অসমৰ বিশিষ্ট কবি সাহিত্যিক সকলৰ চমু পৰিচয় Great peoples of Assam

0

অসমৰ বিশিষ্ট কবি সাহিত্যিক সকলৰ চমু পৰিচয় - অসমৰ বিখ্যাত ব্যক্তিসকল Great peoples of Assam

অসমৰ বিশিষ্ট কবি সাহিত্যিক সকলৰ চমু পৰিচয় - অসমৰ বিখ্যাত ব্যক্তিসকল - অসমৰ প্ৰসিদ্ধ ব্যক্তিসকল - অসমৰ প্ৰখ্যাত লোকৰ বিষয়ে - অসমৰ বিখ্যাত কবি সাহিত্যিক সকলৰ নাম - অসমৰ মহান ব্যক্তি সকলৰ তালিকা - Great peoples of Assam- Assamese Culture- Assamese literature- Legends of Assam - A great man of Assam - Famous male personalities of Assam - Famous female personalities of Assam - Axomor Kobi hahityik
অসমৰ বিখ্যাত ব্যক্তিসকল 



অসমৰ বিশিষ্ট কবি সাহিত্যিক সকলৰ চমু পৰিচয় - অসমৰ বিখ্যাত ব্যক্তিসকল - অসমৰ প্ৰসিদ্ধ ব্যক্তিসকল - অসমৰ প্ৰখ্যাত লোকৰ বিষয়ে - অসমৰ বিখ্যাত কবি সাহিত্যিক সকলৰ নাম - অসমৰ মহান ব্যক্তি সকলৰ তালিকা - Great peoples of Assam- Assamese Culture- Assamese literature- Legends of Assam - A great man of Assam - Famous male personalities of Assam - Famous female personalities of Assam - Axomor Kobi hahityik 


অসমৰ বিখ্যাত ব্যক্তিসকল


কাশীনাথ তামুলী:

কাশীনাথ তামুলী স্বৰ্গদেউ পুৰন্দৰ সিংহৰ ৰাজবিষয়া আৰু এজন বুৰঞ্জীবিদ আছিল। কাশীনাথ তামুলীৰ ১৮১০ চনত জন্ম আৰু মৃত্যু আনুমানিক ১৮৭০- ৮০ চনত। পাৰ্চি, বাংলা আৰু আহােম ভাষাত কাশীনাথ তামুলীৰ বিশেষ জ্ঞান আছিল। স্বৰ্গদেউ পুৰন্দৰ সিংহৰ আদেশ মর্মে ৰাধানাথ বৰবৰুৱাৰ সৈতে কাশীনাথ তামুলীয়ে আহােম ভাষাৰপৰা অনুবাদ কৰি “আসাম বুৰঞ্জি পুথি” লিখি উলিয়ায়। ১৮৪৪ চনত এই পুথি শিৱসাগৰৰ বেপ্টিষ্ট মিছন প্রেছে ছপা কৰে। এইখনেই প্ৰথম অসমীয়া ছপা বুৰঞ্জী। 


কীর্তিচন্দ্ৰ বৰবৰুৱা : 

কীর্তিচন্দ্ৰ বৰবৰুৱা আহােম যুগৰ এজন বৰবৰুৱা আছিল। কীর্তিচন্দ্ৰ বৰবৰুৱাৰ জন্ম আনুমানিক ১৭০৯ চনত। স্বৰ্গদেউ শিৱ সিংহই বৰবৰুৱা পদ দিয়ে। তাৰ পাছৰপৰা অতিশয় দাম্ভিক আৰু ক্ষমতাশালী হৈ উঠে। চকৰি ফেটী বুৰঞ্জীত কীর্তিচন্দ্ৰ বৰবৰুৱাৰ কথা বেয়াকৈ লিখাত তেনে ধৰণৰ আটাইবােৰ বুৰঞ্জী গােটাই পুৰি পেলায়। ১৭৬৯ চনত ৰাঘ মৰাণৰ হাতত মৃত্যু হয়। কীর্তিচন্দ্ৰ বৰবৰুৱা গেন্ধেলা বৰবৰুৱা নামেৰে জনাজাত আছিল। 


