বীৰংগনা কলকলতা বৰুৱাৰ জীৱন কাহিনী Kanaklata Barua

বীৰংগনা কলকলতা বৰুৱাৰ জীৱন কাহিনী Kanaklata Barua 

All about freedom fighter Brave girl Kanaklata Baruah Birth Or Born Birthplace Parents Death family Kanaklata Barua story in Assamese Kanaklata Barua slogan in Assamese Kanaklata Barua essay in Assamese Kanaklata Barua Kanaklata Barua life history Assamese Essay Khuj2 
বীৰংগনা কলকলতা বৰুৱাৰ জীৱন কাহিনী কলকলতা বৰুৱাৰ জন্ম, জন্মস্থান, পিতৃ- মাতৃ পৰিচয় কনকলতা বৰুৱাৰ বিয়াল্লিছৰ ভাৰত ত্যাগ গণ আন্দোলনত ভূমিকা কনকলতা বৰুৱাৰ জীবন কাহিনী কনকলতা বৰুৱাৰ মৃত্যু কলকলতা বৰুৱা অসমীয়া ৰচনা কলকলতা বৰুৱাৰ জীৱনী কলকলতা বৰুৱা চমুটোকা ভাৰতৰ স্বাধীনতা আন্দোলনত অসমীয়া নাৰীৰ ভূমিকা অসমৰ শ্বহীদসকল গহপুৰৰ ইতিহাস


All about freedom fighter Brave girl Kanaklata Baruah Birth Or Born Birthplace Parents Death family Kanaklata Barua story in Assamese Kanaklata Barua slogan in Assamese Kanaklata Barua essay in Assamese Kanaklata Barua Kanaklata Barua life history Assamese Essay Khuj2  বীৰংগনা কলকলতা বৰুৱাৰ জীৱন কাহিনী কলকলতা বৰুৱাৰ জন্ম, জন্মস্থান, পিতৃ- মাতৃ পৰিচয় কনকলতা বৰুৱাৰ বিয়াল্লিছৰ ভাৰত ত্যাগ গণ আন্দোলনত ভূমিকা কনকলতা বৰুৱাৰ জীবন কাহিনী কনকলতা বৰুৱাৰ মৃত্যু কলকলতা বৰুৱা অসমীয়া ৰচনা কলকলতা বৰুৱাৰ জীৱনী কলকলতা বৰুৱা চমুটোকা ভাৰতৰ স্বাধীনতা আন্দোলনত অসমীয়া নাৰীৰ ভূমিকা অসমৰ শ্বহীদসকল গহপুৰৰ ইতিহাস
বীৰংগনা কলকলতা বৰুৱাৰ জীৱন কাহিনী Kanaklata Barua 

বীৰংগনা কলকলতা বৰুৱাৰ জীৱন কাহিনী Kanaklata Barua 

বীৰংগনা কলকলতা বৰুৱাৰ জীৱন কাহিনী Kanaklata Barua Assamese essay

কলকলতা বৰুৱাৰ জন্ম, জন্মস্থান, পিতৃ- মাতৃ পৰিচয়ঃ

বীৰাঙ্গনা কনকলতা বৰুৱাৰ জন্ম হয় ১৯২৪ চনৰ ১২ ডিচেম্বৰত অবিভক্ত দৰং জিলাৰ বৰঙাবাৰীত। কনকলতা বৰুৱাৰ পিতাকৰ নাম আছিল কৃষ্ণকান্ত বৰুৱা আৰু মাকৰ নাম আছিল কার্গেশ্বৰী বৰুৱা। সৰুতে কনকলতা বৰুৱাৰ মাতৃ ঢুকায়। কনকলতা বৰুৱাৰ ককাদেউতাকৰ নাম আছিল ঘনকান্ত বৰুৱা। ঘনকান্তৰ নিৰ্দেশত কনকলতা বৰুৱাৰ দেউতাকে দ্বিতীয়বাৰ জোনাকীক বিয়া কৰায়। জোনাকীয়ে স্বামীগৃহলৈ আহিয়েই নিজৰ সন্তানৰ নিচিনাকৈ কনকলতাহঁতক ডাঙৰ-দীঘল কৰিছিল। কিন্তু দুখৰ বিষয় কৃষ্ণকান্ত বৰুৱাৰাে কিছুদিন পিছত মৃত্যু হয়। ঘনকান্তই বৃদ্ধ বয়সত পুতেকৰ মৃত্যু হােৱাত মানসিক আঘাত পায়। তথাপি বােৱাৰীয়েক জোনাকীয়ে ঘৰখন ভালদৰে পৰিচালনা কৰিছিল। অকালতে পিতৃ-মাতৃ হেৰুৱাব লগা হােৱাত কনকলতা বৰুৱাই শিক্ষা- দীক্ষাত বেছি আগবাঢ়িব পৰা নাছিল। প্রাথমিক শিক্ষা শেষ কৰাৰ পিছত তেওঁ শিক্ষা জীৱনৰ সামৰণি মাৰিব লগা হয়। আনকি মাহীমাক জোনাকীক সহায় কৰাৰ বাবে ঘৰখনৰ আংশিক দায়িত্বও কনকলতাই ল'ব লগা হৈছিল। 

