ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK in Assamese

0

ভাৰতৰ কুইজ ভাৰতবৰ্ষৰ লগত জড়িত বহু প্রশ্ন উত্তৰ  ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK General in Assamese Language Khuj2


ভাৰতৰ কুইজ ভাৰতবৰ্ষৰ লগত জড়িত বহু প্রশ্ন উত্তৰ  ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK General in Assamese Language Khuj2 GK related with India In Assamese for all Competitive Examination APSC TET SI Irrigation Junior Assistant Assam Police Constable Guard Forest
ভাৰতৰ কুইজ Indian GK In Assamese


Indian GK Bharat Quiz GK related with India In Assamese for all Competitive Examination APSC TET SI Irrigation Junior Assistant Assam Police Constable Guard Forest 


ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz


১। “তৰুণৰ সপােন” গ্রন্থৰ লেখক কোন? 

উঃ- নেতাজী সুভাষচন্দ্র বসু। 



২। ভাৰতত কেতিয়া আৰু ক'ত প্রথমে ছপাশাল স্থাপন কৰা হয়? 

উঃ- ইং ১৭৭২ চনত। মাদ্রাজত। 



৩। ভাৰতত প্রকাশিত প্রথম বাতৰি কাকতখনৰ নাম কি? 

উঃ- জেম আগষ্ট হিকিয়ে সম্পাদনা কৰা ‘দি কেলকাটা গেজেট। 



৪। মেঘদূত কি? 

উঃ- মহাকবি কালিদাস ৰচিত সংস্কৃত ভাষাৰ এখন নাটক। 



৫। পালি কি? 

উঃ- গৌতম বুদ্ধই বৌদ্ধধৰ্মৰ উপদেশ দিয়া প্রাচীন মগধৰ ভাষা। 

ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz


৬। সংস্কৃত ভাষাত লিখা বুৰঞ্জীখনৰ নাম কি? 

উঃ- ৰাজতৰঙ্গিনী। 



৭। ৰবীন্দ্রনাথ ঠাকুৰে ন'বেল বঁটা লাভ কৰা কিতাপখনৰ নাম কি? 

উঃ- গীতাঞ্জলি।



৮। আর্যসকলৰ আটাইতকৈ প্রাচীন সাহিত্য কি? 

উঃ- বেদ। 



৯। প্রতিখন বেদ কেইভাগত বিভক্ত? 

উঃ- চাৰি ভাগত। 



১০। বেদ কেইখন? 

উঃ- চাৰিখন। 


ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz

১১। ভাৰতবৰ্ষৰ সংবিধানখন কাৰ্যকৰী কেতিয়া হয়? 

উ :  ১৯৫০ চনৰ ২৬ জানুৱাৰীত।



১২। মৌলিক অধিকাৰ কেইটা? 

উ : ৬ বিধ। 



১৩। ভাৰতীয় সংসদৰ উচ্চসদন কি? 

উ :  ৰাজ্যসভা। 



১৪। অসম বিধানসভাৰ সদস্য সংখ্যা কিমান? 

উ : ১২৬ জন। 



১৫। ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ শীৰ্ষত থকা অনুষ্ঠানটোৰ নাম কি? 

উ : উচ্চতম ন্যায়ালয়। 

ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz


১৬। ভাৰতীয় সংবিধান খন কেতিয়াৰপৰা কাৰ্যকৰী কৰা হয়? 

উ : ১৯৫০ চনৰ ১৬০ জানুৱাৰীৰ পৰা। 



১৭। ভাৰতত ৰাষ্ট্ৰৰ মুৰব্বী কোন? 

উ : ৰাষ্ট্রপতি। 



১৮। ২৬ জানুৱাৰী দিনটো ভাৰতত কি দিৱস হিচাপে পালন কৰা হয়? 

উ : গণৰাজ্য দিৱস হিচাপে। 



১৯। ভাৰতীয় সংবিধান খনৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

উ : ভাৰতীয় সংবিধানখন বিশ্বৰ ভিতৰত দীর্ঘতম লিখিত সংবিধান।



২০। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এবিধ ক্ষমতাৰ উল্লেখ কৰা। 

উ : ভাৰত চৰকাৰ আৰু অন্যান্য ৰাজ্যৰ মাজত হােৱা বিবাদৰ মীমাংসা কৰিব পাৰে। 

ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz


২১। ভাৰতৰ জনসাধাৰণক কি নাগৰিকত্ব দিয়া হৈছে? 

উ : একক নাগৰিকত্ব।



২২। ভাৰতীয় সংবিধানত থকা এবিধ মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ কৰা। 

উ : স্বাধীনতাৰ অধিকাৰ। 



২৩। ভাৰতীয় সংবিধানত নাগৰিকসকলৰ বাবে সন্নিবিষ্ট এবিধ মৌলিক কর্তব্য উলেখ কৰা। 

উ : ভাৰতৰ সার্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰা। 



২৪। ভাৰতৰ ৰাষ্ট্রপতিক কোনে নির্বাচিত কৰে? 

উ: লােকসভা, ৰাজ্যসভা আৰু ৰাজ্যিক বিধানসভাসমূহৰ নির্বাচিত সদস্যসকলে ভাৰতৰ ৰাষ্ট্রপতি নিৰ্বাচিত কৰে। 



২৫। সংবিধানত থকা কি ব্যৱস্থাৰদ্বাৰা ৰাষ্ট্রপতিক অপসাৰণ কৰিব পাৰি? 

উ : মহাঅভিযােগ উত্থাপন ব্যৱস্থাৰ দ্বাৰা।


ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz

২৬। ভাৰতৰ উপৰাষ্ট্রপতি পদৰ বাবে ন্যূনতম বয়স কিমান হব লাগে? 

উ : ৩৫ বছৰ হ'ব লাগে। 



২৭। লােকসভাৰ মুঠ সদস্য সংখ্যা কিমান? 

উ : ৫৪৫ জন। 



২৮। লোকসভালৈ ৰাষ্ট্রপতিয়ে কেইজন সদস্য মনােনীত কৰিব পাৰে? 

উ : দুজন ইংগ ভাৰতীয় লােক। 



২৯। কোন ক্ষেত্রত লােকসভাৰ সদস্য সংখ্যা ৫৪৭ জন হয়? 

উ : ৫৪৫ জন সদস্যৰ ভিতৰত নিম্নতম ২জন ইংগ ভাৰতীয় সদস্য নির্বাচিত নহলে। 



৩০। ৰাজ্যসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান?

উ : ২৫০ জন। 


ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz

৩১। ভাৰতৰ কেন্দ্রীয় শাসিত অঞ্চলবােৰত ৰাজ্যপালৰ সলনি থকা মুৰব্ৰীজন কোন? 

উ : উপৰাজ্যপাল 



৩২। অসম বিধান সভাত বতর্মান কিমানজন সদস্য আছে? 

উ : ১২৬ জন। 



৩৩। উচ্চ ন্যায়ালয়ৰ বিচাৰ পতি সকল কিমান বছৰ পর্যন্ত সেই পদত থাকিব পাৰে? 

উ : ৬২ বছৰ পর্যন্ত থাকিব পাৰে। 



৩৪। ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে? উ : ৩৯৫ টা। 



৩৫। কি উদ্দেশ্যে ভাৰতলৈ কেবিনেট মিছনৰ প্ৰস্তাৱ প্রৰণ কৰা হৈছিল? 

উ : ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰিবলৈ ১৯৪৬ চনত ব্রিটিছ সংসদে ভাৰতলৈ কেবিনেট মিছনৰ প্রস্তাব প্ৰেৰণ কৰিছিল। 

ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz


৩৬। কোনখনখন দেশ প্রথম সংযােজন কৰা হৈছিল? 

উঃ আমেৰিকা যুক্তৰাষ্ট্ৰত। 



৩৭। কোন চনত ব্রিটিছ সংসদে ভাৰতলৈ কেবিনেট মিছনৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল?

উ : ১৯৪৬ 



৩৮। ভাৰতৰ কি নাগৰিকত্বৰ ব্যৱস্থা আছে? 

উ : একক নাগৰিকত্বৰ ব্যৱস্থা আছে।



৩৯। ভাৰতৰ লােকসভাৰ প্রথম অধ্যক্ষ কোন আছিল? 

উঃ জি. ভি. মাৱলঙ্কাৰ। 



৪০। প্রথম ভাৰতীয় জাতীয় অধ্যাপক কোন? 

উঃ ড° চি.ভি. ৰমণ। 

ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz


৪১। প্রথম ভাৰতীয় ইঞ্জিনিয়াৰ কোন? 

উঃ নীলমণি মিত্র। 



৪২। প্রথম ভাৰতীয় মহিলা ইঞ্জিনিয়াৰ কোন? 

উঃ ইলা মজুমদাৰ। 



৪৩। ‘ফেলাে অৱ দি ৰয়েল চোইটি’ লাভ কৰা প্রথম ভাৰতীয় কোন? 

উঃ শ্ৰীনিৱাস ৰামানুজন, ইং১৯১৮ চনত (৩১ বছৰ)। 



৪৪। ভিক্টোৰিয়া ক্ৰচ লাভ কৰা প্রথম ভাৰতীয় কোন? 

উঃ নায়ক খােদাদাদ খান। 



৪৫। লীগ অৱ নেচনচৰ প্ৰথম ভাৰতীয় সভাপতি কোন? 

উঃ আগা খান। 



৪৬। ভাৰতীয় জাতীয় কংগ্রেছৰ প্রথম সভাপতি কোন? 

উঃ উমেশ চন্দ্র বেনাৰ্জী (১৮৮৫ চনত)। 



৪৭। এভাৰেষ্ট শৃঙ্গ বিজয়ী প্রথম ভাৰতীয় কোন? 

উঃ টেনজিং নৰকে। 



৪৮। ভাৰতৰ সর্বোচ্চ পর্বত শৃঙ্গটোৰ নাম কি? 

উঃ নন্দাদেৱী।



৪৯। ভাৰতৰ প্রথম বেৰিষ্টাৰ কোন? 

উঃ জ্ঞানেন্দ্রনাথ ঠাকুৰ। 



৫০। ভাৰতৰ প্রথম প্রিভি কাউন্সিলাৰ কোন আছিল? 

উঃ চৈয়দ আমিৰ আলি। 

ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz


৫১। ভাৰতৰ প্রথম আই চি এছ কোন? 

উঃ সত্যেন্দ্রনাথ ঠাকুৰ। 



৫২। ভাৰতৰ প্রথম গৱৰ্ণৰ জেনেৰেল কোন আছিল? 

