ৰাজনীতি বিজ্ঞান দ্বাদশ শ্রেণীৰ Political science Class 12 Notes in Assamese Medium

ৰাজনীতি বিজ্ঞান Political science Class 12 Notes in Assamese Medium Chapter 1 - Era of One Party Dominance

ৰাজনীতি বিজ্ঞান Political science Class 12 Notes in Assamese Medium Chapter 1 - Era of One Party Dominance দ্বাদশ শ্রেণীৰ ৰাজনীতি বিজ্ঞান অসমীয়া মাধ্যম প্রথম অধ্যায়ঃ১ এটা দলৰ আধিপত্যৰ যুগ প্রথম ভাগ আৰু দ্বিতীয় ভাগ  Political science Class 12 Notes in Assamese Medium Chapter 1 - Era of One Party Dominance - Higher Secondary HS 12 Political science All Notes in Assamese Medium Assam AHSEC board Chapter 1 Era of One Party Dominance HS II Notes Part 1 and Part 2 - khuj2
 ৰাজনীতি বিজ্ঞান দ্বাদশ শ্রেণীৰ Political science Class 12 Notes in Assamese Medium


দ্বাদশ শ্রেণীৰ ৰাজনীতি বিজ্ঞান অসমীয়া মাধ্যম প্রথম অধ্যায়ঃ১ এটা দলৰ আধিপত্যৰ যুগ প্রথম ভাগ আৰু দ্বিতীয় ভাগ


Political science Class 12 Notes in Assamese Medium Chapter 1 - Era of One Party Dominance - Higher Secondary HS 12 Political science All Notes in Assamese Medium Assam AHSEC board Chapter 1 Era of One Party Dominance HS II Notes Part 1 and Part 2 - khuj2


এটা দলৰ আধিপত্যৰ যুগ
(Era of One Party Dominance)

 

১। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত দেশত পােন প্ৰথমবাৰৰ বাবে কেতিয়া সংসদ আৰু ৰাজ্য বিধানসভাসমূহৰ বাবে নির্বাচন অনুষ্ঠিত হয়?
উঃ ১৯৪৭ চনৰ ১৫ আগষ্ট, তাৰিখে স্বাধীনতা লাভ কৰাৰ পাছত দেশত পােন প্ৰথমবাৰৰ বাবে ১৯৫১-৫২ চনত সংসদ আৰু ৰাজ্য বিধানসভাসমূহৰ বাবে নির্বাচন অনুষ্ঠিত হয়।


২। ১৯৫১-৫২ চনৰ প্রথম নির্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ উপৰিও আৰু কোন কেইটা দলে সক্রিয়ভাৱে নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিছিল?
উঃ ১৯৫১-৫২ চনৰ প্রথম নির্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ উপৰিও ছ'ছিয়েলিষ্ট পার্টি, কমিউনিষ্ট পার্টি, কিষাণ মজদুৰ প্রজা পার্টি আৰু ভাৰতীয় জনসংঘ— এই আটাইবােৰ দলেই সক্রিয়ভাৱে নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিছিল।


৩। কোনটো সময়ছােৱাক ভাৰতীয় ৰাজনীতিত এটা দলৰ আধিপত্যৰ যুগ নামেৰে জনা যায়? বা, ভাৰতীয় ৰাজনীতিত এটা দলৰ আধিপত্যৰ যুগ বুলিলে কি বুজা?
উঃ প্ৰথমৰে পৰা ভাৰতীয় ৰাজনীতিত বহুদলীয় ব্যৱস্থাই গা কৰি উঠিছিল। কিন্তু এই সকলোবােৰ দলৰ মাজত কংগ্ৰেছ দলৰ সফলতা ইমান বেছি আছিল যে এই দলে একক আধিপত্য প্রতিষ্ঠা কৰিব পাৰিছিল। ভাৰতীয় ৰাজনীতিত জাতীয় কংগ্ৰেছৰ এই আধিপত্য তিনিটা সাধাৰণ নির্বাচন— ক্রমে ১৯৫১-৫২, ১৯৫৭ আৰু ১৯৬২ৰ নিৰ্বাচনত অব্যাহত থাকে। সেয়েহে এই সময়ছােৱাক ভাৰতীয় ৰাজনীতিত এটা দলৰ আধিপত্যৰ যুগ নামেৰে জনা যায়।


