শ্বহীদ কুশল কোঁৱৰৰ বিষয়ে Kushal Konwar

শ্বহীদ কুশল কোঁৱৰৰ বিষয়ে Kushal Konwar

শ্বহীদ কুশল কোঁৱৰৰ জন্ম জন্মস্থান পিতৃ-মাতৃৰ পৰিচয় স্কুলীয়া শিক্ষা জীৱনৰ পাতনি জীৱনৰ পাতনি বৈবাহিক জীৱন তথা পৰিয়াল ভাৰতৰ স্বাধীনতা আন্দোলনত ভাৰত ত্যাগ আন্দোলনত কুশল কোঁৱৰৰ ভূমিকা কুশল কোঁৱৰ অসমীয়া ৰচনা কুশল কোঁৱৰৰ বিষয়ে About Kushal Konwar Indian Assamese Freedom Fighter Birth Birthplace Family Father Mother Wife Children Death School life Marriage life Importance of Kushal Konwar in Indian history Assam History Assamese Essay on Kushal Konwar
শ্বহীদ কুশল কোঁৱৰৰ বিষয়ে Kushal Konwar


শ্বহীদ কুশল কোঁৱৰৰ জন্ম জন্মস্থান পিতৃ-মাতৃৰ পৰিচয় স্কুলীয়া শিক্ষা জীৱনৰ পাতনি জীৱনৰ পাতনি বৈবাহিক জীৱন তথা পৰিয়াল ভাৰতৰ স্বাধীনতা আন্দোলনত ভাৰত ত্যাগ আন্দোলনত কুশল কোঁৱৰৰ ভূমিকা কুশল কোঁৱৰ অসমীয়া ৰচনা কুশল কোঁৱৰৰ বিষয়ে About Kushal Konwar Indian Assamese Freedom Fighter Birth Birthplace Family Father Mother Wife Children Death School life Marriage life Importance of Kushal Konwar in Indian history Assam History Assamese Essay on Kushal Konwar


শ্বহীদ কুশল কোঁৱৰৰ বিষয়ে Kushal Konwar

 

শ্বহীদ কুশল কোঁৱৰৰ জন্ম জন্মস্থান পিতৃ-মাতৃৰ পৰিচয়ঃ

বিয়াল্লিছৰ গণ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ জন্ম হৈছিল ১৯০৫ চনৰ ২১ মার্চত (৯ চত) গােলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ চাওদাহ চাৰিআলিত। কুশল কোঁৱৰৰ পিতৃৰ নাম আছিল সােণাৰাম কোৱৰ আৰু মাতৃৰ নাম আছিল কণপাহী ওৰফে কনকেশ্বৰী। সােণাৰাম কোঁৱৰৰ পুত্র-কন্যাসকল আছিল সেন্দুৰী, ধর্মেশ্বৰ, সৰুমাই, কুন্তী, কুশল, মেকেঞ্জী আৰু সােণাধৰ। 


শ্বহীদ কুশল কোঁৱৰৰ স্কুলীয়া শিক্ষা জীৱনৰ পাতনিঃ

১৯১২ চনত কুশল কোৱৰৰ বয়স ৭ বছৰ। পিতাকে ওচৰৰ বালিজান প্রাথমিক বিদ্যালয়ত কুশল কোঁৱৰক নাম লগাই দিয়ে। ১৯১৮ চনত তেওঁ প্রাথমিক শিক্ষা সাং কৰি গােলাঘাট চৰকাৰী বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত নামভর্তি কৰে। কুশল কোঁৱৰে বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত নামভর্তি কৰাৰ পাছত গােলাঘাটৰ এটা সৰু মেছত থাকিবলৈ লয়। গােলাঘাটত থকা সময়তেই ১৯২১ চনত দেশজুৰি স্বাধীনতা আন্দোলনে গা কৰি উঠে। এনেতে দেশৰ হকে কাম কৰিবলৈ অসমৰ বহুতাে ছাত্র-ছাত্রীয়ে স্কুল কলেজ এৰি ৰাজপথলৈ ওলাই আহিল। ১৯২১ চনত কুশল কোঁৱৰেও শিক্ষা জীৱনৰ অন্ত পেলাই গাঁৱলৈ উভতি আহিল। কুশল কোঁৱৰেও মহাত্মা গান্ধীৰ আন্দোলনত জঁপিয়াই পৰিল। কুশল কোঁৱৰৰ বয়স তেতিয়া ১৭ বছৰ। কুশল কোঁৱৰৰ দেউতাক সােণাৰাম কোঁৱৰে কাঠৰ ব্যৱসায় কৰিছিল। প্ৰথমতে এই ব্যৱসায়ত দেউতাকে উন্নতি লাভ কৰিছিল যদিও ক্ৰমাৎ ব্যৱসায়ৰ অৱনতি ঘটিবলৈ ধৰাত দেউতাকে বালিজানৰ পৈতৃক ভেটি ত্যাগ কৰি সৰুপথাৰ ৰেংমাইত থাকিবলৈ লয়। কুশল কোঁৱৰৰ দেউতাকে তাত খেতি-বাতি কৰাৰ উপৰি এখন দোকান দিছিল। কুশল কোঁৱৰে দেউতাকক দোকানৰ কামত সহায় কৰি দিছিল। লাহে লাহে ৰেংমাই অঞ্চলত কুশল কোঁৱৰৰ জনপ্রিয়তা বাঢ়িল।


