দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী Class 10 Social Science History Chapter 1 SEBA

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC 

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ ১ম অধ্যায় বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলনৰ সকলো প্রশ্ন উত্তৰৰ সমাধান ছাত্র ছাত্রী সকলৰ বাবে Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Social Science Class 10 Question Answer - Social Science Class 10 Question Bank Solution - Homaj Vigyan Class X Suggestion and Notes for all Student of SEBA Board Assam - Class X Social Science History Previous Year Question Paper with Solution
দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন আৰু স্বদেশী Class 10 Social Science History Chapter 1


দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ ১ম অধ্যায় বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলনৰ সকলো প্রশ্ন উত্তৰৰ সমাধান ছাত্র ছাত্রী সকলৰ বাবে Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Social Science Class 10 Question Answer - Social Science Class 10 Question Bank Solution - Homaj Vigyan Class X Suggestion and Notes for all Student of SEBA Board Assam - Class X Social Science History Previous Year Question Paper with Solution

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস


অধ্যায় - ১ বংগ বিভাজন (১৯০৫-১৯১১)আৰু স্বদেশী আন্দোলন

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

অতি চমু উত্তৰৰ প্রশ্ন

১। বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল?
উত্তৰঃ বংগ বিভাজন ভাইচৰয় লর্ড নেথানিয়েল কার্জনৰ শাসনকালত সংঘটিত হৈছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

২। ১৯০৫ খ্রীষ্টাব্দ কোন তাৰিখে বংগ বিভাজন কার্যকৰী হৈছিল?
উত্তৰঃ ১৯০৫ খ্রীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ বিভাজন কার্যকৰী হৈছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৩। বিদেশী পণ্য বর্জনৰ প্ৰস্তাব কোনখন সভাত প্ৰহণ কৰা হৈছিল?
উত্তৰঃ বিদেশী পণ্য বর্জনৰ প্ৰস্তাব ১৯০৫ চনৰ ২০ জুলাই তাৰিখে দিনাজপুৰৰ মহাৰাজৰ পৌৰােহিত্যত অনুষ্ঠিত সভাত গ্ৰহণ কৰা হৈছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৪। স্বদেশী আন্দোলনৰ সময়ছােৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কিৰিছিল?
উত্তৰঃ স্বদেশী আন্দোলনৰ সময়ছােৱাত যুগান্তৰ নামৰ সংবাদপত্রখন কৃষ্ণকুমাৰ মিত্ৰই সম্পাদনা কৰিছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৫। বংগ দেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?
উত্তৰঃ বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো ১৯০৬ চনৰ ১১ মার্চ তাৰিখে গঠন হৈছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৬। বেংগল কেমিকেলছ নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্রধান উদ্যোক্তা কোন আছিল?
উত্তৰঃ বেংগল কেমিকেলছ নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা আছিল আচার্য প্রফুল্ল ৰায় আছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৭। কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্রেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল?
উত্তৰঃ দাদাভাই নৌৰজীৰ পৌৰােহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৮। 'বন্দিনী ভাৰত' নামৰ নাটকখনৰ ৰচক কোন?
উত্তৰঃ বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক আছিল অম্বিকাগিৰী ৰায়চৌধুৰী।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৯। বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল?
উত্তৰঃ ১৯১১ চনত বংগদেশৰ একত্ৰিকৰণ হৈছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

চমু উত্তৰৰ প্রশ্ন

১। বংগ বিভাজনে সৃষ্টি কৰা “পূর্ববংগ আৰু অসম” নামৰ প্রদেশখনৰ সৈতে সংলগ্ন হােৱা বংগদেশৰ প্রধান তিনিটা ভৌগােলিক সংমণ্ডল উল্লেখ কৰা।উত্তৰঃ 'পূর্ববংগ আৰু অসম' প্রদেশৰ সৈতে সংলগ্ন হােৱা বংগদেশৰ প্রধান তিনিটা ভৌগােলিক সংমণ্ডল হল ঢাকা, চট্টগ্রাম আৰু ৰাজশাহী।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

