টেলিভিছন আৰু বিজ্ঞাপন - অসমীয়া ৰচনা Assamese Essay

টেলিভিছন আৰু বিজ্ঞাপন - অসমীয়া ৰচনা Assamese Essay for School, HSLC, HS, Degree College Students 

টেলিভিছন আৰু বিজ্ঞাপন - অসমীয়া ৰচনা Assamese Essay on Television for School, HSLC, HS, Degree College Students 


টেলিভিছন আৰু বিজ্ঞাপন 

টেলিভিছন আৰু বিজ্ঞাপন - অসমীয়া ৰচনা Assamese Essay on Television for School, HSLC, HS, Degree College Students 

বিজ্ঞানৰ জয়যাত্ৰাৰ লগে লগে ক্ৰমাৎ উন্মােচিত হ’বলৈ ধৰিছে প্রকৃতিৰ অফুৰন্ত ৰহস্য। এটা সময়ত যি প্ৰকৃতিয়ে মানহৰ ওচৰত অসীম ৰহস্যৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল, আজি তাক ভেদ কৰিবলৈ সক্ষম হৈছে বিজ্ঞান। মানৱ সভ্যতাক বিজ্ঞানেই আগুৱাই লৈ গৈ আছে। অৱশ্যে বিজ্ঞানৰ ধ্বংসাত্মক দিশবােৰক উলাই কৰিব নােৱাৰি। বিজ্ঞানৰ প্ৰভাৱত উন্নতি হলেও সৃষ্টি হৈছে ভয়াবহ প্ৰদুষণ, ধ্বংসৰ মুখলৈ আগবাঢ়িহে সংস্কৃতি, কৃষ্টি। টেলিভিছনৰ বিজ্ঞাপনে আমাৰ যুগ যুগ ধৰি চলি অহা পৰম্পৰা, বিশ্বাস, সংস্কৃতিত আঘাত হানিছে। টেলিভিছন বিনােদন জনপ্রিয় মাধ্যম হলেও এই যুগত টেলিভিছনৰ মাধ্যমত বিজ্ঞাপন এক বিৰাট অৱদান। বর্তমান যুগ বিজ্ঞাপনৰ যুগ। বিজ্ঞাপনৰ সহায়তেই বৃহৎ উদ্যোগপতি বােৰে বিশ্বজুৰি চলাই আছে ব্যৱসায়। তাৰ বাবেই সাধাৰণ লােকক বিজ্ঞাপন যােগে অকৰ্ষণ কৰাৰ বাবে চেষ্টাৰ জুটি কৰা নাই। 

টেলিভিছন আৰু বিজ্ঞাপন - অসমীয়া ৰচনা Assamese Essay on Television for School, HSLC, HS, Degree College Students 

গাড়ী, মটৰ চাইকেল, চাইকেল,হিং মেচিন, ফ্রিজ, প্রসাধনজাত সামগ্রী, খােৱা সামগ্রী,শীতল পানীয় আদিৰআলেখ বিজ্ঞাপনৰে ভৰি থাকে আজিৰ টেলিভিছনৰ বিবিধ কাৰ্যসূচী। টেলিভিছনত কম্পিউটাৰ আৰু ইলেকট্রনিক শিল্পৰ কাৰুকাৰ্যই বিজ্ঞাপনক আকর্ষণীয় কৰি তুলিছে। বিজ্ঞাপনৰ ভাষাৰ চাতুর্য আৰু আধুনিকতাই আমাক আকর্ষণ কৰে। ব্যবসায়িক স্বার্থ ৰক্ষাৰ বাবে আমাৰ দেশত টেলিভিছনক যাৰ যেনেকুৱা ইচ্ছা তেনেকৈ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। সামাজিক অবক্ষয় সত্ত্বেও এই ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপ কম। তাৰবাবেই অপসংস্কৃতিৰ দিশে গতি কৰিছে সমাজ। ব্যৱসায়ীসকলৰ বাবে মুনাফাই মূল কথা, যত সমাজ-সংস্কৃতিৰ কোনাে স্থান নাই। ভাৰতৰ টেলিভিছন জগতত বাণিজ্য সংস্থা কর্তৃত্ব ক্রমাৎ বৃদ্ধি পাইছে। 

টেলিভিছন আৰু বিজ্ঞাপন - অসমীয়া ৰচনা Assamese Essay on Television for School, HSLC, HS, Degree College Students 

বিজ্ঞাপনৰ যােগেদি ধন অৰ্জনৰ স্বাৰ্থত টেলিভিছনৰ বিভিন্ন চেনেলৰ মাজত অহৰহ প্রতিযােগিতা চলিছে। নিজৰ চেনেলৰ জনপ্রিয়তা বঢ়াবলৈ এনে কাৰ্যসূচীও প্ৰচাৰ কৰি থকা হৈছে যিবােৰ সমাজ আৰু সংস্কৃতিৰ বাবে ক্ষতিকাৰক। শিশু, যুৱচামৰ ওপৰত ইয়াৰ কু-প্রভাব স্পষ্টকৈ পৰিবলৈ ধৰিছে। বিজ্ঞাপন আকর্ষণীয় কৰিবলৈ অতি কৌশলেৰে নগ্নতাৰ আশ্রয় গ্রহণ কৰিবলৈ কুণ্ঠাবােধ নকৰা পৰিস্থিতি উদ্ভৱ হৈছে। বহুক্ষেত্ৰত কোনাে প্রয়ােজন নথকা সত্ত্বেও স্বল্পবস্ত্রা নাৰীক বিজ্ঞাপনত ব্যৱহাৰ কৰা হৈছে। 

টেলিভিছন আৰু বিজ্ঞাপন - অসমীয়া ৰচনা Assamese Essay on Television for School, HSLC, HS, Degree College Students 

বিজ্ঞাপন বােৰ এনে হৈ পৰিছে যে পৰিয়ালৰ সকলাে লােক একেলগে বহি থাকিলে অস্বস্তিকৰ অৱস্থাৰ সন্মুখীন হ'বলগীয়া হয়। টেলিভিছনৰ বিজ্ঞাপনৰ পিছত সাম্রাজ্যবাদী আৰু পুজিবাদী চক্ৰৰ ভূমিকা আছে। প্রত্যেক দেশৰ যুৱসমাজক বিভ্রান্ত কৰি তেওঁলােকে শশাষণৰ প্রচেষ্টা অব্যাহত ৰাখিছে। কোনাে প্রতিবােধ যাতে গঢ়ি নঠে তাৰ প্ৰচেষ্টা চলিছে। অলেখ ক্রুটি থকা সত্ত্বেও বিজ্ঞাপন অবিহনে টেলিভিছন জগত কল্পনা কৰিব নােৱাৰি। তাৰ বাবেই বিজ্ঞাপনসমূহ যাতে ভাৰতীয় সংস্কৃতি আৰু বিশ্বাসৰ বাধা নহয় তাৰ প্ৰতি চকু দিব লাগিব। বিজ্ঞাপনত নাৰীক পণ্য হিচাপে ব্যৱহাৰৰ পৰম্পৰাক সকলােৱে বাধা দিব লাগিব। এই ক্ষেত্ৰত নাৰী সমাজ আৰু যুৱসমাজৰ ভূমিকাও গুৰুত্বপূৰ্ণ হ'ব। 


*****

টেলিভিছন আৰু বিজ্ঞাপন - অসমীয়া ৰচনা Assamese Essay on Television for School, HSLC, HS, Degree College Students 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.