সাধাৰণ জ্ঞানৰ প্রশ্ন উত্তৰ GK General Knowledge

৬৫+ সাধাৰণ জ্ঞানৰ প্রশ্ন উত্তৰ GK General Knowledge in Assamese - Khuj2 - Assamese GK

৬৫+ সাধাৰণ জ্ঞানৰ প্রশ্ন উত্তৰ GK General Knowledge in Assamese - Khuj2 - Assamese GK
সাধাৰণ জ্ঞানৰ প্রশ্ন উত্তৰ GK General Knowledge In Assamese 


This article includes Science GK, Social Science GK, Geography GK. We hope this will help you to understand and to study. বিভিন্ন ধৰণৰ বিশেষকৈ বিজ্ঞান, সমাজ বিজ্ঞান, ভূগোল আদিৰ লগত জড়িত থকা সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ কেইটামান ছাত্র ছাত্রীৰ সহায় হোৱাকৈ আগবঢ়োৱা হৈছে-


সাধাৰণ জ্ঞানৰ প্রশ্ন উত্তৰ GK General Knowledge In Assamese 


১। পৃথিৱীৰ আকাৰ কেনেকুৱা? 

উঃ পৃথিৱীৰ আকাৰ ঘূৰণীয়া; কিন্তু সম্পূৰ্ণৰূপে ঘূৰণীয়া নহয়। পৃথিৱীৰ দুই মূৰ অলপ চাপ খােৱা আৰু মাজ ভাগ অলপ উঠঙা। 


২। পৃথিৱীৰ উপৰিভাগ কিহেৰে আবৃত? 

উঃ পৃথিৱীৰ উপৰিভাগ মাটি আৰু পানীৰে আবৃত। মাটিৰ পৰিমাণ প্রায় তিনি ভাগৰ এভাগ আৰু পানীৰ পৰিমাণ প্রায় তিনি ভাগৰ দুভাগ। 


৩। ‘ভৌগােলিক' শব্দটোৰ অর্থ কি? 

উঃ ভূগােল সম্পর্কীয়। 


৪। ভৌগােলিক মতে পৃথিৱীৰ জলভাগক কেইভাগত ভাগ কৰিছে? 

উঃ পাঁচ ভাগত ভাগ কৰি প্রত্যেক ভাগক ‘মহাসাগৰ’ নাম দিছে। 

ক। প্রশান্ত মহাসাগৰ, 

খ। আটলান্টিক মহাসাগৰ, 

গ। ভাৰত মহাসাগৰ 

ঘ। উত্তৰ মহাসাগৰ আৰু 

ঙ। দক্ষিণ মহাসাগৰ। 


৫। মেঘ কেনেকৈ হয়? 

উঃ সূৰ্য্যৰ তাপত খাল, বিল, নৈ, সাগৰ আদিৰ পানী ভাপ (জলীয় বাষ্প) হৈ ওপৰলৈ উঠে। এই ভাপবােৰ ওপৰৰ শীতল বতাহৰ সংস্পৰ্শত কিছু ডাঠ হৈ মেঘৰ সৃষ্টি হয় আৰু বতাহত ভাহি ফুৰে। বায়ুৰ চলাচল লগতে মেঘাে লৰচৰ হৈ থাকে। 


৬। বৰষুণ দিয়ে কিয়? 

উঃ মেঘত থকা জলীয় বাষ্পবােৰ ওচৰৰ চেঁচা বতাহৰ সংস্পৰ্শত ডাঠ হৈ আয়তনত বাঢ়ে আৰু সৰু সৰু পানীৰ কণিকাত পৰিণত হয়। যিমান আয়তন বাঢ়ে, ক্রমেই বতাহতকৈ গধূৰ হয় আৰু ওপৰত ভাহি থাকিব নােৱাৰি পানীৰ টোপালৰূপে পৃথিৱীত পৰিবলৈ ধৰে। ইয়াকেই বৰষুণ বােলে। 


৭। শিলবৰষুণ হয় কিয়? 

উঃ বেছি ওপৰত থকা মেঘবােৰত কেতিয়াবা অতি চেঁচা বতাহ লাগিলে মেঘৰ জলীয় বাষ্পবােৰ গােট মাৰি সৰু সৰু বৰফৰ টুকুৰাৰ দৰে হয় আৰু তললৈ পৰিবলৈ ধৰে। ইয়াকেই ‘শিল বৰষুণ’ বা ‘শিলাবৃষ্টি বােলে। বৰফৰ টুকুৰবােৰ তললৈ নামি আহোঁতে গম বতাহৰ সংস্পৰ্শত কিছু অংশ গলি বৰষুণৰ টোপাল হয় আৰু সেই বৰষুণৰ টোপালৰ লগতে বৰফৰ অৱশিষ্ট অংশবােৰ আহি পৃথিৱীত পৰে। 


৮। ৰামধেনু কি? 

