সমাসৰ সংজ্ঞা আৰু প্রকাৰ - অসমীয়া ব্যাকৰণ

সমাসৰ সংজ্ঞা আৰু প্রকাৰ - অসমীয়া ব্যাকৰণ  

সমাস - সমাসৰ সংজ্ঞা - সমাসৰ প্ৰকাৰ - দ্বন্দ্ব সমাস - দ্বিগু সমাস - বহুব্রীহি সমাস - তৎপুৰুষ সমাস - কর্মধাৰয় সমাস - অব্যয়ীভাৱ সমাস - নিত্য সমাস - সমস্যমান পদ - সমস্ত পদ - ব্যাসবাক্য - অসমীয়া ব্যাকৰণ - Assamese Grammar - Homakh - Somas 


সমাসৰ সংজ্ঞা আৰু প্রকাৰ - অসমীয়া ব্যাকৰণ   সমাস - সমাসৰ সংজ্ঞা - সমাসৰ প্ৰকাৰ - দ্বন্দ্ব সমাস - দ্বিগু সমাস - বহুব্রীহি সমাস - তৎপুৰুষ সমাস - কর্মধাৰয় সমাস - অব্যয়ীভাৱ সমাস - নিত্য সমাস - সমস্যমান পদ - সমস্ত পদ - ব্যাসবাক্য - অসমীয়া ব্যাকৰণ - Assamese Grammar - Homakh - Somas
সমাসৰ সংজ্ঞা আৰু প্রকাৰ 


Assamese Grammar - Homakh - Somas SEBA HSLC Examination Previous Question Paper Assamese-Medium class10 class9 class8 class 11 class 12

সমাস কাক বোলে? সমাস কেইবিধ আৰু কি কি? উদাহৰণ দি বুজাই লিখা। 

পৰস্পৰ অব্যয়বিশিষ্ট দুই বা বহুপদ একপদ হােৱাকে সমাস বােলে। বা, পৰস্পৰ সম্বন্ধযুক্ত দুটা বা ততােধিক পদ লগ লাগি একে পদ হােৱাকে সমাস বােলে।

সমাস হ’ল সমস্যমান পদবিলাকৰ বিভক্তি লােপ হৈ এটা নতুন শব্দ হয় আৰু তাৰ পিছত বিভক্তি যােগ হৈ পদ হয়। যিবােৰ পদত সমাস হয় তাৰ প্রত্যেককে সমস্যমান পদ বােলে। সমাস হােৱা প্রত্যেক পদক সমস্যমান পদ, সমাস হৈ নিস্পন্ন হােৱা পদক সমস্ত পদ আৰু সমাসৰ অৰ্থ বুজাবৰ বাবে ব্যৱহাৰ কৰা বাক্যক সমাস বা ব্যাসবাক্য বােলে। সহজ অৰ্থত সমাসৰ অর্থ বুজাবৰ কাৰণে যি বাক্য বা পদবােৰৰ প্ৰয়ােগ কৰা হয় তাক ব্যাস বােলে।

সমাস কাক বোলে - সমাসৰ প্রকাৰ - অসমীয়া ব্যাকৰণ class 10 HSLC class 12 HS Assamese Grammar 

সমাস মুঠতে ছয়বিধ। সেইবােৰ হ’ল- 

দ্বন্দ্ব সমাস

দ্বিগু সমাস

বহুব্রীহি সমাস

তৎপুৰুষ সমাস

কর্মধাৰয় সমাস আৰু 

অব্যয়ীভাৱ সমাস।

সমাস কাক বোলে - সমাসৰ প্রকাৰ - অসমীয়া ব্যাকৰণ class 10 HSLC class 12 HS Assamese Grammar 

সমাসৰ প্ৰকাৰ - দ্বন্দ্ব সমাস 

দ্বন্দ্ব সমাসঃ যি সমাসত দুই বা বহু পদ মিলিত হৈ একপদ হয় আৰু প্রত্যেক পদৰ অর্থ প্রধানৰূপে প্রতীয়মান হয় সেয়াই দ্বন্দ্ব সমাস। 