কুকুৰাখােৱা গোহাঁই:

কুকুৰাখােৱা গোহাঁই আহােম স্বৰ্গদেউ চুতিংফা বা নৰীয়া ৰজাৰ পূত্র। কুকুৰাখােৱা গোহাঁইৰ প্রকৃত নাম ঠানুৱা গােহাঁই। কুকুৰাখােৱা গোহাঁই অতি নিষ্ঠুৰ প্ৰকৃতিৰ আৰু অত্যাচাৰী আছিল। সৰু-বৰ সকলােৱে অত্যাচাৰত তিষ্ঠিব নােৱাৰি কুকুৰাখােৱা গোহাঁইক হত্যা কৰে। 


কৃষ্ণ ভূঞা:

কৃষ্ণ ভূঞা আৱাহন যুগৰ বিশিষ্ট গল্পকাৰ। ১৯০৪ চনত যােৰহাটত কৃষ্ণ ভূঞাৰ জন্ম। কৃষ্ণ ভূঞাৰ প্রকাশিত পুথি হ'ল ৰামধেনুৰ ৰং (গল্প সংকলন ১৯৬২), উত্তৰ মেঘ (উপন্যাস, ১৯৮৪) ফুল আৰু জাবৰ (গল্প সংস্কলন, ১৯৮৮) কৃষ্ণ ভূঞাৰ গল্প সমগ্র (প্রথম খণ্ড, ১৯৮৮), কৃষ্ণ ভূঞাৰ উপন্যাস সমগ্র (১৯৯৯) আৰু জীৱৰ মৰীচিকা (কবিতা ১৯৯৮)। তাৰােপৰি অনেক গল্প, প্ৰৱন্ধ, অনার্তাৰ নাটক, কবিতা অপ্রকাশিত অৱস্থাত আছে। ২০০৫ চনৰ ৩০ মার্চত কৃষ্ণ ভূঞাৰ মৃত্যু হয়। 


কুমাৰ কিশােৰ:

কুমাৰ কিশােৰ ১৯২৯ চনত নলবাৰীত জন্ম। প্রকৃত নাম কিশােৰ কুমাৰ প্রখ্যাত উপন্যাসিক। কুমাৰ কিশােৰৰ প্রকাশিত উপন্যাস হ'ল- ৰক্তবৰ হিমানী, হিল্লোল, সীমান্তৰ সূর্য, শতাব্দীৰ স্বপ্ন, সােণজুলিৰ শিলজুৰিৰ সাঁকো ইত্যাদি। 


কৃষ্ণকান্ত সন্দিকৈ:

