Assamese Interesting facts- আপোনালোকে জানেনে?

জানিবলগীয়া কিছু কথা- আপোনালোকে জানেনে?

জানিবলগীয়া কিছু কথা- আপোনালোকে জানেনে?Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese
আপোনালোকে জানেনে?


Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese - Assamese Interesting facts - Assamese Wonderful facts - Unique facts in Assamese

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese

১। ঘৰত শংখ বজোৱাৰ প্ৰয়ােজনীয়তা আছে নে? 
২। ৰবৰৰ বল এটা পানীৰ তলত এৰি দিলে ওপঙি উঠে কিয়? 
৩। পুৱা পাঁচ বজাৰ আগত বিছনা এৰিব লাগে কিয়? 
৪। দিনত টোপনি যােৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক কিয়? 
৫। সােণ ইমান মূল্যৱান কিয়?
৬। গৰম চাহ খােৱাৰ পাছত পানী নাখায় কিয়?
৭। বিষুৱ অঞ্চলতকৈ মেৰু অঞ্চলত বস্তু এটাৰ ওজন বেছি হয় কিয়? 
৮। সালোক সংশ্লেষণত কিমান পৰিমাণৰ পানীৰ অৱশ্যক হয়? 
৯। পাকস্থলীয়ে মাংস হজম কৰে, কিন্তু পাকস্থলী নিজে হজম নহয় কিয়? 
১০। মানুহ বাওনা হয় কিয়? 
১১। বৰশীত লগা মাছে দুখ নাপায় কিয়? 
১২। মানুহ টকলা হয় কিয়? 
১৩। মানুহৰ গাৰ ৰং বেলেগ বেলেগ হয় কিয়? 
১৪। ভূমধ্য সাগৰৰ পানী নীলা দেখি কিয়? 
১৫। ধাতু নির্মিত বাচন বজোৱাটো উচিত নহয় কিয়?
১৬। খােৱা বস্তু আমি কিয় বহি খাব লাগে? 
১৭। কেঁচা নিমখ খােৱা বেয়া কিয়? 
১৮। গাখীৰ গৰম কৰিলে ওফন্দি উঠে কিয়? 
১৯। তুলসী গছৰ বেদীত সদায় পানী কিয় দিয়ে? 
২০। কাৰােবাক খাবৰ বাবে দিয়া বস্তুটো নিজে খাই দিব লাগে কিয়? 
২১। জোনাকী পৰুৱাৰ পােহৰবােৰ ক'ৰ পৰা আহে?
২২। মেকুৰী বা কুকুৰে কান্দিলে বেয়া বুলি কয় কিয়? 
২৩। পুৱা শােৱাৰ পৰা উঠিয়েই কোনাে বিতর্ক কৰা উচিত নহয় কিয়? 
২৪। ফুলৰ ৰং বেলেগ বেলেগ হয় কিয়? 
২৫। মেকুৰীয়ে মিঠা সােৱাদ নাপায় কিয়? 
২৬। যাত্ৰাৰ সময়ত পিছফালৰ পৰা মাতিব নাপায় কিয়? 
২৭। গাখীৰৰ ৰং বগা কিয়? 

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese

প্রশ্ন : ঘৰত শংখ বজোৱাৰ প্ৰয়ােজনীয়তা আছে নে? 

উত্তৰ : সন্ধিয়া শংখধ্বনি কৰিলে যিমান দূৰলৈকে এই ধ্বনি যায়, সিমান দূৰলৈকে মাটিৰ ওচৰা-ওচৰিকৈ থকা বিভিন্ন বেয়া বেক্টেৰিয়া ধ্বংস হয়। ইয়াৰ উপৰি শংখৰ ধ্বনিত মহৰ উপদ্রব কিছু হলেও কমে। ই সম্পূর্ণ বিজ্ঞানসম্মত।

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese

প্রশ্ন : ৰবৰৰ বল এটা পানীৰ তলত এৰি দিলে ওপঙি উঠে কিয়? 