উঃ চক্ৰৱৰ্তী ৰাজাগােপালাচাৰী। 



৫৩। ব্রিটিছ পালিয়ামেণ্টৰ প্রথম ভাৰতীয় সদস্য কোন আছিল? 

উঃ দাদাভাই নৌৰাজি। 



৫৪। উচ্চতম ন্যায়ালয়ৰ প্ৰথম ভাৰতীয় ন্যায়াধীশ কোন? 

উঃ হৰিলাল কানিয়া। 



৫৫। উচ্চতম ন্যায়ালয়ৰ প্ৰথম ভাৰতীয় মুখ্য ন্যায়াধীশ কোন?

উঃ ৰমেশচন্দ্র মিশ্র। 

ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz


৫৬। উচ্চ ন্যায়ালয়ৰ প্রথম ভাৰতীয় মহিলা ন্যায়াধীশ কোন? 

উঃ আন্না চান্দী। 



৫৭। কোন ভাৰতীয়ই প্রথমে অক্সফোর্ড বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে? 

উঃ ড° সৰ্বপল্লী ৰাধাকৃষ্ণন। 



৫৮। সন্মিলিত ৰাষ্ট্ৰসংঘৰ প্রথম মহিলা সভাপতি আৰু প্রথম ভাৰতীয় মহিলা ৰাষ্ট্রদূত কোন আছিল? 

উঃ বিজয়লক্ষ্মী পণ্ডিত। 



৫৯। ভাৰতৰ প্রথম মহিলা ৰাজ্যপাল কোন? 

উঃ সৰােজিনী নাইডু। 



৬০। কেন্দ্রীয় লােকসভা আয়ােগৰ প্রথম মহিলা অধ্যক্ষ কোন? 

উঃ মিচেছ ৰােজ মিলিয়ান বাথিড (ছিলং)। 


ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz

৬১। প্রথম ভাৰতীয় মহিলা বেৰিষ্টাৰ কোন? 

উঃ কার্ণেলিয়া চোৰাবজী। 



৬২। প্ৰথম ভাৰতীয় বিলাত যাত্রী কোন? 

উঃ ৰাজা ৰামমােহন ৰায়।



৬৩। কোন ভাৰতীয়ই প্রথমে মেগচেচে বঁটা লাভ কৰে? 

উঃ আচার্য বিনােৱাভাৱে।



৬৪। প্রথম ভাৰতীয় মহিলা আই পি এছ কোন? 

উঃ কিৰণ বেদী।

 


৬৫। ভাৰতৰ সেনাবাহিনীৰ প্রথম জেনেৰেল কোন? 

উঃ ফিলড় মার্শাল কেৰিয়াপ্পা।

 

ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz

৬৬। ভাৰতৰ মহাকাশ অভিযানৰ উদ্দেশ্য কি? 

উঃ উপগ্রহ যােগাযােগ আৰু সম্পদৰ সন্ধান। 



৬৭। কেমব্রিজ বিশ্ববিদ্যালয়ৰ প্রথম ভাৰতীয় ৰেংগলাৰ কোন? 

উঃ আনন্দমােহন বসু। 



৬৮। ভাৰতত ৰেল ইঞ্জিন নির্মাণ কাৰখানা ক’ত ক'ত আছে। 

উঃ চিত্তৰঞ্জন (পঃ বঙ্গ) আৰু জামচেদপুৰ (বিহাৰত)। 



৬৯। ভাৰতৰ আটাইতকৈ ডাঙৰ লাে-তীখা কাৰখানা ক'ত আছে? 

উঃ টাটা আইৰণ এণ্ড ষ্টীল কোম্পানী, জামচেদপুৰত। 



৭০। ভাৰতৰ শ্ৰেষ্ঠ বস্ত্রশিল্পৰ কাৰখানা ক’ত আছে? 

উঃ আহমেদাবাদত। 

ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz


৭১। ভাৰতৰ কোন ৰাজ্যত মহিলাৰ সংখ্যা বেছি? 

উঃ কেৰেলাত। 



৭২। ভাৰতৰ কোন ৰাজ্যত পুৰুষৰ সংখ্যা বেছি? 

উঃ পঞ্জাৱত। 



৭৩। ভাৰতৰ প্ৰধান ৰপ্তানি দ্ৰৱ্য কি কি? 

উঃ মৰাপাট আৰু মৰাপাটৰ বস্তু, কপাহ, চাহপাত, চামৰা, লাে, ৰবৰ, নানাবিধ কেঁচামাল ইত্যাদি। 



৭৪। ভাৰতৰ আমদানি দ্রব্য কি কি? 

উঃ ঔষধ, কাপোেৰ, ধাতু নির্মিত যন্ত্রপাতি, কলকজা, কাগজ, কিতাপ, নানাবিধ তেল, কেঁচামাল ইত্যাদি। 



৭৫। ভাৰতৰ ক’ত স্বর্ণ মন্দিৰ আছে? 

উঃ অমৃতচৰত। 


ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz

৭৬। ভাৰতৰ ক'ত চন্দন কাঠ পােৱা যায়? 

উঃ কর্ণাটক আৰু গােদাবৰী উপত্যকাত।



৭৭। প্রধানকৈ ভাৰতৰ ক’ত ক’ত কফি খেতি হয়? 

উঃ কেৰেলা, তামিলনাড়ু আৰু কৰ্ণাটক ৰাজ্যত।



৭৮। ভাৰতত কেতিয়াৰপৰা নিয়মিতভাৱে লােকগণনা কৰিবলৈ লােৱা হৈছে। 

উঃ ইং ১৮৮১ চনৰপৰা।



৭৯। ভাৰতত কাৰ মটৰ গাড়ীৰ নম্বৰ নাথাকে? 

উঃ ৰাজ্যপালৰ।



৮০। পৃথিৱীৰ বৃহত্তম আগ্নেয়গিৰি কি? 

উঃ মৌনালােৱা। 


ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz

৮১। কোন ভাৰতীয় যুৱতীয়ে প্রথমে বিশ্ব সুন্দৰী হৈছিল? 

উঃ ৰীতা ফাৰিয়া। ইং ১৯৬৬ চনত



৮২। সর্বপ্রথমে ভাৰতত ডাক টিকটৰ প্ৰচলন কেতিয়া আৰু ক'ত হয়? 

উঃ ইং ১৮৫২ চনত অবিভক্ত ভাৰতৰ সিন্ধু প্রদেশত প্রচলিত হয়। 



৮৩। ভাৰতৰ ৰির্জাভ বেঙ্ক কেতিয়া প্রতিষ্ঠা হৈছিল? 

উঃ ইং ১৯৩৫ চনত। 



৮৪। কোন ভাৰতীয় ১৮টা ভাষাত এম.এ কৰিছিল, আৰু ৩৪টা ভাষাত পান্ডিত্য অর্জন কৰিছিল? 

উঃ হৰিনাথ দে। 



৮৫। ভাৰতৰ দ্রুততম ৰেলখনৰ নাম কি? 

উঃ জন শতাব্দী এক্সপ্রেস। 

ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz


৮৬। ভাৰতৰ কোনটো বেঙ্কৰ শাখা আটাইতকৈ বেছি? 

উঃ ষ্টেট বেঙ্কৰ। 



৮৭। ভাৰতৰ আটাইতকৈ অধিক প্রচাৰিত বাতৰি কাকতখনৰ নাম কি? 

উঃ মালায়ালম মনােৰমা। প্রায় ৭ লাখ কপি। 



৮৮। ভাৰতৰ আটাইতকৈ ডাঙৰ চাহ-বাগিচাখন ক’ত আছে আৰু বাগিচাখনৰ নাম কি? 

উঃ অসমৰ যােৰহাট জিলাত আছে। বাগিচাখনৰ নাম কাকজান। বাগিচাখনৰ মাটিকালি ১৩৭৩ হেক্টৰ। 



৮৯। ভাৰতত মেট্র’ৰেল ক'ত আছে? 

উঃ কলিকতাত। ইং ১৯৮৪ চনৰ ২০ অক্টোবৰৰপৰা কলিকতাত এই ৰেলৰ ভূ-গর্ভত চলাচল আৰম্ভ হৈছে। 



৯০। কোনে, কেতিয়া আৰু ক’ত ভাৰতৰ প্ৰথমটো কাপােৰৰ কল স্থাপন কৰে? 

উঃ কোৱাছজী এন দিছে, ইং ১৮৫৪ চনত মুম্বাইত স্থাপন কৰে। 

ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz


৯১। ভাৰতৰ সর্বাধুনিক বিমানঘাটি কোনটো? 

উঃ নিউ দিল্লীৰ ইন্দিৰা গান্ধী ইণ্টাৰনেচনেল এয়াৰ পাের্ট। 



৯২। ভাৰতত পােনপ্ৰথমে দূৰদৰ্শন কেতিয়া আৰু ক'ত প্ৰদৰ্শন কৰা হয়? 

উঃ ইং ১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰত, দিল্লীৰ বস্তি অঞ্চলত। 



৯৩। ভাৰতীয় দূৰদৰ্শনৰ প্ৰথম টি.ভি. চিৰিয়েল কি? 

উঃ ইং ১৯৬২ চনৰ ২ মে’ত কৰা “তিছৰা ৰাষ্টা”। 



৯৪। ভাৰতৰ দূৰদৰ্শনত সর্বপ্রথমে কোনে বিজ্ঞাপন দিয়ে? 

উঃ গােৱালিয়ৰ চুটিং (ইং ১/১/১৯৭৬)। 



৯৫। অলিম্পিক খেল কি? 

উঃ লিম্পিক খেল পৃথিৱীৰ বিভিন্ন দেশৰ বিখ্যাত খেলুৱৈসকলৰ খেল-প্রতিযােগিতা। পুৰণি কালত গ্ৰীকসকলে অলিম্পিয়া নামে ঠাইত জিউচ দেৱতাৰ সন্মানার্থে প্রতি চাৰি বছৰে এখন খেলৰ প্ৰতিযােগিতা পাতিছিল। সেই খেলৰ অনুকৰণতে ১৮৯৬ খ্ৰীষ্টাব্দত ‘এথেন্স'ত এই খেল-প্রতিযােগিতাৰ আৰম্ভণি হয়। তাৰ পিছৰেপৰা প্রতি চাৰি বছৰৰ মূৰে মূৰে পৃথিৱীৰ বিভিন্ন চহৰত এই খেল পতা হৈ আহিছে। এই খেল প্রতিযােগিতাত পৃথিৱীৰ বিভিন্ন দেশৰ খেলুৱৈসকলে যােগদান কৰিব পাৰে। 

ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz


৯৬। কি খেলত ভাৰতে অলিম্পিক প্রতিযােগিতাত সুনাম অর্জন কৰিছে? 

