জ্ঞানপীঠ বটাঁ বিজয়ী ড° মামনি ৰয়ছম গােস্বামী ওৰফে ইন্দিৰা গােস্বামীৰ বিষয়ে - অসমীয়া মহান ব্যক্তিৰ ৰচনা

জ্ঞানপীঠ বটাঁ বিজয়ী ড° মামনি ৰয়ছম গােস্বামী ওৰফে ইন্দিৰা গােস্বামীৰ বিষয়ে - অসমীয়া মহান ব্যক্তিৰ ৰচনা 

All About Dr. Mamoni Raisom Goswami's Life

##আৰম্ভণি- ড° মামনি ৰয়ছম গােস্বামীৰ জন্ম,  পিতৃ-মাতৃৰ পৰিচয়

##ড° মামনি ৰয়ছম গােস্বামীৰ শৈশব আৰু কৈশোৰ কাল আৰু স্কুলীয়া জীৱন শিক্ষা

##ড° মামনি ৰয়ছম গােস্বামীৰ বৈবাহিক জীৱন আৰু লিখনিৰ আৰম্ভণি

##ড° মামনি ৰয়ছম গােস্বামীয়ে অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা অৱদান- তেওঁৰ উপাধি আৰু সন্মান

##ড° মামনি ৰয়ছম গােস্বামীৰ সাহিত্যৰাজি- চুটিগল্প, উপন্যাস, গল্প সংকলন, কবিতা সংকলন, অনুবাদ পুথি সমূহ

##ড° মামনি ৰয়ছম গােস্বামীৰ শেষৰ জীৱনচোৱা আৰু মৃত্যু

জ্ঞানপীঠ বটাঁ বিজয়ী ড° মামনি ৰয়ছম গােস্বামী ওৰফে ইন্দিৰা গােস্বামীৰ বিষয়ে - অসমীয়া মহান ব্যক্তিৰ ৰচনা  All About Dr. Mamoni Raisom Goswami's Life ##আৰম্ভণি- ড° মামনি ৰয়ছম গােস্বামীৰ জন্ম,  পিতৃ-মাতৃৰ পৰিচয় ##ড° মামনি ৰয়ছম গােস্বামীৰ শৈশব আৰু কৈশোৰ কাল আৰু স্কুলীয়া জীৱন শিক্ষা ##ড° মামনি ৰয়ছম গােস্বামীৰ বৈবাহিক জীৱন আৰু লিখনিৰ আৰম্ভণি ##ড° মামনি ৰয়ছম গােস্বামীয়ে অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা অৱদান- তেওঁৰ উপাধি আৰু সন্মান ##ড° মামনি ৰয়ছম গােস্বামীৰ সাহিত্যৰাজি- চুটিগল্প, উপন্যাস, গল্প সংকলন, কবিতা সংকলন, অনুবাদ পুথি সমূহ ##ড° মামনি ৰয়ছম গােস্বামীৰ শেষৰ জীৱনচোৱা আৰু মৃত্যু
জ্ঞানপীঠ বটাঁ বিজয়ী ড° মামনি ৰয়ছম গােস্বামী ওৰফে ইন্দিৰা গােস্বামীৰ বিষয়ে অসমীয়া মহান ব্যক্তিৰ ৰচনা


জ্ঞানপীঠ বটাঁ বিজয়ী ড° মামনি ৰয়ছম গােস্বামী ওৰফে ইন্দিৰা গােস্বামীৰ বিষয়ে


আৰম্ভণি- ড° মামনি ৰয়ছম গােস্বামীৰ জন্ম,  পিতৃ-মাতৃৰ পৰিচয়ঃ

ইন্দিৰা গােস্বামী অৰ্থাৎ মামণি ৰয়ছম গােস্বামীৰ পিতৃৰ নাম আছিল উমাকান্ত গােস্বামী আৰু মাকৰ নাম আছিল অম্বিকা দেৱী। মামণি ৰয়ছম গােস্বামীৰ মাক অম্বিকা দেৱী এগৰাকী ব্যতিক্রমী মহিলা আছিল। তেওঁ আহােম ৰাজবংশৰ গুৰুত্বপূর্ণ মন্ত্রী। কাশীনাথ তামুলী ফুকনৰ বংশধৰ আছিল। ড° মামনি ৰয়ছম গােস্বামীৰ দেউতাক বৰ ব্যস্ত মানুহ আছিল বাবে মাকে সন্তানৰ সকলােবােৰ দিশ চম্ভালিব লগা হৈছিল। শিশু অৱস্থাত ড° মামনি ৰয়ছম গােস্বামীয়ে সমনীয়াৰ লগত খেলি ভাল পাইছিল, গােস্বামীৰ পেহীয়েকে সকলােৰে লগত মিলা-মিছা কৰিবলৈ দিব বিচৰা নাছিল। কিন্তু মাকে ল’ৰা-ছােৱালীৰ লগত মিলা-মিছা কৰাত কেতিয়াও বাধা দিয়া নাছিল।

