দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ দ্বিতীয় অধ্যায় মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ দ্বিতীয় অধ্যায় মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম Class X History Notes for Assamese Medium students

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ ২য় দ্বিতীয় অধ্যায় মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রামৰ সকলো প্রশ্ন উত্তৰৰ সমাধান ছাত্র ছাত্রী সকলৰ বাবে Class 10 Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Social Science Class 10 Question Answer - Mahatma Gandhi aru Bharator Swadhinota Sangram Social Science Class 10 Question Bank Solution - Homaj Vigyan Class X Suggestion and Notes for all Student of SEBA Board Assam - Class X Social Science History Previous Year Question Paper with Solution

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

ইতিহাস
অধ্যায়ঃ - ২
মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

অতি চমু প্রশ্ন উত্তৰ

১। মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল?

উত্তৰঃ ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত এক স্বচ্ছল পৰিয়ালত মহাত্মা গান্ধীৰ জন্ম হৈছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

২। সত্যাগ্রহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্রয়ােগ কৰিছিল?

উত্তৰঃ সত্যাগ্রহ কৌশল গান্ধীয়ে পােনপ্ৰথমতে দক্ষিণ আফ্রিকাৰ নাটালত প্রয়ােগ কৰিছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৩। ৰবীন্দ্রনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল?

উত্তৰঃ জালিয়ানাবালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্রনাথ ঠাকুৰে বিট্ৰিছ চৰকাৰে প্ৰদান কৰা
'নাইট' উপাধি ত্যাগ কৰিছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৪৷ কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সুচনা হৈছিল?

উত্তৰঃ মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৫। চৌৰীচোৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ চৌৰীচোৰাৰ ঘটনা ১৯২৮ চনৰ ৫ ফেব্রুৱাৰী তাৰিখে সংঘটিত হৈছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৬। কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৯২৮ চনত লাহােৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হােৱা এটা ছাইমন বিৰােধী সমদলৰ ওপৰত পুলিচে নির্দয়ভাৱে লাঠিচালনা কৰে, যাৰ ফলত লালা লাজপত ৰায় বৰ বেয়াকৈ আহত হয় আৰু তাৰ ফলতেই তেওঁ মৃত্যুবৰণ কৰে।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৭। কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূর্ণ স্বাৰাজৰ দাবী উত্থাপন কৰা হৈছিল? 

উত্তৰঃ ১৯২৯ চনত লাহােৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা কংগ্ৰেছৰ অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূর্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৮। গান্ধীজীয়ে সবৰমতী আশ্রমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ লােন আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজৰ দুৰত্ব কিমান?

উত্তৰঃ গান্ধীজীয়ে সবৰমতী আশ্রমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ লােন আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজৰ দুৰত্ব প্রায় ৩৮৫ কিলােমিটাৰ।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

১৯৷ সীমান্ত গান্ধী নামেৰে কাক জনা যায়?

উত্তৰঃ খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী নামেৰে জনা যায়।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

১০। লণ্ডনত অনুষ্ঠিত হােৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল?

উত্তৰঃ লণ্ডনত অনুষ্ঠিত হােৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত মহাত্মা গান্ধীয়ে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

১১। ১৯৩২ চনত সাম্প্রদায়িক বাটোৱাৰা ঘােষণা কৰা ব্রিটিছ প্রধানমন্ত্রীজনৰ নাম কি আছিল?

উত্তৰঃ ১৯৩২ চনত সাম্প্রদায়িক বাটোৱাৰা ঘােষণা কৰা ব্রিটিছ প্রধানমন্ত্রীজনৰ নাম আছিল ৰামছে মেক ডোনাল্ড।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

১২। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে 'কৰিম কিম্বা মৰিম' শ্লোগান দিছিল?

উত্তৰঃ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে 'কৰিম কিম্বা মৰিম' শ্লোগান দিছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

১৩। আজাদ হিন্দ ফৌজৰ প্রতিষ্ঠাতা কোন?

উত্তৰঃ আজাদ হিন্দ ফৌজৰ প্রতিষ্ঠাতা কেপ্টেইন মোহন সিঙ।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

১৪। "মােক তেজ দিয়া, মই তােমালােকক স্বাধীনতা দিম''—এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল? 

উত্তঃ "মােক তেজ দিয়া, মই তােমালােকক স্বাধীনতা দিম''—এই বিখ্যাত বাণীটো ভাৰতীয় নেতা নেতাজী সুভাষ চন্দ্র বসুৰ আছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

১৫। ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়? 

উত্তৰঃ ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাৰক ৰেডক্লিফ ৰেখা নামেৰে জনা যায়। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

দীঘল প্রশ্ন উত্তৰ 

১। সত্যাগ্রহ বুলিকে বৃন্দ? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্রথমতে প্রয়ােগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা। 

উওৰঃ 'সত্য' আৰু ‘আগ্রহ' শব্দ দুটা লগ হৈ সৃষ্টি হৈছে, যাৰ অর্থ ‘সত্যৰ প্রতি আগ্রহ', অর্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা। গান্ধীজীৰ মতে, সত্যাগ্রহ কেৱল এক একপক্ষীয় প্রতিৰোধ নহয়। ইয়াৰ তাৎপর্য হল— জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ ৰাজনৈতিক কার্যকলাপত আত্মনিয়ােগ কৰা। সত্যগ্ৰহৰ ভিত্তি হ’ল অহিংসা। গান্ধীজীয়ে সত্যাগ্রহৰ ধাৰণাটো গ্ৰহণ কৰােতে লিও টলষ্টয় আৰু থৰােৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। 

দক্ষিণ আফ্রিকাত গান্ধীজীৰ ৰাজনৈতিক কর্মৰাজীয়ে তেওঁক এজন কর্মঠ আৰু আদর্শবাদী নেতা হিচাপে প্রতিষ্ঠিত কৰিছিল। এই ভাবমূর্তি লৈ ১৯১৫ চনত তেওঁ ভাৰতলৈ উভতি আহে। ১৯১৭-১৮ চনত উত্তৰ বিহাৰৰ চম্পাৰণ, গুজৰাটৰ খেড়া আৰু আহমেদাবাদত সংঘটিত হােৱা তিনিটা বিবাদ সমাধানৰ ক্ষেত্ৰত তেওঁ জড়িত হৈ পৰে আৰু তাত দেখুওৱা দক্ষতাৰ বাবে গােটেই ভাৰততে তেওঁ এজন প্রভাবশালী ৰাজনৈতিক নেতা হিচাপে স্বীকৃতি লাভ কৰে। 

