ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে Banikanta Kakati

ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে Assam Famous Personality Banikanta Kakati ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে অসমীয়া ৰচনা 


ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে অসমীয়া ৰচনা - ভাষাবিদ বাণীকান্ত কাকতিৰ জন্ম - ভাষাবিদ বাণীকান্ত কাকতিৰ শিক্ষা জীবন - ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ চাকৰিকাল - ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ বিবাহ জীবন - ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ মৃত্যু - ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ সন্মান - ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ ছদ্মনাম - অসমৰ সাহিত্য জগতলৈ ডক্টৰ বাণীকান্ত কাকতিদেবৰ অবদান All about Banikanta Kakati life - Birth of Banikanta Kakati - Education life of Banikanta Kakati - Marriage life of Banikanta Kakati, Professional Life of Banikanta Kakati - Death of Banikanta Kakati - Awards of Banikanta Kakati - Nickname of Banikanta Kakati

ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে অসমীয়া ৰচনা - ভাষাবিদ বাণীকান্ত কাকতিৰ জন্ম - ভাষাবিদ বাণীকান্ত কাকতিৰ শিক্ষা জীবন - ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ চাকৰিকাল - ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ বিবাহ জীবন - ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ মৃত্যু - ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ সন্মান - ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ ছদ্মনাম All about Banikanta Kakati life,Birth of Banikanta Kakati , Education life of Banikanta Kakati, Marriage life of Banikanta Kakati, Professional Life of Banikanta Kakati, Death of Banikanta Kakati, Awards of Banikanta Kakati, Nickname of Banikanta Kakati ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে Assam Famous Personality Banikanta Kakati ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে অসমীয়া ৰচনা
ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতি


ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে 

ভাষাবিদ বাণীকান্ত কাকতিৰ জন্মঃ

ইং ১৮৯৪ চনৰ নবেম্বৰ মাহৰ এটি শুভক্ষণত বর্তমান বৰপেটা জিলাৰ বাটিকুৰিহা গাঁৱৰ এটি কৃষক পৰিয়ালত ভাষাবিদ, নীৰৱ সাধক বাণীকান্ত কাকতিৰ জন্ম হয়। বাণীকান্ত কাকতিৰ দেউতাকৰ নাম ললিত ৰাম কাকতি আৰু মাকৰ নাম আছিল লাহােৱালা কাকতি। বাণীকান্ত কাকতি মাক- দেউতাকৰ কনিষ্ঠ সন্তান। সেয়ে, অতি মৰমৰ, অতি আদৰৰ।


ভাষাবিদ বাণীকান্ত কাকতিৰ শিক্ষাঃ

বাণীকান্ত কাকতিৰ ককায়েক পৰমানন্দ কাকতি বাটিকুৰিহা নিম্ন প্রাইমাৰী বিদ্যালয়ৰ শিক্ষক পৰমানন্দ কাকতি ৰাধা পণ্ডিত নামেৰেহে সবাধিক পৰিচিত। উপযুক্ত বয়সত বাণীকান্ত কাকতিকো তেওঁ নিজে পঢ়ুৱা বিদ্যালয়খনতে নাম লগাই দিয়ে। ককায়েকৰ তত্বাৱধানত বাণীকান্ত কাকতিয়ে মনােযােগ দি পঢ়া-শুনা কৰি, প্রাইমাৰী বিদ্যালয়ৰ শেষ পৰীক্ষাত ভালদৰে উত্তীর্ণ হয় আৰু চৰকাৰৰ ঘৰৰপৰা বৃত্তি বা জলপানী লাভ কৰে ।