যেনে-পশু আৰু পক্ষী = পশুপক্ষী। 

চাউলকে আদি কৰি ৰন্ধন সামগ্রী = চাউলপাত

মই, তেওঁ আৰু তুমি = আমি

স্বভাৱ-চৰিত্র =স্বভাৱ আৰু চৰিত্র

গুৰু-শিষ্য = গুৰু আৰু শিষ্য

ভাল-বেয়া = ভাল আৰু বেয়া

সােণ-ৰূপ = সােণ আৰু ৰূপ

অস্ত্র-শস্ত্র = অস্ত্র আৰু শস্ত্র

তামােল-পাণ = তামােল আৰু পাণ

দেৱাসুৰ = দেৱ আৰু অসুৰ

তেল-পানী = তেল আৰু পানী

ভাই-ভনী = ভাই আৰু ভনী

ৰাম আৰু লক্ষ্মণ = ৰাম লক্ষ্মণ 

ৰাম আৰু ৰাৱণ = ৰাম ৰাৱণ 

লৱ আৰু কুশ = লৱকুশ 

খাবৰ আৰু লবৰ = খাব লবৰ 

সমাস কাক বোলে - সমাসৰ প্রকাৰ - অসমীয়া ব্যাকৰণ class 10 HSLC class 12 HS Assamese Grammar 

দ্বন্দ্ব সমাস তিনিবিধি 

(ক) ইতৰেতৰ দ্বন্দ্ব সমাস 

(খ) সমাহাৰ দ্বন্দ্ব সমাস

(গ) একশেষ দ্বন্দ্ব সমাস 

(ক) ইতৰেতৰ দ্বন্দ্ব সমাসঃ যি দ্বন্দ্ব সমাসত প্রত্যেক ব্যস্ত পদৰ অৰ্থ থাকে তাক ইতৰেতৰ দ্বন্দ্ব সমাস বােলে।

যেনে- ৰাম আৰু ৰাৱণ = ৰাম ৰাৱণ। 

সমাস কাক বোলে - সমাসৰ প্রকাৰ - অসমীয়া ব্যাকৰণ class 10 HSLC class 12 HS Assamese Grammar 

(খ) সমাহাৰ দ্বন্দ্ব সমাসঃ যি দ্বন্দ সমসাত সমস্ত পদে ব্যস্ত পদবিলাকৰ অৰ্থৰ উপৰি অন্য অর্থ বুজায়, তাক সমাহাৰ দ্বন্দ্ব সমাস বােলে। 

যেনে- খাবৰ আৰু লবৰ = খাব লবৰ। 

সমাস কাক বোলে - সমাসৰ প্রকাৰ - অসমীয়া ব্যাকৰণ class 10 HSLC class 12 HS Assamese Grammar 

(গ) এক শেষ দ্বন্দ্ব সমাসঃ যি দ্বন্দ্ব সমাসত ব্যস্ত পদবিলাকৰ প্ৰথমটো মাথােন থাকে, বাকীবিলাক লােপ হয়, আর সেই প্রথমটো বহুবচন হয়, তাক একশেষ দ্বন্দ্ব সমাস বােলে। 

যেনে– দদাইদেৱে, জেঠাইদেৱে আৰু ককাইদেৱে কৈছিল = দদাইদেউহঁতে কৈছিল। 

সমাস কাক বোলে - সমাসৰ প্রকাৰ - অসমীয়া ব্যাকৰণ class 10 HSLC class 12 HS Assamese Grammar 

সমাসৰ প্ৰকাৰ - দ্বিগু সমাস 

দ্বিগু সমাসঃ সংখ্যাবাচক শব্দ আগত থাকি যি কর্মধৰয় সমাস হয় আৰু সমাহাৰ আদি অর্থ বুজায় তাকে দিগু সমাস বােলে। বা, যি সমাসৰ প্রথম ব্যস্ত পদ সংখ্যাবােধক তাক দ্বিগু সমাস বােলে। প্রথমত সংখ্যাবােধক শব্দ থাকিলেই যে দ্বিগু সমাস বােলে। প্রথমত সংখ্যাবােধক শব্দ থাকিলেই যে দ্বিগু সমাস হয় তেনে নহয়। দুই, তিনি, চাৰি আদি সংখ্যাৰ সমাহাৰ হ'লেহে, অর্থাৎ সিহঁতক মুঠ কৰি এটা বুলি ধৰিলেহে, দ্বিগু সমাস হয়। তিনি বামুণ বা চাৰিশূদিৰ দ্বিগু সমাস নহয়। কাৰণ ইয়াত সংখ্যাকেইটাৰ সমাহাৰ হােৱা নাই। 

