অসমীয়া ৰচনা: বিজ্ঞানৰ অৱদান

0

অসমীয়া ৰচনা: বিজ্ঞানৰ অৱদান Axomiya Rosona

অসমীয়া ৰচনা- বিজ্ঞানৰ অৱদান ছাত্র ছাত্রী সকলৰ বাবে Assamese Essay Assamese Roxona Assamese Rosona for HSLC students of Assam HS students
 অসমীয়া ৰচনা: বিজ্ঞানৰ অৱদান



অসমীয়া ৰচনা- বিজ্ঞানৰ অৱদান ছাত্র ছাত্রী সকলৰ বাবে Assamese Essay Assamese Roxona Assamese Rosona for HSLC students of Assam HS students

অসমীয়া ৰচনা: বিজ্ঞানৰ অৱদান Assamese rosona

অসমীয়া ৰচনা: বিজ্ঞানৰ অৱদান 


অসমীয়া ৰচনা: বিজ্ঞানৰ অৱদান Assamese rosona

বর্তমানৰ যুগটোৱেই হৈছে বিজ্ঞানৰ যুগ। বিজ্ঞানৰ অবিহনে আমি যেন অচল। আজি আমি প্ৰতিটো খােজতে বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল। লিখা কলমটোৰ পৰা আৰম্ভ কৰি ছুপাৰ কম্পিউটাৰ, ইন্টাৰনেটলৈকে সকলােৱেই বৈজ্ঞানিক আৱিষ্কাৰৰ ফল। প্ৰকৃততে মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ দিনবােৰত যিদিনাই জুইৰ আৱিষ্কাৰ হল সেইদিনাই বিজ্ঞানৰ জয়যাত্ৰা আৰম্ভ হ'ল আৰু ক্ৰমান্বয়ে বিজ্ঞানে মানৱ জাতিৰ জীৱনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰিলে। মানুহৰ জীৱন ধাৰণৰ মান উন্নত কৰি ই মানৱ জাতিক সভ্যতাৰ উচ্চ শিখৰলৈ ক্রমান্বয়ে লৈ যাবলৈ ধৰিলে। আজি বিজ্ঞান আৰু প্রযুক্তিৰ ক্ৰমবিকাশে মানুহক আৰাম আৰু স্বাচ্ছন্দ্যৰ নানান উপকৰণ উপহাৰ দিছে লগতে দিছে যােগাযােগৰ উৎকৃষ্ট সা-সুবিধা, পৃথিৱীক ওচৰ চপাই আনিছে, মানুহক কৰি তুলিহে অন্ধবিশ্বাস আৰু কুসংস্কাৰমুক্ত। 


অসমীয়া ৰচনা: বিজ্ঞানৰ অৱদান Assamese rosona

আদিম মানুহে চিকাৰ কৰি জীৱন ধাৰণ কৰিছিল। সভ্যতাৰ আৰম্ভণি চিকাৰৰপৰা আৰম্ভ হৈছিল। সেই সময়ত প্ৰতিটো পদতে জীৱনৰ প্ৰতি আশংকাৰে দিন কটাইছিল। লাহে লাহে মানুহে খেতি কৰাৰ পদ্ধতি আৱিষ্কাৰ কৰিলে। খেতিৰ সঁজুলি আৱিষ্কাৰৰ লগে লগে জীৱন ধাৰণৰ পথ বহু সহজ হৈ আহিল আৰু মানুহে সমাজ পাতি বাস কৰিবলৈ ধৰিলে। তেওঁলােকে ঘৰ-দুৱাৰ সাজিবলৈ শিকিলে আৰু মানুহ লাহে লাহে জীৱন ধাৰণৰ সহজ সুন্দৰ পথ আৱিষ্কাৰৰ চেষ্টাত ব্ৰতী হ’ল। এচাম মানুহে চিন্তা-চৰ্চাত নিজকে সঁপি দিলে। বহুজন ব্রতী হ’ল প্ৰকৃতিৰ ৰহস্য সন্ধানত। তাৰেই ফলত গেলিলিঅক’পাৰনিকাছৰ দৰে বিজ্ঞানীৰ মহান আৱিষ্কাৰে মানুহৰ চিৰদিনৰ বিশ্বাসক ধূলিৰ লগত মিহলি কৰি দিলে। 