বীৰংগনা কলকলতা বৰুৱাৰ জীৱন কাহিনী Kanaklata Barua Assamese essay

কনকলতা বৰুৱাৰ বিয়াল্লিছৰ ভাৰত ত্যাগ গণ আন্দোলনত ভূমিকা - কনকলতা বৰুৱাৰ জীবন কাহিনী - কনকলতা বৰুৱাৰ মৃত্যু - 

ইফালে দেশত বিয়াল্লিছৰ গণ আন্দোলনে তীব্র ৰূপ ধাৰণ কৰে। তেতিয়া কনকলতা বৰুৱাৰ বয়স ১৮ বছৰ। অসমতাে বিয়াল্লিছৰ গণ আন্দোলনৰ তীব্ৰ প্ৰভাৱ পৰিছিল। ওঠৰ বছৰীয়া কনকলতা বৰুৱাই ব্রিটিছৰ শােষণ নীতিৰ কথা ভালদৰে বুজিব পাৰিছিল। সেয়ে মাতৃভূমিক বিদেশী শাসনৰ পৰা মুক্ত কৰিবলৈ কনকলতা বৰুৱায়াে এই আন্দোলনত জঁপিয়াই পৰিল। পৰিয়ালৰ বাধা নিওচি তেওঁ এই আন্দোলনৰ প্রধান স্বেচ্ছা সেৱিকাৰ ভূমিকা গ্ৰহণ কৰাৰ বাবে আগবাঢ়ি আহিল। কনকলতা বৰুৱা আছিল অল্পভাষী আৰু নিঃসঙ্গতাপ্রিয় গাভৰু। তেওঁ নম্র স্বভাৱৰ ছােৱালী আছিল। সকলােৱে তেওঁক ভাল পাইছিল। কনকলতা বৰুৱা আছিল জাতিৰ পিতা মহাত্মা গান্ধীৰ অহিংস নীতিত দীক্ষিত। অহিংস নীতিৰে ইংৰাজক ভৰতৰ মাটিৰ পৰা খেদি পঠিয়াব পৰা যাব বুলি কনকলতা বৰুৱায়াে বিশ্বাস কৰিছিল। 

বীৰংগনা কলকলতা বৰুৱাৰ জীৱন কাহিনী Kanaklata Barua Assamese essay

বিয়াল্লিছৰ ভাৰত ত্যাগ আন্দোলনৰ প্ৰথমটো বিৰাট সমদল জ্যোতিপ্রসাদে দৰং জিলাতেই আৰম্ভ কৰাৰ সপােন দেখিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ আঁচনি মতে সমদলত অংশগ্রহণ কৰা যুৱক-যুৱতীসকলে ব্রিটিছক ভাৰত এৰি যাবৰ বাবে ধ্বনি দি থানা অভিমুখে যাত্রা কৰিব লাগিব আৰু থানাত জাতীয় পতাকা উৰুৱাব লাগিব। জ্যোতিপ্ৰসাদে ২০ ছেপ্টেম্বৰৰ দিনা হাতত ত্ৰিৰংগ পতাকা লৈ সমদলত যােগদান কৰি যুৱক-যুৱতীসকলক থানা অভিমুখে যাত্রা কৰিবলৈ আহ্বান জনাইছিল। জ্যোতিপ্ৰসাদৰ এই আহ্বানত কনকলতাই আনন্দিত হৈছিল। কনকলতা বৰুৱাৰ বুকুত আছিল মূলা গাভৰুৰ সাহস আৰু মনত আছিল মহাত্মা গান্ধীৰ মহামন্ত্র। কনকলতা বৰুৱাই ককাদেতাকৰ পৰা সমদলত যােগদান কৰাৰ অনুমতি আদায় কৰি সমদলত যােগদান কৰিলে। এই সমদলৰ মহিলা গােটৰ নেতৃত্ব দিছিল। পুষ্পলতা দাসে। কনকলতা বৰুৱাই মহিলা গােটৰ নেত্রী পুষ্পলতা দাসক কৈছিল— ‘প্ৰতিগৰাকী নাৰীৰ অন্তৰত দেশাত্মবােধ আছে। তেওঁলােকে নিজৰ দেশক, নিজৰ জাতিক ভাল পায় আৰু এই ভালপােৱাৰ বিনিময় স্বৰূপে মই কনকলতা বৰুৱাই গহপুৰ থানা অভিমুখে হাতত ত্ৰিৰংগ পতাকা লৈ সমদলৰ আগত গৈ থানাত প্ৰৱেশ কৰিম। কনকলতা বৰুৱাৰ এনে বলিষ্ঠ কণ্ঠক সমদলকাৰীক নতুন প্রেৰণা দিছিল। 

