৰ : কমতাপুৰৰ ৰজা দুর্লভ নাৰায়ণৰ দিনত। 



প্রশ্ন : চণ্ডীবৰ ক’ৰ লােক আছিল আৰু কোন পৰিয়ালৰ? 

উত্তৰ: কনৌজৰ। কায়স্থ পৰিয়ালৰ। 



প্রশ্ন: দুর্লভ নাৰায়ণে চণ্ডীবৰক নাম কি দিছিল ? 

উত্তৰ : দেৱীদাস (চণ্ডীৰ উপাসক)। 



প্রশ্ন : চণ্ডীবৰ আহি ক’ত বাস কৰিছিল ? 

উত্তৰ: বৰদোৱাৰ ওচৰৰ টেম্বুৱানী জানৰ পাৰত।



প্রশ্ন: চণ্ডীবৰৰ পুত্ৰৰ নাম কি? 

উত্তৰ : ৰাজধৰ।। 



প্রশ্ন: ৰাজধৰৰ পুত্ৰৰ নাম কি ? 

উত্তৰ : সূৰ্যবৰ। 



প্রশ্ন : শঙ্কৰদেৱৰ বৰ্ণনাত চণ্ডীবৰ, ৰাজধৰ, সূৰ্যবৰ, কুসুম্বৰ আদিৰ পৰিচয় ক’ত পােৱা যায় ? 

উত্তৰ : আদ্য দশম, ৰুক্মিণীহৰণ কাব্য আৰু উত্তৰাকাণ্ড ৰামায়ণত। 



প্রশ্ন: কুসুম্বৰৰ পত্নীৰ নাম কি? 

উত্তৰ : সত্যসন্ধা। 



প্রশ্ন : শঙ্কৰদেৱৰ জন্মৰ প্রকৃত চন-তাৰিখ আৰু তিথি কি? 

উত্তৰ : এই সম্পর্কে বিভিন্ন মত থাকিলেও ১৩৭১ শকৰ (১৮৮৯ খ্রীঃ) আহিন মাহৰ পাঁচদিন, বৃহস্পতি, শুক্লা দশমী তিথিকেই সকলােৱে মানি লয়। 



প্রশ্ন: শঙ্কৰদেৱৰ জন্ম-পত্রিকা কোনে লিখিছিল ? 

উত্তৰ : সােন্ধোৰা দলৈয়ে। 



প্রশ্ন : শঙ্কৰদেৱৰ জন্মৰ কিমান দিনৰ পিছত পিতৃ-মাতৃ বিয়ােগ হয় ? 

উত্তৰ : শঙ্কৰদেৱৰ জন্মৰ ১৫ দিনৰ পাছত মাতৃ সত্যসন্ধা আৰু ৭ বছৰত পিতৃ কুসুম্বৰ বিয়ােগ হয়। 



প্রশ্ন : পিতৃ-মাতৃ বিয়ােগৰ পাছত শঙ্কৰক কোনে লালন-পালন কৰে ? 

উত্তৰ : বুঢ়ীমাক খেৰসূতীয়ে। 



প্রশ্ন : শঙ্কৰদেৱৰ জীৱনৰ ঐশ্বৰিক কার্যকলাপৰ বৰ্ণনা ক’ত পােৱা যায় ? 

উত্তৰ: চৰিত পুথিসমূহত। 



প্রশ্ন : কিমান বছৰ বয়সলৈকে শঙ্কৰ উমলি কটাইছিল ? 

উত্তৰ : বাৰ বছৰ বয়সলৈকে। 



প্রশ্ন : খেৰসূতীয়ে শঙ্কৰক শিক্ষা লাভৰ বাবে কাৰ ওচৰত চমজাই দিছিল? 

উত্তৰ : মহেন্দ্ৰ কন্দলিৰ ওচৰত। 



প্রশ্ন : মহেন্দ্ৰ কন্দলিৰ টোলত শঙ্কৰৰ সহপাঠীসকলৰ অন্যতম কোন কোন? 