অসমীয়া ৰচনা: বিজ্ঞানৰ অৱদান Assamese rosona

আজি সৰু ল'ৰা এটাও জানে যে পৃথিবীহে সূর্যৰ চাৰিওফালে ঘূৰে, সূর্য পৃথিৱীৰ চাৰিওফালে নুঘূৰে। ডাৰউইনৰ জীৱজগতৰ বিৱর্তন তত্ত্বনিউটনৰ মাধ্যাকর্ষণ শক্তিৰ আৱিষ্কাৰে মানুহক নতুন। নতুন ধৰথেৰে ভাবিবলৈ শিকালে। মানুহে সকলাে কথাকে অন্ধভাৱে মানি নলৈ যুক্তিৰে বিচাৰ কৰি চাবলৈ ল'লে আৰু লগে লগে নতুন নতুন আৱিষ্কাৰৰ চিন্তাত ব্ৰতী হ'বলৈ আৰম্ভ কৰিলে। আজিৰ মানুহে মহাকাশৰ বুকুত জীৱৰ সন্ধান কৰিছে, নিতে নিতে আৱিষ্কাৰ কৰিছে নতুন নতুন গ্রহ-নক্ষত্র। 


অসমীয়া ৰচনা: বিজ্ঞানৰ অৱদান Assamese rosona

মানৱ সভ্যতালৈ বিজ্ঞানৰ শ্ৰেষ্ঠ অৱদান হ’ল চকা আৰু যন্ত্র। যন্ত্ৰৰ আৱিষ্কাৰে মানৱ জগতত বৈপ্লৱিক পৰিবৰ্তন সাধিলে। যন্ত্রই পৃথিৱীখন সৰু কৰি আনিলে। যােগাযােগ ব্যৱস্থাত আনিলে এক বিপ্লৱ। আজি পৃথিৱীৰ ইমুৰৰ পৰা সিমূৰলৈ যাবলৈ মাত্ৰ কেইটামান ঘণ্টাৰ আৱশ্যক, যিটো কথা অতীতৰ মানুহে সপােনতাে ভাবিব পৰা নাছিল। ছপাশালৰ আৱিষ্কাৰে মানুহৰ জ্ঞান ভাণ্ডাৰক উত্তৰপুৰুষৰ বাবে গ্ৰন্থৰ বুকুত সাঁচি ৰাখিবলৈ সক্ষম কৰিতুলিলে। যান্ত্রিক সভ্যতাৰ ভেটিতে গঢ়ি উঠিল ঔদ্যোগিক বিপ্লৱ। ঔদ্যোগিক বিপ্লৱে জন্ম দিলে আমেৰিকা, জাপান আদি উন্নত দেশবােৰৰ। বিলাস আৰু প্ৰাচুৰ্যৰ সকলাে সম্পদ এইবিলাক দেশে আহৰণ কৰিবলৈ সক্ষম হ’ল। জল, স্থল, মহাকাশ সকলােতে তেওঁলােকৰ জয় জয়কাৰ। আজি এইবিলাক দেশত প্রতিদিনে নিত্য নতুন বৈজ্ঞানিক আৱিষ্কাৰ হ'বলৈ ধৰিছে। এওঁলােকে আৱিষ্কাৰ কৰিছে জীৱন ধাৰণৰ উন্নততম উপকৰণ। 


অসমীয়া ৰচনা: বিজ্ঞানৰ অৱদান Assamese rosona

বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ৰমবিকাশে আজি ধনী-দুখীয়া প্রতিজন মানুহৰ জীৱনকে চুই গৈছে। আজিকালি নিত্য নতুন গৱেষণা আৰু চিন্তা-চৰ্চাৰ ফলস্বৰূপে নানা ৰােগ- ব্যাধিৰ কাৰণ তথা নিৰাময়ৰ উপায আৱিষ্কাৰ হ'বলৈ ধৰিছে। পৃথিৱীৰ বুকুৰ পৰা বসন্তৰ দবে মহামাৰীকো নিঃশেষ কৰি পেলােৱাৰ গৌৰৱ আজি বিজ্ঞানে বহন কৰিছে। আজিও বিজ্ঞানীসকলে বহু দুৰাৰােগ্য ৰােগৰ উৎপত্তিৰ কাৰণ আৰু তাৰ নিৰাময়ৰ ঔষধ আৱিষ্কাৰৰ চেষ্টাত ব্ৰতী হৈ আছে। 


