মােৰ প্রিয় গ্রন্থ - অসমীয়া ৰচনা

মোৰ প্রিয় গ্রন্থ অসমীয়া ৰচনা My Favorite Book or Nobel Assamese Essay


মোৰ প্রিয় গ্রন্থ অসমীয়া ৰচনা My Favorite Book or Nobel Assamese Essay মােৰ প্রিয় গ্রন্থৰ ভূমিকা - মোৰ প্ৰিয় গ্ৰন্থখনিৰ পৰিচয় আৰু কাহিনীভাগ - মােৰ প্রিয় গ্রন্থখন ভাললগাৰ কাৰণ অষ্টম নৱম দশম একাদশ দ্বাদশ ছাত্র ছাত্রীসকলৰ বাবে অসমীয়া ৰচনা অসমীয়া ব্যাকৰণ My Favorite Book or Nobel Assamese Essay for students of Class 8 Class 9 Class 10 Class 11 Class 12 HSLC HS Assamese Grammar Assamese Medium SEBA AHSEC Board Mor Priyo Gantho Khuj2
মােৰ প্রিয় গ্রন্থ - অসমীয়া ৰচনা


মােৰ প্রিয় গ্রন্থৰ ভূমিকা - মোৰ প্ৰিয় গ্ৰন্থখনিৰ পৰিচয় আৰু কাহিনীভাগ - মােৰ প্রিয় গ্রন্থখন ভাললগাৰ কাৰণ অষ্টম নৱম দশম একাদশ দ্বাদশ ছাত্র ছাত্রীসকলৰ বাবে অসমীয়া ৰচনা অসমীয়া ব্যাকৰণ My Favorite Book or Nobel Assamese Essay for students of Class 8 Class 9 Class 10 Class 11 Class 12 HSLC HS Assamese Grammar Assamese Medium SEBA AHSEC Board Mor Priyo Gantho Khuj2



মোৰ প্রিয় গ্রন্থ 


মােৰ প্রিয় গ্রন্থৰ ভূমিকাঃ

পুথি অধ্যয়নে মানুহৰ মনৰ দিগন্ত প্ৰসাৰিত কৰে। কিতাপ পঢ়াটো পৃথিৱীৰ বহু ভাল কামৰ অন্যতম। খাদ্য, বস্ত্র, বাসস্থানৰ চাহিদা পূৰ হােৱাৰ পাছতে মানুহে অনুভৱ কৰা চাহিদাটোৱেই হ’ল পুথি অধ্যযন। কাৰণ পঢ়া-লিখা কৰাৰে পৰা মানুহ উন্নতিৰ পথত দিনক দিনেআগবাঢ়ি গৈছে। পুথি অধ্যয়নৰ পৰাহে মানুহৰ মগজুৰ বিকাশ সম্ভৱ। পাঠ্যপুথিৰ বাহিৰেও সেয়ে ময়ো মােৰ মানসিক চাহিদা পূৰাব পৰাকৈ কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিছো। মােৰ প্রিয় গ্রন্থ হল 'জীৱনৰ বাটত'। 


মােৰ প্রিয় গ্রন্থখনৰ পৰিচয় আৰু কাহিনী ভাগঃ

অসমীয়া সাহিত্যৰ কাণ্ডাৰী, পণ্ডিত বিৰিঞ্চি কুমাৰ বৰুৱাই বীণা বৰুৱাৰ নামত লিখি উলিয়ালে অনুপম উপন্যাস ‘জীৱনৰ বাটত'। সর্বকালৰ সকলাে পাঠকে ভাল পাব পৰা এটা নিটোল কাহিনী আছে ইয়াত। গাঁৱৰ এজনী সহজ-সৰল ছােৱালী তগৰ এজন শিক্ষিত ডেকা কমলাকান্তৰ প্ৰেমত পৰিল। বন্ধু কৃষ্ণ দত্তৰ ভনীযেকৰ বিয়া খাবলৈ আহি ৰাংঢালী, ৰূপহী, কোমলমতী তগৰ ফুলৰ দৰে তগৰক দেখি কমলাকান্ত ভােল গ'ল। বিয়াঘৰৰ উদুলি-মুদুলিৰ মাজত লাহে লাহে দুয়ােৰে প্রেমে পােখা মেলিবলৈ আৰম্ভ কৰিছিল। কিন্তু ভাগ্যৰ খেলা কোনে জানে। সফলতাৰ দিশত আগুৱাই যােৱা মেধাৱী কমলাকান্তৰ বাবে এটা সময়ত তগৰ এলাগী হৈ পৰিল। ক্ষন্তেক সম্যৰ মিলনতে অতি আবেগৰ বশৱৰ্তী হৈ গােপনে আঙঠি পিন্ধাই থৈ অহা গাঁৱৰ ছােৱালীজনী এদিন কমলাকান্তৰ বাবে পৰ হৈ গ'ল। ৰায়বাহাদুৰ মাণিক হাজৰিকাৰ যশ, গৌৰৱ, প্রতিপত্তিৰ চমকনিত কেৰাণীৰ ল'ৰা কমলাকান্তই পাহৰি গ'ল তগৰৰ কথা। সময় বাগৰাৰ লগে লগে মাতৃহীনা তগৰকো পিতৃয়ে বিয়া দিলে ক্ষন্তেকৰ বাবে তগৰৰ মন পিছলা ধৰণী মাষ্টৰলৈ। 

