মহাসতী জয়মতী -সতী জয়মতীৰ বিষয়ে

মহাসতী জয়মতী -সতী জয়মতীৰ বিষয়ে

মহাসতী জয়মতী অসম বুৰঞ্জী অসমৰ বীৰংগণা সতী জয়মতীৰ বিষয়ে অসমীয়া ৰচনা
মহাসতী জয়মতী -সতী জয়মতীৰ বিষয়ে



মহাসতী জয়মতী অসম বুৰঞ্জী অসমৰ বীৰংগণা সতী জয়মতীৰ বিষয়ে অসমীয়া ৰচনা - মহাসতী জয়মতী স্মৃতি সৌধ, জন্ম, মৃত্যু, জেৰেঙা পথাৰ, জয়সাগৰ পুখুৰী Mohasati Joymoti Assamese Essay All about Mohahoti Joymoti Birth Death family children monument Phakua dol Joysagar Tank


মহাসতী জয়মতী -সতী জয়মতীৰ বিষয়ে

মহাসতী জয়মতীৰ জন্ম আৰু বংশ পৰিচয়:

মাদুৰিয়াল লাইথেপেনা বৰগােহাই আহােম ৰাজ্যৰ এগৰাকী প্রতিভাশালী মন্ত্রী আছিল। তেখেত এজন গুণী- জ্ঞানী, দূৰ দৃষ্টি সম্পন্ন পুৰুষ আছিল। নিজৰ বুদ্ধি বৃত্তিৰ বলে তেখেতে কিছুদিন সলাল গোহাঁইৰ পদৱীও ভােগ কৰিছিল। তেখেতৰ কেইবা গৰাকীও পৰিবাৰ আছিল। তেখেতৰ ল'ৰা- ছোৱালীৰ ভিতৰত চব্বিশ জন পুতেক আৰু বাৰজনী ছােৱালী আছিল। লাইথেপেনা বৰগােহাঁইৰ বাৰজনী ছােৱালীৰ ভিতৰত জয়মতী কুঁৱৰীও এজনী আছিল। এই গৰাকী জয়মতীয়ে পৰুৱাওঁকালত দেশ আৰু দহৰ বাবে আত্মবলিদান দি মহাসতী জয়মতী নামে বুৰঞ্জীৰ পাতত সােণৰ আখৰেৰে জিলিকি আছে।


মহাসতী জয়মতীৰ শৈশৱ আৰু শিক্ষা:

তেতিয়াৰ দিনত আমাৰ দেশত ল'ৰা-ছােৱালীয়ে আজিৰ দৰে সুলত পঢ়া-শুনা কৰি বিদ্যা শিক্ষা আহৰণ কৰাৰ নিয়ম নাছিল  ল'ৰা-ছােৱালীয়ে ঘৰতেই মা - দেউতা আৰু অভিভাৱকৰ ওচৰত ভবিষ্যত জীৱনৰ বানে উপযোগী শিক্ষা আহৰণ কৰিছিল। তেতিয়াৰ দিনত অসমত আজিৰ দৰে কল-কাৰখানা, অফি'চ-আদালত নাছিল। সেয়ে, খেতি-বাতি কৰাটোৱে আছিল পুৰুষৰ প্রধান কাম। অৱশ্যে দেশৰ প্ৰতিৰক্ষাৰ বাবে সকলো নাগৰিকেই যুদ্ধৰ কলা-কৌশল জনাটো একপ্রকাৰ নিয়মৰ দৰেই  হৈছিল। আনহাতে ৰন্ধা-বঢ়া, কঠিয়াতোলা, ধানদোৱা, তাতসূতা কাটি কাপােৰ বােৱা আদিয়ে আছিল তিৰােতাৰ প্ৰধান কাম। ৰাজমন্ত্ৰীৰ জীয়েক হলেও জয়মতীয়ে সৰুৰে পৰাই মাকৰ লগত লাচনি-পাচনি কৰি ৰন্ধা-বঢ়াৰ পৰা আৰম্ভ কৰি বােৱা-কটালৈকে সকলাে কাম শিকিছিল। সৰুৰে পৰাই তেওঁ সকলো কাম নিৰহ-নিপানী কৰি কৰিবলৈ শিকিছিল। বৰ-ঘৰৰ জীয়ৰী হােৱা হেতুকেই সংস্কাৰ হিচাপে তেওঁ নম্রতা, ভদ্রতা আদি সৎ গুণবােৰ আহৰণ কৰিছিল। সকলাে সময়তে আৰু সকলো মানুহকে মিঠা মাতেৰে আপােন কৰি লােৱাৰ শিক্ষাও জয়মতীয়ে মাক-পিতাকৰ পৰাই লাভ কৰিছিল।