উত্তৰ : বস্তু এটা তৰলত ডুবালে নিজ ওজনৰ কাৰণে ই তললৈ যায় আৰু উর্ধমুখী বলে ক্রীড়া কৰাৰ বাবে অর্থাৎ প্লাবিতাৰ বাবেই ওপৰলৈ আহিব বিচাৰে। যদি বস্তুটোৰ ওজন প্লাবিতাতকৈ বেছি হয় ই ডুব যায়। আনহাতে প্লাবিতা বেছি হ'লে বস্তুটো ওপঙি থাকিব। ৰবৰৰ বল এটা পানীত সুমুৱাই দিলে ৰবৰৰ বলটোৰ ওজন প্লাবিত বলতকৈ বহুত কম হয়, সেয়ে বলটো পানীৰ তলত এৰি দিলেও ওপঙি উঠে। কিন্তু লােহাৰ বল এটা পানীত এৰি দিলে ইয়াৰ ওজন পানীৰ প্লাবিতাতকৈ বহুত বেছি হােৱা বাবে ই পানীৰ তলি পাইগৈ।

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese

প্রশ্ন : পুৱা পাঁচ বজাৰ আগত বিছনা এৰিব লাগে কিয়? 

উত্তৰ : সাধাৰণতে পুৱা সূৰ্যৰ ৰশ্মি আমাৰ ওচৰলৈ আহে পাঁচ বজাৰ পাছতহে। পুৱা পাঁচ বজাৰ আগে আগে উঠিলে সেই নির্মল ৰশ্মিয়ে আহি আমাৰ চকু আৰু শৰীৰৰ উপকাৰ কৰে। দিনত কল কাৰখানাৰ ধোঁৱা-ধুলি-বালিয়ে বায়ু প্ৰদূষিত কৰে। ৰাতি গছে যিবােৰ অক্সিজেন এৰি দিয়ে, তাৰ বিনিময়ত বায়ুমন্ডল বিশুদ্ধ হৈ পৰে। পুৱা সূর্য উদয় হােৱাৰ আগে আগে সেই বিশুদ্ধ বায়ু আমি পাওঁ। 

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese

প্রশ্ন : দিনত টোপনি যােৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক কিয়? 

উত্তৰ : মানুহৰ সুস্বাস্থ্যৰ বাবে ৭ বা ৮ ঘন্টা টোপনিৰ প্রয়ােজন। সেয়ে, ৰাতিটো আমি টোপনি যাওঁ। ইয়াৰপাছতাে যদি দিনত ৩/৪ ঘন্টা টোপনি যােৱা হয়,। তেতিয়া হার্টৰ বিভিন্ন ৰােগ দেখা দিব পাৰে। আমাৰ শৰীৰটো এটা যন্ত্ৰৰ দৰে। যদি ৰাতি টোপানি নহয়, তেতিয়া দিনত টোপনি যাব লাবে। ই শৰীৰৰ বাবে ক্ষতিকাৰক নহয়। অৱশ্যে, ৰােগী আৰু শিশুসকলৰ ক্ষেত্ৰত দিনত টোপনি যােৱাটো বিজ্ঞানসম্মত। 

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese

প্রশ্ন : সােণ ইমান মূল্যৱান কিয়? 