উঃ কেতিয়াবা কেতিয়াবা বৰষুণৰ পিছত পৰিষ্কাৰ আকাশত মেঘত থকা জল কণিকাৰ ওপৰত সূৰ্য্যৰ ৰশ্মিৰ সাতােটা ৰং পৃথক পৃথক হৈ আকাশত দেখা যায়। ইয়াকেই ৰামধেনু’ বােলে। ৰামধেনুত বেঙুনীয়া, নীলা, গাঢ় নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। এই সাতােটা ৰং থাকে। ৰামধেনু সদায় সূৰ্য্যৰ বিপৰীত ফালেহে দেখা যায়। 


৯। জোৱাৰ-ভাটা কিয় হয়? 

উঃ চন্দ্ৰ আৰু সূৰ্য্যৰ আকৰ্ষণৰ ফলত সাগৰৰ পানী ওফন্দি ওপৰলৈ উঠি যায়। ইয়াকে ‘জোৱাৰ-ভাটা’ বােলে। 


১০। ভৌগােলিক মতে পৃথিৱীৰ স্থলভাগক কেইভাগত ভাগ কৰিছে? 

উঃ সাত ভাগত ভাগ কৰি প্রত্যেক ভাগক একোখন মহাদেশ নাম দিছে। 

ক। এচিয়া, 

খ। ইউৰােপ, 

গ। আফ্রিকা, 

ঘ। উত্তৰ আমেৰিকা, 

ঙ। দক্ষিণ আমেৰিকা, 

চ। অষ্ট্রেলেচিয়া বা ওচেনিয়া আৰু 

ছ। দক্ষিণ মহাদেশ বা কুমেৰু মহাদেশ। 


সাধাৰণ জ্ঞানৰ প্রশ্ন উত্তৰ GK General Knowledge In Assamese 


১১। ভাৰত কোন মহাদেশৰ ভিতৰত পৰিছে? 

উঃ এচিয়া মহাদেশত; গতিকে আমি এচিয়া মহাদেশৰ মানুহ; কিন্তু দেশ বা ৰাষ্ট্ৰ হিচাপে আমি ভাৰতৰ মানুহ; গতিকে আমি ভাৰতীয়। 


১২। ‘পুৰণি পৃথিৱী’ বুলিলে কি বুজায়? 

উঃ এচিয়া, ইউৰােপ আৰু আফ্রিকা। এই তিনিখন মহাদেশক একেলগে ‘পুৰণি পৃথিৱী’ বােলে। 


১৩। 'নতুন পৃথিৱী’ বুলিলে কি বুজায়? 

উঃ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা— এই দুখন মহাদেশক একেলগে 'নতুন পৃথিৱী’ বােলে। কাৰণ এই দুখন মহাদেশ পিছত আৱিষ্কাৰ হৈছে। 


১৪। আহ্নিক গতি কি? 

উঃ ‘অহ্ন' মানে দিন, ‘আহ্নিক' মানে দৈনিক। পৃথিৱীয়ে নির্দিষ্ট পৃথত নিজ মেৰুদণ্ডৰ ওপৰত ২৪ ঘণ্টাত পশ্চিমৰপৰা পূবলৈ এপাক ঘূৰে। ইয়াকে পৃথিৱীৰ আহ্নিক গতি বােলে। আহ্নিক গতিৰ ফলতেই দিন আৰু ৰাতি হয়। 


১৫। বার্ষিক গতি কি? 

উঃ আহ্নিক গতিৰেই পৃথিৱী নির্দিষ্ট পথত আগবাঢ়ি গৈ ৩৬৫ দিন ৬ ঘণ্টা ৯ মিনিটত সূৰ্য্যৰ চাৰিওফালে এবাৰ ঘূৰে, ইয়াকে বার্ষিক গতি বােলে। এই সময়খিনিয়েই আমাৰ এবছৰ। ইয়াৰপৰা বুজা গ'ল যে পৃথিৱী সূৰ্য্যৰ চাৰিওফালে এবাৰ ঘূৰিবলৈ এবছৰ সময় লাগে। এই বার্ষিক গতিৰ ফলতেই দিন আৰু ৰাতি চুটি দীঘল হয়। তদুপৰি জাৰ-জহ আদি ঋতু পৰিৱৰ্তন এই বার্ষিক গতিৰ কাৰণেই হয়। ।


১৬। আগ্নেয়গিৰি কি? 

উঃ পৃথিৱীৰ ভিতৰত থকা উত্তপ্ত গলিত পদার্থ পর্বত ফালি ওলাই আহে জুই আৰ ধোঁৱাৰে সৈতে। তাকে ‘আগ্নেয়গিৰি’ বােলে। 


১৭। গৰম পানীৰ উঁহ কি? 

উঃ পৃথিৱীৰ ভিতৰত থকা পানী আগ্নেয়গিৰি।কোনােৱা উত্তপ্ত ধাতুৰ সংস্পর্শত আহি গৰম হৈ বুৰবুৰণি তুলি মাটি ফুটি ওলাই আহে। সেইদৰে ওলােৱা গৰম পানীক ‘গৰম পানীৰ উহ’ বােলে। 


১৮। বিজুলী মাৰে কিয়? 

উঃ মেঘত থকা বিদ্যুৎ শক্তি সংঘৰ্ষৰ ফলত চমকি উঠে। তাকে ‘বিজুলী’ একেটা সংঘর্ষই বিজুলী আৰু গাজনিৰ সৃষ্টি কৰে, কিন্তু শব্দতকৈ পােহৰৰ গতিবেগ বহুত বেছি কাৰণে আমি প্রথমতে বিজুলীৰ পােহৰ দেখো আৰু তাৰ পিছতহে শব্দ শুনাে। 


১৯। বজ্রপাত কি? 