২। বংগ বিভাজনৰ অন্তর্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা।
উত্তৰঃ লর্ড কার্জনে ভাৰতীয় জাতীয়তাবাদৰ প্রাণকেন্দ্র বংগ প্রদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়ােখন প্রদেশতে সংখ্যলঘুত পৰিণত কৰিব বিচাৰিছিল। কার্জনৰ ব্রিটিছ সাম্রাজ্যবাদক শক্তিশালী ৰূপত গঢ়ি তােলাৰ উদ্দেশ্য আগত ৰাখি বংগ বিভাজনৰ যােগেদি ৰাজনৈতিক চেতনাসম্পন্ন হিন্দু বঙালীসকলক পংগু কৰি জাতীয়তাবাদ বিকাশৰ পথত হেঙাৰ দিব বিচাৰিছিল। এই আঁচনিৰ যােগেদি ৰাজনৈতিক দিশত অনগ্ৰসৰ মুছলমানসকলক ইংৰাজ শাসনৰ প্রতি অনুগত কৰিব বিচাৰিছিল আৰু আনহাতেদি ভাৰতীয় সমাজত সাম্প্রদায়িকতাৰ বিহ সিঁচি দিয়াৰ পৰিকল্পনা হাতত লৈছিল। লগতে ইংৰাজবিদ্বেষী চৰমপন্থীসকলক দমন কৰাৰ বাবে বংগ বিভাজনক এপাত অস্ত্র হিচাপে বাছি লৈছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৩। বংগ বিভাজন বিৰােধী আন্দোলনে স্বদেশ আন্দোলন নাম কিয় পাইছিল চমুকৈ লিখা।
উত্তৰঃ ১৯০৩ চনৰ ৬ ডিচেম্বৰ তাৰিখে বংগ দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ উত্থাপিত হােৱাৰ পৰা ১৯০৫ চনৰ ১৯ জুলাই তাৰিখে বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্রকাশ কৰালৈকে পূর্ব বংগ, উত্তৰ বংগ আৰু পশ্চিম বংগৰ বিভিন্ন ঠাইত অনুষ্ঠিত প্রতিবাদী সভাৰ যােগেদি প্রবল জনসংগ্ৰামৰ জোৱাৰ উঠিছিল। জাতি-বর্ণ নির্বিশেষে সকলাে মানুহেই এই সংগ্রামত জঁপিয়াই পৰিছিল। বংগ বিভাজনৰ পৰিণতি হিচাপে সংঘবদ্ধভাৱে বিদেশী বস্তু বর্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমােদিত হােৱাৰ পিছত এই আন্দোলন স্বদেশী আন্দোলন নামে জনাজাত হয়।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৪। স্বদেশী আন্দোলনে জাতীয় শিক্ষা আগবঢ়োৱা বৰঙণিৰ বিষয়ে মালােচনা কৰা।
উত্তৰঃ ১৯০৫ চনৰ ৫ আগষ্ট তাৰিখে ৰবীন্দ্রনাথ ঠাকুৰে কলিকতাৰ এখন জনসভাত জাতীয় শিক্ষাৰ প্রয়ােজনীয়তা সম্পর্কে ভাষণ প্রদান কৰিছিল আৰু তাৰ পিছদিনা বিশাল জনতাৰ উপস্থিতিত তেওঁ বংগ জাতীয় বিদ্যালয় নামৰ জাতীয় শিক্ষানুষ্ঠানটো প্রতিষ্ঠা কৰে। ৮ নৱেম্বৰত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন হয়। চৰকাৰী বিদ্যালয় ত্যাগ কৰা ছাত্ৰৰ সংখ্যা ক্রমাৎ বৃদ্ধি পাবলৈ ধৰে আৰু বংগদেশৰ কেইবাখনাে ঠাইত জাতীয় বিদ্যালয় গঢ়ি উঠে। ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাৰ টাউন হলত ১৯০৬ চনৰ ১১ মার্চ তাৰিখে অনুষ্ঠিত সভাত জাতীয় শিক্ষা পৰিষদ নামৰ জাতীয় শীর্ষ অনুষ্ঠানটো গঠন হয়। ১৫ আগষ্ট অৰিখে বংগ জাতীয় মহাবিদ্যালয় স্থাপন হয় আৰু অৰবিন্দ ঘােষে মহাবিদ্যালয়ৰ অধ্যক্ষ পদ অলংকৃত কৰিছিল। একেটা বছৰতে ১২ ডিচেম্বৰত বংগ জাতীয় মহাবিদ্যালয়ক জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়। স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্রাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে। খ্যাতনামা বেৰিষ্টাৰ তাৰকনাথ পালিত অর্থসাহায্যত বেংগল টেকনিকেল ইনষ্টিটিউট নামৰ শিক্ষানুষ্ঠানটো গঢ়ি উঠিছিল। পিছলৈ উক্ত অনুষ্ঠানটোৱে যাদৱপুৰ বিশ্ববিদ্যালয় নামেৰে আত্মপ্রকাশ কৰিছিল। জাতীয় বিশ্ববিদ্যালয়ৰ আৰ্হিত পাটনাত ‘বিহাৰ- বিদ্যাপীঠ’ প্রতিষ্ঠা কৰা হৈছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৫। স্বদেশী আন্দোলনৰ সময়ছােৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল?
উত্তৰঃ আত্মশক্তি বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প-কাৰখানা গঢ়ি তােলাৰ অনুকূল পৰিৱেশ সৃষ্টি হৈছিল। বিভিট কুটীৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্রতিষ্ঠান গঢ়ি উঠিছিল । সূতা কটা কল ক্ষুদ্র আৰু মজলীয়া তাঁতি-শাল উদ্যোগ, সৰিয়হৰ তেল, চাবােন, চেনি জুইশলা, বিস্কুট আদিৰ কাৰখানা গঢ়ি উঠিছিল। ইয়াৰ লগতে গঢ়ি উঠিছিল জাতীয় বেংক আৰু বীমা কোম্পানী। ৰবীন্দ্রনাথ ঠাকুৰে প্রতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ স্বদেশী আন্দোলনৰ ফলস্বৰূপ এটা জাকতজিলিকা বস্ত্র প্রতিষ্ঠানত পৰিণত হৈছিল। স্বদেশী আন্দোলনৰ ভৰ সময়ত যােগেশচন্দ্র চৌধুৰী আৰু কৃষ্ণুবিহাৰী সেনৰ প্ৰচেষ্টাত কলিকতাৰ বৌবজাৰত ইণ্ডিয়ান ষ্টোৰ নামৰ প্রতিষ্ঠানটো গঢ়ি উঠিছিল। সকলাে প্ৰকাৰৰ স্বদেশী সামগ্রী এই প্রতিষ্ঠানত বিক্ৰী কৰা হৈছিল। ঠাকুৰ পৰিয়ালৰ কন্যা সৰ্বলা দেৱীয়ে কৰ্ণৱালিছ স্ট্রীটত লক্ষী ভাণ্ডা প্রতিষ্ঠা কৰিছিল। আব্দুল হালিম গজনবিয়ে লালবজাৰত প্ৰতিষ্ঠা কৰিছিল ইউনাইটেড বেংগল ষ্টোৰছ। প্রফুল্ল চন্দ্র ৰায়, নীলৰতন সৰকাৰ আদি অসাধাৰণ ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তােলাৰ চিন্তা কৰিছিল। নীলৰতন সৰকাৰ উদ্যোগত বংগলক্ষী কটন মিল আৰু আচার্য প্রফুল্ল চন্দ্ৰ ৰায়ে বেংগল কেমিকেলছ নামৰ উদ্যোগ প্রতিষ্ঠানটো মুকলি কৰিছিল। জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানাটো মুকলি কৰিছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৬। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্রিটিছ চৰকাৰে কি কি আন্দোলনবিৰোধী কার্যসূচী গ্রহণ কৰিছিল?
উত্তৰঃ ব্রিটিছ চৰকাৰে বংগ ভংগৰ ক্ষেত্ৰত জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ পৰা সহযােগিতা আশা কৰিছিল। লর্ড কার্জনে এই নেতাসকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেওঁলােকৰ বহলকে ব্রিটিছ চৰকাৰ আৰােপিত উপাধি, পদক আৰু পদ প্রদান কৰিছিল। উদাৰপন্থী কংগ্ৰেছ সদস্যক উচ্চ নায়ালয়ৰ বিচাৰপতিৰ পদ, ব্রিটিছ সংসদ সদস্য পদ, ভাইছৰয় পৰিষদৰ সদস্য পদ নতুবা প্রাদেশিক পৰ্যায়ৰ লােভনীয় সদস্য পদ যাচি বংগ ভাগ পৰিকল্পনাত তেওঁলােকৰ সমর্থন আশা কৰিছিল। তথাপি কার্জনে বংগ ভংগবিৰোধী আন্দোলন দুর্বল কৰিব পৰা নাছিল। সুৰেন্দ্রনাথ বন্দ্যোপাধ্যায়, গােপালকৃষ্ণ গােখলে আদি কংগ্ৰেছৰ শীর্ষ নেতাৰ বংগ ভংগবিৰােধী অটল স্থিতিয়ে চৰকাৰক শলঠেকত পেলাইছিল। বিপিন চন্দ্র পালে সকলাে নেতাকে ব্রিটিছপ্রদত্ত উপাধি, পদ, পদবী আদি বৃৰ্জন কৰাৰ আহ্বান জনায়। এই আহ্বানৰ প্রতি সঁহাৰি জনাই গােপালকৃষ্ণ গােখলেই পােনপ্ৰথমে নাইটহুড উপাধি ব্রিটিছ চৰকাৰক ঘূৰাই দিছিল। ১৯০৭ চনৰ ৩ জুনত ব্ৰিটিছ চৰকাৰে সকলাে দেশীয় সংবাদপত্ৰবােৰত সতর্কীকৰণ জাৰি কৰিছিল। তিনিজন পত্রিকা সম্পাদক ভূপেন্দ্রনাথ দত্ত ‘সন্ধ্যাৰ সম্পাদক ব্রহ্মবান্ধর উপাধ্যায় আৰু “বন্দে মাতৰমৰ সম্পাদক অৰবিন্দ ঘােষক ৰাষ্ট্রদ্রোহ অপৰাধী সজাই তেওঁলােকৰ ওপৰত দমনমূলক আইন প্রয়ােগ কৰি কঠোৰ শান্তি দিছিল, 'বন্দে মাতম গীতটো ভাৰতবৰ্ষত নিষিদ্ধ কৰা হৈছিল।