উঃ হকি খেলত।  



৯৭। হকি খেলত পৃথিৱীৰ সর্বশ্রেষ্ঠ খেলুৱৈ কোন আছিল? 

উঃ ভাৰতৰ ধ্যানচাঁদ’ (এখেত পঞ্জাৱ ৰাজ্যৰ মানুহ আছিল)। ধ্যানচাদৰ ভায়েক ৰূপ সিংও এজন শ্রেষ্ঠ হকি খুেলৱৈ আছিল। 



৯৮। ‘ৰণজি ট্রফি’ কি? 

উঃ পৃথিৱী বিখ্যাত অন্যতম ক্রিকেট খেলুৱৈ ৰণজিৎ সিংহৰ স্মৃতি ৰক্ষার্থে ১৯৪৩ চনত পাতিয়ালাৰ মহাৰাজে ‘ৰণজি কাপ’ প্রদান কৰে। এই 'কাপ’ সােণেৰে তৈয়াৰী। ভাৰতীয় ক্রিকেট খেলৰ ই সর্বশ্রেষ্ঠ পুৰস্কাৰ। 



৯৯। সন্তোষ ট্রফি কি? 

উঃ ভাৰতৰ ৰাজ্যবিলাকৰ ভিতৰত হােৱা ফুটবল খেলৰ প্রতিযােগিতাত দিয়া সর্বশ্রেষ্ঠ পুৰস্কাৰ (কাপ) হ’ল সন্তোষ ট্রফি।



১০০। ‘মৌলানা আজাদ ট্রফি’ কি? 

উঃ প্রতি বছৰে ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ মাজত হােৱা খেল-প্রতিযােগিতাৰ শ্রেষ্ঠ খেলুৱৈক এই পুৰস্কাৰ দিয়া হয়। ১৯৬১ চনৰপৰা এই ট্রফি দিবলৈ আৰম্ভ কৰা হৈছে। 

ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz


১০১। ‘ফেডাৰেচন কাপ’ কি? 

উঃ প্রতি বছৰে ভাৰতৰ নামজ্বলা ফুটবল দলবিলাকৰ মাজত ফুটবল খেলৰ প্রতিযােগিতাৰ বিজয়ী দলক যি কাপ (পুৰস্কাৰ) দিয়া হয় তাৰ নাম ‘ফেডাৰেচন কাপ’। ১৯৭৯ চনত গুৱাহাটীত এই খেল পতা হৈছিল। 



১০২। ভাৰতৰ প্ৰথম মুকলি বিশ্ববিদ্যালয়খনৰ নাম কি? 

উত্তৰ : অন্ধ্রপ্রদেশ মুকলি বিশ্ববিদ্যালয়। 



১০৩। ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথমগৰাকী মহিলা কোন? 

উত্তৰ : ইন্দিৰা গান্ধী। 



১০৪। ভাৰতৰ প্ৰথমটো কৃত্রিম উপগ্রহৰ নাম কি? উত্তৰ : আর্যভট্ট। 



১০৫। ভাৰতৰ প্রথম মহিলা জ্ঞানপীঠ বঁটা বিজয়ী কোন? 

উত্তৰ : আশাপূর্ণা দেৱী। 

ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz


১০৬। ভাৰতৰ কোনখন ঠাইক ‘পিংক চিটি’ বোেলা হয়? 

উত্তৰ : জয়পুৰক। 



১০৭। ভাৰতৰ প্ৰথমখন লােকসভাত কেইগৰাকী মহিলা সাংসদ আছিল? 

উত্তৰঃ ২৩ গৰাকী। 



১০৮। 'Discovery of India' ৰ ৰচক কোন? 

উত্তৰঃ জৱাহৰলাল নেহৰু। 



১০৯। ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্রী হল সুচিত্রা কৃপালিনী। তেওঁ কোন প্রদেশৰ মুখ্যমন্ত্রী আছিল? 

উত্তৰঃ উত্তৰ প্ৰদেশ। 



১১০। ভাৰতৰ প্ৰথমখন উৰিয়া বােলছবিৰ নাম কি? উত্তৰ : সীতা বিবাহা। 


ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz

১১১। ভাৰতৰ প্ৰথমখন গুজৰাটী বােলছবিৰ নাম কি? 

উত্তৰ : মােম্বাই সেঠানি।



১১২। ভাৰতৰ উচ্চতম স্তম্ভ কোনটো? 

উত্তৰঃ কুতুবমিনাৰ। 



১১৩। ভাৰতৰ উচ্চতম বিমানবন্দৰ কোনটো? 

উত্তৰ : লেহ, লাখ। 



১১৪। ভাৰতৰ উচ্চতম বান্ধ কোনটো? 

উত্তৰঃ হীৰাকুদ বান্ধ। 



১১৫। ভাৰতৰ দীর্ঘতম ৰে'লৱে প্লেটফর্ম কোনখন? 

উত্তৰ : খৰগপুৰ। 


ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz

১১৬। ভাৰতৰ দীর্ঘতম সুৰংগ কোনটো? 

উত্তৰঃ পাৰছিক সুৰংগ। 



১১৭। ভাৰতৰ সর্বাধিক বৰষুণ হােৱা ঠাইখনৰ নাম কি? 

উত্তৰ : মৌছিনৰাম। 



১১৮। ভাৰতৰ সর্বাধিক জনসংখ্যাৰ ৰাজ্যখনৰ নাম কি? 

উত্তৰঃ উত্তৰ প্ৰদেশ। 



১১৯। ইষ্ট ইণ্ডিয়া কোম্পানিৰ দিনত ভাৰতৰ প্রথম ইংৰাজ গৱনৰ জেনেৰেল কোন আছিল ? 

উত্তৰ : ওৱাৰেন হেষ্টিংছ। 



১২০। ক্রাউন শাসনত ভাৰতৰ প্ৰথমগৰাকী ভাইছয় কোন? 

উত্তৰ : লর্ড কেনিং। 


ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz

১২১। স্বাধীন ভাৰতৰ প্রথম গভর্নৰ জেনেৰেল কোন আছিল? 

উত্তৰঃ লর্ড মাউন্টবেটেন। 



১২২। ভাৰতৰ প্ৰথম বায়ু সেনা প্রধানগৰাকী কোন আছিল? 

উত্তৰ : এয়াৰ মাৰ্চেল ছাৰ থমাছ আর্মহাষ্ট। 



১২৩। ভাৰতৰ নৌ বাহিনীৰ প্ৰথমগৰাকী কোন আছিল? 

উত্তৰ : ভাইছ এডমিৰেল আৰ ডি. কাটাৰী। 



১২৪। ইষ্ট ইণ্ডিয়া কোম্পানি প্রথম ভাৰতীয় গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰ : লর্ড উইলিয়াম বেন্টিংক। 



১২৫। দক্ষিণ মেৰুত পদার্পণ কৰা প্রথম ভাৰতীয়জন কোন আছিল? 

উত্তৰঃ আই. কে. বাজাজ। 

ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz


১২৬। ইংলিছ চেনেল সাঁতুৰি পাৰ হােৱা প্ৰথমগৰাকী ভাৰতীয় (পুৰুষ) কোন আছিল? 

উত্তৰঃ মিহিৰ সেন। 



১২৭। মেগছেছে বঁটা পােৱা প্ৰথমগৰাকী ভাৰতীয় কোন? 

উত্তৰ : বিনােৱা ভাবে। 



১২৮। জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভানেত্রী কোন আছিল? 

উত্তৰ : এনি বেছান্ট। 



১২৯। ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্রপতি কোন? 

উত্তৰ : ড. ৰাজেন্দ্র প্রসাদ। 



১৩০। ভাৰতৰ প্ৰথমগৰাকী চলচ্চিত্র পৰিচালক কোন আছিল? 

উত্তৰ : দাদা চাহেব ফাল্কে। 

ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz


১৩১। ভাৰতৰ প্রথম মহিলা মুখ্যমন্ত্রী কোন আছিল? উত্তৰঃ এছ, কৃপালিনী। 



১৩২। ভাৰতৰ প্রথম মহিলা ৰাজ্যপাল কোন আছিল? 

উত্তৰঃ সৰােজিনী নাইডু। 



১৩৩। ভাৰতৰ প্রথম মহিলা প্রধানমন্ত্রী কোন আছিল? 

উত্তৰ : ইন্দিৰা গান্ধী। 



১৩৪। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা, ন্যায়াধীশ কোন আছিল? 

উত্তৰঃ ফাতেমা বিবি। 



১৩৫। ভাৰতৰ প্রথম মহিলা আই. পি. এছ. কোন? উত্তৰঃ কিৰণ বেদী। 

ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz


১৩৬। প্রথম ভাৰতীয় চার্কাছখনৰ নাম কি? 

উত্তৰ : ছাত্রে চার্কাছ। 



১৩৭। ভাৰতৰ বৃহত্তম পুথিভঁৰাল কোনটো? 

উত্তৰঃ নেশ্যনেল লাইব্রেৰী, কলকাতা। 



১৩৮। ভাৰতৰ বৃহত্তম নদী দ্বীপ কোনটো? 

উত্তৰঃ মাজুলী। 



১৩৯। ভাৰতৰ বৃহত্তম চিৰিয়াখানা কোনখন? 

উত্তৰ : জুলজিকেল গার্ডেন, কলকাতা। 



১৪০। ভাৰতৰ বৃহত্তম তাৰকাগৃহ কোনটো? 

উত্তৰঃ বিৰলা প্লেনেটৰিয়াম, কলকাতা। 


ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz

১৪১। ভাৰতৰ বৃহত্তম যাদুঘৰ কোনটো? 

উত্তৰঃ ভাৰতীয় যাদুঘৰ। 



১৪২। ভাৰতৰ বৃহত্তম মছজিদ কোনটো? 

উত্তৰ : জুমা মজিদ। 



১৪৩। ভাৰতৰ বৃহত্তম হ্রদ কোনটো? 

উত্তৰঃ কালে। 



১৪৪। ভাৰতৰ বৃহত্তম গুৰুদ্বাৰ কোনটো? 

উত্তৰ : স্বর্ণমন্দিৰ। 



১৪৫। ভাৰতৰ বৃহত্তম মৰুভূমি কোনখন? 

