প্ৰাক্তন ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমেদদেবৰ বিষয়ে Life History of Fakhrudin Ali Ahmed

প্ৰাক্তন ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমেদদেবৰ বিষয়ে Life History of Fakhrudin Ali Ahmed


প্ৰাক্তন ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমেদদেবৰ বিষয়ে Life History of Fakhrudin Ali Ahmed ফখৰুদ্দিন আলি আহমেদৰ জন্ম - ফখৰুদ্দিন আলি আহমেদৰ শিক্ষা জীবন - ফখৰুদ্দিন আলি আহমেদৰ ৰাজনীতিৰ পাতনি - ফখৰুদ্দিন আলি আহমেদৰ সন্মান - ফখৰুদ্দিন আলি আহমেদৰ মৃত্যু - ফখৰুদ্দিন আলি আহমেদৰ - ফখৰুদ্দিন আলি আহমেদৰ বিষয়ে অসমীয়া ৰচনা - Birth of Fakhrudin Ali Ahmed - Education life of Fakhrudin Ali Ahmed - Awards of Fakhrudin Ali Ahmed - Political Life of Fakhrudin Ali Ahmed - Death of Fakhrudin Ali Ahmed - Family of Fakhrudin Ali Ahmed - Essay on Fakhrudin Ali Ahmed-khuj2-Assam
প্ৰাক্তন ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমেদদেবৰ বিষয়ে Life History of Fakhrudin Ali Ahmed



প্ৰাক্তন ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমেদদেবৰ বিষয়ে Life History of Fakhrudin Ali Ahmed
ফখৰুদ্দিন আলি আহমেদৰ জন্ম - ফখৰুদ্দিন আলি আহমেদৰ শিক্ষা জীবন - ফখৰুদ্দিন আলি আহমেদৰ ৰাজনীতিৰ পাতনি - ফখৰুদ্দিন আলি আহমেদৰ সন্মান - ফখৰুদ্দিন আলি আহমেদৰ মৃত্যু - ফখৰুদ্দিন আলি আহমেদৰ - ফখৰুদ্দিন আলি আহমেদৰ বিষয়ে অসমীয়া ৰচনা - Birth of Fakhrudin Ali Ahmed - Education life of Fakhrudin Ali Ahmed - Awards of Fakhrudin Ali Ahmed - Political Life of Fakhrudin Ali Ahmed - Death of Fakhrudin Ali Ahmed - Family of Fakhrudin Ali Ahmed - Essay on Fakhrudin Ali Ahmed-khuj2-Assam


প্ৰাক্তন ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমেদদেবৰ বিষয়ে


ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমেদৰ জন্ম : 

ইং ১৯০৫ চনৰ মে’ মাহৰ ১৩ তাৰিখে ভাৰতৰ ৰাজধানী দিল্লী মহানগৰীত এটা ঐতিহ্য মণ্ডিত অসমীয়া মুছলমান পৰিয়ালত প্রথম অসমীয়া ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমেদৰ জন্ম হয়। তেওঁৰ আববাজান কর্ণেল জালনুৰ আলি আহমেদ উজনি অসমৰ গােলাঘাট জিলাৰ কছাৰীহাট গাঁৱৰ অধিবাসী আছিল। অসম গৌৰৱ চিভিলিয়ান আনন্দৰাম বৰুৱাৰ সহপাঠী অন্যতম প্রিয়বন্ধু ফখৰুদ্দিন আলি আহমেদ ইংৰাজ সেনাবাহিনীত ‘কর্ণেল’ৰ দৰে সন্মানিত পদৱী লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি। ফখৰুদ্দিন আলি আহমেদ আম্মাজানৰ নাম আছিল মােছাম্মৎ ৰােকেয়া চুলতানা। বেগম ৰােকেয়া চুলতানা দিল্লী অঞ্চলৰ বিশ্ববিশ্রুত উর্দু কবি মিজা গালিবৰ বংশৰ জীয়ৰী আছিল। 


ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমেদৰ শিক্ষা : 