উ : কিছুমান কাৰকৰ দ্বাৰা বস্তুৰ মূল্য নির্ধাৰণ কৰা হয়। যেনেঃ দুষ্প্রাপ্যতা, উপযােগিতা, সৌন্দর্য ইত্যাদি। সােণৰ এই আটাইবােৰ গুণেই আছে। পৃথিৱীত ইয়াৰ আকৰ তেনেই সীমিত। পৃথিৱীত সােণ হ’ল আটাইতকৈ চৰ্চকীয়া উজ্জ্বল হালধীয়া ৰঙৰ ধাতু, যিয়ে মানুহক আকর্ষিত কৰে। আনহাতে ইয়াৰ উপযােগিতাও অপৰিসীম। সােণ নৰম ধাতু হােৱা হেতুকে তাক অতি সহজে বিভিন্ন ৰূপত গঢ় দিব পাৰি। কিছুমান ঔষধতে সােণৰ প্রয়ােজন হয়। পৃথিৱীৰ মুঠ সােণৰ মাত্র শতকৰা দহভাগহে অলংকাৰ আদি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। বাকী নব্রৈ ভাগেই অন্যান্য কাম আৰু আন্তর্জাতিক বাণিজ্যৰ বাবে জমা ৰখা হয়। সােণক মাথাে অম্লজ বা একোৱাৰেজিয়া (AQUAREGIA) তহে গলাব পাৰি। ওপৰােক্ত কাৰণবােৰৰ বাবেই সােণ ইমান মূল্যৱান। 

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese

প্রশ্ন : গৰম চাহ খােৱাৰ পাছত পানী নাখায় কিয়? 

উত্তৰ : গৰম চাহ খাই লগে লগে পানী খালে দাঁতৰ এনামেল নষ্ট হয়। দাঁতৰ শক্তি কমি যায়। তদুপৰি, দাঁতত পায়ােৰিয়া ৰােগে আক্রমণ কৰে। 

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese

প্ৰশ্ন : বিষুৱ অঞ্চলতকৈ মেৰু অঞ্চলত বস্তু এটাৰ ওজন বেছি হয় কিয়? 

উত্তৰ : পৃথিৱীখন গােলাকাৰ যদিও দুই মেৰু কেন্দ্ৰৰ ফালে কিছু চাপখোৱা। সেয়ে পৃথিৱীৰ কেন্দ্ৰৰ পৰা বিষুৱ অঞ্চলৰ দূৰত্ব মেৰু অঞ্চলত কৈ বেছি। পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ দূৰত্ব অনুসৰি কম-বেছি হয়। দূৰত্ব বেছি হলে মাধ্যাকর্ষণ বল কম হয় আৰু অঞ্চলটোৰ দূৰত্ব কম হ'লে ইয়াৰ শক্তি বৃদ্ধি হয়। সেয়ে বিষুৱ অঞ্চলতকৈ মেৰু অঞ্চলত বস্তু এটাৰ ওজন বেছি হয় মাধ্যাকর্ষণ শক্তি অধিক হােৱা বাবে।

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese

প্রশ্ন : সালোক সংশ্লেষণত কিমান পৰিমাণৰ পানীৰ অৱশ্যক হয়? 
উত্তৰ : সেউজীয়া উদ্ভিদৰ সালােক সংশ্লেষণ কার্যত পানী অপৰিহার্য অংগ। শিপাই মাটিৰ পৰা শুহি লােৱা পানী জাইলেমৰ মাজেৰে পৰিবহন হৈ গছৰ সকলাে অংশলৈ বিস্তাৰিত হয়। সিপাই শুহি লােৱা পানীৰ পৰিমাণ যথেষ্ট। কিন্তু ইয়াৰে মাত্ৰ এভাগ পানীহে সালােক সংশ্লেষণত ব্যৱহাৰ হয়। পানীৰ হাইড্রজেন ভাগ শ্বেতসাৰ প্রস্তুতিত ব্যৱহাৰ হৈ অক্সিজেন ভাগ উদ্ভিদে এৰি দিয়ে।

