লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা Assamese Essay

ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা: Lakshminath Bezbaroa Assamese Essay


লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা- লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন কাহিনী Lakshminath Bezbaroa Rosona- Lakshminath Bezbaroa Assamese essay ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা: Lakshminath Bezbaroa Assamese Essay
লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা



ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা- লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন কাহিনী Lakshminath Bezbaroa Rosona- Lakshminath Bezbaroa Assamese essay

ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা- Lakshminath Bezbaroa Assamese Essay

ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা: 

১। আৰম্ভণি- লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিচয়

২। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম আৰু ঠাই

৩। লক্ষ্মীনাথ বেজবৰুৱাৰ শিক্ষা জীৱন

৪। লক্ষ্মীনাথ বেজবৰুৱাৰ বৈবাহিক জীবন আৰু লিখনিৰ আৰম্ভণি

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাৰ লিখনি

৬। লক্ষ্মীনাথ বেজবৰুৱাৰ উপন্যাস, নাটক আৰু আৰু গল্প পুথিসমূহ

৭। লক্ষ্মীনাথ বেজবৰুৱাৰ প্রবন্ধৰাজি

৮। লক্ষ্মীনাথ বেজবৰুৱাৰ অন্যান্য লিখনিসমূহ

৯। লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যৰথী উপাধি

১০। লক্ষ্মীনাথ বেজবৰুৱাৰ শেষৰ জীৱনচোৱা আৰু মৃত্যু



সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা: আৰম্ভণি তেওঁৰ পৰিচয়

ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা- Lakshminath Bezbaroa Assamese Essay

ভাষা-সাহিত্য এটা জাতিৰ জীৱনী শক্তি। ইয়াৰ উন্নতি সাধনৰ বাবে লাগিব সাধনা। কোনাে এখন দেশ বা এটা জাতিৰ উন্নতিৰ পৰিচায়ক সেই দেশ নাইবা জাতিৰ সাহিত্য। অসমীয়া সাহিত্য সমৃদ্ধিশালী হৈ উঠাৰ অন্তৰালত আছে কেইজনমান ব্যক্তিৰ মহৎ প্রচেষ্টা। এই মহৎ ব্যক্তিসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা অন্যতম। গভীৰ মননশীলতাৰে নতুন পৃথিৱীৰ, নতুন দিগন্তৰ ন-চকুযুৰিত দীপ্তি ঢালি, পৃথিৱীক ন-দৃষ্টিৰে চাই অসমীয়া ভাষা-সাহিত্যৰ পুৰণি ভঁৰালত নতুন সৃষ্টিৰে বিনন্দীয়া কৰি থৈ যােবা মহান সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা। 

ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা- Lakshminath Bezbaroa Assamese Essay

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা: জন্ম আৰু ঠাই

ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা- Lakshminath Bezbaroa Assamese Essay

সাহিত্যৰথী, অসমীয়া সাহিত্যৰ সব্যসাচী আৰু ৰসৰাজ নামেৰে জনাজাত এইজনা মহান সাহিত্যিক ১৮৬৪ চনৰ কাতি মাহৰ লক্ষ্মী পূর্ণিমাৰ চন্দ্ৰমাৰ স্নিগ্ধ মধুৰ জ্যোৎস্না ভৰা শুভ লগ্নত ভূমিষ্ঠ নহৈ নৌকাস্থ হৈছিল। বিশাল বৰ লুইতত নাৱেৰে গৈ থকা অৱস্থাত লক্ষ্মীনাথৰ জন্ম হৈছিল। 

ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা- Lakshminath Bezbaroa Assamese Essay

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা: শিক্ষা জীবন

ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা- Lakshminath Bezbaroa Assamese Essay