মামণি ৰয়ছম গােস্বামীৰ জন্ম হৈছিল ১৯৪২ চনৰ ১৪ নৱেম্বৰত, গুৱাহাটীত। মামণি ৰয়ছম গােস্বামীৰ সৰুকালৰ নাম আছিল ইন্দিৰা গােস্বামী। মাকে তেওঁক সৰুৰে পৰা ‘মামণি’ বুলি মাতিছিল। মামণি ৰয়ছম গােস্বামীয়ে তেওঁৰ ‘মা’ নামৰ গ্ৰন্থখনত মাকক 'ৰূপহী আই' বুলি উল্লেখ কৰিছে। উমাকান্ত গােস্বামীৰ সৈতে অম্বিকা দেৱীৰ বিবাহ হৈছিল ১৯৩৬ চনত। উমাকান্ত গােস্বামীৰ অম্বিকা দেৱী আছিল দ্বিতীয় পত্নী। উমাকান্ত গােস্বামীৰ প্রথমা পত্নী প্রতিভা গােস্বামীৰ মৃত্যুৰ পিছত তেওঁ অম্বিকা দেৱীক বিয়া কৰাইছিল।


ড° মামনি ৰয়ছম গােস্বামীৰ শৈশব আৰু কৈশোৰ কাল আৰু স্কুলীয়া জীৱন শিক্ষাঃ

১৯৪৬ চনত তেওঁক লতাশিল স্কুলত নামভৰ্তি কৰি দিছিল। লতাশিলৰ স্কুলত পঢ়াৰ আগতে ড° মামনি ৰয়ছম গােস্বামীয়ে এদিন দুদিনমান গাঁৱৰ এখন স্কুললৈ গৈছিল যদিও দেউতাকে গুৱাহাটীত থাকিব লগা হােৱাত তেওঁৰ গাঁৱৰ স্কুলত পঢ়া নহ'ল। গুৱাহাটীৰ লতাশিল স্কুলত তেওঁ প্রথম বিদ্যা শিক্ষা আৰম্ভ হয়। অৱশ্যে লতাশিলৰ স্কুলত নামভৰ্তিৰ আগেয়ে ইন্দিৰা গােস্বামীয়ে দুদিনমান চেনিকুঠী স্কুললৈও গৈছিল। তেওঁ লতাশিল স্কুলত সুদীর্ঘ চাৰি বছৰ কাল পঢ়িছিল। পঢ়া- শুনাত তেওঁ সিমান বেয়া নাছিল। প্রথম নহ'লেও শ্ৰেণীত প্রায়ে দ্বিতীয় হৈছিল। ১৯৫০ চনত ইন্দিৰা গােস্বামীৰ দেউতাক উমাকান্ত গােস্বামী অসমৰ শিক্ষাধিকাৰ পদত নিযুক্তি হয়। সেই সময়ত অসমৰ ৰাজধানী শ্বিলঙত আছিল। সেয়ে তেওঁ গুৱাহাটীৰ পৰা শ্বিলঙলৈ যাব লগা হয়। ফলত উমাকান্ত গােস্বামীৰ পৰিয়ালটোও শ্বিলঙলৈ যাবলগা হৈছিল। ইন্দিৰা গােস্বামীক শ্বিলঙৰ পাইন মাউন্ট স্কুলত নামভৰ্তি কৰি দিছিল। অৱশ্যে এই স্কুলখনৰ পৰিৱেশ গুৱাহাটীৰ লতাশিল স্কুলৰ পৰিৱেশৰ সম্পূর্ণ বিপৰীতে আছিল। পাইন মাউণ্টত প্রথম শ্ৰেণীত পঢ়ি থাকোতে ইন্দিৰা গােস্বামীয়ে এখন সুন্দৰ পেইন্টিং আঁকি তেওঁ প্রশংসা পত্র লাভ কৰিছিল।