বিভেদকামী নীতিৰ প্রশ্রয় দি ব্ৰিটিছে ঔপনিৱেশিক শােষণ অক্ষুন্ন ৰখাৰ চেষ্টা চলাইছিল। হিন্দু আৰু মুহলমানৰ মাজত বিভেদ সৃষ্টি কৰি মুছলমানসকলৰ পূৰা বংগ বিভাঞ্জনত তেওঁলােকৰ সহযােগত্যাদায় কৰিব বিচাৰিছিল। চৰকাৰে আন্দোলনক খর্ব কৰাৰ উদ্দেশ্যে পুলিচ আৰু সৈনাবাহিনীৰ যােগেদি হিংসা-সন্ত্রাস চলাইছিল। ১৯০৮ চনৰ ১১ ডিচেম্বৰ তাৰিখে বংশ বংগবিৰােধী আন্দোলনৰ শীর্ষ নেতা কৃষ্ণকুমাৰ দত্ত, মনােৰঞ্জন গুহঠাকুৰ, সুবােধচন্দ্র মল্লিখ, শ্যামসুন্দৰ চক্ৰৱৰ্তী, শচীন্দ্রপ্রসাদ বসু, সতীশচন্দ্র চট্টোপাধ্যায়, ভুপেন্দ্র চন্দ্র নাগ, পুলিন বিহাৰী দাস, অশ্বিনী কুমাৰ দত্তক নির্বাসন দণ্ড বিহিছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৭। স্বদেশী আন্দোলশৰ তিনিটা ফলাফল উল্লেখ কৰা।
উত্তৰঃ স্বদেশী আন্দোলনৰ তিনিটা ফলাফল তলত উল্লেখ কৰা হল

(ক) সাহিত্যৰ ক্ষেত্ৰত স্বদেশী আনােদল ফলশ্রুতিত স্বদেশানুভুতিৰ জোৱাৰে সাহিত্য সৃষ্টিত বিশেষ অৰিহণা যােগাইছিল। স্বদেশী আন্দোলনৰ পটভূমিত প্রকাশিত হৈছিল বিভন্ন সংবাদপত্র, আলােচনী, প্রন্থ আৰু গীত, নাটক, প্রবন্ধ ইত্যাদি।

(খ) স্বদেশী আন্দোলনে জাতীয় শিক্ষা ব্যৱস্থাতে প্রভূত পৰিমাণে অৰিহণা, যােগাইছিল। স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্রথমিক জাতীয় বিদ্যালয় পঢ়ি উঠিছিল।

(গ) নাৰীজাগৰণ সকলাে ধৰণৰ সামাজিক বাধা অতিক্রম কৰি বংগদেশৰ মধ্যবিত্ত নগৰীয়া নাৰী সমাজে পুৰুষৰ লগতে সমানে সমানে স্বদেশী আন্দোলনত অংশগ্রহণ কৰিছিল। বংগ বিভাজনবিৰােধী আন্দোলনত নাৰীসকলৰ এই অংশগ্রহণে ভাৰতীয় স্বাধীনতা আন্দোলনক সুসংগঠিন্ত পর্যায়লৈ আগুৱাই নিছিল৷

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৮। স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা। 

উত্তৰঃ স্বদেশী আন্দোলনৰ তিনিটা অৱদানৰ বিষয় তলত আলােচনা কৰা হ'ল-

(ক) স্বদেশী আন্দোলনে ভাৰতবাসী গণ-আন্দোলন সম্পর্কে এটা ৰাজনৈতিক। জ্ঞান দিছিল। দেশৰ সকলাে মানুহেই আন্দোলনত সমবেত হলে যে গণ-আন্দোলন জয়যুক্ত হােৱাটো সমিশত, সেই কথা ভাৰতীয়ই স্বদেশী আন্দোলনৰ যােগেদি। আয়ত্ত কৰিব পাৰিছিল।

