অসমৰ নিবনুৱা সমস্যা Unemployment of Assam

অসমৰ নিবনুৱা সমস্যা  ৰচনা Unemployment of Assam Essay 

অসমৰ নিবনুৱা সমস্যা অসমীয়া ৰচনা নিবনুৱা সমস্যা কি নিবনুৱা সমস্যা কেইপ্ৰকাৰৰ নিবনুৱা সমস্যাৰ কাৰণ নিবনুৱা সমস্যাৰ সমাধান শিক্ষিত নিবনুৱা গ্ৰাম্য নিবনুৱা Unemployment of Assam Essay in Assamese What is unemployment Types of Unemployment Reasons of Unemployment Solution of Unemployment


অসমৰ নিবনুৱা সমস্যা অসমীয়া ৰচনা নিবনুৱা সমস্যা কি নিবনুৱা সমস্যা কেইপ্ৰকাৰৰ নিবনুৱা সমস্যাৰ কাৰণ নিবনুৱা সমস্যাৰ সমাধান শিক্ষিত নিবনুৱা গ্ৰাম্য নিবনুৱা Unemployment of Assam Essay in Assamese What is unemployment Types of Unemployment Reasons of Unemployment Solution of Unemployment অসমৰ নিবনুৱা সমস্যা Unemployment of Assam
অসমৰ নিবনুৱা সমস্যা

অসমৰ নিবনুৱা সমস্যা অসমীয়া ৰচনা - নিবনুৱা কি, কেইপ্ৰকাৰৰ Unemployment of Assam Essay 

নিবনুৱা সমস্যা - ভূমিকা 

সাম্প্রতিক কালত অসমত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ৰাজ্যৰ তৰুণ শক্তিৰ কৰ্ম শক্তি কর্মহীনতাই জাতিটোৰ প্ৰাণ শক্তি তিল তিলকৈ অন্তঃসাৰশূন্য কৰি পেলাইছে। নৈৰাজ্যৰ ফলত যুৱশক্তিৰ অপচয় আৰু অৱনতি ঘটিছে। তাৰেই প্ৰকাশ ঘটিছে জীৱনৰ উশৃংখল আৰু অনুচিত আচৰণত, জীৱন যাত্ৰাৰ অথবা দাযিত্বপূর্ণ কামত অযােগ্যতা প্রদর্শনত। 

অসমত নিবনুৱা সমস্যাই এদিনতে গা কৰি উঠা নাই। দীর্ঘদিন ধৰি এই সমস্যাই জাতিৰ প্রাণশক্তি তীব্রভাৱে শোষিত আৰু নিঃশেষ কৰি আনিছে। অসম ইংৰাজৰ হাতলৈ যােবাৰে পৰা ক্ৰমে স্থানীয় হস্তশিল্প আৰু কুটীৰ শিল্পবােৰ যন্ত্ৰশক্তিৰ প্ৰতিযােগিতাত তিষ্ঠি থাকিব নােৱাৰি নিঃশেষ হ'বলৈ ধৰে। পৰিণতিত অসংখ্য স্থানীয় শিল্পী নিবনুৱা হৈ পৰে আৰু এওঁলােকৰ বহুতেই নৱপ্রতিষ্ঠিত চাহ বাগিচা, কয়লা খনি আদিৰ শ্রমিক হিচাপে যােগ দিয়ে। বহুতে খেতি-বাতি কৰিবলৈ লয়, কিন্তু সীমিত সা-সুবিধাৰ হেতু তাতে যথােচিতভাৱে সফল হ'ব নােৱাৰাত নিবনুৱা আৰু অর্ধ নিবনুৱাৰ সংখ্যা বাঢ়িবলৈ ধৰে। 

অসমৰ নিবনুৱা সমস্যা অসমীয়া ৰচনা - নিবনুৱা কি, কেইপ্ৰকাৰৰ Unemployment of Assam Essay 

