দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ তৃতীয় অধ্যায় অসমত ব্ৰিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ তৃতীয় অধ্যায় অসমত ব্ৰিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ Class X History Notes Social Science for Assamese Medium students

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ ৩য় তৃতীয় অধ্যায় অসমত ব্ৰিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহৰ সকলো প্রশ্ন উত্তৰৰ সমাধান ছাত্র ছাত্রী সকলৰ বাবে Class 10 Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Social Science Class 10 Question Answer - Axonot british birudhi jagaran aru krikhak bidruh Social Science Class 10 Question Bank Solution - Homaj Vigyan Class X Suggestion and Notes for all Student of SEBA Board Assam - Class X Social Science History Previous Year Question Paper with Solution

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

ইতিহাস অধ্যায় - ৩ অসমত ব্ৰিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ তৃতীয় অধ্যায় অসমত ব্ৰিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ Class X History Notes Social Science for Assamese Medium students দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ ৩য় তৃতীয় অধ্যায় অসমত ব্ৰিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহৰ সকলো প্রশ্ন উত্তৰৰ সমাধান ছাত্র ছাত্রী সকলৰ বাবে Class 10 Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Social Science Class 10 Question Answer - Axonot british birudhi jagaran aru krikhak bidruh Social Science Class 10 Question Bank Solution - Homaj Vigyan Class X Suggestion and Notes for all Student of SEBA Board Assam - Class X Social Science History Previous Year Question Paper with Solution
দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ তৃতীয় অধ্যায় অসমত ব্ৰিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ

 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

চমু উত্তৰৰ প্ৰশ্ন

১। ব্রিটিছ শাসন প্রতিষ্ঠা হােৱাৰ পিছত অসমৰ ৰাজহ সংগ্রহৰ পদ্ধতি কি পৰিৱৰ্তন হৈছিল? 

উত্তৰঃ ব্রিটিছ শাসন প্রতিষ্ঠা হােৱাৰ পিছত অসমত টকাৰ মাধ্যমত ৰাজহ সংগ্ৰহ কৰা হৈছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

২। কোন চনত মফট মিলচ অসমলৈ আহিছিল? 

উত্তৰঃ ১৮৫৩ চনত মফট মিলছ অসমলৈ আহিছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

৩। কেঞাসকল কোন আছিল? 

উত্তৰঃ মাৰােৱাৰীসকলক কেঞাসকল বােলা হৈছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? 

উত্তৰঃ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল মণিৰাম দেনানে। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

৫। ১৮৫৭ চনৰ বিদ্রোহত অসমৰ বিদ্রোহীসকলে কোন আহােম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল?

উত্তৰঃ ১৮৫৭ চনৰ বিদ্রোহত অসমৰ বিদ্রোহীসকলে আহােম ৰাজকোঁৱৰ কন্দপেশ্বৰ সিংহক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

৬। মণিৰাম দেৱানক কোন মুক্তিয়াৰে সহায় কৰিছিল? 

উত্তৰঃ মণিৰাম দেৱানক মধুমল্লিক নামৰ বাঙালী মুক্তিয়াৰে সহায় কৰিছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

৭। মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচীকাঠত ওলমিব লগা হৈছিল? 

উত্তৰঃ মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱা ফাঁচীকাঠত ওলমিব লগা হৈছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

৮। কোন মণিৰাম দেৱানৰ বিচাৰ কৰিছিল? 

উত্তৰঃ কেপ্টেইন হলৰইড চাহাবে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

৯। অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ হ'ল- 

(ক) বিদ্ৰোহৰ সমর্থকসকল অকল যােৰহাট আৰু শিৱসাগৰত সীমাবদ্ধ আছিল। 

(খ) বিদ্ৰোহীসকলৰ অস্ত্ৰ-শস্ত্ৰৰ অভাৱ আছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

১০। কোন কোন চনত টিকত কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল? 

উত্তৰঃ ১৮৫৭ চনত টিকত কৰ আৰু ১৮৬০ চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

১১। ব্রিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা। 

উত্তৰঃ ব্রিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ হ'ল- 

(ক) ব্ৰিটিছ চৰকাৰৰ অত্যধিক পৰিমাণে ৰাজহ সংগ্রহ আৰু 

(খ) ব্ৰিটিছ চৰকাৰে কৃষি তথা কৃষকৰ উন্নতিকল্পে কোনাে ব্যবস্থা নােলােৱা। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

১২। লেফটেনেন্ট ছিংগাৰ কোন আছিল? 

উত্তৰঃ লেফটেনেন্ট ছিংগাৰ নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

১৩। ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল? 

উত্তৰঃ ১৮৬১ চনৰ ১৮ অক্টোবৰ তাৰিখে ফুলগুৰিৰ ধাৱা সংঘটিত হৈছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

১৪। ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? 

উত্তৰঃ ১৮৯৩ চনৰ ২১ জানুৱাৰী তাৰিখে ৰঙিয়াৰ কৃষক বিদ্রোহ সংঘটিত হৈছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

১৫। লচিমা কত অৱস্থিত? 

উত্তৰঃ পুৰণি কামৰূপৰ সৰুক্ষেত্ৰী মৌজাত লচিমা অৱস্থিত। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

১৬। লচিমাৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল? 

উত্তৰঃ ১৮৯৪ নৰ ২১ জানুৱাৰী তাৰিখে লচিমাৰ কৃষক বিদ্রোহ সংঘটিত হৈছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

১৭। পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? 

উত্তৰঃ ১৮৯৪ চনৰ ২৭ জানুৱাৰী তাৰিখে পথৰুঘাটৰ কৃষক বিদ্রোহ হৈছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

১৮। ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? 

উত্তৰঃ ১৮৬১ চনত জয়ন্তীয়া বিদ্রোহৰ নেতৃত্ব দিছিল ওকিয়াং নংবাহে। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

১৯। ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্রোহৰ নেতৃত্ব কোনে দিছিল? 

উত্তৰঃ ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিল সম্বােধন ছাৰী। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

২০। টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল? 

উত্তৰঃ টিকেন্দ্ৰজিতক ব্ৰিটিছ চৰকাৰে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

২১। জে. ডব্লিউ, কুইন্টনক কোন চনত হত্যা কৰিছিল? 

উত্তৰঃ ১৮৯১ চনত জে. ডব্লিউ, কুইন্টনক হত্যা কৰিছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

দীঘল উত্তৰৰ প্ৰশ্ন  

১। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পর্কে চমুকৈ আলােচনা কৰা৷ 

উত্তৰঃ ঊনবিংশ শতিকাৰ ত্ৰিছ আৰু চল্লিছৰ দশকত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এক শক্তিশালী শাসকৰ ৰূপত প্রতিষ্ঠিত হৈছিল। অসমতাে তেওঁলােকে এক শক্তিশালী প্রশাসনিক গাঁথনিৰ সৃষ্টি কৰি স্থানীয় লােকৰ দ্বাৰা হ'ব  পৰা যিকোনাে ব্রিটিছ বিৰােধী উত্থানক বাধা প্রদান কৰিবলৈ সক্ষম হৈছিল। গােমধৰ কোঁৱৰ, পিয়লি ফুকনৰ বিদ্রোহ ব্যর্থতাই তাকেই প্রমাণ কৰিছিল। এক সম্পূর্ণ নতুন ৰাজহ ব্যৱস্থাৰে অর্থনীতিও তেওঁলােকৰ আয়ত্তলৈ আনিবলৈ সক্ষম হৈছিল। এই ৰাজহ ব্যৱস্থাত বিদেশী চৰকাৰখনে কৰ-কাটল সংগ্রহতহে বেছি গুৰুত্ব প্রদান কৰিছিল। দৰিদ্ৰ প্ৰজা তথা কৃষকৰ দুখ-দুর্দশা মােচন কৰাৰ ক্ষেত্ৰত চৰকাৰে একো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। অসমত ব্রিটিছ শাসনৰ পূর্ববর্তী অৱস্থাত মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা নাছিল। কিন্তু ইংৰাজে প্রবর্তন কৰা টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য কৰকাটল সংগ্ৰহৰ ব্যৱস্থাই অসমীয়া প্রজাৰ অৱস্থা শােচনীয় কৰি তুলিছিল আৰু ব্রিটিছ চৰকাৰৰ শােষণ দিনক দিনে বৃদ্ধি পাই আহিছিল। 

ব্রিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ বৃদ্ধিৰ নীতি আৰু মুদ্রা অর্থনীতিয়ে অসমীয়া সর্বসাধাৰণ মানুহৰ মনত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। এই মুদ্রা অর্থনীতিয়ে অসমত সুদখােৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল আৰু অসমীয়া প্ৰজাই এই সুদখােৰ মহাজন শ্ৰেণীৰপৰা টকা ধাৰলৈ লৈ হ'লেও ভূমি ৰাজহ চৰকাৰক দিবলৈ বাধ্য হৈছিল। এই মহাজন শ্রেণীটো আছিল বহিৰাগত বেপাৰী, মাৰোৱাৰী (কেঞা) আৰু বাঙালী মহাজন। সেই সময়ত অসমৰ গাঁওসমূহ আত্মনিৰ্ভৰশীল আছিল আৰু উৎপন্ন বস্তু বেচি ধন ঘটাৰ সুবিধা একেবাৰেই নাছিল। তদুপৰি বজাৰ সমাৰৰ সীমাবদ্ধতাই অসমীয়া প্ৰজাক জুৰুলা কৰি তুলিছিল। আনহাতে, ব্রিটিছ চৰকাৰে কৃষি কাৰ্য উন্নয়নৰ বাবে একো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত অসমত বতৰ প্রতিকূল হ'লেই খাদ্য শস্য উৎপাদনত বিঘিনি ঘটিছিল আৰু অৱধাৰিতভাবেই অসমীয়া প্রজাগণ দুর্ভিক্ষৰ কবলত পৰিছিল। তদুপৰি ইংৰাজে উনবিংশ শতিকাৰ আগভাগতে উজনি অসমত চাহ বাগিচা স্থাপন কৰিছিল। চাহ খেতিয়কক উৎসাহিত কৰিবলৈ চাহ বাগিচাৰ অন্তৰ্গত ভূমি ৰাজহ ৰেহাই দিছিল। ফলস্বৰূপে ভূমি ৰাজহৰ বোজা দুখীয়া সাধাৰণ কৃষকে বহন কৰিবলগীয়া হৈছিল।

ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ দৰেই অসমতাে ব্রিটিছ শাসনে কুটীৰ শিল্পৰ অৱনতিত অৰিহণা যােগাইছিল। আহােম ৰাজত্বৰ দিনৰপৰাই অসমৰ পাট-মুগাৰ ভাৰতবৰ্ষত এক বিশেষ বজাৰ আছিল। কিন্তু ব্রিটিছ শাসনে বিলাতী বস্ত্র আমদানিত পৃষ্ঠপােষকতা কৰাত অসমীয়া এই কুটীৰ শিল্পৰ লগত জড়িত মানুহখিনিৰ অৱস্থা শােচনীয় হৈ পৰিছিল।সাধাৰণ শ্ৰেণীৰ মানুহৰ এই অৱস্থাৰ বিপৰীতে অভিজাত শ্ৰেণীৰ লােকসকলৰ যে ব্রিটিছৰ অধীনত অৱস্থা ভাল আছিল সেইটো ক'ব নােৱাৰি। আহােম সামন্তীয় শ্ৰেণীটোৰ কিছুসংখ্যক লােক আৰম্ভণিৰেপৰা ব্রিটিছ শাসনৰ লগত জড়িত হ’বলৈ চেষ্টা কৰিছিল যদিও আধুনিক শিক্ষাৰে শিক্ষিত নােহােৱা বাবে গৰিষ্ঠসংখ্যকেই নতুন প্রশাসনত অংশ ল’বলৈ সক্ষম হােৱা নাছিল। আনহাতে, ইংৰাজ শাসকেও প্রশাসন চলাবলৈ বংগদেশৰপৰা বাঙালী শিক্ষিত লােকক আমদানি কৰিবলৈ বাধ্য হৈছিল। ফলস্বৰূপে অসমৰ আহােম শাসনৰ দিনৰ ডা-ডাঙৰীয়াসকলে দ্রুত হাৰত কর্মসংস্থান হেৰুৱাবলৈ আৰম্ভ কৰিছিল। ইফালে প্রশাসনত নতুনকৈ নিয়ােজিত বাঙালী বাবুসকলে ক্রমান্বয়ে অসমৰ প্রশাসনিক জীৱনত প্রভুত্ব বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছিল। 

অসমীয়া অভিজাত শ্রেণীৰ যিসকল লােকে আহােম ৰাজত্বত ফুকন, বৰুৱা, ৰাজখােৱা আদি বিষয়বাব পাইছিল, তেওঁলােকক ইংৰাজৰ দিনত কিছুসংখ্যকক মৌজাদাৰৰ বাব দি ৰাজহ সংগ্ৰহৰ দায়িত্ব দিয়া হৈছিল যদিও বহুতাে অঞ্চলত অসমৰ বাহিৰৰপৰা বিশেষকৈ বংগদেশৰ শ্রীহট্ট আৰু পশ্চিম ভাৰতৰ মাৰােৱাৰ আদি অঞ্চলৰপৰা বাঙালী আৰু মাৰােৱাৰী সম্প্রদায়ৰ লােকক আনি দায়িত্ব অর্পণ কৰিছিল। ইংৰাজৰ এই কার্যই অসমীয়া অভিজাত শ্ৰেণীটোক বঞ্চিত কৰাৰ লগতে বিদেশীৰ অধীনত ৰায়ত হ'বলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল বুলি অভিযোেগ উঠিছিল। তদুপৰি আহােম ৰাজত্ব কালত অসমৰ অভিজাত শ্ৰেণীটোৱে লগুৱা-লিকছৌ, বান্দী-বেটী আদিৰ সেৱা-শুশ্রুষাৰে এক বিলাসী তথা আৰামৰ জীৱন যাপন কৰিছিল। কিন্তু ১৮৪৩ চনত অসমত ইংৰাজে দাস প্রথা বিলুপ্তি ঘটোৱাত ব্রাহ্মণ, পুৰােহিত বা অন্যান্য অভিজাত শ্ৰেণীৰ ব্যক্তিসকলে তেওঁলােকৰ খাট-পাম তথা কৃষিকৰ্মত শাৰীৰিক শ্ৰম কৰা মানুহৰ অভাৱ অনুভৱ কৰিবলৈ লৈছিল। এই শ্রেণীটোৱে স্বাভাৱিকতেই সামাজিক মর্যাদা আৰু প্রতিপত্তি হেৰুৱাই নতুন শাসন ব্যৱস্থাৰ প্রতি অসন্তুষ্ট হৈ পৰিছিল। তেওঁলােকে নিজৰ কৃষিকর্ম বা অন্যান্য কার্যত পূৰ্বৰ লণ্ডৱা লিকছৌৰ দৰেই কায়িক শ্রম কৰিবলগীয়া হােৱাত অপমানিত অনুভৱ কৰিছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

২। অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ ১৮৫৩ চনত কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মফট মিলটে অসমৰ প্রশাসন ব্যৱস্থাৰ বিষয়ে অনুসন্ধান কৰিবলৈ অসমলৈ আহিছিল। তেতিয়া মণিৰাম দেবানে দুখন আর্জি পেচ কৰিছিল। এখনত তেখেতে ব্রিটিছ কোম্পানীলৈ তেওঁ আগবঢ়োৱা সেৱাৰ বিষয়ে এক প্রতিবেদন দি চৰকাৰে যাতে সেৱাৰ কিছু ফল তেখেতক দিয়ে তাৰ অনুৰােধ কৰিছিল। আনখন আর্জিত আহােম ৰাজকোৱৰ কন্দর্পেশ্বৰ সিংহক পুনৰ আহােম ৰাজ সিংহাসনত বৱাৰ লগতে অভিজাত শ্ৰেণীৰ দুখ-দুর্দশাৰ বিষয়ে অৱগত কৰিছিল। এই আবেদনত তেওঁ ইংৰাজ শাসনৰ অধীনত অসমৰ ৰাইজে ভােগ কৰা কিছুমান ভাল ফল যেনে— আহােম শাসনত প্রচলিত নাক-কাণ কটা আদি শাস্তিৰ অৱসানৰ কথা উল্লেখ কৰিছিল যদিও কিছুমান ইংৰাজ শাসনৰ ফলত হােৱা বেয়া কাম যেনে অনুপযুক্ত ব্যক্তিক পেন্সন প্রদান, উচ্চ-অভিজাত বিষয়াক সা-সুবিধাৰপৰা বঞ্চিত কৰি সাধাৰণ প্ৰজাৰ শাৰীলৈ অৱনমিতকৰণ আদি উল্লেখ কৰিছিল। 

মিলে তেখেতৰ প্রতিবেদনৰ পৰিপ্ৰেক্ষিতত ইংৰাজ চৰকাৰৰ বিভিন্ন দিশ সমালােচনা কৰিছিল যদিও মণিৰাম দেৱানৰ আবেদনৰ প্রতি সঁহাৰি জনােৱা নাছিল। বৰঞ্চ মণিৰাম দেৱানক এজন চক্রান্তকাৰী হিচাপেহে অভিহিত কৰিছিল।মিলৰ প্রতিবেদনে মণিৰাম দেৱানৰ আশা ধূলিসাৎ কৰিছিল আৰু তেওঁ ইংৰাজৰ সম্পূর্ণ বিৰােধী হৈ পৰিছিল। যিহেতু তেওঁ নিজৰ সীমাবদ্ধতা জানিছিল, সেয়েহে ব্রিটিছৰ বিৰুদ্ধে সন্মুখ-সমৰলৈ নগৈ ১৮৫৭ চনৰ প্ৰথম ভাগত কলিকতালৈ যায় আৰু ব্রিটিছ চৰকাৰক কন্দর্পেৰ্শৰ সিংহক অসমৰ সিংহাসনত প্রতিষ্ঠা কৰিবলৈ আবেদন কৰিবলৈ স্থিৰ কৰিছিল। কিন্তু তেওঁ বংগদেশৰ লেফটেনেন্ট গৱৰ্ণৰক সাক্ষাৎ কৰাৰ কোনাে সুযােগেই লাভ নকৰিলে। 

সেই সময়তে তেওঁ উত্তৰ ভাৰতত ব্রিটিছ ফৌজত থকা ভাৰতীয় সৈন্যই আৰম্ভ কৰা বিদ্ৰোহৰ বিষয়ে জানিব পাৰি লগে লগে অসমতাে ব্রিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যৰ সহযােগত্ বিদ্রোহ কৰি ব্রিটিছ শাসন ওফৰােৱাৰ সপােন দেখিছিল। তেওঁ কলিকতাৰপৰা কিছু গােপন 'পত্র যােৰহাটত থকা কন্দপেশ্বৰ সিংহ আৰু অন্যান্য বিশ্বাসী লােকলৈ প্ৰেৰণ কৰিছিল। সেই পত্ৰসমূহত তেওঁ ডিব্ৰুগড় আৰু গােলাঘাটত অৱস্থান কৰা ভাৰতীয় সৈন্যসকলৰ লগত যােগাযােগ কৰি বিদ্রোহ আৰম্ভ কৰিবলৈ উপদেশ দিছিল। দুর্গা পূজাৰ সময়ত মণিৰাম দেৱানে অস্ত্র-শস্ত্র সহিতে উজনি অসমলৈ আহি বিদ্রোহত যােগ দিয়াৰ পৰিকল্পনা কৰিছিল। কিন্তু দুর্ভাগ্যক্রমে এই সকলাে গােপন ষড়যন্ত্র উল্লেখ থকা পত্ৰ কেইবাখনাে শিৱসাগৰ জিলাৰ বিষয়া কেপ্টেইন হলৰইডে ধৰা পেলাবলৈ সক্ষম হয় আৰু মণিৰাম দেৱানক লগে লগে কলিকতাত গ্রেপ্তাৰ কৰা হয়। যােৰহাট আৰু শিৱসাগৰত তেওঁক সহযােগ কৰা পিয়লি বৰুৱা, কন্দর্পেশ্বৰ সিংহকে আদি কৰি অন্যান্যক গ্রেপ্তাৰ কৰা হয়। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক যােৰহাট কাৰাগাৰত ৰখা হয়। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত ফ্রাচীকাঠত ওলমায় 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

৩। কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা। 

উত্তৰঃ অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হোৱাৰ মূল কাৰণ সমূহ হল-

প্রথমতেই অসমৰ বিদ্রোহীসকলৰ সংখ্যা অতি তাক ৰিয়া আছিল। মণিৰাম দেৱানৰ সমর্থকসকল যােৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল। নগাঁও, কামৰূপ আৰু গুৱাহাটীত বিশেষ সমর্থন লাভ কৰা নাছিল। 

দ্বিতীয়তে বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল কিয়নাে তেওঁলােকে প্রস্তুতি সম্পূর্ণ কৰিও সময়ত কার্যকৰী কৰা নাছিল। যাৰ ফলত ইংৰাজ চৰকাৰে প্ৰতিৰক্ষাৰ প্রস্তুতিৰ বাবে যথেষ্ট সময় লাভ কৰিছিল। 

তৃতীয়তে, বিদ্ৰোহৰ মুখ্য সংগঠক মণিৰাম দেৱান বিদ্রোহস্থলীৰপৰা বহু যােজন দূৰৈত অৱস্থান কৰিছিল। সেই সময়ৰ পৰিপ্ৰেক্ষিতত কলিকতা অসমৰপৰা বহু দূৰৈত আছিল আৰু তাৰপৰা চিঠি-পত্ৰৰ যােগেদি বা আদেশ পঠিয়াই বিদ্রোহ পৰিচালিত কৰাটো বাস্তৱসন্মত নাছিল। মণিৰাম দেৱান যিমান সােনকালে পাৰে কলিকতাৰপৰা উভতি আহিব লাগিছিল। প্রশাসনিক অভিজ্ঞতা থাকিলেও বিদ্ৰোহৰ নেতৃত্বৰ বাবে প্রয়ােজনীয় দক্ষতা দেৱানৰ নাছিল। বিদ্ৰোহৰ নেতৃত্ব দিয়াজনে প্রতিপক্ষক দুর্বল বুলি অৱজ্ঞা কৰা বা ক্ষমতা তথা বুদ্ধিমত্তাক হেয়জ্ঞান কৰিলে কি পৰিণাম হয় মণিৰাম দেৱান তাৰ এটি উৎকৃষ্ট নিদর্শন আছিল। 

চতুর্থতে সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহকে বিদ্রোহত জড়িত কৰিবলৈ মণিৰাম দেৱান তথা তেখেতৰ সহযােগীসকলে কোনাে প্রচেষ্টা হাতত লােৱা নাছিল। নগাঁও আৰু গুৱাহাটীত অসমৰ নতুন মধ্যবিত্ত শ্ৰেণীৰ লােকসকল বিদ্ৰোহৰ প্ৰতি অলপাে সহানুভূতিশীল নাছিল। সেই সময়ত নতুনকৈ বিকশিত হৈ উঠা মধ্যবিত্ত অসমীয়া বুদ্ধিজীৱী শ্ৰেণীৰ লােকসকলে বাঙালী মধ্যবিত্ত শ্ৰেণীৰ জীৱনধাৰাৰ প্ৰতিহে বেছি আকর্ষিত হৈছিল। পুৰণি আহােম ৰাজতান্ত্রিক শাসন ব্যবস্থাৰ অধীনলৈ পুনৰাই উভতি যােৱাৰ কোনাে ইচ্ছা তেওঁলােকৰ নাছিল। গতিকে ১৮৫৭ চনৰ বিদ্রোহত অসমৰ এই শ্ৰেণীৰ লােকে কোনাে সমর্থন বা সহানুভূতি প্রদর্শন কৰা নাছিল। ফলত অসমত বিদ্ৰোহৰ বুৰবুৰণিহে হৈছিল, বিস্ফোৰণ ঘটিবলৈ পােৱা নাছিল। 

পঞ্চমতে, অসমৰ বিদ্রোহীসকলে তেওঁলােকৰ কাৰ্যপন্থাৰ গােপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। ফলস্বৰূপে সমগ্ৰ পৰিকল্পনা ব্রিটিছ চৰকাৰৰ অৱগত হৈছিল আৰু বিদ্রোহ নির্মূল কৰাত চৰকাৰ সফল হৈছিল। 

যষ্ঠতে, অসমৰ বিদ্রোহীসকলে প্রয়ােজন অনুযায়ী অস্ত্র-শস্ত্ৰৰ যােগান পােৱা নাছিল। মণিৰাম দেৱানে যদিও অস্ত্ৰৰ যােগান দিয়াৰ কথা আছিল, কিন্তু তাৰ আগতেই তেওঁ ধৰা পৰিছিল। 

শেষত, ভাৰতবৰ্ষৰ অন্যান্য প্রান্তৰ দৰে অসমতাে ব্রিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যই মূল চালিকাশক্তি হিচাপে বিদ্রোহত অংশ লােৱা নাছিল। অসমৰ বিদ্রোহীসকলে মিট, দিল্লী, লক্ষী আদিৰ দৰে চিপাহীসকলৰ সমর্থন আদায় কৰিব পৰা নাছিল। 

এই সকলােবিলাক কাৰণতে অসমত ১৮৫৭ চনৰ বিদ্রোহে বিশেষ প্রভাৱ পেলাব পৰা নাছিল। যি অলপমান হৈছিল ব্রিটিছ চৰকাৰে সম্পূৰ্ণৰূপে নির্মূল কৰিবলৈ সক্ষম হৈছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

৪। অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ ক) ১৮৫৭ চনৰ বিদ্রোহ যদিও ব্রিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল, অসমৰ ইতিহাসত প্রথমবাৰৰ বাবে এক সর্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল। 

খ) ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হােৱা কৃষক বিদ্রোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰ দ্বাৰা কিছু পৰিমাণে অনুপ্রাণিত হৈছিল। 

গ) অসমতাে হিন্দু আৰু মুছলমান এই দুটা প্রধান সম্প্রদায়ে একগােট হৈ বিদ্রোহত অংশগ্রহণ কৰি জাতীয়তাবােধৰ বিকাশত ইন্ধন যােগাইছিল। 

ঘ) ১৮৫৭ চনৰ বিদ্ৰোহৰপৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্রামীৰ দৰে অসমীয়া সংগ্রামীসকলেও মণিৰাম দেৱান তথা সহযােগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্রাণিত হৈছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

৫। ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা। 

উত্তৰঃ ব্রিটিছৰ অর্থনৈতিক শােষণৰ বিৰুদ্ধে শােষিত কৃষক ৰাইজে কৰা অসমৰ প্রথম বিদ্রোহটোৱেই হৈছে ফুলগুৰিৰ ধাৱা। নগাঁৱৰপৰা কিছু নিলগৰ ফুলগুৰি আছিল তিৱা জনবসতিপূর্ণ এখন গাঁও য'ত জনসাধাৰণে আফু খেতি বৃহৎ পৰিমাণত কৰিছিল আৰু ইয়াৰ দ্বাৰাই তেওঁলােকে জীৱিকা নির্বাহ কৰিছিল। ব্রিটিছ চৰকাৰে নিজাববীয়াকৈ কানি বিক্ৰী কৰিবলৈ লােৱাত (আফুগুটিৰপৰা কানি, মাদক দ্রব্য প্রস্তুত কৰা হয়) আফু খেতি কৰি পেট প্ৰৱৰ্তোৱা ফুলগুৰি অঞ্চলৰ কৃষকসকল বিক্ষুব্ধ হৈছিল। ১৮৬১ চনত ব্রিটিছ চৰকাৰে আফু খেতি কৰা সম্পূর্ণৰূপে বন্ধ কৰি দিয়াত সমগ্র তিৱা জনজাতিৰ লােকসকল অতিশয় অসন্তুষ্ট হৈ পৰে, কিয়নাে চৰকাৰী কানিৰ প্ৰচলন বন্ধ কৰা নাছিল। ব্রিটিছ চৰকাৰৰ এই সিদ্ধান্তই এই লােকসকলৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছিল। তদুপৰি তামােল-পাণৰ ওপৰতাে চৰকাৰে কৰ লগাব বুলি বাতৰি প্রকাশ পালে। চৰকাৰে আফু খেতি বন্ধ কৰাৰ লগে লগে ১৮৬১ চনৰ ১৭ ছেপ্টেম্বৰ তাৰিখে প্রায় ১৫০০ কৃষকে ইয়াৰ প্রতিবাদ কৰিবলৈ বিভিন্ন অঞ্চলৰপৰা আহি ফুলগুৰিত ৰাইজমেল অনুষ্ঠিত কৰে। মেলত কৃষকসকলে আফু খেতি বন্ধ কৰা নির্দেশ বাতিল কৰিবলৈ আৰু পাণ-তামােলৰ ওপৰত যাতে কোনাে কৰ নলগায় সেই কথা উপায়ুক্তক জনােৱাৰ সিদ্ধান্ত গ্রহণ কৰে। 