১৮৯৮ চনৰ জুলাই মাহত অসমৰ সাতঘৰীয়া আহােম ফৈদৰ আচ্যৱন্ত পুৰুষ ৰাধাকান্ত সন্দিকৈৰ পুত্ৰৰূপে কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হৈছিল যােৰহাটত। ১৯১৩ চনত বৃত্তি আৰু সােণৰ পদকসহ বি.এ. পাচ কৰে। ১৯১৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতত প্রথম শ্ৰেণীত উত্তীর্ণ হােৱা। কৃষ্ণকান্ত সন্দিকৈয়ে অক্সফার্ড বিশ্ববিদ্যালয়ৰপৰা মডার্ণ হিষ্টৰিতাে এম.এ. পাচ কৰে। বিদেশত থাকি কৃষ্ণকান্ত সন্দিকৈয়ে বিদেশী সাহিত্য আৰু ভাষা জ্ঞান অর্জনত গুৰুত্ব দিয়ে। প্রাচ্য আৰু পাশ্চাত্য উভয়ৰে জ্ঞান অর্জনৰ তীব্র আকাংক্ষাই কৃষ্ণকান্ত সন্দিকৈক কেইবাটাও প্রাচীন আৰু আধুনিক ভাষা শিকিবলৈ বাধ্য কৰিছিল। বহু ভাষা আৰু সাহিত্য অধ্যয়ন কৰি বিশ্বকোষ সমজ্ঞানৰ অধিকাৰী হৈ ১৯২৭ চনত তেওঁ স্বদেশ লৈ উলটি আহে। কৃষ্ণকান্ত সন্দিকৈ আছিল প্রাচ্য আৰু পাশ্চাত্যৰ জ্ঞানৰ সমাহাৰ। কৃষ্ণকান্ত সন্দিকৈ সীমিত সংখ্যক প্রবন্ধেৰে হলেও অসমীয়া পাঠকক বিশ্ব সাহিত্যেৰ সৈতে পৰিচয় কৰাই দিয়াত কৃতিত্ব অর্জন কৰিছিল। শ্রী হৰ্ষৰ নৈষধ চৰিত, যশস্তিলক আৰু ভাৰতীয় সংস্কৃতি আৰু প্রৱৰসেনৰ সেতুবন্ধ হ'ল কৃষ্ণকান্ত সন্দিকৈ ডাঙৰীয়াৰ অমৰ কীৰ্তি। 


খগেন মহন্ত:

১৯৪২ চনৰ ১ জানুৱাৰীত নগাঁৱত জন্মলাভ কৰা খ্যাতনামা শিল্পী খগেন মহন্তৰ পিতৃ হৰেন্দ্ৰ নাথ মহন্ত আৰু মাতৃ লক্ষ্মীপ্রিয়া দেৱী। ১৯৬১ চনত গ্রামােফোন ৰেকৰ্ড যােগে ‘আকাশ বাণী’ পৰা প্ৰথমবাৰৰ বাবে খগেন মহন্তৰ গীত প্ৰচাৰ হয়। ১৯৫৮ চনৰ পৰাই খগেন মহন্তই শ্বিলঙৰ কলাকেন্দ্ৰৰ সদস্য হিচাবে সাংস্কৃতিক কার্যসূচী পৰিৱেশন কৰিবলৈ যায়। সেই বছৰতে দিল্লীত প্রতিষ্ঠা হােৱা দূৰদৰ্শন কেন্দ্র যােগে খগেন মহন্তই গীত পৰিৱেশন কৰি শ্ৰোতাক অভিভূত কৰে। ১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভা, হেমাঙ্গ বিশ্বাস আৰু যুগল দাসে যি শান্তি কামী Harmony গােষ্ঠী গঠন কৰিছিল মহন্তক তাৰ সক্রিয় সদস্য কৰি লয় আৰু গীতৰ জৰিয়তে মানবীয় প্ৰমূল্য ৰক্ষার্থে মানুহক উদ্দীপ্ত কৰে। ১৯৬১ চনত কলিকতাত হােৱা বিশ্ব শান্তি মেলাতাে খগেন মহন্তই কলিকতীয়া ৰাইজক মুগ্ধ কৰে। আকাশবাণীৰ ‘এ গ্রেড' শিল্পী আৰু লগতে উচ্চপদস্থ বিষয়া খগেন মহন্ত অসমীয়া লােকগীত আৰু আধুনিক গীতৰ সুৰকাৰ। শিশুগীত, শিশু আলেখ্য, নাটক আৰু সংগীতালেখ্যৰ সংগীত পৰিচালক মহন্তই ১৯৮৭-৮৮ চনত ফিল্ম ক্রাফট এৱার্ড, ১৯৯২ চনত সংগীত নাটক একাডেমী বঁটা, ১৯৯৪ চনত শ্রীময়ী বঁটা আৰু ১৯৯৯ চনত সংগীতাচার্য সম্মান লাভ কৰে। 