উত্তৰ : ৰাম ৰাম, বিদ্যা পাঠক, শ্ৰীকণ্ঠ ভূষণ, কেতাই খা ইত্যাদি। 



প্রশ্ন: বর্ণমালা শিকিয়েই শঙ্কৰে লিখা কবিতা কোনটো? 

উত্তৰ : 

কৰতল কমল কমল দল নয়ন। 

ভবদৱ দহন গহনবন শয়ন।। 

নপৰ নপৰ পৰ সতৰত গময়। 

সভয় ভয় ভয় মমহৰ সততয়।।

খৰতৰ বৰশৰ হত দশবদন। 

খগচৰ নগধৰ ফণধৰ শয়ন।। 

জগদঘ মপহৰ ভৱভয় তৰণ। 

পৰপদ লয়কৰ কমলজ নয়ন।। 



প্রশ্ন : এই কবিতাটি বা স্তোত্রটি শুনি মহেন্দ্ৰ কন্দলিয়ে কি বুলি প্রশংসা কৰিলে ? 

উত্তৰ : তৈল লােণ নাই সুদা ব্যঞ্জনৰ এনে স্বাদ। 



প্রশ্ন : মহেন্দ্ৰ কন্দলি আৰু অন্যান্য ব্রাহ্মণসকলে শঙ্কৰৰ ওচৰত কিয় শৰণ লৈছিল? 

উত্তৰ : শঙ্কৰৰ ঐশ্বৰিক শক্তিৰ বিষয়ে জানি মহেন্দ্ৰ কন্দলিৰ লগত বহুতাে ব্রাহ্মণ পণ্ডিতে একেদিনাই শঙ্কৰৰ ওচৰত শৰণ লৈছিল। 



প্রশ্ন : শঙ্কৰক 'শঙ্কৰদেৱ’ বুলি প্রথমে কোনে মাতিছিল ? 

উত্তৰ : মহেন্দ্ৰ কন্দলিয়ে। 



প্রশ্ন : শঙ্কৰদেৱৰ দহােটা নাম কি কি? 

উত্তৰ : শঙ্কৰ, গঙ্গাধৰ, মহাপুৰুষ, ডেকাগিৰী, অধিকাৰী, সন্ত, মহন্ত, আতা, গােমােস্তা আৰু জগন্নাথ। 



প্রশ্ন : শঙ্কৰদেৱে শাস্ত্র অধ্যয়নৰ উপৰি আৰু কি কি বিদ্যাৰ চৰ্চা কৰিছিল ? 

উত্তৰ : শাৰীৰিক আৰু যােগ-অভ্যাস। 



প্রশ্ন : শঙ্কৰদেৱে কিমান বছৰ বয়সত কাক বিয়া কৰায়? 

উত্তৰ : ২১ বছৰ বয়সত হৰিবৰগিৰীৰ কন্যা সূর্যৱতীক। 



প্রশ্ন: চিলাৰায় দেৱানে গুৰুজনাৰ ওচৰত ক'ত, কেতিয়া শৰণ লয়? 

উত্তৰ : গুৰুজনা পাটবাউসীত থকা কালতে ১৪৮০ শক মানত চিলাৰায়ে পত্নী কমলাপ্রিয়াৰ মুখত ‘পামৰ মন ৰাম চৰণে চিত্ত দে' গীত শুনি মােহিত হৈ শঙ্কৰদেৱৰ ওচৰত শৰণ লয়। 



প্রশ্ন: কর্মকাণ্ডী বিপ্ৰসকলে নৰনাৰায়ণ ৰজাক খল দিয়াত শঙ্কৰক ধৰি নিবলৈ কি বুলি আদেশ দিলে? 

উত্তৰ : ‘হাড়ে পুরাইবাে জুই ছালে দামা সিম। শৰীৰৰ মাংস তাৰ কুকুৰক দিম।” 



প্রশ্ন : বিপ্ৰসকলে ৰজাৰ ওচৰত দিয়া গােচৰসমূহ কি কি? 

উত্তৰ : শঙ্কৰে তীর্থ, ব্রত, হােম, পূজা, শ্রাদ্ধ, ঈশ্বৰৰ মূর্তি নামানে, জাতিভেদ নামানে আৰু শূদ্র হৈ ভাগৱতৰ পদ অনুবাদ কৰে। 



প্রশ্ন: ৰজাৰ গৰমলিয়ে শঙ্কৰক, নাপাই কাক ধৰি নিলে? 