সেই সময়ত নগাঁৱৰ উপায়ুক্ত আছিল লেফটেনেন্ট হার্বার্ট স্কুল। তেওঁ ৰাইজৰ আবেদনৰ প্রতি সঁহাৰি জনােৱাটো বাদেই, তেওঁলােকক বেয়া ব্যৱহাৰহে কৰিলে। ক্ষোভিত ৰাইজে এই অপমানব প্রতিবাদ কৰিবলৈ ১৫ অক্টোবৰৰপৰা পাঁচদিন ধৰি ফুলগুৰিত ৰাইজমেল পাতিলে। প্রথমদিনা সমরেত হােৱা প্ৰায় এহেজাৰ কৃষকৰ প্রায় আধাখিনিয়েই লাঠিৰে সজ্জিত আছিল। ইয়াৰ পৰবৰ্তী দিনসমূহতাে মেলুৱৈৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। ১৮ অক্টোবৰ তাৰিখে মেলত প্রায় চাৰি হেজাৰ ৰাইজ সমবেত হৈছিল। উপায়ুক্ত হার্বার্ট স্কুলে সহকাৰী উপায়ুক্ত লেফটেনেন্ট ছিংগাৰক সভাস্থলীলৈ পঠিয়ালে। ছিংগাৰে সভাৰ উদ্দেশ্য জানিবলৈ বিচৰাত ৰাইজৰ ফালৰপৰা জাতি কলিতা নামৰ এজনে চাহাবক জনালে যে কর্তৃপক্ষই কৃষক ৰাইজৰ দাবীসমূহৰ প্ৰতি (আফু খেতি বন্ধ প্রত্যাহাৰ, তামােল-পাণৰ ওপৰত কৰ প্রত্যাহাৰ আদি) সঁহাৰি নজনােৱা বাবে তেওঁলােকে উর্ধ্বতন কর্তৃপক্ষৰ কাষ চপাৰ গুণাগথা কৰিছে। এই কথাত ছিংগাৰ যথেষ্ট উত্তেজিত হৈ ৰাইজক সেই স্থান ত্যাগ কৰিবলৈ নির্দেশ দিয়ে। লগতে তেওঁৰ লগত অহা পুলিচ বাহিনীক ৰাইজৰ হাতৰপৰা লাঠীবােৰ কাঢ়ি আনিবলৈ নির্দেশ দিয়ে। লাঠীৰ বাবে টনা-আজোৰা কৰি থাকোতে ৰাইজৰ মাজৰে এজন কৃষকে ছিংগাৰৰ মূৰত লাঠীৰে কোবাই মাটিত বগৰাই দিয়ে। আন কৃষকসকলেও ছিংগাবক আক্রমণ কৰাত থিতাতে তেওঁৰ মৃত্যু হয়। ছিংগাৰৰ মৃতদেহটো কলং নৈত দলিয়াই পেলাই দিয়া হয়। ছিংগাৰৰ লগত যােরা পুলিচ বাহিনী ভয়তে পলাই পত্রং দিয়ে। এই ঘটনাকে ইতিহাসৰ পাতত ফুলগুৰি ধাৱা নামেৰে অভিহিত কৰা হয়। এই ঘটনাৰ পিছত বহুতাে কৃষকক কর্তৃপক্ষই লেফটেনেন্ট ছিংগাৰৰ হত্যাৰ অপৰাধত গ্রেপ্তাৰ কৰে। হেজাৰজনক ৰহা আৰু ফুলগুৰিত অস্থায়ী কাৰাগাৰত কেইবামাহ আটক কৰি ৰাখে। বিচাৰত লক্ষ্মণ ডেকা, চংবৰ লালুং, ৰংবৰ ডেকাক নগাঁও জেলত মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়। কিছু অভিযুক্ত কৃষকক দীর্ঘ সময়ৰ বাবে কলিয়াপানী (আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত)লৈ প্ৰেৰণ কৰা হয়। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

৬। ১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ ১৮৯৪ চনৰ ৮ জানুৱাৰীৰ দিনা পুলিচে ১৫জন কৃষকক এখন ৰাইজমেলৰপৰা গ্রেপ্তাৰ কৰে। এই মেলখনত তেওঁলােকে উপায়ুক্তক তেওঁলােকৰ দুখ-দুর্দশাৰ বিষয়ে কিদৰে অৱগত কৰিব সেই বিষয়ে আলােচনা কৰিবলৈ লগ হৈছিল। ডিচেম্বৰৰ ১০ তাৰিখে ৰঙিয়া থানাৰ সমীপত প্রায় ৩০০০ কৃষক বিভিন্ন মৌজাৰপৰা আহি গােট খাইছিল। উপায়ুক্ত মেক কোবেই তেওঁলােকক আঁতৰি যাবলৈ আদেশ দিয়াৰ পিছত তেওঁলােক সেই স্থানৰপৰা আঁতৰা নাছিল। আবেলিলৈ কৃষকসকল ৰঙিয়া থানাৰ আৰু কাষ চাপি আহিছিল এই আশাত যে উপায়ুক্তই কিজানি খাজনাৰ হাৰ কমােৱাৰ কিবা জাননী দিয়ে। কৃষকসকলে ইতিমধ্যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰা তেওঁলােকৰ সহকৰ্মীসকলক মােকলাই দিয়াৰে দাবী কৰিছিল। উপায়ুক্তই যেতিয়া বিষয়সমূহৰ বিষয়ে আলােচনা কৰিবলৈ কৃষকসকলৰ মাজৰপৰা প্রতিনিধি বিচাৰিলে, সকলাে কৃষকে সমস্বৰে চিঞৰি উঠিছিল যে আমি বর্ধিত হাৰত খাজনা নিদিওঁ। 

যেতিয়া কৃষকৰ দলটোৱে থানাৰ ভিতৰলৈ জোৰ কৰি প্ৰৱেশৰ চেষ্টা চলালে, উপায়ুক্ত মেক কেবে আৰীক গুলীচালনা কৰিবলৈ নির্দেশ দিয়ে। ফলত কৃষকসকল প্রস্থান কৰিবলৈ বাধ্য হয়। মেক কেবেই ১০ জানুৱাৰী তাৰিখে এখন জাননীযােগে উপায়ুক্তৰ আগতীয়া অনুমতি অবিহনে কোনাে মেল অনুষ্ঠিত কৰিব নােৱাৰিব বুলি নির্দেশ জাৰি কৰে। একে সময়তে উপায়ুক্তই কৃষকসকলৰ মাজৰপৰাই নেতৃস্থানীয় লােকক আৰক্ষীৰ কনিষ্টবল হিচাপে নিযুক্তি দি বায়তৰ মাজত শান্তি স্থাপনৰ চেষ্টা কৰাৰ লগতে চৰকাৰৰ খাজনা জমা দিয়াবলৈ মান্তি কৰােৱাৰ বাবেও তেওঁলােকক ব্যৱহাৰ কৰে। উপায়ুক্তৰ এই ব্যৱস্থাসমূহ ফলপ্রসূ আছিল বুলি এই কাৰণেই ক'ব পাৰি যে ৰঙিয়াৰ কৃষকে চৰকাৰক জমা দিবলগীয়া ৯০,০০০ টকাৰ প্রথম কিস্তি প্রায় ৬০,০০০ টকা জমা দিয়ে। কিন্তু ব্রিটিছ চৰকাৰৰ এই দমনমূলক নীতিয়ে কৃষকসকলক মেল অনুষ্ঠিত কৰাৰপৰা বিৰত ৰাখিব পৰা নাছিল। নলবাৰী, বৰমা, বজালী আদিৰ কৃষক ৰাইজ আগৰ দৰেই সক্রিয় হৈ আছিল আৰু চৰকাৰৰ ৰাজহ সংগ্ৰহত পূর্ণ বাধা প্রয়ােগ কৰিছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

৭। ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা। 

উত্তৰঃ উত্তৰ কামৰূপৰ কৃষক বিদ্ৰোহৰ ভালকৈ অন্ত নৌপৰােতেই দৰং জিলাৰ অন্তৰ্গত মঙলদৈ মহকুমাৰ পথৰুঘাটতাে কৃষক বিদ্রোহে দেখা দিয়ে। ইয়াৰ ৰাইজে ১৮৯৪ চনৰ জানুৱাৰীৰ মাজভাগৰপৰাই ৰাইজমেলৰ যােগেদি খাজনা বৃদ্ধি প্রতিবাদ কৰাই নহয়, খাজনা সংগ্রহতে বাধা প্রদান কৰি আহিছিল, বর্ধিত হাৰত ভূমিৰ খাজনা নির্ধাৰণৰ পৰিপ্ৰেক্ষিতত মঙলদৈ মহকুমাৰ কলাইগাঁও, মঙলদৈ, ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকলে ৰাইজমেলত মিলিত হৈছিল। কৃষকসকলে নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ-২৬ তাৰিখৰপৰা ২৮ তাৰিখলৈ তিনিদিনীয়াকৈ এখন বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈ সেইমতে তাত গােট খােৱাৰ কথা আছিল। সেই অঞ্চলৰ তহচিলদাৰসকলৰপৰা পথৰুঘাটৰ এই প্রভাবিত ৰাইজমেলৰ প্রস্তুতিৰ খবৰ পাই মহকুমাধিপতিয়ে জিলাধিপতি জে ডি এণ্ডাৰছক সেই সম্পর্কে অৱগত কৰিছিল। গতিকে জিলাধিপতি এণ্ডাৰছন কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ পুলিচ আৰু সামৰিক বাহিনীৰ এক ফৌজ লৈ পুলিচ অধীক্ষক জে আৰ বেবিংটনৰ সৈতে ২৬ তাৰিখে পথৰুঘাটলৈ যাত্ৰা কৰি ২৭ তাৰিখে আহি তাত উপস্থিত হৈছিল। 

পুলিচ মিলিটাৰীৰ সহায়ত খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰি অনা কার্যই কৃষকসকলৰ মাজত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল প্রায় ২০০জন লােকে সম্পত্তি ক্রোক কৰিবলৈ যােৱা বেৰিংটন চাহাবক আগুৰি ধৰে। কোনােমতে তেওঁ ৰাইজৰ হাতৰপৰা সাৰি আহি জিৰণি শিবিৰত থকা জিলাধিপতি এণ্ডাৰছনক ঘটনাৰ সবিশেষ জনায়। কেইঘণ্টামানৰ পিছত প্রায় ২০০০ উত্তেজিত কৃষক জিৰণি শিবিৰৰ ফালে ধাৱমান হয়। এই কৃষকসকলৰ প্রায় প্রত্যেকৰে হাতে হাতে আছিল লাঠি আৰু বাঁহৰ কামি। কৃষকসকলে এইদৰে দলে-বলে জিৰণি শিবিৰত উপস্থিত হােৱাত উপায়ুক্ত এণ্ডাৰছনে তেওঁলােকক তৎকালেই ঘৰাঘৰি যাবৰ কাৰণে নির্দেশ দিয়ে যদিও তেওঁলােকে তাতেই অৱস্থান কৰি থকাত উপায়ুক্তই পুলিচ অধীক্ষকক শক্তি প্রয়ােগ কৰি হ'লেও কৃষকসকলক তাৰপৰা আঁতৰাই পঠিয়াবলৈ নির্দেশ দিয়ে। সেই নির্দেশনা অনুযায়ী পুলিচ অধীক্ষকে কৃষকসকলক শক্তি প্রয়ােগ কবি খেদিবলৈ চেষ্টা কৰােতে কৃষকসকল উত্তেজিত হৈ লাঠি জোকাৰি, দলি-ফর্মুটি মাৰি ওচৰ চাপিহে আহিল। দলি-চপৰাৰ খুন্দাত পুলিচ- মিলিটাৰী, প্রশাসনিক বিষয় কোনেও চকু মেলিব পৰা নাছিল। তেনে অৱস্থাত উপায়ুক্তই পুলিচ অধীক্ষকক গুলীচালনা কৰিবলৈ নির্দেশ দিয়ে। ইয়াৰ ফলত বেচৰকাৰী হিচাপ অনুযায়ী ১৪০জন কৃষকৰ মৃত্যু আৰু ১৫০জন আহত হয়। আনহাতে, চৰকাৰী হিচাপ মতে ১৫ জনৰ মৃত্যু আৰু ৩৭জন আহত হয়। 