উঃ আকাশত থকা বিদ্যুৎ পৃথিৱীৰ শক্তিৰ দ্বাৰা আকর্ষিত হৈ নামি আহে। পৃথিৱীৰ একোটা অঞ্চলত থকা ওখ গছ বা মানুহ বা আন যি কোনাে বস্তুৰ যােগেদি পৃথিৱীৰ বিদ্যুৎ আগবাঢ়ি যায়। যি বস্তুৰ যােগেদি পৃথিৱীৰ বিদ্যুৎ ওখলৈ গৈ আকাশৰ বিদ্যুতক লগ ধৰে, সেই বস্তুৰ ওপৰতে বজ্রপাত পৰে। বজ্রপাত হােৱা মানে বিদ্যুৎ সঞ্চাৰ হােৱা আৰু বিদ্যুৎ সঞ্চাৰিত হ'লে জীৱ-জন্তু ততালিকে মৰে, গছ বন পুৰি ছাৰখাৰ হয়। বিজুলী, বজ্রপাত, গাজনি আদিৰ বিষয়ে বেছি ভালকৈ জানিব পাৰি বিদ্যুতৰ বিষয়ে জানি লােৱাৰ পাছতহে। 


২০। ভূমিকম্প বা ভূঁইকপ কিয় হয়? 

উঃ পৃথিৱীৰ ওপৰখনহে শীতল হৈছে, ভিতৰখন উত্তপ্ত শিল ধাতুৰে ভৰা। ইমান গৰম যে সেইবােৰ উতলি গলি আছে। ভূমিকম্প হয়- (১) সেই গৰম গলিত শিল ধাতুত পানী পৰি জিকাৰ খাই উঠোতে, (২) সেই গলিত ধাতু জোৰেৰে পৃথিৱী ফালি ওলাই আহি আগ্নেয়গিৰিৰ সৃষ্টি কৰোঁতে, (৩) পৃথিৱীৰ ভিতৰৰ কোনােৱা খালী ঠাইত মাটি বহি গৈ খাজ খাওঁতে আৰু (৪) পৃথিৱীখন ভিতৰ ফালে একো একো ঠাইত চেঁচা পৰি কোঁচ খাওঁতে। 


সাধাৰণ জ্ঞানৰ প্রশ্ন উত্তৰ GK General Knowledge In Assamese 


২১। 'লু’ কাক কয়? 

উঃ পশ্চিম ভাৰতৰ ঠায়ে ঠায়ে গৰম কালি এটা অতিশয় উত্তপ্ত বতাহ বয়। তাকে ‘লু' বােলে। 


২২। কুঁৱলী কি? 

উঃ ৰাতি পৃথিৱীৰ উপৰিভাগ শীতল হােৱাৰ লগে লগে ইয়াৰ সংস্পৰ্শত থকা বতাহে শীতল হয়। এই বতাহ যদি ক্রমান্বয়ে বেছি চেঁচা হয়, তেতিয়া বতাহত থকা জলীয় বাষ্পৰ কিছু অংশ ডাঠ হয় আৰু বায়ুমণ্ডলত ভাহি থকা ধূলিকণাৰ লগত মিহলি হৈ ধোৱাৰ আকাৰেৰে বায়ুমণ্ডলৰ তলভাগত ভাহি ফুৰে, ইয়াকেই 'কুঁৱলী’ বােলে। বতাহত জলীয় বাষ্পৰ পৰিমাণ কম-বেছিৰ কাৰণেই কুঁৱলী কেতিয়াবা ডাঠ আৰু কেতিয়াবা পাতল হয়। 


২৩। নিয়ৰ কি? 

উঃ বতাহ চেঁচা হলে বতাহত থকা জলীয় বাষ্পও ডাঠ হৈ সৰু সৰু পানীৰ কণিকাত পৰিণত হয়। জাৰকালি বতাহৰ এই জলীয় বাষ্প ঘনীভূত হৈ গছ-পাত, ঘাঁহ-বননিৰ ওপৰত পানীৰ কণিকা আকাৰেৰে দেখা যায়। ইয়াকেই নিয়ৰ বােলে। নিয়ৰ সাধাৰণতে হেমন্ত আৰু শীত এই দুটা ঋতুত অধিক পৰিমাণে দেখা যায়। 


২৪। ধুমুহা কিয় হয়? 

উঃ বতাহ পাতল কাৰণেই পানী আৰু মাটিৰ ওপৰত থাকে। এই বতাহৰাে ওজন আছে। আমাৰ ওচৰতে থকা বতাহতকৈ বেছি ওপৰৰ বতাহ বা বায়ু পাতল। কেতিয়াবা আমাৰ ওচৰত থকা এই গধূৰ বতাহ গৰম হৈ পাতল হয় আৰু পাতল হলেই ওপৰলৈ গুচি যায়। তেতিয়া সেই খালী। ঠাই পূৰাবলৈ চাৰিওফালৰপৰা বায়ু জোৰেৰে আহিবলৈ ধৰে আৰু সেই জোৰেৰে অহা বায়ুকে ‘ধুমুহা’ বােলে। 


২৫। মেঘে গাজে কিয়? 