উত্তৰ : নাৰায়ণ দাস ঠাকুৰ আতা আৰু গােকুলচান্দ আতৈক। 



প্রশ্ন: ৰজাই শঙ্কৰদেৱৰ মহিমা কিদৰে বুজিব পাৰিলে? 

উত্তৰ : ৰজাৰ গৰমলিয়ে ঠাকুৰ আতাক দিয়া শাস্তি আৰু ভােটক বেচা সত্ত্বেও ঠাকুৰ আতাৰ ভক্তি মহিমা দেখি শঙ্কৰদেৱৰ ঐশ্বৰিক মহিমাৰ কথা জানিব পাৰিলে। 



প্রশ্ন: শঙ্কৰদেৱ নৰনাৰায়ণৰ ওচৰলৈ যােৱাৰ আগতে কাৰ আশ্ৰয়ত আছিল? 

উত্তৰ :চিলাৰায়ৰ আশ্ৰয়ত ৬ মাহ। 



প্রশ্ন: ৰাজসভাত শঙ্কৰদেৱে কেনেদৰে প্ৰৱেশ কৰিছিল? 

উত্তৰ : ধীৰ-স্থিৰভাৱে মধু দানৱ দাৰণ দেৱ বৰং তােটয়টি আৰু ‘জয় জয় মল্ল নৃপতি ৰসজান ভটিমাটি গাই।



প্রশ্ন: ৰজাই কৃষ্ণ লীলাৰ অপূর্ব কাহিনী শুনাৰ পাছত সেইবিলাক কিহৰ যােগে দর্শন কৰিব বিচাৰিলে ? উত্তৰ: ৰাজা বােলে বাপ, চুক ভেকুলিৰ পায়স, দাখদ্ৰৰ অষ্টনিধি খােৱাৰ পর্বত, কণাৰ ৰত্ন, ভিক্ষুকৰ অমৃত, ইচ্ছা মন দৰে মােৰ অধম পাপীৰাে চিত্ত গ'ল। তযু মুখ পদ্ম ঘ্রাণ পাই পিয়াব পাৰাে নিঃকিন ? গুৰু বােলে বস্তুকৈহে দেখাব পাৰি।' 



প্রশ্ন: এই বস্তু'ভাগ কি? 

উত্তৰ: বৃন্দাবনী বস্ত্র। 



প্রশ্ন : বস্ত্রভাগ ক’ত বােৱা হৈছিল ?

উত্তৰ : বৰপেটাৰ ওচৰৰ তাতিকুছিত। 



প্রশ্ন : এই বস্ত্ৰৰ আকাৰ কেনেকুৱা? 

উত্তৰ : দীঘলে ১২০ হাত আৰু পথালিয়ে ৬০ হাত। দিনে এবেগেতকৈ বওঁতে এবছৰ লাগিছিল। মেলিবৰ বাবে ৬০ জন মানুহ লাগিছিল। 



প্রশ্ন : এই বস্ত্ৰত কি চিত্রিত কৰা হৈছিল? 

উত্তৰ : গােকুল, মথুৰা, দ্বাৰকা, বৃন্দাবন, গােবর্ধন, বাৰেৰন, যমুনা হ্রদ, গােপ-গােপী, ধেনু-বৎস, শিশু আৰু কংসৰ বন্দীশালত কৃষ্ণ জন্মৰ পৰা কংস বধলৈকে সকলাে লীলা চিত্রিত কৰি প্ৰতি চিত্ৰৰ তলত আখৰ তুলি চিত্রসমূহ বুজাই দিয়া হৈছিল। 



প্রশ্ন: বৃন্দাবনী বস্ত্র দেখি ৰজাৰ মন কিহত আকৃষ্ট হ'ল আৰু গুৰুজনাক কেনে অনুগ্রহ দেখুৱালে ? 