অসমীয়া ৰচনা: বিজ্ঞানৰ অৱদান Assamese rosona

বিজ্ঞানৰ অন্য এক অৱদান হৈছে জৈৱ প্ৰযুক্তি বিদ্যা। ইৰ সহায়ত বিজ্ঞানে উন্নত ধৰণৰ শস্য, সৰহকৈ গাখীৰ দিব পৰা উন্নত সঁচৰ গৰু-ম'হ, হাঁহ-পাৰ আদি সৃষ্টি কৰাত সফল হৈছে। তদুপৰি আজিৰ মানুহে সকল ক্ষেত্ৰতে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ নকৰি বিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। খেতিৰ কাৰণে মৌচুমী বায়ুৰ ওপৰত নিৰ্ভৰ নকৰি জলসিঞ্চন ব্যৱস্থাৰ যােগেদি খেতি পথাৰত পানীৰ যােগান ধৰিব পৰা হৈছে। 


অসমীয়া ৰচনা: বিজ্ঞানৰ অৱদান Assamese rosona

বিজ্ঞান আৰু প্ৰযুক্তিৰ অন্যতম আৱিষ্কাৰে আমাক ঘৰতে পৃথিৱীৰ ইমূৰত ঘটা ঘটনা এটা মুহূর্ততে আমাক জনাই দি জ্ঞান-বিজ্ঞানৰ দ্রুত প্ৰচাৰকৰ ভূমিকা পালন কৰিছে। প্রতিদিনে আৱিষ্কাৰ হ'ব লাগিছে প্রযুক্তিৰ নিত্য নতুন কৌশল। কম্পিউটাৰৰ আৱিষ্কাৰৰ পাছতে আৱিষ্কাৰ হ’ল ইন্টাৰনেট ব্যৱস্থা। এই ব্যৱস্থাৰ সহায়ত পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰৰ যিকোনাে এজন মানুহক সহজতে যােগাযােগ কৰিব পাৰি। ইণ্টাৰনেটৰ সহায়ত চিঠি- পত্ৰৰ আদান-প্রদান, পৃথিৱীৰ নানা প্রান্তৰ খবৰ সংগ্রহ, বৈজ্ঞানিক গৱেষণা পত্ৰৰ অধ্যয়ন আৰু প্ৰযােজন অনুসৰি সেযা সংগ্রহ কৰা, ইণ্টাৰনেট বন্ধুৰ সতে আচ্ছা, কম্পিউটাৰ গেমছ খেলা, পঢ়া-শুনা সম্পর্কীয় তথ্য আদিৰ আদান-প্রদান কৰিব পাৰি। মুঠৰ ওপৰত বিজ্ঞানে মানৱ-সমাজক জ্ঞান, যােগাযােগ, সুখ-সুবিধা, আহাৰ, বস্ত্র, বােগ-নিৰামৰ উপায, বিলাস-স্বাচ্ছন্দ্য সকলাে দিছে। 


অসমীয়া ৰচনা: বিজ্ঞানৰ অৱদান Assamese rosona

ইমানখিনিৰ পিছতাে আমি যদি ভালকৈ চাওঁ তেতিযা দেখা পাম বিজ্ঞানে যেনেকৈ মানৱ সভ্যতাৰ উন্নতিৰ কাৰণ ইয়াৰ অপপ্রযােগ মানৱ সভ্যতাৰ ধ্বংসৰ কাৰণ হ'ব পাৰে। বর্তমানেও ইযাৰ অপপ্রয়ােগে মানুহক বহু দুর্যোগৰ সন্মুখীন কৰিছে। দ্বিতীয় মহাসমৰত হিৰােচিমা আৰু নাগাচাকিৰ ধ্বংসই ইয়াৰ অন্যতম নিদর্শন। এতিয়াও বিভিন্ন দেশত ঘটি থকা যুদ্ধবােৰত প্রযুক্তিবিদ্যাৰ অপপ্রযােগেৰে নানা মাৰাত্মক অস্ত্রশস্ত্র ব্যৱহাৰ কৰা হয়। আজিও বহু দেশত প্ৰতিৰক্ষাৰ নামত বিজ্ঞানী ব্যস্ত আছে। আমাৰ দেশে এই ক্ষেত্ৰত পিছ পৰি থকা নাই। 