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese


প্ৰশ্ন : পাকস্থলীয়ে মাংস হজম কৰে, কিন্তু পাকস্থলী নিজে হজম নহয় কিয়? 
উত্তৰ : আমি খােৱা বিভিন্ন মাংসজাতীয় খাদ্যৰ ওপৰত প্রাথমিক ক্রিয়াখিনি হাইড'ক্লৰিক এছিড আৰু পেপছিনৰ দ্বাৰা পাকস্থলীতে আৰম্ভ হয়। এই মাংসৰ ওপৰত পাকস্থলী ৰসে ক্ৰিয়া কৰিব পাৰে, কিন্তু নিজৰ মাংসৰ দ্বাৰা সৃষ্টি বেৰখনত নােৱাৰে। ইয়াৰ মূল কাৰণ হ’ল, পাকস্থলীৰ বেৰখনৰ ওপৰত থকা মিউকাছৰ আৱৰণটো। আমাৰ পাকস্থলীৰ বেৰখনৰ ওপৰত মিউকাছৰ (Mucus)ৰ এখন আৱৰণ থাকে, যিখন আৱৰণ বৰ পিচল। পাকস্থলীৰ হাইড্রক্ল'ৰিক এডিড আৰু পেপচিনে এই আৱৰণ ভেদ কৰি ক্ৰিয়া কৰিব নােৱাৰে বাবেই মূলতঃ আমাৰ পাকস্থলীটো নিজে হজম নােহােৱাকৈ থাকে। অবশ্যে দীর্ঘ সময়ৰ বাবে অনিয়মীয়া আহাৰ গ্ৰহণৰ হেতু হাইড্র ক্ল'ৰিক এছিডে পাকস্থলীৰ বেৰত আঘাত কৰি থাকিলে, মিউকাছৰ আবৰণখন কেতিয়াবা তাৰ কাৰ্য ৰূপায়ণত দুর্বল হৈ পৰে। এনে অৱস্থাতেই প্রদাহজনিত গেষ্ট্ৰাইটিছ হ’ব পাৰে। 

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese


প্রশ্ন : মানুহ বাওনা হয় কিয়? 
উ : সাধাৰণতে বংশানুক্রমিক ধাৰাৰ বাবে মানুহৰ উচ্চতা কম বা বেছি হ’ব পাৰে যদিও মানুহ বাওনা হােৱাৰ আঁৰত এবিধ হৰমােনৰ প্রভাৱ আছে। শৰীৰত থকা পিটুইটাৰী (PITUITARY GLAND) গ্রন্থিৰপৰা হৰমােনৰ (HORMONE) ক্ষৰণ বন্ধ হৈ গলে মানুহ বাওনা হয়। 

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese


প্রশ্ন : বৰশীত লগা মাছে দুখ নাপায় কিয়? 
উ : মাছৰ মুখৰ ভিতৰত কেইটামানহে স্নায়ু থাকে। সেয়ে বৰশীত লাগিলেও মাছে দুখ নাপায়। 

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese


প্রশ্ন : মানুহ টকলা হয় কিয়? 
উ : শৰীৰত এনড্রোজেন নামৰ হ’ৰমােন বিধৰ ক্ষৰণ কমি গ'লে মানুহ টকলা হ'ব পাৰে। 

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese


প্রশ্ন : মানুহৰ গাৰ ৰং বেলেগ বেলেগ হয় কিয়? 
উ : মানুহৰ শৰীৰৰ ৰং তিনি প্রকাৰৰ ৰঞ্জক পদার্থ (PIGMENTS)ৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰথমটো পদার্থ হ’ল মেলানিন (MELANIN) । ইয়াৰ ৰং বাদামী। ই গাঢ় হলে ক’লা দেখি। দ্বিতীয় পদার্থবিধ হ’ল কেৰ'টিন (CAROTIN) । ইয়াৰ ৰং হালধীয়া। তৃতীয় পদার্থবিধ হ’ল হিমােগ্লোবিন (HAEMOGLOBIN) । ইয়ে তেজৰ ৰং ৰঙা কৰে। যিজন মানুহৰ শৰীৰত মেলানিনৰ পৰিমাণ বেছি তেওঁৰ গাৰ ৰং হ’ব ক'লা, যাৰ শৰীৰত কেৰােটিনৰ পৰিমাণ বেছি তেওঁৰ গাৰ ৰং হ’ব হালধীয়া আৰু যাৰ শৰীৰত হিমােগ্লোবিনৰ পৰিমাণ বেছি তেওঁৰ গাৰ ৰং হ’ব বগা। এনেবােৰ কাৰণতে মানুহৰ গাৰ ৰং বেলেগ বেলেগ হয়। 