৪। ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল?
উঃ ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধান গৃহীত হৈছিল।


৫। ভাৰতীয় সংবিধানখন কেতিয়া বলবৎ কৰা হৈছিল?
উঃ ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰা ভাৰতীয় সংবিধান বলবৎ হৈছিল।


৬। নির্বাচন পৰিচালনাৰ বাবে কেতিয়া নির্বাচন আয়ােগ প্রতিষ্ঠা কৰা হৈছিল?
উঃ নির্বাচন পৰিচালনাৰ বাবে ১৯৫০ চনৰ জানুৱাৰী মাহত নির্বাচন আয়ােগ প্রতিষ্ঠা কৰা হৈছিল।


৭। ভাৰতবৰ্ষৰ প্ৰথম মুখ্য নির্বাচনী আয়ুক্ত হিচাবে কাক নিযুক্তি দিয়া হৈছিল?
উঃ সুকুমাৰ সেনক ভাৰতবৰ্ষৰ প্ৰথম মুখ্য নির্বাচনী আয়ুক্ত হিচাবে নিযুক্তি দিয়া হৈছিল।


৮। ভাৰতবৰ্ষত গণতন্ত্র প্রতিষ্ঠাৰ প্ৰত্যাহ্বান সম্পর্কে বহলাই লিখা।
উঃ এক তীব্র সংকট আৰু বেদনা বুকুত লৈ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল আৰু জাতি হিচাবে প্রতিষ্ঠা লাভ কৰিছিল। এনে সংকটৰ সময়ত দেশখনত গণতান্ত্রিক ব্যৱস্থা এটা প্ৰৱৰ্তন কৰাটো নিতান্তই সহজ কথা নাছিল। দেশৰ ঐক্য-সংহতি ৰক্ষা কৰাটো ভাৰতীয় নেতৃত্বৰ বাবে তীব্র প্রত্যাহ্বান আছিল। ঔপনিবেশিক শাসনৰ কৱলৰ পৰা মুক্ত হােৱা পৃথিৱীৰ বহু দেশে দেশৰ ঐক্য-সংহতি ৰক্ষাৰ বাবেই গণতান্ত্রিক ব্যৱস্থা বর্জন কৰিবলৈ বাধ্য হৈছিল। আফ্রিকাৰ বহু দেশত স্বাধীনতাৰ পাছত একনায়কত্ববাদহে প্রতিষ্ঠা হৈছিল। আমাৰ চুবুৰীয়া ৰাষ্ট্র যেনে পাকিস্তান, বাংলাদেশ অথবা ম্যানমাৰত গণতন্ত্র প্রায়ে বিফল হৈছে— সামৰিক শাসকে শাসন ক্ষমতা নিজৰ হাতত তুলি লৈ জনসাধাৰণৰ অধিকাৰ খর্ব কৰিছে।

এই ক্ষেত্ৰত ভাৰতবর্ষ যেন এক ব্যতিক্রম। ভাৰতবৰ্ষই বহু সংকটৰ পাছতো দেশত গণতন্ত্র প্রতিষ্ঠাৰ প্ৰত্যাহ্বান গ্রহণ কৰিলে। জাতি নির্মাণ, জাতীয় ঐক্য আৰু সংহতি প্রতিষ্ঠা তথা গণতান্ত্রিক ব্যৱস্থা প্রৱর্তন—এই আটাইকেইটা প্রত্যাহ্বানকেই স্বাধীনােত্তৰ কালৰ ভাৰতীয় ৰাজনীতি ভাৰতীয় নেতাসকলে সমভাবে গ্রহণ কৰিলে। এই ক্ষেত্ৰত ভাৰতবৰ্ষ সফল হােৱাৰ মূলতে আছিল ভাৰতবৰ্ষৰ সুদীর্ঘ স্বাধীনতা আন্দোলন। এই আন্দোলনৰ নেতৃত্ব দিয়া ভাৰতীয় জাতীয় কংগ্ৰেছে স্বাধীনতা লাভৰ আগৰে পৰাই দেশত গণতান্ত্রিক ব্যবস্থা প্রবর্তন প্রস্তুতি আৰম্ভ কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছ নিজেই গণতান্ত্রিক নীতিত পৰিচালিত এটা সংগঠন আছিল। স্বাধীনতা আন্দোলনৰ সময়তেই এই দলে নিজাকৈ সংবিধান প্রণয়নৰ আখৰাও চলাইছিল।

