বিজ্ঞান আশীর্বাদ নে অভিশাপ - Assamese essay

বিজ্ঞান আশীর্বাদ নে অভিশাপ - অসমীয়া ৰচনা - Assamese essay - Axomiya Roxona



বিজ্ঞান আশীর্বাদ নে অভিশাপ - Asomiya rosona for School students and college Students- HSLC / HS students - Bigyan akhirbad ne Obhihap- Assamese Medium SEBA board- CBSC students- English Medium- Essay in Assamese

 


বিজ্ঞান আশীর্বাদ নে অভিশাপ

অসমীয়া ৰচনা

বিজ্ঞান আশীর্বাদ নে অভিশাপ - Asomiya rosona - Essay in Assamese

বিজ্ঞান শব্দৰ প্ৰকৃত অর্থ যি মানুহক বিশেষভাৱে জ্ঞানৰ পথত পৰিচালনা কৰে। কিন্তু সাম্প্রতিক কালত বিজ্ঞানৰ যুগ বুলিলে যন্ত্র যুগকে সাধাৰণতে বুজোৱা হয়। আদিম যুগত মানুহে শিলেৰে নির্মিত অস্ত্ৰেৰে পশু বধ কৰি জুইত সেকি বা পুৰি মাংস খাই বা ফল-মূলেৰে জীৱন নির্বাহ কৰিছিল। গছৰ বাকলি বা জীৱ-জন্তুৰ ছাল পৰিধান কৰি লজ্জা নিবাৰণ কৰিছিল। তাৰ পাছত লাহে লাহে মানুহে ধাতুৰ ব্যৱহাৰ শিকিলে, জীৱ-জন্তুক পােহ মনাই সিহঁতৰ দ্বাৰা খেতি-বাতি কৰিবলৈ ল'লে। কপাহৰ সূতাৰে কাপােৰ ববলৈ শিকিলে। ক্রমে ক্রমে মানুহে উন্নতিৰ সােপানত উঠি বৰ্তমানৰ অৱস্থাত উপনীত হৈছেহি। পর্বত, সাগৰকে ধৰি সকলাে প্রাকৃতিক বাধা নেওচি মানুহে বিজ্ঞানৰ জযধ্বজা উইছে। 

বিজ্ঞান আশীর্বাদ নে অভিশাপ - Asomiya rosona - Essay in Assamese

একেদৰে চিকিৎসা বিজ্ঞানৰ উন্নতিযে মানুহৰ আয়ু-সীমা বৃদ্ধি কৰিছে। মানুহে আজি চন্দ্ৰতত ভৰি দিবলৈ সক্ষম হৈছে। মানৱনির্মিত কৃত্রিম উপগ্রহে আজি পৃথিৱীৰ চৌপাশে পৰিভ্ৰমণ কৰি বিজ্ঞানৰ জয়গান গাইছে। সমাগত দিনবােৰত হযতাে চন্দ্র বা আন গ্রহ-উপগ্ৰহত নগৰ স্থাপনৰ সপােন মানুহে বাস্তৱত ৰূপাযিত কৰিবগৈ পাৰিব। মানৱ-জীৱনক পৰিপূৰ্ণ আৰু সৰ্বাংগসুন্দৰ কৰি তােলাৰ মাধ্যম হিচাপে বিজ্ঞানৰ শ্রেষ্ঠত্বক অস্বীকাৰ কৰিব নােৱাৰি। বিজ্ঞান মানৱ জীৱনৰ শ্ৰেষ্ঠ আর্শীবাদ। জগতৰ সকলাে বস্তুৰ দৰে বিজ্ঞানৰৰ এটা অশুভ দিশ আছে। বিজ্ঞানে যিদৰে আধুনিক সভ্যতাৰ সৃষ্টি কৰিছে, তেনেদৰে এই ইতিহাসক মুহূৰ্তৰ ভিতৰতে মষিমূৰ কৰিব পৰাৰ ক্ষমতাও বিজ্ঞানৰ আছে। 

বিজ্ঞান আশীর্বাদ নে অভিশাপ - Asomiya rosona - Essay in Assamese


বিজ্ঞানী আলফ্রেড নােবেলে পাহাৰ-পর্বত ভাঙি সচল যাতাযাতৰ বাবে বাট-পথ নির্মাণ কৰিবলৈ ডিনামাইট আৱিষ্কাৰ কৰিছিল। কিন্তু মানুহে পৰৱৰ্তী কালত ইযাক বাট-পথ-দলং আদি ধ্বংস কৰাৰ কামতাে ব্যৱহাৰ কৰিবলৈ ল'লে। এটা মাত্র পাৰমাণবিক বােমার আঘাতত মুহূৰ্তৰ ভিতৰতে জাপানৰ নাগাছাকি আৰু হিৰৰচিমাত বিৰাট ধ্বংস কার্য সংঘটিত হ’ল। বহু হাজাৰ লোেক মৃত্যু হ'ল। অসংখ্য লােক চিৰজীৱনলৈ ঘূণীয়া হল। সাম্প্রতিক কালত পাৰমাণৱিক বােমাতকৈ বহুগুণে মাৰাত্মক হাইড্রোজেন বােমা আৰু আন শক্তিশালী মাৰণাস্ত্ৰ আৱিষ্কাৰৰ ফলত যুদ্ধৰ বিভীষিকা বহুলাংশে বৃদ্ধি পাইছে। বিজ্ঞানৰূপী সমুদ্র মন্থনত এফালে যিদৰে অমৃতৰ উদ্ভৱ হৈছে, ঠিক আনফালে উৎপন্ন হৈছে হলাহল’ৰ।