উঃ আকাশত বিজুলী মাৰোতে বিদ্যুতে অতিপাত উত্তাপৰ সৃষ্টি কৰে। সেই উত্তাপে বতাহ তপত আৰু পাতল কৰে। পাতল বতাহ ওপৰলৈ উঠি যায়। সেই খালী ঠাই পূৰাবলৈ তীব্র বেগত অহা চেঁচা বতাহৰ লগত সংঘর্ষ হৈ ভীষণ শব্দ হয়। সেয়ে গাজনি।


৬৫+ সাধাৰণ জ্ঞানৰ প্রশ্ন উত্তৰ GK General Knowledge in Assamese - Khuj2 - Assamese GK
সাধাৰণ জ্ঞানৰ প্রশ্ন উত্তৰ GK General Knowledge In Assamese 


২৬। জোনবাইৰ দেশত প্রথম খােজ দিয়া মহাকাশ যাত্রীকেইজনৰ নাম আৰু পৰিচয় কি? 

উঃ চন্দ্ৰৰ বুকুত প্রথমে নামে নীল আর্মষ্ট্রং। তেওঁৰ সােতৰ মিনিটৰ পিছতে জোনবাইত নামে ‘এডুইন এড্রিন। এওঁলােক দুয়াে চন্দ্ৰৰ বুকুত নামােতে আৰু উভতি আহোঁতে সহায় কৰা তৃতীয়জন মহাকাশ-যাত্ৰীৰ নাম হ'ল ‘মাইকেল কলিন্স’। এওঁলােক তিনিও আমেৰিকা যুক্তৰাষ্ট্রৰ নাগৰিক। চন্দ্র-বিজয়ৰ এই বিস্ময়কৰ অভিযান আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানীসকলে সমাধান কৰিলে। 


২৭। চন্দ্রত প্রথম অবতৰণ কৰা যানখনৰ নাম কি? 

উঃ এপ’ল’-১১। এপ’ল’ - ১১ নামৰ যানখনত সংযুক্ত কৰি দিয়া “ঈগল” নামৰ ভেলাখন নীল আর্মষ্ট্রং’ আৰু এডুইন এড্রিন'ক লৈ মূল যানৰপৰা বিচ্ছিন্ন হৈ চন্দ্ৰত নামেগৈ। মাইকেল কলিন্সে’ অকলে অতি দক্ষতাৰে 

মূল যানখন (এপল’ - ১১) চন্দ্রক প্রদক্ষিণ কৰি নিয়ন্ত্ৰণত ৰাখিছিল। 


২৮। কোন কোন দেশ মহাকাশ অভিযানত আগৰণুৱা? 

উঃ তাহানিৰ ছােভিয়েট ৰাচিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্র। 


২৯। প্রথম মহাকাশ যাত্রী কোন? 

উঃ সেই সময়ৰ ছােভিয়েট ৰাচিয়াৰ ‘মেজৰ য়ুৰী গ্যাগাৰিণ’। দ্বিতীয় আৰু তৃতীয় মহাকাশ যাত্রী ক্রমে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেফার্ড আৰু ‘ভার্জিন আইগ্রিম। 


৩০। পৃথিৱীৰ সর্বপ্রথম মহিলা মহাকাশযাত্রী কোন? 

উঃ তেতিয়াৰ ছােভিয়েট ৰাচিয়াৰ মহিলা মহাকাশ-যাত্রী ‘ভেলেন্টিনা টেৰেস্কোভা'; এওঁ ৪৮ বাৰ পৃথিৱী প্রদক্ষিণ কৰে। 


সাধাৰণ জ্ঞানৰ প্রশ্ন উত্তৰ GK General Knowledge In Assamese 


৩১। আৰ্য্যভট্ট কি? 

উঃ ভাৰতীয় বিজ্ঞানীয়ে নির্মাণ কৰা কৃত্রিম উপগ্ৰহটোৰ নাম ‘আৰ্য্যভট্ট'। ১৯৭৫ চনৰ ১৯ এপ্রিলৰ দিনা এই কৃত্রিম উপগ্ৰহটো তাহানিৰ ছােভিয়েট ৰাচিয়াৰ ৰকেটৰ সহায়েৰে মহাকাশত নিক্ষেপ কৰে; কাৰণ ভাৰতে তেতিয়ালৈকে এনে ধৰণৰ ৰকেট উলিয়াব পৰা নাছিল। ভাৰতৰ বিখ্যাত জ্যোতির্বিদ আৰু গণিতজ্ঞ আৰ্য্যভট্ট’ৰ নামেৰে এই কৃত্রিম উপগ্ৰহটোৰ নাম দিয়া হৈছে। ইয়াৰ পিছতাে ভাৰতে ' ভাস্কৰ -১’, ‘ভাস্কৰ ২’, ‘ৰােহিনী’ আদি কেবাটাও কৃত্রিম উপগ্রহ মহাকাশত নিক্ষেপ কৰিছে। 


৩২। ভাৰতৰ প্রথম মহাকাশচাৰী কোন? 