মহাসতী জয়মতীৰ বিৱাহ:

জয়মতী গাভৰু হােৱাৰ পিছত তুংখুঙীয়া ফৈদৰ গােবৰ কোঁৱৰৰ চতুর্থ পুত্র লাঙি গদাপাণিৰ সৈতে বিয়া হয়। মাক-দেউতাকে চাই-চিতি গদাপাণিৰ সৈতে জয়মতীৰ বিয়া দিয়াৰ পিছত পিতৃ-গৃহৰ পৰা পতি-গৃহলৈ যায়। পতি-গৃহত জয়মতীয়ে নিজৰ কুশল ব্যৱহাৰৰ দ্বাৰা নিজকে এগৰাকী উপযুক্তা বােৱাৰীৰ পৰিচয় দিব পাৰিছিল। গােহালিত গৰুৰ গাখীৰ খীৰােৱা, ধান বানা, ভাত ৰন্ধা, তাত বােৱা আদি সকলাে কাম নিৰহ-নিপানীকৈ কৰাৰ লগতে বিহু-সংক্রান্তিয়ে তেওঁ গুৰুস্থানীয় সকলক মান ধৰিবও জানিছিল। বিয়াৰ দুবছৰমান পিছত শহুৰেক ৰজা হােৱাৰ পৰাই জয়মতীৰ দায়িত্ব আগতকৈ বেছি হয়। ৰাজমন্ত্ৰীৰ দুহিতা জয়মতী কুঁৱৰীয়ে সৰুৰে পৰাই ভায়েক–ককায়েক মাক- দেউতাকৰ মুখত ৰাজনীতিৰ বহু কথাৰেই আও-ভাও পাইছিল বাবে বােৱাৰীকালত সেই শিক্ষাসমূহ কামত খটুৱাই নিজক বুদ্ধিমতী বুলি প্ৰমাণ কৰিব পাৰিছিল। গদাপাণিৰ সৈতে বিয়া হােৱাৰ পিছত জয়াই লাই আৰু লেচাই নামেৰে দুটি পুত্র সন্তানৰ মাতৃ হােৱাৰ গৌৰৱ অর্জন কৰি নিজৰ নাৰী জীৱন সফল কৰে।


দেশৰ ৰাজনৈতিক পৰিস্থিতি:

ইং ১৬৭১ চন। এই বছৰতে মহাবীৰ লাচিত বৰফুকনে ইছমাইল ছিদ্দিক ওৰফে বাঘ হাজৰিকাৰ সৈতে লগ-লাগি দিল্লীৰ মােগল বাদচাহ ঔৰংজীৱ আলমগীৰৰ প্রধান সেনাপতি ৰাম সিংহক শৰাইঘাটত হৰুৱাই মানাহ নদীলৈকে খেদি থৈ আহে। সেই সময়তে আহােম সকলৰ ৰাজধানী ৰংপুৰত ভীষণ অশান্তি আৰম্ভ হয়। ৰাজ-শক্তি দুর্বল হােৱাৰ চেলু লৈ বিষয়া আৰু ডা-ডাঙৰীয়া কিছুমান মহত্ত্বাকাঙক্ষী হৈ পৰে। এই সকলৰ ভিতৰত কাঁড়ীৰ হাজৰিকা ডেবেৰা বৰবৰুৱাও এজন আছিল। এই ডেবেৰা বৰবৰুৱাই নিজৰ মহত্ত্বাকাঙক্ষা পূৰণৰ বাবে নানা কূট-কৌশলৰ দ্বাৰা দয়াদিত্য ৰজা আৰু তিপমীয়া ৰজাক বধ কৰাৰ পিছত চামগুৰীয়া কোঁৱৰ এজনক ৰজা পাতি নিজৰ জীয়েকক বৰ কুঁৱৰী পাতে। কিন্তু অজ্ঞাত কাৰণত বাৰ দিনমানৰ পিছতেই -নিজৰ জোঁৱায়েক, চামগুৰীয়া কোঁৱৰকো কৌশলেৰে হত্যা কৰে। তাৰ পিছত ডেবেৰাই তুংখুঙীয়া ফৈদৰ গােবৰ কোঁৱৰক আনি ৰাজপাটত বহুৱাই নিজে উঠি ৰজা বহি ৰজা হয়। এই গােৱৰ কোঁৱৰেই হ’ল ৰাজমন্ত্ৰীৰ দুহিতা জয়মতীৰ গিৰিয়েক লাঙি গদাপাণিৰ পিতৃ পুৰুষ।

