নৱকান্ত বৰুৱাৰ কবিতাসমূহ

নৱকান্ত বৰুৱাৰ কবিতা  Nabakanta Barua Assamese Poem List- Nabakanta Barua Poem lyrics


নৱকান্ত বৰুৱাৰ কবিতা সমূহ-

  • ইয়াত নদী আছিল
  • হে অৰণ্য, হে মহানগৰ 
  • তেজীমলা 
  • এটা প্ৰেমৰ পদ্য
  • দিল্লী হনুজ দূৰ অস্ত্
  • পলস
  • উৰণীয়া তৰা
  • ৰাৱণ
  • সম্রাট
  • উভতি নহাৰ কবিতা 
  • ক্ৰমশ



নৱকান্ত বৰুৱাৰ অসমীয়া কবিতা ইয়াত নদী আছিল Nabakanta Barua Assamese Poem

নৱকান্ত বৰুৱাৰ কবিতা  Nabakanta Barua Assamese Poem List- Nabakanta Barua Poem lyrics
নৱকান্ত বৰুৱাৰ কবিতা ইয়াত নদী আছিল 


নৱকান্ত বৰুৱাৰ অসমীয়া কবিতা ইয়াত নদী আছিল Nabakanta Barua Assamese Poem

ইয়াত নদী আছিল


দেখিছোঁ নদীৰ ঢলে বলাত্কাৰ কৰা পথাৰক, 

পলসে কবৰ দিয়া গৰ্ভৱতী শস্যৰ সন্তান, 

শুনিছোঁ সিন্ধুৰ বানে নিমিষতে নগৰক 

আত্মসাৎ কৰি 

এৰি থৈ গুচি যোৱা শ্মশানৰ প্ৰশান্তিৰ গান৷ 

উদগ্ৰ ধ্বংস নিছা, লোভৰ কুটিল দুঃসাহস 

ছলনাৰ জীৱন্ত ধেমালি আৰু পাপৰ কুৎসিত অভিসাৰ— 

তাৰো সৌন্দৰ্যই মোক দিছিল স্বপ্নৰ জাল ৰচি, 

কাৰণ, মইযে দিওঁ দুঃস্বপ্নকো স্বপ্নৰ মৰ্যাদা, 

সিও বন্দী সূৰ্য্যকণা, 

আহিছিল ভাঙি-ছিঙি পৃথিৱীৰ কঠিন জৰায়ু৷

কিন্তু মৰুভূমি আহে, 

লাহে লাহে মাহে মাহে বছৰে বছৰে 

আঁহতৰ খোৰোঙত এপাহি কপৌফুল সোনকালে 

সৰে 

গোপন ব্যাধিৰ দৰে লাহে লাহে মচি নিয়ে 

প্ৰাণৰ যিমান ৰং সেউজী সোণালী, 

আঁকি দিয়ে তামৰঙী এখন আকাশ আৰু 

ফুটছাঁই বৰণৰ এখন পৃথিৱী 

নদীক নিজৰা কৰি জুৰিক শিলনি কৰি 

বালিৰ দ’লেৰে গঢ়ে গছ-লতা ফুলৰ সমাধি, 

ছয়া-ময়া জিঁয়া এটি বালিয়ে বালিয়ে উৰি, 

পানীৰ কাৰণে ঘূৰি 

ক’ৰবাত বাট হেৰুৱায়৷ 

মৰুভূমি এইদৰে আহে, 

লাহে লাহে মাহে মাহে বছৰে বছৰে…. 

দূৰণিৰ নীল সেই গাঁওখনলৈ 

এইবেলি সোনকালে আঘোণ আহিল,— আহিনতে? এইবাৰ ব’হাগৰ ঢল নাহে নেকি? 

উজানৰ বগা মাছে ৰূপোৱালী নকৰে নিজৰা? আষাঢ়ৰ ক’লা মেঘ পাহাৰৰ সিপাৰে থাকিল৷ 

পাহাৰ ইমান ওখ! ওখনে মেঘতকৈয়ো? 

ওখনে প্ৰেমতকৈয়ো? 

বৰষুণ? 

ধাননিত নগজিল জোৱাৰ বজাৰ, আমাৰ বনত 

দোঁ নেখালে খেজুৰি৷ 

কেৱল ফুলিব সিজু, মাজনিশা তৰাৰ পোহৰে 

ৰেণু তাৰ বালিদাঁহী সাপক বিলাব৷ দুবৰি ধৰিব 

ছাটি 

কাঁইটীয়া বনে৷ 

ৰাতিৰ বতাহে আহি ছটিয়াব শুকান বৰফ 

দিনৰ পোহৰে তাতে ঢালি দিব কমলা ৰঙৰ গলা লোহা৷ 

তাৰ পিছে 

উটৰ ডিঙিৰ ছাঁ, দীঘল ডিঙিৰ ছাঁ, শুই ৰ’ব 

হাড় হৈ সাগৰৰ বাবে৷ 

এইদৰে শেষ হোৱা… এই যে ৰোমাঞ্চ মৰণৰ 

ইযে প্ৰৌঢ়া ৰমণীৰ ৰমণ-বিলাস, অনভিজ্ঞ 

কিশোৰৰ স’তে৷ য’ত 

গ্লানিৰ অতৃপ্তি নাই, তৃপ্তিৰ অশান্তি নাই, 

ধ্বংসৰ সৌন্দৰ্য নাই, কেৱল ক্ষয়ৰ আবিলতা, অনায়াস গ্ৰহণ কেৱল ক্লীৱতা 

বালিৰ বতাহে জানো পাহাৰত ভাস্কৰ্য গঢ়েহি? 

গঢ়ে বিভীষিকা৷ 

তাতো যি ৰোমাঞ্চ আছে, 

যদি আছে, হে জীৱন, 

নালাগে আশ্ৰয় তাত, 

ভাগৰ লাগিছে মোৰ গঢ়ি গঢ়ি নতুন বিগ্ৰহ।




*****




নৱকান্ত বৰুৱাৰ অসমীয়া কবিতা হে অৰণ্য, হে মহানগৰ Nabakanta Barua Assamese Poem

নৱকান্ত বৰুৱাৰ কবিতা  Nabakanta Barua Assamese Poem List- Nabakanta Barua Poem lyrics
নৱকান্ত বৰুৱাৰ কবিতা হে অৰণ্য, হে মহানগৰ 


নৱকান্ত বৰুৱাৰ অসমীয়া কবিতা হে অৰণ্য, হে মহানগৰ Nabakanta Barua Assamese Poem

হে অৰণ্য, হে মহানগৰ 


কার্ফুৰ সময় হ’ল। 

সূর্যস্নাতা নগৰীৰ আঁচলৰ শেষ ৰশ্মিকণো 

শুহি ল’লে ৰাতিৰ আকাশে; 

নিস্তব্ধ মৰণ নামে। নগৰীৰ ধমনীত কাৰো অনুভৱ কাজিৰঙা ডবকাৰ আৰণ্যক অপস্মাৰ 

সৰীসৃপ-ক্রুৰ মৃত্যু… সর্পিল জীৱন; 

পলাতক দৈনন্দিন-নিয়ন-উজ্জ্বল গধূলিৰ 

ৰঙা নীলা শেতা মুখ 

হেনা মধুমালা আৰু অলকানন্দাৰ… 

পথ আৰু উপপথ গলি আৰু এভিনিউ 

বোবা যন্ত্রণাত অন্ধকাৰ 

পিচল মৃত্যুৰ সাপ ভৰিৰ তলেদি যায় 

(পোহৰ, পোহৰ ক’ত) 

টেঁটুচেপা ট্রেফিকৰ দূৰৰ স্পন্দনে 

ভয় আৰু আশ্বাসৰ জটিল উৎকন্ঠা আনে; 

(অৰণ্যত চকু জ্বলে বাঘ আৰু মেচেকাৰ) 

জীৱন জীয়াই থাকে। তথাপি জীয়াই থাকে। 

আৰু থাকে জীৱিকাৰ গলিৰ সাঁথৰ 

অমৃতৰ পুত্র আমি 

মৃত্যু স্নাতা হে মহানগৰ!




*****




নৱকান্ত বৰুৱাৰ  অসমীয়া কবিতা তেজীমলা Nabakanta Barua Assamese Poem

নৱকান্ত বৰুৱাৰ কবিতা  Nabakanta Barua Assamese Poem List- Nabakanta Barua Poem lyrics
নৱকান্ত বৰুৱাৰ কবিতা তেজীমলা 

নৱকান্ত বৰুৱাৰ অসমীয়া কবিতা তেজীমলা Nabakanta Barua Assamese Poem

তেজীমলা 


“হাতো নেমেলিবি ফুলো নিচিঙিবি 

কৰে গৰখীয়া তই, 

মানুহে ফুলৰ নুবুজে আদৰ 

তেজীমলাহে মই।” 


*** 


হাতো মেলা নাই ফুলো চিঙা নাই 

তোমাৰ নিষেধ আজিও মানিছোঁ 

আমাৰ গ্লানিৰ বোকাৰ কুসুম 

আমাৰেই তেজীমলা। 

সাউদৰ সাধু শেষ হৈ যোৱা কিমান 

বছৰ হ’ল? মানুহৰ ঘৃণা, মানুহৰ অসূয়াত তেজ-মঙহৰ তেজীমলা তুমি 

ফুল হৈ ফুলি ৰ’লা; 

এদিনো আমাৰ ঈৰ্ষাকাতৰ 

নিদ্রাবিহীন 

আউলী চুলিত 

বুলাই নিদিলা হাত। 

মানুহে ফুলৰ আদৰ জানিবা 

আজিও বুজাকে নাই 

কৃপণৰ দৰে তোমাৰ প্ৰীতিৰ 

হিচাপ কৰিছোঁ দাম 

সেইবাবে গ’লা আমাক পাহৰি 

আমাৰে জীয়াৰী হৈ? 