উঃ ভাৰতবাসীৰ কাৰণে অতি আনন্দ আৰু গৌৰৱৰ কথা যে আমাৰ ভাৰতৰ স্কোৱেড্রন লীডাৰ আৰু মহাকাশ গৱেষক শ্ৰীৰাকেশ শর্মা তাহানিৰ ৰাচিয়াৰ দুজন মহাকাশচাৰীৰ সৈতে ১৯৮৪ চনৰ এপ্রিলৰ ৩ তাৰিখে তাহানিৰ ৰাচিয়াৰ বৈকানােৰ মহাকাশ অভিযান কেন্দ্ৰৰপৰা ছয়ুজ টি-১১' নামৰ মহাকাশ- যানেৰে মহাশূন্যলৈ অভিযান আৰম্ভ কৰি ১১ এপ্রিলত সাফল্যৰে পৃথিৱীলৈ উভতি আহিছে। শ্ৰীৰাকেশ শর্মাই প্রথম ভাৰতীয় মহাকাশচাৰীৰ সন্মান পালে। ভাৰত চৰকাৰে শ্ৰীৰাকেশ শর্মাক বীৰৰ সম্বৰ্ধনা জনাইছে আৰু ৰুচ সতীর্থ দুজনৰ সৈতে সাহসিকতাৰ পদক অশােক চক্র প্রদান কৰিছে। 


৩৩। ৰকেট কি? 

উঃ কেতিয়াবা নাও বা ভুৰত উঠি পাৰলৈ কিবা বস্তু দলি মৰাৰ লগে লগে নাও বা ভুৰখন এখুদমান হলেও পিছলৈ অর্থাৎ পাৰৰপৰা দূৰলৈ যায়। ঠিক এই বিপৰীত গতিৰ যুক্তিৰ ওপৰত ভেটি কৰিয়েই বিজ্ঞানীসকলে অতি দ্রুতগামী ৰকেট উলিয়ায়। ৰকেটৰ ভিতৰতে গৰম গ্যাচ তৈয়াৰ কৰিব পৰা সকলাে সা-সৰঞ্জাম মজুত থাকে। সেই উত্তপ্ত গ্যাচে পিছলৈ প্ৰৱল শক্তিৰে খুন্দা মৰাৰ ফলত ৰকেট তীব্র গতিত আগুৱাই যায়। মহাকাশ অভিযানতাে এই ৰকেটেই তেনেদৰে মহাকাশ যানক মাধ্যাকর্ষৰ বিপৰীতে তীব্ৰ গতিত লৈ যায়। ঠিক তেনেকৈয়ে দীপান্বিতাত ফুটোৱা ৰকেট বােমা'ও উৰে। কিন্তু বৈজ্ঞানিক ৰকেটৰ গতিবেগ ৰকেট বােমাতকৈ হেজাৰ হেজাৰ গুণে বেছি। 


৩৪। কম্পাচ (Compass) কি? 

উঃ দিশ নির্ণয় কৰা যন্ত্র। সামুদ্রিক জাহাজৰ নাৱিকসকলে কম্পাচৰ সহায়েৰে দিশ নির্ণয় কৰে। 


৩৫। স্টেথােস্কোপ (Stethoscope) কি?

উঃ ডাক্তৰে কাণত লগাই ৰুগীয়া মানুহৰ হৃদস্পন্দন আৰু হাওঁফাওঁৰ অৱস্থা পৰীক্ষা কৰা এবিধ যন্ত্র। 


৩৬। মাইক্রোস্কোপ (Microscope) কি? 

উঃ এই যন্ত্ৰৰ সহায়ত চকুৰে মণিব নােৱাৰা অতি ক্ষুদ্র বস্তুকে ডাঙৰকৈ দেখা যায়। ডাক্তসকলে ৰােগীৰ তেজ, শৌচ, প্রস্রাৱ আদিত ৰােগৰ জীৱাণু পৰীক্ষাৰ কাৰণে এই যন্ত্র ব্যৱহাৰ কৰে। 


৩৭। লাউড স্পীকাৰ (Loud Speaker) কি?

উঃ এই যন্ত্রৰ সহায়ত শব্দ ডাঙৰকৈ শুনা যায়। 


৩৮। ল্যাক্টোমিটাৰ (Lactometer) কি?

উঃ এই যন্ত্ৰৰ সহায়েৰে গাখীৰৰ বিশুদ্ধতা নির্ণয় কৰিব পাৰি। 


৩৯। টেলিস্কোপ (Telescope) কি? 

উঃ ইয়াৰ সহায়েৰে বহু দূৰৈৰ বস্তুও ওচৰতে দেখা যায়। 


৪০। এক্স’-ৰে (X'ray) কি? 

উঃ এই যন্ত্ৰৰ অদৃশ্য পােহৰৰ ৰশ্মিৰে মানুহৰ শৰীৰৰ 

ভিতৰৰ হাড়ৰ নাইবা যি কোনাে কঠিন পদাৰ্থৰ ছবি তুলিব পাৰি। 


সাধাৰণ জ্ঞানৰ প্রশ্ন উত্তৰ GK General Knowledge In Assamese 


৪১। মাইক্রোফোন (Microphone) কি?