প্রাইমাৰী বিদ্যালয়ৰ শেষ পৰীক্ষাত উত্তীর্ণ হােৱাৰ পিছত ইং ১৯০৫ চনত বাণীকান্ত কাকতিয়ে বৰপেটা হাইস্কুলত নাম লগায়। সেই সময়ত বৰপেটা হাইস্কুলৰ প্রধান শিক্ষক আছিল কালীমােহন গুপ্ত। স্কুলখন তেতিয়া চৰকাৰী হােৱা নাছিল। এবাৰ স্কুলৰ বছৰেকীয়া পৰীক্ষাত প্রথম হােৱা বাবে ইংৰাজ লেখক চেমুৱেল মাইলছৰ ‘চেল হেলেপ' আৰু জামনি পণ্ডিত 'সেক্স মুলাৰৰ জীৱনী' নামৰ কিতাপ দুখন বাণীকান্তই পুৰস্কাৰ হিচাপে লাভ কৰে। দুয়ােখন কিতাপকে বাণীকান্ত কাকতিয়ে অতি মনােযােগেৰে অধ্যয়ন কৰে আৰু কিতাপ দুখনেও বাণীকান্ত কাকতিদেবৰ মনত দ-সাঁচ বহুৱায়।

ইং ১৯১১ চনত বাণীকান্ত কাকতিয়ে বৰপেটা হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষা দিয়ে। সেই সময়ত প্ৰৱেশিকা পৰীক্ষা বিশ্ব বিদ্যালয়ে চলাইছিল। অসমত তেতিয়াৰ দিনত বিশ্ববিদ্যালয় নাছিল। কলিকতা বিশ্ববিদ্যালয়েই অসমতাে প্ৰৱেশিকা পৰীক্ষা চলােৱাৰ দায়িত্ব বহন কৰিছিল। বাণীকান্ত কাকতিয়ে প্ৰৱেশিকা পৰীক্ষাত সমগ্ৰ অসম উপত্যকাৰ ভিতৰত প্রথম হৈ উত্তীর্ণ হয়। এই পৰীক্ষাত গােটেই অসমৰ ভিতৰত 'ইংৰাজী'ত সবােচ্চ নম্বৰ লাভ কৰি বাণীকান্ত কাকতি দেবে সােণৰ আৰু ৰূপৰ পদক অর্জন কৰে।

বাণীকান্ত কাকতিদেবে সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষা উত্তীর্ণ হােৱাৰ পিছত ইং ১৯১১ চনত অসমৰ উচ্চ শিক্ষাৰ একমাত্র অনুষ্ঠান কটন কলেজত আই.এ, মহলাত নাম ভর্তি কৰে। ইং ১৯১৩ চনত সেই কলেজৰ পৰাই কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত আই.এ, পৰীক্ষাত বহে। তেতিয়াৰ দিনত অসম, বঙ্গদেশ, উৰিষ্যা, বিহাৰ আৰু ব্ৰহ্মদেশে কলিকতা বিশ্ববিদ্যালয়ৰ এলেকাধীন আছিল। আই.এ, পৰীক্ষাত বাণীকান্ত দেবেই বিশ্ববিদ্যালয়ৰ ভিতৰত প্রথম স্থান অধিকাৰ কৰে। বাণীকান্তদেবে এই সাফল্যত সমগ্ৰ অসমে গৌৰৱ বােধ কৰে আৰু অসমৰ নগৰে-চহৰে সভা পাতি বাণীকান্তক সম্বৰ্ধনা জনায়, ধন্যবাদ জ্ঞাপন কৰে। বাণীকান্ত কাকতিৰ এই অসাধাৰণ কৃতিত্বৰ বাতৰি পাই আচাৰ্য্য প্রফুল্ল চন্দ্র ৰায়েও অভিনন্দন জনায় উৎসাহিত কৰে।