ডেবেৰাৰ অতপালিৰ বতৰা পাই শৰাইঘাটলৈ যােৱা বিষয়া আৰু ডা-ডাঙৰীয়া সকলে আলােচনা কৰি ডেবেৰাক দমন কৰাৰ সিদ্ধান্ত কৰিলে। বাঁহগড়ীয়া আতন বুঢ়াগােহাঁইৰ নেতৃত্বত শৰাইঘাটৰ যুঁজলৈ যােৱা বীৰ যােদ্ধা সকলে উজাই আহি ডেবেৰাক আক্রমণ কৰিলে। ডেবেৰাই যুঁজত হাৰি পলাই গল। বিজয়ী বিষয়া আৰু ডা-ডাঙৰীয়া সকলে ৰাজপাটত থকা গােৱৰ কোঁৱৰক ডেবেৰাই পতা ৰজা বুলি হত্যা কৰিলে। তাৰ পিছত কিছুদিন দেশ অৰাজক অৱস্থাত থাকে। শেষত ডাঙৰীয়া সকলে পর্বতীয়া সঁজা চুডৈফাক আনি ৰাজপাটত বহুৱায় ।

ডাঙৰীয়া সকলৰ ভিতৰত লালুকসােলা বৰফুকনাে
এজন আছিল। লালুকসােলা আছিল শৰাইঘাট বিজয়ী মহাবীৰ লাচিত বৰফুকনৰ ককায়েক। দেশৰ অৱস্থাৰ পৰিৱৰ্তন হােৱাত লালুকসােলাও মহত্ত্বাকাঙক্ষী হৈ পৰে আৰু নিজে ৰাজপাটত উঠি আহােমৰ ৰজা হবলৈ হাবিয়াস কৰে। নিজৰ মনৰ হাবিয়াস পূৰাবলৈ বঙ্গদেশৰ নৱাব ভাগিন, জোঁৱায়েক আজমতৰা (এওঁ দিল্লীৰ বাদচাহ আওৰংজীৱৰ পুতেক আৰু ৰমণী গাভৰুৰ গিৰিয়েক) লৈ সহায় বিচাৰি দূত পঠিয়ায়। তাৰ পিছত গুৱাহাটীৰ পৰা উজাই আহি কলিয়াবৰত কোঠ পাতি নিজে ভালপােৱা লােকক বৰগােহাঁই, বুঢ়া গােহাঁই, বৰপাত্র গােহাঁই পাতি কলিয়াবৰত সিহঁতক দায়িত্বভাৰ গতাই দি তাতে থাকিবলৈ দিয়ে আৰু নিজে গড়গাঁওলৈ যাত্ৰা কৰে।

গড়গাঁওলৈ উজাই আহি লালুকসােলাই চুডৈফা পর্বতীয়া ৰজাক বধ কৰে। তাৰ পিছত চামগুৰীয়া কোঁৱৰ চুলিকফাক ৰজা পাতি লালুকসােলাই নিজৰ পাঁচবছৰীয়া জীয়েক ৰজাৰ লগত বিয়া দি বৰকুঁৱৰী পাতে। চামগুৰীয়া কোঁৱৰ চুলিকফাৰ বয়স আছিল সেই সময়ত মাত্র চৈধ্য বছৰ। অসম বুৰঞ্জীত এইজনা ৰজাকেই ল'ৰা ৰজা ৰূপে জনা যায়। গড়গাৱত ৰজা ভগা-পতা কাম শেষ হােৱাৰ পিছত লালুকসােলা বৰফুকনে খােনা গােহাঁই আৰু খামচাং চাওডাং বৰুৱাক পঠিয়াই কলিয়াবৰত বিচক্ষণ আৰু জনপ্রিয় ৰাজমী আতন বুঢ়াগােহাঁইক হত্যা কৰে। এই ঘটনাবােৰ ঘটে ইং ১৬০৭ ১৯ চনত। আতন বুঢ়াগােহাঁইক বধ কৰাৰ পিছত দুষ্ট লালুকসােলা বৰফুকনৰ মহাত্নাকাঙক্ষা পূৰণৰ পথ প্রশস্ত হৈ পৰে।