কর্ণেল জালনুৰ আলি আহমেদ আই,এম,এচ, চাহাব ইংৰাজ চৰকাৰৰ সেনাবাহিনীত উচ্চ পদবী প্রাপ্ত বিষয়া আছিল বাবেই চৰকাৰৰ কামত নানা ঠাইত ঘূৰি ফুৰিবলগীয়া হৈছিল। তেওঁ যলৈকে বদলি হৈ গৈছিল ল'ৰা- তিৰোতাকে তালৈ লগত লৈ গৈছিল। এটা সুশিক্ষিত আঢ্যৱন্ত আৰু সু- সংস্কৃত পৰিয়ালত জন্ম লাভ কৰা হেতুকে নিচেই সৰুৰেপৰাই ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমেদৰ বিদ্যাৰম্ভ হয়। ইং ১৯১৮ চনৰ কথা, কর্ণেল জালনুৰ আলি আহমেদ চাহাৰ উত্তৰ প্ৰদেশৰ গােন্দাত সেৱাৰত আছিল। গােন্দাৰ চৰকাৰী হাইস্কুলত নাম লগাই দিয়া ফখৰুদ্দিন আলি আহমেদ তেতিয়া সপ্তম শ্রেণীৰ ছাত্র চৰকাৰে কর্ণেল আহমেদক দিল্লীলৈ বদলি কৰিলে। চৰকাৰী আদেশত কর্ণেল আহমেদ সপৰিয়ালে গােন্দাৰপৰা দিল্লীলৈ গৈ তাৰ চৰকাৰী হাইস্কুলত বৰ পুতেক ফখৰুদ্দিন আলি আহমেদক নাম লগাই দিলে। 


ইং ১৯২১ চনত ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমেদ  পঞ্জাৱ বিশ্ববিদ্যালয়ৰ প্ৰৱেশিকা(এঞ্চে) পৰীক্ষা সুখ্যাতিৰে উত্তৰ্ণ হয় আৰু দিল্লীৰ চেন্টষ্টিফেন্ কলেজৰ এফ,এ, মহলাত নাম ভর্তি কৰে। কিন্তু কিছুদিনৰ পিছতেই উচ্চশিক্ষা লাভৰ বাবে ধনীৰ দুলাল ফখৰুদ্দিন আলি আহমেদ বিলাতলৈ যায় আৰু লমত থকা কেমব্রিজৰ চেণ্টকেথেৰিণ কলেজত নাম ভর্তি কৰে। এই কলেজৰপৰাই ইং ১৯২৭ চনত তেওঁ সুখ্যাতিৰে স্নাতক উপাধি লাভ কৰে। স্নাতক উপাধি লাভ কৰাৰ পাচত ফখৰুদ্দিনে আইন পঢ়িবলৈ লয়। লণ্ডনৰ ‘ইনাৰ টেম্পল' নামৰ আইন শিক্ষাৰ অনুষ্ঠানত একাগ্ৰতাৰে অধ্যয়ন কৰি বাৰ-এট-লৰ চূড়ান্ত পৰীক্ষা সুখ্যাতিৰে উৰ্ত্তৰ্ণ হৈ স্বদেশলৈ ঘূৰি আহে। 



ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমেদৰ কর্মজীৱনৰ পাতনি :

বেৰিষ্টাৰ ফখৰুদ্দিন আলি আহমেদে ভাৰতলৈ ঘূৰি আহি পঞ্জাৱ উচ্চ ন্যায়ালয়তে প্রথমে ওকালতি আৰম্ভ কৰে। কিন্তু পঞ্জাৱত আইনৰ ব্যৱসায় কৰি ভাল নােপােৱাত সেই বছৰতে পিতাকৰ লগত পিতৃ-পিতামহৰ জন্ম ঠাই চেনেহী অসমলৈ আহে। তেতিয়াৰপৰাই তেওঁ অসমত নিগাজীকৈ বস-বাস আৰম্ভ কৰে আৰু অসমৰ সৈতে একাত্মতা স্থাপন কৰি অসমীয়া হৈ পৰে। অসমৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি সকলাে ক্ষেত্রতে সহযোগিতা আগবঢ়াই অসমৰ উন্নতিৰ হকে কাম কৰিবলৈ আত্মনিয়ােগ কৰে। 


ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমেদৰ ৰাজনীতিত যােগদান :