১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে সংবিধান গৃহীত হৈছিল আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰা ভাৰতীয় সংবিধান বলবৎ হৈছিল। সেই সময়ত ভাৰতবর্ষ শাসন কৰিছিল এখন অন্তর্বর্তীকালীন চৰকাৰে। এই চৰকাৰৰাে নেতৃত্বত আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ দল। অস্তৱৰ্তীকালীন চৰকাৰৰ ঠাইত সাংবিধানিকভাবে নির্বাচিত চৰকাৰ প্ৰতিষ্ঠাৰ সময় আহি পৰিছিল। সংবিধানে নির্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰয়ােজনীয় নীতি-নির্দেশনা সন্নিৱিষ্ট কৰিছিল। নির্বাচন পৰিচালনাৰ বাবে ১৯৫০ চনৰ জানুৱাৰী মাহত নির্বাচন আয়ােগাে প্রতিষ্ঠা কৰা হ'ল। সুকুমাৰ সেনক ভাৰতবৰ্ষৰ প্ৰথম মুখ্য নির্বাচনী আয়ুক্ত হিচাবেও নিযুক্তি দিয়া হল।

নির্বাচন আয়ােগে ১৯৫০ চনতে নির্বাচন প্রস্তুতি কৰিব পৰা যাব বুলি আশা কৰিছিল। কিন্তু তেওঁলােকৰ সন্মুখত প্রথমেই দুটা প্রত্যাহ্বানে দেখা দিলে সমষ্টি নির্ধাৰণ আৰু ভােটাৰ তালিকা প্রস্তুত কৰি তােলা। ভােটাৰ তালিকাৰ প্ৰথম খচৰা প্ৰস্তুত কৰি তােলাৰ পাছত দেখা গ'ল বহু লক্ষ মহিলাৰ নাম বাদ পৰি গৈছে। পাছত তাৰ সংশােধন কৰাই শুদ্ধ ভােটৰ তালিকা প্রস্তুত কৰি তােলা হ'ল। কিন্তু নির্বাচন অনুষ্ঠিত কৰাটো বৰ সহজসাধ্য কাম নাছিল। প্রথম নির্বাচনত ১৭ কোটি ভােটাৰ আছিল কিন্তু তেওঁলােকৰ মাজৰ ১৫ শতাংশহে শিক্ষিত। এই নির্বাচনত কংগ্ৰেছ নেতা, হিন্দু- ৰাজ্যিক বিধানসভাসমূহৰ বাবে ৩,২০০ বিধায়ক আৰু লােকসভাৰ বাবে ৪৮৯ গৰাকী সাংসদ নির্বাচন কৰিবলগীয়া হৈছিল। অশিক্ষিত লােকেৰে ভৰি থকা দেশখনত এই নির্বাচন আছিল গণতন্ত্র প্রতিষ্ঠাৰ প্রথম অগ্নিপৰীক্ষা। সেই সময়লৈকে ইউৰাপৰ দেশসমূহতহে গণতন্ত্র আছিল আৰু ইউৰােপৰ বহু দেশত মহিলাসকলক ভােটাধিকাৰাে দিয়া হােৱা নাছিল। কিন্তু ভাৰতবৰ্ষই মহিলাসকলকো সাঙুৰি সার্বজনীন ভােটাধিকাৰৰ নীতিত নির্বাচন অনুষ্ঠিত কৰিলে।
দুবাৰকৈ স্থগিত ৰখাৰ পাছত অৱশেষত ১৯৫১ চনৰ অক্টোবৰ মাহৰ পৰা ১৯৫২ চনৰ ফেব্ৰুৱাৰী মাহলৈকে— ভাৰতবৰ্ষত প্রথম সাধাৰণ নির্বাচন অনুষ্ঠিত হয়। নির্বাচনী প্রচাৰৰ পৰা ভােট গণনালৈকে— এই নির্বাচনে সর্বমুঠ ছয় মাহ সময় ললে। নির্বাচন আছিল অত্যন্ত প্রতিযােগিতামূলক। ভােটাৰৰ অংশগ্রহণাে আছিল উৎসাহজনক। নির্বাচনৰ শেষত পৰাজিত প্রার্থীয়েও এই নির্বাচন নিকা আৰু শুদ্ধ বুলি গ্ৰহণ কৰিলে। লগে লগে ভাৰতবর্ষ গণতন্ত্র প্রতিষ্ঠাৰ প্রথম অগ্নি পৰীক্ষাত সফলভাৱে উত্তীর্ণ হ'ল। গণতন্ত্রৰ মূল আধাৰ গঢ়ি উঠিল। অশিক্ষিত আৰু দৰিদ্র জনতা যে গণতন্ত্রৰ পৰিপন্থী হ'ব নােৱাৰে সেই কথাও এই নির্বাচনৰ জৰিয়তে প্রতিষ্ঠিত হ'ল।