উত্তৰঃ থৰ মৰুভূমি। 

ভাৰতৰ প্ৰথম - ভাৰত কুইজ Indian GK Bharat Quiz


১৪৬। ভাৰতৰ বৃহত্তম গির্জা কোনটো? 

উত্তৰঃ ছে কেথেড্রেল, গােৱা। 



১৪৭। ভাৰতৰ বৃহত্তম গুহা কোনটো? 

উত্তৰঃ অমৰনাথৰ গুহা। 



১৪৮। ভাৰতৰ বৃহত্তম জলপ্রপাত কোনটো? 

উত্তৰ : গাৰছােপ্পা, কর্ণাটক।



১৪৯।‌ ভাৰতত সৰ্বপ্ৰথম ৰেডিঅ' প্ৰচাৰণ ক'ত আৰু কেতিয়া হৈছিল? 

: 13 জুলাই 1927 বোম্বাইৰ পৰা।



১৫০। ভাৰতত প্ৰথম বাৰ টেলিভিছন প্ৰচাৰণ কেতিয়া আৰম্ভ হৈছিল?

: 15 চেপ্তেম্বৰ 1959 আকাশবাণী দিল্লীৰ পৰা।



১৫১। ভাৰতৰ ডাক বিভাগ আৰু পিন কোড প্রণালী কেতিয়া আৰম্ভ হৈছিল? 

: 15 আগষ্ট 1972 চনত।



১৫২। ভাৰতৰ প্ৰথম আই. চি. এচ. অফিচাৰ কোন আছিল?

: শ্রীসুৰেন্দ্ৰ নাথ।



১৫৩। ভাৰতৰ সৰ্বপ্ৰথম কবি কোন আছিল?

: মহর্ষি বাল্মীকি।



১৫৪। বিশ্বৰ সকলোতকৈ ডাঙৰ মহাকাব্য কোনখন?

: মহাভাৰত (ভাৰত)।



১৫৫। ভাৰতৰ সৰ্বপ্ৰথম কোনটো ডাকঘৰত কম্পিউটাৰ ব্যৱহাৰ কৰিছিল?

: 16 আগষ্ট 1986 চনত বাঙ্গালোৰত (কৰ্ণাটক)।



১৫৬। ভাৰতৰ সৰ্বপ্ৰথম বাতৰি কাকত কোনখন আৰু কেতিয়া, ক'ত প্ৰচাৰিত হৈছিল?

: ইন্ডিয়া গেজেট ইং 1776 চনত কলকতাত।



১৫৭। ভাৰতৰ সৰ্বপ্ৰথম হিন্দী বাতৰি কাকতখন কি? কেতিয়া আৰু ক'ত প্ৰচাৰিত হৈছিল?

: উংদত মাতগু। 30 মে 1826 কলকতাত।



১৫৮। ভাৰতৰ কোনজন প্রধানমন্ত্রীৰ জন্মদিন চাৰি বছৰৰ পিছতহে হয়? 

: স্বর্গীয় মুৰাৰজী ভাই দেশাই (জন্ম 29 ফেব্ৰুৱাৰী)।



১৫৯। ভাৰতৰ সংসদত এদিনো নোযোৱা প্রধানমন্ত্রীজন কোন আছিল? 

: স্বৰ্গীয় চৌধুৰী চৰণ সিং।



১৬০। ভাৰতৰ কোনখন ৰাজ্যত ৰাজ্যভাষা ইংৰাজীত হয়?  

: নাগালেণ্ড।



১৬১। ভাৰতৰ সকলোতকৈ অধিক শাসন কৰা বাদশাহ জন কোন আছিল?

: ঔৰংজেৱ তেওঁ 49 বছৰ শাসন কৰিছিল।



১৬২। ভাৰতৰ সৰ্বপ্ৰথম পৰমবীৰ চক্ৰ কোনে পাইছিল?

: 1947 চনত মেজৰ সোমনাথ শর্মা।



১৬৩। ভাৰতৰ সৰ্বপ্ৰথম মহাবিদ্যালয় কোন খন?

: ফোঁট উইলিয়াম মহাবিদ্যালয় (1৪ আগষ্ট 1800 চনত কলকাতা)।



১৬৪। বিশ্বৰ সকলোতকৈ কম দামত সোণ ক'ত পোৱা যায়?

: লণ্ডন আৰু নিউয়কত।



১৬৫। চিকন্দৰৰ গুৰুৰ নাম কি?

: অৰস্ত।



১৬৬। ভাৰতৰ টি. ভি., ৰেডিঅ' আৰু অন্য প্রশ্নত্তোৰ প্ৰতিযোগীতাৰ বাবে বেলেগকৈ পোষ্টকার্ড কেতিয়াৰ পৰা উলিওৱা হৈছিল?

: 14 নৱেম্বৰ, 1996 (মূল্য 2 টকা)।



১৬৭। সূৰ্যৰ পোহৰ পানীৰ কিমান তললৈ যায়?

: চাৰিশ মিটাৰ তললৈ।



১৬৮। বিশ্বৰ সকলোতকৈ প্রাচীন ধর্মপুথি কোনখন?

: ঋকবেদ।



১৬৯। কোনখন দেশৰ লিখিত সংবিধান নাই?

: ইংলেণ্ড।



১৭০। গোটেই বিশ্বখনত কেইটা ভাষা কোৱা হয়?

: 2,792 টা।



১৭১। ভাৰতবৰ্ষৰ সকলোতকৈ ধুনীয়া অট্টালিকাটোৰ নাম কি?

: তাজমহল (আগ্রা)।



১৭২। ভাৰতৰ কোনজন খেলুৱৈয়ে ইংলেণ্ড আৰু ভাৰতৰ বাবে ক্রিকেট খেলিছিল?

: ইপ্তিখাৰ পটোদী।



১৭৩। ভাৰতৰ সংসদখন কোনে কেতিয়া উদঘাটন কৰিছিল?

: 18 জানুৱাৰী 1927 চনত লর্ড ইর্বিনে।



১৭৪। সর্বপ্রথম ক্রিকেট টেষ্ট মেচ কেতিয়া আৰু ক'ত খেলা হৈছিল? 

: ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ ওচৰৰ মেলবোর্ণ নামৰ ঠাইত 1877 চনত।



১৭৫। টেষ্ট ক্রিকেটত প্রথম শতক কোনে কৰিছিল?

: অষ্ট্ৰেলিয়াৰ চাৰ্লচ বেইনৰ মেন।



১৭৬। ভাৰতৰ সৰ্বপ্ৰথম টেষ্ট বিজেতা কোন আছিল আৰু কাৰ বিৰুদ্ধে? 

: 1952 চনত মাদ্রাজ ইংলেণ্ডৰ বিৰুদ্ধে।



১৭৭।‌ ভাৰতৰ ফুটবল খেল কেতিয়া আৰু ক'ত আৰম্ভ হৈছিল? 

: ডেলহাউসী ক্লাৱৰ দ্বাৰা 1872 চনত কলকাতাত হৈছিল।



১৭৮। হকী খেলৰ সৰ্বপ্ৰথম আন্তঃৰাষ্ট্ৰীয় মেচ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?

: 26 জুন 1895 চনত বেলচ আৰু আয়াৰলেণ্ডৰ মাজত হৈছিল।



১৭৯। কোনজন ভাৰতীয় খেলুৱৈ ফুটবল আৰু ক্রিকেট দুয়োটাতে প্রতিনিধিত্ব কৰিছিল?

: পংকজ ৰায়।



১৮০। ভাৰতৰ উপৰিও কোনখন দেশে 15 আগষ্ট দিনটো স্বাধীনতা দিবস হিচাপে পালন কবে?

: দক্ষিণ কোৰিয়াই।



১৮১। বিশ্বৰ সৰ্বপ্ৰথম কাগজৰ মুদ্ৰাৰ আৱিষ্কাৰ ক'ত আৰু কেতিয়া কৰিছিল?

: 1812 চনত চীনত।



১৮২। বিশ্বৰ কোনখন মুদ্ৰাৰ প্ৰচলন নাই?

: লাউচত।



১৮৩। ভাৰতৰ কোন কোন ৰাজ্যত উর্দু ভাষাই দ্বিতীয় ভাষাৰ সন্মান লাভকৰিছিল?

উঃ বিহাৰ আৰু উত্তৰ প্ৰদেশ।



১৮৪। ভাৰতৰ সৰ্বপ্ৰথম মেট্ট বেল কেতিয়া আৰু ক'ত চলাইছিল?

উঃ 21 অক্টোবৰ 1984 চনত কলকাতাত।



১৮৫। ভাৰত আপতকাল কেতিয়া ঘোষণা কৰা হৈছিল?

উঃ 26 জুন 1975 চনত।



১৮৬। ভাৰতীয় ৰিজার্ভ বেঙ্ক কেতিয়া স্থাপন কৰা হৈছিল?

উঃ 1935 চনত।



১৮৭। ভাৰতৰ গণৰাজ্যৰ প্ৰথম জন সভাপতি কোন আছিল?

উঃ ডাঃ জাকিৰ হুছেইন।



১৮৮। ভাৰতৰ প্ৰথম বৃটিছ গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উঃ বাৰেন হেষ্টিংগ।



১৮৯। ভাৰতৰ অট্টালিকাৰ চহৰ কোনখন আৰু কোনে স্থাপন কৰিছিল?

উঃ কলকাতা, জাৱকাৰনাকে।



১৯০। হাতত পুলি ৰোৱা ভাৰতীয় জনৰ নাম কি?

উঃ ডাকৌৰ ৰামদাস বোধানী।



১৯১। ভাৰতত কাৰ দ্বাৰা প্ৰথম কেতিয়া ক্রিকেট খেলা খেলিছিল?

উঃ ইংৰাজৰ দ্বাৰা 1933 চনত।



১৯২। দিল্লীৰ লাল কিল্লাটো কোনে সাজিছিল?

উঃ ছাহজাহানে সাজিছিল।



১৯৩। ভাৰতৰ কোনজন ন্যায়াধীশে 19 বছৰলৈকে মূৰটো তলত আৰু ভৰি ওপৰ কৰি মোৰ্কন্দমাৰ শুনানি দিয়াৰ অদ্ভূত বেমাৰ আছিল?

উঃ ইম্ফলৰ ন্যায়াধীশ গৌসেনক [1852-1971]|



১৯৪। ভাৰতৰ ভূ উপগ্ৰহটোৰ নাম কি?

উঃ এথল।



১৯৫। ভাৰতৰ সোণ ক'ত পোৱা যায়?