লালুকসােলাই জানিছিল যে, আহােম ৰাজনীতিমতে ৰজা হবলৈ হ'লে কোঁৱৰজন নিঘুনী হ’ব লাগে। অথাৎ কোঁৱৰজনৰ গাত কোনাে অঙ্গক্ষত থাকিব নালাগে। লালুকসােলাই এই কথাটোকে সাৰথি হিচাপে লৈ নিজৰ ষড়যন্ত্রৰ জাল বিস্তাৰ কৰিলে। সি ল'ৰা ৰজা চুলিকফাৰ হতুৱাই আদেশ দি, ৰজা হােৱাৰ উপযুক্ত কোঁৱৰসকলক ধৰাই আনি অঙ্গক্ষত কৰিবলৈ ধৰিলে। গাঁথি হাজৰিকা নামৰ অসৎ মানুহ এজনে এই ক্ষেত্ৰত লালুকসােলাৰ সোঁহাত ৰূপে কাম কৰি বাটৰ কণ্টক দূৰ কৰাত সহায় কৰে। পিছলৈ ভােটাই ডেকা নামৰ মানুহজনেও আহি গাঁথি হাজৰিকাৰ লগ লাগে। লালুকসােলা বৰফুকনে এই দুষ্ট লােকসকলৰ সহায়ত নিজৰ আকাঙ্খা পূৰণৰ বাবে অঙ্গক্ষত কৰিবলৈ বাধা দিয়া বহুতাে কোঁৱৰক চাওডাঙৰ হতুৱাই নিষ্ঠুৰভাৱে হত্যা কৰে।


দূৰ-দৃষ্টি সম্পন্না জয়মতী:

লালুকসােলা বৰফুকনে নিজৰ স্বার্থ সিদ্ধিৰ বাবে ল'ৰা ৰজাৰ নামত চলাই থকা কুকাৰ্য্যবােৰ দেখি লাঙি গদাপাণিৰ পৰিবাৰ জয়মতী কুঁৱৰী সন্বত হৈ পৰে। ৰাজমন্ত্রী তনয়া জয়মতীয়ে ল’ৰাকালৰ পৰাই ৰাজনীতিৰ সৈতে পৰিচয় হােৱা হেতুকে বিষয়া,ডাঙৰীয়া সকলৰ মনােভাৱ সহজেই বুজি পায়। সেয়ে, তেওঁৰ ফুল-কোমলীয়া পুতেক লাই আৰু লেছাইৰ ওপৰতাে দুষ্ট লালুকসােলাৰ শেন দৃষ্টি পৰিব বুলি দুই পুতেকক কৌশলেৰে নামচাং নামৰ নগাচাং এখনলৈ পঠিয়াই দিয়ে।

অকল সেয়াই নহয় সেই সময়তে জয়মতীয়ে অনুভৱ কৰিলে যে, তেওঁৰ গিৰিয়েক গদাপাণিও এজন ৰজা হােৱাৰ লায়েকৰ মানুহ। গতিকে ক্ষমতালােভ লালকুসােলাই গদাপাণিকো নিশ্চয় তাৰ নিষ্ঠুৰতাৰ পৰা ৰেহাই নিদিব। চাওঁতে চাওঁতে জয়মতীৰ আশঙ্কাই সঁচা হােৱাৰ পথত আগবাঢ়িবলৈ ধৰিলে। লালুকসােলাই পঠোৱা গুপ্তঘাতকে সুযোগ বিচাৰি গদাপাণিৰ চৌদিশে ঘূৰি ফুৰাটো জয়মতীৰ দূৰ-দৃষ্টিত ধৰা পৰিল। সেয়ে, গিৰিয়েকক ৰক্ষা কৰাৰ উদ্দেশ্যে এদিন মাজ নিশা চৰাইদেউ পৰ্বতৰ নামনিত তুংখাঙত থকা নিজা ঘৰৰ পৰা জয়মতীয়ে গিৰিয়েকক লগত লৈ হাবিৰ মাজলৈ পলাই গ'ল।


লালুকসােলাৰ দ্বাৰা চোৰাংচোৱা প্ৰেৰণ:

গদাপাণিয়ে জয়মতীৰ সৈতে ঘৰৰপৰা পলাই যােৱাৰ বাতৰি পাই লালুকসােলাই নিজৰ সোঁহাত স্বৰূপ দক্ষিণ পটয়া গাঁথি হাজৰিকাক এক ডজনমান চাওডাং আৰু চোৰাংচোৱাক লগত দি গদাপাণি কোঁৱৰক ধৰি আনিবলৈ পঠিয়াই দিলে। নিষ্ঠুৰতাৰ প্রত্ৰক ৰূপী গাঁথি হাজৰিকাই আদেশ পাই তৎক্ষণাত সদলবলে গদাপাণিক ধৰিবলৈ যাত্ৰা কৰিলে।