মানুহৰ গ্লানি মানুহৰ ঈৰ্ষাত 

ছাঁ জুইৰ দৰে আঁতৰি পলালা 

সাধুৰ দেশতে ৰ’লা চিৰকাল 

সপোনৰ ফুল হৈ, 

আমি নিৰুপায় 

পৃথিৱীৰ এই ঘিণ আৰু অসূয়াৰে। 

আমাৰ বনতো সৰিবানে তুমি 

এবাৰ ফুলি? 

ভালপোৱা যদি আমাৰ কাৰণে 

ৰয় চিৰ অনাগত 

প্ৰীতিৰ ধূপৰ সুৰভিয়ে ৰচে 

কেৱল কুঁৱলি জাল— 

ঈর্ষা আমাৰ তোমাৰ প্রেমেৰে কৰা 

আৰু কুৎসিত; 

ঘিণ কৰি মৰোঁ 

দাপোণৰ নিজ ছঁয়াৰ বীভৎসতা। 




*****




নৱকান্ত বৰুৱাৰ অসমীয়া কবিতা এটা প্ৰেমৰ পদ্য Nabakanta Barua Assamese Poem

নৱকান্ত বৰুৱাৰ কবিতা  Nabakanta Barua Assamese Poem List- Nabakanta Barua Poem lyrics
নৱকান্ত বৰুৱাৰ কবিতা এটা প্ৰেমৰ পদ্য

নৱকান্ত বৰুৱাৰ অসমীয়া কবিতা এটা প্ৰেমৰ পদ্য Nabakanta Barua Assamese Poem

এটা প্ৰেমৰ পদ্য


বাৰিষাৰ ৰাতি তোমাৰ কবিক

মনত পৰেনে, অৰুন্ধতী?

সেমেকা পোহৰে সোঁৱৰাই দিয়া

তোমাৰ খোপাৰ আবেলি-আবেলি গোন্ধ

মনত পৰেনে,

অৰুন্ধতী?

জোনাকে ডাৱৰে মৰমে বিষাদে

নুবুজা কবিতা,

আমাৰ মাজত ভগা সপোনৰ অতনু বাধা

মনত পৰেনে, অৰুন্ধতী!

দুবৰি বনত জোনাকীৰ মণি,

চুলিৰ মেঘত লাহি আঙুলিৰ বহুতো জোন

(জোৱাৰৰ বাবে সাগৰ নাছিল)

বৰফৰ দৰেঁ চেঁচা পৰশতো

সিযে কি শান্তি!

অৰুন্ধতী!

অৰুন্ধতী!

বহুতো আকাশ পাৰ হৈ অহা

ধুমুহা পখীৰ এটি লহমাৰ নীড়-

বহুতো সপোন পাৰ হৈ অহা

কেঁচা টোপনিৰ ভিৰৰ মাজত

সেই এটা মাথোঁ

উজাগৰ ৰাতি,

মনত পৰেনে, অৰুন্ধতী?

বাৰিষাৰ ৰাতি মনত পৰেনে

অৰুন্ধতী!




*****




নৱকান্ত বৰুৱাৰ অসমীয়া কবিতা পলস Nabakanta Barua Assamese Poem

নৱকান্ত বৰুৱাৰ কবিতা  Nabakanta Barua Assamese Poem List- Nabakanta Barua Poem lyrics
নৱকান্ত বৰুৱাৰ কবিতা পলস 

নৱকান্ত বৰুৱাৰ অসমীয়া কবিতা পলস Nabakanta Barua Assamese Poem

পলস


পলাশৰ জুই নুমাল এতিয়া। 

শাল আৰু চতিয়ন 

বনত মানৰ দিনৰ অতীত ব’হাগৰ ধুমুহাৰ 

কিমান সপোন সৰি গ’ল 

তাৰ কোনে ৰাখে খতিয়ান 

কলঙ কপিলী দিজুৰ পাৰত 

ককাদেউতাৰ হাড়। 

বুঢ়ী আইতাৰ কলিজাৰে গজে 

বন নহৰুৰ ফুল। 

ডাৱৰে কি ক’লে: 

দিয়া আৰু দিয়া, নিঃশেষকৈ দিয়া 

আলিৰ কানত গছপুলি ৰোৱা— 

এটা হাইস্কুল খোলা 

পথিক প্ৰিয় যে সদায় বাটত, 

কাঢ়া দুটা হুমুনিয়া 

উৰুখা পানীয়ে উটাই নিয়ক 

মৰা মকৰাৰ খোলা 

আমাৰ পলসে সাৰুৱা কৰক 

কলঙৰ দুয়ো কূল। 

আমাৰ নাতিৰ নতুন পামৰ নাঙলৰ সীৰলুত 

আমি সাৰ পাম। 

সিহঁতে পঢ়িব আমাৰ জীৱাশ্মত 

জাতিস্মৰৰ হাঁহি উঠা সাধু। 

সপোন অন্ধ যি গলিত 

আমি থাকোঁ, তাৰে নয়ন জুলিত 

সিহঁতৰ ভৱিষ্যৎ?




*****



নৱকান্ত বৰুৱাৰ অসমীয়া কবিতা উৰণীয়া তৰা
Nabakanta Barua Assamese Poem


নৱকান্ত বৰুৱাৰ কবিতা  Nabakanta Barua Assamese Poem List- Nabakanta Barua Poem lyrics
নৱকান্ত বৰুৱাৰ কবিতা উৰণীয়া তৰা

নৱকান্ত বৰুৱাৰ অসমীয়া কবিতা উৰণীয়া তৰা
Nabakanta Barua Assamese Poem

উৰণীয়া তৰা


চোৱাচোন বাৰু আই

ৰুমী ভনীটিয়ে              উৰণীয়া তৰা

কতাে হেনাে দেখা নাই।

সদায় সন্ধিয়া                শই শ‍ই আহি

পথাৰ উপচি যায় ;

কি যে বেঙী তাই      কবকে নােৱাৰোঁ

তথাপিতাে দেখা নাই,

ৰুমী বৰ বেঙী ভাই।

পপীয়া তৰাৰ           কথা কোৱা নাই

সেইবােৰ হেনাে শিল ;

দ্বীপেন চাৰক          তেনেকৈ নক'লে

দিয়ে জানা থিয় কিল!

এইবােৰ আন কিবা

মই দিছোঁ নাম              উৰণীয়া তৰা

আৰু কিনাে নাম থ’বা ?

নহয় নহয় আই!

দেউতাই কোৱা             ফ্লাইং ছছাৰ

তাৰাে কথা কোৱা নাই !

সেইবােৰ মই          শুনিছোঁহে মাথোঁ

নেজানো ক’তনো পায়।

কি ক’লা কি ক’লা আই ?

সকলাে তৰাই           থিৰ হৈ থাকে ?

উৰণীয়া তৰা নাই ?

জোন বেলি তৰা       ক'ৰ পৰা আহে

কোৱাচোন ভাবি গমি

নাহিলে কিদৰে              সদায় গধূলি

দেখা পাওঁ বাৰু আমি?

একোকে নেজানা তুমি

আই ! তুমিও এজনী ৰুমী।

ক'ৰ পৰা আহে              মই কওঁ শুনা

ক'ৰবাৰ পৰা আহে

গধূলি হলেই                     তৰাৰ লগত

মিচিকি মিচিকি হাঁহে।

সিহঁতে যে কাক      মাতি থাকে জানাে

চকুৰােৰ টিপিয়াই।

সিহঁতৰ স'তে                      উমলিবলৈ

মােৰ বৰ মন যায় ।

বকুল তলৰ                    এন্ধাৰত আই

উৰি ফুৰে জাকে জাকে

বতাহ আহিলে                  উৰণীয়া তৰা

দূবৰিত শুই থাকে।

ব’লাচোন ওলাই আই

চোতালত গৈ                   উৰণীয়া তৰা

দিম মই দেখুৱাই।

সেইদিনা মাকে                 মলয়ৰ স'তে

চালে উৰণীয়া তৰা

হেজাৰ বিজাৰ            জোনাকী পৰুৱা

পােহৰে বননি ভৰা।



*****




নৱকান্ত বৰুৱাৰ অসমীয়া কবিতা ৰাৱণ Nabakanta Barua Assamese Poem

নৱকান্ত বৰুৱাৰ কবিতা  Nabakanta Barua Assamese Poem List- Nabakanta Barua Poem lyrics
নৱকান্ত বৰুৱাৰ কবিতা ৰাৱণ 