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese


প্রশ্ন : ভূমধ্য সাগৰৰ পানী নীলা দেখি কিয়? 
উ : ভূমধ্য সাগৰ দক্ষিণ ইউৰােপ, আফ্রিকা আৰু দক্ষিণ-পশ্চিম এচিয়াৰ মাজেৰে বৈ গৈ কৃষ্ণ সাগৰক সংযােগ কৰি আটলান্টিক মহাসাগৰত লগ লাগিছে। ভূমধ্য সাগৰৰ পানীত থকা জৈৱ তথা অজৈৱ পদার্থই পােহৰৰ নীলা ৰংটোক বেছিকৈ প্রতিফলিত কৰে। সেয়ে ভূমধ্য সাগৰৰ পানী নীলা দেখি। 

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese

প্রশ্ন : ধাতু নির্মিত বাচন বজোৱাটো উচিত নহয় কিয়? 
উত্তৰ : সচৰাচৰ মানুহে কয়, পাকঘৰত বাচনৰ শব্দ হলে লক্ষ্মী অসন্তুষ্ট হয়। প্রথম কথা, কাম-কাজ কৰোঁতে কঁহৰ বাচন হাতৰ পৰা পৰিলে বা বজালে ভাঙি যায়। ফলত, আর্থিক দিশৰ পৰা ক্ষতি হয়। দ্বিতীয়তে, অবাঞ্ছিত শব্দই বিৰক্তি আনে। 

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese


প্রশ্ন : খােৱা বস্তু আমি কিয় বহি খাব লাগে? 
উত্তৰ : যিকোনাে বস্তু খাওঁতে আমি ধীৰে-সুস্থিৰে খাব লাগে। কাৰণ, যদি খােৱা বস্তু খাওঁতে হঠাৎ শ্বাস নলীত সােমাই যায়, তেন্তে আমাৰ বিপদ ঘটিব পাৰে। আনকি, কেতিয়াবা মানুহৰ মৃত্যুও হ'ব পাৰে। সেয়ে, খােৱা বস্তু খাওঁতে সদায় বহি সুস্থিৰ অৱস্থাত খাব লাগে। 

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese


প্রশ্ন : কেঁচা নিমখ খােৱা বেয়া কিয়? 
উত্তৰ : কেঁচা নিমখ বেছিকৈ খালে ৰক্তচাপ বৃদ্ধি হ’ব পাৰে আৰু শৰীৰত নানা বেমাৰে দেখা দিব পাৰে। 

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese


প্রশ্ন: গাখীৰ গৰম কৰিলে ওফন্দি উঠে কিয়? 
উ : গাখীৰত কলােয়েড নামৰ এবিধ আঠা জাতীয় ৰাসায়নিক পদার্থ লগতে প্ৰটিন, চর্বি আৰু চেনি থাকে। গাখীৰ গৰম কৰিলে প্ৰটিন আৰু চর্বিখিনি গাখীৰৰ জুলীয়া অংশৰপৰা পৃথক হয়। ইহঁত গাখীৰতকৈ পাতল বাবে এইবােৰ চামনিৰ আকাৰত গাখীৰৰ ওপৰত ভাহি উঠে। গৰম কৰিলে গাখীৰত থকা কিছু পানী জলীয় বাষ্পলৈ পৰিণত হয়।
গাখীৰ যিমানেই গৰম কৰা যায় সিমানেই জলীয় বাষ্পৰ পৰিমাণ বাঢ়ি যায়। জলীয় বাষ্পই ওপৰৰ চামনি ঠেলি যেতিয়া ওলাই আহিব বিচাৰে তেতিয়াই গৰম গাখীৰ ওফন্দি উঠে। 