পথৰুঘাটৰ কৃ্যক বিদ্রোহ ব্রিটিছ সাম্রাজ্যবাদী চৰকাৰে অতি কঠোৰ হাতেৰে দমন কৰিছিল। এই বিদ্রোহত অংশগ্রহণ কৰাৰ অপৰাধত চৰকাৰী ভাষ্য মতে, মুঠতে ৩৭জন কৃষকক গ্রেপ্তাৰ কৰি বিচাৰ কৰা হৈছিল। মঙলদৈৰ মহকুমাধিপতি বেনছম চাহাবে বিচাৰ কার্য সমাধা কৰিছিল। এই বিদ্রোহত গ্রেপ্তাৰ কৰা লােকসকলৰ ভিতৰত আকলু শেখ আৰু অন্যান্য ছয়জনক শাস্তি প্রদান কৰা হয়। বাকী সকলােকে মুকলি কৰি দিয়ে। যদিও অসমত ব্রিটিছ সাম্রাজ্যবাদী শাসনে উনবিংশ শতিকাত সংঘটিত হােৱা কৃষক বিদ্রোহসমূহ দমন কৰিবলৈ সক্ষম হৈছিল, কিন্তু ১৮৬১ চনৰপৰা চলি অহা এইলানি কৃষক বিদ্রোহে পৰৱৰ্তী সময়ত অসমীয়া জনগণক স্বাধীনতা সংগ্ৰামত অনুপ্ৰেৰণা যােগাইছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

৮। ১৮৫০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়া সকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা। 

উত্তৰঃ জয়ন্তীয়া ৰাজ্য ১৮৩৫ চনত ৰজা ৰাজেন্দ্র সিঙৰ হাতৰপৰা ইংৰাজৰ হাতলৈ যায়। জয়ন্তীয়া পাহাৰ কোম্পানীৰ ৰাজ্যৰ সৈতে চামিল কৰাত স্বাভাৱিকতে স্বাধীনচেতীয়া জয়ন্তীয়া জনজাতিসকল বিক্ষুব্ধ হৈ আছিল। ভূমি দখলতকৈও ব্রিটিছ প্রশাসকৰ উদ্ভণ্ডালিৰ কাৰণে চিণ্টেং বা জয়ন্তীয়াসকল অসন্তুষ্ট হৈ পৰিছিল। ইংৰাজ ৰাজনৈতিক প্রতিনিধিৰ তলত দেৱানী আৰু ফৌজদাৰী বিচাৰৰ ভাৰ দিয়া হৈছিল দলৈসকলক। বিদেশী প্রশাসনে তাতাে দোষ উলিয়াইছিল। ব্রিটিছ প্রশাসনে জনজাতিসকলে মুকলিকৈ সামূহিকভাৱে মাছ ধৰা আৰু খৰি-খেৰ সংগ্ৰহ কৰা অঞ্চলসমূহৰ ওপৰত নিষেধাজ্ঞা আৰােপ কৰি ৰাজহ সংগ্ৰহৰ বাট উলিয়াইছিল। তদুপৰি জয়ন্তীয়াসকলৰ ধৰ্মীয় আৰু পৰম্পৰাগত অনুষ্ঠান পর্ব তথা সামাজিক জীৱনত হস্তক্ষেপ, পূর্বৰেপৰা ব্যৱহাৰ কৰি অহা অস্ত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰু অনুশাসনে স্বাধীনচেতীয়া পাহাৰীয়া জনজাতিটোক ইংৰাজ বিদ্বেষী কৰি তুলিছিল। এই পৰিস্থিতিত তেওঁলােকে চৰ্দাৰ আৰু দলৈসকলৰ সৈতে গাঁৱৰ সভাত মিলিত হৈছিল আৰু ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ প্রস্তুতি পর্ব চলাইছিল। আনহাতে, কোনােদিনে নগদ, ধন হিচাপে কৰ-কাটল দি নােপােৱা জয়ন্তীয়াসকলৰ ওপৰত ব্ৰিটিছে কর্তৃত্ব জাহিৰ কৰিবলৈ ঘৰ কৰ, আয়কৰ আদি বহুৱাইছিল। 

প্রথমতে ব্রিটিছে ঘৰ কৰ প্ৰৱৰ্তন কৰাৰ সময়তে জোৱাইৰ তহচিলদাৰজনক আঁতৰাই থৈ জয়ন্তীয়াসকলে বিদ্ৰোহৰ সূচনা কৰে। এই বাতৰি বিয়পি পৰাৰ লগে লগে জয়ন্তীপুৰ, মূলাগােল, জাফলং, ছে আদি অঞ্চলতাে বিদ্ৰোহৰ আৰম্ভণি হয়। ব্রিটিছ প্রশাসনে কঠোৰ নীতি গ্রহণ কৰাত ১৮৬১ চনত উকিয়াং নবাৰ নেতৃত্বত জয়ন্তীয়াসকলে ব্রিটিছৰ বিৰুদ্ধে সজোৰে বিদ্রোহ ঘােষণা কৰে তেওঁলােক জোৱাইৰ ওচৰত এক সভাত মিলিত হৈ জয়ন্তীয়া পাহাৰৰপৰা ব্রিটিছৰ ৰাজনৈতিক কর্তৃত্ব ওফৰাই তাত জয়ন্তীয়াসকলৰ স্বাধিকাৰ প্রতিষ্ঠা কৰাৰ বাবে প্রতিজ্ঞাবদ্ধ হৈছিল। জয়ন্তীয়াসকলে ১৮৬২ চনৰ ১৭ জানুৱাৰী তাৰিখে জোৱাইত থকা ব্রিটিছ ছাউনীত অতর্কিতে আক্রমণ কৰে। বিদ্রোহীসকলে জোৱাই-চেৰাপুঞ্জী আৰু চেৰাপুঞ্জী-জয়ন্তীপুৰৰ মাজৰ দুয়ােটা পথেই আগতীয়াকৈ অৱৰােধ কৰি ৰাখিছিল। জয়ন্তীয়াসৰ লৰ ওপৰত ব্ৰিটিছ চৰকাৰে নিয়ােগ কৰা ৪৪ নং দেশীয় পদাতিক আৰু ৩৩ নং বেংগল মিলিটাৰী পুলিচ বাহিনীৰ লােকে অমানুষিক অত্যাচাৰ আৰম্ভ কৰিছিল। বিদ্রোহীসকলেও প্রতিপক্ষৰ অসংখ্য লােকক হত্যা কৰিছিল। দুয়ােপক্ষৰ মাজত তীব্র সংঘর্ষ অব্যাহত থকাৰ সময়তে ইংৰাজ প্রশাসনে ইষ্টার্ণ কামাণ্ডাৰ ব্রিগেডিয়াৰ জেনেৰেল জি ডি শ্বাৱাৰছক সমগ্র জয়ন্তীয়া পাহাৰৰ ওপৰত সামৰিক আৰু অসামৰিক কর্তৃত্ব প্রদান কৰাৰ লগতে বি ডব্লিউ মর্টনক খাচী-জয়ন্তীয়া পাহাৰৰ ডেপুটী' কমিছব নিয়ােগ কৰিছিল। 

আনহাতে, নেৰানেপেৰা চৰকাৰী আক্ৰমণৰ ফলত জয়ন্তীয়া বিদ্রোহীসকলৰ শক্তি ক্রমান্বয়ে হ্রাস পাই আহিব ধৰিছিল। ব্রিটিছ চৰকাৰেও বিদ্রোহীসকলে স্বেচ্ছাই আত্মসমর্পণ কৰিলে সাধাৰণ ক্ষমা প্রদানৰ প্রতিশ্রুতি দিছিল আৰু তেওঁলােকৰ নেতা উকিয়াং নবাক কোনো লােকে জীৱন্তে ধৰি ব্রিটিছক গতাই দিলে তেওঁক ১০০০ টকা পুৰস্কাৰ দিয়াৰ কথা ঘােষণা কৰিছিল। অৱশেষত উকিয়াং নবা ব্রিটিছৰ হাতত ধৰা পৰে আৰু বহু লোকৰ উপস্থিতিত ব্রিটিছে জোৱাইত ফুচীকাঠত ওলমায়। এই ঘটনাই জয়ন্তীয়া বিদ্রোহীসকলৰ উৎসাহ ভালেখিনি হ্রাস কৰিছিল আৰু বহুতেই স্বেচ্ছাই আত্মসমর্পণৰ বাট বাছি লৈছিল। এনেদৰেই ১৮৬৩ চনৰ ভিতৰত জয়ন্তীয়া বিদ্ৰোহৰ পৰিসমাপ্তি ঘটে। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

৯। ১৮৯১ চনত মণিপুৰত টিকেন্দ্রজিতৰ নেতৃত্বত ব্রিটিছৰ বিৰুদ্ধে হােৱা বিদ্ৰোহৰ বিষয়ে লিখা। 

উত্তৰঃ মণিপুৰ ৰাজ্য অসম প্রশাসনৰ বাহিৰত আছিল। ভালেমান বছৰৰ পূৰ্বৰপৰাই মণিপুৰ ব্রিটিছৰ দ্বাৰা আশ্রিত আৰু স্বীকৃত দেশীয় ৰাজ্যৰূপে বর্তি আছিল। মণিপুৰত সিংহাসন লাভৰ বাবে ১৮৯০ চনত ৰাজপৰিয়ালৰ সদস্যসকলৰ মাজত এক গৃহ কন্দলৰ সূচনা হৈছিল। এই উত্তৰাধিকাৰীৰ যুদ্ধত অসমৰ চীফ কমিছনাৰে অনাহকতে হস্তক্ষেপ কৰিছিল। ইংৰাজৰ উপস্থিতিৰ সুবিধা গ্রহণ কৰি যুৱৰাজ কুলচন্দ্রই মহাৰাজ সুচন্দ্রক সিংহাসনচ্যুত কৰি নিজেই ৰজা হয় (২১ ছেপ্টেম্বৰ, ১৮৯০)। সুৰচন্দ্ৰই ইংৰাজৰ সহায় ভিক্ষা কৰিছিল যদিও তেওঁলােকে কুলচন্দ্রকহে মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিয়ে। কিন্তু তলে তলে চলি থকা ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ মূল নেতা সেনাপতি টিকেন্দ্রজিতক দেশান্তৰিত কৰিবলৈ ব্ৰিটিছে নতুন ৰজা কুলচন্দ্রক হেঁচা প্রয়ােগ কৰিলে। কিন্তু দেশৰ স্বাধীনতা ৰক্ষাৰ হকে কাম কৰা জনপ্রিয় নেতাজনক ব্রিটিছৰ কথা মতে দেশান্তৰিত কৰাটো কুলচন্দ্র কাৰণে সহজ কথা নাছিল। সেয়ে অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইন্টন আৰু চাৰিজন ইউৰােপীয় বিষয়াই তেওঁক ধৰিবলৈ নিজেই অহাত স্বাধীনতা প্রয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে। এই ঘটনাৰ প্রতিশােধ ল’বলৈ এটা শক্তিশালী সৈন্য বাহিনী মণিপুৰলৈ পঠিয়ায়। ইংৰাজ বাহিনী বীৰ সেনাপতি টিকেন্দ্রজিতক ধৰিবলৈ সক্ষম হয়। ব্রিটিছ বিষয়াক হত্যা করা, ব্রিটিছ শাসনৰ বিৰােধিতা কৰাৰ অপৰাধত টিকেন্দ্রজিতক ফীচী দিয়া হয়। ৰজা কুলচন্দ্রক নির্বাসন দণ্ড দিয়া হয়। এজন মণিপুৰী কেঁৱৰ নাবালক চুড়চন্দ্ৰক ৰজা ঘােষণা করা হয় (ছেপ্টেম্বৰ, ১৮৯১)। ব্রিটিছ চৰকাৰৰ প্রতিনিধিজনক ৰজা নাবালক হােৱা বাবে মণিপুৰৰ প্রশাসনিক দায়িত্ব অর্পণ কৰা হয়। মণিপুৰে আঢ়ৈ লাখ টকা বিদ্ৰোহৰ ক্ষতিপূৰণ ব্রিটিছ চৰকাৰক দিয়াৰ উপৰি বছৰি ৫০,০০০ টকা পৰিশােধ কৰিব লগা হৈছিল। এইদৰেই মণিপুৰ ৰাজ্যত ইংৰাজৰ আধিপত্য স্থাপিত হৈছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

চমু টোকা লিখাঃ

১। অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যবস্থাঃ

উত্তৰঃ ঊনবিংশ শতিকাৰ ত্ৰিছ আৰু চল্লিছৰ দশকত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এক শক্তিশালী শাসকৰ ৰূপত প্রতিষ্ঠিত হৈছিল। অসমতাে তেওঁলােকে এক শক্তিশালী প্রশাসনিক গাঁথনিৰ সৃষ্টি কৰি স্থানীয় লােকৰ দ্বাৰা হ'ব পৰা যিকোনাে ব্রিটিছ বিৰােধী উত্থানক বাধা প্রদান কৰিবলৈ সক্ষম হৈছিল। গােমধৰ কোঁৱৰ, পিয়লি ফুকনৰ বিদ্রোহ ব্যর্থতাই তাকেই প্রমাণ কৰিছিল। এক সম্পূর্ণ নতুন ৰাজহ ব্যৱস্থাৰে অর্থনীতিও তেওঁলােকৰ আয়ত্তলৈ আনিবলৈ সক্ষম হৈছিল। এই ৰাজহ ব্যৱস্থাত বিদেশী চৰকাৰখনে কৰ-কাটল সংগ্রহতহে বেছি গুৰুত্ব প্রদান কৰিছিল। দৰিদ্ৰ প্ৰজা তথা কৃষকৰ দুখ-দুর্দশা মােচন কৰাৰ ক্ষেত্ৰত চৰকাৰে একো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। অসমত ব্রিটিছ শাসনৰ পূর্ববর্তী অৱস্থাত মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা নাছিল। কিন্তু ইংৰাজে প্রবর্তন কৰা টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য কৰকাটল সংগ্ৰহৰ ব্যৱস্থাই অসমীয়া প্রজাৰ অৱস্থা শােচনীয় কৰি তুলিছিল আৰু ব্রিটিছ চৰকাৰৰ শােষণ দিনক দিনে বৃদ্ধি পাই আহিছিল। তলত দিয়া পৰিসংখ্যাই ১৮৫৭ চনৰ বিদ্ৰোহৰ আগে আগে অসমত বৃদ্ধি হোৱা ৰাজহৰ এক আভাস দিব পাৰিব-