নৱকান্ত বৰুৱাৰ অসমীয়া কবিতা ৰাৱণ Nabakanta Barua Assamese Poem

ৰাৱণ


মনৰ খবৰ আছে ডাৱৰত তােমাৰ চকুৰ 

মনৰ খবৰ আছে উশাহত তােমাৰ বুকুৰ 

মনৰ খবৰ আছে জোন-শেতা চেঁচা কপালত, 

তােমাৰ কোমল কপালৰ 

আধা গঢ়া এটি ভ্রুকুটিত মৃত্যুৰে খবৰ আছে লেখা— মােৰ জীৱনৰ মৃত্যু, যাৰে 

সপােন অমৰ হ'ব পাৰে। 


চকুৰ নীলিম, জানাে, আকাশৰ নীলাত লুকাব 

তপত নিশাহ, জানাে, বতাহৰ বুকুত মিলিব, 

কপালৰ অৰ্দ্ধচন্দ্ৰ কালৰ কীটাণুবােৰে 

জানাে, খুলি খাবহি এদিন, 

সেইবাবে আৰু বেছি পাবলৈ বিচাৰাে তােমাক সেইবাবে আৰু বেছি দিবলৈ বিচাৰাে তােমাক।


মধুলােভী মধুকৰ মইতাে নহওঁ 

কৃপণৰ গৃধনুতাৰে তােমাৰ ৰূপেৰে মই মধুভাণ্ড নকৰো স্বজন 

মই মাথো ভাল পাই শেষ হৈ যাম, 

তােমাৰ ৰূপৰ দৰে শেষ হ'ব 

মােৰ শক্তি মােৰ শৌর্য, তাৰে 

জীৱনক-অমৰ কৰাৰ সাধ্য নাই। 

মাথােন আমাৰ প্রেম জীৱনক পূৰ্ণ কৰি 

হ’ব ইতিহাস। 

দাবী নাই, ভাব নাই য'ত মাথে দায়িত্ব আত্মাৰ। 

দাবী নাই, ভাৰ নাই মাথোঁ দায় অনন্ত স্বপ্নৰ। 


যােগ্যতাৰে যােগ্যতাৰ বিলাসৰ মালা গাঁথি 

দিব খােজা নাই দাম মােৰ প্ৰণয়ৰ, 

মােৰ প্রেম মূল্যহীন, মূল্যৰ সীমাৰে যাৰ 

বাঢ়ি যায় অমূল্য বিস্তৃতি! 


তথাপি এপাহি ফুল ৰঙা কৰবীৰ ! 

তথাপি ধেমালি কৰি যােগাব লাগিব নেকি 

মন গৰৱীৰ? 


আকাশৰ বিদ্যুতেৰে খেদিব খুজিছা নেকি 

তােমাক আমনি কৰা মৌ মাখি এটি? 

জুৰাব লাগিব নেকি তােমাৰ ভ্ৰকুটি জ্বালা 

সৰগৰ বতাহৰ ক্লান্ত চামৰেৰে? 

অনাৰ্যৰ সহজ তৃপ্তিয়ে সহজ হেলাৰে মােক 

দেৱতা কাতৰ কৰা ঐশ্বৰ্যৰ স্বর্ণকুম্ভ ঢালি দিছে তলি উদঙাই, 

দিছে মােক ব্রাহ্মণ ঈর্ষিত মেধা, 

পৃথিৱীৰ সমান ধ্রুৱতা; 




মাথোঁ প্রেম, নাই প্রেম, যাৰে 

সপােন অমৰ হ'ব পাৰে। 


প্রেম চিৰ অসহজ 

প্ৰেমৰ কাৰণে মাথোঁ অনার্য কার্পণ্য কঠিন 


সেই ঋণে শুহি নিয়ে জীৱনৰ যত কীর্তি চিন, 

প্রেমতাে নহয় নাথে দেৱতাৰ, কবিতাৰ, লাৱণ্য বিলাস; 

প্রেমতাে নহয় হায় অকপট মূঢ়তাৰ ভীৰু আত্মদান, প্রেম জানাে ভৱিষ্যৰ ইংগিত ঐশ্বর্যময় আত্ম-প্ৰৱঞ্চনা! 

প্রেমতাে নহয় দেহ, নহয় আত্মাৰ নিচুকনি, 

দেহৰ সীমাৰে পােৱা অবাধ আকাশ চেতনাৰ 

অনন্ত আকাশ আহি কোচ খাই ধৰা এটি দেহ। 


সৃষ্টিৰে যিমান প্রজ্ঞা প্রাণহীন বস্তু প্রবাহৰ 

সৃষ্টিৰে যিমান দীপ্তি সৌন্দর্য নজ্বলা দীপৰ 

সৃষ্টিৰ সৰ্বস্ব যত দশােদিকে ভিৰ কৰি অহা- 

থুপ খাই ৰচিছিল আদিম অনিমা জীৱনৰ 

জন্ম হ’ল প্রাণবীজ, পূর্ণ হ'ল পদাৰ্থৰ প্ৰসৱ বেদনা। বুৰঞ্জীয়ে কোনােবা এদিন ভৱিষ্যৰ কামনাৰে 

দিলে তাক দ্বিখণ্ডিত কৰি 

বাঢ়ি গ'ল জীৱনৰ অনন্ত প্রসাৰ 

স্নেহৰ কণিকা এটি ব্যাপ্ত হ'ল বিশ্ব সলিলত। 

সেই দুই জীৱনৰ আদিতম পৰম অণুৱে 

মিলন বিচাৰি মাথোঁ ঠেকা খায় গতানুগ ৰীতিৰ শিলত, 

সেইবাবে আজি এই সৃষ্টি পংগু 

প্রতিষ্ঠাৰ স্থূলতাৰে এক-দেশ-দর্শী এই অসহায় প্রাণ-সৃষ্টি বীজ। 

তাৰ মুক্তি নাই, যদি 

নহয় মিলন আজি তােমাৰ প্ৰেমৰ স'তে 

আত্মনাশী মােৰ প্ৰণয়ৰ। 


তুমিও হেৰাই যাবা ময়াে যে হেৰাই যাম 

কালৰ কীটাণুবােৰে খুলি খুলি খাই খাই 

আমাক কৰিব ইতিহাস, 

আমাক কৰিলে ইতিহাস। 


মােৰ ই মৃত্যুৰ বাণী চিৰদিন প্রবাদে বিলাব, 

অসার্থক প্রেমে মােৰ উপমান বিচাৰিব 

যুগে যুগে প্রণয়ীৰ অশান্ত স্বপ্নত। 

আমাৰ মৃত্যুৰ গৰিমাৰে 

জীৱন অমৰ হ'ব পাৰে। 


বিশাল স্বপ্নৰ মােৰ পৰিধি বিচাৰি যদি 

তােমাৰ সি ভীৰু প্রেমে বাট হেৰুৱায়, 

স্বৰ্গক সংযােগ কৰা মােৰ অতিসত্তা যদি 

নােৱাৰে ধৰিব বেৰি কোমল তােমাৰ দুটি হাতে কল্পনাই আকোলি নেপায়- 

তােমাৰ কাৰণে মােৰ কামৰূপী প্রেমে দীনতম 

কীটাণুৰ ল'ব পাৰে। 

মহত্তম ৰূপ,

তােমাৰ কাৰণে মই সুমহৎ দেৱতাৰ হীনতম 

ৰূপ ল'ব পাৰোঁ। 

কোৱা, যদি গন্ধৰ্বৰ কোমল গান্ধাৰে 

তােমাৰ ধ্যানত তােলে ৰিঙা এটি সুৰ, 

জিলিৰ জোঁকাৰে যদি নিঃসংগতা চুৰ কৰি 

তােমাৰ মুখৰ বকু নিমিষৰ বাবে কৰে 

স্বপ্নৰে নীৰৱ তুচ্ছ গন্ধৰ্বৰ দৰে মেধাৰ সাধনা এৰি তুলিম কণ্ঠত মােৰ 

নীৰৱতা সৃষ্টি কৰা প্রেম-মিঠা-বােবা এটি সুৰ, 

চাই ৰ'ম মুখলৈ বাণীহীন বিস্ময়ত, 

তুমি ধীৰ মুখে তুলি চাবা 

দেখা পাম চন্দোৰদয়, 

উদ্ভাসি উঠিব য'ত 

মনৰ পথাৰ আৰু পাহাৰৰ শান্তি অনাবিল।


অন্তৰৰ য'ত সত্য, 

যত বাণী, 

আত্মাৰ যিমান আকুলতা শান্ত হই শুই ৰ'ব কণ্ঠৰ প্ৰান্তত 

প্রকাশে জানােচা তাৰ আকাশৰ পৰিধি কমায়। 


পশু হম, কীট হম, হম বিদুষক 

লাগিলে দেৱতা হম, সুচতুৰ ক্লীৱতাৰে 

লালসাৰে উৰ্ণালই এখনি চীনাংশু ৰচি 

প্রেম বুলি তােমাক যাচিম; 