অসমীয়া ৰচনা: বিজ্ঞানৰ অৱদান Assamese rosona

অন্যহাতে উদ্যোগপ্রধান দেশবােৰৰ কলকাৰখানাৰ পৰা নিৰ্গত হােৱা ধোৱাই বতাহ প্ৰদূষিত কৰি পেলাইছে। সেইদৰে ক্রমবর্ধমান যানবাহনৰ ধোৱা আৰু শব্দই জনজীবন বিপর্যস্ত কৰি পেলাইছে। কলকাৰখানাৰ পৰা নিৰ্গত আবর্জনাইও মাটি আৰু পানী প্ৰদূষিত কৰিছে। বাযু প্ৰদূষণে বায়ুমণ্ডলৰ পৰিৱর্তন সাধিছে আৰু বিজ্ঞানেই এই কথা আৱিষ্কাৰ কৰিছে। বায়ু প্ৰদূষণৰ ফলত মানুহৰ নতুন নতুন ৰােগ হ'ব ধৰিছে। এইদৰে থাকিলে কিছুদিনৰ পাছত এই পৃথিৱীখন বাসৰ অনুপযােগী হ'বগৈ। সেয়েহে আজি বহু বিজ্ঞানীযে পৃথিৱীখন কেনেকৈ প্ৰদূষণমুক্ত কৰি জীৱৰ বসবাসী উপযুক্ত কৰি তুলিব পাৰি তাৰ চিন্তা কৰি বিভিন্ন সমাধান উলিয়াবলৈ যত্ন কৰিছে। প্ৰকৃততে এইখন পৃথিৱীক সুন্দৰ কৰি ৰখাৰ দায়িত্ব সকলাে মানুহৰে। বিজ্ঞানীসকলে ইয়াত অগ্রণী ভূমিকা ল'ব লাগিব। নহ'লে আমাৰ নিজৰ সৃষ্টিযে আমাক শেষ কৰি পেলাব।


অসমীয়া ৰচনা: বিজ্ঞানৰ অৱদান Assamese rosona

*****


অসমীয়া ৰচনা: বিজ্ঞানৰ অৱদান Assamese rosona

অসমীয়া ৰচনা: বিজ্ঞানৰ অৱদান 


অসমীয়া ৰচনা: বিজ্ঞানৰ অৱদান Assamese rosona

মানৱ সভ্যতাৰ প্ৰগতিৰ এক অন্যতম সপোন হ’ল বিজ্ঞান। বিজ্ঞান মানুহৰ কাৰ্যৰেই । ভূমিকা পালন কৰিছে। বিজ্ঞানীসকলৰ নেৰানেপেৰা পৰিশ্ৰম আৰু একাগ্র সাধনাৰ ফলত বিভিন্ন ধৰণৰ আৱিস্কাৰ আৰু নতুন নতুন পৰীক্ষা নিৰীক্ষা হৈ আছে আৰু তাৰ ভিত্তিতেই সভ্যতাই ন ন ৰূপ লৈ গঢ় লৈ উঠিছে। মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান কিমান অপৰিসীম আমি আচৰিত নহৈ নােৱাৰাে যে ছেফটিপিনৰ পৰা চুপাৰ কম্পিউটাৰলৈকে এই সকলােবােৰেই বিজ্ঞানৰ অৱদান যিবােৰৰ ভিত্তিতে আজি মানৱ জীৱন সমৃদ্ধ হৈছে আৰু মানুহে মহাকাশতাে নিজৰ বিজয় সাব্যস্ত কৰিব পাৰিছে।