কিন্তু ১৯৫৪ চনত শিক্ষাধিকাৰ হিচাপে উমাকান্ত গােস্বামী গুৱাহাটীলৈ আহিবলগা হােৱাত তেওঁৰ পৰিয়ালটোও শ্বিলঙৰ পৰা গুৱাহাটীলৈ আহে। ইন্দিৰা গােস্বামীক গুৱাহাটী তাৰিণীচৰণ চৌধুৰী ছােৱালী স্কুলত নাম লগাই দিয়ে। পাইন মাউন্ট স্কুলত পঢ়া সময়ৰে পৰাই ইন্দিৰা গােস্বামীয়ে স্কাউটত অংশগ্রহণ কৰিছিল। এই ক্ষেত্ৰত তেওঁ ছােৱালীৰ গাইড হিচাপে সাতটা পদক লাভ কৰিছিল। তাৰিণীচৰণ চৌধুৰী ছােৱালী হাইস্কুলত পঢ়ি থাকোতে এবাৰ তেওঁ ছাত্রী একতা সভাৰ সম্পাদিকা হৈছিল। তাত পঢ়ি থাকোতেই জয়পুৰত অনুষ্ঠিত হােৱা এক প্রতিবাদী সমদলত যােগদানৰ বাবে যােৱা অসমৰ ছাত্ৰীসকলৰ তেওঁ প্রতিনিধিত্ব কৰিছিল । স্কুলত পঢ়ি থাকোতেই ১৯৫৫ চনত কৰ্কট ৰােগত আক্ৰান্ত হৈ ইন্দিৰা গােস্বামীৰ দেউতাক উমাকান্ত গােস্বামীৰ মৃত্যু হয়। ১৯৫৭ চনত গােস্বামীয়ে তাৰিণী চৰণ চৌধুৰী ছােৱালী হাইস্কুলৰ পৰা মেট্রিক পৰীক্ষাত উত্তীর্ণ হয়।

ইন্দিৰা গােস্বামীক দেউতাক আৰু খুৰাকে বৰ মৰম কৰিছিল। তেওঁ দেউতাকৰ লগত ছাঁৰ দৰে লাগি আছিল। দেউতাকে তেওঁক ইমানেই মৰমৰ কৰিছিল যে সেই মৰমৰ কাৰণে তেওঁ স্বভাৱত স্থায়ীভাৱে কিছুমান বেয়া গুণৰহে সৃষ্টি হৈছিল। যিবােৰ বস্তু তেওঁৰ ভাল লাগিছিল, সেইবােৰ বস্তু নােপােৱালৈকে তেওঁ ঘৰৰ কাকো শান্তি দিয়া নাছিল। কাৰাে উপদেশ বা আদেশে তেওঁ যি কৰিব খুজিছিল তাক নকৰা কৰিব নােৱাৰিছিল। পিতাকলৈ সৰুৰে পৰা ইন্দিৰাৰ এটা সন্ত্ৰম আছিল, কিন্তু তেওঁ কেতিয়াও তেওঁক ভয় কৰা নাছিল। খুৰাকলৈও তেওঁৰ ঠিক একে ধৰণৰ সম্ভ্রম আছিল, কিন্তু তেওঁকো ভয় কৰা নাছিল। তেওঁৰ শৈশব কালত মাকে তেওঁৰ পিতাকৰ সমান তেওঁক আকর্ষিত কৰিব পৰা নাছিল। পিতাক য'লৈকে গৈছিল, তেওঁ তালৈকে যাবলৈ ওলাইছিল। কিছু দূৰ ঠাইলৈ যাবলগা হলে পিতাকে তেওঁক এৰি থৈ গৈছিল। তেনে অৱস্থাত ইন্দিৰা গােস্বামীয়ে কান্দি-কাটি চিঞৰ বাখৰ লগাই একোটা অদ্ভুত দৃশ্যৰ সৃষ্টি কৰিছিল। পিতাকে ইন্দিৰা গােস্বামীক প্ৰায়বােৰ ঠাইলৈ লৈ গৈছিল। আনকি কটন কলেজত অধ্যাপক অথবা অধ্যক্ষ হৈ থাকোতে কলেজত হােৱা মিটিংবােৰলৈও তেওঁ ইন্দিৰা গােস্বামীক লৈ গৈছিল। কলেজৰ এনেধৰণৰ মিটিং কিছুমানত তেওঁৰ বান্ধৱী ইলাও গৈছিল। ইলাৰ দেউতাক স্বর্গীয় ফণী দত্ত কটন কলেজৰে অধ্যাপক আছিল। মিটিংবােৰত ইলা আৰু ইন্দিৰা ওচৰা-উচৰিকৈ বহিছিল। তেওঁলােকক বহিবলৈ দিয়া হৈছিল দুখন চকীত। এই মিটিংবােৰৰ বক্তৃতাবােৰ দুয়াে বুজি নাপাইছিল। সেয়ে কোনােবাই ভাষণ দিবলৈ ষ্টেজত উঠাৰ লগে লগে তেওঁলােক দুয়াে খিলখিলাই হাঁহিছিল। সমস্ত দর্শকৰ চকু তেওঁলােকৰ ওচৰত পৰিছিল। শৈশৱ কালত খুৰাকৰ ব্যক্তিত্বই ইন্দিৰাক বৰকৈ মুগ্ধ কৰিছিল।