৯। ভােটদানৰ পৰিৱৰ্তিত পদ্ধতি সম্পর্কে লিখা।
উঃ ভোটগ্রহণৰ বাবে আজিকালি বৈদ্যুতিক যন্ত্র ব্যৱহাৰ কৰা হয়। প্রথম সাধাৰণ নিৰ্বাচনত প্রত্যেক প্রার্থী কাৰণে তেওঁৰ নির্বাচন চিহ্ন থকা একোটা বাকচ প্রত্যেকটো নির্বাচন বুথৰ ভিতৰত ৰাখিছিল। প্রত্যেকজন ভােটাৰক এখন খালী বেলট পেপাৰ দিয়া হৈছিল আৰু তেওঁ সেইখন তেওঁৰ পচন্দৰ প্ৰার্থীজনৰ বাকচত ভৰাই দিব। প্রায় ২০ লাখ ষ্টীল বাকচ এই  কামত ব্যৱহাৰ কৰা হৈছিল। নির্বাচনৰ প্রিজাইডিং অফিচাৰ হিচাবে কাম কৰা এগৰাগী ব্যক্তিৰ মতে বেলট বাকচ এনেকৈ সজাইছিল যে প্রত্যেকটো বাকচৰ ভিতৰে-বাহিৰে প্রার্থীজনৰ চিহ্নটো খােদিত থাকিব আৰু বাহিৰৰ ফালে প্রার্থীজনৰ নাম লিখা থাকিব উর্দু বা হিন্দীত বা পাঞ্জাৱীত। কেৱল সেয়ে নহয় সমষ্টিৰ নম্বৰ, ভােটগ্রহণ কেন্দ্ৰ আৰু ভােটদান বুথ তাত উল্লেখ থাকিব। পেপাৰ ছীলত প্রার্থী সংখ্যাভিত্তিক বিৱৰণীসহ অধ্যক্ষ স্বাক্ষসহ বাহিৰৰ পৰা মুখখন বন্ধ কৰি যথাযােগ্য স্থানত ৰখা হয়। নির্বাচন অনুষ্ঠিত হােৱাৰ আগদিনাখনেই এই কামখিনি সম্পাদন কৰিব লাগে। চিহ্ন আৰু লেবেল লগাবলৈ বাকচটো প্ৰথমতে চেণ্ড পেপাৰ বা এটুকুৰা ইটাৰে ঘঁহিব লাগিব। এইটো কাম শেষ কৰােতে ৬ জন মানুহৰ ৫ ঘণ্টা সময় লাগিছিল।