হাবিৰ মাজত পতি-পৰায়ণা জয়মতী:

জয়মতীৰ গদাপাণিয়ে লালুকসােলাৰ ভয়ত ঘৰৰপৰা পলাই গৈ জেৰেঙাৰ হাবিৰ মাজত আশ্রয় লয় আৰু গছ-পাতেৰে অস্থায়ী ঘৰ সাজি আত্মগােপন কৰি থাকে। চ'ত মাহ বসন্ত কালৰ ফৰকাল বতৰত এদিন নিশা জয়াই গছ-পাতেৰে সজা ঘৰৰ ভিতৰত গিৰিয়েকৰ লগত শুই থাকোতে হঠাৎ মানুহৰ মাতত তেওঁৰ টোপনি ভাগিল। কাণ থিয় কৰি তেওঁ মানুহৰ মাতৰ আও ললে। বুদ্ধিমত্ত জয়াই বুজিলে এই মাজ নিশা গন্তৰ হাবিৰ মাজত ক'ৰ মানুহ আহিব? এইবােৰ নিশ্চয় লালুকসােলাই পঠোৱা চোৰাংচোৱা হ'ব। তেওঁৰ গাটো ঠক্‌-ঠ্ক কৈ কপিবলৈ ধৰিলে। খন্তেক পিছতেই পতিপৰায়ণা বুদ্ধিমত্র জয়াই গুণা-গথা কৰি সকলাে ঠিক কৰি পেলালে। তাৰ পিছত গিৰিয়েকক ক'লে ‘বঙহৰদেও! আপুনি এতিয়াই ইয়াৰপৰা পলাই যাওক, নহলে বিপদ হ’ব। দেশৰ আৰু দহৰ বাবে আপুনি জীয়াই থাকিবই লাগিব। মােৰ কাৰণে আপুনি কোনাে চিন্তা নকৰিব। গদাপাণিৰ মনত মানসিক সংঘাতে জুমুৰি দি ধৰিলে মনৰ লগত সংঘর্ষ কৰি থাকোতেই চোৰাংচোৱাহতে আহি জুপুৰী ঘৰটো বেৰি ধৰিলে। অৱশেষত নিৰুপায় হৈ জয়মতী অনুৰােধ আৰু পৰামর্শ মতেই গদাপাণিয়ে নগাৰ ছদ্মৱেশ ধাৰণ কৰি ঘৰৰ পিছ দুবাৰেদি ওলাই চোৰাংচোৱাহঁতৰ চকুত ধূলি মাৰি হাবিৰ মাজত সােমাল গৈ।

ৰাতিপুৱা হােৱাৰ লগে-লগে গাঁথি হাজৰিকাৰ নেতৃত্ব চোৰাংচোৱা আৰু চাওডাঙৰ দলটোৱে আহি গদাপাণিৰ ঘৰত প্ৰৱেশ কৰিলে। চোৰাংচোৱাৰ হাতত জয়মতী ঘৰত সােমােৱাৰ পিছত গদাপাণিক দেখিবলৈ নেপায় স্বর্গদেউ চুলিফাৰ দোহাইদি গাঁথি হাজৰিকাই জয়মতীক সুধিলে -“হেৰৌ মানুহজনী ! তােৰ গিৰিয়েৰ ক'ত আছে? ভালে-ভালে ক’ ।'' পতি-পৰায়ণা জয়াই একো নামাতিলে। দেশ আৰু দহৰ বাবে গিৰিয়েকক চোৰাংচোৱাৰ চকুত ধূলি মাৰি পলুৱাই পঠোৱা জয়াৰ মুখৰপৰা গিৰিয়েক ক'ত আছে? তাৰ সম্ভেদ উলিয়াবলৈ গাঁথি হাজৰিকাৰ দলে বহুত সােধ-পােছ কৰিলে। নহ'লে শাস্তি দিব বুলি ভয় খুৱালে। কিন্তু একোতে জয়াই মুখ নুখুলিলে। ঠিক তেতিয়াই লালুকসােলা বৰফুকনে মানুহ পঠিয়াই গাঁথি হাজৰিকাক জনাই দিলে যে – “স্বৰ্গদেউৰ আদেশ ! ছলে- বলে-কৌশলে জয়মতীৰ পৰা গদাপাণিৰ সম্ভেদ উলিয়াবই লাগিব।