ইং ১৯৩১ চনত ফখৰুদিন আলি আহমেদে ভাৰতৰ জাতীয় কংগ্ৰেছত যােগদান কৰি প্রাথমিক সদস্য হয়। সেই সময়তে মহাত্মা গান্ধীৰ নেতৃত্বত দেশ জুৰি মুক্তি সংগ্রাম নৱ হৈ পৰে। বিদেশী ইংৰাজসকলৰ শাসনৰপৰা দেশ মাতৃক মুক্ত কৰি মানুহৰ দৰে জীয়াই থকাৰ অধিকাৰ লাভ কৰিবলৈ দেশবাসীয়ে তীব্রতৰ কৰি তােলা এই আন্দোলন ফখৰুদ্দিন আলি আহমেদো জপিয়াই পৰে। মহাত্মা গান্ধীক তেওঁ নিজৰ নেতা হিচাপে গ্রহণ কৰে। অহিংস আন্দোলনৰ জৰিয়তে দেশৰ হৃত স্বাধীনতা কাৰৰ এই মহান যত আত্মাহুতি দিবলৈ ফখৰুদ্দিন আলি আহমেদ স্বেচ্ছাই আগবাঢ়ি যায়। ইং ১৯৩৫ চনত ইংৰাজ চৰকাৰে ভাৰতীয়সকলক সীমিত স্বায়ত্ব শাসন প্রদান কৰাৰ ফলশ্রুতি হিচাপে সেই বছৰতে অনুষ্ঠিত হােৱা অসম বিধান সভাৰ সাধাৰণ নিবাচনত ফখৰুদ্দিন আলি আহমেদ কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে প্রতিদ্বন্দিতা কৰি বিপুল ভােটত নিবাচিত হয়। 


ইং ১৯৩৭ চনত পুনৰ অসম বিধান সভাৰ নিবাচন হয়। এই নিবাচনতাে তেওঁ জয়লাভ কৰে। ইং ১৯৩৮ চনত অনাস্থা প্ৰাৱ যােগে ছাদুল্লা চৰকাৰক ক্ষমতাচ্যুত কৰাৰ পাচত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নেতাজী সুভাসচন্দ্র বসুৰ নির্দেশ অনুযায়ী অসমৰ কংগ্ৰেছ বিধায়িনী দলে সংযুক্ত মন্ত্রীসভা গঠন কৰিবলৈ আত্মনিয়ােগ কৰে। অসম কংগ্ৰেছ বিধায়িনী দলৰ নেতা লােকপ্রিয় গােপীনাথ বৰদলৈয়ে চৰকাৰ গঠনৰ দায়িত্ব গ্রহণ কৰি মনে-প্রাণে কামত আত্মনিয়ােগ কৰে। জোনাৰ কর্ণেল জালনুৰ আলি আহমেদ চাহাবৰ দহােটি সন্তানৰ ভিতৰৰ জ্যেষ্ঠ আৰু যােগ্য সন্তান জোনাব ফখৰুদ্দিন আলি আহমেদেও নিষ্ঠাবান কংগ্ৰেছ কৰ্মীৰ দায়িত্ব পালন কৰাৰ সুযােগ পায়।লােকপ্রিয় গােপীনাথ বৰদলৈদেৱক সর্বতো প্ৰকাৰে সহায় কৰে। ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমেদৰ এই বিচক্ষণতা আৰু কৰ্মপটুতাৰ বাবেই ইং ১৯৩৮ চনত অসমত সংযুক্ত মন্ত্রীসভা গঠন হয়। লােকপ্রিয় গােপীনাথ বৰদলৈদেৱে মন্ত্রীসভাৰ কর্ণধাৰ হৈ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰে। (তেতিয়াৰ দিনত মুখ্যমন্ত্ৰীক প্রধানমন্ত্রী বােলা হৈছিল।) বৰদলৈদেৱে গঠন কৰা এই মন্ত্রীসভাত ফখৰুদ্দিন আলি আহমেদক বিত্ত আৰু ৰাজহ মন্ত্ৰীৰ গুৰু দায়িত্ব অর্পণ কৰে।