পশু হম, কটি হম, কবি হম, দেৱতাৰ উৰ্মনাভ ৰূপ লম কেৱল নােৱাৰো হ'ব 

কেৱল নােৱাৰো মই 

নােৱাৰো মানুহ হ'ব, 

নােৱাৰো মানুহ হৈ প্রেমেৰে সজাব যাদুঘৰ। 

পশুত্বক নিয়মৰ শিকলি পিন্ধাই 

নােৱাৰো কৰিব তাক স্বপ্নৰ ৰখীয়া এটি ঢেকুৰা কুকুৰ। 


আত্মাৰ নগ্নতা এই গছ লেতা পতংগৰ 

শ্লীলতাজ্ঞানৰে মই নকৰোঁ অশ্লীল, 

মানুহ নহওঁ, মই ঈশ্বৰৰ প্রতিযােগী। 

স্বৰ্গৰ সােপান গঢ়ো, স্বৰ্গৰ কামনা মােৰ নাই। 


স্বৰ্গৰ সােপান গঢ়ি ঈশ্বৰক আনিম নমাই। 

পবিত্র নগ্নতা চাম সুন্দৰ, মংগলৰ; ঐশ্বর্য, শিল্প, মেধাৰ। 


তাৰ বাবে লাগে মােক কেৱল এমুঠি প্রেম, 

তাৰ বাবে লাগে মােক তােমাৰ অকণি প্রেম। 

দাবী নাই, ভাৰ নাই, যাৰ আছে দায়। 

এটোপাল চকুপানী প্ৰাণৰ তৃষ্ণার্ত দায়িত্বৰ 

লাগে মােক মস্তিষ্কৰ উৰণীয়া স্বপ্নবীজ সঞ্জীবিত কৰিবৰ বাবে। 


মাথো লােভ? মাথোঁ তৃষ্ণা? মাথোঁ এয়া

আত্ম-কণ্ডুয়ন ? 

নিজক বিচাৰো মই তােমাৰ মাজত, 

সেয়া লােভ, সেয়া তৃষ্ণা, সেয়া মাথোঁ 

আত্ম-কণ্ডুয়ন ? 

নিজৰ মাজৰ পৰা আঁতৰি বিচাৰোঁ মই নিজকেই। তােমাৰ মাজত- 

সেয়া লােভ, সেয়া তৃষ্ণা, সেয়া মাথোঁ আত্ম-কণ্ডুয়ন? নিজৰ মাজৰ পৰা আঁতৰি বিচাৰোঁ মই তােমাকেই মােৰ হৃদয়ত- সেয়া লােভ? সেয়া তৃষ্ণা, 

সেয়া মার্থে আত্ম-কণ্ডুয়ন? 


এয়া ভিক্ষা, সেইবাবে এয়া মােৰ দান। 

তােমাকে বিচাৰাে মই আছে বাবে মনৰ খবৰ 

দিব খােজোঁ মােক মই আছে বাবে মনৰ খবৰ। 

চাতুৰীৰে নিবিচাৰো অহল্যাৰ প্রেম 

নীতিৰ জালেৰে মই আলফুল কিশােৰীৰ 

মন-মাছ নকৰো চিকাৰ 

পৌৰুষাে প্রেমৰ বাবে যথেষ্ট নহয়। 


দেৱতা নহওঁ মই শিল্পেৰে জিনিব খােজা নাই 

মানুহ নহওঁ মই সহজতে লৈ থ'ম প্রেমৰ দুর্বহ বােজা নিৰংকুশ মহা মূঢ়তাত, 

দানৱ নহওঁ মই শক্তিৰে নকৰোঁ বশ ভ্রান্ত কোনাে নাৰীৰ হৃদয়। 

মই যে ৰাৱণ, মােৰ ব্ৰাহ্মণঅতীত প্রজ্ঞা 

মই যে ৰাৱণ, মােৰ ক্ষত্রিয়অতীত শৌর্য 

মই যে ৰাৱণ, মােৰ দেৱতাঅতীত শিল্প 

মই যে ৰাৱণ, মই জীৱন বীৰ্যৰ প্রতিনিধি 

মই যে ৰাৱণ, মই শিল্প শৌর্য সভ্যতাৰে সিপাৰৰ ৰাষ্ট্রদূত 

মই প্রেম ভিক্ষা কৰোঁ 

ভিক্ষা মােৰ সর্বশ্রেষ্ঠ দান। 


অভিনয় ? 

মােৰ ভিক্ষা মাথে অভিনয় ?

সময়ে নকৰে ক্ষমা মােৰ এই আদ্র অভিনয় ? 

ভােগৰ অপক্ক ভ্রণ কালে আহি পৰিপক্ক কৰিবহি কৰ্মৰ বীজত? 

সেই ভীতি মানুহৰ 

সেই ভীতি নিয়মৰ 

সেই ভীতি সীমিত বােধিৰ। 

তাৰ শংকা মােৰ নাই, 

মােৰ কৰ্ম্যতীত ফল, মােৰ কৰ্ম ফলৰ অতীত। 

সহজ অকর্মা মই, বিশ্বৰ নীতিয়ে যাৰ জীৱন সামৰিলৈ সপােনক দান কৰে অন্তহীন মুক্তিৰ আস্বাদ। 

হেলাৰে গ্ৰহণ কৰোঁ সকলােটি নিৰংকুশে 

অভিৰুচি পূৰণৰ বাবে, 

ভিক্ষা মাথোঁ বাঞ্ছা পূৰণৰ— অনন্ত স্বপ্নৰ দায়িত্বৰ। 


দেৱতাই সৃষ্টি কৰে সৌন্দৰ্যৰ নন্দন কানন। 

পখীয়ে যিদৰে গঢ়ে উমাল কোমল নীড় দিনান্তৰ আশ্ৰয়ৰ বাবে 

দেৱতাক দিলোঁ মই স্বর্গচ্যুত কৰি 

থাকি গ'ল অমৰত্ব-আত্মাৰ কলংক সিহঁতৰ। 

থাকি গ'ল গ্লানিময় ঈর্ষাৰ মলিন কাতৰতা। 


মই স্রষ্টা, মৃত্যু আৰু অমৰত্ব বাটৰ চিনাকি মােৰ 

নাই আত্মীয়তা

অমৰ নহওঁ মই- যিহেতু মৃত্যুৰ শংকা নাই। 

মই স্রষ্টা, যি সৃষ্টিৰ জীৱনৰ স্থিতি নাই, ক্লান্তিৰ আশ্রয় নাই। 

মই শিষ্য মহাকাল আদিম শিল্পীৰ 

নৃত্যৰ ছন্দত যাৰ জ্বলি উঠে কোটি কোটি নৱজাত সুনীল নক্ষত্র, 

পােহৰে নেপায় ঢুকি, তাৰ আগতেই 

ছাই হৈ ধূলি হৈ লীন যায় বিশ্বপ্রবাহত; 

নিজৰ ভৰতে নিজে জীৰ্ণ হৈ 

সংঘাতেৰে সৃষ্টি কৰে নতুন সংঘাত। 

সৃষ্টি হয়, লয় হয়। 

আকৌ বিচাৰি যায় শূন্য শূন্য চৰম আশ্রয়। 


চৰম আশ্রয় কত? 

পৰম আশ্রয় আহি স্থিতি লয় প্রথম সােপানৰূপে- 

তাত কোনাে কর্ম নাই, তাত কোনাে পৰিণতি নাই, 

সি যে মাথো অনন্ত প্রবাহ। 

ময়াে স্রষ্টা এটি প্রবাহৰ, কাৰণ মই যে দ্রষ্টা। 

মই ৰচা প্রবাহত মই নিজে উটি যাম 

উটি যাব বুৰঞ্জীৰ তেজ ৰঙা পাত, 

প্রবাদৰ বন্ধুৰতা স্বপ্নৰ মায়াই আহি কৰিব মসৃণ, 

কর্মই নকৰে স্পর্শ।


নিখিল কলাৰ মই আদিগুৰু সময়ৰ তাণ্ডৱৰ। 

তালে তালে মন্দিৰা বজাওঁ, 

সৃষ্টি হয় ৰূপাতীত বিন্দু বন্দু সৌন্দর্যৰ অনুকণা 

পূর্ণ হয়, লয় হয়, যত 

যতিয়ে ইংগিত দিয়ে অনন্ত গতিৰ। 

নুমায় উজলে তৰা ছন্দে ছন্দে সেই নর্তনৰ 

ঋতুৰ চকৰি ঘূৰে কেন্দ্রাতিগ বেগে 

অনন্ত ছন্দ এই ‘সম'ত বিৰতি নাই। 

মুহূর্ত প্রহৰ আৰু কল্প জুৰি অনন্ত প্রবাহ। 

মই যে ৰাৱণ, মই কালৰ স্নাতক, 

গুৰু মােৰ গুণাতীত মহাকাল নটৰাজ 

স্বপ্নৰ বিন্দুত মােৰ জিলিকিছে সময়ৰ সমুদ্রৰ 

নৃত্যৰ লহৰ। 


স্বপ্ন মােৰ ফুলিছিল সােণৰ নগৰীৰূপে 

স্বপ্ন মােৰ উঠিছিল অজ্ঞেয়ৰ অভিমুখী সােপানৰ 

প্রতি খাপে খাপে, 

স্বপ্ন মােৰ বাজিছিল, ৰাৱণীৰৰ মােহন তন্ত্রীত। 

কিন্তু তাত মই মাথোঁ শ্রেষ্ঠতম কাৰু 

প্রতিষ্ঠিত ধাৰণাক দিছিলাে সুষমা আৰু 

কৰিছিলোঁ লাৱণ্য যােজনা। 


কিন্তু হায় প্রস্তৰ দাৰুত 

ফুলে জানাে প্রাণৰ অশােক ?