বিজ্ঞান আশীর্বাদ নে অভিশাপ - Asomiya rosona - Essay in Assamese


দ্বিতীয় মহাসমৰৰ পাছতাে মানুহৰ ৰণলিপ্সা শেষ নহ'ল। কোৰিয়া, ভিয়েটনাম, পাৰস্য উপসাগৰ আৰু ইৰাণ-ইৰাক যুদ্ধৰ বীভৎস স্মৃতি মানুহৰ মনৰ পৰা কেতিয়াও মচ নাখায়। কিয়নাে যুদ্ধই কেৱল নির্দিষ্ট যুদ্ধ ক্ষেত্রকে নহয, পাৰিপাৰ্শ্বিক অৱস্থা, কাষৰ- পাজৰৰ ঠাই, সমুদ্র, মৰ, অৰণ্য আৰু প্ৰাণীৰ জীৱনকো বিপন্ন কৰি তােলে। যুদ্ধত ব্যৱহাৰ হােৱা অস্ত্ৰৰ উপৰিও সাম্প্রতিক বিশ্বৰ মানুহৰ যন্ত্ৰৰ চিকাৰ হৈছে। প্রতিনিয়ত যন্ত্ৰৰ সৈতে সহবাস কৰি যন্ত্ৰ নহ'লে চলিব নােৱাৰা অৱস্থা হ'ল। আনকি বিজ্ঞানৰ কিছুমান আৱিষ্কাৰ আমাৰ দৈনন্দিন জীৱন এনেদৰে বেৰি ধৰিছে যে বস্তুবাদী হৈ পৰিছো আমি। কিন্তু দুয়ােদিশ বিচাৰ কৰিলে দেখা যায় যে, বিজ্ঞানৰ এই ধ্বংস ক্ৰিয়াৰ বাবে বিজ্ঞান দায়ী নহয়। বিজ্ঞান এটি নিষ্ক্রিয় শক্তি মাত্র। বুদ্ধিমান মানৱে ইয়াক যিফালে চালনা কৰে বিজ্ঞান সেই দিশলৈকে চালিত হয়। 

বিজ্ঞান আশীর্বাদ নে অভিশাপ - Asomiya rosona - Essay in Assamese


মানুহে যেতিয়ালৈকে শুভ চিন্তাৰে মানৱ কল্যাণৰ বাবে বৈজ্ঞানিক আৱিষ্কাৰৰ দ্বাৰা মানুহৰ সুখ আৰু স্বাচ্ছন্দ্যৰ বাবে প্রেৰণা যােগাই থাকিব, তেতিয়ালৈকে বিজ্ঞান মানুহৰ বাবে আর্শীবাদ হৈয়েই ৰব। কিন্তু মানুহৰ মনত যেতি হিংসা, স্বার্থপৰতা, স্বেচ্ছাচাৰিতাৰ জন্ম হয়, তেতিয়া মানুহৰ চিত্ত ধ্বংসােম্মুখ হৈ উঠে। তেতিয়াই মানুহৰ প্ৰযােজন হয় বিবিধ মাৰণাস্ত্ৰৰ। বিজ্ঞানৰ এই অভিশাপৰ বাবে নিঃসন্দেহে মানুহেই দায়ী। সাধাৰণ ক্ষুধা, তৃষ্ণা, নিদ্ৰা আদি বৃত্তিবােৰৰ বিচাৰত মানুহৰ লগত পশুৰ কোনাে পার্থক্য নাই। একমাত্র জ্ঞান, চিন্তা আৰু বিবেকৰ ক্ষেত্ৰতহে মানুহৰ লগত ইতৰ প্ৰাণীৰ পার্থক্য পৰিলক্ষিত হয়। মানুহৰ মানস জগতত অন্তর্নিহিত সকলাে বৃত্তিৰ উন্মেষ সাধনাৰেই নাম মনুষ্যত্ব। এই মনুষ্যত্বৰ সাধনাত, জ্ঞানৰ সাধনাত, বিজ্ঞানৰ সাধনাত নিশ্চয় মানুহে চিৰকাল আত্মনিযােগ কৰিব। সেয়ে সাময়িকভাৱে বিজ্ঞান অভিশাপস্বৰূপ হলেও সামগ্রিকভাবে বিজ্ঞান মানুহৰ বাবে আশীর্বাদ হৈ থাকিব। 


বিজ্ঞান আশীর্বাদ নে অভিশাপ - Asomiya rosona - Essay in Assamese


🖊সংগ্রহ কৰা হৈছে 🙏


Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.