চম্পাৰণত তেওঁ ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্রদান কৰিছিল, খেড়াত কৃষকসকলৰ খেতি নষ্ট হােৱাৰ পিছতাে চৰকাৰে আৰােপ কৰা অত্যধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল আৰু আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে থিয় দিছিল। এই প্রতিটো কাৰ্যসূচীতে তেওঁ সত্যাগ্রহ'ক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল আৰু য'ত আদর্শ আছিল সত্য আৰু অহিংসা। এই আন্দোলনবােৰত জনগণৰ বৃহৎ অংশগ্রহণে গান্ধীক প্রকৃত শক্তি প্রদান কৰিছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

২৷ ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল? 

উত্তৰঃ প্রথম বিশ্বযুদ্ধত তুর্কীসকলৰ পৰাজয়ৰ ফলস্বৰূপে, খলিফাৰ গুৰুত্ব একেবাৰে কমি গৈছিল। মুছলমানসকলে তুৰস্কৰ সম্রাটক খলিফা বা আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিছিল। কিন্তু খলিফাই নিজৰ সাম্রাজ্যৰে পৱিত্ৰ ঠাইবােৰৰ ওপৰত অধিকাৰ হেৰুৱাত মুছলমানসকল উত্তেজিত হৈ পৰিছিল। ভাৰতীয় মুছলমানসকলে খলিফাৰ দুর্ভাগ্যত শংকিত হৈ পৰিছিল আৰু মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত এখন খিলাফৎ সমিতি গঠন কৰিছিল। এই সমিতিৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূর্ব মর্যাদালৈ ঘূৰাই অনা। গান্ধীজীয়ে ৰাষ্ট্ৰীয় স্বার্থত ভাৰতীয় হিন্দু আৰু মুছলমানক ঐক্যবদ্ধ কৰিবলৈ ইয়াক এটা সুযােগ হিচাপে গ্রহণ কৰি খিলাফৎ আন্দোলনলৈ মুকলি সমর্থন জনােৱাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। তেওঁ খিলাফৎ সমিতিক অহিংস অসহযােগ আন্দোলনৰ জৰিয়তে নিজৰ দাবী উত্থাপন কৰি চৰকাৰক দাবীসমূহ মানি ল'বলৈ বাধ্য কৰিব পাৰিব বুলি পতিয়ন নিয়াইছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৩। ১৯২০-২২ চনত গান্ধীৰ্জীয়ে কিয় অসহযােগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল?

উত্তৰঃ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসহযােগ আন্দোলন এক গুৰুত্বপূর্ণ অধ্যায়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত এই আন্দোলন ১৯২০ চনৰপৰা ১৯২২ চনলৈ চলিছিল। গান্ধীৰ সবল নেতৃত্বত এই আন্দোলনে অহিংস পথেৰে ব্রিটিছ শাসনৰপৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ দৃঢ় প্রতিজ্ঞ হৈছিল।

আন্দোলনকাৰীসকলে ব্রিটিছৰ সামগ্ৰী কিনিবলৈ অমান্তি হৈছিল আৰু থলুৱা কুটিৰ শিল্পৰ সামগ্ৰীহে ব্যৱহাৰ কৰিছিল। তেওঁলােকে সুৰাৰ বিপণীসমূহ বন্ধ কৰিছিল। এই আন্দোলনৰ মুখ্য লক্ষ্য আছিল- ভাৰতবৰ্ষৰ মর্যাদা আৰু অখণ্ডতা শান্তিপূর্ণভাৱে অটুট ৰখা। হেজাৰ হেজাৰ সাধাৰণ মানুহ এই উদ্দেশ্যেৰে আন্দোলনত নামিছিল।

এই আন্দোলনে সমগ্র ভাৰত ব্যাপি অতি প্রবল প্ৰভাৱ পেলাইছিল আৰু সফলতা অর্জন কৰিছিল। ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰি তাৰিখে উত্তৰ প্ৰদেশৰ গােৰখপুৰ জিলাৰ চৌৰিচৌৰাত স্থানীয় পুলিচ আৰু প্রতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘর্ষ সংঘটিত হৈছিল। এই সংঘর্ষত তিনিজন প্রতিবাদকাৰী পুলিচৰ গুলীত নিহত হােৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযােগ কৰি ২২জন পুলিচক হত্যা কৰে। এই ঘটনাত গান্ধী মর্মাহত হােৱাৰ লগতে আন্দোলনে অহিংস নীতি যে পৰিহাৰ কৰিছে তাক বাৰুকৈয়ে উপলব্ধি কৰিছিল। সেয়েহে তেওঁ আন্দোলন বন্ধ কৰি তিনি সপ্তাহৰ অনশনত বহিছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৪। আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল? 

উত্তৰঃ আইন অমান্য আন্দোলনৰ প্ৰধান অন্যতম কাৰণ আছিল-ব্রিটিছ চৰকাৰৰ দ্বাৰা 'চাইমন কমিছন' গঠন। এই কমিছনত অকল ব্রিটিছ সংসদ সদস্যকহে অন্তর্ভুক্ত কৰা হৈছিল। মন্টেগাে চেমচফৰ্ড সংস্কাৰ (১৯১৯) কিমানদূৰ কৃতকার্য হৈছিল তাক অনুসন্ধান কৰাটোৱেই ১৯২৭ চনত গঠিত হােৱা এই কমিছনৰ প্রধান উদ্দেশ্য আছিল। ৰাজনৈতিক দল আৰু সামাজিক সংগঠনবােৰে ভাৰতীয় প্রতিনিধি নথকা বাবে ইয়াক গ্ৰহণ কৰা নাছিল আৰু শ্বেতকায়সকলৰ কমিছন বুলি অভিহিত কৰিছিল। 

এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল- 

মাদক দ্রব্যৰ প্রচলন বন্ধ; 

টকা আৰু ষ্টার্লিঙৰ অনুপাত সলনি; 

মাটিৰ খাজনাৰ পৰিমাণ কম কৰা; 

লােণ কৰ বন্ধ কৰা; 

সৈন্য বাহিনীৰ ব্যয় কমােৱা; 

প্রশাসনীয় ব্যয় সংকোচন কৰা; 

বিদেশী কাপােৰত সীমা শুষ্ক আৰোপ; ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা 

অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি 

সকলাে ৰাজনৈতিক বন্দীক মুক্তি দিয়া 

আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্র-শস্ত্ৰ ৰখাৰ বৈধতা প্রদান কৰা। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

৫। কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচী তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খােজানে? তােমাৰ মতামতৰ সমর্থনত যুক্তি দিয়া। 

উত্তৰঃ গান্ধী আৰু নেহৰু দুয়ােজনেই হিটলাৰ আৰু নাৎসী বাহিনীৰ বিৰােধিতা কৰিছিল। কিন্তু তেওঁলােকে সম্পূর্ণ স্বাধীনতা'ৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে ব্রিটিছক যুদ্ধত সহায় কৰাৰ প্রতিশ্রুতি দিছিল। কিন্তু ব্রিটিছে তেওঁলােকৰ প্ৰস্তাৱ অগ্রাহ্য কৰে। প্রতিবাদ স্বৰূপে ১৯৩৯ চনত কংগ্ৰেছৰ মন্ত্ৰীসকলে মন্ত্রিত্বৰপৰা পদত্যাগ কৰে। চৰকাৰৰ ওচৰত হেঁচা দিবলৈ ১৯৪০ আৰু ১৯৪১ চনত কংগ্ৰেছে এলানি সত্যাগ্রহ কাৰ্যসূচী গ্রহণ কৰিছিল। সেই সময়ত ব্রিটেইনত সকলাে দলৰে সন্মিলিত চৰকাৰ আছিল, যাৰ শ্ৰমিক দলৰ সদস্যসকলে ভাৰতীয়সকলৰ দাবীসমূহৰ প্রতি সহানুভূতি প্রদর্শন কৰিছিল। কিন্তু প্রধানমন্ত্রী উইনস্টন চার্চিল অত্যন্ত বক্ষণশীল আছিল আৰু তেওঁ ব্রিটিছ সাম্রাজ্যৰ পৰিসৰ সংকুচিত কৰাৰ পৰিপন্থী আছিল। 

১৯৪২ চনত চার্চিলে তেওঁ মন্ত্রীসভাৰ এজন মন্ত্রী ছাৰ ষ্টাফর্ড ক্রিপছক ভাৰতলৈ পঠিয়াবলৈ হেঁচা দিয়া হয়। ইয়াৰ উদ্দেশ্য আছিল ভাৰতীয় ৰাজনৈতিক দলসমূহৰ লগত আলােচনা কৰি ইউৰােপত চলি থকা যুদ্ধত ব্রিটিছ পক্ষত ভাৰতীয়সকলৰপৰা সহায় আৰু সমর্থন লাভ কৰা। ব্রিটিছ চৰকাৰে ক্ৰিপছ মিছ গঠন কৰে। ক্রিপছৰ প্রস্তাবত যুদ্ধৰ অন্তত ভাৰতৰ বাবে ডমিনিয়ন ব্যৱস্থাৰ প্ৰভাৱ আগবঢ়োৱাৰ লগতে এখন সাংবিধানিক পৰিষদ আৰু প্রদেশসমূহৰ কাৰণে পৃথক সংবিধান প্রণয়ন অধিকাৰ প্ৰদান কৰা হ'ব বুলি ঘােষণা কৰা হৈছিল। অৱশেষত পিছ মিছন ব্যর্থ হৈছিল আৰু গান্ধীয়ে ব্রিটিছৰ বিৰুদ্ধে তৃতীয় বৃহৎ ভাৰত ত্যাগ’ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছিল। 

যদিও এই আন্দোলন দীর্ঘম্যাদী নাছিল, ই ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱধাৰাৰ গভীৰতা, সংগ্রাম আৰু ত্যাগৰ সামূহিক প্রদর্শনৰ এক অনন্য উদাহৰণ আছিল। স্বাধীনতাৰ জাতীয়তাবাদী সংগ্ৰামত জনসাধাৰণৰ এই স্বতঃস্ফূর্ত অংশগ্রহণে এই আন্দোলনক এক নতুন মাত্রা প্রদান কৰিছিল। ছাত্র, মহিলা, খেতিয়ক আৰু শ্রমিকে এই আন্দোলনত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল। এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ দাবীক জাতীয়তাবাদী আন্দোলনৰ তাৎক্ষণিক কাৰ্যসূচীলৈ পৰিণত কৰিছিল। সেয়ে, ভাৰত ত্যাগ আন্দোলনক ভাৰতৰ স্বাধীনতা সংগ্ৰামত মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰা হয়। 


৬। ভাৰতীয় জাতীয় সেনাবাহিনীৰ বিষয়ে এটি টোকা লিখা। 

উত্তৰঃ ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো প্রথমে পােষণ কৰিছিল। মালয়ত ব্রিটিছ, সৈন্য বাহিনীত চাকৰি কৰি পিছত জাপানী সৈন্যৰ ওচৰত আত্মসমর্পণ কৰিবলগীয়া হােৱা ভাৰতীয় বিষয়া কেপ্টেইন মােহন সিঙে। ১৯৪২ চনৰ মাৰ্চ মাহত বিদেশবাসী ভাৰতীয়সকলক লৈ 'টকি'ত বহা এখন সভাত ভাৰতীয় স্বতন্ত্র লীগ (Indian Independence League) গঠন কৰা হৈছিল। ইয়াৰ পিছত ১৯৪২ চনৰ জুন মাহত বেংককত বহা সম্মিলন উক্ত লীগ সভাপতি হিচাপে ৰাসবিহাৰী বসুক নির্বাচিত কৰা হয় আৰু তাতেই ভাৰতীয় জাতীয় সেনা বাহিনী বা আজাদ হিন্দ ফৌজ মহাত্মা গামী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম পুনৰুজীৱিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। বেংকক অধিবেশনে সুভাষ চন্দ্র বসুকো জাপানলৈ নিমন্ত্রণ জানায়। তেওঁৰ জাপানত উপস্থিত হােৱাৰ পিছতে ৰাসবিহাৰী বসুই ভাৰতীয় স্বতন্ত্র লীগ সভাপতিৰ আসনখন ত্যাগ কৰি সুভাষ বসুক উক্ত পদলৈ আদৰণি জনায়। লগতে আই এন এব সর্বোচ্চ মুৰব্বী হিচাপে তেওঁৰ নাম ঘােষণা কৰা হয়। 