দিছিলোঁ যাদুৰ স্পৰ্শ শিল্পীৰ হাতৰ 

নােৱাৰিলোঁ দিব মােৰ আদিতম মনৰ খবৰ 


ৰছিলোঁ সুউচ্চ মঞ্চ সপ্ততল প্রাসাদ বিমান 

দলিত বিশ্বৰ প্রতি সেরা হ’ল প্রচ্ছন্ন বিদ্রুপ 

বিমানৰ উচ্চতাই হতাশাৰ দিগন্ত বঢ়ায়, 

প্রাসাদৰ বাতায়নে শােকৰ সুৰভি আমােলায়, নয়ানজুলিয়ে নিয়ে দেহৰ কালিমা, তাৰে 

এন্ধাৰৰ আঁৰে আঁৰে নিঃশব্দে প্রৱেশ কৰে 

মনৰ গ্লানিৰ সৰীসৃপ। 


ৰচিলোঁ সােপান শ্রেণী অজ্ঞেয়ৰ যাত্ৰাৰ পথৰ, 

ধাপে ধাপে বাঢ়ে মাথোঁ কৰ্মৰ দাৰুণ বােজা। 

যি নদীত স্নান কৰি আঁতৰে আত্মাৰ আবিলতা। 

তাক বন্দী কৰি যােৱা যােগ্যতাৰ সােণৰ পাত্ৰত ৰচিলোঁ নবীন বীণা, 

সিয়ে হায় দারুণ মূঢ়তা! 

আঁজলি ভৰাই মই পান কৰিতৃপ্ত হ'ম বিশ্বৰ সংগীত, যি সংগীত বাজি থাকে 

একেলগে অবিৰাম 

পতংগৰ পাখি-স্পন্দনত, আৰু 

অনাহত প্ৰণৱ ধ্বনিত। 

বিন্দুত আভাস আছে, আছে জানাে অনন্ত সাগৰ ? বাজিল বীণাত মােৰ এই মহা কাৰুণ্যৰ স্বৰ। 

এতিয়া অশােক বন। 

অন্তৰৰ অন্তহীন শােক কাব্যেৰে মধুৰ হ'ব। 

ইয়াত প্রাসাদ নাই, ইয়াত সম্রাট নাই, 

ইয়াত জগত নাই, মাথোঁ মই আছে। মই আছো, 

তুমি আছা- আৰু আছে 

চিৰ ধ্রুব অনন্ত প্রবাহ। 


মই দ্রষ্টা, মই সত্তা, 

তুমি স্বপ্ন, তুমি সৃষ্টি


প্ৰাণৰ প্রতিভা তুমি মােৰ এই আশােক বনৰ। অজন্মা-সৃজনা তুমি- ভাব য'ত ৰূপ হৈ আহে, 

ৰূপ যত ৰূপাতীত ভাবৰ প্রতিমা হৈ হাঁহে; 

জন্মৰ জ্বালাৰে তুমি কৰা নাই বিশ্বৰ প্ৰৱেশ। 

মৃত্যুৰ জ্বালাৰ মােৰ হক এই সুন্দৰ স্বপ্নৰ বিনিঃশেষ। নেলাগে তােমাৰ মােক সাদৰ আগ্রহ বিশ্বাসৰ 

হেলা ভৰা চৰণৰ স্পর্শয়াে ফুলাব 

সুচিৰ- বিকাশমান অশােক মঞ্জুৰী। আন মনে তুমি যদি বহি বহি গণি থাকা 

অশােকৰ কেশৰত কিমান পৰাগ কণা, 

তথাপি নহয় ব্যর্থ মােৰ সৃষ্টি— মােৰ এই স্বপ্ন স্বপ্নাতীত। 

শােকৰ প্রতিমা হই অশােক বনত

বিলাবা ব্যথা যুগে যুগে শিল্পীৰ প্ৰাণত। 


তুমি যদি হাঁহা মাথো মূঢ় স্বপ্ন প্রলাপত 

দাপােনে বিস্তাৰ কৰা সূর্য কিৰণৰ দৰে 

সেই হাঁহি অনাগত ভৱিষ্যৎ খিৰিকিৰে কেনিবাদি অচিনাকি স্নেহ হৈ উজলি উঠিব।


তুমি যদি মাথোঁ কান্দা 

অশ্ৰুৰ বিন্দুৱে যদি এমুঠি উষৰ বালি মাথোঁ সেমেকায়, 

অশােকে বিলাই দিব বিশাল বিশ্বত 

তােমাৰ শােকৰ ৰস, 

সেই কাৰুণ্যই 

অনাগত ক্ষণজন্মা শিল্পীৰ প্ৰাণত 

তুলিব সৃষ্টিৰ প্রাণবন্যা। 


সৌ শুনা দিশে দিশে সমুদ্র কল্লোল-ভেদী কিহৰ গর্জন গুৰু ঘন ঘন ঘােৰ ঘৰিষণ গর্জন 

তাত মােৰ নজন্মে আশঙ্কা। 

কাৰণ মই যে জানাে গভীৰ ইংগিত তাৰ 

বুজি পাওঁ ধুমুহাৰ, প্ৰলয়ৰ, মৃত্যুৰ ব্যঞ্জনা, 

মােৰ মৰণৰ- যাৰে-

সপােন অমৰ হ'ব পাৰে। 


মােৰ মৃত্যু ক্ষয়হীন অনন্ত মৰণ 

তাৰাে জন্ম মােৰেই স্বপ্নত। 

শুনা সেই মৰণৰ জন্মৰ ক্ৰন্দন ধ্বনি 

পূর্বৰাগ মহা-প্রণয়ৰ 

অস্তৰাগ জীৱন তৃষাৰ 

শুনা সেই অগ্নিময় সংগীতৰ আদিম আলাপ। 

যেতিয়া সকলাে শব্দ শেষ হ’ব নিঃশব্দ গানত 

যেতিয়া সকলাে গান শেষ হ’ব সুৰ-সংপ্লৱত 

যেতিয়া সকলাে সুৰ শেষ হ’ব মহা প্ৰণৱত 

তেতিয়া বাজিব মােৰ অমৰ মৃত্যুৰ গান। 

দৃষ্টিহীন চিতাৰ শিখাত, 

ৰুদ্ধদ্বাৰ শ্ৰৱণৰ শব্দ তৰংগত। 


সেই সুৰে তােমাতেই ভাবৰ আশ্রয় পায় 

সেই ভাবে তােমাৰেই ৰূপৰ আশ্রয় পায় 

সেই ৰূপে তােমাতেই ৰূপাতীত সৌন্দর্যৰ ৰূপ লভি পৃথিৱীত কাৰুণ্যৰ বােৱাব প্লাৱন। 


মই স্রষ্টা সেই প্লাৱনৰ।

মই মেঘ সেই শ্ৰাৱণৰ। 


মই যে ৰাৱণ মই কালৰ স্নাতক 

মই যে ৰাৱণ মই প্রেমাতীত প্ৰেমৰ সাধক 

মই যে ৰাৱণ কাব্যাতীত কাব্যৰ পাঠক 

মই যে ৰাৱণ মই ক্রান্তদর্শী বিশ্ব প্রবাহৰ। 




*****





নৱকান্ত বৰুৱাৰ অসমীয়া কবিতা দিল্লী হনুজ দূৰ অস্ত্ Nabakanta Barua Assamese Poem

নৱকান্ত বৰুৱাৰ কবিতা  Nabakanta Barua Assamese Poem List- Nabakanta Barua Poem lyrics
নৱকান্ত বৰুৱাৰ কবিতা দিল্লী হনুজ দূৰ অস্ত্

নৱকান্ত বৰুৱাৰ অসমীয়া কবিতা দিল্লী হনুজ দূৰ অস্ত্ Nabakanta Barua Assamese Poem

দিল্লী হনুজ দূৰ অস্ত্


দিল্লীৰ সন্ধান চলে কালে কালে, সভ্যতাৰ 

উত্থানে পতনে। তথাপি অধৰা সেই 

আত্মা নগৰীৰ। দিল্লী বহু দূৰ! 


অন্ধকাৰ ইন্দ্ৰপ্ৰস্থ। 

পাণ্ডৱৰ শেষ যাত্ৰা আজি সমুদ্যত 

কুৰুক্ষেত্র প্রান্তৰত কাল-বৃক্ষ-অঙ্কুৰ উদ্‌গত। 

জীর্ণতাৰ অভিশাপ লেখা হয় ৰক্ত আখৰেৰে— 

আহে শক আহে হূণ দুঃস্বপ্নৰ দৰে, 

বুৰঞ্জীৰ গতিপথ সৰীসৃপ-কুটিল নিষ্ঠুৰ 

ইন্দ্রপ্রস্থ ধ্বংস হয়। দিল্লী ক’ত? দিল্লী বহু দূৰ! 