উত্তৰ : 'ক্ৰমে ক্ৰমে ৰাজাৰ আগ্রহ বাঢ়ি গৈল। সকলােকে এৰি মাত্ৰ ধৰ্ম্মে মন হৈল।'

ৰজাই গুৰুজনক ঈশ্বৰ জ্ঞান কৰি তােৰােছা নদীৰ দক্ষিণ পাৰে এটা ডােবাৰ পাৰত (ভেলা চৰায়ে মাছখােৱা ঠাই) কোনাে অসুবিধা নােপােৱাকৈ নামঘৰ- মণিকূট সজাই দিলে। 



প্রশ্ন: বৃন্দাবনী বস্ত্ৰক অসমৰ বস্ত্ৰ উদ্যোগৰ প্রাচীনতম নিদর্শন বুলিব পাৰিনে? 

উত্তৰ : পাৰি। 



প্রশ্ন : ভেলাডােবাৰ নামটো কোনে সলনি কৰে ? 

উত্তৰ : মাধৱদেৱে এই নামটো সলাই মধুপুৰ কৰে। 



প্রশ্নঃ মধুপুৰ নাম কিয় হ’ল? 

উত্তৰ : গুৰুজনে দ্বিতীয়বাৰ তীর্থ ভ্ৰমণত যাওঁতে সেই ঠাইতে এজোপা পাৰলি গছৰ পৰা মাখি-মৌ পাৰি গছৰ ছাঁত জিৰাই মধুময় হৰি কথা আলাপৰ লগতে মধুপান কৰাৰ বাবেই এই ঠাইৰ নাম মধুপুৰ হ'ল। 



প্রশ্ন : ভেলাডােবাৰ ওচৰৰ 'কাকতকুটা’ নামৰ ঠাইৰ উৎপত্তি কেনেকৈ হ'ল? 

উত্তৰ : বাৰে বাৰে পৰাজিত হৈয়ে কুর্তকী পণ্ডিত সকলে শঙ্কৰৰ ওচৰত তর্ক কৰিবলৈ ৰজাৰ পৰা অনুমতি বিচাৰিলে। ৰজাই এই পাণ্ডিত্যাভিমানী সকলৰ ভুৱা শাস্ত্ৰবােৰ কাটি-কুটি তােৰােছা নৈত পেলাই দিলে—ফলত তােৰােছাৰ মূল সুতি বন্ধ হৈ অন্যফালে গতি কৰিলে। এয়ে কাকতকুটা বিল। 



প্রশ্ন: নৰনাৰায়ণ ৰজাই গুৰুজনৰ ওচৰত শৰণ ভিক্ষা কৰিছিল। গুৰুজনে ৰজাক দিলেনে? 

উত্তৰ: দিয়া নহ'ল।



প্রশ্ন : শঙ্কৰদেৱে ফাকুৱা উৎসৱ পতাটো হয়নে? ইয়াৰ উদ্দেশ্য কি? 

উত্তৰ : হয়। একৈশ বছৰ বয়সত দৌল বান্ধি ফাকুৱা উৎসৱ প্ৰৱর্তন কৰে। ৰং-ৰহইচৰ উৎসৱ হ'লেও আধ্যাত্মিক সাধনাৰ বাবে, সাংসাৰিক বিষয়-বাসনাৰ প্ৰতি অনাসক্তিৰ আৱশ্যকতাৰ কথাহে—ফাকুৱা উৎসৱে সূচনা কৰে। 



প্রশ্ন: শান্তিজানৰ অন্তর্নিহিত তাৎপর্য কি? 

উত্তৰ : একশৰণ নহ'লে যে ভক্তি সিদ্ধ নহয় আৰু প্ৰকৃত ভক্তিৰ পথত যে জাতি-অজাতি নাই সেইটোৰে উদাহৰণ। অন্ত্যজাতি হিচাপে অৱহেলিত ৰাধিকাৰ দ্বাৰা এপল পানী আৰু এপল মাটি দি টেম্বুৱানী জানেদি লুইতৰ সােমােৱা পানীৰ সোঁত বন্ধ কৰাই প্ৰজাৰ শস্য ৰক্ষা কৰাৰ দৃষ্টান্ত দাঙি ধৰা হৈছে। 



প্রশ্ন : আকাশী গঙ্গা কি? 