(খ) ভাৰতীয় জাতীয় কংগ্ৰেছ আৰম্ভণিৰে পৰা আবেদন-নিবেদনৰ মাজেৰে সহনশীল চিন্তাত বিশ্বাস ৰাখি ব্ৰিটিছ চৰকাৰৰ ওচৰত ভাৰতীয়ৰ উন্নতি আশা কৰিছিল। বংগ ভংগক কেন্দ্ৰ কৰি জাতীয় কংগ্ৰেছৰ চিন্তা-কমত পৰিৱৰ্তনৰ সূচনা হৈছিল। একমাত্র গণ-সংব্ৰামৰ যােগেদিহে ভাৰতীয়ৰ উন্নতি সস্তুৱ—এই ভাবনা স্বদেশী আন্দোলনে জাতীয় কংগ্ৰেছক প্রদান কৰিনি।

(গ) স্বদেশী আন্দোলনৰ মাৰ্জেৰে ভাৰতীয়ই ব্রিটিছ চৰহৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযােগ লাভ কৰিছিল। স্বদেশী আন্দোলনৰ তীব্র উত্তেজনাই জাতীয় কংগ্ৰেছক দাদাভাই নৌর্জীৰ পৌৰহিত্যত অনুষ্ঠিত কলিকতা অধিৱেশনত পােনপ্ৰথমে ভাৰতীয়ৰ বাবে স্বৰাজ দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

চমুটোকা লিখা

১। কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰ
উত্তৰঃ বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰ এজন কবি হিচাপে বিখ্যাত আছিল। ১৯১৩ চনত ৰবীন্দ্রনাথ ঠাকুৰে তেওঁৰ বিখ্যাত কবিতা-পুথি গীতাঞ্জলিৰ ইংৰাজী অনুবাদ “Geetanjali: The Songs offerings"ৰ কাৰাণ বিশ্বৰ সর্বশ্রেষ্ঠ পুৰস্কাৰ নােবেল বঁটা লাভ কৰিছিল। তেওঁ স্বদেশী আন্দোলনতাে বিশেষ অৰিহণা যােগাইছিল। তেওঁৰ আহ্বানক্রমে কলিকতাৰ জনতাই বাঙালী জাতিৰ অখণ্ডতাৰ প্রতীক হিচাপে ৰাখীবন্ধন পালন কৰিছিল। ৰৱীন্দ্রনাথ ঠাকুৰ ৰচিত ৰাখী সংগীত বাঙালিৰ প্রাণ, বাঙালিৰ মন, এক হওক হে ভগৱান... গীতটি গাই গাই হিন্দু-মুছলমানৰ মাজত যুগমীয়া সম্প্রীতি। আৰু ভ্রাতৃত্ববােধৰ এনাজৰী সুদৃঢ় কৰাৰ হেতু পথচাৰীৰ হাতত ৰাখী পিন্ধাইছিল। কবিগুৰুৰ নেতা হাজাৰ হাজাৰ জনতাই কালুতােলা আৰু চিৎপুৰ বৰ মছজিদত উপস্থিত হৈ মৌলবী আৰু অন্যান্য মুছলমান লােকসকলক ৰাখীবন্ধন কৰিছিল। বংগদেশৰ জিলাই ভিলাই প্রতিবাদী সভা অনুষ্ঠিত কৰি সেইদিনাৰ পৰা স্বদেশী বস্তু ব্যৱহাৰৰ প্ৰস্তাৱ আখৰে আখৰে পালন কৰাৰ সিদ্ধান্ত লৈছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

২। মার্গাৰেট এলিজাবেথ নােবেল (ভগিনী নিবেদিতা) 

উত্তৰঃ নাৰী আৰু যুৱক-যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ পৰিমাণে বৰঙণি যােগােরা নাৰী ভগিনী নিবেদিতাৰ আচল নাম আছিল-মার্গাৰেট এলিজাবেথ নােবেল। ১৮৬৪ চনত আয়াৰলেণ্ডত জন্মগ্রহণ কৰা এইগৰাকী মহীয়সী নাৰীয়ে কলিকতাত থকা সময়ত ইয়ং মেচ্ছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছেচাইটি, ডন ছেচাইটি আৰু অনুশীলন সমিতিৰ সৈতে প্রত্যক্ষভাৱে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যােগেদি স্বনিৰ্ভৰশীল হ'বলৈ আহ্বান জনাইছিল। কলিকতা বিশ্ববিদ্যালয়ৰ সমাবর্তনত ভাইচৰয় লর্ড কার্জনে প্রাচ্যবাসীৰ প্ৰতি কৰা কিছুমান টুলুঙা মন্তবাই - নিবেদিতাক আঘাত কৰিছিল। অমৃত বাজাৰ পত্রিকা (১২ ফেব্রুৱাৰী, ১৯০৫) আৰু ‘দি স্টেটমেন' (১৪ ফেব্রুৱাৰী, ১৯০৫) কাকতত দুটা প্রবন্ধ লিখি লর্ড কার্জন। ভাৰতবিৰােধী মনসিকতা ভাৰতবাসীৰ আগত উদঙাই দিছিল। কার্জনৰ লঘু মন্তব্যৰ বিৰুদ্ধে প্রতিবাদ জনােৱাৰ উদ্দেশ্যে নিবেদিতাই ৰাসবিহাৰী বসুৰ পৌৰাহিত্যত কলিকতাৰ টাউন হল (১১ মার্চ, ১৯০৫) এখন প্রতিবাদী সভা অনুষ্ঠিত কৰিছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৩। নবাব ছলিমউল্লা
উত্তৰঃ ছলিমউল্লা আছিল ঢাকাৰ নবাব ০৬ চনৰ ৩০ ডিচেম্বৰ তাৰিখে। তেওঁৰ আহ্বানক্রমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান বৰমূৰীয়াই নবাব বিকবউল মূলকৰ পৌৰহিত্যত ঢাকা ৰাজদৰবাৰত আয়োজিত সভাত অংশগ্ৰহণ কৰিছিল। এই ঐতিহাসিক সভাতে সর্বভাৰতীয় মুছলিম লীগ নামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ জন্ম হৈছিল। মুছলিম লীগ স্থাপনত নেতৃত্ব বহন কৰা ব্যক্তি নবাব ছলিমউল্লাই সেইদিনা । নবগঠিত ৰাজনৈতিক অনুষ্ঠানটোৰ কিছুমান লক্ষ্য উদ্দেশ্য বান্ধি দিছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৪। অম্বিকাগিৰী ৰায়চৌধুৰী
উত্তৰঃ ভাৰতবৰ্ষৰ স্বদেশী আন্দোলনৰ প্ৰভাৱ অসমলৈকো বিস্তাৰিত হৈছিল। অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্রোহী সংগঠন গঢ়ি তুলছিলি। তেওঁ জিলাসমূহত স্বদেশী বস্তু ব্যৱহাৰৰ বাবে প্ৰচাৰ চলাইছিল। অম্বিকাগিৰীয়ে 'বন্দিনী ভাৰত' নামৰ এখন বিদ্রোহাত্মক নাটক ৰচনা কৰিছিল। ১৯০৬ চনৰ ৩১ জুলাইত কটন কলেজিয়েট হাইস্কুলত নাটকখনৰ অভিনয় চলি থকাৰ মাজতে পুলিচে মঞ্চৰ পৰা নাটকখনৰ পান্ডুলিপি বাজেয়াপ্ত কৰিছিল। ক্ষুদিৰাম বসু, বাৰীন্দ্র ঘােষ, উল্লাস কৰ দত্তৰ লগত যােগাযােগ কৰি অম্বিকাগিৰীয়ে ‘সেৱা সংঘ’ নামৰ এটা বিপ্লৱী সংগঠন গঢ়ি তুলিছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