মচি যায় ৰক্তলিপি। ক’লা পৰে বুৰঞ্জীৰ পাত 

আকৌ পাঠান আহে, আহিল মোগল আৰু 

তাতাৰৰ দল। দিল্লীৰ সন্ধান চলে। 

ৰক্ত দুর্গ উঠে জাগি। 

গান্ধাৰ পাৰস্য আৰু হিন্দুস্থান এই ত্রিধাৰাৰ 

নগৰ উঠিল গজি। (কুৰুক্ষেত্ৰ কঁপি উঠে 

কঁপে তাৰ বিষবৃক্ষ পুলক-চঞ্চল!) 

দিল্লী ক’ত? দিল্লী বহু দূৰ। 

বণিক ইংৰাজ আহে। এই মহাভাৰতৰ 

আঁহে আঁহে জটিল গ্রন্থিৰ পাক 

মৃত্যু আৰু ক্লিষ্ট জীৱিকাৰ! 

ৰাজ্য আৰু বাণিজ্যৰ প্ৰয়াগ তীৰ্থত 

গঢ়ি উঠে কুবেৰৰ মাণিক ভাণ্ডাৰ। 

দিল্লী ক’ত? দিল্লী বহু দূৰ!


কালজটায়ুৰ পাখি ছিন্ন ভিন্ন কৰাৰ আশ্বাস 

কালজয়ী অশোকৰ সুদৰ্শন। 

দিল্লী যে তথাপি দূৰ। দিল্লী আৰু ইতিহাস 

দুয়োৰে আত্মাই 

দুদিন ধেমালি কৰি হাঁহি হাঁহি গুচি যায় 

পৰি থাকে ভগ্নস্তুপ মৃতকল্প নগৰীৰ 

আৰু থাকে মানুহৰ তেজৰ স্বাক্ষৰ। 

দিল্লী?… বহু দূৰ। 


*** 


দিল্লীৰ সন্ধান চলে। কালে কালে সভ্যতাৰ উত্থান-পতনে। তথাপি অধৰা সেই 

আত্মা নগৰীৰ। দিল্লী যে আজিও দূৰ। 

দিল্লী?…“দূৰ অস্ত্‌”। 




*****




নৱকান্ত বৰুৱাৰ অসমীয়া কবিতা সম্রাট Nabakanta Barua Assamese Poem

নৱকান্ত বৰুৱাৰ কবিতা  Nabakanta Barua Assamese Poem List- Nabakanta Barua Poem lyrics
নৱকান্ত বৰুৱাৰ কবিতা সম্রাট 

নৱকান্ত বৰুৱাৰ অসমীয়া কবিতা সম্রাট Nabakanta Barua Assamese Poem

সম্রাট


মই জানাে মই ক্লীৱ। 

যদিওবা প্রাণকীট আশু অংকুৰিত মােৰ 

মণীৰ ফলদা কুক্ষিত। মই জানাে মই ক্লীৱ, 

যদ্যপি শক্তিৰ স্ফুর্তি অযুত কৰীৰ, তথাপি সি 

অন্ধ শক্তি, বিম্বিত ন্যায় দণ্ড পৰে যেন 

ভ্রান্ত তস্কৰত। 


মই জানাে মই ক্লীৱ। কাৰণ ন্যায়ৰ সূত্র প্রতিশাখ্য। অভিজ্ঞতা ভিত্তি মাথোঁ মােৰ; কল্পনাৰ উন্মুক্ত পৱনে নােতােলে লহৰ তাত পৌৰুষ অথবা নাৰীত্বৰ। 

মই জানাে মই ক্লীৱ। যেহেতু অপৰিমেয় 

শক্তি মােৰ নির্বিকাৰে সহ্য কৰিবৰ বাবে 

সাধাৰণ মানুষী ভ্ৰান্তিৰ আক্রমণ। 

মই ক্লীৱ কল্পনাবিহীন অভিজ্ঞতা, 

আৰু তাৰ 

অঘােষ নিবিড় অন্ধকাৰ। 

* * * 

বসন্তৰ হ’ল শেষ। জোঁট লগা পলাশ ডালত 

শেষ হ’ল শাৰিকাৰ চটুল কাকলি। 

শালৰ সুবাস-ৰিক্ত বতাহত স্বেদৰ ইংগিত। 

দিনৰ ঘর্মাক্ত চিন্তা সন্ধিয়াই শীতল কৰেহি। 

কাণে কাণে বই যায় পূবালি বতাহ 

বর্ষাৰ সংকেত ল'ই। মই ভাবো, মই যে সম্রাট, 

যদিওবা ৰাজ্য মােৰ নির্বিকাৰ মানচিত্র 

বিধবাৰ সীমন্তেৰে আঁকা। মােৰ সৈন্য 

প্ৰান্তৰ শিলৰ চেপত সৌৱা গজি আছে। 

দীঘলীয়া ঘাঁহ। মই পিতা, 

যদিওবা মােৰ পুত্র হঠাৎ চকুত আহি পৰা 

উৰণীয়া চিতাৰ কুকুহা।

এটোপা অশ্ৰুৰ কণা ওলাই আহিব খুজি 

বৈ যায়, সে সঞ্জয়, 

শােণিতত আনি দিয়ে বিষাক্ত মাদক প্রতিক্রিয়া 

নিৰ চকুত নাই পােহৰৰ পথ! 


তথাপি সম্রাট মই, পিতা মই। 

যদিওবা ক্লীৱ মই হতাশ্বাস আত্মকীর্তি ধ্বংসৰ দর্শক, সম্রাটৰ সিংহাসন শােভা কৰা নির্বিকাৰ অলংকাৰ পিতৃত্বৰ হেজাৰ ভ্ৰান্তিৰ। পিতৃত্বৰ আশীর্বাদ 

সম্রাটৰ অভিজ্ঞান-যুক্ত এক দানপত্র কিয়নাে নহ'ল? পিতাৰ উৎকণ্ঠ আৰু মােহ উদ্বেগেৰে মই 

শুক্ৰনীতি ৰচিলোঁ নির্ভয়ে। সাম্রাজ্যৰ চক্ৰজালে আনহাতে পিতৃত্বক কৰিলে বঞ্চনা। 

প্রজাৰ নহ'লোঁ পিতা, হলাে সন্তানৰ 

সম্রাটৰ আসনৰ পৰা। 


যেতিয়া চৰম ক্ষণ আহিছিল সম্রাটৰ 

পিতৃত্বৰ নৈতিক গৌৰৱ অৰ্জনৰ 

তেতিয়া সম্রাটে আহি ৰােধিলে পিতাৰ কণ্ঠ 

ক’লে কাণে কাণে-ৰাষ্ট্রৰ শ্লীলতা নাই, 

ৰাষ্ট্রৰ সৌজন্য এক দুর্বলতা। ৰাষ্ট্র ক্লীৱ। 

নাৰীৰ নগ্নতা স’তে 

শস্যহীন প্ৰান্তৰৰ অকণাে প্রভেদ নাই।

ৰাষ্ট্র পিতা, কন্যাৰ নগ্নতা পিতাৰ সহজ অভিজ্ঞতা। মানুহৰ গ্লানি য'ত, ক্লীৱতাৰ তাতেই মর্যাদা। 


নীতিৰ নামত মই বিশ্বাসেৰে খেলিলোঁ হেতালি সকলােটি হ’ল খেলিমেলি 

কোন সত্য? নীতিৰ ক্লীৱতা নতু হৃদয়ৰ পৰম নিৰ্ভৰ? 


আজি মােৰ অন্ধ দুচকুত নামিছে নতুন অভিজ্ঞতা। 

হে সঞ্জয়, আজি মই জানাে, স্বপ্ন কিনাে? 

স্বপ্নই সানিলে আহি কল্পনাৰ তুলসী চন্দন 


অন্ধ অভিজ্ঞতা শিলা হ’ল শালগ্রাম। 

স্বপ্নই দিলেহি দৃষ্টি জীৱনত আলােক বঞ্চিত মই 

জৰদগব অন্ধ সম্রাটক....


সপােন আহিলে নামি 

তীব্র ভীৰু যেন এটি জ্যোতিৰ বৃত্তই 

বুৰঞ্জী মৃত শৰীৰৰ শত ব্যপ্তিৰ মাজত 

বিচাৰি ফুৰিছে গৈ কোনাে এক মুহূর্তৰ

এক পিতা, পিতা হৈয়াে সম্রাট যিজন 

সম্রাট হলেও যি পিতা। 


সেই জ্যোতি বাৰে বাৰে উভতি আঁতৰি গ'ল 

উৎকণ্ঠা অধীৰ মােৰ ওচৰৰ পৰা। 

তাৰ পিছে সহস্র সহস্র ছায়মূর্তি, অখ্যাত জনৰ 

ক’ত শিল্পী, ক’ত সৈন্য, ক'ত কাৰুকৰ, 

কতনা নাৱিক, শ্রেষ্ঠী বণিক কৃষক কুম্ভকাৰ— কণ্ঠৰূপে ব্যাপ্ত হ’ল : “আমি পিতা, 

আমিও সম্রাট। আমাৰ সাম্রাজ্য নাই 

কোনাে পণ্ডিতৰ কোনাে মানচিত্র অথবা গ্রন্থত, 

অকণি অকণি গঢ়ি স্নেহৰ গভীৰ ৰাষ্ট্র 

আমি তাতে পিতাৰূপে আছিলোঁ সম্রাট 

বুৰঞ্জীৰ মৰুৰ তলেৰে আমাৰ ৰাষ্ট্ৰৰ ধাৰা 

ফণু হৈ বৈ যােৱা-সৌ চোৱা 

ভৱিষ্যৰ ফালে...' 