উত্তৰ : আলিপুখুৰীত পানীৰ নাটনি হােৱাত কীর্তন ঘৰত ভক্তসকল সমবেত হৈ নাম-কীর্তন কৰাত আকাশৰ পৰা গঙ্গা (পানী) অৱতৰণ হৈ জলধাৰা সৃষ্টি হােৱা কাৰণে আকাশী গঙ্গা বােলে। ঠাইত এজোপা প্রকাণ্ড বট গছ আছিল সেই ঠাইত এটা প্রকাণ্ড জলাশয়ৰ সৃষ্টি হয়। এয়ে আকাশী গঙ্গা। 



প্রশ্ন: শঙ্কৰদেৱে কিমান বছৰ বয়সত প্ৰথমবাৰ তীর্থ ভ্রমণলৈ যায় ? 

উত্তৰ : ৩২ বছৰ বয়সত। 



প্রশ্ন : কিমান বছৰ শঙ্কৰদেৱে তীর্থ ভ্ৰমণত কটায় ? 

উত্তৰ : ১২ বছৰ। 



প্রশ্ন : শঙ্কৰদেৱে কোনবোৰ তীৰ্থ ক্ষেত্ৰত ভ্রমণ কৰিছিল ? 

উত্তৰ :জগন্নাথ ক্ষেত্র, সীতাকুণ্ড, বাৰাণসী, গঙ্গা, গয়া, বদৰিকাশ্রম, মথুৰা, বৃন্দাবন ইত্যাদি। 



প্রশ্ন : তীর্থ ভ্ৰমণত যাওঁতে বাটত শৰণ লােরা প্রধান ভক্তসকল কোন কোন? 

উত্তৰ : জগন্নাথ ক্ষেত্ৰত বিযুদত্ত প্রমুখ্যে ১০ জন, ব্রজধামত ত্রিজটা সন্ন্যাসী, গােকুলত ৰাধা নামৰ সন্ত, মথুৰাত ৰমাকান্ত আদিয়ে শঙ্কৰৰ ওচৰত শৰণ লৈছিল। 



প্রশ্ন : শঙ্কৰদেৱে মহাভাগৱত শাস্ত্রভাগ ক’ত পাইছিল ? 

উত্তৰ : জগন্নাথ ক্ষেত্ৰত। 



প্রশ্ন : এই শাস্ত্রভাগ শঙ্কৰদেৱক কোনে দিছিল আৰু ইয়াৰ ভাষ্যকাৰ কোন? 

উত্তৰ : ত্রিহুতৰ জগদীশ মিশ্রই। ভাষ্যকাৰ শ্ৰীধৰ স্বামী। ভায্য—“ভাগৱত ভাৱার্থ দীপিকা"। 



প্রশ্ন: তীর্থ ভ্ৰমণৰ পৰা ঘূৰি আহি ক’ত ধর্ম প্রচাৰ কৰে? 

উত্তৰ: আলিপুখুৰীত। ৪৮ বছৰ বয়সলৈকে শঙ্কৰদেৱে আলিপুখুৰীত বাস কৰিছিল। 



প্রশ্ন : সূর্যৱতীৰ কন্যাটিৰ নাম কি? 

উত্তৰ : মনু। 



প্রশ্ন : মনু কন্যাক কালৈ বিয়া দিয়া হৈছিল? 

উত্তৰ : ৰামচন্দ্র কায়স্থৰ পুত্ৰ হৰি নামৰ যুৱকলৈ। 



প্রশ্ন : শঙ্কৰদেৱে বৰদোৱাত কেতিয়া কীর্তনঘৰ নিৰ্মাণ কৰে? 

উত্তৰ : চিহ্নযাত্রা অভিনয়ৰ পাছত শঙ্কৰৰ ওচৰলৈ ধর্ম কথা শুনিবলৈ অগণন লােকৰ আগমন হােৱাত আগৰ ভূঞাৰ চ’ৰাত ঠাই নােজোৰাত সপ্ত-বৈকুণ্ঠৰ আৰ্হিৰে সাত খােটালীকৈ কীর্তন ঘৰ নিৰ্মাণ কৰে। 



প্রশ্ন : কীর্তন ঘৰ নিৰ্মাণত চতুর্ভুজ বিষ্ণুমূর্তি প্রতিষ্ঠা কার্যই মূর্তি পূজাৰ ইঙ্গিত দিয়ে নেকি? 