যেনে- তিনিটা চকু আছে যাৰ = ত্রিনয়ণ। 

চাৰিখন হাত আছে যাৰ = চতুর্ভুজ। 

পঞ্চ ঘটৰ সমাহাৰ = পঞ্চঘট। 

দুই মাহৰ সংযােগ = দোমাহী

পঞ্চভূতৰ সমাহাৰ = পঞ্চভূত

শতাব্দী = শত অব্দৰ সমাহাৰ

পঞ্চামৃত = পঞ্চঅমৃতৰ সমাহাৰ 

ত্রিপিটক = ত্রিপিটকৰ সমাহাৰ

পাঁচৰজীয়া = পাঁচ ৰজাৰ সমাহাৰ

তিনি ভুৱন = তিনি ভুৱনৰ সমাহাৰ

ত্রিফলা = তিনি ফলৰ সমাহাৰ

দোমাহী =দুই মাহৰ সমাহাৰ 


সমাসৰ সংজ্ঞা আৰু প্রকাৰ - অসমীয়া ব্যাকৰণ   সমাস - সমাসৰ সংজ্ঞা - সমাসৰ প্ৰকাৰ - দ্বন্দ্ব সমাস - দ্বিগু সমাস - বহুব্রীহি সমাস - তৎপুৰুষ সমাস - কর্মধাৰয় সমাস - অব্যয়ীভাৱ সমাস - নিত্য সমাস - সমস্যমান পদ - সমস্ত পদ - ব্যাসবাক্য - অসমীয়া ব্যাকৰণ - Assamese Grammar - Homakh - Somas
সমাসৰ সংজ্ঞা আৰু প্রকাৰ - অসমীয়া ব্যাকৰণ

সমাস কাক বোলে - সমাসৰ প্রকাৰ - অসমীয়া ব্যাকৰণ class 10 HSLC class 12 HS Assamese Grammar 

সমাসৰ প্ৰকাৰ - বহুব্রীহি সমাস 

বহুব্রীহি সমাসঃ যি দুইপদৰ সমাস হয় সেইবােৰৰ অর্থ নুবুজাই যদি সমাস নিষ্পন্ন পদটোৱে অন্য পদার্থক প্রধানৰূপে বুজায় তাক বহুব্রীহি সমাস বােলে। বা, যি সমাসত সমস্ত পদে বস্তি পদবিলাকৰ অৰ্থ নুবুজাই আন এটা ভিন অর্থ বুজায় তাক বহুব্রীহি সমাস বােলে। যেনে- নীলাম্বৰ এটা পদ, ইয়াৰ হৈছে নীল কাপােৰ, কিন্তু বহুব্রীহি সমাস হলে, তাত সেই অর্থ নাথাকে। তেতিয়া নীলাম্বৰ বুলিলে। নীল কাপােৰ পিন্ধা মানুহ গৰাকীকহে বুজায়। সেইদৰে পীত অম্বৰ যাৰ সি পীতাম্বৰ, দিক হৈছে অম্বৰ যাৰ সি দিগম্বৰ। 