পােহৰৰ চক্র সেই হঠাতে লম্বিত হ’ল। 

আলােকৰ সৰীসৃপ নদী হৈ বৈ গ’ল 

দেশে দেশে প্রান্তই প্রান্তই... 

সেই পােহৰত উদ্ভাসি উঠিল দিশে দিশে 

পল্লৱ ছায়াৰে ঘেৰা কুটিৰৰ অভিমুখে 

নিযুত জনৰ মূর্তি পুৰুষে পুৰুষে 

কন্যাটি হাতত ধৰি পুত্ৰক কান্ধত লৈ 

পিতা যায় আগে আগে


পিছত বিব্রতা মাতৃ 

উন্মুক্ত স্তনত লােভী যমজ সন্তান 

লগে লগে গৈ থাকো মই নির্বিকাৰ 

অন্ধকাৰ, স্বেদিল, কৰুণ। 

কাৰণ সম্রাট মই (যদিওবা বিধৱাৰ 

শুভ্র সীমন্তেৰে অঁকা সাম্রাজ্যৰ মানচিত্র মােৰ।) 

মই ক্লীৱ, অযৌন, অজৰ। 

মইতাে নহওঁ স্রোতস্বিনী, মই শিলা সোঁতৰ আশ্রয়। (অথচ ময়াে যে পিতা। হে সঞ্জয়, 

মােৰ সন্তানৰ ভস্ম শাশ্মলীৰ অংশু দৰে 

বতাহে বতাহে নিৰুপায়) 

হঠাৎ দেখিলোঁ মই অদৃশ্য এখনি জালে 

মেৰাই ধৰিছে সেই মানুহৰ সমদল। 

সময়ৰ নদীৰ বুকুত... তাৰে সূত্ৰ ধৰি মই 

গ’লো আগবাঢ়ি। 


দেখিলোঁ কর্কশ ক্ষিপ্ন মানুহৰ উপৰি পুৰুষ 

দলে দলে পলাতক, হাতত শিলৰ অস্ত্র অর্ধেমুখী। সুঠাম নায়ক মৃত 

সকলােটি ভীত সচকিত, দেখি 

আগন্তুক উত্তৰৰ তুষাৰৰ কুটিলতা 

আৰু অসিদন্ত শার্দুলৰ মাংস লােভী হীন চতুৰতা। অদূৰত শিলৰ গুহাত বৃদ্ধ এক, নপুংসক, ন্যুজ দেহ অৰণ্যৰ লতা তন্তু লৈ গুথিছে এখন জাল 

ককর্শ কণ্ঠেৰে দিছে পলাতক দলক আশ্বাসঃ 

‘মাভৈঃ মাভৈঃ ভীৰু! 

সুঠাম শৰীৰে দিয়ে শ্বাপদক ভােগ 

ৰক্ষা কৰে কেৱল বুদ্ধিয়ে। 

জাল গোঁথা শেষ হ'ল। 

কুটিল তৃপ্তিত জ্বলি উঠিল বৃদ্ধৰ চকু 

কোনাে এক ৰমণীৰ কোনাে এক মাতৃৰ বুকুৰ 

সন্তানক কাঢ়ি আনি দিলে দলিয়াই 

অসিদন্ত বাঘৰ আগত। 


কোমল পেলৱ সেই মানৱ-মাংসৰ আশ্বাদে 

আনিলে তৃপ্তিৰ নিদ্রা, 

স্বাপদ নিদ্রিত। 

পিছ মুহূর্ততে 

বন্দী শার্দুলৰ তীব্র গর্জনেও পৰাস্ত মানিলে 

মানুহৰ জয় উল্লাসত। 

শ্রেষ্ঠ দেহী নায়কৰ বীৰত্বৰ অভাৱ পূৰালে 

বৃদ্ধৰ কুটিলে জালে.... সেই জালে 

লাহে লাহে মেৰাই ধৰিলে 

সমগ্র মানৱ সত্তা ভীৰু অসহায় 

সেই সূতা জীৱিকাৰ আঁহে আঁহে বিজড়িত, 

জীৱনৰে মেৰাই ধৰাৰ তাৰ 

লােলুপ সর্পিল গতি... 


সেই ঘােৰ অদৃশ্য তন্তুৰ জাল 

যেতিয়া কৰিব ছিন্ন হৃদয়ৰ পৰম বিশ্বাসে। 

সে সঞ্জয়, দিবাহি সংবাদ 

মই পিতা হ'ম। ৰােমশ বুকুত মােৰ জিলিকিব 

ক্ষীণ মুঠি প্রথম পত্ৰৰ। 

মই কবি হ'ম। 

অন্ধ নয়নত মােৰ জিলিকিব কুৰুক্ষেত্র প্রান্তৰৰ সিপাৰৰ 

পলসৰ গান। 


২) 


গান্ধাৰী, এদিন মােৰ জন্মিছিল আৰু এটি

কৰুণ সন্তান, ৰমণৰ কহু পূর্বে। তাৰ আত্মা। 


আজি পলাতক। 

তােমাৰ স্বপ্নৰ পৰা আহৰণ কৰিছিল 

প্রাণৰ সম্ভাৰ সি। 

মােৰ অন্ধতাৰ বাধা ভাবিছিলোঁ জ্যোতিৰে কৰাবা উত্তৰণ। 

চকুৰ তমসা মােৰ ভৰাই তুলিবাঁ আহি 

আত্মাৰ গভীৰ পােহৰেৰে। 

তােমাৰ দৃষ্টিয়ে মােক দেখুৱাব 


প্রভাতৰ সােণালী আকাশ আৰু সূর্যাস্তৰ

ৰক্তিম গগন। দেখা পাম 

উৰি ফুৰা কেতেকীৰ পিছল পৰাগ, 

দেখিম সলজ্জ হাঁহি গর্ভিনী প্রিয়াৰ 

ক্রন্দন বিকৃত দীপ্তি পুত্রৰ পেলৱ মুখশ্রীৰ। 

ৰূপে আহি পূর্ণ কৰি দিব গন্ধ স্পর্শ ৰসৰ পৃথিৱী। 


প্রথম সন্তান মােৰ যাৰ বাবে অনন্ত সন্ধান অহৰহ সুচতুৰ সাম্রাজ্যৰ উৰ্ণা জালে ঢাকা আন্ধাৰৰ গভীৰতম কৰা 

নির্জিত শৈৱাল ৰাশি আন্দোলিত কৰি 

পলে-পলে-প্রহৰে প্ৰহৰে— 

তাৰ নাম প্রেম। 


প্রেম চিৰ বিকল্প বিহীন, 

প্রেমতাে নহয় কোনাে পাৰ-পত্ৰ গভীৰ নিষ্ঠাৰ, 

প্রেম সি যে সুপৰিপূৰণ সর্ব খর্বতাৰ, 

প্রেম নােহে অন্ধ মনসিজ, মনৰ সি সন্দীপন শিখা। প্রেম নােহে মহীয়ান, মহত্ত্বৰ জনক কেৱল !


প্ৰেমৰ কৰিলা পৰিমাপ তুলা যন্ত্র আনি বৈৰাগ্যৰ 

প্রেম নােহে সমব্যথা, প্রেম সঞ্জীৱন, আৰু 

জীৱনৰ পৰিমাপ নাই। 

প্রেমতাে নহয় তৃপ্তি, নােহে সি ত্যাগৰ শুভ্র বৈৰাগ্য বিলাস 

প্রেমে পৰিপূৰ্ণ কৰে, নাই তাৰ সমবেদনাৰ অহমিকা। তুমি যাক প্রেম বােলাঁ— সেয়া 

ত্যাগৰ গর্বেৰে অলংকৃত। সি যে ভ্রান্তি। 

মােক সি নিদিলে জ্যোতি। প্রথম সন্তানে মােৰ 

তােমাত নেপালে তাৰ আলােক পীয়ুষ। 

তােমাকো দিলেহি মাথোঁ নিষ্ঠাৰ গভীৰ অন্ধকাৰ। পৰশমণিৰে মােৰ লৌহচিত্ত সুৱৰ্ণ নকৰি 

গান্ধাৰী, প্রেমৰ মণি, তুমিয়েই হ’লা লৌহমল। 

পােহৰৰ আশীর্বাদ নেপাই উভতি গ’ল প্রেম, 

এৰি গ'ল ভগ্ন-সভা-হতল প্রাণ-উৎসৱৰ 

তােমাকো সি দি প’ল দ্বিত্ব অন্ধতাত নির্বাসন।


গান্ধাৰী, এবাৰ খােলা অৱগুণ্ঠনৰ অন্ধকাৰ কালপুৰুষৰ অসি জ্বলিছেনে চোৱা পশ্চিমত, 

লুব্ধকৰ লুব্ধ দৃষ্টি কুৰুক্ষেত্র শ্মশানত 

ফুৰিছেনে শুকান অস্থিৰ সন্ধানত? উত্তৰত 

মেঘে মেঘে ধ্ৰুৱৰ ঘটিছে লুপ্তি, 

প্রজাপতি মণ্ডলাে আবৃত? নৈঋতত জ্বলিছে কি গ্রহ? পলাশ ডালৰ পৰা উৰি গৈ উভতি আহিল 

কোণহীন শকুণৰ দল ? 