উত্তৰ : নিদিয়ে। প্রকৃততে অন্যান্য দেৱ-দেৱীৰ উপাসকসকলক কৃষ্ণ-ভক্তিৰ জৰিয়তে একশৰণ নাম-ধৰ্মলৈ আনিবৰ বাবে বিষ্ণুমূর্তি স্থাপন কৰা হৈছিল।



প্রশ্ন : শঙ্কৰদেৱে কিমান বছৰ বয়সত দ্বিতীয় বিবাহ কৰে? কাক বিয়া কৰায়

উত্তৰ : ৫৫ বছৰ বয়সত। ৰাম ভূঞাৰ কন্যা কালিন্দীক।



প্রশ্ন: শঙ্কৰদেৱৰ ভাতৃৰ নাম কি? 

উত্তৰ : শঙ্কৰদেৱৰ ভাতৃ বনগঞাগিৰী। কুসুম্বৰৰ দ্বিতীয় পত্নী অনুধৃতিৰ সন্তান। 



প্রশ্ন: শঙ্কৰদেৱৰ দ্বিতীয় পত্নীৰ পুত্র-কন্যাৰ নাম কি? 

উত্তৰ : পুত্ৰৰামানন্দ, কমললােচন, হৰিচৰণ; কন্যা—বিষ্ণুপ্রিয়া । 



প্রশ্ন : শঙ্কৰদেৱে দুবাৰকৈ বিবাহপাশত আবদ্ধ হ'লেও তেওঁ ঘােৰ সাংসাৰিক আছিল নে? 

উত্তৰ : নাছিল। 



প্রশ্ন: শঙ্কৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হয় ? 

উত্তৰ : ধুৱাহাটা বেলগুৰিত। 



প্রশ্ন : শঙ্কৰদেৱে আহােম ৰাজ্য কেতিয়া ত্যাগ কৰে?. উওৰ : ৯১ বছৰ বয়সত, ১৪৬২ শকত ।



প্রশ্ন : আহােম ৰাজ্য কিয় ত্যাগ কৰিব লগা হয়? 

উত্তৰ : শঙ্কৰদেৱৰ প্ৰতি কৰা বিৰুদ্ধাচৰণ আৰু অশান্তিৰ বাবে। 



প্রশ্ন : আহােম ৰাজ্য ত্যাগ কৰাৰ পাছত শঙ্কৰদেৱে কোন ৰাজ্যত আশ্রয় লয়? 

উত্তৰ : কোচ ৰাজ্যত। 



প্রশ্ন: সেই সময়ত কোচ ৰাজ্যৰ ৰজা কোন আছিল ? 

উত্তৰ : মহাৰাজ নৰনাৰায়ণ। 



প্রশ্ন : শঙ্কৰদেৱে কিমান বছৰ বয়সত দ্বিতীয়বাৰ তীর্থ যাত্রা কৰে? 

উত্তৰঃ ৯৭ বছৰ বয়সত। 



প্রশ্ন : দ্বিতীয়বাৰ তীর্থ ভ্ৰমণত শঙ্কৰদেৱৰ লগত মুঠ কিমান ভকত গৈছিল? 

উত্তৰ : দুকুৰি। 



প্রশ্নঃ শঙ্কৰদেৱে দ্বিতীয়বাৰ তীর্থ ভ্ৰমণত দর্শন কৰা তীর্থক্ষেত্ৰবিলাক কি কি? 

উত্তৰ : গঙ্গা, গয়া, জগন্নাথ ক্ষেত্র, স্বেতগঙ্গা, মার্কণ্ডেয় হ্রদ, বাৰাণসী, চন্দন সৰােবৰ, কুৰুক্ষেত্র। 



প্রশ্ন: এই যাত্রাত শঙ্কৰদেৱৰ মুখ্য সহায়ক, কোন আছিল? 