শীতৰ বন্ধত প্ৰায়েই ইন্দিৰা গােস্বামীয়ে খুৰাকৰ চাইকেলত উঠি গাঁৱলৈ গৈছিল। মুক্তভাৱে গাঁৱত ফুৰা-চকা কৰিছিল। খেৰৰ পুঁজিবােৰৰ ওপৰত উঠি তললৈ চুচৰি নামি অহাটোও তেওঁৰ অতি প্রিয় খেল আছিল। আবেলি প্ৰায়েই সৰু কাঠৰ দলং এখন পাৰ হুৈ খুৰাকৰ লগত ইন্দিৰা গােস্বামীয়ে বৰীহাটত বজাৰলৈ গৈছিল। দোকানৰ গাদী এখনত তেওঁ খুৰাকৰ লগত বহিছিল। বাৰিষাৰ দিনত গাঁৱলৈ গ'লে বাৰীৰ পাছফালৰ ডাঙৰ পুখুৰীটোত ইন্দিৰা গােস্বামীয়ে খুৰাক আৰু আনসকলৰ লগত সাঁতুৰিছিল। ইন্দিৰা গােস্বামীয়ে পিতাকৰ লগত গুৱাহাটী পৰা কেতিয়াবা ৰাণীত থকা তেওঁলােকৰ হাতীৰ মহলাে চাৰ গৈছিল । তাত বনৰীয়া হাতীক ঘৰচীয়া কৰিবলৈ প্রশিক্ষণ দিয়া দৃশ্য তেওঁ নিজ চকুৰে প্রত্যক্ষ কৰিছিল। খুৰীৰে খুঁচি খুঁচি চিঞৰ-বাখৰ কৰি এটা ঘৰচীয়া হাতীৰ লগত বান্ধি লৈ বনৰীয়া হাতীটোক শিক্ষা দিয়া দৃশ্য ইন্দিৰা গােস্বামীক আনন্দ দিয়াতকৈ বেজাৰহে দিছিল। ইন্দিৰা গােস্বামীৰ মাক ৰবীন্দ্ৰনাথৰ ভক্ত আছিল। তেওঁ সৰু নােটবহী এখনত ৰবীন্দ্ৰনাথৰ কবিতাবােৰ টুকি ৰাখিছিল। তেওঁ গায়িকা নাছিল যদিও নিজেই সেইবােৰত সুৰ দিবলৈ চেষ্টা কৰিছিল। ইন্দিৰা গােস্বামী আৰু তেওঁৰ সৰু ভনীয়েক সবিতাক মাকে প্রথমতে নিজেই ৰবীন্দ্রনাথ ঠাকুৰৰ গানবােৰ বেসুৰাকৈ গাবলৈ শিকাইছিল। পিছলৈ জ্ঞানদা কাকতীয়ে তেওঁলােকক গান শিকাইছিল। ইন্দিৰা গােস্বামীয়ে শ্বিলঙৰ পাইন মাউন্ট স্কুলত পঢ়ি থাকোতে ছাত্রীবােৰক ‘মিছ হলটিন' নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে সাঁতুৰিবলৈ শিকাইছিল। স্কুলৰ পৰা প্রত্যেক শুকুৰবাৰে ত্রিনােলিন ফলছ’ৰ সন্মুখৰ ছুইমিং পুললৈ গৈ ছাত্রীবােৰক তেওঁ সাঁতুৰিবলৈ শিকাইছিল। ইন্দিৰা গােস্বামীৰ নিজৰ ছুইমিং কষ্টিউম নাছিল। তেওঁলােকৰ কোৱাৰ্টাৰত কাম কৰা বঙালী মহিলা এগৰাকীয়ে ইন্দিৰা গােস্বামীক পুৰণি ছুইমিং কষ্টিউম যােগাৰ কৰি দিছিল। সেই কষ্টিউমকে লৈ ইন্দিৰা গােস্বামীয়ে সাঁতুৰিবলৈ গৈছিল। বৰ জুখি- মাকি টকা-পইচা খৰচ কৰা বাবেই হয়তাে তেওঁ পিতাকক এযােৰ ছুইমিং কষ্টিউম লাগে বুলি মুখ ফুটাই ক'ব পৰা নাছিল।

শৈশৱত ইন্দিৰা গােস্বামীৰ জন্মদিন পালন কৰা হােৱা নাছিল। তেওঁৰ জন্মদিনৰ কথা তেওঁ নিজেই নাজানিছিল, ঘৰৰ কোনেও তেওঁৰ জন্মদিন মনত ৰখা নাছিল। অকল ইন্দিৰা গােস্বামীৰেই নহয়, ঘৰৰ কোনাে এটা ল'ৰা-ছােৱালীৰ জন্মদিন পালন কৰা নাছিল। বাহ্যিক জাক-জমকতা এৰি নিজৰ ল'ৰা-ছােৱালীবােৰে যাতে সাধাৰণ জীৱন-যাপন কৰিব পাৰে, তাৰ বাবে দেউতাক বৰ সজাগ আছিল।