বহুমুখী প্রতিভাৰ আকৰ ৰসৰাজ বেজবৰুৱাই তেজপুৰ, লখিমপুৰ, গুৱাহাটী, শিৱসাগৰ আদি ঠাইত শিক্ষা লাভ কৰি প্ৰৱেশিকা পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হৈ কলকাতাত প্রথমে ৰিপন কলেজত আৰু পাছত চিটি কলেজত পঢ়ি ফাষ্ট আর্ট আৰু বি এ পাছ কৰে। এম এ আৰু আইন অধ্যয়ন কৰে যদিও তেওঁ ডিগ্রী সম্পূর্ণ নকৰিলে। স্বাধীনতা প্রয়াসী উচ্চ মনৰ বেজবৰুৱাদেৱে ইংৰাজ চৰকাৰে প্ৰদান কৰা মুন্সি পদ গ্রহণ নকৰি সেই সময়ৰ বিখ্যাত অসমীয়া ব্যৱসায়ী সদাগৰ ভােলানাথ বৰুৱাৰ লগত ব্যৱসায় আৰম্ভ কৰে। পিছত তেওঁ উৰিষ্যাৰ সম্বলপুৰত। স্বাধীনভাৱে কাঠৰ কাৰবাৰ কৰিবলৈ লয়। শৈশৱৰ পৰাই বৈষ্ণৱাদৰ্শৰে প্ৰভাৱান্বিত বেজবৰুৱাই হাতত কুঠাৰ লৈও কলম এৰিব পৰা নাছিল। 

ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা- Lakshminath Bezbaroa Assamese Essay

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা: বৈবাহিক জীবন আৰু লিখনিৰ আৰম্ভণি

ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা- Lakshminath Bezbaroa Assamese Essay

কলকাতাত থকা কালত লক্ষ্মীনাথ বেজবৰুৱাই বিখ্যাত ঠাকুৰ পৰিয়ালৰ জীয়াৰী প্ৰজ্ঞাসুন্দৰী দেৱীৰ লগত বিবাহপাশত আৱদ্ধ হয়। কলিকতীয়া জীৱনে বেজবৰুৱালৈ আনে সাহিত্য সাধনাৰ অফুৰন্ত শক্তি আৰু অনুপ্ৰেৰণা। কলকাতাতেই মিলন হৈছিল অসমীয়া সাহিত্যৰ ত্রিমূর্তি বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্র গােস্বামীৰ। তেওঁলােকৰ প্ৰচেষ্টাতেই জন্ম হয় ‘অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা'। ১৮৮৯ চনত প্ৰকাশিত ‘জোনাকী’তেই তেওঁৰ প্ৰথম গ্রন্থ “লিটিকাই প্রকাশিত হয়। সাহিত্যৰ এনে এটা দিশ নাই যিটোত বেজবৰুৱাই হাত দিয়া নাই। কাব্য, উপন্যাস, নাটক, ব্যংগৰচনা, চুটি গল্প, জীৱনী, আত্মজীৱনী, প্রবন্ধ, ৰমৰচনা, সংবাদপত্র, শিশুসাহিত্য সকলােতেই তেওঁৰ হাতৰ পৰশ প্রকাশ পায়। 

ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা- Lakshminath Bezbaroa Assamese Essay

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা: কবিতাৰ লিখনি

ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা- Lakshminath Bezbaroa Assamese Essay

কবিতা ৰচনাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰােপ নকৰিলেও তেওঁৰ লেখা হৈ পৰিছিল সুন্দৰ কবিতা। এইবােৰ তেওঁৰ একমাত্র কবিতা পুথি কদমকলিত সন্নিৱিষ্ট হৈ আছে। এই পুথিখনত পুৰণি লােকগীতৰ আৰ্হিত ৰচনা ‘ধনবৰৰতনী, মালতী’, ‘নিমাতী কন্যা’আদি কবিতা আছে। স্বদেশপ্রীতি বেজবৰুৱাৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য। বেজবৰুৱাৰ সকলাে কবিতাত লাস্যময়ী সুৰৰ ঝঙ্কাৰ নাথাকিব পাৰে, তথাপি তেওঁৰ কবি হৃদয়ৰ দুৱাৰৰ অফুৰন্ত ভাবৰাশি চিৰপ্ৰবাহমান বলিযা লুইতৰ তৰঙ্গমালাৰ দৰেই বৈছে। 

ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা- Lakshminath Bezbaroa Assamese Essay

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা: তেওঁৰ উপন্যাস, নাটক আৰু আৰু গল্প পুথিসমূহ

ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা- Lakshminath Bezbaroa Assamese Essay