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese


প্রশ্ন : তুলসী গছৰ বেদীত সদায় পানী কিয় দিয়ে? 
উত্তৰ : বিজ্ঞানসম্মত ভাৱে কোৱা হয় যে তুলসী গছৰ বতাহ গাত লাগিলে নানা বেমাৰৰ বীজাণু ধ্বংস হয়। সেয়ে, এনে উপকাৰী গছৰ গুৰিত পানী ঢালি জীয়াই ৰখাটো একান্ত প্রয়ােজন। 

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese


প্রশ্ন : কাৰােবাক খাবৰ বাবে দিয়া বস্তুটো নিজে খাই দিব লাগে কিয়? 
উত্তৰ : ইয়াৰ কাৰণ এইটোৱেই যে কোনাে বস্তু বেছি সময়ৰ বাবে থৈ দিয়াৰ পাছত ই হয়তাে বিষাক্ত হৈ পৰিব পাৰে আৰু ইয়াক খালে অসুস্থ হৈ পৰিব পাৰে। সেয়ে, প্রথমে নিজে খাই বা ভালদৰে চাই-চিতিহে আনক দিব লাগে। 

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese

প্ৰশ্ন : জোনাকী পৰুৱাৰ পােহৰবােৰ ক'ৰ পৰা আহে?
উত্তৰ : বর্তমান ফ্লেট-অট্টালিকাৰে ভৰি পৰা মহানগৰীবােৰত জোনাকী পৰুৱা দেখিবলৈ পােৱা নাযায়। কাৰণ জোনাকী পৰুৱাই বাস কৰিব পৰা ফুটুকানি, সৰু-সুৰা জোপােহাৰে ভৰা ঠাইবােৰ চহৰবােৰত পােৱা নাযায়, তেনে ঠাই গাঁও অঞ্চলতহে থাকে। জোনাকী পৰুৱাবােৰৰ তলপেটত এক বিশেষ অংশ থাকে। এই অংশত লুছিফেৰিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থৰ সৰু ভৰাল এটা থাকে। এই লুছিফেৰিনৰ লগতে জোনাকী পৰুৱাৰ দেহত লুছিফেৰেজ নামৰ এবিধ পদার্থও থাকে। লুছিফেৰেজৰ সৈতে লুছিফেনি নামৰ পদার্থবিধ যেতিয়া বতাহত থকা অক্সিজেনৰ প্ৰভাৱলৈ আহে, তেতিয়াই ই পােহৰ দিবলৈ ধৰে। পিছে, আমি মন কৰিবলগীয়া বিশেষ কথাটো হ'ল – জোনাকী পৰুৱাৰ পৰা বাহিৰ হােৱা পােহৰখিনিত কিন্তু উত্তাপ, বা তাপ নাথাকে। মাইকী জোনাকী পৰুৱাৰ পাখি নাথাকে। ইহঁতৰ যৌগিক চকুকেইটাও মতা জোনাকী পৰুৱাৰ তুলনাত সৰু। আমি যদি জোনাকী পৰুৱাৰ তলপেটটো সমানে সাত ভাগত ভগাই লওঁ, তেন্তে মতা জোনাকী পৰুৱাৰ ছয় আৰু সাত ভাগত আৰু মাইকী জোনাকী পৰুৱাৰ সাত নম্বৰ ভাগত পােহৰ ওলায়। বতাহৰ যােগান, অর্থাৎ, অক্সিজেনৰ যােগানক নিয়ন্ত্রিত কৰাৰ ফলতে জোনাকী পৰুৱাৰ গাৰ পৰা ঢিমিক-ঢামাক পােহৰ ওলােৱা আমি দেখিবলৈ পাওঁ। কিছুমান জোনাকী পৰুৱাৰ ক্ষেত্ৰত কণী, পলু আৰু লেটাবােৰৰ পৰাও পােহৰ ওলাই থাকে।