ড° মামনি ৰয়ছম গােস্বামীৰ বৈবাহিক জীৱন আৰু লিখনিৰ আৰম্ভণিঃ

ইন্দিৰা গােস্বামীয়ে সৰুৰে পৰা লিখিছে যদিও কিন্তু তেওঁ লেখিকা হােৱাৰ ইচ্ছা কোনােদিনেই পুহি ৰখা নাছিল। সৰুতে তেওঁ চিত্ৰকৰ হ’বলৈ ইচ্ছা কৰিছিল। লিউনার্ড দা ভিন্সি মাইকেল এঞ্জেলা, পিকাচোৰ দৰে ছবি আঁকিব বিচাৰিছিল। চিত্ৰকসকলৰ জীৱন কাহিনীয়েও তেওঁক সৰু কালত বৰকৈ আকৃষ্ট কৰিছিল। শ্বিলঙত থাকোতে মিছেছ কলমেন নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে তেওঁক ছবি আঁকিবলৈ শিকাইছিল। তেতিয়া তেওঁ যীশুৰ ছবি এখন ভালদৰে আঁকিছিল আৰু শিক্ষয়িত্ৰীগৰাকীয়ে তেওঁৰ ছবিখন সকলােকে দেখুৱাইছিল। আনকি মিছেছ কমেনে পতা ছবি আঁকা প্রতিযােগিতাত ছবি আঁকি ইন্দিৰা গােস্বামীয়ে পুৰস্কাৰ পাইছিল। মেট্রিক পৰীক্ষাত উত্তীৰ্ণ হৈ ইন্দিৰা গােস্বামীয়ে ১৯৫৭ চনত গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয়ত আই এত নামভর্তি কৰে। স্কুল-কলেজত পঢ়ি থাকোতেই ইন্দিৰা গােস্বামীয়ে কাকত-আলােচনীত গল্প লিখি সাহিত্যৰ পুৰস্কাৰ লাভ কৰিছিল। ১৯৬০ চনত তেওঁ কটন কলেজত স্নাতক শ্ৰেণীত নামভর্তি কৰে। কটন কলেজত পঢ়ি থাকোতেই তেওঁ শ্ৰৱজীৱী মানুহৰ জীৱনৰ আধাৰত ভালেমান গল্প লিখিছিল। ১৯৬০ চনটো ইন্দিৰা গােস্বামীৰ কাৰণে বৰ গুৰুত্বপূর্ণ আছিল। সেই বছৰটোত তেওঁ নানা ধৰণৰ মানসিক অশান্তি পাইছিল। সেই বছৰেই তেওঁৰ খুৰাক চন্দ্রকান্ত গােস্বামী মৃত্যু হৈছিল। দ্বিতীয়তে, সেই বছৰৰ বি.এ. পৰীক্ষাত তেওঁ ফল আশানুৰূপ ফল দেখুৱাব পৰা নাছিল।

১৯৬১ চনত ইন্দিৰা গােস্বামীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত স্নাতকোত্তৰ শ্ৰেণীত নামভর্তি কৰে। ১৯৬৩ চনত তেওঁ গুৱাহাটীৰ ছেইণ্ট মেৰীজ গাৰ্লছ হাইস্কুলত কিছুদিনৰ বাবে শিক্ষকতাও কৰিছিল। ১৯৬৩- ৬৪ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম.এ. ডিগ্রী লাভ কৰে। ১৯৭২ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তুলসী দাসৰ ৰাম ৰচিত মানস আৰু মাধৱ কন্দলী অসমীয়া ৰামায়ণঃ এটি তুলনামূলক অধ্যয়ন শীর্ষক গৱেষণাৰ বাবে ডক্টৰেট ডিগ্রী লাভ কৰে। ১৯৬৫ চনত ইন্দিৰা গােস্বামীৰ মাধৱেন ৰয়ছম আয়েংগাৰ নামৰ এজন কৃতী অভিযন্তাৰ লগত বিয়া হয়। অৱশ্যে এই বিয়াৰ পূর্বে ছাত্রী অৱস্থাতে ইন্দিৰা গােস্বামীৰ আন এটা অঘটন ঘটিছিল। তেওঁ এজন ভিন্ন সম্প্রদায়ৰ (ব্রাহ্মণ নহয়) লােকৰ স’তে কোর্ট মেৰেজ' কৰি পেলাইছিল। এই কথা জানিব পাৰি পৰিয়ালৰ সকলােৱে প্রচণ্ড বিৰােধিতা কৰিছিল। পিছত পৰিয়ালৰ তীব্ৰ হেঁচাত তেওঁ নিজেই এই বিবাহ অস্বীকাৰ কৰিবলৈ বাধ্য হৈছিল।