জিলা           ১৮৩২-৩৩               ১৮৪২-৪৩         ১৮৫২-৫৩

কামৰূপ ১,১০,১৮১ টকা     ২,৫২,৯৯১ টকা    ২,৯৫,৯৯৬ টকা

দৰং          ৪১,৫০৬ টকা      ১,৩৫,৪৫৪ টকা    ১,৫৭,৭৯৫ টকা

নগাঁও        ৩১,৫০৯ টকা      ১,১০,৩১৪ টকা    ১,২৮,৮৭৩ টকা

শিৱসাগৰ                                ৮০,৮৪৩ টকা   ১,১৪,৪৬৩ টকা 

লখিমপুৰ                                 ৩৪,৭৮০ টকা      ৪৬,৫৫৩ টকা

মুঠ          ১,৮৩,১৯৬ টকা      ৬,১৪,৩৮২ টকা   ৭,৪৩,৬৮০ টকা


ব্রিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ বৃদ্ধিৰ নীতি আৰু মুদ্রা অর্থনীতিয়ে অসমীয়া সর্বসাধাৰণ মানুহৰ মনত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। এই মুদ্রা অর্থনীতিয়ে অসমত সুদখােৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল আৰু অসমীয়া প্ৰজাই এই সুদখােৰ মহাজন শ্ৰেণীৰপৰা টকা ধাৰলৈ লৈ হ'লেও ভূমি ৰাজহ চৰকাৰক দিবলৈ বাধ্য হৈছিল। এই মহাজন শ্রেণীটো আছিল বহিৰাগত বেপাৰী, মাৰোৱাৰী (কেঞা) আৰু বাঙালী মহাজন। সেই সময়ত অসমৰ গাঁওসমূহ আত্মনিৰ্ভৰশীল আছিল আৰু উৎপন্ন বস্তু বেচি ধন ঘটাৰ সুবিধা একেবাৰেই নাছিল। তদুপৰি বজাৰ সমাৰৰ সীমাবদ্ধতাই অসমীয়া প্ৰজাক জুৰুলা কৰি তুলিছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

২। মণিৰাম দেৱানঃ

উত্তৰঃ মণিৰাম বৰভাণ্ডাৰ বৰুৱাই মণিৰাম দেৱান নামেৰে পৰিচিত হৈছিল। তেখেতে মানসকলৰ দ্বাৰা হােৱা আক্ৰমণত অসমীয়া জনগণে সম্মুখীন হােৱা দুর্গতিৰ লগতে অসম দেশ ১৮২৬ চনত কেনেকৈ ব্রিটিছৰ অধীনলৈ গৈছিল, এই সকলােবােৰ ঘটনাৰে প্রত্যক্ষদর্শী আছিল। আৰম্ভণিতে তেওঁ ইংৰাজ শাসনৰ বিৰােধী নাছিল। বৰং ১৮২৮ চনত ব্ৰিটিছে তেখেতক চিৰঙাদাৰ (ৰাজহৰ হিচাপ ৰক্ষক) হিচাপে যােৰহাটত নিযুক্তি দিয়ে। এই পদবীত থাকোতে তেওঁ ৰাজহ বিভাগৰ বহুখিনি সংস্কাৰ সাধন কৰি নিজৰ কর্মদক্ষতা প্রদর্শন কৰিবলৈ সক্ষম হৈছিল। পুৰন্দৰ সিংহক যেতিয়া উজনি অসমত ব্রিটিছ চৰকাৰে পুনৰ প্ৰতিষ্ঠা কৰিছিল, মণিৰাম দেৱানে পুৰন্দৰ সিংহৰ অধীনত দেৱান হিচাপে যােগদান কৰিছিল। অজ্ঞাত কাৰণত মণিৰাম দেৱানে এই পদবীৰপৰা ইস্তফা দি অসম টি কোম্পানীত (ব্রিটিছ মালিকানাধীন, ১৮৩৯ চনত প্রতিষ্ঠিত) যােগদান কৰে। ১৮৪৪ চনত তেওঁ এই পদবীৰপৰাও ইস্তাফা দি নিজেই যােৰহাটত চাহ বাগিচা খুলিছিল। কিন্তু ইংৰাজ চাহ খেতিয়কে লাভ কৰাৰ দৰে ৰাজহৰ ক্ষেত্ৰত তেখেতে ব্ৰিটিছ চৰকাৰৰপৰা ৰেহাই পাবলৈ সক্ষম নােহােৱাত অসন্তুষ্ট হৈ পৰে। তদুপৰি শিৱসাগৰ জিলাৰ মুখ্য বিষয় হিচাপে ১৮৫১ চনত যােগদান কৰা কেপ্টেইন হলইডে মণিৰাম দেৱানৰ পৰিয়ালে পুৰুষানুক্রমে ভােগ কৰি অহা বাজহৰ দায়িত্বৰপৰা বঞ্চিত কৰিছিল। যদিও মণিৰাম দেৱানৰ কৰ্মজীৱন ব্রিটিছ চৰকাৰৰ অধীনত কর্তৃত্বশীল বিষয় হিচাপে আৰম্ভ হৈছিল, কিন্তু পিছলৈ একে চৰকাৰৰ অধীনতে পদবীবিহীন, ধন, মানসন্মানবিহীন এক সাধাৰণ প্রজালৈ অৱনতি ঘটিছিল। মণিৰাম দেৱান এটা ক্ষেত্রত সিদ্ধান্তলৈ আহিছিল যে ত্ৰিটিছ শাসনৰ অধীনত তেওঁৰ জীৱনৰ উন্নতি কোনােমতেই সম্ভৱ নহয়। গতিকে আহােম ৰাজতন্ত্র পুনৰ প্রতিষ্ঠা কৰিলেহে যে নিজৰ অৱস্থান উন্নতি হ'ব সেইটো পতিয়ন গৈছিল। আহােম ৰাজকোৱৰ কামেশ্বৰ সিংহৰ লগতে মণিৰাম দেৱানেও ব্রিটিছ চৰকাৰৰপৰা ১০০০ টকাৰ পেঞ্চন ল'বলৈ অমাস্তি হৈছিল। ১৮৫১ চনত কামেশ্বৰ সিংহৰ মৃত্যু হয় আৰু তেওঁৰ পুত্ৰ কন্দর্পেশ্বৰ সিংহক ৰাজসিংহাসনত প্রতিষ্ঠা কৰিবলৈ মণিৰাম দেৱানে উৎসাহিত কৰাৰ লগতে পূর্ণ সহযােগিতা আগবঢ়াইছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

৩। ফুলগুৰি ধাৱাঃ

উত্তৰঃ ব্রিটিছৰ অর্থনৈতিক শােষণৰ বিৰুদ্ধে শােষিত কৃষক ৰাইজে কৰা অসমৰ প্রথম বিদ্রোহটোৱেই হৈছে ফুলগুৰিৰ ধাৱা। নগাঁৱৰপৰা কিছু নিলগৰ ফুলগুৰি আছিল তিৱা জনবসতিপূর্ণ এখন গাঁও য'ত জনসাধাৰণে আফু খেতি বৃহৎ পৰিমাণত কৰিছিল আৰু ইয়াৰ দ্বাৰাই তেওঁলােকে জীৱিকা নির্বাহ কৰিছিল। ব্রিটিছ চৰকাৰে নিজাববীয়াকৈ কানি বিক্ৰী কৰিবলৈ লােৱাত (আফুগুটিৰপৰা কানি, মাদক দ্রব্য প্রস্তুত কৰা হয়) আফু খেতি কৰি পেট প্ৰৱৰ্তোৱা ফুলগুৰি অঞ্চলৰ কৃষকসকল বিক্ষুব্ধ হৈছিল। ১৮৬১ চনত ব্রিটিছ চৰকাৰে আফু খেতি কৰা সম্পূর্ণৰূপে বন্ধ কৰি দিয়াত সমগ্র তিৱা জনজাতিৰ লােকসকল অতিশয় অসন্তুষ্ট হৈ পৰে, কিয়নাে চৰকাৰী কানিৰ প্ৰচলন বন্ধ কৰা নাছিল। ব্রিটিছ চৰকাৰৰ এই সিদ্ধান্তই এই লােকসকলৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছিল। তদুপৰি তামােল-পাণৰ ওপৰতাে চৰকাৰে কৰ লগাব বুলি বাতৰি প্রকাশ পালে। চৰকাৰে আফু খেতি বন্ধ কৰাৰ লগে লগে ১৮৬১ চনৰ ১৭ ছেপ্টেম্বৰ তাৰিখে প্রায় ১৫০০ কৃষকে ইয়াৰ প্রতিবাদ কৰিবলৈ বিভিন্ন অঞ্চলৰপৰা আহি ফুলগুৰিত ৰাইজমেল অনুষ্ঠিত কৰে। মেলত কৃষকসকলে আফু খেতি বন্ধ কৰা নির্দেশ বাতিল কৰিবলৈ আৰু পাণ-তামােলৰ ওপৰত যাতে কোনাে কৰ নলগায় সেই কথা উপায়ুক্তক জনােৱাৰ সিদ্ধান্ত গ্রহণ কৰে। 

সেই সময়ত নগাঁৱৰ উপায়ুক্ত আছিল লেফটেনেন্ট হার্বার্ট স্কুল। তেওঁ ৰাইজৰ আবেদনৰ প্রতি সঁহাৰি জনােৱাটো বাদেই, তেওঁলােকক বেয়া ব্যৱহাৰহে কৰিলে। ক্ষোভিত ৰাইজে এই অপমানব প্রতিবাদ কৰিবলৈ ১৫ অক্টোবৰৰপৰা পাঁচদিন ধৰি ফুলগুৰিত ৰাইজমেল পাতিলে। প্রথমদিনা সমরেত হােৱা প্ৰায় এহেজাৰ কৃষকৰ প্রায় আধাখিনিয়েই লাঠিৰে সজ্জিত আছিল। ইয়াৰ পৰবৰ্তী দিনসমূহতাে মেলুৱৈৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। ১৮ অক্টোবৰ তাৰিখে মেলত প্রায় চাৰি হেজাৰ ৰাইজ সমবেত হৈছিল। উপায়ুক্ত হার্বার্ট স্কুলে সহকাৰী উপায়ুক্ত লেফটেনেন্ট ছিংগাৰক সভাস্থলীলৈ পঠিয়ালে। ছিংগাৰে সভাৰ উদ্দেশ্য জানিবলৈ বিচৰাত ৰাইজৰ ফালৰপৰা জাতি কলিতা নামৰ এজনে চাহাবক জনালে যে কর্তৃপক্ষই কৃষক ৰাইজৰ দাবীসমূহৰ প্ৰতি (আফু খেতি বন্ধ প্রত্যাহাৰ, তামােল-পাণৰ ওপৰত কৰ প্রত্যাহাৰ আদি) সঁহাৰি নজনােৱা বাবে তেওঁলােকে উর্ধ্বতন কর্তৃপক্ষৰ কাষ চপাৰ গুণাগথা কৰিছে। এই কথাত ছিংগাৰ যথেষ্ট উত্তেজিত হৈ ৰাইজক সেই স্থান ত্যাগ কৰিবলৈ নির্দেশ দিয়ে। লগতে তেওঁৰ লগত অহা পুলিচ বাহিনীক ৰাইজৰ হাতৰপৰা লাঠীবােৰ কাঢ়ি আনিবলৈ নির্দেশ দিয়ে। লাঠীৰ বাবে টনা-আজোৰা কৰি থাকোতে ৰাইজৰ মাজৰে এজন কৃষকে ছিংগাৰৰ মূৰত লাঠীৰে কোবাই মাটিত বগৰাই দিয়ে। আন কৃষকসকলেও ছিংগাবক আক্রমণ কৰাত থিতাতে তেওঁৰ মৃত্যু হয়। ছিংগাৰৰ মৃতদেহটো কলং নৈত দলিয়াই পেলাই দিয়া হয়। ছিংগাৰৰ লগত যােরা পুলিচ বাহিনী ভয়তে পলাই পত্রং দিয়ে। এই ঘটনাকে ইতিহাসৰ পাতত ফুলগুৰি ধাৱা নামেৰে অভিহিত কৰা হয়। এই ঘটনাৰ পিছত বহুতাে কৃষকক কর্তৃপক্ষই লেফটেনেন্ট ছিংগাৰৰ হত্যাৰ অপৰাধত গ্রেপ্তাৰ কৰে। হেজাৰজনক ৰহা আৰু ফুলগুৰিত অস্থায়ী কাৰাগাৰত কেইবামাহ আটক কৰি ৰাখে। বিচাৰত লক্ষ্মণ ডেকা, চংবৰ লালুং, ৰংবৰ ডেকাক নগাঁও জেলত মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়। কিছু অভিযুক্ত কৃষকক দীর্ঘ সময়ৰ বাবে কলিয়াপানী (আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত)লৈ প্ৰেৰণ কৰা হয়। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