 অতিৰিক্ত প্রশ্ন উত্তৰঃ

১। ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা কোনটো?
উঃ ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা হ'ল- বংগ বিভাজন।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

২। ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ প্রথমটো উল্লেখনীয় ঘটনা কোনটো?
উঃ ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ প্রথমটো উল্লেখনীয় ঘটনা হ'ল চিপাহী বিদ্রোহ (১৮৫৭ খ্রীষ্টাব্দ)।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৩। কোনে পুর্ববংগক অসমৰ সৈতে সংলগ্ন কৰি পূর্ব বংগ আৰু অসম নামৰ এখন প্রদেশ গঠন কৰিছিল?
উঃ ভাইচৰয় লর্ড কার্জনে পুর্ববংগক অসমৰ সৈতে সংলগ্ন কৰি পূর্ব বংগ আৰু অসম নামৰ এখন প্রদেশ গঠন কৰিছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৪। কেতিয়া আৰু কোনে বংগ প্রেছিডেন্সিৰ গৱৰ্ণৰ পদটো গৱৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল?
উঃ ১৭৭৩ খ্রীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্রণকাৰী আইন প্ৰৱৰ্তন কৰি বংগ প্রেছিডেন্সিৰ গৱৰ্ণৰ পদটো গৱৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৫। এলাহাবাদ সন্ধি কি?
উঃ এলাহাবাদ সন্ধি হল - ১৭৬৫ খ্রীষ্টাব্দত মোগল সম্রাট শাহ আলম (১৭৫৯-১৮০৬) আৰু ৰবার্ট ক্লাইবৰ মাজত সম্পন্ন হােৱা  সন্ধি। যাৰ যােগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰতাে ৰাজনৈতিক কর্তৃত্ব লাভ কৰাৰ পিছত এই তিনিওটা অঞ্চল (বংগ, বিহাৰ, উৰিষ্যা) বংগ প্ৰদেশত অন্তর্ভুক্ত হৈছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৬। অসম প্ৰদেশখন কেনেকৈ গঠন কৰা হৈছিল?
উঃ ইংলেণ্ডৰ গৃহ চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত বিস্তাৰিত আলােচনাৰ অন্তত পূব ভাৰতৰ এটা বিশাল এলেকাক বংগদেশৰ পৰা বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল। এই উদ্দেশ্য আগত ৰাখিয়েই ব্রহ্মপুত্র উপত্যকাৰ ছখন জিলাৰ গােৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ, লক্ষীমপুৰ সৈতে খাছীয়া-জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, গাৰাে পাহাৰ, কাছাৰ আৰু শ্রীহট্টক সংলগ্ন কৰি (সৰ্বমুঠ এলেকা ৫৪,১০০ বর্গমাইল জনসংখ্যা ৪১,৫০,০০৪) ১৮৭৪ খ্রীষ্টাব্দত ফেব্ৰুৱাৰী তাৰিখে ‘অসম’ নামৰ প্ৰদেশখন গঠন কৰা হয়। নৱগঠিত প্রদেশখনৰ কাৰণে মুখ্য আয়ুক্ত পদ এটা সৃষ্টি কৰি কর্ণেল আৰ এইচ কীটিক অসম প্রদেশ প্রশাসনৰ দায়িত্বভাৰ (১৮৭৪-১৮৭৮) অর্পণ কৰা হৈছিল। কোনাে কোনাে ঐতিহাসিকৰ মতে, এইয়া আছিল বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৭। বংগ বিভাজনৰ ক্ষেত্ৰত দুজন ইংৰাজ বিষয়াই লর্ড কার্জনক বিশেষভাৱে সহায় কৰিছিল। তেওঁলোক কোন?
উঃ বংগ বিভাজনৰ ক্ষেত্ৰত দুজন ইংৰাজ বিষয়াই লর্ড কার্জনক বিশেষভাৱে সহায় কৰিছিল।এজন আছিল মধ্য প্রদেশৰ মুখ্য আযুক্ত এন্দ্রু ফ্ৰেজাৰ আৰু আনজন অসমৰ মুখ্য আযুক্ত জন ব্যামফিল্ড ফুলাৰ।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৮। ইয়াণ্ডাবু সন্ধিৰ ফলত কোনবোৰ এলেকা ভাৰত-ব্রিটিছ সাম্রাজ্যৰ তলতীয়া হৈছিল? এই এলাকাসমূহ কাৰ দ্বাৰা পৰিচালিত হৈছিল আৰু জনসংখ্যা আৰু মাটিকালিৰ সম্পূর্ণ বিবৰণ দিয়া।
উঃ ১৮২৬ খ্রীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীত হোৱা ইয়াণ্ডাবু সন্ধিৰ যােগেদি অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকা, ১৮৩২ খ্রীষ্টাব্দত কাছাৰ, ১৮৩৩ খ্রীষ্টাব্দত খাছীয়া পাহাৰ, ১৮৩৫ খ্রীষ্টাব্দত জয়ন্তীয়া পাহাৰ, ১৮৩৯ খ্রীষ্টাব্দত মটক আৰু শদিয়া ৰাজ্য, ১৮৪৩ খ্রীষ্টাব্দত খামতি ৰাজ্য, ১৮৪৩ খ্রীষ্টাব্দত চিংফৌ ৰাজ্য, ১৮৫৪ খ্রীষ্টাব্দত আঙ্গামীসকলৰ নগা পাহাৰ এলেকা ভাৰত-ব্রিটিছ সাম্রাজ্যৰ তলতীয়া হৈছিল। এই এলেকাসমূহৰ শাসন ১৮৭৪ খ্রীষ্টাব্দলৈকে বংগ প্ৰদেশৰ লেফটেনেন্ট গৱৰ্ণৰৰ যােগেদি পৰিচালিত হৈছিল। তেতিয়া বংগ প্ৰদেশৰ সৰ্বমুঠ মাটিকালি আছিল ২,৫৩,০০০ বর্গমাইল, মুঠ জনসংখ্যা আছিল ৪ কোটি ৬০ লাখ।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৯। বংগ প্ৰশাসনৰ দক্ষতাৰ অজুহাত দেখুৱাই কোনে ইংলেণ্ডৰ চৰকাৰৰ ওচৰত বংগ প্রদেশ বিভাজনৰ প্ৰস্তাৱ দিছিল?
উঃ ভাইচৰয় লর্ড নর্থব্রুকে (১৮৭২-৭৬) বংগ প্ৰশাসনৰ দক্ষতাৰ অজুহাত দেখুৱাই ইংলেণ্ডৰ চৰকাৰৰ ওচৰত বংগ প্রদেশ বিভাজনৰ প্ৰস্তাৱ দিছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