অসমীয়া ৰচনা: বিজ্ঞানৰ অৱদান Assamese rosona

বিজ্ঞান হ'ল পৰীক্ষালব্ধ আৰু প্ৰণালীবদ্ধ জ্ঞান। সভ্যতাৰ আদিম স্তৰৰে পৰা মানুহে নিজৰ চিন্তা শক্তিৰে নানানটা পৰীক্ষা নিৰীক্ষা চলাই নিজৰ প্ৰয়ােজন মতে জগতৰ বস্তুবােৰ গঢ়ি-পিতি নিজৰ কামত লগাইছে। কিন্তু আদিম স্তৰত এনেবােৰ জ্ঞানৰে প্রয়ােজনীয়তা পূৰণ হ'লেও তাকে প্রণালীবদ্ধ ভাৱে পৰীক্ষা কৰাৰ ব্যৱস্থা নাছিল। সেয়েহে বহু ঘটনাৰ প্রকৃত কাৰ্য্য কাৰণ নির্ণয় কৰিব নােৱাৰি মানুহে নিজৰ মনৰ জোখাৰে কেতবােৰ কল্পনা বা অনুমান কৰি লৈছিল। এনে প্ৰৱনতাৰ ফলস্বৰূপে সমাজত ভালেমান অন্ধবিশ্বাসৰাে জন্ম হৈছিল। কিন্তু এনেবােৰ ব্যৱস্থাৰ মাজেদিয়েই সমাজ আগবাঢ়িছিল আৰু নতুন নতুন উদ্ভাৱনৰ বাবে মানুহে সদায় প্রচেষ্টা চলাইছিল।


অসমীয়া ৰচনা: বিজ্ঞানৰ অৱদান Assamese rosona

সপ্তদশ শতিকাৰ মাজভাগত ইউৰােপত এচাম লােকে চিন্তা, গৱেষণা আৰু প্রয়ােগ কৌশলৰ উদ্ভাৱন কৰি জগতত বিস্ময়ৰ সৃষ্টি কৰিলে। যন্ত্রৰ আৱিস্কাৰ হ’ল আৰু যন্ত্রৰ আৱিস্কাৰে যােগাযােগ, শিল্প, উদ্যোগ আদিত বিপ্লৱ আনিলে। লিওনার্দো দ্য ভিন্সিৰ দৰে মনীষিয়ে প্রণালীবদ্ধ পৰীক্ষাৰ ওপৰত গুৰুত্ব আৰােপ কৰিলে আৰু তেওঁৰ অসাধাৰণ কল্পনা শক্তিৰে ভালেমান দিশত নতুন তথ্যৰ সন্ধান দি থৈ গ'ল। লাহে লাহে পদার্থ বিজ্ঞানত নিউটনে, জ্যোতির্বিজ্ঞানত গেলিলিঅ'ই আৰু জীৱ বিজ্ঞানত ডাৰউইনে ভালেমান বিস্ময়কৰ অৱদান দি প্রতিষ্ঠিত ধাৰণা সমূহকে ওলট- পালট কৰি দিলে। এনেবােৰ আৱিস্কাৰে ক্ৰমে মানুহক ধর্মীয় অন্ধবিশ্বাসৰ পৰা মুক্ত হৈ স্বাধীনভাৱে চিন্তা আৰু গৱেষণা কৰিবলৈ প্ৰেৰণা যােগালে। এনে প্ৰেৰণাৰ বলতে উদ্যোগিক দিশত ভালেমান অভূতপূর্ব উদ্ভাৱন ঘটিল, গ্রহ গ্রহান্তৰ আৰু তৰাৰ দেশলৈ যাত্রাপথৰ সূচনা হ’ল আৰু বিশ্বব্রহ্মাণ্ডৰ সৃষ্টি ৰহস্যৰসন্ধান বিচাৰি বিজ্ঞানে বাট বুলিলে।


অসমীয়া ৰচনা: বিজ্ঞানৰ অৱদান Assamese rosona

বিজ্ঞানে মানৱ সভ্যতাক কি দিয়া নাই। এতিয়া বিজ্ঞানৰ বলত মানুহে আয়ত্ব কৰিছে জীৱ প্রযুক্তি বিদ্যা। বিজ্ঞানৰ এই শাখাৰ প্ৰয়ােগতে মানুহে তৈয়াৰ কৰিছে উন্নত শস্যৰ বীজ, উন্নত সচঁৰ গাই, গৰু, হাঁহ, পাৰ, মাছ, কুকুৰা ইত্যাদি। চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে দুৰাৰােগ্য ব্যাধি সমূহ নিৰাময় কৰিব পৰাৰ ব্যৱস্থা আৱিস্কাৰ হৈছে, মানৱ জীবনক ভালেমান নিৰাপদ হৈছে। প্রযুক্তি কৌশলৰ বিকাশৰ ফলত জীৱনৰ প্ৰতিটো দিশতে বিস্ময়কৰ। পৰিবৰ্তন হৈছে, দূৰদৰ্শনৰ দৰে ব্যৱস্থাৰ প্ৰবৰ্তনৰ ফলত পৃথিৱীখন মানুহৰ শােৱনি কোঠাত উপস্থিত হৈছেহি, কম্পিউটাৰ আদিৰ উদ্ভাৱনৰ ফলত জীৱনৰ গতি ভালেমান ক্ষীপ্রতৰ হৈ পৰিছে, আৰু এনেদৰে বিজ্ঞানে সভ্যতাৰ গতিক ক্ষীপ্রতৰ কৰি তুলিছে।