ইং ১৯১৩ চনত বাণীকান্ত কাকতিৰ উচ্চ শিক্ষাৰ বাবে কলিকতা চহৰলৈ যায় আৰু তাত থকা বিখ্যাত প্রেচিডেন্সি কলেজত বি,এ, মহলাত নাম ভর্তি কৰে।
ইং ১৯১৫৫ চনত বাণীকান্ত কাকতিয়ে বি, এ, পৰীক্ষাত বহে আৰু ইংৰাজীত অনাৰ্চ লৈ দ্বিতীয় শ্রেণীৰ চতুর্থ স্থান লাভ কৰি স্নাতক হয়। বি,এ, পৰীক্ষাত বাণীকান্ত কাকতিয়ে নানা কাৰণত আই,এ, পৰীক্ষাত দেখুৱা ধৰণে কৃতিত্ব প্রদর্শন কৰিব পৰা নাছিল। বি, এ, পাছ কৰাৰ পিছত নানা প্রতিকূল অৱস্থাৰ মাজতাে ইং ১৯১৫ চনত বাণীকান্ত কাকতিয়ে কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাত ইংৰাজী বিভাগত নাম লগায় কিন্তু অসুস্থতাৰ কাৰণে তেওঁ ইং ১৯১৭ চনত এম,এ পৰীক্ষাত বহিব নােৱাৰিলে। পুনৰ স্বাস্থ্যলাভ কৰাৰ পিছত ইং ১৯১৮ চনত তেওঁ এম, এ পৰীক্ষাত বহে আৰু ইংৰাজী সাহিত্য ‘এ’ গ্রুপত দ্বিতীয় শ্রেণীত উত্তীর্ণ হয়। ইয়াৰ পাঁচ বছৰ পিছত, ইং ১৯২৩ চনত তেওঁ ইংৰাজী সাহিত্যৰ ‘বি’ গ্রুপত পুনৰ পৰীক্ষাত বহে আৰু প্রথম শ্রেণীৰ প্রথম স্থান লাভ কৰি উত্তীর্ণ হয়।


ভাষাবিদ বাণীকান্ত কাকতিৰ চাকৰিকালঃ

ইং ১৯১৮ চনত বাণীকান্ত কাকতিয়ে ইংৰাজীত এম,এ,পাছ কৰাৰ কিছুদিন পিছতেই কটন কলেজৰ ইংৰাজী বিভাগত অধ্যাপকৰ পদ এটা খালী হয়। সূয্য কুমাৰ ভুঞায়ে সেই সময়ত কটন কলেজত অধ্যাপনা কৰিছিল। ইং ১৯১৮ চনৰ নৱেম্বৰ মাহত বাণীকান্ত কাকতিয়ে কটন কলেজৰ ইংৰাজী বিভাগত অধ্যাপক পদত নিযুক্তি লাভ কৰে। এই পদত একাগ্ৰতাৰে কাম কৰি ইং ১৯৪৭ চনত তেওঁ কটন কলেজৰ অধ্যক্ষ পদলৈ পদন্নোতি লাভ কৰে।

ইং ১৯৪৯ চনৰ জানুৱাৰী মাহলৈকে বাণীকান্ত কাকতিয়ে কটন কলেজৰ অধ্যক্ষ হিচাপে সেৱা আগবঢ়াই চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।
কটন কলেজৰ অধ্যক্ষ পদৰপৰা অৱসৰ লােৱাৰ পিছত সেই বছৰতে বাণীকান্ত কাকতিয়ে নৱজাত গুৱাহাট বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপক হিচাপে পুনৰ কামত যােগদান কৰে। মৃত্যুৰ সময়লৈকে তেওঁ সেই পদতে থাকি সেৱা আগবঢ়াইছিল।


ভাষাবিদ বাণীকান্ত কাকতিৰ বৈবাহিক জীৱনঃ

ইং ১৯১৫ চনত বাণীকান্ত কাকতিয়ে সন্মানসহ বি,এ, পাছ কৰি কলিকতা বিশ্ববিদ্যালয়ৰ, এম,এ, মহলাত নাম ভৰ্তি কৰাৰ পিছত ইং ১৯১৬ চনত বৰপেটাৰ চিৰদাৰ মাকৰ দাসৰ জীয়েক মিলিত দাসক বিয়া কৰায়। বাণীকান্ত কাকতি আৰু কনকলতা(দাস) কাকতিয়ে যুগা জীৱনত তিনিজন পুত্ৰ আৰু তিনিজনী জীয়েকৰ জনক-জননী হােৱাৰ সৌভাগ্য লাভ কৰে । ইং ১৯৫২ চনৰ ১৭ চেপ্তেম্বৰ তাৰিখে বাণীকান্ত কাকতিৰ সহধর্মিণী কনকলতা কাকতিয়ে বৈকুণ্ঠলৈ গমন কৰে। 