যেনে- ত্রি লােচন যাৰ = ত্রিলােচন। 

পীত অম্বৰ আছে যাৰ = পীতাম্বৰ

হাতে হাতে যুঁজ দি = হতাহতি

বছৰেকীয়া = এবছৰৰ মূৰত হয় যি সি

মনােৰঞ্জক = মনক ৰঞ্জন কৰে যি সি

সাপ্তাহিক = সাত দিনৰ মূৰে মূৰে ওলায় যি

নিৰন্তৰ = নি(নাই) অন্তৰ যত

চক্রপাণি = চক্র আছে পাণিত যাৰ। 

খাটনিয়াৰ = খাটনি ধৰে যি সি। 

হৃদয়গ্রাহী = হৃদয়ে গ্রহণ কৰে যাক সি। 

সংসাৰত্যাগী = সংসাৰ ত্যাগ কৰে যি সি

স্বাধীন = স্বৰ (নিজৰ) অধীন যি সি।

জলচৰ = জলত চৰে যি৷ 

হলধৰ =হল ধৰে যি। 

পদ্মনাভ = পদ্ম আছে নাভিত যাৰ। 

ৰণ-মেল = ৰণৰ বাবে আয়ােজন কৰা যি মেল সি। 

কু চক্রী = কুচক্ৰৰ অধীন যি সি। 

গদাপাণি = গদা আছে পাণিত যাৰ। 

দৃঢ়প্রতিজ্ঞ = দৃঢ় প্রতিজ্ঞা যাৰ সি। 

বৃকোদৰ = বৃক আছে উদৰত যাৰ। 

পীতাম্বৰ = পীত অম্বৰ যাৰ সি। 

হতাহতি = হাতে হাতে যুদ্ধ যি। (ব্যতিহাৰ বহুব্রীহি) 

নীল অম্বব যাৰ সি = নীলাম্বৰ 

দিক হৈছে অম্বৰ যাৰ সি = দীগাম্বৰ

সমাস কাক বোলে - সমাসৰ প্রকাৰ - অসমীয়া ব্যাকৰণ class 10 HSLC class 12 HS Assamese Grammar 

সমাসৰ প্ৰকাৰ - তৎপুৰুষ সমাস 

তৎপুৰুষ সমাসঃ পূর্বপদত কাৰক বা সম্বন্ধবাচক বিভক্তি লােপ হৈ পাছৰ পদৰ লগত যি সমাস হয় আৰু যি সমাসত প্রায় পাছৰ পদৰ অৰ্থ প্রধানৰূপে প্রতীয়মান হয় তাকেই তৎপুৰুষ সমাস বােলে। অৰ্থাৎ, 

যি সমাসত আদিৰ ব্যস্ত পদ প্রথমাৰ বাদে আন বিভক্তি থাকে আৰু শেষ ব্যস্ত পদৰ অৰ্থই প্রধান, তাক তৎপুৰুষ সমাস বােলে। 

যেনে— বজ্ৰৰ দ্বাৰা আহত = বজ্রাহত। 

গছৰ তল=গছতল 

পদৰ পৰা চ্যুত = পদচ্যুত

আশাতীত = আশাৰ অতীত-(৬ষ্ঠী তৎপুৰুষ)। 

অশিক্ষিত = ন শিক্ষিত (নঞ তৎপুৰুষ)। 

ৰাজক্ষমতা = ৰজাৰ ক্ষমতা (৬ষ্ঠী তৎপুৰুষ)। 

অসম্ভৱ = ন সম্ভৱ (নঞ তৎপুৰুষ)। 

জলাতংক = জলৰদ্বাৰা আতংক (তয়া তৎপুৰুষ)। 

চাহ গছ = চাহৰ গছ (৬ষ্ঠী তৎপুৰুষ)। 

সীমাবদ্ধ = সীমাত বদ্ধ (৭মী তৎপুৰুষ)। 

পদদলিত = পদেৰে দলিত (৩য়া তৎপুৰুষ)। 

সংবিধানস্বীকৃত = সংবিধানৰদ্বাৰা স্বীকৃত (৩য়া তৎপুৰুষ)। 

পৰিণয়াবদ্ধ = পৰিয়ণত আৱদ্ধ (৭মী তৎপুৰুষ)। 

মাতৃপূজা = মাতৃক পূজা (২য়া তৎপুৰুষ)। 

ৰাজসিংহাসন = ৰজাৰ সিংহাসন (৬ষ্ঠী তৎপুৰুষ)। 

অনুচিত =ন উচিত (নঞ তৎপুৰুষ)। 

গঙ্গাক পায় = গঙ্গাপ্রাপ্তি 

ধৰ্মৰ পৰা ভীৰু = ধর্মভীৰু  

নৰৰ পতি = নৰপতি (নৃপতি) 

তিনিটা চকু আছে যাৰ = ত্রিনয়ণ 

সমাস কাক বোলে - সমাসৰ প্রকাৰ - অসমীয়া ব্যাকৰণ class 10 HSLC class 12 HS Assamese Grammar 