অসমীয়া ৰচনা: বিজ্ঞানৰ অৱদান Assamese rosona

গতিকে মানব সমাজলৈ বিজ্ঞানৰ অৱদান এক বর্ণনা কৰি শেষ কৰিব নােৱাৰা বিষয়, বৰং বহল ভাৱে  ক'বলৈ গ'লে বর্তমানৰ মানৱ সমাজখনেই বিজ্ঞানৰ অৱদানৰ দ্বাৰাই চালিত হৈ আছে। কিন্তু সকলােবােৰ অৱদানৰ স্বত্বেও বিজ্ঞানৰ আৱিস্কাৰে সভ্যতাক ভালেমান সংকটৰাে মুখামুখি কৰিছে। অৱশ্যে পােনপটীয়াভাৱে এই দোষ আমি বিজ্ঞানৰ ওপৰত জাপি দিব নােৱাৰো। কাৰণ বিজ্ঞানৰ বৰেন্য মনীষি সকলেই এই কথা কৈ গৈছে যে বিজ্ঞানৰ সীমা জ্ঞানৰ অন্বেষণ আৰু আৱিস্কাৰৰ মাজতে তাৰ প্ৰয়ােগ আৰু তাক সামাজিক কল্যাণৰ বাবে ব্যৱহাৰ কৰাৰ দিশটো বিবেচনা কৰিব লাগিব সমাজে। কাৰণ মানৱীয় প্ৰমূল্য গঢ় দিয়াৰ কাম সমাজৰহে, তথাপি আমি বিজ্ঞানৰ অৱদানৰ কথা আলােচনা কৰোঁতে এই কথাও মনত ৰাখিব লাগিব যে বিজ্ঞানৰ ফলত হােৱা দ্রুত ঔদ্যোগিক বিকাশৰ ফলত পৃথিৱীৰ বায়ু, পানী, মাটি সকলােবােৰ প্ৰদূষিত হৈ পৰিছে অথবা বিজ্ঞানৰ উন্নয়ণৰ ফলতে উদ্ভৱ হােৱা আনৱিক শক্তিয়ে পৃথিৱীক ধ্বংসৰ ভয়ত সন্ত্রস্ত্র কৰি ৰাখিছে।


অসমীয়া ৰচনা: বিজ্ঞানৰ অৱদান Assamese rosona

কিন্তু এই ভয়াবহ দিশবােৰলৈ চালেই আমি লক্ষ্য কৰিব লাগিব বিজ্ঞানৰ এই আৱিস্কাৰসমূহক ব্যৱহাৰ কৰাৰ মানসিকতা। বিজ্ঞানৰ উন্নতিয়ে দিয়া সুফলবােৰ পৃথিৱীৰ অধিকাংশ মানুহেই ভােগ কৰিব পৰা নাই। এমুঠি মানুহৰ স্বাৰ্থত ব্যৱহৃত বিজ্ঞানে সমাজৰ বাবে সেয়েহে সমস্যাৰ সৃষ্টি কৰিছে। পৃথিৱীৰ সকলাে মানুহৰ মনতে কল্যাণৰ ভাৱনা আৰু বৈজ্ঞানিক মানসিকতা জগাই তুলিব পাৰিলে। বিজ্ঞানে মানৱ সভ্যতাক বিস্ময়কৰ উন্নতিৰ শিখৰলৈ আগুৱাই নিব পাৰিব।

অসমীয়া ৰচনা: বিজ্ঞানৰ অৱদান Assamese rosona

 🖊সংগ্রহীত

Post a Comment

0Comments
Post a Comment (0)