মাধৱেন ৰয়ছম আয়েংগাৰ ঘৰ আছিল মহীশূৰত। তেওঁ বিখ্যাত অভিযন্তা জি আৰ নৰসিংহ আয়েংগাৰৰ পুত্ৰ আছিল। মাধৱেন গুৱাহাটীলৈ আহিছিল ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাট দলং নিৰ্মাণৰ কামত। ১৯৬২ চনৰ ব'হাগ মাহৰ কোনাে এটা দিনত ইন্দিৰা গােস্বামীয়ে মাধৱেনক লগ পাইছিল। তেওঁ হিন্দুস্তান কনষ্ট্রাকচন কোম্পানীৰ ইঞ্জিনীয়াৰ হৈ শৰাইঘাট দলঙৰ নিৰ্মাণ কামত গুৱাহাটীত থাকিবলগা হৈছিল। ইন্দিৰা গােস্বামীৰ গুৱাহাটীৰ ঘৰৰ সন্মুখৰ ঘৰটোতেই মাধৱেনে ভাড়া কৰি আছিল। তেওঁলােকৰ বিয়া হৈছিল জগলীয়াৰ পাৰৰ সত্রত। অতি অনুষ্টুপীয়াকৈ। মাধৱেনে বৰ সুন্দৰকৈ সংস্কৃত মন্ত্র উচ্চাৰণ কৰিছিল। মানুহ বৰ বেছি হােৱা নাছিল। কাপােৰ-কানি, গহনা, গাথৰিও বিশেষ কিনা হােৱা নাছিল। ১৯৬৬ চনত মাধৱেন জম্মু-কাশ্মীৰলৈ বদলি হয়। মাধৱেনৰ লগে লগে মামণি ৰয়ছম গােস্বামীও কাশ্মীৰৰ চেনাৰ নদীৰ পাৰৰ ‘ৰিয়াচি' নামৰ ঠাইলৈ গুচি আহে। ১৯৬৭ চনত মাধৱেন আৰু মামণি ৰয়ছম গােস্বামী উধামপুৰৰ চুনা নলালৈ গৈছিল। তাত দলং নিৰ্মাণৰ মুখ্য দায়িত্বত আছিল মাধৱেন। কিন্তু ১৯৬৭ চনৰ ১৫ এপ্রিলত এক মটৰ দুৰ্ঘটনাত মাধৱেন ৰয়ছমৰ মৃত্যু হয়। উধামপুৰ শ্মশানতেই মাধৱেৰত অন্ত্যেষ্টিক্রিয়া সমাপন কৰা হয়। মাধৱেনৰ মৃত্যুৰ পাছত মামণি ৰয়ছম গােস্বামী গুৱাহাটীলৈ উভতি আহে। মামণি ৰয়ছম গােস্বামীৰ স্বামী মাধৱেনৰ লগত তেওঁ বৰ মধুৰ জীৱন কটাইছিল। কিন্তু মাধৱেনৰ ভয়াৱহ মৃত্যুৱে তেওঁৰ জীৱন ওলট-পালট কৰি দিয়ে।

মামণি ৰয়ছম গােস্বামীয়ে প্রথমে শিক্ষকতা কৰিছিল। ১৯৬৩ চনত গুৱাহাটী ছেইণ্ট মেৰিজ গার্লছ হাইস্কুলত। অৱশ্যে ক্ষন্তেকীয়া সময়ৰ বাবে তেওঁ সেই চাকৰি কৰিছিল। অৱশ্যে স্বামীৰ মৃত্যুৰ পাছত তেওঁ ১৯৬৭ চনত গােৱালপাৰা সৈনিক স্কুলত শিক্ষকতা কৰে। তাত প্রায় ২ বছৰ চাকৰি কৰি তেওঁ ১৯৭১ চনত দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ প্ৰবক্তা হিচাপে যােগদান কৰে। ১৯৯৬ চনত তেওঁ উক্ত বিভাগৰ অধ্যাপক পদত অধিষ্ঠিত হয়।


ড° মামনি ৰয়ছম গােস্বামীয়ে অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা অৱদান- তেওঁৰ উপাধি আৰু সন্মানঃ