কাৰক বা সম্বন্ধবাচক বিভক্তি অনুযায়ী প্রচলিত ৰীতি অনুসৰি তৎপুৰুষ সমাস হয় ছয় প্ৰকাৰৰ। যেনে—দ্বিতীয়, তৃতীয়া, পঞ্চমী, ষষ্ঠী আৰু সপ্তমী তৎপুৰুষ। তদুপৰি নঞর্থক অব্যয়ৰ লগত বিশেষণ পদৰ যি সমাস হয় তাক নঞ তৎপুৰুষ সমাস বােলে। 

যেনে- ন + অতিদূৰ = অনতিদূৰ। 

ন+ কাল = অকাল। 

সমাস কাক বোলে - সমাসৰ প্রকাৰ - অসমীয়া ব্যাকৰণ class 10 HSLC class 12 HS Assamese Grammar 

তৎপুৰুষ সমাস ছয় প্রকাৰৰ। সেইবােৰ হ’ল-

(ক) দ্বিতীয়া তৎপুৰুষঃ সমাস হােৱা ব্যক্ত পদৰ প্ৰথমটোত দ্বিতীয়া বিভক্তি থাকিলে তাক দ্বিতীয়া তৎপুৰুষ সমাস বােলে। 

যেনে- লক্ষ্যক ভেদ কৰে = লক্ষ্যভেদ। 

সমাস কাক বোলে - সমাসৰ প্রকাৰ - অসমীয়া ব্যাকৰণ class 10 HSLC class 12 HS Assamese Grammar 

(খ) তৃতীয়া তৎপুৰুষ সমাসঃ সমাস হােৱা ব্যস্তপদৰ প্ৰথমটোত তৃতীয়া বিভক্তি থাকিলে তাক তৃতীয়া তৎপুৰুষ সমাস বােলে। 

যেনে- অগ্নিদ্বাৰা দগ্ধ = অগ্নিদ্বগ্ধ। 

সমাস কাক বোলে - সমাসৰ প্রকাৰ - অসমীয়া ব্যাকৰণ class 10 HSLC class 12 HS Assamese Grammar 

(গ) চতুর্থী তৎপুৰুষ সমাসঃ সমাস হােৱা ব্যক্তপদৰ প্ৰথমটোত চতুর্থী বিভক্তি থাকিলে তাক চতুর্থী তৎপুরুষ সমাস বােলে। 

যেনে- দেৱক দিয়া হৈছে = দেৱদত্ত 

সমাস কাক বোলে - সমাসৰ প্রকাৰ - অসমীয়া ব্যাকৰণ class 10 HSLC class 12 HS Assamese Grammar 

(ঘ) পঞ্চমী তৎপুৰুষ সমাসঃ সমাস হােৱা ব্যস্ত পদৰ প্ৰথমটোত পঞ্চমী বিভক্তি থাকিলে তাক পঞ্চমী তৎপুৰুষ সমসা বােলে। 

যেনে- পদৰ পৰা চ্যুত = পদচ্যুত। 

সমাস কাক বোলে - সমাসৰ প্রকাৰ - অসমীয়া ব্যাকৰণ class 10 HSLC class 12 HS Assamese Grammar 

(ঙ) ষষ্ঠী তৎপুৰুষ সমাসঃ সমাস হােৱা ব্যস্ত পদৰ প্ৰথমটোত ষষ্ঠী বিভক্তি থাকিলে তাক ষষ্ঠী তৎপুরুষ সমসা বােলে। 

যেনে- দেৱৰ আলয় = দেৱালয়। 

সমাস কাক বোলে - সমাসৰ প্রকাৰ - অসমীয়া ব্যাকৰণ class 10 HSLC class 12 HS Assamese Grammar 

(চ) সপ্তমী তৎপুৰুষ সমাসঃ সমাস হােৱা ব্যস্ত পদৰ প্ৰথমটোত সপ্তমী বিভক্তি থাকিলে, তাক সপ্তমী তৎপুৰুষ সমাস বােলে। 

যেনে- বনত বাস = বনবাস। 

সমাস কাক বোলে - সমাসৰ প্রকাৰ - অসমীয়া ব্যাকৰণ class 10 HSLC class 12 HS Assamese Grammar 