ভাষাবিদ বাণীকান্ত কাকতিৰ সাহিত্য সেৱাঃ

বহুতাে সাহিত্যিকৰ দৰে বাণীকান্ত কাকতিয়ে সাহিত্যৰ ভঁৰাললৈ বৰ বেছি গ্রন্থ অঘ্য হিচাপে আগবঢ়োৱা নাই যদিও গুণগত দিশত তেওঁৰ লিখনিসমূহৰ মূল্য অসমীয়া ভাষা-সাহিত্যৰ বাবে কল্পনাতীত। বাণীকান্ত কাকতিয়ে কটন কলেজ অধ্যাপনা কৰি থকা সময়তে অশেষ কষ্টেৰে অধ্যয়ন, অন্বেষণ আৰু গৱেষণা চলাই অসমীয়া ভাষাৰ মাইলৰ খুটিস্বৰূপ ‘‘অসমীয়া ভাষা ও ইয়াৰ গঠন আৰু ক্ৰমবিকাশ’’ নামেৰে চাৰ্বিশ বত্রিশ পৃষ্ঠাৰ ইংৰাজী ভাষাত এখন মূল্যৱান গ্রন্থ লিখি উলিয়ায় । এই অমূল্য গ্রন্থখনে বাণীকান্ত কাকতিলৈ বহন কৰি আনে অফুৰন্ত খ্যাতি। ইং ১৯৩৫ চনত কলিকতা বিশ্ববিদ্যালয়ে সেই গ্ৰন্থখনৰ বাবে বাণীকান্ত কাকতিক ‘পি, এইচ, ডি’ উপাধি প্রদান কৰে । তেতিয়াৰপৰাই তেখেত ডক্টৰ বাণীকান্ত কাকতি নামেৰে বিখ্যাত হৈ পৰে।

ইং ১৯৪০ চনত ডক্টৰ বাণীকান্ত কাকতিয়ে ৰচনা কৰা আন এখন গৱেষণামূলক গ্রন্থ পুৰণি অসমীয়া সাহিত্য প্রকাশ পায়। * 'কলিতা জাতিৰ ইতিবৃত্ত' নামেৰে ডক্টৰ বাণীকান্ত কাকলি আন এখন মূল্যবান গ্রন্থ ইং ১৯৪২ চনত প্ৰকাশ লাভ কৰে। ডক্টৰ বাণীকান্ত কাকতিয়ে ৰচনা কৰি থৈযােৱা আন কেইখনমান গ্রন্থ হ’ল- ‘পখিলা’, পুৰণি কামৰূপৰ ধৰ্মৰধাৰা, 'সাহিত্য আৰু প্রেম’, ‘দি মাদাৰ গডে কামাখ্যা, বিষ্ণুইট মাইথচ এণ্ড লিজেণ্ড আৰু ‘লাই এণ্ড টিচিও অফ শঙ্কৰদেয়’ ডক্টৰ বাণীকান্ত কাকতিয়ে পুৰণি অসমীয়া সাহিত্যৰ বিষয়ে বিদগ্ধ পণ্ডিতসকলে আলােচনা কৰা বৃহৎ চলেৱৰৰ ‘এপেকটচ্ অহ্ আলি আচামিজ লিটাৰেচাৰনামৰ মূল্যবান গ্রন্থখনাে সম্পাদনা কৰিছিল। ইংৰাজী আৰু অসমীয়া উভয় ভাষাৰ ওপৰতেই সমান দক্ষতা থকা হেতুকে দুয়ােটা ভাষাতেই মূল্যবান গ্রন্থ ৰচনা কৰি ডক্টৰ বাণীকান্ত কাকতিয়ে সাহিত্যৰ ভৰাল চহকী কৰি থৈ গৈছে।