প্রথম দুটা নির্বাচনৰ পাছত এই পদ্ধতিৰ পৰিৱৰ্তন কৰা হয়। এতিয়া বেলট কাগজত সকলাে প্রার্থীৰ নাম আৰু প্রতীক লিপিবদ্ধ কৰা হয় আৰু ভােটাৰসকলেও তেওঁলােকে ভােট দিব খােজা প্রার্থীজনৰ নামৰ ওপৰত চাব মাৰি দিব লাগে। এই পদ্ধতি প্রায় ৪০ বছৰ প্ৰচলন আছিল। ১৯৯০ৰ দশকত নির্বাচন আয়ােগে E.V.M. ব্যৱহাৰ কৰে। ২০০৪ চনত সমগ্র দেশে E.V.M. ব্যৱহাৰ কৰে।


১০। কংগ্ৰেছ আধিপত্য বনাম বিৰােধী ৰাজনৈতিক দলসমূহে প্রথম তিনিটা সাধাৰণ নিৰ্বাচনত কেনেকৈ প্রতিদ্বন্দ্বিতা কৰিছিল?
উঃ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্রথম তিনিটা সাধাৰণ নিৰ্বাচনত নিজৰ আধিপত্য প্রতিষ্ঠা কৰিছিল যদিও ভাৰতীয় ৰাজনীতিত বিৰােধী ৰাজনৈতিক দলসমূহৰ স্থিতি বৰ দুর্বল নাছিল। এই দলসমূহে এই তিনিওটা সাধাৰণ নির্বাচনতে কংগ্ৰেছ দলৰ তুলনাত লােকসভা আৰু ৰাজিক বিধানসভাসমূহত অত্যন্ত কম আসন লাভ কৰিছিল। কিন্তু ৰাজনৈতিক বিতর্ক তথা নির্বাচনী প্রচাৰত এই দলসমূহে সক্রিয়ভাৱে অংশগ্রহণ কৰিছিল। অন্যহাতে কংগ্ৰেছ দলে সৰ্বমুঠ ভোট প্রায় ৪৫%হে লাভ কৰিছিল। অর্থাৎ আসনৰ ক্ষেত্ৰত একক আধিপত্য প্রতিষ্ঠা কৰিবলৈ সক্ষম হােৱাৰ পাছতাে ভাৰতীয় জাতীয় কংগ্রেছ দলে ৫০% ভােটো লাভ কৰিব পৰা নাছিল। ভাৰতীয় সংবিধানে প্ৰৱৰ্তন কৰা “যিয়েই অধিক ভােট পায় তেৱেঁই জয়ী হােৱা ব্যৱস্থা” টোৰ বাবেহে কংগ্ৰেছে লােকসভা তথা বিধানসভাসমূহত সর্বাধিক আসন লাভ কৰিছিল। তৎসত্বেও বিৰােধী দলসমূহে লােকসভাত ১৯৫১-৫২ চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত ২৬ শতাংশ ; ১৯৫৭ চনৰ নিৰ্বাচনত ২৫ শতাংশ আৰু ১৯৬২ চনৰ নিৰ্বাচনত ২৮ শতাংশ আসন লাভ কৰিছিল। এই তিনিওটা নির্বাচনতে ৰাজ্য বিধানসভাসমূহত বিৰােধী দলসমূহে ৩২ শতাংশৰ পৰা ৪০ শতাংশ আসন লাভ কৰিবলৈ সক্ষম হৈছিল। তাৎপর্যপূর্ণ কথাটো হ'ল এই বিৰােধী দলসমূহে শাসক দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ ওপৰত তীব্র হেঁচা সৃষ্টি কৰিব পাৰিছিল আৰু নীতি তথা চৰকাৰৰ কাম-কাজৰ বেলিকা চোকা সমালােচনাৰে শাসকীয় দলক সষ্টম কৰি ৰাখিছিল।
সংক্ষেপতে ক'বলৈ গ'লে এক দলৰ আধিপত্যৰ যুগৰ অৰ্থ এক দলৰ স্বৈৰাচাৰী শাসন নহয়। এক দলৰ আধিপত্যৰ যুগতে ভাৰতীয় ৰাজনীতিত বিৰােধী দলৰ অৱস্থিতি আৰু ভূমিকা আছিল গুৰুত্বপূর্ণ তথা সক্রিয়। এনে এক পৰিবেশতেই ভাৰতীয় গণতান্ত্রিক ব্যৱস্থাটোৱে পৰিপক্কতা লাভ কৰাৰ সুযােগ পাইছিল।