উত্তৰ : মাধৱদেৱ। 



প্রশ্ন : শঙ্কৰদেৱ এইবাৰ বৃন্দাবনলৈ কিয় যােৱা নাছিল? 

উত্তৰ : গুৰু-পত্নী কালিন্দী আয়ে কৃষ্ণৰ লীলা বিজড়িত বৃন্দাবন পালে ঘূৰি নাহিব পাৰে বুলি মাধৱক কৈ পঠোৱা আৰু মাধৱদেৱেও বৃন্দাবনৰ পূৰ্বৰূপ হয়তাে গুৰুজনে দেখা নাপাব বুলিয়েই বৃন্দাবন দৰ্শনৰ পৰা আঁতৰাই ৰাখিলে। 



প্রশ্ন : শঙ্কৰদেৱে তীর্থযাত্রা কালত কবীৰৰ মঠ দর্শন কৰিছিল বুলি চৰিত পুথিসমূহত পােৱা যায়—ইয়াৰ সত্যতা আছেনে? 

উত্তৰ : সত্যতা নথকা নহয়। কিয়নাে গুৰুজনে কবীৰৰ নাতি তােৰছিক লগ পাই কবীৰৰ মঠ দর্শন কৰিছিল। আনহাতে গুৰুজনাৰ ৰচনাতো কবীৰৰ উল্লেখ আছে-

উৰেষা বাৰাণসী ঠাৱে ঠাৱে। 

কবীৰৰ গীত ভক্ত সৱে, গাৱে।। 



প্রশ্ন : দুবাৰকৈ তীর্থ ভ্ৰমণ কৰিও গুৰুজনে তীৰ্থৰ অসাৰতা কিয় অনুভৱ কৰিলে? 

উত্তৰ : তীর্থ ভ্রমণ কালত মাধৱদেৱৰ পাণ্ডিত্য আৰু তত্ত্বদর্শিতাই গুৰুজনাৰ মনত তীর্থ ভ্ৰমণৰ অসার্থক শ্ৰমৰ কথা উপলব্ধি কৰিলে। তীর্থ ভ্ৰমণতকৈ ভকতৰ সঙ্গত কৃষ্ণ কথা আলাপ কৰা বা হৰি নাম লােৱাটোৱেই শ্রেষ্ঠ বুলি উপলব্ধি হ'ল। 



প্রশ্ন : এই সম্পর্কে গুৰুজনাৰ অভিমত কি? 

উত্তৰ : দেৱে তীর্থ ভকতৰ/ অন্তৰ অনেক দেখা/ শুনিয়াছাে বেদৰ ৰহস্য। 

ভকতৰ সঙ্গ যিটো/ক্ষণমাত্র লৱৈ সিটো/ঈশ্বৰ কৃষ্ণক কৰৈ বশ্য।। 



প্রশ্ন : তীর্থ ভ্রমণ সম্পর্কে মাধৱদেৱৰ মতামত কি? 

উত্তৰ : হৰি হেন ইটো/ দুগুটি অক্ষৰ/জিহ্বা অগ্রে থাকে যাৰ। 

গঙ্গা গয়া কাশী/ প্রয়াগ তীর্থক/ যাইবে নলাগয় তাৰ।। 

—গুৰুজনাৰ এই মতামতেই মাধৱদেৱৰাে মতামত।



প্রশ্ন: শঙ্কৰদেৱে দ্বিতীয়বাৰ তীর্থ ভ্ৰমণৰ কালত পাটবাউসী সত্ৰৰ পৰিচালনাৰ দায়িত্ব কাক দিয়া যায়?

উত্তৰ : দামােদৰদেৱক। 



প্রশ্ন: আহােম ৰাজ্য ত্যাগ কৰি কোচ ৰাজ্যলৈ যােৱাৰ অন্যতম কাৰণ কি ? 

উত্তৰ : ভক্তি প্রকাশিতে কামৰূপে আছে মন (ৰামচৰণ)। 



প্রশ্ন: ধুৱাহাটাৰ পৰা পাটবাউসীত থিতাপি লােৱালৈকে শঙ্কৰদেৱে কোন কোন ঠাইত ৰৈ গৈছিল? 