উঃ ইয়াৰ দ্বাৰা শব্দ অধিক স্পষ্ট হয় আৰু বহু দূৰৰপৰা বক্তৃতা, গান-বাজনা আদি শুনা যায়। 


৪২। চাইক্লোস্টাইল (Cyclostyle) কি? 

উঃ একেবাৰতে বহু কাগজ ছপা বা প্রতিলিপি (Copy) কৰা যন্ত্র। 


৪৩। বেৰােমিটাৰ (Barometer) কি? 

উঃ বায়ুৰ চাপ আৰু বতৰৰ বিষয়ে জানিবৰ কাৰণে এই যন্ত্র ব্যৱহাৰ কৰা হয়। 


৪৪। থার্মোমিটাৰ (Thermometer) কি?

উঃ ইয়াৰ সহায়েৰে উত্তাপৰ পৰিমাণ নির্ণয় কৰা হয়। সাধাৰণতে ৰুগীয়া মানুহৰ শৰীৰৰ উত্তাপ থার্মোমিটাৰৰ সহায়েৰে চোৱা হয়। 


৪৫। বিফ্রিজাৰেটৰ (Refrigerator) কি? 

উঃ আলমিৰাৰ নিচিনা এই বৈদ্যুতিক যন্ত্ৰৰ ভিতৰত যি কোনাে বস্তু থ’লে বৰ্ষৰ দৰে চেঁচা হৈ থাকে। কোনাে খােৱা বস্তু ইয়াৰ ভিতৰত ৰাখিলে কেবাদিনলৈকে গেলি- পচি নােযােৱাকৈ ভালে থাকে। 


৬৫+ সাধাৰণ জ্ঞানৰ প্রশ্ন উত্তৰ GK General Knowledge in Assamese - Khuj2 - Assamese GK
সাধাৰণ জ্ঞানৰ প্রশ্ন উত্তৰ GK General Knowledge In Assamese 


৪৬। টেলিভিচন (Television) কি? 

উঃ এই যন্ত্ৰৰ সহায়েৰে এঠাইৰপৰা আন ঠাইলৈ ছবি পঠাব পাৰি। টেলিভিচন যন্ত্ৰৰ সহায়েৰে কেন্দ্ৰৰপৰা 

পৰিচালিত সকলাে অনুষ্ঠান ছবিৰে সৈতে উপভােগ কৰিব পাৰি। 


৪৭। পেৰিস্কোপ (Periscope) কি? 

উঃ এই যন্ত্ৰৰ সহায়েৰে বহু দূৰৰ বস্তু কাষতে চিত্ৰৰ দৰে দেখা যায়। সাগৰত পানীৰ তলেৰে যােৱ চাবমেৰিণ নামৰ জাহাজত এই যন্ত্র থাকে। 


৪৮। টেলিগ্রাফ (Telegraph) কি?

উঃ ইয়াৰ বাতৰি-প্ৰেৰক যন্ত্রৰ যােগেদি বিদ্যুতৰ সহায়েৰে তাৰৰ মাজেদি দূৰৰ কোনাে ঠাইৰ বাতৰি গ্রাহক যন্ত্ৰলৈ সংবাদ পঠোৱা হয়। 


৪৯। টেলিফোন (Telephone) কি? 

উঃ ইয়াৰ বাতৰি-প্ৰেৰক' যন্ত্ৰৰ সহায়েৰে তাৰৰ মাজেদি অইন ঠাইৰ বাতৰি-গ্রাহক যন্ত্রৰ লগত সংযােগ ৰাখি কথা পাতিব পাৰি।


৫০। টকি যন্ত্র (Talki Machine) কি? 

উঃ এই যন্ত্ৰৰ সহায়েৰে ছায়া-চিত্ৰৰ ছবিবিলাকত মানুহ, জীৱ-জন্তু নাইবা চৰাই-চিৰিকটি আদিৰ মাত শুনা যায়; তদুপৰি পার্থিব সকলাে বস্তুৰ হুবহু শব্দও শুনা যায়। 


সাধাৰণ জ্ঞানৰ প্রশ্ন উত্তৰ GK General Knowledge In Assamese 


৫১। ব্রডকাষ্টিং (Broadcasting) কি?

উঃ অনাৰ্তাৰ যন্ত্ৰৰ ৰেডিঅ' সহায়েৰে খবৰ-বাতৰি, সঙ্গীত আদি প্ৰচাৰ কৰাকে ‘ব্রড-কাষ্টিং’ বােলে। 


৫২। নিয়ন-লাইট (Neon-Light) কি?