১৯৪৩ চনৰ ২১ অক্টোবৰ তাৰিখে, তেওঁ ছিংগাপুৰত স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ (যাক আজাদ হিন্দ চৰকাৰ বুলি জনা যায়) গঠন কৰি ব্রিটিছৰ-মুক্ত ভাৰত গঠনৰ সংকল্প গ্রহণ কৰে। ভাৰতীয় জাতীয় সেনা বাহিনীটোক পুনৰ গঠন কৰা হয় আৰু যুদ্ধবন্দীৰ লগতে সাধাৰণ মানুহকো সৈন্য বাহিনীত ভর্তি কৰাৰ ব্যৱস্থা লােৱা হয়। ইয়াৰ লগতে যুদ্ধ পুঁজি গঠন কৰা হয় আৰু জালি বাণী বেজিমেন্ট’ নামেৰে মহিলাসকলৰ বাহিনী এটাও গঠন কৰা হয়। ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান আছিল “জয় হিন্দ'। ব্রিটিছ আৰু সহযােগীসকলৰ সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনা বাহিনীয়ে জাপানৰ লগ লাগি ব্রহ্মদেশ, ইল আৰু কহিমাত যুদ্ধ কৰিছিল।বসুৰ বিখ্যাত ‘মােক তেজ দিয়া আৰু মই তােমালােকক স্বাধীনতা দিম' উক্তিয়ে তেওঁৰ সৈন্যসকলক বৰকৈ অনুপ্রাণিত কৰিছিল। কিন্তু যুদ্ধত জাপানৰ পৰাজয় আৰু আত্মসমর্পণে ভাৰতীয় জাতীয় সৈন্য বাহিনীকে আত্ম- সমপণ কৰিবলৈ বাধ্য কৰে।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

চমুটোকা লিখা-

ৰাওলাট আইন, ১৯১৯ঃ

১৯১৭ চনত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লর্ড ছেমছফোর্ডে ন্যায়াধীশ চিডনি ৰাওলাটৰ অধ্যক্ষতাত বিদ্রোহী কার্যকলাপৰ প্রকৃতি আৰু পৰিসৰৰ বিষয়ে অনুসন্ধান কৰিবলৈ এখন আয়ােগ গঠন কৰি দিছিল। প্রয়ােজন সাপেক্ষে বিধান পালিকাক এই ক্ষেত্ৰত যথাযথ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰামর্শ দিবলৈও আয়ােগক নির্দেশ দিয়া হৈছিল। এই আয়ােগৰ পৰামর্শ মতে, চৰকাৰে ১৯১৯ চনত ৰাওলাট আইন প্রণয়ন কৰিছিল। উক্ত আইনখনে যিকোনাে এজন মানুহকে বিনাবিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ প্ৰদান কৰিছিল। এই আইনখনে ভাৰতীয়সকলৰ মাজত ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

সত্যাগ্রহ বা অহিংস আন্দোলন, ১৯১৯ঃ 

ৰাৱলাট আইনৰ প্ৰতিবাদত গান্ধীজীয়ে ১৯১৯ চনত সত্যাগ্রহ বা অহিংস আন্দোলন আৰম্ভ কৰিছিল। গান্ধীজীৰ মতে সত্যাগ্রহ হ’ল ‘এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধীকৰণ আৰু প্রায়শ্চিত্তকৰণৰ প্রক্রিয়া'। ১৯১৯ চনৰ ৬ এপ্রিলত হৰতাল কাৰ্যসূচীৰে এই আন্দোলন আৰম্ভ হৈছিল। সকলােৱে ব্যৱসায়-বাণিজ্য পৰিহাৰ কৰি অনশন আৰু প্রার্থনাত বহিছিল। লাহে লাহে এই আন্দোলনে এক বৃহৎ গণ-আন্দোলনত পৰিণত হৈছিল। এই আন্দোলনে গান্ধীজীক এজন অতি সম্ভাৱনাপূর্ণ সর্বভাৰতীয় নেতাৰ ৰূপত প্রতিষ্ঠা কৰিছিল। তেওঁক গ্রেপ্তাৰ কৰা হয়, যদিও লগে লগে মুক্তিও দিয়া হয়। চৰকাৰে এই গণ আন্দোলনটোক কঠোৰ হাতেৰে দমন কৰিছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

