সৌদৰ্য্য চৰ্চা প্রাকৃতিক ভেষজেৰে-ৰূপচর্চা

সৌদৰ্য্য চৰ্চা প্রাকৃতিক ভেষজেৰে-ৰূপচর্চা

প্রাকৃতিক ভেষজেৰে ৰূপচর্চা-daily effective skin care, hair care routine naturally home remedies-beauty home tips to get flawless natural skin ঘৰতে উপলব্ধ সামগ্রীৰপৰা কিদৰে শৰীৰৰ-ছালৰ, চুলিৰ
ৰূপচর্চা


প্রাকৃতিক ভেষজেৰে ৰূপচর্চা-daily effective skin care, hair care routine naturally home remedies-beauty home tips to get flawless natural skin
ঘৰতে উপলব্ধ সামগ্রীৰপৰা কিদৰে শৰীৰৰ-ছালৰ, চুলিৰ, মুখৰ ৰূপ চৰ্চা, যতন কৰিব পাৰি তাৰেই কিছু টিপস তথা উপায় দিয়া হৈছে



মুখমণ্ডলৰ উজ্জ্বলতা বৃদ্ধিৰ বিভিন্ন উপায়-face care home remedies


১) আলুৰ ৰস তুলা তিয়াই সেই ৰস মুখত সানি ১৫ মিনিট পাছত ধুই পেলালে মুখৰ উজ্জ্বলতা বাড়ে। 


২) গাখীৰৰ লগত কমলা টেঙাৰ ৰস মিহলাই মুখত সানি লৈ ১৫ মিনিট পিছত ধুই পেলালে ছালৰ খহতাভাব দূৰ হয়, ছাল মসৃন হয়। 


৩) তিয়হৰ ৰস মুখত সানি লৈ ১০ মিনিট পাছত এফাল নেমুৰ ৰস একাপ পানীত মিহলাই সেই পানীৰে মুখ ধুই পেলালে মুখৰ লাৱণ্য বৃদ্ধি পায়। 


৪) দৈ গাখীৰৰ ঘােল মুখত সানি দহ মিনিট পাছত পানীত তুলা তিয়াই লৈ তাৰে মুখ পৰিষ্কাৰ কৰিলে মুখৰ সৌন্দৰ্য্য বৃদ্ধি পায়। 


শালমণৰ দাগ গুচাবলৈ-home remedies to remove pimples


১) কমলা টেঙাৰ বাকলি বটি মুখমন্ডলত সানি ১৫ মিনিটমান পাছত ধুই পেলালে। শালমণ (ব্রণ)ৰ দাগ মিলি যায়। 


২) ১ চামুচ ধনিয়া পাতৰ ৰসৰ সৈতে সামান্য হালধী মিহলাই মুখত সানিলে শালমণৰ দাগ নােহােৱা হয়। 


৩) নেমুৰ ৰস দুই-তিনবাৰ শালমণ (ব্রণ) হােরা ঠাইত লগালে শালমণৰ দাগ উঠি যায়। 


৪) কপূৰ গুড়ি কৰি তিয়হৰৰসৰ লগত মিহলাই শালমণ হােৱা ঠাইত লগালে শালমণৰ দাগ নােহােৱা হয়।


৫) কেচা কমলা টেঙাৰ বাকলিৰ ৰস বা পদিনা পাতৰ ৰস শালমণ হােৱা ঠাইত ৰাতি লগাই শুই থাকিলে শালমণ নোহোৱা হয়। 


৬) মচুৰ দালি বটি দৈৰ লগত মিহলাই মুখত সানিলে শালমণ নহয়, মুখৰ লাৱণ্য বৃদ্ধি পায়। 


৭) বিলাহী থেতেলাই গােটেই মুখমন্ডলত সানিলে শালমণৰ হাতৰ পৰা ৰক্ষা পােৱা যায়। 



চুলিৰ পুষ্টিৰ কাৰণে ঘৰুৱা যতন-hair care home remedies


চুলিৰ পৰিচৰ্যাৰ কাৰণে তলত উল্লেখিত উপায়বােৰৰ যি কোনাে এটি বাচি লব পাৰে-


১) মধুৰীআমৰ পাতৰ ৰস চুলিত সানি ৰসখিনি শুকুৱাৰ পাছত চুলি ধুই পেলাব। 


২) নৰসিংহৰ পাত নাৰিকলৰ তেলত আধা ঘন্টা সময় গৰম কৰি সেই তেল চুলিত লগালে চুলি ক'লা হৈ থাকে। 