১১। ১৯৫২-ৰ পৰা ১৯৬২ চনলৈ কংগ্ৰেছ দলে লােকসভাত লাভ কৰা আসনৰ সংখ্যা আৰু ভােটৰ শতাংশ কিমান আছিল?
উঃ ১৯৫২-ৰ পৰা ১৯৬২ চনলৈ কংগ্ৰেছ দলে লােকসভাত লাভ কৰা আসনৰ সংখ্যা ক্ৰমান্বয়ে ৪৮৯, ৪৯৪, ৪৯৪ আৰু ১৯৫২-ৰ পৰা ১৯৬২ চনলৈ কংগ্ৰেছ দলে লােকসভাত লাভ কৰা ভােটৰ শতাংশ আছিল ক্ৰমান্বয়ে ৪৫%, ৪৭.৮%, ৪৪.৭%।


১২। ১৯৫২-১৯৬২ চনৰ নির্বাচনসমূহত আসনৰ হিচাবত দ্বিতীয় স্থান কোনটো দলে দখল কৰিছিল আৰু কিমান আসন লাভ কৰিবলৈ সক্ষম হৈছিল?
উঃ ১৯৫২-১৯৬২ চনৰ নির্বাচনসমূহত আসনৰ হিচাবত দ্বিতীয় স্থান দখল কৰিছিল ভাৰতীয় কমিউনিষ্ট পার্টিয়ে। এই দলে ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত ১৬ খন আসন, ১৯৫৭ চনত ২৭ খন আসন আৰু ১৯৬২ চনত ২৯ খন আসন দখল কৰিবলৈহে সক্ষম হৈছিল। শতাংশৰ হিচাবত লােকসভাত এই দলটোৱে এই নির্বাচনসমূহত ক্রমে ৩, ৫ আৰু ৬ শতাংশ আসনহে লাভ কৰিবলৈ সক্ষম হৈছিল।

 

১৩। কিমান চনত ভাৰতত মুছলিম লীগৰ অভ্যুদয় ঘটে?
উঃ ১৯০৬ চনত ভাৰতত মুছলিম লীগৰ অভ্যুদয় ঘটে।


১৪। সাম্প্রদায়িক ভিত্তিত গঢ় লোৱা এটা দলৰ নাম লিখা।
উঃ মুছলিম লীগ সাম্প্রদায়িক ভিত্তিত গঢ় লোৱা এটা দল।


১৫। ভাৰতৰ সর্ব প্রথম ৰাজনৈতিক দলটোৰ নাম কি?
উঃ ভাৰতৰ সর্ব প্রথম ৰাজনৈতিক দলটোৰ নাম জাতীয় কংগ্রেছ।


১৬। কিমান চনত ভাৰতত সর্ব প্রথম ৰাজনৈতিক দল জাতীয় কংগ্রেছ গঠিত হয়?
উঃ ১৮৮৫ চনত ভাৰতত সর্ব প্রথম ৰাজনৈতিক দল জাতীয় কংগ্রেছ গঠিত হয়।


১৭। “হিন্দু মহাসভা” কিমান চনত গঠন কৰা হয়। ইয়াৰ মূল লক্ষ্য কি আছিল?
উঃ “হিন্দু মহাসভা” ১৯১৬ চনত গঠন কৰা হয়। ইয়াৰ মূল লক্ষ্য আছিল পূর্ণ স্বৰাজ, হিন্দু সংহতি আৰু সভ্যতাৰ পূর্ণ অভ্যুত্থান।