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese


প্রশ্ন : মেকুৰী বা কুকুৰে কান্দিলে বেয়া বুলি কয় কিয়? 
উত্তৰ : অতীত কালৰ পৰাই কুকুৰ-মেকুৰীয়ে কান্দিলে অমংগল হয় বুলি এটা ধাৰণা প্রচলিত হৈ আহিছে। প্রাকৃতিক বিপর্যয়ৰ আগে আগে পৃথিৱীৰ পৰিৱেশ আৰু পৰিমণ্ডলৰ পৰিৱৰ্তন হােৱা দেখা যায়। এই আগজাননী পশু-পক্ষীয়ে সকলােৰে আগতে গম পায়। যেনে- ভূমিকম্প, বানপানী আদি। সেয়ে, সেই প্রাণীবােৰে বাচিবৰ বাবে এইদৰে কৰে। 

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese

প্রশ্ন : পুৱা শােৱাৰ পৰা উঠিয়েই কোনাে বিতর্ক কৰা উচিত নহয় কিয়? 
উত্তৰ : দিনটো আগত লৈ যেতিয়া মানুহে শােৱাৰ পৰা উঠে, তেতিয়া মনটো ফৰকাল হৈ থাকে। সেই সময়ত কোনাে কথাৰ বাবে বিতর্ক সৃষ্টি কৰিলে দিনটোৰ বাবে মনৰ অৱস্থা বেয়া হৈ পৰে। সেয়ে, শােৱাৰ পৰা উঠাৰ পাছতেই কৈানাে বিতর্কৰ যেন সৃষ্টি নহয়, সেই কথা প্রতিজন ব্যক্তিয়ে মনত ৰাখিব লাগে। 

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese


প্রশ্ন : ফুলৰ ৰং বেলেগ বেলেগ হয় কিয়? 
উ : বিভিন্ন ফুলত থকা বেলেগ বেলেগ ৰঞ্জক পদাৰ্থৰ বাবেই ফুলৰ ৰং বেলেগ বেলেগ হয়। 

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese


প্রশ্ন: মেকুৰীয়ে মিঠা সােৱাদ নাপায় কিয়? 
উ : মেকুৰীৰ জিভাত মিঠা সােৱাদ লাভৰ গ্ৰন্থি নথকা বাবে মেকুৰীয়ে মিঠা সােৱাদ নাপায়। 

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese

প্রশ্ন : যাত্ৰাৰ সময়ত পিছফালৰ পৰা মাতিব নাপায় কিয়? 
উত্তৰ : কোনাে কামৰ বাবে যাত্রা কৰিলে যেতিয়ালৈকে সেই কামটো সম্পূর্ণ নহয়, তেতিয়ালৈকে কামটোৰ প্ৰতি এটা অদম্য আগ্রহ থাকে। যাত্ৰাৰ সময়ত পিছফালৰ পৰা মাতিলে লক্ষ্য ভ্রষ্ট হৈ যাব পাৰে বুলি ভবা হয়। সেয়ে যাত্ৰাৰ সময়ত পিছফালৰ পৰা মাতিব নাপায় বুলি কয়। 

Did You Know facts in Assamese - Assamese Science facts - Amazing facts in Assamese- Assamese Interesting facts- Assamese Wonderful facts- Unique facts in Assamese


প্রশ্ন : গাখীৰৰ ৰং বগা কিয়? 
উ : সূৰ্যৰ সাতােটা ৰঙৰ সংমিশ্রণ ঘটাৰ ফলতহে বগা ৰঙৰ উৎপত্তি হয়। কোনাে বস্তুৰ ওপৰত পােহৰ পৰিলে পােহৰৰ প্ৰতিফলিত আলােক ৰশ্মি আমাৰ চকুলৈ আহে তেতিয়া আমি বস্তুটো দেখা পাওঁ। গাখীৰৰ আণৱিক গঠন এনে যে সেইবােৰ সাতােটা ৰঙেই প্রতিফলিত কৰি আমাৰ চকুলৈ ঘূৰাই পঠিয়ায়। সাতােটা ৰং একেলগে সংমিশ্রিত হৈ ঘূৰি অহা বাবে গাখীৰৰ ৰং বগা হয়। 


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.