এই ঘটনাৰ পৰাই সলনি হৈ গ'ল সকলাে। ঘাত-প্রতিঘাত, কষ্টৰে পাৰ হ'ল তগৰৰ সম্য। ফুলৰ দৰে কোমল আৰু মৰমীয়াল তগৰৰ জীৱনলৈ অনেক পৰিৱর্তন আহিল। চঞ্চল, মিঠামুখীয়া সহনশীল তগৰক বসে টানি দিলে গহীন ওৰণি। তগৰ গুছি ধৰণী কলিতাৰ পৰিবাৰ তগৰ কলিতানী হ’ল কমলিনীৰ মাক হ’ল। মূৰ পাতি ল'লে সাংসাৰিক দৈন্য, দুখ, অভাৱ, ৰুগীয়া স্বামী। এদিন স্বামীহাৰা হৈ অন্ধকাৰ দেখিলে তগৰে। তথাপি বিচলিত নহৈ নিজৰ কর্তব্য সুকলমে কৰি গ'ল। কিন্তু জীৱন আৰু বিধি বিধান কোনে জানে। প্রথমবাৰ লগ হওঁতেই যেনেকৈ এদিন কমলাকান্তৰ হাতত তামােল- পাণৰ খুন্দাত তেজ ওলাইছিল, জীৱনৰ বিলি পৰতাে সেই ঘটনাৰে যেন পুনৰাবৃত্তি ঘটিল। বর্তমানৰ ৰায়বাহাদুৰৰ জোৱায়েক, ভৰা সংসাৰৰ গৰাকী কমলাকান্তৰ হাতত পৰিলহি যৌৱনৰ দিনতে তগৰক গােপনে পিন্ধোৱা আঙঠিটো। চমুকৈ এয়াই হ'ল জীৱনৰ বাটত নামৰ অনুপম উপন্যাসখনৰ কাহিনীভাগ। 