প্ৰাক্তন ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমেদদেবৰ বিষয়ে Life History of Fakhrudin Ali Ahmed ফখৰুদ্দিন আলি আহমেদৰ জন্ম - ফখৰুদ্দিন আলি আহমেদৰ শিক্ষা জীবন - ফখৰুদ্দিন আলি আহমেদৰ ৰাজনীতিৰ পাতনি - ফখৰুদ্দিন আলি আহমেদৰ সন্মান - ফখৰুদ্দিন আলি আহমেদৰ মৃত্যু - ফখৰুদ্দিন আলি আহমেদৰ - ফখৰুদ্দিন আলি আহমেদৰ বিষয়ে অসমীয়া ৰচনা - Birth of Fakhrudin Ali Ahmed - Education life of Fakhrudin Ali Ahmed - Awards of Fakhrudin Ali Ahmed - Political Life of Fakhrudin Ali Ahmed - Death of Fakhrudin Ali Ahmed - Family of Fakhrudin Ali Ahmed - Essay on Fakhrudin Ali Ahmed-khuj2-Assam
প্ৰাক্তন ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমেদদেবৰ বিষয়ে Life History of Fakhrudin Ali Ahmed


সংযুক্ত মন্ত্রী সভাই কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ অলপ দিন পাচতেই দ্বিতীয় মহাসমৰ আৰম্ভ হয়। ইংৰাজ চৰকাৰে ভাৰতৰ জনসাধাৰণৰ সৈতে কোনাে আলাপ- আলোচনা নােহােৱাকৈয়ে ভাৰতকো এই যুদ্ধ লিপ্ত কৰে। দেশ জুৰি চৰকাৰৰ এনে এক পক্ষীয় কার্যৰ তীব্র প্রতিবাদৰ ঢৌ উঠে। ইং ১৯৪০ চনত সেই প্রতিবাদৰ ঢৌ তুঙ্গত উঠে। জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৰেঙ্গে য়া মৰেঙ্গে মন্ত্রত দীক্ষিত হৈ সত্যাগ্রহ আন্দোলন আৰম্ভ কৰে। চৰকাৰে গান্ধীজীক গ্রেপ্তাৰ কৰি কাৰাগাৰত আবদ্ধ কৰি ৰাখে। গান্ধীজীৰ আহ্বানত লােকপ্রিয় গােপীনাথ বৰদলৈদেৱে চৰকাৰ আৰু বিধানসভাৰ পৰা পদত্যাগ কৰি সত্যাগ্রহ আন্দোলনত যােগ দি কাৰাবৰণ কৰে। ফখৰুদ্দিন আলি আহমেদেও বৰদলৈদেৱৰ পদাঙ্ক অনুসৰণ কৰি সত্যাগ্রহ আন্দোলনত যােগ দিয়ে। চৰকাৰে তেওঁক গ্রেপ্তাৰ কৰি এবছৰ কাল ফাটেকত আবদ্ধ কৰি ৰাখে। এয়া আছিল তেওঁৰ প্রথম জেল-যাত্রা। জেলৰপৰা ওলাই অহাৰ পাচত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে দেশ জুৰি ‘কুইট ইণ্ডিয়া’ বা ‘ভাৰত ত্যাগ আন্দোলন ঘােষণা কৰে। ফখৰুদ্দিন আলি আহমেদেও অন্যান্য সহযােগী সকলৰ সৈতে এই আন্দোলনত যােগ দিয়ে। চৰকাৰে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰি কাৰাগাৰত আৱদ্ধ কৰে। এয়া হ'ল তেওঁৰ ২য় কাৰাবাস। ইংৰাজ চৰকাৰে সুদীর্ঘ ৩ বছৰ, ৬ মাহ কাল। তেওঁক কাৰাগাৰত আৱদ্ধ কৰি ৰখাৰ পাচত ১৯৪৫ চনত মুক্তি দিয়ে। ইং ১৯৪৬ চনত অসম বিধান সভাৰ বাবে সাধাৰণ নিবাচন অনুষ্ঠিত হয়। এইবাৰাে তেওঁ কংগ্ৰেছ প্রাথৰিপে প্রতিদ্বন্দিতা কৰি বিপুল ভােটত বিজয়ী হৈ বিধানসভাৰ সদস্যপদ লাভ কনে। সেই বছৰতে অসম চৰকাৰে তেওঁক অসমৰ এড্‌ভােকেট জেনেৰেল পদত নিযুক্ত কৰে। ইং ১৯৪৭ চনত দেশ স্বাধীন হয়। তেওঁৰাে দায়িত্ব বাঢ়ে। 