উত্তৰ: সাধনাৰ ঘাট, খাগৰিকটা, কলিয়াবৰ, শিঙ্গৰী, দৰঙ্গ, কুৱাৰ গাঁও, বনভাগ, ক্ষেত্রী, কপলা, সুন্দৰী, বাৰাদি, চর্পাটশ্বৰ, গয়াজান, চূণপােৰা, কুমাৰকুছি আৰু গণককুছি। 



প্রশ্ন : শঙ্কৰদেৱে মাধৱদেৱক শেষবাৰ ক’ত লগ পায় ? উত্তৰ : পাটবাউসীত। গুৰুজন বেহাৰৰ পৰা আহি এমাহমান আছিল আৰু মাধৱদেৱৰ গৃহতাে এৰাতি আছিল। 



প্রশ্ন: শঙ্কৰদেৱে মাধৱদেৱৰ ওপৰত ধৰ্মৰ ভাৰ কিয় অৰ্পণ কৰিছিল? 

উত্তৰ : গুৰুজনাৰ সমানেই শক্তি ভক্তি পৰাক্ৰম থকাৰ বাবে। 



প্রশ্ন : মাধৱদেৱক ধর্মভাৰ অৰ্পণ কৰাৰ সময়ত ভকতসকলক গুৰুজনে কি বুলি প্রবােধ দিছিল ? 

উত্তৰ : মই যদি যাওঁ তেৱে মাধৱ আছন্ত মাধৱৰ বাক্য তােৰা সকলে কৰিবা। ভকত পীৰিতি ৰতি কদাপি নেৰিবা। ভকতিৰ আদিমূল ভকত প্রীতি। হৰি কথা শ্ৰৱণত কৰিবাহা ৰতি।। ভকতজনত চিন্ত ভকতেসে ধন। হৰিগুণ নাম লাভ শ্ৰৱণ কীৰ্ত্তন।। হেন জানি নামকেসে নেৰিবা মুখত। দঢ়াই কহিলন্ত গুৰু সৱাৰে আগত।



প্রশ্ন: বৈকুণ্ঠ প্রয়াণৰ আগদিনা বৰপুত্র ৰামানন্দ ঠাকুৰে পৰমাৰ্থ বিত্ত’ বিচৰা সময়ত গুৰুজনে কি বুলি সান্তনা দিছিল? 

উত্তৰ : ভাণ্ডাৰ সহিতে/মাধৱৰ হাতে/দিছাে মই উবােৰাই। 

যদি আছে মন/কৰিয়া যতন/সুধি লৈবা তান্ত পাছে।। 



প্রশ্ন : গুৰুজনে কেনেকৈ বৈকুণ্ঠ প্রয়াণ কৰে? 

উত্তৰ : নৰনাৰায়ণ ৰজাই শৰণ ল’বলৈ নেৰা-নেপেৰাকৈ ধৰাত উপায়ান্তৰ হৈ গুৰুজনে নৰনাট এৰিবলৈ ইচ্ছা কৰিলে। লগে লগে তেৰাৰ শৰীৰত এটি ফেঁহা দেখা দিয়ে, সেই বিষতে ৪ দিন জুৰ হৈ ১১৯ বছৰ বয়সত ১৪৯০ শকৰ ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত ভেলাডােবাতে ইহলীলা সম্বৰণ কৰে।


*****

শংকৰদেৱৰ সাহিত্য, শংকৰদেৱৰ সাহিত্যৰ অৱদান, শংকৰদেৱৰ বাণী, শংকৰদেৱৰ কবিতা, শংকৰদেৱৰ বৰগীত, শংকৰদেৱৰ অংকীয়া নাট, শংকৰদেৱৰ ভাওনা, শংকৰদেৱৰ শৈশৱ-কৈশোৰ, শংকৰদেৱৰ বৈবাহিক জীৱন, শংকৰদেৱৰ জীৱন-কৰ্মৰাজী, শংকৰদেৱৰ যুগ, শংকৰদেৱৰ শিক্ষা, দৰ্শন


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.