উঃ কৰ্ণাটকৰ ৰাজ্য কোলাৰত পোৱা যায়।



১৯৬। ভাৰতৰ সকলোতকৈ পবিত্র নদী কোনখনক কোৱা হয়?

উঃ গংগাক।



১৯৭। মহাত্মা গান্ধীক সর্বপ্রথম কোনে মহাত্মা বুলি কৈছিল?

উঃ ৰবীন্দ্ৰ নাথ ঠাকুৰে।



১৯৮। ভাৰতৰ সকলোতকৈ পবিত্র নদী কোনখন?

: গংগা।



১৯৯। ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাস্তাটোৰ নাম কি?

: গ্রেণ্ড ট্রাঙ্ক ৰোড।



২০০।‌ ভাৰতৰ টি.ভি.ৰ প্ৰচাৰণ ক'ত আৰু কেতিয়া আৰম্ভ হৈছিল?

উঃ ভাৰতৰ টি.ভি.ৰ প্ৰচাৰণ ১৫ ছেপ্তেম্বৰ, ১৯৫৯ চনত দিল্লীৰ পৰা আৰম্ভ হৈছিল।



২০১। কোনজন উপৰাষ্ট্ৰপতি পদত থাকোতে মৃত্যুৰৰণ কৰিছিল?

উঃ ভাৰতৰ উপৰাষ্ট্ৰপতি কৃষ্ণকান্ত ২৭ জুলাই, ২০০২ চনত নিজৰ পদত থাকোতেই মৃত্যু বৰণ কৰিছিল।



২০২। মহাভাৰতৰ যুদ্ধ কোনে দিব্যদৃষ্টিৰে দেখা পাইছিল?

উঃ সঞ্জয়ে।



২০৩। ভাৰতৰ কোনখন নদীত হীৰা পোৱা যায়?

উঃ কৃষ্ণা নদী (দক্ষিণ ভাৰত)।



২০৪। মুংগী প্রেমচন্দ্ৰৰ অন্তিম উপন্যাস কোনখন আছিল?

উঃ গুদান।



২০৫। ভাৰতৰ কোনখন ৰাজ্যৰ দুখন ৰাজধানী?

উঃ জম্মু আৰু কাশ্মীৰ।



২০৬। ভাৰতৰ সকলোতকৈ উপযুক্ত মাটি কোনখিনিক কোৱা হয়?

উঃ এলয়ুবিয়ল।



২০৭। ভাৰতৰ সকলোতকৈ অধিক গাখীৰ দিয়া গৰু কোনটো?

উঃ সাহীৱাল।



২০৮। মাটিকালি হিচাবে ভাৰত বিশ্বৰ কোন স্থানত?

উঃ সাত নম্বৰ স্থানত।



২০৯। ভাৰতবৰ্ষত কিমানখন ৰাজ্য আৰু কেন্দ্রীয় শাসিত প্রদেশ আছে?

উঃ ভাৰতবৰ্ষত 28 খন ৰাজ্য আৰু 7 খন কেন্দ্রীয় শাসিত প্রদেশ আছে।



২১০। ভাৰতৰ স্বাধীনতাৰ পিচত প্রথম জনগণনা কেতিয়া হৈছিল?

উঃ 1961 চনত।



২১১। শ্রীমতী ইন্দিৰা গান্ধী মৃত্যুৰ খবৰ সৰ্বপ্ৰথম কোনটো ৰেডিঅ' চেন্টাৰত দিছিল?

উঃ ৰেডিঅ'বী.বী.চি. লণ্ডনত।



২১২। ভাৰত ত্যাগ আন্দোলন কৰ পৰা আৰম্ভ হৈছিল?

উঃ মুম্বাইৰ পৰা।



২১৩। কোন বিভাগৰ কৰৰ পৰা ভাৰতবৰ্ষ অধিক লাভৱান হৈছে?

উঃ আৱকাৰী।



২১৪।‌ জালিৱানাবালাবাগ কাণ্ডত গুলী মাৰিবলৈ আদেশ কোনে দিছিল?

উঃ জেনেৰেল ডায়ৰে।



২১৫। ভাৰতৰ সংবিধান ৰচনা কৰিবলৈ কিমান সময় লাগিছিল?

উঃ 2 বছৰ, 11 মাহ, 18 দিন।



২১৬। ৰাম জন্মভূমিৰ তলা কেতিয়া আৰু কাৰ আদেশত খুলিছিল?

উঃ ন্যায়মূর্ত্তি শ্রীকৃষ্ণমোহন পাণ্ডে, ফোজাবাদৰ আদেশত খুলিছিল। দিনাংক 1.2. 86 4 6 বাজি 27 মিনিটত অযোধ্যাৰ কাতোৱাল শ্রীবি. পি. সিঙৰ দ্বাৰা খোলা হৈছিল।



২১৭। ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন কাৰ দ্বাৰা কৰা হয়?

উঃ নির্বাচন মণ্ডলৰ দ্বাৰা।



২১৮। দিল্লীৰ প্ৰাচীন নাম কি আৰু কোনে কেতিয়া ৰাখিছিল?

উঃ দিল্লীপুৰ, ইসাৰ 57 বছৰ আগৰ ডিল্লৰ দ্বাৰা।



২১৯। সংবিধান সভাত ৰাষ্ট্ৰীয় পতাকাৰ ডিজাইনৰ স্বীকৃতি কেতিয়া প্রদান কৰিছিল?

উঃ 22 জুলাই, 1947 চনত।



২২০। সিয়াচিন গ্লেশিয়ৰ ক'ত আছে?

উঃ কাশ্মীৰত।



২২১। ৰাষ্ট্ৰীয় সমুদ্র বিজ্ঞান সংস্থান ক'ত আছে?

উঃ পঞ্জী।



২২২। পঞ্চয়তী ৰাজ প্রণালী কোন ৰাজ্যত সৰ্বপ্ৰথম প্ৰচলন কৰা হৈছিল?

উঃ মহাৰাষ্ট্ৰ আৰু ৰাজস্থান।



২২৩। টীটাগড় কি উদ্যোগৰ বাবে বিখ্যাত?

উঃ কাগজ।



২২৪। ভাৰতৰ প্ৰথম তেল শোধানাগাৰ কোনটো?

উঃ ডিগবৈ।



২২৫। চানক্য কাৰ মন্ত্ৰী আছিল?

উঃ চন্দ্রগুপ্তৰ।



২২৬। ৰাষ্ট্রপতি হ'বলৈ নিম্নতম বয়স কিমান হ'ব লাগে?

উঃ 35 বছৰ।



২২৭। শিৱাজীৰ মাকৰ নাম কি আছিল?

উঃ জীজাবাঈ।



২২৮। মহাভাৰতৰ পুৰণা নাম কি?

উঃ জয়সংহিতা।



২২৯। প্রসিদ্ধ কোহিনুৰ হীৰা ক'ৰ পৰা পোৱা যায়?

উঃ গোলকুণ্ডা খানৰ পৰা পোৱা যায়।



২৩০। ভাৰতৰ সৰ্বপ্ৰথম বাতৰি কেতিয়া আৰু ক'ৰ পৰা প্ৰচাৰিত হৈছিল?

উঃ 23 জুলাই 1927 মুম্বাইৰ এটা নিজা ৰেডিঅ' ষ্টেচনৰ পৰা।



২৩১। ভাৰতৰ ডাক সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

উঃ 1837 চনৰ পৰা।



২৩২। ভাৰতৰ স্পীড পোষ্ট কেতিয়া আৰম্ভ হৈছিল?

উঃ 1 আগষ্ট, 1986 চনৰ পৰা।



২৩৩। ভাৰতৰ প্ৰথম ডাক টিকট কেতিয়া আৰু ক'ত ছপা হৈছিল?

উঃ জুলাই 1854 চনত কলকাতাৰ টাকশালত ছপা হৈছিল?



২৩৪। ভাৰতবৰ্ষ কিমান কিঃমিঃ লৈ বিস্তৃত হৈ আছে?

উ: ভাৰতবৰ্ষ উত্তৰৰ পৰা দক্ষিণলৈ 3214 কিঃ মিঃ তথা পূবৰ পৰা পশ্চিমলৈ 2933 কিঃ মিঃ লৈ বিস্তৃত হৈ আছে।



২৩৫। বিশ্বৰ সৰ্বাধিক চেনী উৎপন্ন কৰা দেশ কোনখন?

উঃ ভাৰত।



২৩৬। ৰাজস্থানত উদৰ বেমাৰত কি দেৱতাৰ পূজা কৰে?

উঃ পাবোজী।



২৩৭। ভাৰতৰ সর্বপ্রথম চলচিত্র কেতিয়া আৰু ক'ত প্রদর্শিত হৈছিল।

উঃ 7 জুলাই, 1896 চনৰ বোম্বাইৰ বাটহংস হোটেলত সর্বপ্রথম চিনেমা প্রদর্শিত হৈছিল।



২৩৮। ভাৰতৰ সৰ্বপ্ৰথম চলচিত্ৰখনৰ নাম কি?

উঃ ৰজা হৰিশ্চন্দ্ৰ।



২৩৯। ভাৰতৰ সৰ্বপ্ৰথম চলচিত্ৰৰ ৰেকৰ্ড কৰা গানটো কি আছিল?

উঃ দে দে খুদা কে নাম প্যাবে, তাকত হেগৰ দেনে কী (চলচিত্ৰ আলমআবা)



২৪০। ভাৰতৰ সৰ্বাধিক চলা চলচিত্ৰ খনৰ নাম কি?

উঃ চোলে, মির্নবা টকীজ (বোম্বাই)।



২৪১। ভাৰতৰ চলচিত্ৰত প্ৰথম বাল্য অভিনেতা কোন আছিল?

উঃ বালচন্দ (হৰিচন্দ্ৰ)।



২৪২। প্ৰথম ভাৰতৰ চলচিত্ৰৰ প্ৰথম অভিনেতা কোন আছিল?

উঃ ডী. ডী. ভাঙ্কে আৰু চালুংক।



২৪৩। বিশ্বৰ প্ৰথম চলচিত্ৰ ঘৰ কেতিয়া আৰু ক'ত সজোৱা হৈছিল?

উঃ 1895 চনত জৈর্জিয়াৰ আটলান্টা চহৰত।



২৪৪। বিশ্বৰ সকলোতকৈ ডাঙৰ চলচিত্র ঘৰ কোনটো?

উঃ নিউয়কৰ ৰেডিঅ' চিটি মিউজিক হ'ল (ক্ষমতা চিয়াৰৰ)



২৪৫। বিশ্বৰ সকলোতকৈ ডাঙৰ টিভি টাৱাৰ কোনটো?