নিবনুৱা সমস্যাৰ কাৰণ 

ইংৰাজে শাসন আৰু ব্যৱসায় পৰিচালনাৰ বাবে প্ৰথম অৱস্থাত যথেষ্ট সংখ্যক ইংৰাজী শিক্ষিত লােকক কর্ম সংস্থান দিছিল। কিন্তু পৰৱৰ্তী কালত শিক্ষাৰ প্ৰসাৰৰ লগে লগে শিক্ষিত লােকৰ সংখ্যা বৃদ্ধি পােৱাত আৰু চাকৰিৰ ক্ষেত্ৰখন সীমাৱদ্ধ হৈ থকাত শিক্ষিত নিবনুৱাৰ সংখ্যা ক্রমশঃ বাঢ়িবলৈ লয়। মহাসমৰৰ সময়তাে যথেষ্ট সংখ্যক লােকে চাকৰি আৰু ঠিকা ব্যৱসায়ৰ যােগেদি সংস্থানৰ সুযােগ লাভ কৰিছিল যদিও যুদ্ধৰ শেষত সেই সাময়িক সংস্থান নােহােৱা হ'ল আৰু হাজাৰ হাজাৰ লােক নিবনুৱা হৈ পৰে। 

দেশ বিভাজনৰ ফলত আৰু পাছত বাংলাদেশ গঠন হােৱাৰ পাছত গৃহহীন, বৃত্তিহীন, অর্থহীন অৱস্থাৰ বহু বাংলাদেশীয়ে অসমত অবৈধভাৱে প্ৰৱেশ কৰে আৰু পৰিণতিত ৰাজ্যখনত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰে। সমান্তৰালভাৱে ৰাজ্যখনৰ কলকাৰখানা, হাট বজাৰ, সৰু-ডাঙৰ ব্যৱসায়, চৰকাৰী চাকৰি সকলােতে অসমৰ বাহিৰৰ বহু লােকক নিযুক্তি দিয়া হয় আৰু ফলত থলুৱা নিবনুৱাসকলৰ সংস্থানৰ ক্ষেত্ৰখন সংকুচিত হৈ পৰে। এটা জাতিৰ অর্থনৈতিক জীৱন যদি এনেদৰে আনৰ কুক্ষিগত হয়, তেতিয়া স্বাভাৱিকতে জীৱিকাৰ তথা জীৱন ধাৰণৰ সকলাে পথেই ৰুদ্ধ হৈ পৰে। 

অসমৰ নিবনুৱা সমস্যা অসমীয়া ৰচনা - নিবনুৱা কি, কেইপ্ৰকাৰৰ Unemployment of Assam Essay 

নিবনুৱা সমস্যা সমাধানৰ পথ 

বর্তমান অসমত নিবনুৱাৰ সংখ্যা দহ লাখৰৰ অধিক। ৰাজ্যখনৰ পৰিকল্পনা বিশেষজ্ঞসকলে এই নিবনুৱা সমস্যাৰ গুৰুত্ব উপলব্ধি কৰি চিন্তিত হৈ পৰিছে। ৰাজ্যখনৰ এই গুৰুত্বপূৰ্ণ নিবনুৱা সমস্যা সমাধানৰ বাবে সংশ্লিষ্ট সকলােৱে দীর্ঘম্যাদী আৰু স্বমাদী পৰিকল্পনা যুগুত কৰা আৱশ্যক। বৃহৎ শিল্পৰ সমান্তৰালভাৱে ৰাজ্যজুৰি যথেষ্ট সংখ্যক ক্ষুদ্র শিল্পদ্যোগ গঢ়িব পাৰিলেও সংস্থানৰ যথেষ্ট সুযােগ ওলাব। কৃষি আৰু ক্ষুদ্রশিল্প উন্নতিৰ বাবে সমবায় আৰু বেংকসমূহে সহজ সতত ঋণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। উপযুক্তভাৱে শিক্ষিত আৰু অভিজ্ঞতাসম্পন্ন লােকসকলহে নিবনুৱা সমস্যা দূৰীকৰণৰ দায়িত্ব গ্রহণ কৰিব পাৰে। 