৪। লচিমাৰ কৃষক বিদ্রোহঃ

উত্তৰঃ ব্রিটিছ প্রশাসনৰ দমনমূলক ব্যৱস্থাৰ পিছতাে ৰঙিয়াৰ কৃষক বিদ্রোহ অন্যান্য অঞ্চললৈ বিয়পি পৰিছিল। বৰমাত ৰাইজমেল বৰ শক্তিশালী আছিল আৰু তাত এই ৰাইজমেলৰ নেতৃত্বত লাঠিয়াল বাহিনী গঢ়ি তােলাৰ লগতে যােগাযােগৰ সুবিধাৰ অর্থে ডাক-পিয়নৰ নিযুক্তি দি নিজস্ব চোৰাংচোৱা ব্যৱস্থাও গঢ়ি তুলিছিল। বজালী আলত লচিমা, চৌখুটী, পানাগাঁও, সৰ্থেবাৰী, পাটাছাৰকুছি আদিত হেজাৰ হেজাৰ কুমকে ৰাইজমেলত যােগদান কৰিছিল। এই অঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাইজমেলখন বহিছিল পানাগাঁৱৰ চাপৰিত (পানাগাঁও টুপত)। এই ৰাইজমেলত আনকি বঙিয়া, নলবাৰী, ধর্মপুৰ, বজালী আদি উত্তৰ কামৰূপৰ বিভিন্ন অঞ্চলৰ কৃষকে যােগ দিছিল। ১৮৯৪ চনৰ ২১ জানুৱাৰীৰ দিনা সৰুক্ষেত্রী মৌজাৰ লাচিমাৰ ওচৰৰ কাপ্লা গাঁৱত মৌজাদাৰ দাসােম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্রই খাজনা সংগ্রহৰ বাবে যাওঁতে দুয়ােকে লাইজে বেয়াকৈ মাৰপিট কৰে। কিছুদিন পিছত মৌজাদাৰৰ মৃত্যু হয়। ঘটনাস্থলীত উপস্থিত হৈ বৰপেটাৰ মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈয়ে ৭৫জন লােকক আটক কৰি তেওঁৰ লচিমাৰ জিৰণি শিবিৰলৈ লৈ যায়। প্রায় ৩০০০ লােকে শিবিৰৰ চাৰিওফালে ঘেৰাও কৰি জ্বলাই দিয়াৰ ভাবুকি দিয়াত তেওঁ আটক কৰা বন্দীকলক মুক্ত কৰিবলৈ বাধ্য হয়। পিছদিনা উপায়ুক্ত মেক কেবে ৩০জনমান পুলিচ আৰু গােখা ৰেজিমেণ্টৰ লােকক লগত লৈ তাত উপস্থিত হৈ মুঠতে ৫৯জন বিদ্রোহী কৃষকক গ্রেপ্তাৰ কৰিছিল আৰু তেওঁলােকৰ অস্থায়ী জেলত ভৰাই থয়। ২৫ তাৰিখৰ আবেলিলৈ প্রায় ৬০০০ লােকে বন্দীসকলৰ মুক্তি বিচাবি ৬০০০ লােকৰ স্বাক্ষরিত এখন আবেদন উপায়ুক্তৰ শিবিৰলৈ গৈ দাখিল কৰে। মেক কেবে কোনাে সঁহাৰি নজনায় আৰু শক্তি প্রয়ােগ কৰি ৰাইজক খেদি পঠিয়ায়। পুলিচে আটক কৰাসকলৰ ভিতৰত গােসাঁই দলৈ আৰু কেইবাজনাে মুখীয়াল লােক আছিল। বন্দীসকলক গৰুৰ দৰে কান্ধত যুঁৱলি দি হাল টনাই ৰাইজক দৃষ্টান্ত দেখুৱাইছিল যাতে ভবিষ্যতে কোনেও বিদ্রোহ কৰিবলৈ সাহস কৰিব নােৱাৰে। লচিমাত কৃষক বিদ্রোহ সংগঠিত কৰা আৰু হলিৰাম মিশ্র মণ্ডলক মৰাৰ অপৰাধত ১৬জনক বিভিন্ন শাক্তি বিহা হৈছিল। পিছত কলিকতা হাইক'ৰ্টৰ নিৰ্দেশত এইসকল লােকৰ শাস্তিৰ পৰিমাণ লাঘৱ কৰা হৈছিল। বিদ্রোহত নেতৃত্ব দিয়া আৰু অংশগ্ৰহণ কৰাৰ অপৰাধত পুষ্পৰাম কলিতা, দেবী দত্ত শর্মা, জয়ন্তী বেজ, নিভার্যা কলিতা, নাউচাকু কলিতা আৰু মংগলু কলিতাই দুবছৰকৈ সশস্ত্র কাৰাদণ্ড ভােগ কৰিব লগা হৈছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

৫। পথৰুঘাটৰ ৰণঃ

উত্তৰঃ উত্তৰ কামৰূপৰ কৃষক বিদ্ৰোহৰ ভালকৈ অন্ত নৌপৰােতেই দৰং জিলাৰ অন্তৰ্গত মঙলদৈ মহকুমাৰ পথৰুঘাটতাে কৃষক বিদ্রোহে দেখা দিয়ে। ইয়াৰ ৰাইজে ১৮৯৪ চনৰ জানুৱাৰীৰ মাজভাগৰপৰাই ৰাইজমেলৰ যােগেদি খাজনা বৃদ্ধি প্রতিবাদ কৰাই নহয়, খাজনা সংগ্রহতে বাধা প্রদান কৰি আহিছিল, বর্ধিত হাৰত ভূমিৰ খাজনা নির্ধাৰণৰ পৰিপ্ৰেক্ষিতত মঙলদৈ মহকুমাৰ কলাইগাঁও, মঙলদৈ, ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকলে ৰাইজমেলত মিলিত হৈছিল। কৃষকসকলে নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ-২৬ তাৰিখৰপৰা ২৮ তাৰিখলৈ তিনিদিনীয়াকৈ এখন বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈ সেইমতে তাত গােট খােৱাৰ কথা আছিল। সেই অঞ্চলৰ তহচিলদাৰসকলৰপৰা পথৰুঘাটৰ এই প্রভাবিত ৰাইজমেলৰ প্রস্তুতিৰ খবৰ পাই মহকুমাধিপতিয়ে জিলাধিপতি জে ডি এণ্ডাৰছক সেই সম্পর্কে অৱগত কৰিছিল। গতিকে জিলাধিপতি এণ্ডাৰছন কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ পুলিচ আৰু সামৰিক বাহিনীৰ এক ফৌজ লৈ পুলিচ অধীক্ষক জে আৰ বেবিংটনৰ সৈতে ২৬ তাৰিখে পথৰুঘাটলৈ যাত্ৰা কৰি ২৭ তাৰিখে আহি তাত উপস্থিত হৈছিল। 

পুলিচ মিলিটাৰীৰ সহায়ত খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰি অনা কার্যই কৃষকসকলৰ মাজত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল প্রায় ২০০জন লােকে সম্পত্তি ক্রোক কৰিবলৈ যােৱা বেৰিংটন চাহাবক আগুৰি ধৰে। কোনােমতে তেওঁ ৰাইজৰ হাতৰপৰা সাৰি আহি জিৰণি শিবিৰত থকা জিলাধিপতি এণ্ডাৰছনক ঘটনাৰ সবিশেষ জনায়। কেইঘণ্টামানৰ পিছত প্রায় ২০০০ উত্তেজিত কৃষক জিৰণি শিবিৰৰ ফালে ধাৱমান হয়। এই কৃষকসকলৰ প্রায় প্রত্যেকৰে হাতে হাতে আছিল লাঠি আৰু বাঁহৰ কামি। কৃষকসকলে এইদৰে দলে-বলে জিৰণি শিবিৰত উপস্থিত হােৱাত উপায়ুক্ত এণ্ডাৰছনে তেওঁলােকক তৎকালেই ঘৰাঘৰি যাবৰ কাৰণে নির্দেশ দিয়ে যদিও তেওঁলােকে তাতেই অৱস্থান কৰি থকাত উপায়ুক্তই পুলিচ অধীক্ষকক শক্তি প্রয়ােগ কৰি হ'লেও কৃষকসকলক তাৰপৰা আঁতৰাই পঠিয়াবলৈ নির্দেশ দিয়ে। সেই নির্দেশনা অনুযায়ী পুলিচ অধীক্ষকে কৃষকসকলক শক্তি প্রয়ােগ কবি খেদিবলৈ চেষ্টা কৰােতে কৃষকসকল উত্তেজিত হৈ লাঠি জোকাৰি, দলি-ফর্মুটি মাৰি ওচৰ চাপিহে আহিল। দলি-চপৰাৰ খুন্দাত পুলিচ- মিলিটাৰী, প্রশাসনিক বিষয় কোনেও চকু মেলিব পৰা নাছিল। তেনে অৱস্থাত উপায়ুক্তই পুলিচ অধীক্ষকক গুলীচালনা কৰিবলৈ নির্দেশ দিয়ে। ইয়াৰ ফলত বেচৰকাৰী হিচাপ অনুযায়ী ১৪০জন কৃষকৰ মৃত্যু আৰু ১৫০জন আহত হয়। আনহাতে, চৰকাৰী হিচাপ মতে ১৫ জনৰ মৃত্যু আৰু ৩৭জন আহত হয়। 

পথৰুঘাটৰ কৃ্যক বিদ্রোহ ব্রিটিছ সাম্রাজ্যবাদী চৰকাৰে অতি কঠোৰ হাতেৰে দমন কৰিছিল। এই বিদ্রোহত অংশগ্রহণ কৰাৰ অপৰাধত চৰকাৰী ভাষ্য মতে, মুঠতে ৩৭জন কৃষকক গ্রেপ্তাৰ কৰি বিচাৰ কৰা হৈছিল। মঙলদৈৰ মহকুমাধিপতি বেনছম চাহাবে বিচাৰ কার্য সমাধা কৰিছিল। এই বিদ্রোহত গ্রেপ্তাৰ কৰা লােকসকলৰ ভিতৰত আকলু শেখ আৰু অন্যান্য ছয়জনক শাস্তি প্রদান কৰা হয়। বাকী সকলােকে মুকলি কৰি দিয়ে। যদিও অসমত ব্রিটিছ সাম্রাজ্যবাদী শাসনে উনবিংশ শতিকাত সংঘটিত হােৱা কৃষক বিদ্রোহসমূহ দমন কৰিবলৈ সক্ষম হৈছিল, কিন্তু ১৮৬১ চনৰপৰা চলি অহা এইলানি কৃষক বিদ্রোহে পৰৱৰ্তী সময়ত অসমীয়া জনগণক স্বাধীনতা সংগ্ৰামত অনুপ্ৰেৰণা যােগাইছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

৬। অসমত কৃষক বিদ্ৰোহৰ গুৰুত্বঃ

উত্তৰঃ ব্ৰিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ ব্যৱস্থাই সাধাৰণ কৃষকৰ মনত অসন্তুষ্টি সৃষ্টি কৰিছিল। ইয়াৰােপৰি মুদ্রা অর্থনীতিয়ে সুদখােৰ মহাজনৰ সৃষ্টি কৰিছিল। টকা ধাৰলৈ লৈ হলেও মাটিৰ খাজনা দিব লাগিছিল। তাৰােপৰি উৎপন্ন বস্তু বেচি ধন উপার্জন কৰাৰ সুবিধা একেবাৰে নাছিল। চৰকাৰে কৃষিকাৰ্যৰ উন্নতিৰ হকে কৃষকসকলৰ একো চেষ্টা নকৰিছিল। ফলস্বৰূপে কৃষকসকলৰ অৱস্থা শােচনীয় হৈছিল। অত্যধিক মাটিৰ খাজনা বৃদ্ধি, পাণ-তামােল আদিৰ ওপৰত লগােৱা কৰ, আফু খেতি বন্ধ কৰা আদিৰ বাবে কৃষকসকল বিভিন্ন ঠাইত বিভিন্ন সময়ত বিদ্রোহী হৈ উঠিছিল। ১৮৯৪ চনৰ পথৰুঘাটৰ বিদ্রোহ, ১৮৬১ চনৰ ফুলগুৰিৰ বিদ্রোহ, ১৮৯৩ চনৰ ৰঙিয়াৰ বিদ্রোহ আদিয়ে ইংৰাজক কঁপাই তুলিছিল, যদিও এই বিদ্রোহবিলাক ইংৰাজে কঠোৰ হাতেৰে দমন কৰিছিল।

১৮৫৭ চনৰ বিদ্রোহ যদিও ব্রিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল, অসমৰ ইতিহাসত প্রথমবাৰৰ বাবে এক সর্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল। ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হােৱা কৃষক বিদ্রোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰ দ্বাৰা কিছু পৰিমাণে অনুপ্রাণিত হৈছিল। অসমতাে হিন্দু আৰু মুছলমান এই দুটা প্রধান সম্প্রদায়ে একগােট হৈ বিদ্রোহত অংশগ্রহণ কৰি জাতীয়তাবােধৰ বিকাশত ইন্ধন যােগাইছিল। ১৮৫৭ চনৰ বিদ্ৰোহৰপৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্রামীৰ দৰে অসমীয়া সংগ্রামীসকলেও মণিৰাম দেৱান তথা সহযােগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্রাণিত হৈছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

৭। টিকেন্দ্রজিৎঃ

উত্তৰঃ ১৮৯০ চনৰ ব্ৰিটিছ বিৰুদ্ধে কৰা মণিপুৰ বিদ্ৰোহৰ নেতা আছিল। ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ মূল নেতা সেনাপতি টিকেন্দ্রজিতক দেশান্তৰিত কৰিবলৈ ব্ৰিটিছে নতুন ৰজা কুলচন্দ্রক হেঁচা প্রয়ােগ কৰিলে। কিন্তু দেশৰ স্বাধীনতা ৰক্ষাৰ হকে কাম কৰা জনপ্রিয় নেতাজনক ব্রিটিছৰ কথা মতে দেশান্তৰিত কৰাটো কুলচন্দ্র কাৰণে সহজ কথা নাছিল। সেয়ে অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইন্টন আৰু চাৰিজন ইউৰােপীয় বিষয়াই তেওঁক ধৰিবলৈ নিজেই অহাত স্বাধীনতা প্রয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে। এই ঘটনাৰ প্রতিশােধ ল’বলৈ এটা শক্তিশালী সৈন্য বাহিনী মণিপুৰলৈ পঠিয়ায়। ইংৰাজ বাহিনী বীৰ সেনাপতি টিকেন্দ্রজিতক ধৰিবলৈ সক্ষম হয়। ব্রিটিছ বিষয়াক হত্যা করা, ব্রিটিছ শাসনৰ বিৰােধিতা কৰাৰ অপৰাধত টিকেন্দ্রজিতক ফীচী দিয়া হয়। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