মামণি ৰয়ছম গােস্বামীক পশ্চিম বংগৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ে ২০০০ চনত ডি লি টি সন্মান প্রদান কৰে। ২০০৬ চনত ইন্দিৰা গান্ধী মুক্ত বিদ্যালয়ে তেওঁক ডি লিট সন্মান যাচে। ২০০৮ চনত অৰুণাচল প্রদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ে ডি. লিট সম্মান দিয়ে। ২০০৪ চনত বােম্বাই বিশ্ববিদ্যালয় ইন্দিৰা গােস্বামীক সন্মান যাচে। তেওঁ ১৯৮২ চনত সাহিত্য একাডেমী বঁটা, ১৯৮৮ চনত অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা, ১৯৮৯ চনত ভাৰত নির্মাণ বঁটা, ১৯৮৯ চনত সৌহার্দ্য বঁটা, ১৯৯৩ চনত কথা ৰাষ্ট্ৰীয় বঁটা, ২০০৮ চনত তেওঁ নেডাৰলেণ্ডৰ প্রিন্স ক্লজ বঁটা লাভ কৰে। এই বঁটাত তেওঁ প্রায় ৬৫ টকা পায়। তেওঁ ২০০৯ চনত অসম সাহিত্য সভাৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা, ১৯৯৭ চনত কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা, ২০০০ চনত জ্ঞানপীঠ বঁটা, ১৯৯৬ চনত ইণ্টাৰনেচনেল জুৰিজ এৱাৰ্ড, ১৯৯৯ চনত ইণ্টাৰনেচনেল তুলসী এৱার্ড, ২০০২ চনত ‘পদ্মশ্রী সম্মান পায়। অৱশ্যে তেওঁ পদ্মশ্রী সন্মান ল'বলৈ অস্বীকাৰ কৰে। তেওঁ ২০০২ চনত মহীয়সী জয়মতী বঁটা, ২০০৬ চনত এম্বাছেদৰ অৱ পীচ এৱার্ড, ২০০৯ চনত দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ অৱ এমেৰিটাৰ্ছ সন্মান, ২০০৮ চনত ঈশ্বৰ চন্দ্র বিদ্যাসাগৰ গ'লড প্লেগ এৱার্ড, ২০১১ চনত অসম চৰকাৰৰ অসম ৰত্ন সন্মান, ২০১১ চনত বটবৃক্ষ সন্মান, ২০১১ চনত কথাৰাণী, উপাধি পায়।

ইয়াৰ উপৰি ইন্দিৰা গােস্বামীক জীৱন কালত ভালেমান আগশাৰীৰ অনুষ্ঠানে সম্বর্ধনা জনায়। তাৰ ভিতৰত দিল্লী, কর্ণাটক সংঘ, অসম সাহিত্যৰ সভা, সদৌ অসম লেখিকা সমাৰােহ, অসম লেখিকা সন্থা, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, গুজৰাট বিশ্ববিদ্যালয়ৰ ৰবীন্দ্ৰ ভাৰতীয় বিশ্ববিদ্যালয়, অসম সাহিত্য সভাৰ উত্তৰ আমেৰিকা শাখা আদি উল্লেখযােগ্য। দুখৰ বিষয় মামণি ৰয়ছম গােসহামীয়ে অসম সাহিত্য সভাৰ সভানেত্রী হােৱা সুযােগ নাপালে। জ্ঞানপীঠ বিজয়িনী ড° মামণি ৰয়ছম গােস্বামীয়ে অসমীয়া সাহিত্যলৈ অমূল্য ৰঙণি আগবঢ়াই গৈছে।


ড° মামনি ৰয়ছম গােস্বামীৰ সাহিত্যৰাজি- চুটিগল্প, উপন্যাস, গল্প সংকলন, কবিতা সংকলন, অনুবাদ পুথি সমূহঃ

মামণি ৰয়ছম গােস্বামীৰ উল্লেখযােগ্য সাহিত্যৰাজি হ’লঃ চিনাকি মৰম (চুটিগল্প), কইনা (চুটিগল্প), হৃদয় এক নদীৰ নাম (চুটিগল্প), নির্বাচিত গল্প (চুটিগল্প), প্রিয় গল্প (চুটিগল্প), চেনাবৰ সোঁত (উপন্যাস), নীলকণ্ঠী ব্রজ (উপন্যাস), অহিৰণ (উপন্যাস), মামৰে ধৰা তৰােৱাল আৰু দুখন উপন্যাস (উপন্যাস), তাল হাতীৰ উয়ে খােৱা হাওদা (উপন্যাস), আধালেখা দস্তাবেজ (আত্মজীৱনী), সংস্কাৰঃ উদয়ভানুৰ চৰিত্ৰ ইত্যাদি (উপন্যাস আৰু চুটি গল্প), মহীয়সী কমলা (আত্মজীৱনীমূলক উপন্যাস), উপন্যাস সমগ্র (উপন্যাসৰ সংকলন), দশৰথীৰ খােজ (উপন্যাস), ঈশ্বৰী জখমী যাত্রী আৰু অন্যান্য (উপন্যাস, চুটি গল্প), আহ্নিক (অনুবাদ), প্রিয় উপন্যাস (উপন্যাস সংকলন), আবা গর্ডেনিয়াৰ, মা, দস্তাবেজৰ নতুন পৃষ্ঠা, অপ্সৰা গৃহ, থেংফাখী তহচিলদাৰৰ তামৰ তৰােৱাল, ছিন্ন, মস্তাৰ মানুহটো ইত্যাদি। ইয়াৰ উপৰি ইংৰাজী, হিন্দু, উড়িয়া, নেপালী, পাঞ্জাৱী, তামিল, কানাডা, উর্দু, বঙালী আদি ভাষাত ড° গােস্বামীৰ ভালেমান গ্রন্থ অনুবাদ হৈছে। ড° গােস্বামীৰ জীৱনৰ আধাৰতাে বিভিন্নজনে ভালেমান গ্রন্থ লিখিছে।