১৮। ভাৰতত ৰাজনৈতিক দলৰ উৎপত্তি কেনেকৈ হৈছিল বুজাই লিখা।
উঃ ব্ৰিটিছৰ ৰাজত্বৰ কালছােৱাত ভাৰতত কোনাে ৰাজনৈতিক দল নাছিল বুলি ক’ব পাৰি। দেশৰ শাসনকার্য পৰিচালনাৰ উদ্দেশ্যতেই ৰাজনৈতিক দলৰ অভ্যুদয় ঘটে; কিন্তু পৰাধীন ভাৰতৰ ভাৰতবাসীৰ শাসন পৰিচালনা কার্যত কোনাে অংশ নাছিল। ফলস্বৰূপে এই দেশত কোনাে ৰাজনৈতিক দল গঠিত হােৱা নাছিল। ১৮৮৫ চনত ভাৰতত সর্ব প্রথম ৰাজনৈতিক দল জাতীয় কংগ্রেছ
গঠিত হয়। ভাৰতীয় জাতীয় কংগ্ৰেছত বিভিন্ন সম্প্রদায়ৰ লােক সন্মিলিত হৈছিল। কিন্তু এই দল শাসন পৰিচালনাৰ উদ্দেশ্যে গঠিত হােৱা নাছিল। ইয়াৰ উদ্দেশ্য আছিল বিদেশী শাসনৰ অধীনৰ পৰা ভাৰতক মুক্ত কৰা অর্থাৎ ভাৰতৰ স্বাধীনতা অর্জন। ভাৰতীয় জাতীয় কংগ্রেছ দৰাচলতে এটা জাতীয় সংগঠনৰূপে পৰিগণিত হৈছিল।

১৯০৬ চনত ভাৰতৰ দ্বিতীয়টো ৰাজনৈতিক দল মুছলিম লীগৰ অভ্যুদয় ঘটে। মুছলিম লীগ সাম্প্রদায়িক ভিত্তিত গঠিত দল আছিল আৰু সেয়ে প্রকৃত অর্থত ইয়াক এটা ৰাজনৈতিক দল বুলি ক'ব নােৱাৰি। মুছলিম লীগৰ সাম্প্রদায়িকতাৰ প্রত্যুত্তৰস্বৰূপে হিন্দু সম্প্রদায়ৰ অধিকাৰ সংৰক্ষণৰ হেতু “হিন্দু মহাসভা” ১৯১৬ চনত গঠন কৰা হয়। পূর্ণ স্বৰাজ, হিন্দু সংহতি আৰু সভ্যতাৰ পূর্ণ অভ্যুত্থান আছিল ইয়াৰ মূল লক্ষ্য। ইয়াৰ পিছত আন কিছুমান সাম্প্রদায়িক দল নিজৰ সম্প্রদায়ৰ অধিকাৰ আৰু স্বার্থ সংৰক্ষণৰ উদ্দেশ্যে গঠন কৰা পৰিলক্ষিত হয়।

এই দলবােৰক আঁচনি আৰু নীতিত জাতীয় স্বার্থক আওকাণ কৰা দেখা যায় আৰু সাম্প্রদায়িক আৰু প্রতিক্রিয়াশীল ভাৱধাৰাক সিবিলাকে আঁকোৱালি লৈছিল। ফলস্বৰূপে অশিক্ষা, পৰাধীনতা আৰু সাম্প্রদায়িক ভেদ বুদ্ধিৰ বাবে ভাৰতীয় জনগণৰ প্রকৃত জাতীয়তাবােধ জাগ্রত হােৱাত বাধাৰ সৃষ্টি হৈছিল। দেশাত্মবােধৰ অভাৱত কোনাে ৰাজনৈতিক দল গঠিত হ'ব নােৱাৰে। কাৰণ ৰাজনৈতিক দলৰ প্রধান উদ্দেশ্য হল জাতীয় স্বার্থৰ উৎকর্ষ সাধন কৰা।  স্বাধীনতাৰ পিছত পৰাধীন ভাৰতৰ কেইবাটাও সাম্প্রদায়িক দলক পূর্বৰ ঠেক আদর্শ পৰিহাৰ কৰি সৰ্বভাৰতীয় দললৈ ৰূপান্তৰিত হােৱা দেখা গৈছে। বর্তমান আমাৰ দেশ ভাৰতত সৰ্বভাৰতীয় ভিত্তিত আৰু আঞ্চলিক ভিত্তিত বহুবিলাক ৰাজনৈতিক দল গঠিত হােৱা দেখা যায়।


 


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.