উঃ বায়ুত ‘নিয়ন-গ্যাচ' (gas) থাকে। এই । ‘নিয়ন গ্যাচ' বায়ু-শূন্য কাচৰ নলীৰ ভিতৰত সুমুৱাই, তাৰ মাজেদি। বিদ্যুৎ-প্ৰৱাহ চলালে অতি উজ্জ্বল পােহৰ পােৱা যায়। ইয়াকেই 'নিয়ন- লাইট’ বােলে।


৫৩। বেলি বা সূৰ্য্য আৰু সৌৰজগৎ বিষয়ে। 

উঃ বেলি বা সূৰ্য্য এটা বিৰাট অগ্নিময় বাষ্পপিণ্ড। এই বেলি বা সূৰ্য্যৰপৰাই আমি বাস কৰা পৃথিৱীখনৰ সৃষ্টি হৈছে। পৃথিৱী এটা গ্রহ। পৃথিবীৰ দৰেই আন গ্রহবিলাকো সূৰ্য্যৰপৰাই সৃষ্টি হৈছে। গ্রহ মুঠতে নটা। যথাক্রমে- বুধ, শুক্র, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, প্রজাপতি (ইউৰেনাচ), বৰণ (নেপচুন) আৰু যম (প্লুটো)। গ্রহবিলাকে নিজ নিজ কক্ষপথত সূৰ্য্যৰ চাৰিওফালে ঘূৰি আছে। 'সৌৰ’ মানে সূৰ্য্য-সম্বন্ধীয়। সূৰ্য্য-সম্বন্ধীয় বা সূৰ্যই সৃষ্টি কৰা জগৎখনকেই ‘সৌৰজগৎ' বােলে। 


৫৪। গ্রহবিলাক কি? 

উঃ পৃথিৱীৰ দৰে যিবিলাক জ্যোতিষ্কই সূৰ্য্যৰ চাৰিওফালে বৃত্তাকাৰ পথত প্রদক্ষিণ কৰি আছে, সেইবােৰকে গ্রহ বােলে। সূৰ্য্যৰপৰা সৃষ্টি হৈছে যদিও গ্রহবিলাকৰ নিজা পােহৰ নাই। কিন্তু সূৰ্য্যৰ পােহৰত আলােকিত হয় কাৰণে ইহঁতক উজ্জ্বল দেখি। 


৫৫। নক্ষত্রবােৰ কি? 

উঃ নিজৰ পােহৰত আলােকিত হৈ ৰাতি আকাশত চিকমিকাই থকা তৰাবােৰেই নক্ষত্র। সূৰ্য্যও এটা নক্ষত্র। আকাশত থকা নক্ষত্ৰবােৰাে একো একোটা সূৰ্য্য; কিন্তু সূৰ্য্যতকৈ বহু দূৰত থকা কাৰণে নক্ষত্ৰবােৰক আমি সৰু যেন দেখো। কিছুমান নক্ষত্র সূৰ্য্যতকৈও ডাঙৰ। 


৫৬। চন্দ্র কি? 

উঃ চন্দ্ৰৰ সৃষ্টি হৈছে পৃথিৱীৰপৰা;গতিকে চন্দ্র পৃথিৱীৰ উপগ্রহ। চন্দ্ৰই পৃথিৱীকহে প্রদক্ষিণ কৰে। চন্দ্ৰ পৃথিৱীতকৈ বহুত সৰু প্রায় পঞ্চাশ ভাগৰ এভাগ। চন্দ্ৰত ছাইৰ দৰে পদার্থ, শিল, উদ্ভিদহীন পাহাৰ আৰু কিছুমান গাঁত আছে। ইয়াত পানী আৰু বতাহ নাই; গতিকে কোনাে প্রাণী থকা সম্ভব নহয়। 


৫৭। গ্ৰহ আৰু উপগ্রহ পার্থক্য কি? 

উঃ সূৰ্যক যিবােৰে প্রদক্ষিণ কৰে, সেইবােৰক গ্রহ আৰু গ্ৰহক যিবােৰে প্রদক্ষিণ কৰে, সেইবােৰক উপগ্রহ বােলে। যেনে পৃথিৱীয়ে সূৰ্য্যক প্রদক্ষিণ কৰে, গতিকে ‘পৃথিৱী' এটা গ্রহ, কিন্তু চন্দ্ৰই পৃথিৱীকহে প্রদক্ষিণ কৰে, সেইবাবে ‘চন্দ্র’ পৃথিৱীৰ উপগ্রহ। গ্রহবােৰৰ সৃষ্টি হৈছে-সূৰ্য্যৰপৰা; কিন্তু উপগ্ৰহবােৰৰ সৃষ্টি হৈছে গ্রহবােৰৰপৰা। 


৫৮। সূৰ্য্যৰ ৰশ্মি বা কিৰণৰ বৰণ কি? 

উঃ সূৰ্যৰ ৰশ্মিত বেঙুনীয়া, নীলা, গাঢ় নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। এই সাতােটা ৰং সংমিশ্রণ হৈ আছে। 


৫৯। আকাশৰ বৰণ নীলা কিয়? 

উঃ পৃথিৱীৰ বায়ুমণ্ডলত অলেখ ধূলিকণা মিহলি হৈ আছে। সূৰ্য্যৰ ৰশ্মি বায়ুমণ্ডল ভেদ কৰি আহোঁতে বায়ুমণ্ডলত থকা ধূলিকণাবােৰে সূৰ্যৰ ৰশ্মিৰ ছ'টা ৰং শুহি লয়। একমাত্র নীলা ৰঙটো শুহিব নােৱাৰে। গতিকে এই নীলা ৰঙটোৱে গােটেইখন প্রতিফলন কৰে কাৰণেই আকাশখন নীলা দেখি। আচলতে আকাশৰ কোনাে বৰণ নাই আৰু আকাশ মানে শূন্য। 


৬০। ধূমকেতু কি? 