১০। মুখ্য আযুক্ত এন্দ্রু ফ্ৰেজাৰে মধ্যপ্ৰদেশ আৰু বংগদেশৰ ভৌগােলিক সীমাৰ পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ কাক দিছিল? আৰু লর্ড কার্জনে ফ্রেজাৰ আৰু ফুলাৰৰ কোন দুটা প্ৰস্তাৱক কাৰ্যকৰী কৰাৰ ইচ্ছা প্রকাশ কৰিছিল?
উঃ মুখ্য আযুক্ত এন্দ্রু ফ্ৰেজাৰে মধ্যপ্ৰদেশ আৰু বংগদেশৰ ভৌগােলিক সীমাৰ পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ  ভাইচৰয় কার্জনক দিছিল।

মুখ্য আযুক্ত এন্দ্রু ফ্রেজাৰে বংগৰ ৭ কোটি ৮০ লাখ বর্ধিত জনসংখ্যাৰ বিষয়টো উল্লেখ কৰি সম্বলপুৰ আৰু উৰিষ্যাক বংগ প্ৰদেশৰ পৰা বিচিছন্ন কৰি মধ্য প্রদেশৰ লগত চামিল কৰাৰ প্ৰস্তাৱ দিছিল। একে সময়তে অসমৰ মুখ্য আয়ুক্ত ফুলাৰেও চাহ ব্যবসায় সম্প্রসাৰণৰ স্বাৰ্থত তেওঁ অসমৰ লগত চট্টগ্রামক সংলগ্ন কৰাৰ প্ৰস্তাৱ দিছিল। লর্ড কার্জনে ফ্রেজাৰ আৰু ফুলাৰৰ দুয়ােটা প্রস্তাৱ মনােযােগেৰে অধ্যয়ন কৰিছিল। প্রভাৱ দুটা তেওঁৰ মনঃপুত হৈছিল আৰু তাক কার্যকৰী কৰাৰ ইচ্ছা প্রকাশ কৰিছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

১১। বংগ ভংগ বুলিলে কি বুজায়?
উঃ বংগদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰাৰ প্ৰক্ৰিয়াটোকে ঐতিহাসিক ‘বংগ ভংগ' বুলি জনা যায়।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

১২। ৰিজলী পেপাৰ কি?
উঃ ১ জুন, ১৯০৩ খ্রীষ্টাব্দ তাৰিখে ভাইচৰয় লর্ড কার্জনে ভাৰত চৰকাৰৰ স্বৰাষ্ট্র সচিব হাবার্ট ৰিজলীৰ লগত আলােচনা কৰি বংগ বিভাজন প্রক্রিয়াটোৰ এটা বিস্তাবিত বিৱৰণ (প্রস্তাব) তৈয়াৰ কৰিছিল। যথা ৰীতি লণ্ডনৰ চৰকাৰে প্ৰভাৱটো গ্ৰহণ কৰাৰ পিছত ই 'আঞ্চলিক পুনর্গঠন সংক্রান্ত টোকা' নামেৰে বিবেচিত হৈছিল। প্ৰস্তাৱটো ভাৰত সচিব ৰিজলীয়ে ৬ ডিচেম্বৰত (১৯০৩ খ্রীষ্টাব্দ) প্রকাশ কৰাৰ পিছত ৰিজলী পেপাৰ নামেৰে জনাজাত হৈছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

১৩। ১৮৬৬ খ্রীষ্টাব্দত বংগদেশৰ অন্তৰ্গত উৰিষ্যাত দেখা দিয়া ভয়ানক দুর্ভিক্ষত কিমান মানুহে মৃত্যু সাবটি ল'ব লগা হৈছিল?
উঃ ১৮৬৬ খ্রীষ্টাব্দত বংগদেশৰ অন্তৰ্গত উৰিষ্যাত দেখা দিয়া ভয়ানক দুর্ভিক্ষত প্রায় দহ হেজাৰ মানুহে মৃত্যু সাবটি ল'ব লগা হৈছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