লালুকসােলাৰ পৰা নির্দেশ পাই গাঁথি হাজৰিকা আৰু তাৰ দুষ্ট সহকৰ্মীসকলে জয়মতীৰ মুখৰপৰা কথা উলিয়াবলৈ শাস্তি দিবলৈ সিদ্ধান্ত কৰি জয়মতীক ধৰি লৈ গৈ হাবিৰ মাজত থকা এজোপা কোঁটকোৰা গছত হাত-ভৰি বান্ধি নানা ধৰণে শাস্তি দিবলৈ ধৰিলে। প্রথমে সিঁহতে জয়াক চামটাৰে কোবাই গােটেই গা বখলিয়াই পেলালে। তাৰ পিছত সিহঁতে জয়াৰ সর্ব- শৰীৰতে চোৰাত গছৰ পাত ঘঁহি দিলে। কিন্তু, তথাপিও জয়াই গিৰিয়েকৰ কথা কৈ নিদিয়াত লােৰ শলা গৰম কৰি গাত দাগ দিলে। উতলা গৰম পানী মূৰৰ পৰা ভৰিলৈকে ঢালি দিলে। গাঁথি হাজৰিকাৰ দলে পিশাচৰ দৰে যাতনা দি থাকিলেও জয়াই সকলাে নীৰৱে সহি গ'ল আৰু মুখেৰে একোকে নামাতিলে। জয়াৰ ওপৰত চলা নিষ্ঠুৰ শাস্তি দেখি বনৰ পশু-পক্ষীয়েও কান্দিলে। কিন্তু, গাঁথি হাজৰিকাৰ দল ক্ষান্ত নহ'ল। দুগুণ উৎসাহেৰে সৈতে সিহঁতে অবলা নাৰীৰ ওপৰত অত্যাচাৰ চলাই যাবলৈ ধৰিলে।

নগাৰ বেশত হাবিৰ মাজত লুকাই থকা গদাপাণিৰ বাবে জয়মতীৰ শাস্তিৰ সহ্যৰ সীমা চেৰাই গ'ল। বীৰ হােৱা সত্বেও কাপুৰুষৰ দৰে হাবিত আত্মগােপন কৰি থকাটো গদাপাণিৰ বাবে অসহনীয় হ’ল। নগাৰ বেশেৰেই এদিন জয়াক শাস্তি দি থকা ঠাইৰ ওচৰলৈ আহি ক'লে- ‘হেৰৌ মানুহজনী! ইমান কষ্ট খাই মৰিছ কিয়? গিৰিয়েৰৰ কথা কলেই দেখােন ৰক্ষা পৰিবি? কৈ দে, সােনকালে কথাটো কৈ দে!

মাতষাৰ কাণত পৰাত জয়মতীয়ে চকুমেলি চাই নগাৰ বেশত গিৰিয়েকক দেখি ক'লে – “মােৰ স্বামীৰ কথা মই নকওঁ বুলিছোঁ, নকওঁ । শাস্তি খাই মৰিলেও মৰিম। তােমাক ইয়াত কোনে মাতিছে? তুমি গুছি নােযােৱা কিয়?

গদাপাণিয়ে বুজিলে, জয়াই দেশ আৰু দহৰ কাৰণে নিজৰ প্রাণ বিসর্জন দি গিৰিয়েকক বচাব বিচাৰিছে। গতিকে তেওঁৰ মনৰ অভিলাষ পূৰণ কৰাৰ উদ্দেশ্যে সুযােগ আৰু সুবিধাৰ সন্ধান কৰিবলৈ গদাপাণি তাৰ পৰা আঁতৰি গ'ল। যােৱাৰ সময়ত মনে-মনে প্রতিজ্ঞা কৰিলে- লালুকসােল বৰফুকন ! মই তােৰ নিষ্ঠুৰতাৰ প্রতিশােধ এদিন লমেই লম।


জয়মতীৰ পৰলােক গমন:

গাঁথি হাজৰিকাৰ দলে অবলা নাৰী জয়াৰ ওপৰত চলােৱা অত্যাচাৰৰ ভীষণতা যিমানেই বেছি হ’বলৈ ধৰিলে, তেওঁৰ মৃত্যুৰ ক্ষণাে সিমানেই ওচৰ চাপি আহিবলৈ ধৰিলে। মানুহৰ দেহাই দানৱহঁতৰ অত্যাচাৰ আৰু কিমান সহিব। ইং ১৬৭৯ চন, ১৬০১ শকৰ চ'ত মাহৰ ১৩ তাৰিখে, শুক্লপক্ষৰ ত্রয়ােদশীৰ দিনা বৃহস্পতিবাৰে পতি- পৰায়ণ, দেশ-প্রেমিকা মহাসতী জয়মতীয়ে অশেষ জীয়াতু ভােগ কৰি শেষ নিশ্বাস ত্যাগ কৰিলে। জয়াৰ পৱিত্র আত্মাই ইহ-ধামৰ পৰা পৱিত্র ধামৰ পিনে গতি মাৰিলে। একেৰাহে ১৮ দিন নানা অবর্ণনীয় অত্যাচাৰ ভােগ কৰি জয়াই মৃত্যুবৰণ কৰাত লালুকসােলাৰ আশাৰ মূৰত চেঁচা পানী পৰিল। জয়াই আত্ম-ত্যাগৰ দ্বাৰা নজিৰ বিহীন পতি-প্ৰেমৰ পৰিচয় দি গদাপাণিক ভৱিষ্যতৰ বাবে যােগাই থৈ গ'ল অফুৰন্ত প্ৰেৰণা।


জয়মতীৰ মৃত্যুৰ পিছত :

জয়মতীৰ মৃত্যুৰ পিছত গদাপাণিয়ে আত্মগােপন কৰি দিহিঙে-দিপাঙে কিছুদিন ঘূৰি- ফুৰি নগাপাহাৰলৈ যায়। নৰাধম লালুকসােলা আৰু গাঁথি হাজৰিকাৰ দলৰ ওপৰত প্রতিশােধ লবলৈ তেওঁ বদ্ধপৰিকৰ। ইপিনে গড়গাৱঁতাে নানা ঘটনা ঘটিছে। পাপাত্মা লালুকসােলা বৰফুকনক তাৰ হৃদয়ৰ আপােন ভােটাই ডেকাই এদিন নিশা শুই থকা অৱস্থাতে যাঠিৰে খুচি হত্যা কৰে। ভােটাই ডেকাক সহায় কৰে মাধ তামুলী নামৰ আন এজন অসৎ লােকে। লালুক- সােলাক বধ কৰাৰ পিছত দুই দুষ্টই লগ-লাগি লালুকসােলাৰ পুতেক অঙ্গ, থােলােকা আৰু জগৰাকে হত্যা কৰি তাৰ বংশকে ধবংস কৰে৷ পিছে ভােটাই ডেকাও ৰক্ষা নপৰিল। ৰজাঘৰীয়া মানুহে গুপুতে ষড়যন্ত্র কৰি উৎপতীয়া ভােটাই ডেকাক বধ কৰিলে। এইবাৰ গাঁথি হাজৰিকাৰ কপাল ফুলিল। সি ফুকনৰ বাব লাভ কৰি ভেমত ওফন্দি উঠল।


জয়মতীৰ আত্ম-ত্যাগৰ পৰিণাম:

জয়মতীৰ আত্ম- ত্যাগৰ পৰা প্ৰেৰণা লাভ কৰি গদাপাণিয়ে নানা ঠাইত ঘূৰি-ফুৰি সৈন্য সংগ্রহ কৰিলে। পিছত ভিনিহীয়েক বন্দৰ বৰফুকন, গড়গঞা সন্দিকৈ ফুকন, চাৰিঙীয়া ফুকন, দিহিঙীয়া বৰবৰুৱা মাদি বিষয় আৰু ডাঙৰীয়াসকলৰ গােপন সহ- যােগত যুদ্ধ কৰি ৰাজ-সৈন্যক হৰুৱাই ৰাজপাট দখল কৰিলে। ইং ১৬৮১ চন, ১৬০৩ শকৰ আহাৰ মাহত সকলােৱে মিলি-জুলি গদাপাণিক ৰাজপাটত বহুৱাই সেৱা জনালে। জয়মতীৰ আত্মত্যাগৰ বিনিময়ত গিৰিয়েক গদাপাণিয়ে গদাধৰ সিংহ নাম লৈ ৰাজপাটত উঠাত জয়মতীৰ মনৰ আশা পূৰণ হ'ল। তেওঁৰ আত্মাই স্বর্গত শান্তি লভিলে।