ভাষাবিদ বাণীকান্ত কাকতিৰ মৃত্যুঃ

ইং ১৯৫২ চনৰ ১৫ নৱেম্বৰ তাৰিখে শনিবাৰৰ দিনা প্রাতঃ ভ্ৰমণৰপৰা ঘূৰি অহাৰ পিছতেই ডক্টৰ বাণীকান্ত কাকতিয়ে অসুস্থতা অনুভৱ কৰি বিছনাত শুই পৰে আৰু খন্তেক পিছতেই তেখেতৰ প্ৰাণবায়ু ওলাই অনন্তধামলৈ গতি কৰে। বিছনাৰ ওপৰত পৰি থাকে ৫৮ বছৰীয়া কাকতিৰ নশ্বৰ দেহ। সেইদিনাই সন্ধিয়াপৰত ছাত্র-ছাত্রী, বন্ধু-বান্ধৱ, আত্মীয়-স্বজন আৰু গুণমুগ্ধ ৰাইজে ডক্টৰ বাণীকান্ত কাকতিৰ ভাগৰুৱা নশ্বৰ দেহটোক ভৰলুমুখ শ্মশানত চিতাৰ জুইত সমর্পন কৰে। এইদৰেই অসমীয়া ভাষা-সাহিত্যৰ দৰদী এক মহাজীৱনৰ অন্ত পৰে। ব্যক্তিগত জীৱনত এটি সাধাৰণ খেতিয়ক পৰিয়ালত জন্ম গ্রহণ কৰি নিজ প্রচেষ্টাৰে সমাজৰ শিখৰত আৰােহণ কৰা ডক্টৰ কাকতিৰ চাৰিত্রিক বৈশিষ্ট্যই আছিল তেওঁৰ জীৱনৰ উন্নতিৰ ছাবি-কাঠি । শৃঙ্খলাবদ্ধতা, নিয়মানুৱর্তিতা, একাগ্রতা আদিয়েই আছিল তেওঁৰ জীৱনৰ মূলধন।

সহজ-সৰল জীৱন-যাপন আৰু জ্ঞচ চিন্তনেই আছিল ডক্টৰ কাকতিৰ জীৱনৰ আদর্শ। সেই হেতুকেই তেওঁ অসম চৰকাৰৰ শিক্ষাধিকাৰ, লােকসেৱা আয়ােগৰ চেয়াৰমেন আৰু বিধানসভাৰ সদস্য পদৰ দৰে লােভনীয় পদৱীত যােগদান নকৰি আজীৱন শিক্ষকতা কৰিয়ে কটাইছিল। তেখেতে অনুভৱ কৰিছিল যে, অসম আৰু অসমীয়াৰ উন্নতিৰ বাবে শিমচাৰ প্ৰচাৰ আৰু প্ৰসাৰ লাভ বৰা এৰু অৱশ্য। সেয়ে নিজে শিক্ষকতা কৰি তেওঁ স্ব জাতিৰ উন্নতি সাধিবলৈ আপ্রাণ চেষ্টা চলাইছিল।

ডক্টৰ বাণীকান্ত কাকতিয়ে সহজ-সৰল জীৱন-যাপন কৰিছিল বাবেই অতি সাধাৰণ ধৰণৰ সাজ পোছাকহে পিন্ধিছিল। সাধাৰণ সাজ-পােছাক পিন্ধিয়ে তেওঁ সকলােতে ঘূৰি ফুৰা হেতুকেই কেতিয়াবা-কেতিয়াবা ৰেলষ্টেচন, বাছষ্টেচন আদিত তেওঁৰ ছাত্ৰইয়াে চিনিব নােৱাৰি তেওঁক চিগাৰেট জ্বলাবলৈ দিয়াচলাই বিচাৰিছিল। কিন্তু চিনি পােৱাৰ পিছত তেনে ছাত্ৰৰ মুখৰ মাত নাইকিয়া হৈছিল।

ডঃ বাণীকান্ত কাকতিয়ে কৈছিল, ঈশ্বৰৰ ওচৰত প্রার্থনা কৰিবলৈ শিকা। সত্যইহে মানুহক সম্ভ্রান্ত আৰু মহৎ কৰে। জীৱনৰ অন্তিম সময়লৈকে তেওঁ ঈশ্বৰত বিশ্বাস ৰাখি সকলাে কাম কৰিছিল। 