এই সকলােৰে সমান্তৰালভাৱে সাধাৰণ শিক্ষাৰ লগতে কাৰিকৰী তথা আন ব্যৱহাৰিক আৰু কাৰ্যকৰী বিদ্যা-শিক্ষাৰ প্ৰয়ােজন। শিক্ষিত নিবনুৱাসকলক চাকৰিৰ মােহ ত্যাগ কৰি শিল্প তথা ব্যৱসায় বাণিজ্য শিক্ষা লাভ কৰি স্বাধীন ব্যৱসায়ৰ প্ৰতি আকর্ষিত কৰিব পাৰিলে সুফল পােৱা যাব বুলি আশা কৰিব পাৰি। মধ্যবিত্ত শিক্ষিত অসমীয়াসকল মূলতঃ চাকৰিজীৱী হােৱা বাবে তেওঁলােকৰ অর্থনৈতিক সংকট আজি উদ্বেগজনক।ইয়াৰ বহু শিক্ষিত তৰুণ আজি বৃত্তিহীন, বিত্তহীন, আশ্রয়হীন, আশাহীন,পৰিণতিত হীনমন্যতাত আকুণ্ঠ নিমগ্ন অসমৰ সমগ্র মধ্যবিত্ত সমাজ। 

এটা কথাত কোন সন্দেহ নাই যে, বিদ্যাৰ নিজস্ব মূল্য আৰু মর্যাদা আছে। কিন্তু বিদ্যাৰ লগত জীৱিকাৰ সম্পর্কও অনস্বীকার্য। সংস্থানহীনতাৰ চাকনৈয়াত পৰিলে বিদ্বানন বিপথগামী হয়, ন্যায় আৰু নীতিৰ পথ ত্যাগ কৰি অন্যায় আৰু অনীতিৰ পথত ভৰি দিয়ে, নৈৰাজ্য আৰু হীনমন্যতাৰ পাকচক্ৰত পৰি সকলাে কামৰ বাবেই অনুপযুক্ত হৈ পৰে। সেয়ে যি আশা-কল্পনা আৰু উদ্দীপনা লৈ আজিৰ তৰুণে জীৱন যুঁজত ভৰি দিয়ে, শিক্ষাৰ অন্তত নৈৰাজ্য আৰু অন্ধকাৰ ভৱিষ্যতে যেন তেওঁলােকৰ জীৱন নষ্ট কৰিব নােৱাৰে তাৰ প্ৰতি সকলােৱে সতর্ক দৃষ্টি ৰাখিব লাগিব। 

অসমৰ নিবনুৱা সমস্যা অসমীয়া ৰচনা - নিবনুৱা কি, কেইপ্ৰকাৰৰ Unemployment of Assam Essay 

নিবনুৱা সমস্যা - সামৰণি 

যথাসম্ভৱ শীঘ্ৰে অসমৰ নিবনুৱা সমস্যাৰ সুসমাধান কৰি ৰাজ্যৰ তৰুণ প্রজন্মৰ জীৱন নিৰাপদ, স্বাভাৱিক আৰু সুখময় কৰা প্রয়ােজন। বর্তমান ইয়েইৰাজ্যৰ কর্ণধাৰসকলৰ সর্বপ্রথম আৰু সর্বশ্রেষ্ঠ কর্তব্য তথা দায়িত্ব হােৱা উচিত। সুপৰিকল্পিত আৰু কাৰ্যকৰী দৃষ্টিভংগী তথা কর্মপদ্ধতিৰ সময়ত এই বিধ্বংসী ব্যাধিৰ প্ৰতিকাৰ কৰি জাতিটোক অৱনতি তথা অৱলুপ্তিৰ পৰা ৰক্ষা কৰিব লাগিব।



*****

অসমৰ নিবনুৱা সমস্যা অসমীয়া ৰচনা নিবনুৱা সমস্যা কি নিবনুৱা সমস্যা কেইপ্ৰকাৰৰ নিবনুৱা সমস্যাৰ কাৰণ নিবনুৱা সমস্যাৰ সমাধান শিক্ষিত নিবনুৱা গ্ৰাম্য নিবনুৱা Unemployment of Assam Essay in Assamese What is unemployment Types of Unemployment Reasons of Unemployment Solution of Unemployment

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.