জালিবানৱালাবাগ হত্যাকাণ্ড, ১৩ এপ্রিল, ১৯১৯ঃ 

৬ এপ্রিলৰ হৰতালৰ এসপ্তাহমানৰ ভিতৰতে পঞ্জাৱৰ বেছি ভাগ অঞ্চলতে আন্দোলনটোৱে তীব্ৰ ৰূপ ধাৰণ কৰিছিল। ১০ এপ্রিলত ড° সত্যপাল আৰু ড° কিটচলিউ নামৰ ৰাজ্যখনৰ দুজন জনপ্রিয় নেতা গ্রেপ্তাৰ কৰি অমৃতসৰৰ পৰা নির্বাসিত কৰা হয়। ১৩ এপ্রিলত অমৃতসৰৰ জালিয়ানৱালাবাগত এখন গণসভা অনুষ্ঠিত হৈছিল। তদানিন্তন নিৰাপত্তাৰ দায়িত্ববাহী বিষয়া জেনেৰেল ডায়াৰে উক্ত সভাখন অনুষ্ঠিত হােৱাত কোনাে বাধা প্রদান কৰা নাছিল। সভাখন অনুষ্ঠিত হােৱা পথাৰখনৰ সকলাে ফালেই ওখ দেৱাল আছিল আৰু প্ৰৱেশ কৰিবলৈ এটা মাত্ৰ সৰু পথ আছিল। সভাখন অনুষ্ঠিত হৈ থাকোতেই হঠাতে জেনেৰেল ডায়াৰৰ নিৰ্দেশত নিৰাপত্তাৰক্ষীয়ে অসহায়, নিৰীহ মানুহবােৰৰ ওপৰত নির্দয়ভাবে গুলি চলাবলৈ আৰম্ভ কৰিছিল। সেই নির্দয় গুলিচালনাত শ শ লােকৰ মৃত্যু হৈছিল আৰু বহুতাে লােক আহত হৈছিল। পঞ্জাৱত সামৰিক শাসন জাৰি কৰা হৈছিল। যধেমধে গ্রেপ্তাৰ কৰা, সম্পত্তি বাজেয়াপ্ত কৰা, লাঠি চালনা ইত্যাদিৰ দৰে অগণতান্ত্রিক দমন- নীতিৰে উক্ত সময়ছােৱাত জনসাধাৰণক হাৰাশাস্তি কৰা হৈছিল। চৰকাৰে লর্ড হান্টাৰৰ নেতৃত্বত পঞ্জাৱৰ ঘটনাপ্রবাহৰ বিষয়ে অনুসন্ধান কৰিবলৈ এখন আয়ােগ গঠন কৰি দিছিল। লণ্ডনত জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ ছবি ব্রিটিছ চৰকাৰে জেনেৰেল ডায়াৰক চাকৰিৰ পৰা অব্যাহতি দিছিল, কিন্তু তেওঁক দোষ মুক্ত বুলিও ঘােষণা কৰা হৈছিল। গােটেই দেশখনতেই অসন্তুষ্টিৰ বতাহ বলিছিল। জালিৱানাৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্রনাথ ঠাকুৰে ব্রিটিছ চৰকাৰে তেওঁক প্ৰদান কৰা 'নাইট’ উপাধি পৰিত্যাগ কৰিছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

খিলাফৎ আন্দোলনঃ

প্রথম বিশ্বযুদ্ধত তুর্কীসকলৰ পৰাজয়ৰ ফলস্বৰূপে, খলিফাৰ গুৰুত্ব একেবাৰে কমি গৈছিল। মুছলমানসকলে তুৰস্কৰ সম্রাটক খলিফা বা আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিছিল। কিন্তু খলিফাই নিজৰ সাম্রাজ্যৰে পৱিত্ৰ ঠাইবােৰৰ ওপৰত অধিকাৰ হেৰুৱাত মুছলমানসকল উত্তেজিত হৈ পৰিছিল। ভাৰতীয় মুছলমানসকলে খলিফাৰ দুৰ্ভাগ্যত শংকিত হৈ পৰিছিল আৰু মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত এখন খিলাফৎ সমিতি গঠন কৰিছিল। এই সমিতিৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূর্ব মর্যাদালৈ ঘূৰাই অনা। গান্ধীজীয়ে ৰাষ্ট্ৰীয় স্বার্থত ভাৰতীয় হিন্দু আৰু মুছলমানক ঐক্যবদ্ধ কৰিবলৈ ইয়াক এটা সুযােগ হিচাপে গ্ৰহণ কৰি খিলাফৎ আন্দোলনলৈ মুকলি সমর্থন জনােৱাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। তেওঁ খিলাফৎ সমিতিক অহিংস অসহযােগ আন্দোলনৰ জৰিয়তে নিজৰ দাবী উত্থাপন কৰি চৰকাৰক দাবীসমূহ মানি ল'বলৈ বাধ্য কৰিব পাৰিব বুলি পতিয়ন নিয়াইছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

অসহযােগ আন্দোলন, ১৯২০-২২ঃ 

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসহযােগ আন্দোলন এক গুৰুত্বপূর্ণ অধ্যায়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত এই আন্দোলন ১৯২০ চনৰপৰা ১৯২২ চনলৈ চলিছিল। গান্ধীৰ সবল নেতৃত্বত এই আন্দোলনে অহিংস পথেৰে ব্রিটিছ শাসনৰপৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ দৃঢ় প্রতিজ্ঞ হৈছিল। আন্দোলনকাৰীসকলে ব্রিটিছৰ সামগ্রী কিনিবলৈ অমান্তি হৈছিল আৰু থলুৱা কুটিৰ শিল্পৰ সামগ্ৰীহে ব্যৱহাৰ কৰিছিল।

তেওঁলােকে সুৰাৰ বিপণীসমূহ বন্ধ কৰিছিল। এই আন্দোলনৰ মুখ্য লক্ষ্য আছিল— ভাৰতবৰ্ষৰ মর্যাদা আৰু অখণ্ডতা শান্তিপূর্ণভাৱে অটুট ৰখা। হেজাৰ হেজাৰ সাধাৰণ মানুহ এই উদ্দেশ্যেৰে আন্দোলনত নামিছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এইটোৱে প্রথম সর্ববৃহৎ আন্দোলন হিচাপে পৰিগণিত হৈছিল। অসহযােগ আন্দোলনত বিভিন্ন কাৰকে বিভিন্ন সময়ত অৰিহণা যােগাইছিল। ইয়াৰ কিছুমান উল্লেখযােগ্য কাৰক হ'ল— 

(১) প্রথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি; কিয়নাে ইয়াৰ ফলত ভাৰতৰ অর্থনীতি আৰু ইয়াৰ মানৱ সম্পদত বিৰূপ প্রভাৱ পৰিছিল। 

(২) ১৯১৯ চনৰ ৰাওলাট এক্টৰ জৰিয়তে ব্রিটিছৰ বৰ্দ্ধিত দমনমূলক নীতি গ্রহণ। এই আইনে সন্ত্রাসবাদৰ সন্দেহত যিকোনাে লােককে দুবছৰ বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰাৰ কর্তৃত্ব ব্রিটিছ চৰকাৰক প্ৰদান কৰিছিল। গান্ধীৰ নেতৃত্বত এই আইনৰ বিপক্ষে এক সর্বব্যাপী প্রতিবাদী আন্দোলন গঢ়ি উঠিছিল। 