ইং ১৯৫২ চনত স্বাধীন ভাৰতত পােনপ্ৰথমবাৰৰ বাবে সাধাৰণ নির্বাচন অনুষ্ঠিত হয়। এই নিবাচনৰ অলপদিন পাচতেই ভাৰতীয় জাতীয় কংগ্রেছৰ প্রাথীৰূপে ফখৰুদ্দিন আলি আহমেদ চাহাব ৰাজ্যসভালৈ নিবাচিত হয়। ইং ১৯৫৫ চনত ভাৰতীয় আইনজীৱী প্রতিনিধি দলৰ নেতৃত্ব বহন কৰে আৰু ভাৰত চৰকাৰৰ অনুৰােধত ছােভিয়েট দেশ ভ্রমণ কৰিবলৈ যায়। ইং ১৯৫৭ চনত চৰকাৰে তেওঁক শুভেচ্ছামূলক ভ্ৰমণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ পঠিয়াই। ইং ১৯৫৭ চনত পুনৰ সাধাৰণ নিবাচন অনুষ্ঠিত হয়। বেৰিষ্টাৰ আলি আহমেদ চাহাবে পুনৰ বিধান সভাৰ নিবাচনত অংশগ্রহণ কৰে আৰু বিজয়ী হয়। অসম বিধানসভাৰ নিবাচনত কংগ্ৰেছ দল বিজয়ী হয় আৰু বিমলা প্রসাদ চলিহাই বিধায়িনী দলৰ নেতা নিবাচিত হৈ চৰকাৰ গঠন কৰে। গুণীৰ মােল বুজা চলিহাদেৱে চৰকাৰৰ আইন, বিত্ত, পঞ্চায়ত, সমূহীয়া উন্নয়ন, স্থানীয় স্বায়ত্ব শাসন আদি বলতাে দপ্তৰৰ গুৰু দায়িত্ব দি মন্ত্রী সভাত তেওঁক স্থান দিয়ে। 


ইং ১৯৬২ চনৰ সাধাৰণ নিবাচনতাে তেওঁ বিজয়ী হয় আৰু স্থানীয় স্বায়ত্ব শাসন’ৰ বাহিৰে আগৰ আটাইকেইটা দপ্তৰৰে মন্ত্ৰী হৈ থাকে। ইং ১৯৬৪ চনত ২য় বাৰৰ বাবে তেওঁ আমেৰিকালৈ পাঁচ সপ্তাহৰ বাবে চৰকাৰী ভ্ৰমণত যায়। ইং ১৯৬৫ চনত তেওঁ মালয়েচিয়া ভ্রমণ কৰে আৰু সেই বছৰতে কুৱালালামপুৰত অনুষ্ঠিত হােৱা আন্তজাতিক মছজিদ আৰু বিমান বন্দৰৰ উদ্বোধনী উৎসৱত ভাৰতবৰ্ষক প্রতিনিধিত্ব কৰে। ইয়াৰ পাচৰপৰাই জোনাব ফখৰুদ্দিন আলি আহমেদ চাহাবৰ কাৰ্য্যক্ষেত্র আগতকৈ বহল আৰু বিকৃত হৈ পৰে। তাল অসমেই নহয় সমগ্ৰ ভাৰতবর্ষকে সেৱা কৰাৰ এক মহান অৱসৰ লাভ কৰি ইং ১৯৬৬ চনৰ ২৯ জানুৱাৰী তাৰিখে প্রয়াত প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰত যোগদান কৰি শক্তি আৰু জলসিঞ্চন দপ্তৰৰ মন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰে। সেই বছৰতে তেওঁ ৰাজ্যসভালৈ নিবাচিত হয়। ইং ১৯৬৬ চনৰ ১৪ নৱেম্বৰ তাৰিখে প্রধানমন্ত্রীয়ে কেন্দ্রীয় মন্ত্রী সভাত কিছু সাল-সলনি ঘটায়। এই সাল-সলনিৰ ফলত ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ শিক্ষামন্ত্রী হয়। 