৩) নাৰিকলৰ গাখীৰ ৰাতি শােৱাৰ সময়ত চুলিত লগাই পিছদিনা চুলি ধুই পেলালে চুলি ভালে থাকে। 


৪) ৰাতি শােৱাৰ সময়ত আমলখি আৰু নেমুটেঙাৰ ৰস মিহলাই চুলিত সানি পিছদিনা ধুই পেলালে চুলি ভালে থাকে। 



ছালৰ উজ্জ্বলতা বৃদ্ধিৰ কাৰণে ঘৰুৱা সামগ্রীৰে ৰূপচর্চা-daily skin care home remedies-routine


১) দৈনিক ডাবৰ পানীৰে মুখ ধুই মূলাৰ ৰস মুখত লগালে মুখৰ লাৱণ্য ফুটি উঠে। 


২) আধা কাপ তিয়হৰ ৰসত ১ চামুচ (Almond) বাদামৰ গুড়ি, ১ চামুচ কমলা টেঙাৰ বাকলিৰ গুড়ি মিহলাই মুখত সানি আধা ঘন্টা পাছত গাখীৰেৰে ধুই পেলালে মুখৰ শ্রী বৃদ্ধি পায়। 


৩) এঁৱা গাখীৰত জাফৰাণ মিহলাই মুখত সানি ৪৫ মিনিট পাছত ধুই পেলালে মুখৰ লাৱণ্য ঘূৰি আহে। 


৪) যিসকলৰ মুখত বয়সৰ ছাপ পৰিছে, সেইসকলে দৈনিক এটা ডাব নাৰিকলৰ পানীত ২ টা নেমু টেঙাৰ ৰস মিহলাই খালে, আধা কাপকৈ বন্ধা কবিৰ ৰস খালে, ৰাতি শশাৱাৰ আগতে আফুগুটি বটা গাখীৰৰ লগত মিহলাই মুখত সানি পিছদিনা পুৱা ধুই পেলালে। মুখৰ পৰা বয়সৰ ছাপ নােহােৱা হয়। মুখ হয় লাৱণ্যময়ী। 


৫) ১০০ মি.লি. অলমন্ড তেল, ১০০ মি.লি. জলপাই তেল, ১০০ মি. লি. সূর্যমুখী ফুলৰ তেল, ১০০ মি. লি. তিলৰ তেল, আধা চামুচ শ্বেত চন্দনৰ তেল ভালদৰে মিহলাই ৰাতি শােৱাৰ আগতে মুখ পৰিষ্কাৰ কৰি লৈ মুখত সানি পিছদিনা পুৱা ধুই পেলালে মুখ চিৰ লাবণ্যময়ী হৈ থাকে।



গৃহিণী সকল সুস্থ থকাৰ উপায়-health care routine -home remedies for wife wives


প্রায়বােৰ গৃহিণীয়ে, বিশেষকৈ একান্নবর্তী পৰিয়ালৰ গৃহিণীসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনােযােগী নহয়। গৃহিণীসকলৰ শৰীৰ সুস্থ ৰখাৰ উপায় হল – 


১। খালী পেটে চাহ খােৱা বা দুবাৰৰ বেচি চাহ খােৱা উচিত নহয়। 


২| অন্তঃসত্তা অৱস্থাত একেবাৰে খাব নালাগে। 


৩। জুইৰ পৰা নমাইয়েই অতি গম চাহ খােৱা উচিত নহয়। 


৪। কিডনীৰ পাথৰ হােৱা এৰাবলৈ বেচিকৈ পালেংশাক খাব। 


প্রাকৃতিক ভেষজেৰে ৰূপচর্চা-daily effective skin care, hair care routine naturally home remedies-beauty home tips to get flawless natural skin


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.