(৩) ১৯১৯ চনৰ জালিয়ানৱালাবাগ হত্যাকাণ্ড। 

(৪) ব্ৰিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষত অর্থনৈতিক শােষণ। 

(৫) ভাৰতীয় মুছলমানসকলৰ দ্বাৰা আৰৱ সাম্রাজ্যৰ সুৰক্ষাৰ হকে আৰম্ভ হােৱা খিলাফৎ আন্দোলন। 

এই আন্দোলনে সমগ্র ভাৰত ব্যাপি অতি প্রবল প্রভাৱ পেলাইছিল আৰু সফলতা অর্জন কৰিছিল।১৯২২ চনৰ ৫ ফেব্ৰুৱাৰি তাৰিখে উত্তৰ প্ৰদেশৰ গােৰখপুৰ জিলাৰ চৌৰিচৌৰাত স্থানীয় পুলিচ আৰু প্রতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘর্ষ সংঘটিত হৈছিল। এই সংঘর্ষত তিনিজন প্রতিবাদকাৰী পুলিচৰ গুলীত নিহত হােৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযােগ কৰি ২২জন পুলিচক হত্যা কৰে। এই ঘটনাত গান্ধী মর্মাহত হােৱাৰ লগতে আন্দোলনে অহিংস নীতি যে পৰিহাৰ কৰিছে তাক বাৰুকৈয়ে উপলব্ধি কৰিছিল। সেয়েহে তেওঁ আন্দোলন বন্ধ কৰি তিনি সপ্তাহৰ অনশনত বহিছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

ছাইমন কমিছনঃ

১৯১৯ চনত ভাৰত চৰকাৰ আইন প্রণয়ন হােৱাৰ দহ বছৰ পিছত আইনখনৰ কার্যকাৰিতাৰ বিষয়ে অনুসন্ধান কৰিবলৈ ব্রিটিছ চৰকাৰে এখন আয়ােগ গঠন কৰিছিল। সেই মর্মে ১৯২৮ চনত ছাৰ জন ছাইমনৰ নেতৃত্বত এখন সাতজনীয়া আয়ােগে ভাৰতত পদার্পণ কৰে। কিন্তু উক্ত আয়ােগত এজনাে ভাৰতীয় নােহােৱাৰ প্রতিবাদত কংগ্ৰেছে আয়ােগখনক বর্জন কৰে। ছাইমন ঘূৰি যােৱা ধ্বনিৰে কংগ্ৰেছে প্রতিবাদ সাব্যস্ত কৰে। লাহােত লালা লাজপত ৰায়ৰ নেতৃত্বত হােৱা এটা ছাইমন বিৰােধী সমদলৰ ওপৰত পুলিছে নির্দয়ভাবে লাঠি চালনা কৰে, য'ত লাজপত ছাইমন কমিছৰ বিৰুদ্ধে প্রতিবাদী সমদল ৰা বেয়াকৈ আহত হয় আৰু তাৰ ফলতেই তেওঁ মৃত্যুবৰণ কৰে। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

আইন অমান্য আন্দোলন, ১৯৩০-৩৪

আইন অমান্য আন্দোলনৰ অন্যতম প্রধান কাৰণ আছিল ব্রিটিছ চৰকাৰৰ দ্বাৰা 'চাইমন কমিছন' গঠন। এই কমিছনত অকল ব্রিটিছ সংসদ সদস্যকহে অন্তর্ভুক্ত কৰা হৈছিল। মন্টেগাে চেমচফৰ্ড সংস্কাৰ (১৯১৯) কিমানদূৰ কৃতকার্য হৈছিল তাক অনুসন্ধান কৰাটোৱেই ১৯২৭ চনত গঠিত হােৱা এই কমিছনৰ প্রধান উদ্দেশ্য আছিল। ৰাজনৈতিক দল আৰু সামাজিক সংগঠনবােৰে ভাৰতীয় প্রতিনিধি নথকা বাবে ইয়াক গ্ৰহণ কৰা নাছিল আৰু শ্বেতকায়সকলৰ কমিছন' বুলি অভিহিত কৰিছিল। এই কমিছনৰ প্রতিবাদস্বৰূপে ১৯২৮ চনৰ ৩ ফেব্ৰুৱাৰিত বংগদেশত এক হতাল আৰম্ভ হৈছিল। ছাইমন কলিকতাত গৈ উপস্থিত হােৱাত বিভিন্ন প্রতিবাদৰ সন্মুখীন হৈছিল। তেনে পৰিস্থিতিত মতিলাল নেহৰুক ভাৰতৰ বাবে এখন সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ দায়িত্ব অর্পণ কৰা হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছে নেহৰু প্রতিবেদন গ্রহণ কৰিছিল আৰু চৰকাৰক এই প্রতিবেদনখন গ্ৰহণ কৰিবলৈ হেঁচা প্রয়ােগ কৰিছিল। ১৯২৮ চনত কলিকতাত বহা কংগ্ৰেছৰ অধিৱেশনত ব্রিটিছ চৰকাৰক এই সকীয়নি দিয়া হৈছিল যে যদি ভাৰতক ডমিনিয়ন ব্যৱস্থা প্ৰদান কৰা নহয় তেন্তে আইন অমান্য আন্দোলন গঢ়ি তােলা হ'ব।

১৯২৯ চনৰ লাহােৰ কংগ্ৰেছ অধিৱেশনত ‘পূর্ণ স্বৰাজ বা সম্পূর্ণ স্বাধীনতা’ কংগ্ৰেছৰ মূল লক্ষ্যৰূপে বিবেচিত হয়। ইয়াৰ সমান্তৰালভাৱে ১৯৩০ চনৰ ২৬ জানুৱাৰীত সমগ্ৰ ভাৰততে পূর্ণ স্বৰাজ দিবস পালন কৰা হয়। ১৯৩০ চনৰ ৩১ জানুৱাৰী তাৰিখে গান্ধীয়ে ব্রিটিছৰ অপশাসনৰ অৱসান বিচাৰি ভাইচৰয় লর্ড আৰউইনলৈ কেইবাটাও দাবী সম্বলিত এখন চৰম পত্র প্রেৰণ কৰে। এই দাবীসমূহ আছিল— 