ইং ১৯৬৭ চনত স্বাধীন ভাৰতত চতুর্থবাৰ লােকসভাৰ বাবে সাধাৰণ নিবাচন অনুষ্ঠিত হয়। এই নিবাচনত জোনাব। ফখৰুদ্দিন আলি আহমেদ বৰপেটা সংসদী সমষ্টিৰপৰা বিপুল ভােটত নির্বাচিত হয়। এইবাৰ তেওঁ ভাৰতৰ কেন্দ্রীয় মন্ত্রীসভাত শিল্প আৰু কোম্পানী পৰিক্ৰমা দপ্তৰৰ মন্ত্রী হয়। নিজৰ মন্ত্রণালয়ৰ কামত এই সময়ত তেওঁ ইংলেণ্ড, পশ্চিম জামানী, হাঙ্গেৰী, যুগােশ্লাভিয়া, বুলগেৰিয়া , ইটালী, আৰৱ, ফ্রান্স, ৰুছদেশ, ইৰাণ, শ্রীলঙ্কা আদি বহুতাে দেশ ভ্রমণ কৰে। ইং ১৯৬৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ জাকিৰ হুছেইনৰ অকাল বিয়ােগৰ পিছত নতুনকৈ ৰাষ্ট্রপতি নির্বাচন কৰিবলগীয়া হােৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্রী ইন্দিৰা গান্ধীয়ে ৰাষ্ট্রপতি পদৰ প্ৰাথীৰূপে অ-কংগ্ৰেছী প্রার্থী বৰাহগিৰি ভেঙ্কটগিৰিৰ প্রতি সমর্থন আগবঢ়ায়। নিবাচনত কংগ্ৰেছ দলৰ প্রার্থী নীলম সঞ্জীৱ ৰেডট্ট পৰাজিত হয়। ফলত কংগ্ৰেছ দলৰ অন্তর্কলহৰ বহিঃপ্রকাশ ঘটে আৰু দলটো দুভাগত বিভক্ত হয়।খণ্ডিত দলটোৰ এভাগৰ নেতৃত্ব দিয়ে নীলম সঞ্জীৱ ৰেড়য়ে আৰু আনটো ভাগৰ নেতৃত্ব দিয়ে প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে। ফখৰুদ্দিন আলি আহমেদে ইন্দিৰা গান্ধীৰ পক্ষ লয়। দুর্দিনৰ সময়ত তেওঁ ইন্দিৰা গান্ধীক বুদ্ধি-ভৰসা দি সহায় কৰে। 'ইন্দিৰা গান্ধীয়েও আলি আহমেদৰ দৰে বিচক্ষণ আইন ব্যক্তিক সহযােগী হিচাপে পাই সকলাে বাধা-বিঘিনি হেলাৰঙে নেওচি লক্ষ্যৎলৰ পিনে ধাৱমান হয় আৰু ৰাজণ্যভ্যতা বিলােপ আৰু ‘বেঙ্ক ৰাষ্ট্ৰীয়কৰণ কৰি নিজৰ প্রগতিশীল কায্যকলাপৰদ্বাৰা জনসাধাৰণৰ মনত প্রিয় নেত্রীৰ আসন লাভ কৰে। 


ইং ১৯৭০ চনত প্রধানমন্ত্রীয়ে ফখৰুদ্দিন আলি আহমেদৰ আগৰ দপ্তৰ সলনি কৰি কেন্দ্ৰীয় চৰকাৰৰ কৃষি দপ্তৰৰ মন্ত্রী পাতে। ভাৰতৰ দৰে বিশাল জনসংখ্যাৰ কৃষিপ্রধান দেশখনৰ কৃষি দপ্ত ৰৰ মন্ত্ৰীৰূপে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ পাচত ইং ১৯৭০ চনৰ চেপ্তেম্বৰ মাহত অষ্ট্রেলিয়াত অনুষ্ঠিত হােৱা আন্তজার্তিক খাদ্য আৰু কৃষি সম্মিলনলৈ নিমন্ত্রিত হৈ আলি আহমেদে অষ্ট্রেলিয়া ভ্রমণ কৰে। সেই বছৰতে তেওঁ হংকং, ফিলিপাইন, জাপান আদি দেশতাে চৰকাৰী ভ্ৰমণ কৰে। ইং ১৯৭১ চনত লােকসভাৰ মধ্যবর্তী নির্বাচন অনুষ্ঠিত হয়। এই নিবাচনতাে ফখৰুদ্দিন আলি আহমেদে অসমৰ বৰপেটা সংসদী সমষ্টিৰপৰা নিবাচিত হৈ পুনৰ ভাৰতৰ কেন্দ্রীয় চৰকাৰৰ কৃষি মন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰে। এই বছৰতে ৰােমত ‘আন্তর্জাতিক খাদ্য আৰু কৃষি সন্মিলন অনুষ্ঠিত হয়। আলি আহমেদ চাহাবে এই সন্মিলনত যােগদান কৰাৰ লগতে বোমাত চৰকাৰী ভ্ৰমণ কৰে। ইং ১৯৭৪ চনত ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ ৰাষ্ট্রপতি নির্বাচিত হৈ অসমৰ মুখ উজ্জল কৰে। তাৰ কিছুদিন পাচতেই ভাৰতৰ ৰাজনৈতিক আকাশ মেঘাচ্ছন্ন হৈ পৰে। ফলত ৰাষ্ট্রৰ স্বাৰ্থত প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ পৰামৰ্শ ক্রমে ইং ১৯৭৫ চনৰ ২৬ জুন তাৰিখে তেওঁ দেশত জৰুৰী অৱস্থা ঘােষণা কৰে। 


ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমেদ সন্মান লাভ:

ইং ১৯৭৬ চনৰ ফেব্ৰুৱাৰী মাহত কামৰূপ (বর্তমান বৰপেটা) জিলাৰ টিহুত অসমীয়া মানুহৰ মহান সাংস্কৃতিক অনুষ্ঠান, অসম সাহিত্য সভাৰ অধিবেশন অনুষ্ঠিত হয়। সন্মানিত আলহীৰূপে নিমন্ত্রিত হয় ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমেদ। আহমেদে এই অধিবেশনত যােগদান কৰে। সেই বছৰতে গুৱাহাটী বিশ্ববিদ্যালয়ে সমাৱৰ্তন উৎসৱ অনুষ্ঠিত কৰে। আলি চাহাবেও নিমন্ত্রিত অতিথিৰূপে এই বণাঢ্য উৎসৱত যােগদান কৰে। সেই বছৰতে গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁক সন্মানিত ‘ডক্টৰেট উপাধি প্রদান কৰে। সেই একে বছৰতে অসমৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়েও সমাৱৰ্তন উৎসৱ অনুষ্ঠিত কৰি ৰাষ্ট্রপতি ফখরুদ্দিন আলি আহমেদক ডক্টৰ অব ল'' সন্মানেৰে বিভূষিত কৰে। 


ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমেদৰ মৃত্যু : 

ইং ১৯৭৭ চনৰ ফেব্ৰুৱাৰী মাহত ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমেদ চাহাব চৰকাৰী ভ্ৰমণত মালয়েছিয়ালৈ যায়। কিন্তু হঠাৎ অসুস্থ হৈ পৰাত অসমাপ্ত অৱহাৰে বিদেশ ভ্ৰমণৰ সামৰণি মাৰি স্বদেশলৈ ঘূৰি আহে। বিদেশৰপৰা ঘূৰি আহি স্বদেশৰ মাটিত ভৰি দিয়াৰ কেইঘণ্টামান পাচতেই অথাৎ ইং ১১।২।১৯৭৭ তাৰিখে নিশা ৮ বাজি ৫২ মিনিটত হৃদৰােগত আক্ৰান্ত হৈ তেওঁ ইহলীলা সম্বৰণ কৰে। ৭২ বছৰীয়া ৰাষ্ট্রপতি গৰাকৰ অকাল বিয়ােগত দেশ জুৰি শােকৰ ছাঁ নামে। ধর্ম নিৰপেক্ষতাৰ জীৱন্ত প্রতীক ফখৰুদ্দিন আলি আহমেদে অসমৰ বাহিৰত ডাঙৰ-দীঘল হ'লেও অসমক সদায় মাতৃভূমি জ্ঞান কৰিছিল। অসমত শিক্ষা, সংস্কৃতি, খেলা-ধূলা আদিৰ বিকাশ সাধন কৰিবলৈ তেওঁ সদায় যত্ন কৰিছিল। অসমত বিশ্ববিদ্যালয় স্থাপন, অসমীয়া ভাষাৰু ৰাজ্যভাষাৰ ময্যাদাপ্রদান, নেহেৰু ষ্টেডিয়াম আদি স্থাপন কৰাৰ ক্ষেত্রত অলি আহমেদ চাহাবে আগবঢ়াই যােৱা সেৱাৰ কথা অসমীয়া মানুহে চিৰদিন শ্ৰদ্ধাৰে সুৱৰিব। 