মামণি ৰয়ছম গােস্বামীয়ে কিমান গল্প লিখিছিল তাৰ সঠিক সংখ্যা পাবলৈ নাই। কৈশােৰ আৰু যৌৱনত তেওঁ যিবােৰ গল্প লিখিছিল, সেইবােৰ তেওঁ নিজেই সংৰক্ষণ কৰি ৰখা নাছিল। আনকি গল্পৰ নাম আদিয়েই পাহৰি পেলায়। জীৱন কালতেই তেওঁ কোৱা মতে, তেওঁৰ গল্পৰ সংখ্যা ১৫০ টাতকৈ কম নহয়। তেওঁৰ জীৱনৰ আগছােৱাৰ গল্পবােৰ প্ৰধানকৈ দৈনিক অসম, অসম বাণীস কটন কলেজৰ আলােচনী আদিত বেছিকৈ প্ৰকাশ পাইছিল। ইয়াৰ ভিত ‘স্মৃতিৰ মুক্তি’ নামৰ গল্পটোৱেই মামণি ৰয়ছম গােস্বামীয়ে লিখা প্রথম সম্পূর্ণ চুটিগল্প বুলি কোৱা হয়। এই গল্পটোৱে ১৯৫৭ চনত গুৱাহাটী নাৰায়ণী সন্দিকৈ মহাবিদ্যালয়ৰ বছৰেকীয়া গল্প প্রতিযােগিতাৰ প্রথম স্থান পাইছিল। গল্পটো উক্ত কলেজৰ আলােচনীতাে প্রকাশ পাইছিল।

ইন্দিৰা গােস্বামীয়ে ভালেমান গল্প লিখিলেও তেওঁৰ বিশুদ্ধ গল্প সংকলন মাত্র তিনিটা। সেইকেইটা হ'ল চিনাকি মৰ্ম (১৯৬২), কইনা (১৯৬৫) আৰু হৃদয় এক নদীৰ নাম (১৯৯০)। এইকেইখনৰ বাহিৰেও মামণি ৰয়ছম গােস্বামীৰ প্রিয় গল্প, নির্বাচিত গল্প, মামণি ৰয়ছম গল্প, আভা গার্ডেনাৰৰ আবেলি আদি গল্প সংকলন প্রকাশ পালেও তাত দুই এটাকৈ নতুন গল্পৰ সংযােগ ঘটিছে বা এই সংকলনকেইটাত পূর্বৰ সংকলন পৰা ধাৰ কৰা গল্প আছে।


ড° মামনি ৰয়ছম গােস্বামীৰ শেষৰ জীৱনচোৱা আৰু মৃত্যুঃ

ইফালে ৬০ৰ দশকৰ শেষৰফালে মামণি ৰয়ছম গােস্বামীয়ে গল্পতকৈ উপন্যাস লিখাত বেছি গুৰুত্ব দিয়ে। ফলত তেওঁৰ গল্পৰ সংখ্যা কমি আহিবলৈ ধৰে। ১৫ বছৰ বয়সতেই মামণি ৰয়ছম গােস্বামীয়ে নিভাজ সাহিত্যৰ সৃষ্টি কৰিছিল সেয়া পৈণত বয়সত কৰা সাহিত্য সৃষ্টিতকৈ কোনাে গুণেই কম মানৰ নাছিল। উল্লেখযােগ্য যে মামণি ৰয়ছম গােস্বামীয়ে তেওঁৰ স্মৃতিৰ মুক্তি নাম গল্পটো ১৫ বছৰ বয়সতেই লিখিছিল। গল্পটোত এগৰাকী বিধৱা গাভৰু জীৱনক কৰুণ কাহিনী মনােৰমকৈ প্ৰকাশ কৰিবলৈ তেওঁ সক্ষম হয়। প্রাথমিক আৰু মজলীয়া শিক্ষা ইংৰাজী মাধ্যমত লৈয়াে ১৫ বছৰ বয়সতেই অসমীয়া ভাষাত এনে উন্নতি মানৰ গল্প লিখিব পৰাটো সঁচাকৈয়ে প্রশংসনীয়।

মামণি ৰয়ছম গােস্বামীয়ে ২০১১ চনৰ ২৯ নৱেম্বৰত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ইহলীলা সম্বৰণ কৰে।


*****


🖊সংগৃহীত🙏

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.