মাদক দ্রব্যৰ প্রচলন বন্ধ; টকা আৰু ষ্টার্লিঙৰ অনুপাত সলনি; মাটিৰ খাজনাৰ পৰিমাণ কম কৰা; লােণ কৰ বন্ধ কৰা; সৈন্য বাহিনীৰ ব্যয় কমােবা; প্রশাসনীয় ব্যয় সংকোচন কৰা; বিদেশী কাপােৰত সীমা শুল্ক আৰােপ; ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা; অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি সকলাে ৰাজনৈতিক বন্দীক মুক্তি দিয়া আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্র-শস্ত্ৰ ৰখাৰ বৈধতা প্রদান কৰা। 

গান্ধীয়ে স্পষ্ট ৰূপত উল্লেখ কৰিছিল যে যদি এই ১১টা দাবী মানি লােৱা নহয় তেতিয়া দেশে আইন অমান্য আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰিব।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

গান্ধী আৰউইন চুক্তি, ১৯৩১ঃ 

১৯৩১ চনৰ ৫ মার্চ তাৰিখে, ভাৰতৰ ভাইৰয় লর্ড আৰউইন আৰু মহাত্মা গান্ধীৰ মাজত এখন বুজাবুজিৰ চুক্তি সম্পন্ন হয়। সেই চুক্তিৰ চৰ্ত অনুসৰি চৰকাৰে হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নােহােৱা সকলাে বন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লােৱাৰ লগতে অসংগ্রিহীত জৰিমনা মাফ কৰা আৰু তৃতীয় পক্ষৰ ওচৰত বিক্ৰী নকৰা সত্যাগ্রহীৰ পৰা অধিগ্রহণ কৰা মাটিবােৰ ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে। তাৰােপৰি চৰকাৰে সাগৰ পাৰৰ গাঁওবাসীক প্রয়ােজনীয় নিমখখিনি তৈয়াৰ কৰাৰ অনুমতি প্রদান কৰাৰ লগতে শান্তিপূর্ণ আৰু অহিংস ধর্মঘট কৰাৰ অনুমতি দিয়ে। কংগ্ৰেছেও চর্তানুসাৰে আইন অমান্য আন্দোলনৰ কাৰ্যসূচী প্রত্যাহাৰ কৰে। কংগ্ৰেছে পৰৱর্তী ঘূৰণীয়া মেজমেলত অংশগ্রহণ কৰাৰ ইংগিতাে প্রদান কৰে। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

দ্বিতীয় ঘূৰণীয়া মেজমেল, ১৯৩১ঃ 

১৯৩১ চনত দ্বিতীয় ঘূৰণীয়া মেজমেল লণ্ডনত অনুষ্ঠিত হয়। মহাত্মা গান্ধীয়ে কংগ্রেছৰ পৰা ইয়াত একমাত্র প্রতিনিধি হিচাপে যােগদান কৰিছিল। সংযুক্ত অথবা পৃথক নির্বাচনমণ্ডলী (Electorate) তৈয়াৰ কৰা অথবা বিভিন্ন সম্প্রদায়ৰ নামত আসন সংৰক্ষণৰ সিদ্ধান্ত লােৱাৰ ক্ষেত্ৰত মেজমেলখন সফল নহ'ল। গান্ধীজীয়ে হতাশ মনেৰে ভাৰতলৈ ঘূৰি আহিছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

সাম্প্রদায়িক বাঁটোৱাৰা, ১৯৩২ঃ

আইন অমান্য আন্দোলনৰ অস্থিৰ সময়ছােৱাত যেতিয়া ব্রিটিছ প্রধানমন্ত্রী বামছে মেকডােনাল্ডে ১৯৩২ চনত সাম্প্রদায়িক বাঁটোৱাৰাৰ কথা ঘােষণা কৰিলে, ব্রিটিছসকলৰ ‘বিভাজন আৰু শাসন নীতি'য়ে এক নতুন ৰূপ লাভ কৰিলে। শিখ, খ্রীষ্টান আৰু মুছলমানৰ দৰে সংখ্যালঘু সম্প্রদায়ক পৃথক নির্বাচনমণ্ডল প্রদান কৰাৰ উপৰিও, অন্যান্য পিছপৰা শ্ৰেণীকো সংখ্যালঘু হিচাপে চিহ্নিত কৰা হৈছিল। সেইসকলকো পৃথক নির্বাচনমণ্ডল প্রদান কৰি অন্য হিন্দুসকলৰ পৰা পৃথক কৰা হৈছিল। সেই ঘােষণাৰ বিৰােধিতা কৰি সেই সময়ত কাৰাগাৰত থকা গান্ধীজীয়ে আমৰণ অনশন আৰম্ভ কৰিছিল। এনেদৰে তেওঁ পুনে চুক্তি (১৯৩২)ৰ জৰিয়তে অন্য হিন্দুৰ লগত দলিতসকলকো যুটীয়া নির্বাচনমণ্ডলত অন্তর্ভূক্ত কৰাত সফল হৈছিল। পুনে চুক্তিৰ দ্বাৰা ব্রিটিছসকলে বাঁটোৱাৰা নীতিক সংশােধন কৰিবলৈ সন্মত হৈছিল। গান্ধীজীয়ে অস্পৃশ্যতা বিৰােধী আন্দোলনৰ লগত সম্পূর্ণরূপে যুক্ত হৈ পৰিছিল আৰু ইয়াৰ দ্বাৰা হৰিজন সেৱক সংঘ প্রতিষ্ঠা হৈছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

কংগ্ৰেছ মন্ত্রীসভাৰ গঠন (১৯৩৭-৩৯) আৰু কংগ্ৰেছ চৰকাৰৰ পদত্যাগ (১৯৩৯)ঃ

১৯৩৫ চনত ভাৰত চৰকাৰ আইন প্রণয়ন কৰি ব্ৰিটিছ চৰকাৰে ভাৰতত প্রাদেশিক স্বায়ত্ব শাসন প্রদান কৰে। নির্বাচনৰ ফল অনুসৰি পাঞ্জাৱ, সিন্ধু প্রদেশ আৰু বংগদেশৰ বাহিৰে মুঠ এঘাৰখন প্রদেশৰ আঠখনতে কংগ্ৰেছে চৰকাৰ গঠন কৰে। ঔপনিৱেশিক ৰাষ্ট্ৰৰ বিকল্প হিচাপে ভাৰতত কংগ্ৰেছ দলৰ সন্মান অধিক বৃদ্ধি হৈ পৰে। 