উঃ মহাকাশৰ এটা উজ্জ্বল বিচৰণকাৰী বা যাত্রী। যাত্রী বােলা হৈছে, কাৰণ ধূমকেতু ৰৈ নাথাকে আন গ্রহ উপগ্ৰহৰ দৰে। ইহঁত আমাৰ পৃথিৱী আদি গ্ৰহৰ দৰে আকাশৰ সীমাৰ ভিতৰতে নাথাকে। ধূমকেতুৱে সূৰ্য্যক গ্ৰহৰ দৰে প্রদক্ষিণ কৰে যদিও কেতিয়াবা আকাশত ওলাই বহুত দিনলৈ নাইকিয়া

হৈ মহাকাশত হেৰাই যায়। গতিকে ইহঁতৰ কক্ষপথ মহাকাশলৈকে বিস্তৃত। ধূমকেতুৱে তীব্র বেগত যাওঁতে পিছফালে নেজৰ দৰে দীঘল হৈ পোহৰ থকাৰ কাৰণে ইয়াক ‘নেজাল তৰা’ও বােলে। 


সাধাৰণ জ্ঞানৰ প্রশ্ন উত্তৰ GK General Knowledge In Assamese 


৬১। উল্কা কি? 

উঃ উল্কা ধূমকেতুৰপৰা এৰাই অহা একোটা টুকুৰা। সূৰ্য্যৰ চাৰিওফালে ঘূৰি ফুৰোঁতে পৃথিৱীৰ মধ্যাকর্ষণ শক্তিৰ কৱলত পৰি তীব্র বেগত পৃথিৱীলৈ গুচি আহে। বায়ুৰ লগত ঘঁহনি খাই জ্বলি উঠি পুৰি যায় কাৰণে, আহোঁতে ইয়াক তৰাৰ দৰেই উজ্জ্বল দেখা যায়। পৃথিৱী পাওঁতে ই প্রায় পুৰি শেষ হয়। উল্কাক আমি ‘পপীয়া তৰাও বােলোঁ।


৬২। চন্দ্রগ্রহণ আৰু সূৰ্য্যগ্রহণ কি? 

উঃ চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰোতে এটা বিশেষ সময়ত এবাৰ সূৰ্য্যৰ পিছতে পৃথিৱী আৰু তাৰ পিছতে চন্দ্র একেশাৰীত পৰেগৈ। তেতিয়া পৃথিৱীৰ ঘূৰণীয়া ছাঁটো চন্দ্ৰত পৰে আৰু তাকেই ‘চন্দ্রগ্রহণ বােলে। সেইদৰেই চন্দ্ৰটো সূৰ্য্য আৰু পৃথিৱীৰ মাজত পৰি সূৰ্যটো আঁৰ কৰি ধৰিলে ‘সূর্যগ্রহণ হয়। 


৬৩। আমাৰ সাতােটা বাৰৰ নাম ক'ৰপৰা আহিছে? 

উঃ সৌৰজগতৰ বাসিন্দা গ্রহ উপগ্ৰহ আৰু নক্ষত্র সাতােটাৰ নাম অনুসৰিয়েই বাৰ কেইটাৰ নাম হৈছে- দেও বা ৰবি (সূৰ্য), সােম (চন্দ্র), মঙ্গল, বুধ, বৃহস্পতি, শুক্র বা শুকুৰ আৰু শনি। 


৬৪। হাতী-পটি কি? 

উঃ মহাকাশত নক্ষত্র অলেখ। সেইবিলাক কিমান দূৰে দূৰে আছে তাক ভাবিবও নােৱাৰি। কিন্তু আমি ইমান দূৰৰপৰা দেখোতে সেইবােৰ ওচৰা-উচৰিকৈ আছে যেন লাগে। এই নক্ষত্ৰবােৰ উত্তৰ-দক্ষিণমুৱাকৈ এটা পােহৰৰ আলিবাট বন্ধোৱা যেন আমি নিশা আকাশত দেখো। ইয়াকে আমি হাতী পটি বােলোঁ। 


৬৫। ধ্রুবতৰা কি? 

উঃ পৌৰাণিক কাহিনীত আছে “ত্রিলােকৰ উপৰে তাহাঙ্ক থৈলা থাপি গােধিকাৰ পুচ্ছ ভাগে দেখিও অদ্যাপি।” (ত্রিলােক- স্বর্গ, পৃথিৱী আৰু পাতাল ; তাহাঙ্ক- তেখেত; গােধিকা- গুই ; পুচ্ছ- নেজ ; অদ্যাপি- আজিলৈকে)। পৰিষ্কাৰ আকাশত দেখা যায় যে সাতােটা তৰাই এটা গুইৰ আকৃতি আঁকিছে আৰু তাৰে নেজত সদায় স্থিৰ হৈ ‘ধ্রুবতৰা’ আছে। ই সদায় একেঠাইতে উত্তৰ ফালে আছে কাৰণে সাগৰত দিশ হেৰুওৱা নাৱিকে ইয়াক চাই দিশ নির্ণয় কৰে বা কৰিছিল।

সাধাৰণ জ্ঞানৰ প্রশ্ন উত্তৰ GK General Knowledge In Assamese 



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.