১৪। ঢাকা, চট্টগ্রাম আৰু ৰাজশাহী— এই তিনিওটা সংমণ্ডলৰ সৰ্বমুঠ এলেকা আৰু জনসংখ্যা কিমান আছিল?
উঃ ঢাকা, চট্টগ্রাম আৰু ৰাজশাহী— এই তিনিওটা সংমণ্ডলৰ সৰ্বমুঠ এলেকা আছিল ১,০৬,৫৪০
বর্গমাইল। জনসংখ্যা আছিল ৩১ নিযুত। ইয়াৰ ১৮ নিযুত মুছলমান আৰু ১২ নিযুত হিন্দু।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

১৫। কিমানখন জিলা অসমৰ সৈতে সংলগ্ন কৰি ‘পূর্ব বংগ আৰু অসম' নামৰ প্ৰদেশখন গঠন কৰাৰ আঁচনি গ্ৰহণ কৰা হৈছিল?
উঃ প্রদেশখনৰ উত্তৰ আৰু পূর্ব বংগৰ ১৫খন জিলা অসমৰ সৈতে সংলগ্ন কৰি ‘পূর্ব বংগ আৰু অসম' নামৰ প্ৰদেশখন গঠন কৰাৰ আঁচনি গ্ৰহণ কৰা হৈছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

১৬। লৰ্ড কার্জনে ১৯০৫ চনৰ ১ ছেপ্টেম্বৰত ঘােষণা কৰা বংগ ভংগৰ চাৰিদীয়া আঁচনিখনৰ বিষয়ে লিখা।
উঃ লৰ্ড কার্জনে ১৯০৫ চনৰ ১ ছেপ্টেম্বৰত ঘােষণা কৰা বংগ ভংগৰ চাৰিদীয়া আঁচনিখন আছিল এনেধৰণৰ -

বংগ ভংগ আঁচনিৰ প্ৰথম দফা
(ক) ৰাজশাহী, ঢাকা আৰু চট্টগ্রাম সংমণ্ডলৰ সৈতে অসমসংলগ্ন নতুন প্রদেশখনৰ নাম ‘পূর্ব বংগ আৰু অসম’ হ'ব।
(খ) পূর্ব বংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ’ব ঢাকা।
(গ) পূর্ব বংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেন্ট গৱৰ্ণৰৰ হাতত অর্পণ কৰা হ'ব।
(ঘ) অসমৰ বাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ হ'ব।

দ্বিতীয় দফা
(ক) পূর্ব বংগ আৰু অসমৰ বাবে ঢাকাত সুকীয়া উচ্চ ন্যায়ালয় স্থাপন হ'ব।
(খ) সুকীয়া উচ্চ ন্যায়ালয় স্থাপন নােহােৱাপর্যন্ত প্রদেশখন কলিকতা উচ্চ ন্যায়ালয়ৰ এক্তিয়াৰভুক্ত হ'ব।

তৃতীয় দফা
(ক) পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আৰু ছােটনাগপুৰসহ ‘বংগ প্ৰদেশৰ ৰাজধানী কলিকতা 'হ'ব।

চতুর্থ দফা
(ক) ১৯০৫ খ্রীষ্টাব্দৰ ১৬ অক্টোবৰত বংগ বিভাজন পৰিকল্পনা কার্যকৰী হ'ব।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

১৭। লর্ড কার্জনে বংগ ভংগৰ প্ৰস্তাৱটো অনুমােদন কাৰণে কেতিয়া আৰু ক'লৈ প্ৰেৰণ কৰে?
উঃ ১৯০৫ খ্রীষ্টাব্দৰ ২ ফেব্ৰুৱাৰিত লর্ড কার্জনে বংগ ভংগৰ প্ৰস্তাৱটো অনুমােদন কাৰণে লণ্ডনস্হিত ভাৰত সচিবলৈ প্ৰেৰণ কৰে।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

১৮। ভাৰত-ব্রিটিছ চৰকাৰে কেতিয়া বংগ ভংগৰ পৰিকল্পনাটো প্ৰকাশ কৰিছিল?
উঃ ৯ জুন তাৰিখে ভাৰত সচিব জন ব্রডবিকে তাঁৰ বাৰ্তাৰ যােগেদি বংগ ভংগৰ প্ৰস্তাৱত অনুমোদন জনােৱাৰ পিছত ১৯০৫ চনৰ ১৯ জুলাইত ভাৰত-ব্রিটিছ চৰকাৰে বংগ ভংগৰ পৰিকল্পনাটো প্ৰকাশ কৰিছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

১৯।  বংগ ভংগ কার্যকৰী কৰাৰ দিন কেতিয়া ধার্য কৰা হৈছিল?
উঃ ১৯০৫ চনৰ ৩ ছেপ্টেম্বৰত পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰি ২৬ অক্টোবৰত বংগ ভংগ কার্যকৰী কৰাৰ দিন ধার্য কৰা হৈছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

২০। স্বদেশী আন্দোলনত ছাত্র সকলৰ ভূমিকা সম্পর্কে লিখা।
উঃ স্বদেশী আন্দোলনমুখৰ পৰিৱেশে ছাত্র সমাজক আকর্ষণ কৰিছিল। ৰিপন কলেজৰ (বর্তমান সুৰেন্দ্ৰনাথ কলেজ) ছাত্ৰসকলে পােনপ্ৰথমে শ্ৰেণীকোঠা ত্যাগ কৰি আন্দোলনত (১৮ জুলাই, ১৯০৫) ভাগ লৈছিল। ৩১ জুলাই তাৰিখে (১৯০৫ খ্রীষ্টাব্দ) বিপন কলেজৰ ছাত্ৰসকলৰ নেতৃত্বত কলিকতাৰ সমগ্র স্কুল-কলেজৰ ছাত্ৰই বিশাল ছাত্র সমাৰােহ আয়ােজন কৰি বংগ বিভাজনৰ প্রতিবাদ সাব্যস্ত কৰিছিল। ছাত্ৰসকলে কেন্দ্রীয় সংগ্রাম সমিতি গঠন কৰি বংগ বিভাজনৰ বিৰুদ্ধে আন্দোলন কৰাৰ সংকল্প লৈছিল। ৭ আগষ্ট তাৰিখে (১৯০৫ খ্রীষ্টাব্দ) মহাৰাজা মণীন্দ্রচন্দ্র নন্দীৰ অধ্যক্ষতাত কলিকতাৰ কাছিম বজাৰৰ টাউন হলত এখন বিশাল জনসভা অনুষ্ঠিত হয়। বিভিন্ন ঠাইৰ পৰা উপস্থিত হােৱা প্রতিনিধিৰ আহ্বান মর্মে এইখন সভাই বিদেশী পণ্য বর্জনৰ প্ৰস্তাৱ সর্বসম্মতিক্রমে গ্ৰহণ কৰিছিল। ছাত্ৰসকলে সেইদিনা (মুকুন্দ দাসৰ ‘হে বংগ জননী, স্বর্ণ প্রসবিনী... শিখেছি সবাই কৰিতে ভাবনা, বিলাতি পােশাকে আৰ সাজিব না, বিলাতি আহাৰ, বিলাতি আচাৰ ত্যাজিত কৰিব... গীতটি পৰিৱেশন কৰিছিল। সুৰেন্দ্রনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ‘ছাত্র সংসদ’ গঠন হৈছিল। কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰে উদাত্ত ভাষণেৰে বংগবাসীক সাম্প্রদায়িক ঐক্য বজাই ৰাখিবলৈ আহ্বান জনাইছিল। বিদেশী সামগ্ৰীৰ বেচা কিনা বন্ধ কৰিবলৈ ছাত্ৰসকলে ব্যৱসায়িক প্রতিষ্ঠানত পিকেটিং কৰাৰ সিদ্ধান্ত লৈছিল। সভাস্থলীত বিদেশী বস্ত্ৰ আৰু বিদেশী সা- সামগ্রী দাহ কৰা হৈছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