দ্বিতীয় মহাযুদ্ধ আৰম্ভ হােৱাৰ লগে লগে কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় বিধান পৰিষদৰ নির্বাচিত সদস্যসকলৰ লগত আলােচনা নকৰাকৈ ভাৰত চৰকাৰে জামানিৰ বিপক্ষে ভাৰতকো যুদ্ধত অংশ গ্রহণ কৰা বুলি ঘােষণা কৰে। কংগ্ৰেছে দাবী কৰিলে যে যিহেতু ভাৰতৰ জনসাধাৰণৰ সন্মতি অবিহনে যুদ্ধ ঘােষণা কৰা হৈছে, ভাৰত এখন স্বাধীন ৰাষ্ট্র হিচাপে স্বীকৃত নােহােৱালৈকে এই যুদ্ধৰ লগত যুক্ত হ'ব নােৱাৰিব। সেই মর্মে কংগ্ৰেছৰ সকলােবোেৰ মন্ত্রী সভাই ১৯৩৯ চনৰ ১ নবেম্বৰত পদত্যাগ কৰে।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

ব্যক্তিগত সত্যাগ্রহ (অক্টোবৰ,১৯৪০) / ‘আগষ্ট প্রস্তাৱ' / "দিল্লীলৈ ব’লক (দিল্লী চলাে) সত্যাগ্রহ”ঃ

১৯৪০ চনৰ আগষ্ট মাহত ভাইচৰয়ে বিখ্যাত ‘আগষ্ট প্রস্তাৱ'(August offer) ঘােষণা কৰে। ইয়াৰ দ্বাৰা ভাইচৰয়ৰ কাৰ্যকৰী পৰিষদৰ সম্প্ৰসাৰণ ঘটাই, ইয়াক এখন যুদ্ধ বিষয়ক পৰামৰ্শ পৰিষদত পৰিণত কৰি ভাৰতীয়সকলৰ যুদ্ধত অংশ গ্রহণক কার্যকৰী কৰিবলৈ চেষ্টা কৰে। কিন্তু এই ঘােষণাত ভাৰতক স্বাধীনতা প্রদানক লৈ একো উল্লেখ নথকাত, কংগ্ৰেছ আৰু মুছলিম লিগ উভয়ে ইয়াক প্রত্যাখ্যান কৰে। ভাৰতৰ প্ৰতি ব্রিটিছসকলে গ্ৰহণ কৰা এনে নীতিৰ বিপক্ষে মহাত্মা গান্ধীৰ নেতৃত্বত ১৯৪০ চনৰ অক্টোবৰ মাহত কংগ্ৰেছ দলে ব্যক্তিগত সত্যাগ্রহ কাৰ্যসূচী গ্রহণ কৰে। ব্যক্তিগত সত্যাগ্রহক ‘দিল্লীলৈ ব’লক (দিল্লী চলাে) সত্যাগ্রহ” বুলিও জনা যায়। এই আন্দোলনত প্রথমে গ্রেপ্তাৰ বৰণ কৰা সত্যাগ্রহীজন আছিল আচার্য বিনােৱা ভাবে। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

ক্রিপছ মিছন, ১৯৪২ঃ 

দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ অংশগ্রহণ আৰু তেওঁলােকৰ উল্লেখযােগ্য সাফল্যই ভাৰতৰ প্ৰতিৰক্ষালৈ বিপদ মাতি আনিছিল। ই ভাৰতৰ প্রতি ইংলেণ্ডৰ মনােভাব কিছু কোমল কৰি তুলিছিল। ১৯৪২ চনৰ মাৰ্চ মাহত ব্ৰিটিছ যুদ্ধ পর্যালােচনা সমিতিয়ে চাৰ স্টেনফোর্ড ক্ৰিছক নতুন সাংবিধানিক প্রস্তাৱসহ ভাৰতলৈ প্ৰেৰণ কৰিছিল। তেওঁ ঠিক যুদ্ধৰ পিছতেই স্ব-শাসিত এখন ভাৰতীয় যুক্তৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ দিছিল। তেওঁ ভাৰতৰ বিভিন্ন ৰাজনৈতিক দলৰ লগত আলােচনা কৰিছিল, কিন্তু তৎকালে ক্ষমতা হস্তান্তৰৰ বিষয়ে তেওঁ কোনাে প্রস্তাৱ নিদিয়াৰ বাবে কংগ্ৰেছ আৰু মুছলিম লিগ দুয়াে পক্ষই তেওঁৰ প্ৰস্তার গ্রহণ কৰা নাছিল। উক্ত পৰিস্থিতিটোক সাধাৰণভাবে অলপ তীর্যকভাবে কোৱা হৈছিল যে তেওঁলােক আছিল ‘এটা দেৱলীয়া বেংকৰ এখন দিন ওকলা (post-dated) চেক'। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 

ভাৰত স্বাধীন আইন ১৯৪৭ঃ

১৯৪৭ চনৰ জুলাই মাহত ব্রিটিছ সংসদে ভাৰত স্বাধীন আইন অনুমােদন কৰে। ইয়াৰ মূল দফা আছিল— 

(১) ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব। 

(২) ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্ব-শাসিত দেশ গঠন কৰা হ'ব আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই ব্রিটিছ ক মনৱেল থত (British Commonwealth of Nations)ত দেশদুখনে যােগ দিব নে নিদিয়ে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব। 

(৩) প্রতিখন স্ব-শাসিত দেশতে একোজনকৈ গৱৰ্ণৰ জেনেৰেল ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব। 

(4) দুয়ােখন দেশৰ বিধামলে সম্পূর্ণ নিজাববীয়াকৈ আইন প্রণয়নৰ অধিকাৰ লাভ কৰিব। 


ইতিহাস প্রথম অধ্যায় Click here

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়  Class 10 Matric Social Science History Chapter 2 SEBA Assamese Medium HSLC Notes Previous Year Question Paper 


*****




Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.