মােৰ প্রিয় গ্রন্থখন ভাল লগাৰ কাৰণঃ 

অতি সৰল আৰু নিভাঁজ অসমীযা শব্দৰ ব্যৱহাৰ উপন্যাসখনৰ অন্যতম সম্পদ। অসমীযা গাঁৱৰ সমাজখনক ইযাত ইমান সুন্দৰকৈ ফুটাই তুলিছে যে যিকোনাে পাঠকৰ বাবে ই উপভােগ্য হ’বই। উপন্যাস আৰম্ভ হৈছে এটি পদ্যৰে, 'কাম চৰাইৰ ৰঙা ঠোট। তাতে দিলে দীঘল ফোঁট। পিতাদেউ পিতাদেউ দূৰকৈ নিদিবি মােক'—যি গােটেই উপন্যাসখনকে প্রতিনিধিত্ব কৰিছে। ডঃ বিৰিঞ্চি কুমাৰ বৰুৱাই এনেদৰে গােটেই পৰিবেশ বর্ণনা কৰিছে যে চকুৰ আগত স্পষ্ট হৈ পৰিছে কোনাে এখন গাঁৱৰ পৰিৱেশ। অতিৰিক্ত এনে এটা শব্দ নাই যিটো অদৰকাৰী বুলি বাদ দিব পাৰি। কেৱল কলমৰ শব্দৰে শক্তিশালী বর্ণনা দিব পৰা বীণা বৰুৱাৰ অনবদ্য সৃষ্টি ‘জীৱনৰ বাটত। এগৰাকী নাৰীৰ মনৰ গভীৰত বুৰ মাৰিব পৰা অনুভত্ব শক্তি আছে লেখকৰ। উপন্যাসখনৰ চৰিত্ৰ, সংলাপ, পৰিৱেশ ৰচনা, আৰম্ভণী, সামৰণি, উত্থান-পতন সকলে সুনিপুণ ৰূপত প্ৰকাশ হৈছে। তগৰ, মৌজাদাৰ, মৌজাদাৰনী, কৃষ্ণ দত্ত, কমলাকান্ত, গাঁৱৰ মানুহবােৰ, তেওঁলােকৰ চাল-চলন সকলােৱে মােৰ মন স্পর্শ কৰি যায়। ভালপােৱাই মান-অপমানৰ বিচাৰ কৰে, বিধি-অনুষ্ঠানলৈ বাট চাব নােখােজে এনে সংলাপে চুই যায় মন। বোৱাৰীয়েনাে ধান নেবানো, পানী নানাে বুলি কোন দিন থিয় যুঁজ ধৰিছে?’ তগৰৰ কষ্ট সহ্য কৰিব নােৱাৰি অনাহকত তগৰক ব্যতিব্যস্ত কৰা মাকক ধৰণীযে কোৱা কথাষাৰে তগৰৰ দুর্দশাৰ কথাকে সংলাপৰ ৰূপত বর্ণনা কৰিছে। গাঁৱত ভাল- বেয়া, সৰল কুটিল সকলাে ধৰণৰ মানুহ থাকে, যাক সুন্দৰ ৰূপত প্ৰকাশ হৈছে। আৰম্ভণীতে কমলাকান্তৰ হাতৰ বঁটাৰ খুন্দাত কপালৰ তেজ ওলাই যােৱাটোৱেই শেষত গৈ কমলাকান্তই তগৰক দিয়া মর্মান্তিক আঘাতৰ কথাকে বুজালে। কাহিনী, চৰিত্ৰৰ উত্থান-পত্ৰৰ সাবলীল বর্ণনাই মােক অভিভূত কৰি তােলে।  


মােৰ প্রিয় গ্রন্থ- সামৰণিঃ

অসমৰ লােক-সংস্কৃতিৰ ক্ষেত্ৰতাে অসীম অৱদান দিয়া বিৰিঞ্চি কুমাৰ বৰুৱাৰ 'জীৱনৰ বাটত’ উপন্যাস অসমীয়া সাহিত্যৰ ভঁৰালৰ আপুৰুগীয়া সম্পদ। উপন্যাসখনৰ প্ৰতিটো অধ্যায়তে অসমৰ সৰল জীৱনৰ উপস্থাপনাই ইয়াক কালােত্তীর্ণ উপন্যাসৰ শাৰীত থিয় কৰাইছে। সুখপাঠ্য উপন্যাসখন এবাৰ পঢ়াৰ পাছত, পুনৰবাৰ পঢ়িবৰ বাবে মন যায়। উপন্যাসখনৰ পাতে পাতে পােৱা অনবদ্য সাহিত্যিক ৰসে আমাৰ দৰে সাধাৰণ পাঠককো যুগ যুগ ধৰি আকৰ্ষণ কৰি ৰাখিব, ৰাখিছে। 


******


মোৰ প্রিয় গ্রন্থ অসমীয়া ৰচনা My Favorite Book or Nobel Assamese Essay মােৰ প্রিয় গ্রন্থৰ ভূমিকা - মোৰ প্ৰিয় গ্ৰন্থখনিৰ পৰিচয় আৰু কাহিনীভাগ - মােৰ প্রিয় গ্রন্থখন ভাললগাৰ কাৰণ অষ্টম নৱম দশম একাদশ দ্বাদশ ছাত্র ছাত্রীসকলৰ বাবে অসমীয়া ৰচনা অসমীয়া ব্যাকৰণ My Favorite Book or Nobel Assamese Essay for students of Class 8 Class 9 Class 10 Class 11 Class 12 HSLC HS Assamese Grammar Assamese Medium SEBA AHSEC Board Mor Priyo Gantho Khuj2

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.