বেজবৰুৱাৰ একমাত্র উপন্যাস ‘পদুম কুঁৱৰীযে হৰদত্ত আৰু বীৰদত্তৰ স্বদেশপ্ৰেমৰ মনােম সাক্ষ্যবহন কৰি এখনি উপভােগ্য উপন্যাস বুলি পৰিগণিত হৈছে। অসমীয়া জাতিক সাহিত্যৰ ৰসেৰে বিমােহিত কৰাৰ লগতে হাজাৰ হাজাৰ লােকৰ প্ৰাণত সাহিত্য ৰসৰ সৃষ্টি কৰিছিল তেখেতৰ ১৯২০ চনত প্রকাশিত ‘বাহী’য়ে। অসমীয়া জাতিৰ অন্তৰত কর্মপ্ৰেৰণা দিয়াৰ লগতে কাহুদী আৰু খাৰলীৰ সােৱাদ দি জাতীয় চেনা জগাই তুলিছিল। ল'ৰাবুঢ়া-ডেকা সকলােকে সমানে আমােদ দিয়াৰ লগতে তাপিত হৃদয়ত দয়া-মা, কলা, সহানুভূতি জগাই তােলা শান্তিৰ বাণীসূচক বেজবৰুৱাৰ মনােম সাধুকথাৰ পুথিসমূহ হ’ল ‘সাধু কথাৰ কুঁকি’, ‘বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি লৰা আদিবোৰ শিশুসকলৰ বাবেও এইবােৰ সুপাঠ্য। 

ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা- Lakshminath Bezbaroa Assamese EssayAssamese 

লক্ষ্মীনাথ বেজবৰুৱাই অসম বুৰঞ্জীৰ একোটা গৌৰৱজ্জ্বল অধ্যাযৰ কাহিনী গৌৰৱমণ্ডিতকৈ আৰু পতনৰ কাহিনী কৰুণ আৰু ব্যাথা লগাকৈ দাঙি ধৰিছিল ‘চক্ৰধ্বজ সিংহ’, ‘জয়মতী কুঁৱৰী’, ‘বেলি মাৰ আদি নাটকৰ যােগেদি। সুৰভী’, ‘জোনবিৰি’, ‘কেহোকলি’ আদি তেখেতৰ আধুনিক গল্পৰ পুথি। তেখেতৰ গল্পত প্রকাশ পাইছিল দৈনন্দিন জীৱনৰ সুখ- দুখ, হাঁহি-কান্দোন, অনুভূতি আদি। ইয়াৰ উদাহৰণ ভদৰী, মুক্তি, লােভ ইত্যাদি। ইয়াৰ উপৰিও প্ৰকৃতিৰ প্ৰেম তেওঁৰ গল্পৰ বিষ আছিল। ইয়াৰ উদাহৰণ কন্যা গল্প। অসমীয়া গল্প সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱাই নতুন যুগৰ সূচনা কৰে।

ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা- Lakshminath Bezbaroa Assamese Essay

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা: প্রবন্ধৰাজি

ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা- Lakshminath Bezbaroa Assamese Essay

জোনাকী, বাঁহী আদি কাকতত তেওঁ কৃপাবৰ বৰুৱা ছদ্মনামেৰে হাস্যৰসাত্মক অনেক প্রবন্ধ ৰচনা কৰিছিল। তেওঁৰ হাস্যৰসাত্মক পুথিসমূহ হ’ল : কৃপাবৰ বৰুৱাৰ কাকতৰ টোপােলা’, কৃপাবৰ বৰুৱাৰ ওভতনি’ আৰু কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি। ভগৱৎ কথা, তত্ত্ব কথা, কামত কৃতিত্ব লভিবৰ উপায় তেওঁৰ চিন্তামূলক বিষয়ৰ প্ৰৱন্ধ। 

ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা- Lakshminath Bezbaroa Assamese Essay

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা: অন্যান্য লিখনিসমূহ

ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা- Lakshminath Bezbaroa Assamese Essay