শ্বহীদ কুশল কোঁৱৰৰ কৰ্ম জীৱনৰ পাতনিঃ

সকলােৱে মিলি পিছপৰা অঞ্চলটোত আৰম্ভ কৰিলে এখন প্রাথমিক বিদ্যালয়। ৰাইজে শিক্ষক নিযুক্তি দিলে কুশল কোঁৱৰক। কুশল কোঁৱৰে অবৈতনিকভাৱে শিক্ষকতা কৰিছিল। ইফালে কুশল কোঁৱৰৰ দেউতাকৰ দোকানে বিশেষ লাভ দিব নােৱাৰা হােৱাত কুশল কোঁৱৰৰ পৰিয়ালটো আর্থিক সংকটত পৰিব লগা হয়। তেতিয়া কুশল কোঁৱৰে জামুগুৰি চাহ বাগিচাত এটি কেৰাণী চাকৰি যােগাৰ কৰিলে। এই চাহ বাগিচাখন আছিল মিঃ উইলছন। কিছুদিন কাম কৰাৰ পিছত কুশল কোঁৱৰে ব্রিটিছ কৰ্মচাৰীৰ তলত চাকৰি কৰিবলৈ অমান্তি হয়। পিছত তেওঁ অসমীয়া মালিক বিশ্বেশ্বৰ শৰ্মাৰ চাহ বাগিচাত যােগদান কৰে। ১৯২৭ চনত চাহ বাগিচাত কেৰাণী কামত যােগদান কৰি ১৯৩৬ চনলৈ প্রায় ৯ বছৰ কাল কুশল কোঁৱৰে চাহ বাগিচাখনত কাম কৰিছিল।  


শ্বহীদ কুশল কোঁৱৰৰ বৈবাহিক জীৱন তথা পৰিয়ালঃ 

কুশল কোঁৱৰৰ চাহ বাগিচাৰ চাকৰিত অকণাে মন বহা নাছিল। তাৰ পৰিৱর্তে দেশক পৰাধীনতাৰ কবলৰ পৰা মুক্ত কৰাৰ কামতহে বুেছি মনােনিৱেশ কৰিছিল। কুশল কোঁৱৰে চাকৰি কালতাে কংগ্ৰেছ কৰ্মীসকলৰ লগত যােগাযােগ ৰাখিছিল। মাজে-সময়ে তেওঁ কংগ্ৰেছৰ সংগঠনৰ কামত সহায় কৰিছিল। তাকে লৈ দেউতাক সােণাৰাম কেঁৱৰৰ চিন্তা। দেউতাকে কুশল কোঁৱৰক বিয়া পাতি দিবলৈ থিৰাং কৰে। ১৯২৯ চনৰ ফাগুন মাহৰ ২৪ তাৰিখে কোঁৱৰে গােলাঘাটৰ মৰঙী কোৱৰ গাঁৱৰ প্ৰভাৱতীক বিয়া কৰায়। কুশল কোৱৰে খগেন আৰু নগেন নামৰ দুটি পুত্র সন্তান লাভ কৰে। 