উঃ ভাৰত লেহত (ওখ 3,440 মিটাৰ)।



২৪৬। বিশ্বৰ সৰ্বপ্ৰথম চলচিত্র কোনখন?

উঃ লাইট অফ নিউয়ক, আমেৰিকা 19131



২৪৭। চিনেমা জগতৰ কোনগৰাকী অভিনেত্রী সংসদৰ প্ৰথম সদস্য হৈছিল?

উঃ ৰাগিস (ৰাজ্যসভা)।



২৪৮। চিনেমা জগতৰ কোনজন অভিনেতা সংসদৰ প্ৰথম সদস্য আছিল?

উঃ পৃথ্বীৰাজ কাপুৰ।



২৪৯। কোনজন ইংৰাজ প্রথম ভাৰতলৈ আহিছিল? 

উঃ। টমাচ স্টিফেনচন।



২৫০। ভাৰতত সৰ্বমুঠ কিমান ডাকঘৰ আছে? 

উঃ। প্রায় ১,৩৯,৯৫০ টা।



২৫১। ভাৰতৰ সংবিধানত মুঠ কেইটা ধাৰা আছে? উঃ। ৩৯৫টা আৰু ৯টা পৰিচ্ছন।


২৫২। ভাৰতৰ কোন ঠাইত প্রথম ক্রিকেট খেলাৰ আৰম্ভ হয়?

উঃ। ১৮৪৮ চনত, মুম্বাইত।



২৫৩। ভাৰতত দূৰদৰ্শন কেন্দ্র প্রথমে ক'ত আৰু কেতিয়া প্রতিষ্ঠা কৰা হয়?

উঃ। ১৯৫৯ চনত, নতুন দিল্লীত।



২৫৪। ভাৰতত প্রথম দুমহলীয়া ৰেল কেতিয়া চলোৱা হয়?

উঃ। সিংহগড় এক্সপ্রেছ (মুম্বাইৰ পৰা পুনালৈ) ১৯৭৮ চনৰ ১২ এপ্রিলত।



২৫৫। ভাৰতৰ সৰ্বাধিক ব্যস্ত ৰেল ষ্টেচন কোনটো? 

উঃ। শিয়ালদহ।



২৫৬। আমাৰ দেশৰ নাম ভাৰতবৰ্ষ কেনেকৈ হ'ল?

উঃ। প্রাচীনকালত আমাৰ দেশৰ নাম আছিল জন্ম দ্বীপ। পুৰণিকালত এই দেশত ৰাজত্ব কৰা ভৰত নামৰ ৰজাজনৰ নামেৰেই এই দেশৰ নাম হয় ভাৰতবৰ্ষ।



১৫৭। ভাৰতৰ কোন ঠাইত আৰু কেতিয়াৰে পৰা বেকাৰ ভাত্তা দিয়াৰ প্ৰথা প্রচলন কৰা হয়? 

উঃ। ১৯৭৮ চনৰ ১ এপ্ৰিলৰ পৰা, পশ্চিমবংগত।


২৫৮। ভাৰতৰ প্ৰথম গৰাকী অৰ্থমন্ত্ৰীৰ নাম কি? 

উঃ। শচীন চৌধুৰী।



২৫৯। ভাৰতৰ সংবিধান মুখ্য প্রণেতাৰ নাম কি?

উঃ। ড° বি. আৰ. আম্বেদকাৰ।



২৬০। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন? 

উঃ। মংগল পাণ্ডে।



২৬১। ভাৰতৰ কোনটো মন্দিৰৰ মূৰ্তি প্ৰতিবছৰে বজ্রপাতত নষ্ট হৈ যায় আৰু প্ৰতি বছৰেই নতুনকৈ নিৰ্মাণ কৰা হয়?

উঃ। কুলু উপত্যকাৰ মহাদেৱৰ মন্দিৰ। এই মন্দিৰৰ সন্মুখত ৰঙা ৰঙৰ এটি ৬০ ফুট ওখ মাস্তুল আছে। যি মাস্তুলটোৱে প্ৰতি বছৰেই বজ্ৰ আকৰ্ষণ কৰে আৰু মন্দিৰৰ ভিতৰৰ মহাদেৱৰ মূৰ্তিটো ভাঙি চূর্ণ-বিচূর্ণ হৈ যায়। পিচে প্ৰতি বছৰেই মহাদেৱৰ মূৰ্তি পুনৰ নিৰ্মাণ কৰি লোৱা হয়।



২৬২। আগ্ৰাৰ তাজমহল কেতিয়া নিৰ্মাণ কৰা হৈছিল? 

উঃ। ১৭৫৪ চনত।



২৬৩। হাওড়া আৰু মুম্বাইৰ মাজত চলাচল কৰি থকা দ্রুতগতিৰ ৰেলখনৰ নাম কি? 

উঃ। গীতাঞ্জলি এক্সপ্রেছ।



২৬৪। ভাৰতৰ কোন ঠাইত ৰকেট উৎপাদন কৰা হয়? 

উঃ। থুম্বা (কেৰালা)



২৬৫। ভাৰতৰ ডাক টিকট ক'ত ছপা কৰা হয়? 

উঃ। নাচিকত (মহাৰাষ্ট্ৰ)



২৬৬। ভাৰতৰ দীর্ঘতম বেলবিভাগ কোনটো? 

উঃ। দক্ষিণ ৰেলবিভাগ।



২৬৭। ইংৰাজসকলে ভাৰতত প্রথম ফেক্টৰী ক'ত স্থাপন কৰিছিল?

উঃ চুৰাতত।



২৬৮। জনসংখ্যা বঢ়াৰ ভাৰতৰ মুখ্য কাৰণ কি?

উঃ ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মুখ্য কাৰণ বিদেশীৰ আগমন।



২৬৯। ভূপাল দুর্ঘটনাত কি গেছ ওলাইছিল?

উঃ মিথাইল আইচো চায়োনেট।



২৭০। ৰামকৃষ্ণ মিছন কোনে, কেতিয়া প্রতিষ্ঠা কৰে?

উঃ। স্বামী বিবেকানন্দই, ১৮৯৭ চনৰ ৬ ফেব্ৰুৱাৰীত।



২৭১। পথিবীৰ কোন দেশত একেজোপা গছত একেলগে ২৩ ধৰণৰ ফল লাগে?

উঃ। চাইপ্রাচ চিত্কোৰ এজন লোকে বহুতো গছৰ কলম একত্ৰিত কৰি ৰোৱা এজোপা গছত।



২৭২। কোন দেশত তিনিমহীয়া শিশুক সাঁতোৰ শিকোৱা হয়? 

উঃ। পশ্চিম জার্মানীত।



২৭৩। আটাইতকৈ ডাঙৰ আৰু শক্তিশালী বাডাৰ কোন দেশত আবিষ্কাৰ কৰে?

উঃ। ৰাছিয়া।



২৭৪। মানুহে কোনবিধ তৰল খাদ্য খাই গোটেই জীবন বাচি থাকিব পাৰে?

উঃ। গাখীৰ।



২৭৫। কোন দেশত কঠাল গছত খেজুৰৰ বস পোৱা যায়?

উঃ। বাংলাদেশৰ মকবুল মিয়াৰ কঠাল গছত।



২৭৬। পৃথিবীৰ আটাইতকৈ ওখ আৰু বিখ্যাত গছ কোনটো?

উঃ। কিলিফোর্ণিয়া গছ (আমেৰিকা)। ৫৬০ ফুট ওখ গছজোপাৰ বয়স প্রায় এহেজাৰ বছৰ।



২৭৭। মাংসাহাৰী গছ ক'ত আছে?

উঃ। আফ্রিকা আৰু দক্ষিণ আফ্রিকাৰ কিছুমান অঞ্চলত এবিধ গছ আছে, যিবোৰে পশু-পক্ষী খায়।



২৭৮। বৰষুণ দিয়া গছ ক'ত আছে?

উঃ। দক্ষিণ আফ্রিকাত এক ধৰণৰ গছ আছে, যিবোৰ গছৰ পৰা ৰ'দৰ তাপত বৰষুণৰ দৰে পানী সৰি থাকে।



২৭৯। দুগ্ধ বৃক্ষ কি আৰু ক'ত আছে।

উঃ। আমেৰিকাত এবিধ গছ আছে, যিবোৰ গছৰ গুৰিৰ ফালে কাটি দিলে গাখীৰ ওলায়। এই গাখীৰ আৰু পুষ্টিকৰ।



২৮০। দিনৰ পোহৰৰ লগে লগে কি ফুলৰ বং সলনি হয়? 

উঃ। স্থলপদ্ম।



২৮১। কোন দেশ নাৰীবর্জিত?

উঃ। গ্ৰীচৰ এটি সৰু দ্বীপ, যাৰ নাম কেবিচ এথোচ। পুৰুষ অধ্যুসিত এই ঠাইৰ আটাইবোৰ পুৰুষেই সন্ন্যাসী।



২৮২। পৃথিবীৰ কোন মছজিদ হিন্দু মন্দিৰৰূপে পৰিচিত?

উঃ। কাশ্মীৰৰ বেগ মাধৱৰ ধ্বজা।



২৮৩। গ্রেণ্ডট্রাঙ্ক বোড কাৰ আমোলত নির্মিত?

উঃ। ছেৰছাহৰ আমোলত। বাংলাদেশৰ পৰা পঞ্জাবলৈকে তেওঁ যি প্রশস্থ পথ নির্মাণ কৰাইছিল, সেইটোৰ নাম গ্রেণ্ডট্রাঙ্ক ৰোড।



২৮৪। কোন প্রাণীয়ে সাঁতুৰি সাঁতুৰি পিছলৈ যায়? 

উঃ। অক্টোপাছ।



২৮৫। কোন বিদেশী মহিলাই সর্বপ্রথমে হিন্দুধর্ম গ্রহণ কৰিছিল?

উঃ। উত্তৰ আয়াৰলেণ্ডৰ মিচ মার্গাৰেট নোবেল। তেওঁ স্বামী বিবেকানন্দর শিষ্যত্ব গ্রহণ কৰিছিল। পাছত তেওঁৰ নাম হয়গৈ ভগিনী নিবেদিতা।



২৮৬। কোন চৰায়ে ফুলেৰে বাস সাজে?

উঃ। দক্ষিণ আমেৰিকাৰ চিলি অঞ্চলৰ গভীৰ অৰণ্যত থকা গুইড গাইড নামৰ এবিধ চৰাই।



২৮৭। কোন চৰায়ে উৰি যাওঁতে কণী পাৰে? 