সমাসৰ প্ৰকাৰ - কর্মধাৰয় সমাস 

কর্মধাৰয় সমাসঃ বিশেষণ আৰু বিশেষ্য পদত সমাস হৈযদি বিশেষ্যৰ অর্থটো প্রধানভাৱে প্রতীয়মান হয় তাক কর্মধাৰয় সমাস বােলে। অসমীয়া ভাষাত যথার্থ পক্ষত বিশেষ্য আৰু বিশেষণৰ সমাস নহয়। সংস্কৃত ভাষাত বিশেষ্য পদত যি বিভক্তি বিশেষণ পদততা সেই বিভক্তি হয়। সেই দেখি বিশেষণ পদৰ বিভক্তি গুচাই তাক বিশেষ্য পদৰ লগ লগাই সমাস কৰা যায়। ব্যস্ত পদ বিলাকৰ বিভক্তি লােপ কৰ সমাসৰ ঘাই উদ্দেশ্য । অসমীয়াত বিশেষণত কোনাে বিভক্তি যােগ নহয়, সমাস কৰি লােপ কৰিবলৈ তাত একো নাথাকে। এতেকে অসমীয়া ভাষাত বিশেষ্য আৰু বিশেষণৰ সমাসাে হ’ব নােৱাৰে। কিন্তু সেই বুলি যে অসমীয়াত কর্মধৰয় সমাসৰ ব্যৱহাৰ নাই, এনে নহয়। অনেক সময়ত বিশেষ্য আৰু বিশেষণ পদ গােট খাই এটা শব্দ যেন হয়, তেতিয়া তাক সমাস নুবুলি থাকিব নােৱাৰি। 

যেনে- মাহ এক = মাহেক, 

অন্য দ্বীপ = দ্বীপান্তৰ, 

অন্যদেশ = দেশান্ত। 

নীল যি উৎপল = নীলােৎপল। 

শােক ৰূপ অগ্নি = শােকাগ্নি

গজৰ নিচিনা মূর্খ = গজমূখ

এক অধিক দশ = একাদশ

কালিকা পুৰাণ = কালিকা বিষয়ক পুৰাণ (মধ্যলােপী)। 

বিদ্যোৎসাহী = বিদ্যাৰ প্রতি উৎসাহী (মধ্যলােপী)। 

মূলধন = মূল যি ধন (মধ্যলােপী)। 

বহুমূলীয়া = বহু মূল্য যাৰ। 

পােৰামাটি = পােৰা যি মাটি। 

মহাপুৰুষ = মহৎ যি পুৰুষ। 

সজবৃত্তি = সজ যি বৃত্তি। 

অন্তিম বাণী = অন্তিম যি বাণী। 

সিংহাসন = সিংহ অংকিত আসন (মধ্যলােপী)

মলাপাত = মলা যি ধঁপাত। 

সিংহদুৱাৰ = সিংহ অংকিত যি দুৱাৰ। 

পুণ্যভূমি = পুণ্য যি ভূমি। 

মৰুভূমি = মৰু যি ভূমি। 

কাপুৰুষ = কু যি পুৰুষ। 

মাহ এক = মাহেক 

অন্যলােক = লােকান্তৰ 

পদ্মৰ নিচিনা লােচন = পদ্মলােচন 

অগ্নিৰ নিচিনা বান = অগ্নিবান 

সােণৰ নিচিনা তৰা = সােণ তৰা

সমাস কাক বোলে - সমাসৰ প্রকাৰ - অসমীয়া ব্যাকৰণ class 10 HSLC class 12 HS Assamese Grammar 

সমাসৰ প্ৰকাৰ - অব্যয়ীভাব সমাস 

অব্যয়ীভাব সমাসঃ যি সমাসত অব্যয়ৰ অর্থ প্রধানৰূপে প্রতীয়মান হয় আৰু পূর্বপদত অব্যয় থাকে তাক অব্যয়ীভাব সমাস বােলে। সমীপ, অভাৱ, পশ্চাৎ, যােগ্যতা, অনতিক্রম, সদৃশ, পৰ্য্যন্ত আৰু বীপ্সা (একে সময়ত হােৱা) এইবিলাক ভাৱৰ অব্যয় শব্দেৰে সৈতে আন শব্দৰ যি সমাস হয়, তাকেই অব্যয়ীভাব সমাস বােলে। 