‘মােৰ জীৱন সোঁৱৰণ’ লক্ষ্মীনাথ বেজবৰুৱাৰ কর্মময় জীৱনৰ হাঁহি-কান্দোনৰ সােণােৱালী স্বাক্ষৰ। জীৱনত লাভ কৰা অনেক অভিজ্ঞতাৰ ভিত্তিত ৰচিত ই এক মহৎ সৃষ্টি। যুগ যুগ ধৰি অসমীয়া জাতিক প্ৰেৰণা যােগাই ভাষা জননীলৈ নৈবেদ্য আগবঢ়াই জ্যোর্তিময় পথ প্রদর্শন কৰি থাকিব আৰু স্বদেশ প্রেমেৰে উদ্বুদ্ধ কৰি ৰাখিব তেওঁৰ সাহিত্য সভাৰ সভাপতিৰ আসনৰ পৰা অসমীয়া জাতিলৈ আগবঢ়োৱা ভাষণে। বৰােদাৰ মহাৰজাৰ দ্বাৰা আমন্ত্রিত হৈ লক্ষ্মীনাথ বেজবৰুৱাই বৈষ্ণৱ ধৰ্মৰ দর্শন সম্পর্কে যিটো অতি ভাৱগভীৰ বিকৃত তথ্য, উচ্চপর্যায়ৰ আলেখ্য দাঙি ধৰিলে সি বেজবৰুৱাক ভাৰত তথা বিশ্বৰ শ্রেষ্ঠ সাহিত্যিক, দার্শনিক আৰু মানৱতাবাদীসকলৰ শাৰীত প্রতিষ্ঠা কৰিলে। ডাঙৰীয়া দীননাথ বেজবৰুৱা নামৰ জীৱনীমূলক গ্রন্থখনি সােণত সুৱগা চৰা এখন মহৎ গ্রন্থ। এই গ্রন্থখনিয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃভক্তিৰ পৰিচয় দিছে। 

ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা- Lakshminath Bezbaroa Assamese Essay

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা: সাহিত্যৰথী উপাধি

ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা- Lakshminath Bezbaroa Assamese Essay

দুয়ােহাতেৰে সমানে অস্ত্র চলাব পৰাৰ বাবে অর্জুনৰ এটা নাম আছিল সব্যসাচী। লক্ষ্মীনাথ বেজবৰুৱাদেৱে সাহিত্যৰ আটাইবিলাক শাখাৰে গ্ৰন্থ কৃতকার্যতাৰে ৰচনা কৰাৰ বাবে তেওঁক অসমীয়া সাহিত্যৰ সব্যসাচী বােলা হয়। লক্ষ্মীনাথ বেজবৰুৱাৰ অন্য এটা উপাধি আছিল সাহিত্যৰথী। বেজবৰুৱাই নিজেও সাহিত্য ৰচিছিল আৰু আনকো উদগনি দিছিল আৰু নতুন লেখকসকলৰ ভুল-ত্রুটি দেখুৱাই তেওঁলােকক পথ প্রদর্শন তথা পৰিচালনা কৰিছিল। সেয়ে তেওঁক সাহিত্যৰথী উপাধিৰে বিভূষিত কৰা হৈছিল। 

ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা- Lakshminath Bezbaroa Assamese Essay

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা: শেষৰ জীৱনচোৱা আৰু মৃত্যু

ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা- Lakshminath Bezbaroa Assamese Essay

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাছত একমাত্র লক্ষ্মীনাথ বেজবৰুৱাইহে ভাষা-সাহিত্যৰ সকলাে শাখালৈকে অনবদ্য অৱদান আগবঢ়াইছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ লেখাত হাস্যৰসৰ মাজতে দেশপ্ৰেমৰ ভাৱ গভীৰভাৱে প্ৰকাশ হৈছিল। সাহিত্যৰ জৰিয়তে অসমীয়া মানুহৰ মাজত সংস্কাৰৰ প্ৰয়াসী আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। বেজবৰুৰা এজম আশাবাদী আৰু দেশপ্রেমিক লােক আছিল। তেওঁ ৰচনা কৰা অসম সংগীত’নামৰ কবিতাত অসম আৰু অসমীয়াৰ ভাষাৰ প্ৰতি থকা তেওঁ অকৃত্রিম শ্রদ্ধা আৰু ভক্তি প্রকাশ পাইছিল। ই আমাৰ জাতীয় সংগীতৰ স্থান লাভ কৰিছে আৰু ৰাষ্ট্ৰীয় সংগীতৰ পাছতে এই গীতটো অতি আগ্রহ শ্ৰদ্ধাৰে গােৱা হয। লক্ষ্মীনাথ বেজবৰুৱা আজি আমাৰ মাজত নাই।১৯৩৮ চনত লক্ষ্মীনাথ বেজবৰুৱাই ইহলীলা সম্বৰণ কৰে। তেওঁৰ মৃত্যুৱে অসমীয়া জাতিক মর্মাহত কৰি গ'ল, কিন্তু তেওঁৰ মহৎ অৱদানেৰে অসমীয়া জাতি চিৰদিনৰ বাবে সমৃদ্ধিশালী হৈ ৰ'ল। 


ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা- অসমীয়া ৰচনা- Lakshminath Bezbaroa Assamese Essay

🖊সংগ্রহীত


Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.