ভাৰতৰ স্বাধীনতা আন্দোলনত কুশল কোঁৱৰৰ ভূমিকা - শ্বহীদ কুশল কোঁৱৰৰ মৃত্যুঃ

১৯৩৬ চনত কুশল কোৱৰে বাগিচাৰ চাকৰি এৰি স্বাধীনতা সংগ্রামত সক্রিয়ভাৱে জড়িত হৈ পৰে। সেই সময়ছােৱাত তেওঁ গােলাঘাটৰ বিপ্লৱী বীৰ শংকৰ বৰুৱাৰ সান্নিধ্য লাভ কৰি উৎসাহ-উদ্দীপনাৰে কংগ্ৰেছৰ কামত নামি পৰে। তেওঁ বিলাতী কাপােৰ বৰ্জন কৰি নিজ হাতে সূতা কাটি খদ্দৰ কাপােৰ পিন্ধিছিল। ১৯৪২ চন ৱাৰ্দ্ধাত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সভাত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰাৰ সিদ্ধান্ত হয়। ব্রিটিছে এই আন্দোলনক বে-আইনী ঘােষণা কৰে। দেশৰ বহুতাে ঠাইত কংগ্ৰেছ কৰ্মীক গ্রেপ্তাৰ কৰা হয়। এনে সময়তেই সৰুপথাৰৰ চাংপুলৰ ওচৰত ৰে'ল বগৰােৱাৰ আঁচনি লােৱা হয়। এই কার্য পৰিচালনা কৰিছিল মৃত্যু বাহিনীয়ে। গােলাঘাটৰ সুৰেন ফুকন, ধর্মেশ্বৰ বৰুৱা, তিলক বৰা, ইন্দ্ৰেশ্বৰ ফুকন আদি কর্মী গৈ সৰুপথাৰত আত্মগােপন কৰি থকা বৈকুণ্ঠ সিং, ৰঞ্জন ডেকা, নগেন চুতীয়া, ঘনশ্যাম শইকীয়া, কনকেশ্বৰ আদিৰ লগত আলােচনা কৰি ৰেল বগৰােৱাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ দলপতি আছিল বৈকুণ্ঠ সিং। সেইমতে ১৯৪২ চনৰ ১০ ছেপ্টেম্বৰত ৰে'ল লাইন খুলি দুর্ঘটনা ঘটোৱা হয়। 

এক বেচৰকাৰী হিচাপ মতে এই দুর্ঘটনাত পতিত হৈ সৈন্য কঢ়িয়াই অহা ৰে'লখনৰ ১০০০ সৈন্যৰ মৃত্যু ঘটে। সেই সময়ত কুশল কোঁৱৰ প্রকৃত গান্ধীবাদী আৰু সৰুপথাৰ কংগ্ৰেছ কমিটীৰ সম্পাদক আছিল। এই ঘটনাত পুলিচে তেওঁক দোষী সাব্যস্ত কৰিলে। কুশল কোঁৱৰৰ উপৰি এই ঘটনাত আন ৪২ জনক অভিযুক্ত কৰিছিল। এই ঘটনাৰ মূল নায়ক বৈকুণ্ঠ সিঙক ছমাহ পিছত ঠগীৰাম বৰাৰ ঘৰত গ্রেপ্তাৰ কৰে। শিৱসাগৰ জিলাৰ অধিপতি চি.এ. হামফ্রেৰ আদালতে গােলাঘাটৰ লােকেল বাের্ডৰ কাৰ্যালয়ত ছদিন ধৰি এই বিচাৰৰ সাক্ষ্য গ্রহণ কৰিছিল। হামফ্রে আছিল এজন কুখ্যাত প্রশাসক। বিচাৰত ৰে'ল বগৰােৱা ঘটনাৰ লগত সম্পর্ক নথকা সত্ত্বেও কুশল কোঁৱৰক দোষী সাজিলে। আছামীসকলৰ ৭ জনক দোষী সাব্যস্ত কৰা হ'ল। বাকীসকলৰ বিৰুদ্ধে সাক্ষ্য নথকাত খালাচ দিয়া হয়। কুশল কোঁৱৰক হামফ্রে চাহাবে ফাঁচীৰ হুকুম দিলে। সেইমতে ১৯৪৩ চনৰ ১৫ জুনত যােৰহাট কাৰাগাৰত কুশল কোঁৱৰক ফাঁচী দিয়া হয়। হেম বৰুৱাৰ ভাষাতঃ কুশল কোঁৱৰ সাধাৰণ মানুহ। কিন্তু জন্মাৰ বাবে নহয়, মৃত্যুৰ বাবেহে কুশল অমৰ। কুশল কোঁৱৰ আজি আমাৰ মাজত নাই। কিন্তু দেশমাতৃৰ কাৰণে কুশল কোঁৱৰে নিজৰ জীৱন বলিদান দি যি আত্মত্যাগৰ পৰিচয় দিলে, সিয়ে কুশল কোঁৱৰক চিৰদিন অমৰ কৰি ৰাখিব।



🖊সংগৃহীত


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.