উঃ। হোমা চৰায়ে।



২৮৮। কোন চৰায়ে বালি, শিল আদিৰ সহায়ত বাহ সাজে?

উঃ। অস্ট্রেলিয়াৰ মেগাপোড চৰায়ে।



২৮৯। কোন চৰাইৰ মাত কুকুৰৰ নিচিনা?

উঃ। নিউগিনিৰ অৰণ্যত থকা মালী চৰাই। ইহঁতে জুপুৰি ঘৰৰ দৰে ঘৰ সাজে আৰু সম্মুখভাগত ৰঙীন ফুল আৰু শামুকৰ খোলেৰে ঘৰ সজায়।



২৯০। কোন সাপে গৈ থাকোঁতে ঝুম ঝুমকৈ শব্দ কৰে?

উঃ। দক্ষিণ আমেৰিকাৰ এক ধৰণৰ সাপ- নাম ৰেটল স্নেক।



২৯১। কোন গছৰ ফলে পোহৰ দিয়ে?

উঃ। ফিলিপাইন দীপপুঞ্জৰ বাংগিলুচ বেংগ গছৰ একো একোটা ফলে ১৫ মিনিটকৈ পোহৰ দিয়ে।



২৯২। মনুষ্য কম্পিউটাৰ কোন? 

উঃ। ভাৰতৰ শকুন্তলা দেবী।



২৯৩। কোন সাম্রাজ্য নীলামত বিক্রী হৈছিল?

উঃ। ১৯৩ খ্রীঃত পেটিনেক্সৰ মৃত্যুৰ পাছত ৰোম সাম্রাজ্যক নীলামত বিক্রী কৰা হৈছিল।



২৯৪। কোন ৰাণীয়ে নিজৰ স্বামী পুত্ৰক হত্যা কৰি সিংহাসন দখল কৰে?

উঃ। ৰাছিয়াৰ ৰাণী কেথৰিন দি গ্রেট নামৰ ৰাণীয়ে এই কাম কৰিছিল।



২৯৫। কোন ৰজাই শাস্তি দিবলৈ গৈ অপৰাধীক জোতা খুৱাইছিল?

উঃ।' স্পেইনৰ বজা দ্বিতীয় ফিলিপচ। ৰজাৰ জোতা সৰু কৰাৰ অপৰাধত সেই মিস্ত্রীক জোতা খাবলৈ বাধ্য কৰিছিল।



২৯৬। হাত আৰু ভৰিত ৭ টাকৈ আঙুলি থকা মানুহ ক'ত আছে?

উঃ। স্পেইনৰ মাদ্রিদ চহৰৰ কিছু দূৰত থকা ফেব তৰাডিবুই ট্রাগো নামৰ গাঁৱত।



২৯৭। কোন নদীত মাছ নাই? 

উঃ। জর্ডন নদীত।



২৯৮। ময়ূৰৰ নেজত কেইটা পাখি আছে? 

উঃ। ১৮ টা।



২৯৯। কোন ঠাইৰ মহিলাই বিয়াৰ আগলৈকে গছৰ ওপৰত ৰাতি কটায়?

উঃ। নিউ গায়নাৰ মহিলাই বিয়াৰ আগলৈকে গছৰ ওপৰত ঘৰ সাজি সমবেত হৈ বাস কৰে।



৩০০। কোন ঠাইৰ মানুহে অকল সুহুৰি বজাই কথা-বতৰাৰ কাম চলায়?

উঃ। কেনাৰী দ্বীপপুঞ্জৰ অধিবাসীসকলে।



৩০১। কোন ঠাইব জন্তুৰ বং বগা? 

উঃ। মেৰুপ্রদেশৰ।



৩০২। তাজমহলৰ উচ্চতা কিমান? 

উঃ। ১৭৮ ফুট।



৩০৩। চাৰমিনাৰৰ উচ্চতা কিমান? 

উঃ। ১৮৬ ফুট।



৩০৪। ভিক্টোৰিয়া মেমোৰিয়েলৰ উচ্চতা কিমান? 

উঃ। ১৮২ ফুট।



৩০৫। কাঞ্চনজঙ্ঘাৰ উচ্চতা কিমান? 

উঃ। ২৮,২০৮ ফুট।



৩০৬। তাজমহলৰ প্ৰধান কাৰিকৰজনৰ নাম কি? 

উঃ। ওস্তাদ ঈশা।



৩০৭। বিহাৰৰ শোন ব্রীজৰ দৈর্ঘ্য কিমান? 

উঃ। ১০,০৫২ ফুট।



৩০৮। পুৰীৰ জগন্নাথ মন্দিৰৰ উচ্চতা কিমান?

উঃ। ১৪২ ফুট।



৩০৯। শ্বহীদ মিনাৰৰ উচ্চতা কিমান? 

উঃ। ১৫২ ফুট।



৩১০। কুতুব মিনাৰৰ উচ্চতা কিমান? 

উঃ। ২৮৮ ফুট।



৩১১। কোন দেশত কৰ নাই, সৈন্য নাই, পুলিচ নাই? 

উঃ। এণ্ডোৰা।



৩১২। কোন দেশৰ মানুহে মাটিৰ বাহিৰে আন একোকে নেখায়?

উঃ। আফ্ৰিকাৰ আদিবাসীসকলে নীলনদীৰ মাটি পুৰি খায়।


৩১৩। গছৰ ওপৰত কোন ঠাইৰ মানুহে বাস কৰে? 

উঃ। আফ্রিকাৰ নপুৱানসকলে।



৩১৪। পৃথিৱীৰ প্ৰথম চিৰিয়াখানা কোনে ক'ত আৰম্ভ কৰিছিল?

উঃ। ১১৫০ চনত চীনৰ এজন বজাই প্রথম এখনি ব্যক্তিগত চিৰিয়াখানা প্রতিষ্ঠা কৰিছিল। ১৭৯৩ চনতহে পেৰিচত ৰাজহুৱা চিৰিয়াখানা প্রতিষ্ঠা কৰা হয়।



৩১৫। কোন মহিলাই বিশ্বৰ ভিতৰতে সৰ্বাধিক উপাধি লাভ কৰিছে?

উঃ। বৃটেইনৰ ৰাণী ভিক্টোৰিয়া।



৩১৬। কোন পশুৱে পানী নেখায়? 

উঃ। আফ্ৰিকাৰ কৃষ্ণমৃগ। 



৩১৭। ইলেকট্রিক মাছ কি?

উঃ। গভীৰ সমুদ্ৰত ইল নামৰ সাপৰ আকৃতিৰ এবিধ মাছ আছে। ইহঁতৰ শৰীৰৰ পৰা বৈদ্যুতিক শক্তি উৎপন্ন হয়।



৩১৮। কলিং মাছ কি?

উঃ। আফ্ৰিকাৰ এবিধ মাছ- নাম 'মোফিন'। এই মাছৰ মুখেৰে এনেকুৱা শব্দ ওলায়- যি শব্দ শুনাত কলিং বেলৰ শব্দৰ দৰে।



৩১৯। কোন মাছে গছত বাহ সাজে?

উঃ। স্পিডল মাছ। দেখাত কাৱৈ মাছৰ দৰে ইহঁতে পানীৰ কাষত থকা সৰু সৰু গছত শেলাই জাতীয় ঘাঁহেৰে বাহ সাজে আৰু কণী পাৰে।



৩২০। কোন জন্তুৱে চকু আৰু নাকেৰে নিঃশ্বাস এৰে? 

উঃ। হৰিণা।



৩২১। কোন প্রাণীৰ কোনো লিঙ্গ পরিচয় নাই আৰু চকুৰেও নেদেখে?

উঃ। কেঁচু আৰু উই।



৩২২। কোন প্রাণীয়ে মাটিত চলাচল কৰিব নোৱাবে?

উঃ। শ্লথ। চাৰিঠেঙীয়া এইবিধ প্ৰাণীৰ দাঁত নাই। উহঁতে গছৰ ডালত ওলমি থাকে।



৩২৩। কোন ঠাইত প্রত্যেক পৰিয়ালতে একোটাকৈ জীৱন্ত সাপ পুহি ৰখা হয়?

উঃ। মহাৰাষ্ট্ৰৰ কোলাপুৰ জিলাৰ স্বেতপাৰ গাঁৱত।



৩২৪। কোন মন্দিৰত এন্দুৰক খোৱাই-বোৱাই ডাঙৰ কৰা হয়?

উঃ। ৰাজস্থানৰ দেশনোক গাঁৱৰ মন্দিৰত।



৩২৫। কোল মাউচ কি?

উঃ। এয়া এন্দুৰ নহয়, উত্তৰ আমেৰিকাৰ এক ধৰণৰ ক'লা বৰণৰ চৰাই।



৩২৬। ডাক বিল (Duck Bill) কি?

উঃ। অষ্ট্ৰেলিয়াৰ এবিধ চৰাই। ইহঁতে কণী পাৰে, অথচ পোৱালিবোৰক স্তন্যপান কৰায়।



৩২৭। কোন চৰায়ে মানুহৰ দৰে খোজকাঢ়ে? 

উঃ। পেঙ্গুইনে।



৩২৮। কোন চৰাইৰ ডেউকা নাই? 

উঃ। কিউ ই চৰাইৰ।



৩২৯। দিগদর্শন গছ কি? 

উঃ। উত্তৰ আমেৰিকাৰ এবিধ গছ। এই গছৰ পাত আৰু ডাল সকলো সময়তে উত্তৰফলে থাকে।



৩৩০। ভাৰতৰ প্ৰথম ভূ-পর্যটক কোন আছিল? 

উঃ। বিমল মুখার্জী (১৯২৬)।



৩৩১। কোন মাছে গাখীৰ দিয়ে আৰু কণীৰ পৰিৱৰ্তে পোৱালি দিয়ে? 

উঃ। তিমি মাছ।



৩৩২। কোন প্রাণীয়ে মুখেৰে পানী নেখায়?

উঃ। ভেকুলীয়ে মুখেৰে পানী নেখায়, শৰীৰৰ ফুটাৰে পানী খুহি লয়।



৩৩৩। কোন প্রাণীৰ গতিবেগ অতি বেছি?

উঃ। মাখি। ঘণ্টাত ৫০০/৬০০ মাইল আৰু ঈগল ঘণ্টাত ১৭০/১৮০ মাইল যাব পাৰে।



৩৩৪। ফাঁচী দিয়াৰ পাছতো কোন জীয়াই আছিল?