খেৰসুতী:

শ্ৰীশঙ্কৰদেৱৰ বুঢ়ীমাক। সৰুকালত শংকৰদেৱক এৱেই লালন-পালন কৰিছিল। 


গদাধৰ সিংহ:

তুংখুঙীয়া ফৈদৰ গােবৰ ৰজাৰ পুতেকৰ নাম আছিল গদাধৰ। পিতৃদত্ত নাম আছিল গদাপাণি। আহোম ৰজা ৰত্নধ্বজ বা ল'ৰা ৰজাই গদাপাণিৰ অংগক্ষত কৰাৰ চেষ্টা কৰাৰ বাতৰি পাই তেওঁ নগা পাহাৰলৈ পলাই যায়। তেওঁৰ বাতৰি বিচাৰি ল'ৰা ৰজাই গদাপাণিৰ পত্নী জয়মতীক শাস্তি দিয়ে। অত্যাচাৰত জয়মতীৰ মৃত্যু হয়। গদাপাণিয়ে গুৱাহাটীত থকা ভিনিহিয়েক বৰফুকনৰ সহায়ত ল'ৰা ৰজাক ক্ষমতাচ্যুত কৰি হত্যা কৰে। ১৬৮১ চনত ৰাজসিংহাসনত উঠিয়েই তেওঁ মোগলৰ হাতৰপৰা গুৱাহাটী পুনৰ উদ্ধাৰ কৰে। ১৭৮১ খ্রীষ্টাব্দত মােগলৰ লগত হােৱা এই ৰণেই আছিল ইটাখুলিৰ ৰণ অাৰু ইয়েই আহােম-মােগলৰ শেষ ৰণ। এজন শাক্ত ধৰ্মৰ উপাসক হিচাবে তেওঁ ১৬৯৪ খ্রীষ্টাব্দত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় সজাইছিল। নানান প্ৰজাহিতকৰ কামৰ উপৰিও তেওঁ ধােদৰ আলি বন্ধোৱাইছিল আৰু ৰাজ্যৰ মাটি জৰীপ কৰােৱাইছিল। তদুপৰি বিভিন্ন ষড়যন্ত্ৰ আৰু জনজাতিসকলৰ বিদ্রোহ দমন কৰি তেওঁ সমগ্ৰ ৰাজ্যতে শান্তি আৰু শৃঙ্খলা স্থাপন কৰিছিল। 


গােমধৰ কোঁৱৰ:

অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথৰ গুৰি ধৰােতা আছিল গমধৰ কোঁৱৰ। আহােম ৰাজপৰিয়ালৰ ফেনা কোৱঁৰৰ পুত্ৰ। আহােম ৰাজ পৰিয়ালৰ হাতত সিংহাসন তুলি দিবৰ বাবে তেওঁ ইংৰাজসকলৰ বিৰুদ্ধে বিদ্রোহ ঘােষণা কৰিছিল। গোমধৰ কোঁৱৰৰ বিদ্রোহ বিফল হৈছিল যদিও এই বিদ্রোহেই সমগ্ৰ অসমীয়াৰ মাজত জাতীয়তাবােধ জগাই তুলিছিল। ১৮২৮ খ্রীষ্টাব্দত গােমধৰ সিংহ নাম লৈ নিজকে আহােম ৰজা বুলি ঘােষণা কৰিছিল। ইংৰাজে সহজেই গেমধৰৰ বিদ্রোহ ওফৰাই তেওঁক বন্দী কৰে আৰু যােৰহাটৰ ফাটেকত থয়। তেওঁ ফাটেকৰপৰা পলাই যায় যদিও কিছুদিনৰ পাছত ধৰা পৰে। ইয়াৰ পাছত ইংৰাজে চৈধ্য বছৰৰ বাবে কাৰাবাস দি ৰংপুৰ জেলত ৰাখে। 




Post a Comment

0Comments
Post a Comment (0)