২১। 'জাতীয় শােক দিবস' কেতিয়া পালন কৰা হৈছিল?
উঃ বংগ ভংগ কার্যকৰী হােৱাৰ দিনা ১৯০৫ চনৰ ১৬ অক্টোবৰ তাৰিখে বংগবাসীয়ে 'জাতীয় শােক দিবস' পালন কৰিছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

২২। কেতিয়া বংগ দ্বিখণ্ডিত কৰাৰ প্রস্তাব উত্থাপিত হৈছিল?
উঃ ১৯০৩ খ্রীষ্টাব্দৰ ৬ ডিচেম্বৰ তাৰিখে বংগ দ্বিখণ্ডিত কৰাৰ প্রস্তাব উত্থাপিত হৈছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ প্রথম অধ্যায় বংগ বিভাজন Class 10 Social Science History Chapter 1 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

২৩। বংগ দ্বিখণ্ডিত কৰাৰ প্রস্তাব উত্থাপিত হোৱাত দেশত কি পৰিস্থিতিয়ে দেখা দিছিল বহলাই লিখা।
উঃ ১৯০৩ খ্রীষ্টাব্দৰ ৬ ডিচেম্বৰ তাৰিখে বংগ দ্বিখণ্ডিত কৰাৰ প্রস্তাব উত্থাপিত হােৱাৰ পৰা ১৯০৫ খ্রীষ্টাব্দৰ ১৯ জুলাই তাৰিখে বংগ বিভাজন পৰিকল্পনাটো চৰকাৰীভাবে প্রকাশ কৰালৈকে পূর্ব বংগ, উত্তৰ বংগ আৰু পশ্চিম বংগৰ বিভিন্ন ঠাইত অনুষ্ঠিত প্রতিবাদী সভাৰ যােগেদি প্রবল জনসংগ্ৰামৰ জোৱাৰ উঠিছিল। জাতি-বর্ণ নির্বিশেষে সকলাে মানুহেই এই গণ সংগ্ৰামত জঁপিয়াই পৰিছিল। বংগচ্ছেদৰ পৰিণতি হিচাপে সংঘবদ্ধভাৱে বিদেশী বস্তু বর্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমােদিত হােৱাৰ পিছত এই আন্দোলন 'স্বদেশী আন্দোলন' নামে জনাজাত হয়।

সঞ্জীৱনী পত্রিকাত সম্পাদক কৃষ্ণকুমাৰ মিত্র প্রকাশিত (৬ জুলাই, ১৯০৪ খ্রীষ্টাব্দ) 'বংগৰ সর্বনাশ' নাম নিবন্ধটোৱে বংগ দেশৰ জনতাৰ মাজত তীব্র আলােড়ন সৃষ্টি কৰিছিল৷ প্রস্তাবিত বংগদেশ বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে প্ৰথমখন প্রতিবাদী সভা ১৪ জুলাই, ১৯০৫ খ্রীষ্টাব্দত খুলনাত অনুষ্ঠিত হৈছিল। সুৰেন্দ্রনাথ বন্দ্যোপাধ্যায়, মতিলাল ঘােষ মুখ্যে নেতাসকলে জন্মভূমিক খণ্ড-বিখণ্ড কৰিব বিচৰা ইংৰাজৰ কুটিল চক্রান্তৰ বিৰুদ্ধে সজাগ হ'বলৈ সকলােকে আহ্বান জনাইছিল। ১৬ আৰু ১৭ জুলাই তাৰিখে অনুৰূপ সভা ক্ৰমে কিশােৰগঞ্জ আৰু পাবনাত অনুষ্ঠিত হৈছিল। বংগ ভংগৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্রকাশ হােৱাৰ পিছদিনা (২০ জুলাই, ১৯০৫) দিনাজপুৰত দ্বিতীয়খন বিশাল সভা অনুষ্ঠিত হৈছিল। জিলা পর্যায়ত সভা-সমিতি আয়ােজন কৰি তৃণমূল পর্যায়ৰ পৰা প্রতিবাদী আন্দোলন গঢ়ি তােলাৰ আঁচনি লােৱা হৈছিল।

২৩ ছেপ্টেম্বৰ তাৰিখে উত্তৰ কলিকতাৰ ৰাজাবজাৰত আয়ােজিত বিশাল জনসভাই বংগ ভংগ আঁচনিৰ তীব্ৰ বিৰােধিতা কৰিছিল। আব্দুল ৰছুলৰ পৌৰােহিত্যত অনুষ্ঠিত এইখন সভাত মুখ্যে ভালেকেইজন মুছলমান নেতা উপস্থিত আছিল। বংগ ভংগবিৰোধী আন্দোলনটো সক্রিয়তাৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই সভাখনে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল।






Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.