৮। নগা জনগােষ্ঠীৰ বিদ্রোহঃ

উত্তৰঃ ব্রিটিছৰ ৰাজনৈতিক নিয়ন্ত্রণ নগা জনজাতিসকলেও পছন্দ কৰা নাছিল। ফলস্বৰূপে ব্রিটিছ অধিকৃত নগা ৰাজ্যসমূহত আৰম্ভণিৰেপৰা অসন্তোষৰ বা বলি আছিল। নগাসকলে ১৮৭৮ চনত এজন ব্রিটিছ বিষয়া ডামাণ্টক তেওঁৰ নিৰাপত্তাৰক্ষীসহ হত্যা কৰি স্বাধীনতাৰ প্ৰতি থকা হেপাহৰ পৰিচয় দিছিল। ক'হিমাও বিদ্রোহীসকলে ভালেমান দিন অৱৰােধ কৰি ৰাখিছিল। অংগামী নগাসকলৰ এই বিদ্রোহ কর্ণেল জনষ্টোনে কঠোৰভাৱে দমন কৰিছিল। মণিপুৰ ৰাজ্য অসম প্রশাসনৰ বাহিৰত আছিল। ভালেমান বছৰৰ পূৰ্বৰপৰাই মণিপুৰ ব্রিটিছৰ দ্বাৰা আশ্রিত আৰু স্বীকৃত দেশীয় ৰাজ্যৰূপে বর্তি আছিল। মণিপুৰত সিংহাসন লাভৰ বাবে ১৮৯০ চনত ৰাজপৰিয়ালৰ সদস্যসকলৰ মাজত এক গৃহ কন্দলৰ সূচনা হৈছিল। এই উত্তৰাধিকাৰীৰ যুদ্ধত অসমৰ চীফ কমিছনাৰে অনাহকতে হস্তক্ষেপ কৰিছিল। ইংৰাজৰ উপস্থিতিৰ সুবিধা গ্রহণ কৰি যুৱৰাজ কুলচন্দ্রই মহাৰাজ সুচন্দ্রক সিংহাসনচ্যুত কৰি নিজেই ৰজা হয় (২১ ছেপ্টেম্বৰ, ১৮৯০)। সুৰচন্দ্ৰই ইংৰাজৰ সহায় ভিক্ষা কৰিছিল যদিও তেওঁলােকে কুলচন্দ্রকহে মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিয়ে। কিন্তু তলে তলে চলি থকা ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ মূল নেতা সেনাপতি টিকেন্দ্রজিতক দেশান্তৰিত কৰিবলৈ ব্ৰিটিছে নতুন ৰজা কুলচন্দ্রক হেঁচা প্রয়ােগ কৰিলে। কিন্তু দেশৰ স্বাধীনতা ৰক্ষাৰ হকে কাম কৰা জনপ্রিয় নেতাজনক ব্রিটিছৰ কথা মতে দেশান্তৰিত কৰাটো কুলচন্দ্র কাৰণে সহজ কথা নাছিল। সেয়ে অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইন্টন আৰু চাৰিজন ইউৰােপীয় বিষয়াই তেওঁক ধৰিবলৈ নিজেই অহাত স্বাধীনতা প্রয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে। এই ঘটনাৰ প্রতিশােধ ল’বলৈ এটা শক্তিশালী সৈন্য বাহিনী মণিপুৰলৈ পঠিয়ায়। ইংৰাজ বাহিনী বীৰ সেনাপতি টিকেন্দ্রজিতক ধৰিবলৈ সক্ষম হয়। ব্রিটিছ বিষয়াক হত্যা কৰা, ব্রিটিছ শাসনৰ বিৰােধিতা কৰাৰ অপৰাধত টিকেন্দ্রজিতক ফীচী দিয়া হয়। ৰজা কুলচন্দ্রক নির্বাসন দণ্ড দিয়া হয়। এজন মণিপুৰী কেঁৱৰ নাবালক চুড়চন্দ্ৰক ৰজা ঘােষণা করা হয় (ছেপ্টেম্বৰ, ১৮৯১)। ব্রিটিছ চৰকাৰৰ প্রতিনিধিজনক ৰজা নাবালক হােৱা বাবে মণিপুৰৰ প্রশাসনিক দায়িত্ব অর্পণ কৰা হয়। মণিপুৰে আঢ়ৈ লাখ টকা বিদ্ৰোহৰ ক্ষতিপূৰণ ব্রিটিছ চৰকাৰক দিয়াৰ উপৰি বছৰি ৫০,০০০ টকা পৰিশােধ কৰিব লগা হৈছিল। এইদৰেই মণিপুৰ ৰাজ্যত ইংৰাজৰ আধিপত্য স্থাপিত হৈছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

৯। উত্তৰ কাছাৰৰ বিদ্রোহঃ

উত্তৰঃ ব্রিটিছৰ শাসনকালত পাহাৰীয়া জনজাতীয় বিদ্ৰোহৰ ভিতৰত উনবিংশ শতিকাৰ শেষৰফালে শম্ভুধন কছাৰীৰ নেতৃত্বত উত্তৰ কাছাৰত সংঘটিত হােৱা বিদ্রোহ আছিল উল্লেখনীয়। এই বিদ্ৰোহৰ কেন্দ্রস্থল আছিল মাইবং। ১৮৮১-৮২ৰ এবছৰ কাল ধৰি এই বিদ্রোহ চলিছিল। ১৮৮০ চনত ব্রিটিছ চৰকাৰে উত্তৰ কাছাৰৰ ওপৰত আংগামী নগাসকলৰ আক্রমণ প্রতিহত কৰিবলৈ ১০০জন কুকী লােকেৰে কুকী বাহিনী এটা গঠন কৰিছিল। লগতে এই অঞ্চলৰ জনজাতিসকলক বশীভূত কৰি ৰাখিবলৈ ইংৰাজ বিষয়া এজনক মকবল কৰিছিল। এই সকলােবােৰ কাৰণতে শম্ভুধন কছাৰীৰ নেতৃত্বত বিদ্ৰোহৰ সূত্রপাত হৈছিল। 

এই বিদ্রোহত বিদ্রোহীসকলে ব্রিটিছ চৰকাৰে নিৰ্মাণ কৰা ঘৰ-দুৱাৰসমূহ অগ্নিসংযােগ কৰি ধ্বংস কৰিছিল। গুণজুঙত বিদ্রোহীসকলে দুজন ব্রিটিছ বিষয়াৰ ভৃত্য আৰু এজন পুলিচক হত্যা কৰে। ইয়াৰ পিছত বিদ্রোহীসকলে মাইবঙততা চৰকাৰীপক্ষক অতর্কিতে আক্রমণ কৰে। দুয়ােপক্ষৰ মাজৰ তীব্র সংঘৰ্ষৰ ফলত বিদ্রোহীসকলৰ ভালেমান মৃত্যুমুখত পৰে। চৰকাৰী মেজৰ বয়দো গুৰুতৰভাৱে আহত হয় আৰু কিছুদিন পিছত মৃত্যুবৰণ কৰে। এই বিদ্ৰোহৰ নেতা শম্ভধন কছাৰীৰ পিছত কি হ'ল একো জনা নাযায়। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

১০। ৰঙিয়াৰ কৃষক বিদ্রোহঃ

উত্তৰঃ ১৮৯৩ চনৰ ২৪ ডিচেম্বৰৰ দিনাখন ৰঙিয়া বজাৰ লুট-পাতেৰে কৃষক বিদ্রোহ আৰম্ভণি হয়। ৩০ ডিচেম্বৰৰ দিনা ৰঙিয়া আৰু তাৰ ওচৰ-পাজৰৰ কেইবাশ কৃষকে ৰঙিয়া আৰু তামুলপুৰৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক কেইবাবাৰাে লঘু-লাঞ্ছনা কৰাৰ উপৰি ৰঙিয়া হাটৰ ঘৰ-দুৱাৰ বিধ্বস্ত কৰি লণ্ডভণ্ড কৰাৰ লগতে মাৰােৱাৰী সুদখাের মহাজনৰ হাতত থকা মাটি বন্ধকীৰ নথি-পত্র লুট কৰিছিল। কৃষকসকলে মাৰােৱাৰীৰ উপস্থিতিয়ে ভূমি ৰাজহ বৃদ্ধিত অৰিহণা যােগাইছিল বুলি ভাবিছিল। চৰকাৰে সশস্ত্র সেনা মােতায়েম কৰাত ৩০ ডিচেম্বৰৰ পৰিস্থিতি নিয়ন্ত্রিত হয়। কিন্তু পুলিচ অধীক্ষক বেইলীয়ে কোনাে কৃষক নেতাকে গ্রেপ্তাৰ কৰিবলৈ সাহস গােটাব পৰা নাছিল; কিয়নে বিক্ষোভকাৰীসকল সুসংগঠিত আছিল। 

১৮৯৪ চনৰ ৮ জানুৱাৰীৰ দিনা পুলিচে ১৫জন কৃষকক এখন ৰাইজমেলৰপৰা গ্রেপ্তাৰ কৰে। এই মেলখনত তেওঁলােকে উপায়ুক্তক তেওঁলােকৰ দুখ-দুর্দশাৰ বিষয়ে কিদৰে অৱগত কৰিব সেই বিষয়ে আলােচনা কৰিবলৈ লগ হৈছিল। ডিচেম্বৰৰ ১০ তাৰিখে ৰঙিয়া থানাৰ সমীপত প্রায় ৩০০০ কৃষক বিভিন্ন মৌজাৰপৰা আহি গােট খাইছিল। উপায়ুক্ত মেক কোবেই তেওঁলােকক আঁতৰি যাবলৈ আদেশ দিয়াৰ পিছত তেওঁলােক সেই স্থানৰপৰা আঁতৰা নাছিল। আবেলিলৈ কৃষকসকল ৰঙিয়া থানাৰ আৰু কাষ চাপি আহিছিল এই আশাত যে উপায়ুক্তই কিজানি খাজনাৰ হাৰ কমােৱাৰ কিবা জাননী দিয়ে। কৃষকসকলে ইতিমধ্যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰা তেওঁলােকৰ সহকৰ্মীসকলক মােকলাই দিয়াৰে দাবী কৰিছিল। উপায়ুক্তই যেতিয়া বিষয়সমূহৰ বিষয়ে আলােচনা কৰিবলৈ কৃষকসকলৰ মাজৰপৰা প্রতিনিধি বিচাৰিলে, সকলাে কৃষকে সমস্বৰে চিঞৰি উঠিছিল যে আমি বর্ধিত হাৰত খাজনা নিদিওঁ। যেতিয়া কৃষকৰ দলটোৱে থানাৰ ভিতৰলৈ জোৰ কৰি প্ৰৱেশৰ চেষ্টা চলালে, উপায়ুক্ত মেক কেবে আৰীক গুলীচালনা কৰিবলৈ নির্দেশ দিয়ে। ফলত কৃষকসকল প্রস্থান কৰিবলৈ বাধ্য হয়। মেক কেবেই ১০ জানুৱাৰী তাৰিখে এখন জাননীযােগে উপায়ুক্তৰ আগতীয়া অনুমতি অবিহনে কোনাে মেল অনুষ্ঠিত কৰিব নােৱাৰিব বুলি নির্দেশ জাৰি কৰে। একে সময়তে উপায়ুক্তই কৃষকসকলৰ মাজৰপৰাই নেতৃস্থানীয় লােকক আৰক্ষীৰ কনিষ্টবল হিচাপে নিযুক্তি দি বায়তৰ মাজত শান্তি স্থাপনৰ চেষ্টা কৰাৰ লগতে চৰকাৰৰ খাজনা জমা দিয়াবলৈ মান্তি কৰােৱাৰ বাবেও তেওঁলােকক ব্যৱহাৰ কৰে। উপায়ুক্তৰ এই ব্যৱস্থাসমূহ ফলপ্রসূ আছিল বুলি এই কাৰণেই ক'ব পাৰি যে ৰঙিয়াৰ কৃষকে চৰকাৰক জমা দিবলগীয়া ৯০,০০০ টকাৰ প্রথম কিস্তি প্রায় ৬০,০০০ টকা জমা দিয়ে। কিন্তু ব্রিটিছ চৰকাৰৰ এই দমনমূলক নীতিয়ে কৃষকসকলক মেল অনুষ্ঠিত কৰাৰপৰা বিৰত ৰাখিব পৰা নাছিল। নলবাৰী, বৰমা, বজালী আদিৰ কৃষক ৰাইজ আগৰ দৰেই সক্রিয় হৈ আছিল আৰু চৰকাৰৰ ৰাজহ সংগ্ৰহত পূর্ণ বাধা প্রয়ােগ কৰিছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

১১। ফুলগুৰি ধাৱাৰ গুৰুত্বঃ 

উত্তৰঃ ব্রিটিছ কর্তৃপক্ষই ফুলগুৰি ধাৱাক কানি খােৱা খেতিয়কৰ চৰকাৰৰ আফু খেতি বন্ধকৰণৰ প্ৰতিবাদত কৰা এক সামান্য বিদ্রোহ বুলিহে অভিহিত কৰিছিল। কিন্তু অসমৰ ইতিহাসত এই বিদ্ৰোহৰ এক সুদূৰপ্ৰসাৰী প্ৰভাৱ দেখা যায়। প্রথমতেই ফুলগুৰি কৃষক বিদ্রোহত ঘাইকৈ লালুং (তিৱা) জনজাতি আৰু মাছমৰীয়া সম্প্রদায়ৰ আন্তৰিক যােগদানে ইয়াক গণভিত্তি প্রদান কৰে। কৃষকসকলে অন্যান্য শ্ৰেণীৰ লােকৰ পৰাও সমর্থন আদায় কৰিবলৈ সক্ষম হৈছিল। কিয়নাে মাটিৰ খাজনা বৃদ্ধিৰ দ্বাৰা ক্ষতিগ্রস্ত হােৱা শিক্ষিত আৰু আঢ্যৱন্ত অসমীয়া মধ্যবিত্ত শ্রেণী, ব্যবসায়ী, মৌজাদাৰ কিছুমানে পৰােক্ষভাৱে হ'লেও বিদ্রোহীসকলক সহায়-সমনি কৰিছিল। তদানীন্তন অসমৰ কমিছনাৰ হপকিনছনে স্বীকাৰ কৰিছিল যে তেজপুৰৰ দ্বিতীয় লাইট ইনফেন্ট্রিৰ ৫০জন সৈন্য আৰু গুৱাহাটীৰ ৮০জন সৈন্য আনি বিদ্রোহটো দমন নকৰা হ'লে বিদ্রোহটো সম্প্রসাৰিত হৈ গৈ। থাকিলহেতেন। সেই অবস্থাত ইয়াক দমন কৰাটো কঠিন হ'লহেঁতেন। সামগ্রিকভাৱে এই বিদ্রোহ সফল হৈছিল বুলি ক'ব পাৰি, কিয়নাে বিদ্ৰোহৰ পিছত চৰকাৰে আৰু কেতিয়াও তামােল-পাণ খেতিৰ ওপৰত কৰ বহুওৱা নাছিল। 