ডক্টৰ বাণীকান্ত কাকতিৰ সহজ-সৰল জীৱন-যাপনৰ প্রতি লক্ষ্য কৰি ডক্টর প্রফুল দত্ত গােস্বামীয়ে লিখিছে ...ডক্টৰ বাণীকান্ত কাকতি ৰাইজৰ মানুহ। ভৰিত কেনভার্চ জোতা জোৰ, গাত হাচাৰ্টটো আৰু মুখত বিড়ি এটা লৈ থকা অধ্যাপক বাণীকান্ত কাকতি ৰাজ্যৰ বিভিন্ন ঠাইত থকা তেওঁৰ ছাত্ৰসকলৰ বাবে অনন্ত আখ্যানৰ দৰে... চাল-চলনৰ সৰলতাৰ লগত তেওঁৰ চিন্তাৰ প্ৰক্ৰিয়াৰ তিয়্যক গতি লক্ষ্য কৰিবলগীয়া কিন্তু মিছাকৈয়ে দুটা কথাকে চাৰিটা কৰি ভুৱা দিবলৈ তেওঁ ৰাজি নাছিল...

ডক্টৰ বাণীকান্ত কাকতি আছিল স্পষ্টবাদী ব্যক্তি। বন্ধু মহলত তেওঁ আনন্দৰ সুৰেৰে কৈছিল, হাহক, আনন্দ কৰক, যাওক আৰু পৰিশ্ৰম কৰক, বচ্ আৰু লাগিছে কি? এয়েতাে জীৱন, এয়েতাে সংসাৰ, জুখি-জুখি কথা কৈ লেখি-লেখি খােজ দি লাভ নাই ভাই।


ভাষাবিদ বাণীকান্ত কাকতিৰ সন্মান লাভঃ 

কলিকাতা বিশ্ববিদ্যালয়ে ডক্টৰ বাণীকান্ত কাকতিৰ গৱেষণামূলক গ্রন্থ ‘'অসমীয়া ভাষা ও ইয়াৰ গঠন আৰু ক্ৰমবিকাশ’’ৰ বাবে তেওঁক পি, এইচ, ডি, ডিগ্রী প্রদান কৰি সন্মান জনাইছে। আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁক ডিন অফ দি ফেকাল্টি অফ আর্টচ বা ‘কলাগুৰু’ উপাধিৰে বিভূষিত কৰিছে ।

ডক্টৰ বাণীকান্ত কাকতিৰ মৃত্যুত অসম মাতৃয়ে সুযােগ্য সন্তান আৰু অন্যতম শ্রেষ্ঠ অসমীয়াক হেৰুৱায়। অসমীয়া আৰু থৈ যােৱা গ্রন্থ সমূহৰ বাবে চিৰদিন ডক্টৰ বাণীকান্ত কাকতি অসমীয়া মানুহৰ শ্রদ্ধাভাজন হৈ থাকিব ‘নীৰৱ সাধনা' প্ৰৱন্ধটিত ডঃ বাণীকান্ত কাকতিয়ে কোৱা কথাবােৰ অসমীয়া যুৱ- ছাত্ৰৰ বাবে চিৰদিন প্রবাদবাক্য হৈ থাকিব।

******

ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে অসমীয়া ৰচনা - ভাষাবিদ বাণীকান্ত কাকতিৰ জন্ম - ভাষাবিদ বাণীকান্ত কাকতিৰ শিক্ষা জীবন - ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ চাকৰিকাল - ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ বিবাহ জীবন - ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ মৃত্যু - ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ সন্মান - ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ ছদ্মনাম - অসমৰ সাহিত্য জগতলৈ ডক্টৰ বাণীকান্ত কাকতিদেবৰ অবদান All about Banikanta Kakati life - Birth of Banikanta Kakati - Education life of Banikanta Kakati - Marriage life of Banikanta Kakati, Professional Life of Banikanta Kakati - Death of Banikanta Kakati - Awards of Banikanta Kakati - Nickname of Banikanta Kakati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.