ইং ১৯৩৫ চনত ইংৰাজ চৰকাৰে অসমক পূর্ববঙ্গ লগত সাঙুৰিবলৈ লােৱা কাৰ্য ব্যৱস্থাটোত ক্ষুদ্ধ হৈ ফখৰুদ্দিন আলি আহমেদ চাৰ ছাদুল্লাৰ সৈতে লগ-লাগি তাৰ তত্র প্রতিবাদ জনােৱা বাবেহে অসমে আজি স্বকীয় অস্তিত্ব বজায় ৰাখিব পাৰিছে। ইং ১৯৬০ চনৰ ভাষা আন্দোলনৰ বেলিকাও পশ্চিমবঙ্গৰ তৎকালিন মুখ্যমন্ত্রী ‘ড বিধান চন্দ্র ৰায়ৰ দুষ্ট চক্রান্ত ব্যর্থ কৰি অসমত অসমীয়া ভাষাক মৰ্য্যাদা প্রদান কৰাৰ ক্ষেত্ৰত বিমলা প্রসাদ চলিহাৰ সৈতে সম্পূর্ণ সহযােগ আগবঢ়াই ফখৰুদ্দিন আলি আহমেদে দেশ-হিতৈষীৰ পৰিচয় দিছিল। 


বেৰিষ্টাৰ ফখৰুদ্দিন আলি আহমেদে বিত্ত, ৰাজহ, শিক্ষা, কৃষি আদি দপ্তৰৰ মন্ত্ৰীৰ গুৰু দায়িত্ব সুচাৰুৰূপে সম্পন্ন কৰি নিজৰ প্রতিভা আৰু কর্ম দক্ষতাৰ পৰিচয় দি গৈছে। কেন্দ্রীয় চৰকাৰৰ প্ৰথম অসমীয়া পূর্ণ পৰ্যায়ৰ মন্ত্ৰী আৰু ভাৰতৰ প্রথম অসমীয়া ৰাষ্ট্ৰপতিৰ দৰে শ্ৰেষ্ঠ আৰু সন্মানিত আসন অলঙ্কৃত কৰা যখৰুদ্দিন আলি আহমেদ মৃত্যুত নীলাচল কাকতে শােক প্ৰকাশ কৰি কৈছিল – “তেওঁ আছিল সর্বশ্রেষ্ঠ অসমীয়াসকলৰ অন্যতম যাক 'লৈ অসমীয়া জাতিয়ে চিৰকাল গৌৰৱ কৰি থাকিব। সেয়েহে দেশবাসীয়ে তেওঁৰ জন্ম দিৱস ১৩ মে’ৰ দিনটোক ‘জাতীয় সংহতি দিৱসৰূপে পালন কৰি তেখেতৰ প্রতি শ্রদ্ধা নিবেদন কৰে।



******* প্ৰাক্তন ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমেদদেবৰ বিষয়ে Life History of Fakhrudin Ali Ahmed ফখৰুদ্দিন আলি আহমেদৰ জন্ম - ফখৰুদ্দিন আলি আহমেদৰ শিক্ষা জীবন - ফখৰুদ্দিন আলি আহমেদৰ ৰাজনীতিৰ পাতনি - ফখৰুদ্দিন আলি আহমেদৰ সন্মান - ফখৰুদ্দিন আলি আহমেদৰ মৃত্যু - ফখৰুদ্দিন আলি আহমেদৰ - ফখৰুদ্দিন আলি আহমেদৰ বিষয়ে অসমীয়া ৰচনা - Birth of Fakhrudin Ali Ahmed - Education life of Fakhrudin Ali Ahmed - Awards of Fakhrudin Ali Ahmed - Political Life of Fakhrudin Ali Ahmed - Death of Fakhrudin Ali Ahmed - Family of Fakhrudin Ali Ahmed - Essay on Fakhrudin Ali Ahmed-khuj2-Assam

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.