ফুলগুৰি বিদ্রোহ ব্রিটিছ সাম্রাজ্যবাদৰ কৱলৰপৰা মুক্ত হােৱা সাধাৰণ জনগণৰ প্ৰয়াসৰ এক নিদর্শন আছিল। ১৮৫৭-৫৮ চনৰ বিদ্রোহত অসমৰ আহােমৰ ৰাজতন্ত্ৰৰ অধীনৰ অভিজাত শ্রেণীৰ কিছু লােক যিসকলে ব্রিটিছ শাসনৰ অধীনত আগৰ সা-সুবিধাৰপৰা বঞ্চিত হৈছিল তেওঁলােকে বিদ্রোহত যােগ দিছিল। ফুলগুৰিৰ বিদ্রোহে সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহৰ দৃষ্টি আকর্ষণ কৰিছিল আৰু ফুলগুৰিৰ ৰাইজৰ কৰ নিদিয়াৰ সিদ্ধান্তক অসহযােগ আন্দোলনৰ আৰম্ভণি বুলি ক'ব পাৰি। একে পদ্ধতি পিছলৈ ভাৰতৰ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়েও গ্রহণ কৰিছিল। ফুলগুৰিৰ কৃষক বিদ্রোহে অসমৰ অন্যান্য অঞ্চলৰ কৃষকসকলকো তেওঁলােকৰ দুর্দশাৰ কথা সাংগঠনিকভাৱে ভাবিবলৈ অনুপ্ৰেৰণা যােগাইছিল। ইয়াৰ কিছু বছৰৰ পিছতে সেয়েহে দৰং আৰু কামৰূপ জিলাৰ বিভিন্ন অঞ্চলৰ কৃষকে ব্রিটিছ চৰকাৰৰ শােষণ তথা বর্ধনাৰ বিৰুদ্ধে বিদ্রোহ ঘােষণা কৰি এলানি কৃষক বিদ্ৰোহৰ সূচনা কৰিছিল।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

১২। ৰাইজ মেলঃ

উত্তৰঃ অসমত উনবিংশ শতিকাত সংঘটিত হােরা কৃষক বিদ্রোহসমূহৰ নেতৃত্ব প্রদান কৰিছিল ৰাইজ মেল সমূহে। ৰাইজ মেলসমূহ আধুনিক ধৰণৰ কোনাে ৰাজনৈতিক সংগঠন নাছিল। তথাপিও অসমত এই ৰাইজমেলসমুহৰ শুৰুত্ব অপৰিসীম আছিল। কৃষক তথা সর্বসাধাৰণক ৰাজনৈতিকভাৱে সচেতন কৰি তুলিবলৈ এই ৰাইজমেলসমূহে অহােপুৰুষাৰ্থ কৰিছিল। ৰাইজমেলসমূহ গাঁওবুঢ়া, দলৈ, গােসই আদি সমাজৰ মুখীয়াল লােকসকলৰ তত্বাৱধানত গঢ়ি উঠিছিল আৰু তেওঁলােকৰ দ্বাৰাই পৰিচালিত হৈছিল। এই মেলসমুহ গাঁও পঞ্চায়তৰ দৰে মাত্ৰ একোখন গাঁৱত সীমাবদ্ধ নাছিল; ই কেইবাখনাে গাঁও সামৰি গঠন হৈছিল। জাত-পাত আৰু সম্প্রদায় নির্বিশেষে সকলােৱেই ৰাইজমেলসমূহত অংশগ্ৰহণ কৰিব পাৰিছিল, যি ৰাইজমেলসমূহক এক অনন্য বৈশিষ্ট্য প্রদান কৰিছিল। অসমীয়াত এষাৰ কথা আছে— ৰাইজেই ৰজা, জ্ঞাতিয়েই গংগা। ৰাইজমেলসমূহে এই বাক্যশাৰীক সঠিক ৰূপত প্রতিফলিত কৰিছিল। ৰাইজ একত্র হৈ সমূহীয়া সিদ্ধান্ত লােৱা আৰু সেই সিদ্ধান্তসমূহ কার্যকৰী কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনােৱাৰ গণতান্ত্রিক প্রশিক্ষণ এই ৰাইজমেলসমূহত পােৱা গৈছিল। এই ৰাইজমেলসমূহ আহােম শাসনৰ দিনৰেপৰা ব্রিটিছ শাসনলৈকে অসমীয়া গ্রাম্য জনজীৱনৰ লগত বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত ওতঃপ্রােতভাবে জড়িত আছিল। ব্রিটিছ শাসনৰ শােষণ নীতিৰ বিৰুদ্ধে এই বাইজমেলসমূহে কৃষকৰ মাজত জাগৰণৰ সৃষ্টি কৰি নগাঁও, কামৰূপ আৰু দৰঙৰ বিভিন্ন স্থানত ব্রিটিছ চৰকাৰক স্থানীয়ভাৱে অচল কৰি দিবলৈ সমৰ্থ হৈছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

১৩। অসমত কৃষক বিদ্ৰোহৰ উত্থানঃ

উত্তৰঃ ১৮৫৭ চনৰ বিদ্রোহ দমনৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰপৰা ক্ষমতা মহাৰাণীৰ ঘােষণা-পত্ৰৰ (১৮৫৮) যােগেদি ইংলেণ্ডৰ ৰাণীৰ হাতলৈ হস্তান্তৰিত কৰা হয়। ১৮৫৭ চনৰ বিদ্রোহে ব্রিটিছ চৰকাৰৰ অর্থনৈতিক অবস্থা শােচনীয় কৰি তুলিছিল। বিদ্রোহ দমনৰ নামত যিহেতু যথেষ্ট ব্যয় বহন কৰিবলগীয়া হৈছিল, ১৮৫৭-৫৮ চনত ঘাটি বাজেট ১৪ মিলিয়ন পাউণ্ডলৈ বৃদ্ধি পাইছিল। গতিকে চিপাহী বিদ্ৰোহৰ পৰৱর্তী বছৰকেইটাত ইংৰাজ চৰকাৰৰ প্রধান কাম আছিল ভাৰতবৰ্ষত অর্থনৈতিক অৱস্থা সুস্থিৰ কৰি তােলা আৰু বিদ্ৰোহৰ ঘাটি পূৰণ কৰা। ফলস্বৰূপে ভাৰতীয় জনসাধাৰণৰ ওপৰত কৰকাটলৰ বােজা পৰিছিল। অসমৰ ক্ষেত্ৰতাে যিহেতু একেই নীতি পালন কৰা হৈছিল, প্রচলিত অন্যান্য কৰ-কাটল বাহাল ৰখাৰ উপৰি নতুনকৈ আৰু ভালেমান কৰকাটল আৰু খাজনা বহুওৱাৰ ব্যৱস্থা কৰা হৈছিল। কৰ বৃদ্ধিৰ হাৰ ১৮৫৪ চনৰ পৰা ১৮৭০ চনৰ ভিতৰত ১০০ শতাংশ হৈছিল (১৮৫৮ চনত টিকট কৰ, ১৮৬০ চনত আয়ক) আমদানি কৰ, হাবিৰ কাঠ, বাঁহ, খেৰ আদি ব্যৱহাৰৰ বাবদ অনুজ্ঞা কৰ আৰু চৰ-চাপৰি বা চৰণীয়া পথাৰত গৰু-ম'হ চৰােৱাৰ বাবদ গ্রেজিং কৰ বহুৱা হৈছিল। কামৰূপ, দৰং আৰু নগাঁৱত আবকাৰী কৰ লগােৱা হ'ল। সােণ কমােৱা নৈ, মাছ ধৰা নৈ। ডাকত দিয়া হ'ল। ব্রিটিছ চৰকাৰৰ ৰাজহ সংগ্ৰহৰ এই সকলােবােৰ ব্যৱস্থাই আটাইতকৈ বেছি ক্ষতিগ্রস্ত কৰিছিল সাধাৰণ প্ৰজা তথা কৃষকসকলক। আগতেই উল্লেখ কৰা হৈছে যে কৃষকৰপৰা কৰ-কাটল সংগ্রহ কৰিলেও, কৃষি তথা কৃষকৰ উন্নতিৰ অৰ্থে চৰকাৰে কোনাে ফলপ্রসূ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। বিদেশী চৰকাৰখনে, প্রাকৃতিক দুর্যোগ, মহামাৰী আনকি দুর্ভিক্ষৰ সময়তাে কৃষক ৰাইজক কৰকাটলৰপৰা ৰেহাই দিয়া নাছিল। এই সকলােবোেৰ কাৰণত সর্বসাধাৰণ ৰাইজ ব্ৰিটিছ চৰকাৰৰ প্রতি বিতুষ্ট হৈছিল আৰু তাৰে ফল স্বৰূপে ঊনবিংশ শতিকাৰ মাজভাগৰপৰা শেষলৈ অসমত এলানি কৃষক বিদ্রোহ সংঘটিত হৈছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Paper

১৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ প্রভাবঃ

উত্তৰঃ আধুনিক ভাৰত বুৰঞ্জীত ১৮৫৭ চন এক বিশেষভাৱে উল্লেখনীয় বছৰ। ব্রিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যই এই বছৰতেই বিদ্রোহ ঘােষণা কৰি ভাৰতবৰ্ষত ব্রিটিছ শাসনৰ ভেঁটি কঁপাই তুলিছিল। ব্রিটিছৰ সাম্রাজ্যবাদী নীতি যেনে- লর্ড ওৱেলেলিৰ বশ্যতামূলক মিত্ৰতা নীতি, লর্ড ডেলহাউচীৰ স্বত্ববিলােপ নীতি আদিয়ে বিভিন্ন ভাৰতীয় ৰাজ্যক ব্রিটিছৰ সাম্রাজ্যত অন্তর্ভুক্ত কৰিছিল। এই ৰাজ্যসমূহৰ বঞ্চিত শাসকসকলৰ লগতে তেওঁলােকৰ সমর্থকসকলে ভাৰতীয় সৈন্যই যেতিয়া তেওঁলােকৰ বিভিন্ন দুর্দশাৰ প্ৰতিবাদত ১৮৫৭ চনৰ ১০ মে তাৰিখে মিটত বিদ্রোহ ঘােষণা কৰিছিল, তেতিয়া এই বিদ্রোহী সৈন্য বাহিনীক সম্পূর্ণ সমর্থন আগবঢ়াই বিদ্রোহ আৰু শক্তিশালী কৰি তুলিছিল। মােগল সম্রাট দ্বিতীয় বাহাদুৰ শাহ, কাণপুৰৰ নানা চাহেব, মাৰাঠা নেতা তাতিয়া টোপে, বাঞ্চনীৰ ৰাণী লক্ষ্মী বাঈ আদিয়ে এই বিদ্ৰোহৰ নেতৃত্ব প্রদান কৰিছিল। বিদ্রোহীসকলে দ্বিতীয় বাহাদুৰ শাহক পুনৰ মােগল সম্রাট পাতি ব্ৰিটিছৰ শাসন চিৰদিনলৈ ভাৰতবৰ্ষত অৱসান ঘটাব বিচাৰিছিল। 

ব্রিটিছ শাসন-শােষণৰ বিৰুদ্ধে অসমীয়া জনসাধাৰণ জাগ্ৰত হৈ উঠিছিল। ১৮৫৭ চনৰ বিদ্রোহে অসমৰ অভিজাত শ্ৰেণীটোক ব্রিটিছ শাসন ওফৰাই পুৰণি বাজতন্ত্র প্রতিষ্ঠা কৰাৰ এক সােণালী সুযােগ প্রদান কৰিছিল। সেয়েহে ১৮৫৭ চনৰ বিদ্রোহে অসমতাে প্রতিক্রিয়া সৃষ্টি কৰিছিল। ব্রহ্মপুত্র উপত্যকাত কিছুসংখ্যক লােকে অসমত অবস্থান কৰা ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সেনাৰ মাজত অসন্তুষ্টি বিয়পাই অসমতাে চিপাহী বিদ্রোহৰ উত্থান ঘটাই তেওঁলােকৰ সহায়ত ইংৰাজক খেদি আহােম ৰাজপৰিয়ালৰ এজন কোঁৱৰক অসমৰ বজা হিচাপে প্রতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল। বৰাক উপত্যকাতাে চিতাগৰপৰা অহা চিপাহীসকলে বিদ্ৰোহৰ সূচনা কৰিছিল। উত্তৰ ভাৰতত যেতিয়া বিদ্রোহ আৰম্ভ হৈছিল অসমত তেতিয়া ইংৰাজ সৈন্যৰ দুটা বেজিমেন্ট আছিল– ডিব্ৰুগড়ৰৰ প্রথম আসাম লাইট ইনফেী আৰু গুৱাহাটীৰ দ্বিতীয় আসাম লাইট ইনফেণ্টী। যদিও প্রথম অৱস্থাত এই দুয়ােটা ৰেজিমেণ্টৰ সৈন্যসকল নির্বিকাৰ আছিল, বিহাৰত চিপাহী বিদ্ৰোহৰ খবৰ পাই অসমতাে, ডিব্ৰুগড়-গুৱাহাটীৰ ৰেজিমেণ্টৰ লগতে শিৱসাগৰ আৰু চৈখৰাত থকা ছাউনিৰ সৈন্যৰ মাজতাে কিছু অসন্তুষ্টি বিয়পি পৰা দেখা গৈছিল। 


সমাজ বিজ্ঞান দশম শ্রেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় Class 10 Matric Social Science History Chapter 3 SEBA Assamese Medium HSLC Notes Previous Year Question Pape


********

ইতিহাস প্রথম অধ্যায় Click here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.