গদাপাণিয়ে গদাধৰ সিংহ নাম লৈ ৰাজপাটত আৰােহণ কৰাৰ পিছত জয়মতীক নানা জীয়াতু ভােগাই হত্যা কৰা গাঁথি হাজৰিকা, বকল তামুলী, খৰঙী, জপং বৰগােহাঁই আদিক ধৰাই আনি মৃত্যু দণ্ডেৰে দণ্ডিত কৰিলে। তাৰ পিছত তেওঁ ৰাজ্য শাসনত মনােনিৱেশ কৰিলে। উপযুক্ত ৰজাৰ অভাৱত অস্থিৰ হৈ পৰা দেশখনক বুদ্ধি আৰু কৌশলেৰে তেওঁ সুস্হিৰ কৰিলে। স্বেচ্ছাচাৰী হৈ উঠা বিষয়া সকলক দমন কৰি প্ৰজাৰ মনত শান্তি দিলে। এইদৰে একেৰাহে পােন্ধৰ বছৰ কাল দেশ-শাসন কৰাৰ পিছত গদাধৰ সিংহ স্বৰ্গী হয়।

গদাধৰ সিংহৰ পৰলােক গমনৰ পিছত বৰ পুতেক লাই কোঁৱৰে ৰুদ্ৰসিংহ নাম লৈ ৰাজপাটত উঠে। ৰুদ্ৰসিংহই মাক জয়মতীৰ স্মৃতিত, জয়মতীৰ এটি সােণৰ প্রতিমা গঢ়ায় আৰু ৰংপুৰ নগৰৰ কাষতে এটি মৈদাম সজায়। সেই মৈদামৰ ওপৰতে তেওঁ ফাকুৱা দ'ল নামেৰে এটি দল বন্ধায়। ইং ১৬৭৯ চনত জয়মতীক শান্তি দিয়া জেৰেঙা পথাৰৰ ১১৭ পুৰা(৪৬৮বিঘা) মাটিত মাকৰ পৱিত্ৰ স্মৃতিত তেওঁ সাগৰ সদৃশ পুখুৰী এটি খান্দি জয়সাগৰ নাম দিয়ে।

জয়মতী আজি মৰিও অমৰ হৈ আছে। বে-নজিৰ আত্মত্যাগৰ দ্বাৰা অসমৰ ইতিহাসত তেওঁ যি অধ্যায়ৰ সূচনা কৰি থৈ গৈছে তাৰ বাবে অসম বুৰঞ্জীত তেওঁৰ নাম চিৰদিন সােণালী আখৰেৰে লিখা থাকিব। পতি-প্রেম, দেশ-প্ৰেম আৰু ন্যায়প্রিয়তাৰ তেওঁ যি নজিৰবিহীন চানেকি এৰি থৈ গৈছে অসমীয়া নাৰী সমাজক সেই আদর্শই চিৰদিন অনুপ্রাণিত কৰিব। জয়তু সতী-জয়মতী।

অমানুষিক নিয্যাতনেৰে লালুকসােলাৰ নিৰ্দেশত গাঁথি হাজৰিকাৰ দলে জয়মতীক হত্যা কৰা ঘটনাটো অসম বুৰঞ্জীৰ এক কলঙ্কিত অধ্যায়। সােতৰশ শতিকাৰ আৰম্ভণিতে অসমত ঘটা এই কলঙ্কিত ঘটনাটিক মহাভাৰতৰ ৰাজসভাত দ্রৌপদীৰ বস্তুহৰণৰ সৈতে তুলনা কৰিব পাৰি। কাৰণ দুয়ােটা ঘটনাতেই ৰাজনৈতিক স্বার্থ সিদ্ধিৰ উদ্দেশ্যে মাতৃজাতিক চৰমভাৱে নিয্যাতন কৰি ইতিহাসৰ পাত কলুষিত কৰা হৈছে। কিন্তু অতি পৰিতাপৰ বিষয় যে, আজি একবিংশ শতিকালৈ উত্তৰণৰ প্ৰাক্‌- মুহূর্ততাে অসম তথা ভাৰতত নানা ধৰণে নাৰী নিৰ্য্যাতনৰ ঘটনা ঘটিয়ে আছে।

******

মহাসতী জয়মতী অসম বুৰঞ্জী অসমৰ বীৰংগণা সতী জয়মতীৰ বিষয়ে অসমীয়া ৰচনা - মহাসতী জয়মতী স্মৃতি সৌধ, জন্ম, মৃত্যু, জেৰেঙা পথাৰ, জয়সাগৰ পুখুৰী Mohasati Joymoti Assamese Essay All about Mohahoti Joymoti Birth Death family children monument Phakua dol Joysagar Tank

Comments