মই জানাে সেয়ে হ'ব। ইয়াকেই দিয়া মােক। 

তাকে দেখুৱাই দিয়া এই মুহূর্তত। 


যেতিয়া বুজিলোঁ প্রেম নােহে জীৱন যাত্ৰাৰ 

এনাে কোনাে মহত্তম প্রয়ােজন, 

যেতিয়া জানিলোঁ মই কৰুণাৰ আত্মম্ভৰিতাই 

অশ্রৰ বাপেৰে ঢাকে বার্ধক্যৰ 

অসাৰ আকাশ। 

পিতাৰ ঘটিন মৃত্যু। বাচি আছে কেৱল সম্রাট। 

ক্লীৱ, জড়, অজ, অব্যয় এক অলিংগ সম্রাট 

সেই ক্লীব সম্রাটক প্ৰেমৰ সম্রাট কৰাঁ, হে গান্ধাৰী তােমাৰ প্ৰেমৰ। তেতিয়াহে পিতাৰ সন্মান মােক দিব ইতিহাসে। 


শাসনলিপিয়ে শত সহস্ৰ ৰাষ্ট্রৰ। 

শাণিত কৰক যদি কৰে, পণ্ডিতৰ মূঢ় কৌতূহল, 

ধৃতিৰ আশ্ৰয় মাথোঁ মানুহৰ পৰ্ম নিৰ্ভৰ।




*****




নৱকান্ত বৰুৱাৰ অসমীয়া কবিতা উভতি নহাৰ কবিতা Nabakanta Barua Assamese Poem


নৱকান্ত বৰুৱাৰ কবিতা  Nabakanta Barua Assamese Poem List- Nabakanta Barua Poem lyrics
নৱকান্ত বৰুৱাৰ কবিতা উভতি নহাৰ কবিতা 

নৱকান্ত বৰুৱাৰ অসমীয়া কবিতা উভতি নহাৰ কবিতা Nabakanta Barua Assamese Poem

উভতি নহাৰ কবিতা 


মই নাহোঁ মই নাহোঁ 

এবাৰেই আহি গুচি গ'লোঁ 

মই উভতি অহাৰ কথা নাই 

মই জানাে মই নাহোঁ

মই জানাে কোনাে নাহে 

মাথােন এই পৃথিৱীখনক ভাল পাই গ'লাে 

এই কথাটোকে কিমানবাৰ যে ক'লোঁ 

কিমান ভাৱেৰে ক'লোঁ 

যন্ত্রণা মােৰ জীয়াৰ মন্ত্র 

সেই মন্ত্রকে গালোঁ 

জীয়াই থকাৰ ধেমালিটো মই 

এবাৰেই খেলি গ'লোঁ। 

আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল 

এবাৰেই তুলি ল'লোঁ। 

কোনােবা আহিব মােৰ দৰে কোনাে দিনা? 

মােৰ সুৰতেই বাজিব নতুন বীণা? 

ওহোঁ সেয়া হ'ব নতুন মানুহ 

সেই দিনাে হ'ব নতুন দিন 

মােৰ তাত একো নাথাকে চিন।

বকুল তলত পৰি ৰ'ব 

মইতাে নহয় , কোনােবাই বুটলিব 

মই নাহোঁ, মই নােৱাৰাে আহিব, নাহোঁ 

হেৰাই যােৱাৰ ৰঙতেই চোন অকলে অকলে হাঁহোঁ 

মই নাহোঁ মই নাহোঁ পৃথিৱী, তােমাক ভাল পাই গ'লোঁ তথাপিও মই নাহোঁ।




*****




নৱকান্ত বৰুৱাৰ অসমীয়া কবিতা ক্ৰমশ Nabakanta Barua Assamese Poem

নৱকান্ত বৰুৱাৰ কবিতা  Nabakanta Barua Assamese Poem List- Nabakanta Barua Poem lyrics- Assamese poem
নৱকান্ত বৰুৱাৰ কবিতা ক্ৰমশ 

নৱকান্ত বৰুৱাৰ অসমীয়া কবিতা ক্ৰমশ Nabakanta Barua Assamese Poem

ক্ৰমশ


এটা সাধুকথা 

এইখন দেশ আমি চিনি পাওঁ 

ইয়াৰে ৰজাৰে, বাৰী কোৱৰৰ সাধুকথা 

আমি যুগ যুগ ধৰি নতুন গঢ়েৰে গঢ়িছাে 

তেজীমলা মৰি ফুলকলি হয়। 

ৰাজকোৱৰৰ সােণৰ কাঠিত 

পাতালপুৰীৰ ৰাজকুঁৱৰীৰ টোপনি ভাঙে.. 

ওপৰত কাৰ পাখীৰ শব্দ... কলৰ ড্রেগন 

তাঁতৰ শালত চিলনীৰ জী চক খাই উঠে 

ময়াে চক খাওঁ... 


জানিছিলাে জানাে এইখন মৰা দেশ? 

এয়া নৈৰ পাৰ 

সাউদৰ ডিঙা বেহালৈ যায় অবােধ কেতেকী হয় এলাগী ৰাণীৰ চকুপানী সৰে। 

ডাইনী বুঢ়ীৰ হাতত কিমান ৰজাৰ পুতেক মৰে...


এয়া নৈৰ পাৰ 

শামুকৰ খােলা ৰ'দত জিলিকি চকুত পিয়াহ লগায় পানী ক’ত, পানী? 

ক’ত সেউজীয়া পাৰৰ ধাননি? 

কাগজৰ পােকে খাই গ'ল নেকি কবিতাৰ সেই ৰং ? লুইত শুকান, লুইতত পানী নাই 

পাতকুঁৱাবােৰ পাতালৰ পৰা বিহ অহা বাট 


এটোপা পানী? 


বিলৰ শুকান বােকাৰ মাজত 

শুকান মাছৰ কাইটত লাগি ওলায় আমাৰ লুণীয়া তেজ 

পানী ক’ত, পানী? 

পাতালৰ পানী, আকাশৰ পানী? 

নগা পাহাৰৰ টিঙৰ সিপাৰে মেঘ জানাে সেয়া? চিয়াঁহীৰে ক'লা ব্লটিং কাগজ 


পানী ক’ত? পানী নাই 


চাকিনা, তােমাৰ জিভাৰ ৰসেৰে কিমান জীয়াই ৰাখিবা 

ইতিহাস জোৰা কাৰবালা মৰু প্ৰান্তৰ 


তেজঘড়ীটোৰ ৰঙা তেজবােৰ পৰি পৰি শেষ হ’ল লীলাৰ ডিঙিৰ মণি সৰি পৰি 

বীজগণিতৰ সৃষ্টি হয়। 


কিন্তু সময় ? নৰয়। 


কমলা কুঁৱৰী, কমলা কুঁৱৰী 

জলকোৱৰৰ সপােন মিছানে?


পানী কত? 

পানী কিমান হল? 

স্বৰ্গদেউ নাই, সময়াে যে নাই-আমাকেই কোৱা 

পানী বা কিমানে হল 

কমলা কুঁৱৰী বুৰি গ'ল 


কমলা কুঁৱৰী বুৰি গ'ল আৰু 

ইতিহাস জুৰি পৰি ৰ'ল মাথোঁ 

শুকান হাড়ৰ 

শিজু কাইটৰ দেশ 

মৰা পৃথিৱীৰ দেহ। 


সাউদৰ নাওঁ তথাপি চলিছে। 

সাউদৰ নাওঁ খৰাং মাটিতাে চলে, 

পানীৰ পিয়াহ সাউদৰ নাই, মাথােন সােণৰ পিয়াহ পানী দিম বুলি আমাৰ চ'ৰাতে 

গাঁত খানি খানি সােণ বিচাৰােতে 

সাউদে কেৱল পালে 

হেজাৰ হেজাৰ ফুল কোৱৰৰ, 

মণি কোৱৰৰ লাওখােলা আৰু আঁকা... 


আমি তাত এটা পুৰণি সাধুকে শুনাে 

শুকান বালিত, শুকান বােকাত সিহঁতে উচুপি কান্দেঃ 


‘আছিলাে ৰজাৰ পুতাই 

তপত বালিত পৰি কান্দো আজি 

আৰু বা কি বিলৈ?' 


আৰু কি বিলৈ? 

কিহৰ বিলৈ? 

আমি জানাে, কি বেদনা। 

অসংখ্য মৃত্যুৰ সেতু 

তাৰ ওপৰেদি


জীৱনৰ সৰীসৃপ আহিছে বগাই... 

আৰু কি বিলৈ আছে। 

কোনে ক'ব 

এটা সাধুকথা আজিওতাে শেষ হােৱা নাই?



*****





Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.