বীৰংগনা কলকলতা বৰুৱাৰ জীৱন কাহিনী Kanaklata Barua Assamese essay

১৯৪২ চনৰ ২০ ছেপ্টেম্বৰৰ দিনা বৰঙাবাৰীৰ পৰা কলংপুৰ, হেলেম আৰু ব্ৰহ্মজান মৌজাৰ ৰাইজৰ বৃহৎ সমদল গহপুৰ থানা অভিমুখে আহিল। হাতত ত্ৰিৰংগ পতাকা লৈ পুৰুষ বাহিনীৰ গুৰি ধৰিছিল মুকুন্দ কাকতিয়ে। কনকলতায়াে হাতত ত্ৰিৰংগ পতাকাখন লৈ থানা অভিমুখে আগুৱাই গৈছিল। দিনৰ ১১ বজাত সমদলটোৱে গহপুৰ থানাৰ সন্মুখ পায়। সমদলটোক পুলিচে আগচি ধৰিলে। কনকলতাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰেৱতী মােহন সােম আৰু পুলিচসকলক বাট এৰি দিবলৈ দাবী কৰিলে। কিন্তু পুলিচে আৰু অধিক আগুৱাই যাবলৈ অনুমতি নিদিলে। কনকলতা বৰুৱাই পুলিচৰ হকা-বাধা আওকাণ কৰি বলে মাতৰম ধ্বনি দি থানাৰ ভিতৰলৈ জোৰকৈ সােমাবলৈ আগবাঢ়িল। তেতিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে গুলী চলাবলৈ নির্দেশ দিলে। কনকলতাৰ বুকুত গুলী লাগি তেওঁ মাটিত ঢলি পৰাত লগে লগে তেওঁৰ হাতত থকা ত্ৰিৰংগ পতাকাখন বীৰ মুকুন্দ কাকতিয়ে থিয় কৰাই দিলে। পুলিচৰ গুলীত কনকলতাৰ লগতে মুকুন্দ কাকতিয়েও প্রাণ আহুতি দিলে। তথাপি কিন্তু সমদলকাৰীসকল বিচলিত হােৱা নাছিল। ৰামপতি ৰাজখােৱা নামৰ এজন গহপুৰৰ যুৱকে গহপুৰ থানাত উৰি থকা ব্রিটিছৰ পতাকা নমাই ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিলে। 

বীৰংগনা কলকলতা বৰুৱাৰ জীৱন কাহিনী Kanaklata Barua Assamese essay

গহপুৰ থানালৈ যাত্ৰা কৰাৰ সময়ত বীৰাঙ্গনা কনকলতা বৰুৱাই কৈছিল - ‘অসমীৰ প্রতি ডােখৰ মাটিৰ মূল্যাংকন মই বুজি পাওঁ'। কোনাে বিদেশীৰ মাতৃভূমিক শােষণ কৰাৰ অধিকাৰ নাই। আমি ভাৰতীয়, আমি অসমীয়া । আমাৰ ওপৰত চলােৱা অত্যাচাৰ আৰু শােষণ আমি কোনােপধ্যে সহ্য নকৰোঁ। এইগৰাকী মহীয়সী নাৰী আজি আমাৰ মাজত নাই। কিন্তু দেশৰ হকে জীৱন বলি দান দি তেওঁ যি আদর্শ দেখুৱাই থৈ গ'ল সিয়ে আজিও নতুন প্রজন্মক জাতীয়তাবােধৰ শিকনি দি আছে। কনকলতাই সদায় আমাৰ মাজত অমৰ হৈ থাকিব। গহপুৰৰ পুখুৰীপাৰত সজা কনকলতাৰ প্ৰতিমূৰ্তিয়ে আজিও শহীদ বীৰঙ্গনাগৰাকীৰ অপৰিসীম ত্যাগৰ স্বাক্ষৰ বহন কৰি আছে।

All about freedom fighter Brave girl Kanaklata Baruah Birth Or Born Birthplace Parents Death family Kanaklata Barua story in Assamese Kanaklata Barua slogan in Assamese Kanaklata Barua essay in Assamese Kanaklata Barua Kanaklata Barua life history Assamese Essay Khuj2 বীৰংগনা কলকলতা বৰুৱাৰ জীৱন কাহিনী কলকলতা বৰুৱাৰ জন্ম, জন্মস্থান, পিতৃ- মাতৃ পৰিচয় কনকলতা বৰুৱাৰ বিয়াল্লিছৰ ভাৰত ত্যাগ গণ আন্দোলনত ভূমিকা কনকলতা বৰুৱাৰ জীবন কাহিনী কনকলতা বৰুৱাৰ মৃত্যু কলকলতা বৰুৱা অসমীয়া ৰচনা কলকলতা বৰুৱাৰ জীৱনী কলকলতা বৰুৱা চমুটোকা ভাৰতৰ স্বাধীনতা আন্দোলনত অসমীয়া নাৰীৰ ভূমিকা অসমৰ শ্বহীদসকল গহপুৰৰ ইতিহাস


*****

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.