যেনে-কুলৰ সমীপ = উপকূল, 

বনৰ সমীপ = উপবন। 

দিনে দিনে = প্রতিদিন

ভিক্ষাৰ অভাৱ = দুর্ভিক্ষ

কূলৰ সমীপ = উপকূল

অহিংসা = হিংসাৰ অভাৱ। 

দুর্ভিক্ষ = ভিক্ষাৰ অভাৱ। 

উচ্ছংখল = শৃংখলাৰ অভাৱ। 

অসুখ = সুখৰ অভাৱ। 

লােকান্তৰ = অন্য লােক। 

যথাশক্তি = শক্তিক অতিক্রম নকৰি

অনুক্রমে = ক্রমে ক্রমে। 

উপকূল = কুলৰ সমীপ। 

সপৰিবাৰ = পৰিবাৰসহ। 

বনৰ সমীপ = উপবন। 

সুখৰ অভাৱ = অসুখ 

ৰােগৰ অভাৱ = নিৰােগ 

পাচত যায় যি = অনুচৰ

ৰূপৰ সদৃশ = অনুৰূপ 

বিধিক অতিক্রম নকৰি = যথাবিধি 

সমাস কাক বোলে - সমাসৰ প্রকাৰ - অসমীয়া ব্যাকৰণ class 10 HSLC class 12 HS Assamese Grammar 

এই ছয়বিধ সমাসৰ উপৰি এবিধ স্বাভাৱিকতে হােৱা সমাস আছে। এই সমাসবিধক নিত্য সমাস বােলা হয়।

নিত্য সমাসঃ যি সমাস সমৰূপমান পদবােৰ নিত্য অর্থাৎ সদায় একেলগে সমাসবদ্ধ হৈ থাকে আৰু ব্যাসবাক্য নহয় তাক নিত্য সমাস বােলে। 

যেনে- উৎশৃংখল = উচ্ছংখল 

ৰূপান্তৰ = অন্য ৰূপ। 

জলচৰ = জলত চৰে। 

কুম্ভকাৰ = কুম্ভ কৰে। 

সমাস কাক বোলে - সমাসৰ প্রকাৰ - অসমীয়া ব্যাকৰণ class 10 HSLC class 12 HS Assamese Grammar 

সমাস আৰু সন্ধিৰ পার্থক্য 

দুই বর্ণ মিলি এক বর্ণ হৈ যােৱাৰ নাম সন্ধি আৰু পৰস্পৰ অন্বয়বিশিষ্ট দুই বা বহু পদৰ একপদ হােৱাৰ নাম সমাস। 

সন্ধিত কোনাে বিভক্তি লােপ নহয়, পদবােৰ পৃথক হৈ থাকে। সমাসত দুই বা একাধিক পদ একপদত পৰিণত হয় আৰু প্রত্যেকটোৱে এটাই আনটোৰ লগত সম্পর্কযুক্ত হৈ থাকে। গতিকে উচ্চাৰণ হ'ল যদি মূলকথা আৰু সমাসৰ মূল কথা হ’ল অর্থ। সমাসত প্রতিটো পদৰ বিভক্তি লােপ হয়। সমাসবদ্ধ হলে সাধাৰণতে সন্ধিবদ্ধও হৈ থকা দেখা যায়। 


সমাস কাক বোলে - সমাসৰ প্রকাৰ - অসমীয়া ব্যাকৰণ class 10 HSLC class 12 HS Assamese Grammar 
সমাস - সমাসৰ সংজ্ঞা - সমাসৰ প্ৰকাৰ - দ্বন্দ্ব সমাস - দ্বিগু সমাস - বহুব্রীহি সমাস - তৎপুৰুষ সমাস - কর্মধাৰয় সমাস - অব্যয়ীভাৱ সমাস - নিত্য সমাস - সমস্যমান পদ - সমস্ত পদ - ব্যাসবাক্য - অসমীয়া ব্যাকৰণ - Assamese Grammar - Homakh - Somas 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.