উঃ। ফ্ৰান্সৰ পেৰিচত মাৰু ইচৰ ফেবাৰিচক কাউণ্টাৰ ৰিভিলিউশ্যানাৰীৰূপে ফাঁচী দিয়া হয় আৰু মৃত বুলি ঘোষণা কৰি পৰিয়ালৰ হাতত তুলি দিয়া হয়। তাৰ পাছত হঠাতে তেওঁ চকু মেলি চায় আৰু জী উঠে। ১৭৯০ চনতহে তেওঁৰ মৃত্যু হয়।



৩৩৫। লোহাৰ হাওঁফাওঁ লৈ জীয়াই আছে?

উঃ। কেলিফোর্ণিয়াৰ লাক্ৰেচেন্টো নিবাসিনী লবেলনেচিবটাই লোহাৰ কৃত্রিম হাওঁফাওঁৰ সহায়ত ১৯৪৮ চনৰ ১৯ জুনৰ পৰা জীয়াই আছে।



৩৩৬। হৃৎকম্পন বন্ধ হোৱাৰ পাছতো জীয়াই থকাৰ অভিলেখ কোনে সৃষ্টি কৰে?

উঃ। কানাডাৰ উইনিগেগ মেডিকেল চেণ্টাৰত ১৯৭৭ চনৰ ২ জানুৱাৰীত ৰুগ্ন কুমাৰী জীন জবোনৰ হৃৎকম্পন ৩ ঘণ্টা ৩২ মিনিট সময় বন্ধ হৈ আছিল। সেই সময়ত ১৭ জন চিকিৎসকৰ অশেষ চেষ্টাৰ পাছত বোগিণীগৰাকী উঠিছিল।



৩৩৭। 'Happy Birthday to you' গীতটো ক্যাৰ ৰচনা?

উঃ। ১৯৩৬ চনত এই গীতটো ৰচনা কৰিছিল ডিলডার্ড পেটিহিল।



৩৩৮। টুথপেষ্টৰ আৱিষ্কাৰক কোন?

উঃ। উইলিয়াম এডিছ। কাৰাবাসত থকা কালতেই তেওঁ আৱিষ্কাৰ কৰিছিল।



৩৩৯। পৃথিবীৰ আটাইতকৈ ডাঙৰ ফুল কি?

উঃ। বেকলিজিয়া। ইয়াৰ ব্যাস ৩০-৩৭ চেঃমিঃ হয়। সম্পূর্ণরূপে ফুলিবলৈ সময় লাগে ৩ দিন। সুমাত্রা নামৰ ঠাইত এই ফুল পোৱা যায়।



৩৪০। দূৰদৰ্শনৰ প্ৰাৰম্ভিক আৱহ সংগীতৰ স্ৰষ্টা কান? 

উঃ। পণ্ডিত ৰবিশংকৰ।



৩৪১। হাৰমোনিয়াম কোনে আবিষ্কাৰ কৰে?

উঃ। ১৮১৮ খ্রীঃত ভিয়েনাৰ এণ্টন হেকেন নামৰ এজন লোকে 'ফিল হাৰমনিকা' নামৰ এটি বাদ্যযন্ত্র তৈয়াৰ কৰে। পাছত ফ্ৰান্সৰ দ্যাবে নামৰ এজন লোকে ১৮৪০ চনত হাৰমোনিকাৰ নতুন ৰূপ দি বৰ্তমানৰ 'হাৰমোনিয়াম' তৈয়াৰ কৰে।



৩৪২। কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰে? 

উঃ। চার্লচ্ বাবু লীগ।



৩৪৩। S.T.D., I.S.D. আৰু FAX অৰ সম্পূর্ণ নাম কি কি?

উঃ। S.T.D-Subscribers Trunk Dialling, I.S.D-International Sub-scribers Dialling, FAX-Facility of Automated Xerox.



৩৪৪। Ice-Cream ৰ আবিষ্কাৰ কেতিয়া হয়? 

উঃ। ১৬৬০ খ্রীঃত, ফ্রান্সত।



৩৪৫। কোন ৰজাৰ ৰাজত্বকাল আছিল অতি কম?

উঃ। শ্রীলঙ্কাৰ বিক্ৰমবাহু। অভিষেকৰ মাত্র দুঘণ্টাৰ পাছতেই তেওঁৰ মৃত্যু হয়।



৩৪৬। কোনসকল লোক "মেগি' নামেৰে পৰিচিত আছিল?

উঃ। যীশুখ্ৰীষ্টৰ জন্মৰ সময়ত যি তিনিজন বিদেশীয়ে নৱজাতকক আর্শীবাদ দিবলৈ আহিছিল, তেওঁলোকে মেগি নামেৰে পৰিচিত আছিল।



৩৪৭। বিশ্ববেংকে কেতিয়া প্রতিষ্ঠিত হয়? 

উঃ। ১৯৪৬ চনত।



৩৪৮। মাদাৰ টেৰেছাৰ প্ৰকৃত নাম কি? 

উঃ। Agness Gynxha Bejaxhiu.



৩৪৯। ইংৰাজীৰ সৰ্বাধিক ব্যৱহৃত শব্দবোৰ কি কি?

উঃ। I, the, and, of, it, is, was আৰু that ইত্যাদি।



৩৫০। ইংৰাজীত সর্বাধিক ব্যৱহৃত আখৰটো কি? 

উঃ। E.



৩৫১। 'সাৰে জাহা সে আচ্ছা' গীতটি কাৰ ৰচনা? 

উঃ। মহমদ ইকবাল।



৩৫২। নেনো চেকেণ্ড কি? 

উঃ। এক চেকেণ্ডৰ এক লাখ ভাগৰ এভাগ।



৩৫৩। থার্মোমিটাৰৰ আৱিষ্কাৰক কোন?

উঃ। জার্মানীৰ ডি.ডি. ফাৰেনহাইট, ১৭১৪ চনত



৩৫৪। Type writer অব আৱিষ্কাৰক কোন? 

উঃ। আমেৰিকাৰ চোমচ্ (১৮৬৮ চন)।



৩৫৫। পঞ্চতীর্থ কি কি? 

উঃ। কুৰুক্ষেত্র, গয়া, গন্ধা, প্রভাস, পুদ্ধৰ।



৩৫৬। কোন জন্তুৰ ৪টা পাকস্থলী? 

উঃ। গৰুৰ।



৩৫৭। Statue of Liberty কি আৰু ক'ত?

উঃ। ব্ৰঞ্জৰ দ্বাৰা নির্মিত এক বিশাল নাৰীমূর্তি। নিউইয়ৰ্কৰ ফদৰ বন্দৰৰ সম্মুখৰ বেডালোৰ দ্বীপ'ত এই মূর্তি আছে।



৩৫৮। 'ফিলাটেলি' (Philately) কাক বোলে?

উঃ। ডাকটিকট সংগ্ৰহৰ নিচাটোকে ফিলাটেলি বোলে।



৩৫৯। Post Card কেতিয়াৰে পৰা প্ৰচলিত হয়? 

উঃ। ১৮০৮ চনত, অস্ট্রিয়াত।



৩৬০। কোন প্রাণী উভয়লিঙ্গ? 

উঃ। কেঁচু আৰু উই।



৩৬১। আমাৰ দেশত আটাইতকৈ কম অক্ষৰযুক্ত বেল ষ্টেচনৰ নাম কি?

উ:। ইব। উৰিষ্যাত।



৩৬২। কোন বিজ্ঞানীয়ে দুবাৰকৈ নোবেল পুৰস্কাৰ লাভ কৰে?

উঃ। ফৰাচী মহিলা বিজ্ঞানী মাদাম কুৰী।



৩৬৩। কোন ইংৰাজী বাক্যত A to Z. লৈকে আটাইবোৰ আখৰ যুক্ত আছে?

উঃ। A quick brown fox for jumps over the lazy dog.



৩৬৪। কার্ডিঅ'গ্রাম (Cardiogram) কি?

উঃ। হৃৎস্পন্দনৰ গতি পৰিমাপৰ কাৰণে ব্যৱহাৰ কৰাৰ যন্ত্র।



৩৬৫। কোনজন সাধাৰণ ঠিকাদাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল? 

উঃ। এইচ, ডি, দেবগৌড়া।



৩৬৬। কোন লেখকে এন্ধাৰ ঘৰৰ বাহিৰে আন ক'তো লিখিব পৰা নাছিল?

উঃ। ফৰাচী লেখক এমিল জোলা।



৩৬৭। কোনজন লেখকে যিমানবাৰেই লেখিবলৈ বহে, প্রতিবাৰেই একোটা নতুন কলম ব্যৱহাৰ কৰে? 

উঃ। আলেকজেণ্ডাৰ ডুমা।



৩৬৮। কোনজন কবিয়ে প্রত্যেকটো কবিতা লেখাৰ আগে আগে প্রতিবাৰ একোটাকৈ বগা চোলা পিন্ধি লৈছিল? 

উঃ। বিখ্যাত কবি শোলী।



৩৬৯। কেৰাটে শব্দৰ অর্থ কি? 

উঃ। খালি হাত (Empty hand)



৩৭০। AIDS ৰোগটোৰ সম্পূৰ্ণ নাম কি?

উঃ। একোয়ার্ড ইমিউন ডেফিচিয়েন্সি চিন্ড্রম।



৩৭১। কোন মন্ত্রীয়ে প্রতিশ্রুতি ৰক্ষা কৰিব নোৱাৰি নিজৰ মূৰৰ টুপী খাই পেলাইছিল?

উঃ। ১৯৫৯ চনত আমেৰিকাৰ শ্রমমন্ত্ৰীয়ে নিজৰ প্ৰতিশ্রুতি অনুসৰি বেকাৰ সমস্যাৰ সমাধান কৰিব নোৱাৰি নিজৰ টুপীটো খাই পেলাইছিল। অৱশ্যে টুপীটো আছিল কেকৰে নিৰ্মিত।



৩৭২। কোন নেতাৰ মৃত্যুৰ আগতেই তেওঁৰ মৃত্যু সংবাদ লোকসভাত ঘোষণা কৰা হৈছিল?

উঃ। লোকনায়ক জয়প্রকাশ নাৰায়ণৰ।



৩৭৩। কোন প্ৰাণীৰ দাঁতৰ সংখ্যা আটাইতকৈ বেছি?

উঃ। শামুকৰ। ১৪,১৭৫ টা দাঁত ১৩৫ টা পাৰিত সজোৱা থাকে।







Post a Comment

0Comments
Post a Comment (0)